Tuesday 29 September 2020

বিশ্ব পৰ্যটন দিৱসৰ এটা অম্লমধুৰ সোঁৱৰণি


Distance should not matter. Celebrate World Tourism Day. Choice your destination, pack your essentials and move. Let us explore the world. -Sazid. 

বিশ্ব পৰ্যটন দিৱস ২০১০ৰ পুৱাতে বিভিন্নজনলৈ এইদৰে SMS কৰিলোঁ, কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাতিদূৰত, নিশাটোৰ বাবে আশ্ৰয় লোৱা হোটেল কণ্টিনেণ্টেলৰ ৩৫ নম্বৰ ৰূমৰ পৰাই ৷ ভালেকেইজনৰ পৰা প্ৰত্যুত্তৰ আহিল ৷ কিছুমানে আকৌ স্বভাৱসিদ্ধ নীৰৱতা অৱলম্বন কৰিলে !

প্ৰথম বিদেশ ভ্ৰমণৰ সীমাহীন আশা আৰু উৎকণ্ঠা বুকুৰ মাজত ৷ নিৰ্ধাৰিত  সময়তকৈ যথেষ্ট আগতীয়াকৈ, পুৱা ৮ বজাতে ৰিক্সা এখনত উঠি ভ্ৰমণ-সংগী ধনছিং তেৰাং আৰু মই এয়াৰপৰ্টলৈ ৰাওনা হলোঁ ৷ প্ৰৱেশ-দ্বাৰ পাই পাছপৰ্টখনৰ সৈতে টিকটটো এহাতে লৈ ভিতৰ সোমাবলৈ পতা শাৰীত থিয় দিছোঁ ৷ মনত অনন্ত জল্পনা-কল্পনা ৷

ভিতৰ সোমায়ে পোনছাটেই মুখতে থকা Weizmann Forex Ltd.ৰ Sales booth-ত Application form fill up কৰিলোঁগৈ ৷ ঘৰৰ পৰাই কৰি লৈ যোৱা Passport আৰু টিকটৰ ফটোকপীৰ লগতে ধনৰাশি জমা দিলোঁ US Dollar বিচাৰি ৷ Rate চলিছে ৫১.২০ ৷ এখন Receiptত ৫০,০০০.০০ টকা বা তাতোকৈ তলৰ পৰিমাণৰ ধনৰাশিহে দিয়াটো নিয়ম ৷ গতিকে বেছি হোৱাত দুখন Receipt দিলে ৷ Service charge ২% কাটিলে ৷

এইবাৰ Boarding passৰ বাবে Jet Airwaysৰ Airline counterলৈ পোনালোঁ ৷ টিকট আৰু পাছপৰ্ট দেখুৱালত Boarding pass আৰু Hand luggage tag দিলে ৷ তাতে বিদেশ ভ্ৰমণৰ যাত্ৰীৰ বাবে প্ৰযোজ্য Govt. of Indiaৰ Bureau of Immigrationৰ Departure card সংগ্ৰহ কৰি fill up কৰি আছোঁ ৷ মনটো নাচি উঠিছে ৷

এইবাৰ Immigration formalitiesৰ বাবে পতা শাৰীত থিয় দিলোঁ ৷ মোৰ পাল অহাত Passport control counterত বহি থকা কৰ্তব্যৰত বিষয়াক টিকট, পাছপৰ্ট আৰু cardখন দেখুৱাব লগা হল ৷ অধিকাৰীজনে চছমাৰ ওপৰেদি কেঁৰাকৈ চালে ৷ হিন্দীতে প্ৰশ্ন... কাঁহাঁ যাৱগে ? কিছলিয়ে ? ক্যা কৰতে হ ? সাথমে কৌন হ্যায় ? দুছৰা জগহমে নেহী যাৱগেনা ? 

