Monday, 31 August 2015

অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ

দিন সাত৷৷ দিনাংক ১৬.৪.২০১৫
১. ৰয়িঙৰ নিৰ্মল পুৱাটি



পুৱা ৪বাজি ১৫মিনিট যাওঁতে সাৰ পালোঁ৷ স্বভাৱজাত কথা৷ ব্ৰাছ কৰিয়ে পানী কেইঢোকমান খালোঁ৷ এক মুহূৰ্ত কিবা এটা ভাবিলোঁ আৰু ট্ৰেকচুটযোৰ পিন্ধি ওলাই গ’লোঁ, বাহিৰখনত তহল দিবলৈ৷ পুৱাৰ মৃদু বতাহ এচাটিয়ে মনটো জীপাল কৰি তুলিলে৷ জিবি পলোৱেও বাহিৰত অকলে অকলে ঘূৰা-ফুৰা কৰি আছিল৷ ডেকা মানুহজন এই ৰিজ’ৰ্টখনৰ গৰাকীয়েই কেৱল নহয়, চৰাই দৰ্শনৰ বাবে অহা; মায়’ডিয়া, আনিনি, চীন সীমান্ত আদিলৈ যোৱা টুৰিষ্ট, ট্ৰেকাৰ্ছৰ বাবে তেওঁ এজন ভাল ব্যৱস্থাপক আৰু গাইডো৷ সম্ভাষণ বিনিময় কৰি অকলেই ওলাই গ’লোঁ, ওচৰে-পাজৰে কোনফালে কি আছে চাওঁ বুলি৷

পাহাৰৰ ফালৰ পৰা ভাহি আহিছে ভাৰতত পোৱা এপ বা বন-মানুহৰ প্ৰতিনিধি হলৌ বান্দৰৰ হুকু হুকু মাত৷ শব্দটো শুনিয়ে চেৰেংকৈ মনলৈ আহিল যোৱা বছৰৰ ১৬-১৭জুলাইৰ কথা৷ মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ অনুগ্ৰহত হলৌ বান্দৰ দৰ্শনাৰ্থে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত বনৰক্ষীৰ পিছে পিছে প্ৰশান্ত, সঞ্জু আৰু মই জোক আৰু মহৰ কামোৰ খাই হাবিৰ মাজত টলৌ টলৌকৈ ঘূৰি ফুৰা মুহূৰ্তবোৰলৈ মনত পৰিল৷ এটা জন্তুৰ নামেৰে জনাজাত সেইখনেই ভাৰতবৰ্ষৰ একমাত্ৰ অভয়াৰণ্য৷ তেতিয়াই জানিছিলোঁ আৰু দেখিছিলোঁ, মানুহৰ দৰে হলৌ বান্দৰেও পৰিয়াল পাতি থাকে৷ ৰাতি পুৱাৰ লগে লগে উকি মাৰি চিঞৰিবলৈ ধৰে৷ এটাই আৰম্ভ কৰে, বাকীবোৰে একেলগে চিঞৰে, জংঘল ৰজনজনাই যায়৷ দুপৰীয়া চুপচাপ৷ আবেলি আকৌ চিঞৰে৷ হাবি-বন মহতিয়াই গৈ আমি সিবাৰ চাৰিজনীয়া পৰিয়াল এটা পাইছিলোঁ৷ ইয়াত পিছে ইহঁতৰ বাসস্থলী অনেক দূৰত৷ দুৰ্গম পাহাৰ৷ যোৱাটো সহজ নহয়৷ ডাঠ অৰণ্যৰ পৰা ভাহি অহা মাত শুনিয়ে ক্ষান্ত থাকিবলগীয়া হল৷ মনত কেৱল ভাহি থাকিল সৰুতে 'কুঁহিপাঠ'ত পঢ়া... 'হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ...'

ৰুমমেট সঞ্জু উঠাই নাই৷ ঘূৰি-পকি আহি জগালোঁ৷ মিছিমি চাঙৰ বাঁহৰ গাধৈত খোজ দিওঁতে সৃষ্টি হোৱা কেৰেক-মেৰেক শব্দটোৱেই আচলতে সেই কামটোৰ বাবে যথেষ্ট৷ গতিকে টোপনিৰ ভাও জোৰা মানুহৰ বাদে গভীৰভাৱে নিদ্ৰামগ্নজনকো উঠোৱাটো সিমান ভাবিবলগীয়া কথাই নহয়৷ তথাপি মাত এষাৰ দিলোঁ৷ ‘উঠক, ব’লক৷ নৈলৈ যাওঁ৷ তাতে চব কাম হৈ যাব৷ বঢ়িয়া লাগিব৷ মায়’ডিয়ালৈ সোনকালে যাত্ৰা আৰম্ভ কৰিব পাৰিলে ভাল৷’ সঞ্জু ধহ্‌মহাই উঠিল৷ ৰানিং ৱাটাৰ অহাই নাই৷ টুথপেষ্ট, ব্ৰাছ, চাবোন, গামোচা, কেমেৰা ইত্যাদি লৈ আমি দুয়ো ওলালোঁ৷ মিনাৰেল ৱাটাৰৰ খালী বটল দুটাও লগতে লৈ ল’লোঁ, বিশেষ দৰকাৰত৷ যাবৰ পৰত অৰুণদাৰ কোঠালৈ ভুমুকিয়াই চিঞৰ এটা মাৰি থৈ গ’লোঁ, ‘দাদা, নৈলৈ...৷’ এটা লোভনীয় প্ৰস্তাৱ! সাৰ পাই আছে যদি গম পাব৷