লানি নিছিগা অবাঞ্চিত প্ৰশ্নবাণৰ সন্মুখীন হৈ তিতা-কেঁহা লাগি গল যদিও ধৈৰ্য ধৰি থাকিলোঁ ৷ সঠিক উত্তৰ দিয়াৰ লগতে নিজৰ আইডেণ্টিটি কাৰ্ডখন তেওঁলৈ আগুৱাই দিলোঁ ৷ লগতে অইন এটা কাউণ্টাৰৰ সন্মুখত থিয় হৈ থকা মোৰ সহযাত্ৰীলৈকো আঙুলিয়ালোঁ যে তেখেতেই মোৰ সংগী ৷

লগে লগে মানুহজন উঠি সেই কাউণ্টাৰটো পালেগৈ ৷ তাত বহি থকাজনৰ লগত কি কথা পাতিলে নাজানো ৷ কিছু সময়ৰ মূৰত নিজৰ ঠাইলৈ ফিৰি আহিল, মোৰ পাছপৰ্টত ষ্টাম্প মাৰিলে আৰু যাব দিলে ৷ স্বস্তিৰ নিশ্বাস এটা বাহিৰ হল মোৰ নাক-মুখেদি ৷

ভ্ৰমণকাৰী নহয় যেন অপৰাধীহে !  অনাহক টেনছন, অযথা সময় নষ্ট আৰু নিৰুৎসাহজনক বাক্যৰ বাবে পেটে পেটে খুব খং উঠিল ৷ বিপৰীতে, বিশ্ব পৰ্যটন দিৱস সম্বন্ধীয় কোনো ভাব-ভংগী তেওঁলোকৰ মুখমণ্ডলতেই হওক বা সমগ্ৰ পৰিৱেশটোতেই হওক, কতো নামমাত্ৰও দৃষ্টিগোচৰ নহল ৷ পৰ্যটনকাৰীক শুনাব লগা উৎসাহজনক বাক্য এটিও মুখত নুফুটা এইসকল কৰ্মচাৰীয়ে যাত্ৰাত হকা-বধা জন্মোৱাৰ মূলতে বোলে দুপইচা আহৰণ কৰাৰ মতলব উহ্য হৈ থাকে ৷ এনেকৈ শুনিছিলোঁ যদিও বিশ্বাস হলে কৰা নাছিলোঁ ৷ এতিয়া, সামান্য অজুহাত দেখুৱাই মোৰ সহযাত্ৰীৰ পৰা টকা এশ সৰকালে বুলি অলপ পাছতে জানিব পাৰিলোঁ ৷ কথাটোৱে প্ৰচলিত ধাৰণাটোকে সত্য বুলি প্ৰমাণ কৰি পেলালে ৷

সি যি কি নহওক, চিকিউৰিটিৰ লোকৰ নিৰ্দেশত এইবাৰ Moving staircaseৰে ওপৰ মহলালৈ উঠি যাব ধৰিলোঁ ৷ Escalatorৰ পৰাই দেখিছোঁ, অদূৰত মোৰ সহযাত্ৰী, লাহে লাহে মোৰ ফালেই আহিব ধৰিছে ৷ ৰক্ষা যেনিবা ! এৰিলে ৷

ইয়াৰ পাছত Security check point-ৰ কাম ৷ সকলো সুকলমে সমাধা হল ৷ Hold roomৰ Lobbyত বহিলতহে ভাব আহিল যে বিদেশ-যাত্ৰা কৰিব পোৱাটো খাটাং হল ৷ তাৰ মানে আমি বিদেশলৈ যাম ! ধনছিংদাৰ লগত এতিয়াহে আকৌ হাঁহি-তামাচা আৰম্ভ কৰিলোঁ ৷ অপ্ৰয়োজনীয়ভাৱে বাধাৰ সৃষ্টি কৰা লোককেইজনক লৈও ভোৰভোৰালোঁ দুয়ো ৷

ৰ্ডিঙৰ অপেক্ষাৰে স্ফূৰ্তিতে বন্ধু-বান্ধৱসকলক SMS কৰি জনাই দিলোঁ Jet Airways 9W 066, Boarding pass received, Immigration done, Security checked at NSCB International Airport, Kolkata. World Tourism Day special. উৎসাহজনক Reply আহিল কোনো কোনোৰ পৰা ৷ কোনো কোনোজন তেতিয়াও আগৰ দৰেই নিৰ্বিকাৰ-নিৰুত্তাপ হৈয়ে ৰল ৷ বুজিবলৈ অসুবিধা নহল যে আমাৰ সমাজত ভ্ৰমণ-পৰ্যটন এতিয়াও এটা নুবুজা শব্দই হৈ ৰৈছে ৷ ঘৰত থাকিলেই ভাল বোলা প্ৰচলিত আওপুৰণি, পৰ্যটনবিৰোধী চিন্তাটো বহুলাংশেই বাহাল আছে ৷

সি যি কি নহওক, অদৰকাৰী সকলো কথা পাহৰাৰ চেষ্টা কৰিলোঁ আৰু পকেট নোটবুকখন, ভ্ৰমণ-প্ৰস্তুতিৰ কালতে লনলী প্লেনেটৰ থাইলেণ্ড নামৰ বৃহৎ ভলিউমটো, আখৰ সৰু বাবে মেগনিফায়িং গ্লাছৰ মাজেৰেই মন্থন কৰি দেশখনৰ বিষয়ে জানিবলগীয়া কথাবোৰ সংক্ষেপে যত লিখি লৈছিলোঁ, একান্তমনে তাৰ পাতবোৰ লুটিয়াই যাব ধৰিলোঁ, যাত্ৰাৰ পূৰ্বে পুনৰবাৰ নিজকে যুকিয়াই লোৱাৰ উদ্দেশ্যৰে ৷

বিশ্ব পৰ্যটন দিৱস, পৰ্যটনৰ স্বাদ আৰু অনুভৱ


বিশ্ব পৰ্যটন দিৱস, World Tourism Dayৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ৷ ১৯৭০ চনৰ এই দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল ৷ ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে একোটা নতুন Theme লৈ বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন কৰি অহা হৈছে ৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো যুগুত কৰা হয় ৷ বিশ্ব পৰ্যটন দিৱসৰ এইবাৰৰ Theme হৈছে পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন, Tourism and Rural Development ৷

এইবোৰ কিতাপ-কাগজত পঢ়ি পোৱা কথা ৷ 

ব্যক্তিগতভাৱে, এইটো আজি ভাবি ভাল লাগে যে ২০১০ চনৰ বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে জীৱনৰ প্ৰথম বিদেশ যাত্ৰা কৰিছিলোঁ ৷ সেই সুখ-স্মৃতি সুঁৱৰিবৰ আজি দুনাই সুযোগ পাইছোঁ ৷ পুস্তক অধ্যয়ন কৰি বা ফটোগ্ৰাফ, ভিডিঅ আদি চাই আমি যি পৰোক্ষ জ্ঞান লাভ কৰোঁ ভ্ৰমণে তালৈ পূৰ্ণতা আনে ৷ সেই প্ৰত্যক্ষ জ্ঞানকণৰ বাবেই সুযোগ পালেই ভ্ৰমণ কৰাৰ দুৰ্বাৰ আগ্ৰহ জন্মে ৷ সেই অনন্ত জিজ্ঞাসাক লৈয়ে বাট চাই ৰওঁ, পৰৱৰ্তী ভ্ৰমণলৈ ৷ সঁচাকৈ, পুথিলব্ধ জ্ঞানৰ পৰিপূৰ্ণতা অনাত আৰু বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে বিশালাকাৰ এই জগতখনৰ  সৈতে পৰিচয় হোৱাত ভ্ৰমণৰ গুৰুত্ব আৰু ভূমিকা অনন্য-সাধাৰণ ৷