পুৱা তেতিয়া ৫.০০ বাজে৷ দাদাহঁতৰ দৰজা বন্ধ৷ ৰৈ নাথাকি সঞ্জু আৰু মই নৈৰ গৰাটো নামিলোঁ৷ বালিয়ে-শিলগুটিয়ে খোজবোৰ আগ বাঢ়িছে৷ ঠিক কালি বিয়লিৰ নিচিনাকৈ৷ এতিয়া আমাৰ কিছু অভিজ্ঞতা আছে যেনিবা৷ কালি নাছিল৷ পোনেই কালিৰ জেগাডোখৰ পালোঁগৈ৷ বয়-বস্তুবোৰ শিলৰ ওপৰত থৈ দুয়ো বটলত পানী ভৰালোঁ৷ উদ্দেশ্য, পুৱাৰ নিত্যনৈমিত্তিক কামফেৰা৷ তাৰ পিছত মই এফালে গ’লোঁ, সঞ্জু এফালে গ’লগৈ৷ কাষেদি বৈ থাকিল দেওপানী৷ আকৰ্ষণীয় পৰিৱেশ৷ নৈসৰ্গিকতাৰ মাজত কুলু-কুলু সংগীত শুনাই আছে নৈখনে৷ প্ৰকৃতিপ্ৰেমীৰ বাবে সৰগীয় মুহূৰ্তৰ লহৰ৷ বেলেগ কোনো ডিষ্টাৰ্ব নাই৷

গোপন অৱস্থানত বহি থকা অৱস্থাৰ পৰাই দূৰত দেখা পালোঁ, অৰুণদা আহি আছে৷ ডকমকাৰ বাৰীখন চুই থকা ডিখাৰুত জাঁপ মাৰি মাৰি গা ধোৱা মানুহ৷ এতেকে ইয়াতো নৈত গা ধোৱাৰ আনন্দ মিছ কৰাৰ পক্ষপাতী মুঠেই নহয়৷ এনে প্ৰাকৃতিক একলেণ্ডত অৱগাহন কৰাৰ মজাই বেলেগ৷ গতিকে আমি জোৰ নকৰি ৰুমত এৰি থৈ অহাৰ পিছতো খোজৰ গুৰি চাই চাই অকলেই ওলাইছেহি৷ ৰাস্তা অৱশ্যে কালিতে চিনি থৈছিল৷ অনিলদাৰহে খবৰ নাই৷ চিগাৰেট এটা জ্বলাই লৈ হেনো চাজন, কৃষ্ণ আদি ৰিজৰ্টৰ লৰাকেইটাক অৰ্ডাৰ মাৰি আছে, গা ধুবলৈ গৰম পানী লাগে৷

প্ৰকৃতিগত কামফেৰা সুকলমে সমাধা হোৱাত এক আৰামদায়ক অনুভূতিয়ে লগ ল'লে৷ ঘূৰি আহি নৈৰ বুকুত শিলৰ ওপৰত বহি ল’লোঁ৷ প্ৰায় এঘণ্টা ধৰি আমি গা ধুলোঁ৷ দেওপানীৰ গতি-বিধি আমাৰ চিনাকি হৈ পৰিল৷ শিশুৰ ৰূপলৈ যেন উভতি গ’লোঁ সেইখিনি সময়ৰ বাবে৷ যান্ত্ৰিকতাৰ লেশমানো চিহ্ন নাই৷ জিবি পলোৰ দুৰ্ভাগ্য, আমাৰ সৌভাগ্য! পাইপত পানী অহাহেঁতেন এই মজা নিৰ্ঘাত হেৰুৱাওঁ৷