...ভ্ৰমণ কৰি ভাল পোৱাসকলক দিৱস উপলক্ষে আন্তৰিক প্ৰীতি-সম্ভাষণ জনালোঁ ৷ 

পৰ্যটন মোৰ প্ৰিয় বিষয় ৷ ভ্ৰমণ মোৰ অন্যতম প্ৰিয় হবী ৷ সুযোগ পালেই প্ৰাত্যহিক জীৱনৰ পৰা সময় চুৰ কৰি ইয়াৰ পিছত লাগি যাওঁ ৷ প্ৰতিটো যাত্ৰাতে নিজকে নিজে ভাবি লওঁ (!) মাৰ্ক পল বুলি ৷ প্ৰতিটো যাত্ৰাতে বুটলিবলৈ পাওঁ এনে কিছুমান সুখানুভূতি যি আত্মাক প্ৰভাৱিত কৰে আনক কৈ বুজাব নোৱাৰা ধৰণে ৷ 

ৰাল্‌ফ ৱাল্‌ডো এমাৰচনৰ এষাৰ কথা মোৰ অতিকৈ ভাল লাগে ৷ পথটোৱে কোনফালে লৈ যায় সেই দিশে নাযাবা ৷ ইয়াৰ পৰিৱৰ্তে যিফালে পথ নাই সেইফালে আগ বাঢ়া আৰু চানেকি ৰাখি থৈ যোৱা ৷ 

সঁচাকৈ, পথ নথকাফালে গৈ চাই অহাৰ মজাই সুকীয়া ৷ ই চিৰদিনীয়া ৷ প্ৰাত্যহিক জীৱনচৰ্যাৰ লগতে মোৰ পৰ্যটনৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈ পৰিছে এই উক্তি ৷

Friday 18 September 2020

বাৰ ৷৷ এটা অভিযানৰ অন্তত

কোনোবাই কৈছিল, হাজাৰ কিতাপ পঢ়াৰ সমপৰ্যায়ৰ হব পাৰে এটা মাত্ৰ যাত্ৰা ৷ হলেও কিন্তু, আমাৰ সমাজত এতিয়াও ভ্ৰমণ-পৰ্যটনৰ দৰকাৰী-গুণকাৰী দিশটো ভালকৈ পোহৰলৈ বা চৰ্চালৈ অহাই নাই ৷ ভ্ৰমণ শিক্ষাৰ এটা অংগ ৷ উচিত কথা ৷ পিছে সংলাপ আৰু ৰচনা লিখাতে সীমাবদ্ধ হৈ থাকিল বহুতৰে জীৱন-যাত্ৰা ৷ শুনাত বেয়া, দুখ লগা ৷ এটা সত্য হল, অনেক সময়ত যাত্ৰাক বেহুদা কাম বুলিয়ে গণ্য কৰি অহা হৈছে ৷ ঘৰৰ পৰা নোলালেই ভাল ৷ এইজাতীয় মনোভাব এতিয়াও ঘৰে ঘৰে চলে ৷ অপ্ৰিয় হলেও সঁচা ৷ সেয়া যি নহওক, লংতাং পাহাৰৰ অচিন দুৰ্গমতাত ঘূৰি-ফুৰি এইবাৰ এটা বেলেগ জাতৰ অভিজ্ঞতা লভিলোঁ ৷

কৰকাণ্ঠিছক ইতিমধ্যে পিকনিক স্পটৰূপে ঘোষণা কৰা হৈছে ৷ কিন্তু ইয়ালৈ আহি মই চিন্তাত পৰিছোঁ অন্য এক কথা লৈহে ৷ বনভোজথলীক পৰ্যটনথলীলৈ কেনেকৈ ৰূপান্তৰিত বা উন্নীত কৰা যায় ? কামটো কোনে কৰিব ? যিমান সোনকালে কৰিব পাৰি সিমানেই মংগল ৷ আবেলিৰ মিঠা ৰদজাক গাত লৈ তাকে মনে মনে গুণা-গঁথা কৰি জংঘলৰ মাজৰ লিকে লিকে পায়চাৰি কৰি আছোঁ ৷ পিকনিক স্পটৰ সংখ্যা বৃদ্ধিয়ে আমোদ-প্ৰমোদ বঢ়াইছে ঠিকেই, সম্ভাৱনাক উন্নয়নমুখী কৰিব পাৰিছেনে ? বৰঞ্চ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাটোহে সুস্পষ্ট ৷ ফলস্বৰূপে যথেষ্ট হানি-বিঘিনি হব ধৰিছে ৷ পৰিৱেশ প্ৰতিকূল হৈছে ৷ এই অভিযানত তাৰে এটা সত্য অলপ আগতে প্ৰত্যক্ষভাৱে মুখৰ আগলৈ আহিল ৷ মনৰ গোপন কুঠৰীত ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ বা-মাৰলীৰ সৃষ্টি হৈছে ৷ কাকো একো কোৱা নাই ৷ স্থান-কাল-পাত্ৰ নোচোৱাকৈ কিছুমান কথা ঘপহকৈ আনক কব নোৱাৰি ৷

অৰূপদাই ৰদত মেলি দিয়া কাপোৰ আৰু জোতা-মোজা পৰীক্ষা কৰিব ধৰিছে ৷ শুকালনে নাই ? ৰিং মাৰি দিলোঁ ৷ আধা শুকাইছে, আধা তিতিয়ে আছে ৷ উপায় নাই ৷ পিন্ধিবই লাগিব ৷ ওচৰ চাপি গ'লোঁ ৷ অলপ পাছতে আমি প্ৰস্থান কৰিম ৷ পেণ্টটো পিন্ধি থাকিয়ে তেওঁ মুখ খুলিলে ৷ প্ৰসংগ হৰিণা ৷ অন্তৰাত্মাৰ কথা মিলি যোৱাত দুয়োৰে মাজত গম্ভীৰ চৰ্চা আৰম্ভ হল, একাষৰীয়াকৈ ৰৈ ৷ তেওঁ সেইবিধ নাখায় ৷ ইয়াতো খোৱা নাই ৷ বিবেকে নকয় খাবলৈ ৷ অৰূপদাই কি কি নাখায় লিষ্ট শুনাই গল ৷ ইফালে মই হলোঁ নিৰামিষভোজী ৷ সা-সোৱাদ বুজিবলৈ তেতিয়াই নিশিকিলোঁ, বা নিশিকালে ৷ গতিকে আকৰ্ষণো নাই ৷ আজি পিকনিকত আলহীৰ সন্মানাৰ্থে কৰ পৰা কেনেকৈ গোটালে নাজানো ৷ সোধা-পোছা কৰা নাই যদিও এইটো বুজি নোপোৱাকৈও থকা নাই যে এইফালৰ জংঘলত জন্তুবিধ নিশ্চয়কৈ আছে আৰু চিকাৰো নিৰ্বিবাদে চলি থাকে ৷ এতিয়া আচল প্ৰশ্ন হ’ল, কামটো বন্ধ কৰা যায় কিদৰে ?

বুজি পাওঁ যে পাহাৰীয়া স্থানীয় সাধাৰণ আৰু অভাৱী অধিবাসীৰ কাৰণে বনাঞ্চলেই জীৱন নিৰ্বাহৰ উৎসথলী ৷ গৃহ নিৰ্মাণৰ বাবে কাঠ-বাঁহ-বেত ইত্যাদি, দৈনন্দিন আহাৰৰ প্ৰয়োজনীয় বনৰীয়া শাক-পাচলি, মাছ-মঙহ, ইন্ধনৰ কাৰণে খৰি ৷ বিশেষভাৱে পাহাৰৰ দাঁতি-কাষৰীয়া আৰু ভিতৰৰ মানুহবোৰ অৰণ্য আৰু নৈ-নিজৰাৰ ওপৰতে নিৰ্ভৰশীল ৷ একাংশ লোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন বস্তু আহৰণ কৰি বিক্ৰীও কৰে, আৰু তেনেকৈয়ে পেট প্ৰৱৰ্তায় ৷ যুগ যুগান্তৰ ধৰি এই একেটাই প্ৰক্ৰিয়া বৰ্তি আহিছে ৷ সংগ্ৰাহক বৃত্তি এৰিব পৰা নাই আৰু সতকাই নোৱাৰেও ৷ এনেস্থলত গভীৰ মনোকষ্টত ভুগিলেও নিজে আঁতৰি থকাৰ বাহিৰে সদ্যহতে আমাৰ কৰণীয় কি ? ভাষণ শুনাই কিবা লাভ আছেজানো ? অনুচ্চস্বৰে আলোচনা চলি থাকিল উভয়ৰে মাজত ৷