গা ধুই উভতি কেম্প পাওঁতে অনিলদাৰ মুখে শুনিলোঁ, পানী বোলে আহিছে৷ ভাল লাগিল জানি৷ অৱশ্যে তাকে লৈ কোনো ধৰণৰ উত্তেজনাৰ বহিঃপ্ৰকাশ নঘটিল৷ বৰং ভাবি পালোঁ যে বাথৰুমৰ টেপত পুৱা সোনকালতে পানী ওলোৱা হ’লে অলপ আগেয়ে লভা স্বৰ্গীয় সুখকণৰ পৰা নিশ্চিতভাৱে বঞ্চিত হ’লোঁহেঁতেন আমি৷ গতিকে ঈশ্বৰ আৰু সুন্দৰ আমাৰ পক্ষত৷ আক্ষেপ কৰিবলগীয়া নাই৷ বৰঞ্চ মুখত দুগুণে হাঁহিহে বিৰিঙিল৷ ডঙৰ পিছত অনিলদাই এইবাৰ ৰ'য়িঙৰ লাস্যময় প্ৰকৃতিয়ে বিলাই থকা নিৰ্ভেজাল আনন্দকণ হেৰুৱালে৷

অলপ পিছতে খবৰ আহিল যে ব্ৰেকফাষ্ট ৰে’ডী৷ সদলবলে সকলোটি ডাইনিং ঘৰ সোমালোঁগৈ৷ সোমায়ে পোৱা কোঠাটোৰ সোঁমাজত থকা জুই ধৰা ব্যৱস্থাটোৱে বৰকৈ দৃষ্টি আকৰ্ষণ কৰিলে৷ যোৱা নিশা সেইটো দেখিছিলোঁ যদিও সিমান মন কৰা নাছিলোঁ৷ এতিয়াহে তন্নতন্নকৈ চালোঁ৷ ঠাণ্ডা অধিক হ’লে ইয়াতে জুই ফুওৱাৰ ব্যৱস্থা কৰা হয়৷ ব্ৰেড, বাটাৰ, কল, চাহ ইত্যাদি টেবুলত সজাই থোৱা আছিল৷ দকচি খাই ল’লোঁ৷ আজি ভাত ক’ত কেতিয়া মিলিব কোনো ঠিকনা নাই৷ কোন ঠাই পাওঁগৈ তাৰো আগতীয়া পৰিকল্পনা একো নাই৷

ব্ৰেকফাষ্ট কৰিয়ে আমি মিছিমি হিল কেম্পৰ পৰা বিদায় ল’ম৷ যামগৈ মায়’ডিয়ালৈ৷ মায়’ডিয়া হৈছে ৰ’য়িং আৰু হুনলিৰ মাজৰ এছোৱা গিৰিপথ৷ ইয়াৰ পৰা তালৈ ৫৬কিল’মিটাৰ৷ ব’মডিলা-টাৱাঙৰ মাজৰ ছেলা পাছতকৈ এই ঠাই ভালেমান নামনিত যদিও জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ইয়াত সৰহ পৰিমাণৰ বৰফ দেখিবলৈ পোৱা যায়৷ মাৰ্চ মাহ পৰ্যন্ত মায়'ডিয়া পাছ বৰফেৰে ঢাক খাই থাকে৷ এতিয়া নাই যদিও প্ৰাকৃতিক দৃশ্যাৱলী সদায়ে আকৰ্ষণীয় আৰু অনন্য৷ মায়’ডিয়াৰ পৰা ৩৪কিল’মিটাৰ আগলৈ হুনলি৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৫০মিটাৰ উচ্চতাত অৱস্থিত হিল ষ্টেচন৷ ভাৰত-চীন সীমান্তৱৰ্তী, দিবাং ভেলী জিলাৰ সদৰ চহৰ আনিনিও একেটা বাটতে৷ ইয়াৰ পৰা তালৈ ১৯২কিল’মিটাৰ হ’ব৷ হুনলি আৰু আনিনিৰ নাম দুটা কালিৰে পৰাই জিভাৰ আগত আখৈ ফুটাদি ফুটি আছে৷ দেখা যাওক, কি আছে আগত৷

বিদায় পৰত পলোৱে অৰুণদাক চৰাই বিষয়ক কিতাপ এখন উপহাৰ দিলে৷ অন্যান্য টুৰিষ্টৰ উপৰি পক্ষী নিৰীক্ষণকাৰী গৱেষকৰ দল প্ৰায়েই ইয়ালৈ আহে৷ এই ৰিজ’ৰ্টখনতে বে’ছ কেম্প কৰি থাকেহি৷ অনিলদাই আমাৰ হিচাপ-কিতাপৰ কামখিনি সমাপ্ত কৰিলে৷ আকৌ আহিম বুলি মাত লগাই আমি সকলোটি গাড়ীত বহিলোঁ৷


















পৰৱৰ্তী লেখা :
. মায়ডিয়া

No comments:

Post a Comment