এনেকুৱা হয়তো হ’ব পাৰে যে পৰিচয় সলনি কৰিব লাগিব এই ঠাইবোৰৰ ৷ বৰ্তমান প্ৰচলিত ধাৰাৰ বিপৰীতে পৰ্যায়ক্ৰমে নতুন ধাৰা আৰু ধাৰণাৰ সৃষ্টি কৰিব লাগিব ৷ চিকাৰীক সংৰক্ষকলৈ সলনি কৰাৰ পলিচী ৰচনা কৰিব লাগিব ৷ নাগালেণ্ডৰ আংগামীসকলৰ মাজত যিটো দেখিছিলোঁ ৷ ডিব্ৰু-ছৈখোৱাৰ ক্ষেত্ৰত যি সত্যৰ এদিন মুখামুখি হৈছিলোঁ ৷ নহ’লে মানসিকতা সলনি হোৱাৰ আশা ক্ষীণ ৷

জলপ্ৰপাত আৰু বনাঞ্চলত থকা উদ্ভিদ তথা প্ৰাণী জগতক কেন্দ্ৰ কৰি পৰিৱেশ অনুকূল, বহনক্ষম পৰ্যটন উদ্যোগ গঢ়ি তোলাটো বিকল্প বা উত্তৰ হ’ব পাৰে ৷ তেতিয়া হ’লে সংৰক্ষণমূলক কাম নিশ্চয় সাধন হ’ব ৷ অন্যথা ঘন অৰণ্যৰ অভ্যন্তৰত কি ঘটি আছে তাৰ সঠিক বতৰা দূৰত থাকি কোনেও কাহানিও জানিবৰ সাধ্য নাই ৷ আনহাতে, বন্য জীৱকুল, উদ্ভিদকুলৰ সুৰক্ষাৰ স্বাৰ্থতে লংতাং পাহাৰৰ এনে এখন আপুৰুগীয়া অৰণ্য সংৰক্ষণ কৰাটো প্ৰয়োজনীয় পদক্ষেপ হ’ব চাগৈ ৷ বনজ সম্পদ তথা বন্যপ্ৰাণী পৰিচালনা, নিৰাপত্তা তথা চোৰাং চিকাৰ ৰোধ, পানী, শিল, বালিৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগে, ঊৰ্ধ্বতন মহলে গুৰুত্ব দিলে অনাকাংক্ষিত কাৰ্য-কলাপসমূহ এদিন থমকি ৰ’ব বুলি ভাবিব পাৰি ৷

ইফালে পৰ্যটকৰ আগমনৰ পৰা নঞৰ্থক প্ৰভাৱ যাতে কাৰো ওপৰত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ঠাইলৈ পৰিৱহণ এনে ধৰণৰ হ’ব লাগে, যাৰ পৰা প্ৰদূষণৰ মাত্ৰা কম হয় বা নহয় ৷ যি দেখিলোঁ, মিনাৰেল ৱাটাৰৰ বটলৰ ইয়াত প্ৰয়োজন নাই ৷ পানী ফট্ফটীয়া ৷ প্লাষ্টিকৰ ব্যৱহাৰ যাতে নহয় তাৰ প্ৰতি সচেষ্ট হোৱা উচিত ৷ মুঠতে ঠাইটুকুৰাক আকৰ্ষণীয় পৰ্যটনথলীৰূপে গঢ় দিয়াত যথাযথ গুৰুত্ব দিব লাগিব ৷ কি ধৰণৰ এডভেন্সাৰ এক্টিভিটি আৰু অৱসৰ বিনোদন উপলব্ধ কৰিব পৰা যায় তাৰ চিন্তা-চৰ্চা হ’ব লাগে ৷

স্থানীয় ৰাইজে স্বেচ্ছাসেৱী সংগঠন খুলি আগমনকাৰীৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাত চকু দিব পাৰে ৷ আগমনকাৰীৰ প্ৰস্থানৰ সময়লৈ নজৰ দিব পাৰে ৷ প্ৰয়োজনপক্ষে মাচুল নিৰ্ধাৰণ কৰিবও লাগিব পাৰে ৷ পৰিপাটিকৈ তাৰ হিচাপ-পত্ৰও ৰাখিব লাগিব ৷ বিজ্ঞানসন্মত অনাময় ব্যৱস্থা, পানীৰ সুব্যৱস্থা লাগিব ৷ যানবাহন থোৱা ঠাই, খাদ্য ৰন্ধন, কেম্পিং চাইট, পৰম্পৰাগত চাংঘৰৰ নিৰ্ধাৰিত স্থান লাগিব ৷ গাইড, পৰম্পৰাগত আহাৰ ইত্যাদিৰে হাতে-কামে লাগিলে সংস্থাপনৰ বাট মুকলি হ’ব ৷ ওচৰৰ গাঁৱৰ পৰিয়ালসমূহক জড়িত কৰালে সকলোৱেই আৰ্থিকভাৱে লাভৱান হ’ব আৰু ক্ষয়-ক্ষতি প্ৰতিৰোধত নিজেই হাত উজান দিব ৷

ইয়াত ইণ্টাৰনেট সেৱা উপলব্ধ নহয় ৷ কাৰো সৈতে ফোন সংযোগ নাই ৷ গতিকে মুখামুখিকৈ কথা পতাৰ বাদে বেলেগ ব্যস্ততাও শূন্য ৷ কথা পাতি পাতিয়ে ২.৩০ত ওভতনী যাত্ৰাৰ বাবে সাজু হৈ উঠিলোঁ ৷ অৰণ্যৰ মাজে মাজে পিঠিত বেগ লৈ আকৌ এবাৰ মাদকতাপূৰ্ণ খোজ চলিব ৷ পাহাৰীয়া পথত শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত লাখুটি এডালে পথিকক বৰ সহায় কৰে যদিও ঘৰমুখী পদচালনাত সেইডালৰ প্ৰয়োজন কোনেও অনুভৱ কৰা নাই ৷ কাৰণ আগছোৱাত উঠা-নমা সিমান সাংঘাতিক একো নাই ৷ এলেকাটোৰ ভৌগোলিক গঠন পাহাৰীয়া যদিও পাহাৰৰ মাজে মাজে ৰাস্তা কাটি ৰখা ভূপৃষ্ঠৰ উপৰিভাগ ঠায়ে ঠায়ে ওখোৰা-মোখোৰা হ'লেও প্ৰায়খিনিয়েই সমান আৰু সমতল ৷

টেম্প’ত যাবলগীয়া স্থানীয় লোকৰ দলটোৱে হাত জোকাৰি বিদায় জনাই আগ বাঢ়ি গুচি গ’ল ৷ আমাৰ দলটো পাছ পৰিলোঁ ৷ সামান্য আগত, জলপ্ৰপাতৰ পৰা নামি আহি শান্ত ৰূপত বব ধৰা কৰকাণ্ঠিছ’খন ৷ অতিক্ৰম কৰি আগুৱাই থাকি নাতিদূৰত নাৰিকল, তামোল গছেৰে পৰিৱেষ্টিত কাৰবি গাঁৱত সোমাই পৰিলোঁ ৷ জলধাৰাটো পুনৰবাৰ নোপোৱা পৰ্যন্ত পদগমন একে ধৰণেই অব্যাহত থাকিল ৷ তাৰ পাছতে নৈখন দ্বিতীয়বাৰ পাৰ হৈ ৩.১০ত গাড়ীখনৰ কাষ পালোঁহি ৷

জিৰছঙৰ ৱাগন-আৰত বহি ধীৰ গতিৰে গৈ আছোঁ ৷ ধূলিয়ৰি পথ ৷ সন্মুখত তিনিআলি ৷ অথনি আহোঁতেই গম পাইছিলোঁ যে এটা ৰাস্তা লাংলকছ’লৈ গৈছে ৷ আনফালে ছামেলাংছ’লৈ, যিবাটে আমি যাম ৷ সময়-সুবিধা মিলিলে সিটোবাটে এদিন বৰলাংছ’ জলপ্ৰপাত চাবলৈ যাব লাগিব ৷ এইখিনিলৈকে আহি এইবাৰ অঞ্চলটো চিনি থ’লোঁ ৷ অৰূপদা আৰু বাকীসৱৰ ভিতৰচ’ৰাত কি হৈছে নাজানো, ইচ্ছা এটা সংগোপনে মোৰ বুকুৰ মাজত উজ্জীৱিত হৈ ৰ’ল কিন্তু ৷ এটা যাত্ৰাই অইন এটা যাত্ৰাৰ বাট কাটে ৷ এতিয়াৰ পৰা অহৰহ সুযোগৰ অপেক্ষাত থাকিম ৷ অভিজ্ঞতাৰ পৰা ক'ব পাৰি, সুযোগ নিজেই সৃষ্টি কৰিব লাগিব, বৰলাংছ’লৈ যাবৰ বাবে ৷ কাৰবি আংলঙৰ অভ্যন্তৰৰ সেইটো অন্যতম মনোমোহা জলপ্ৰপাত ৷ কম মানুহেহে দেখিছে ৷ লাংলক্‌চ'ৰ পৰা জংফা ওলাবগৈ পাৰি ৷ ইচ্ছাৰ তালিকাত সিও আছে ৷

যাত্ৰা-ভাবনাত বিভোৰ হৈ ছামেলাংছ’ পালোঁহি ৷ হিচাপ কৰি চালোঁ, ইয়াত উপস্থিত হ’বলৈ গাড়ীখনত উঠাৰে পৰা মাত্ৰ ১০ মিনিটহে লাগিল ৷ হাতত সময় কিছু আছে ৷ কৰকাণ্ঠিছ’ অভিযানৰ সাফল্য উদযাপন কৰা হওক ৷ নহ'লে আৰু সুযোগ নাই ৷ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত হ’ল ৷ গাড়ী ৰৈ গ'ল ৷ পথৰ দাঁতিৰ হোটেল এখনত সোমালোঁ আটায়ে ৷ চাহ আৰু জেলেপি আহিল ৷ খাই উঠি টকবি দম্পতীক কৃতজ্ঞতা জনাই বিদায় মাগিলোঁ ৷ ভৱিষ্যতে পুনৰবাৰ অহাৰ আহ্বান আৰু প্ৰতিশ্ৰুতিৰে ৩.৪৫ত ছামেলাংছ’ এৰি দিলোঁ আমি পাঁচজনে ৷

দুই মংগললৈ মনত পৰিল ৷ ঘূৰি গৈ ক'ব লাগিব, কৰকাণ্ঠিছ' চালোঁগৈ বুলি ৷ বৰ্মনলৈও মনত পৰিল ৷ ডিষ্ট্ৰিক্ট ৱেবচাইটত সংযোজন কৰিবৰ বাবে দৰকাৰী ফটো তুলি আনিছোঁ ৷ টোকা এটাও লিখিব পৰা হৈ গ'লোঁ এতিয়া ৷ নহা হ'লে নোৱাৰিলোঁহেঁতেন ৷

ঠিক ৪.০০ বজাত ধেণ্টাঘাট পালোঁহি ৷ ডকমকাৰ ফালে নগৈ গাড়ী লাংহিন অভিমুখে, অহাবাটেই ঘূৰিল ৷ আগত সোণাপুৰ, মাণিকপুৰ ৷ তাৰ পাছত লাংহিন তিনিআলি ৷ ৪.২০ত লাংহিন পালোঁহি ৷ আঁতৰৰ পৰাই দেখিছোঁ, ডিফু অভিমুখী মাৰ্ক' পল' ষ্টাৰবাছ এখন ৰৈ আছে ৷ কাষতে ৰখালে জিৰছঙে ৷ গাড়ীৰ পৰাই চিঞৰ মাৰিলে অৰূপদাই, ‘চিট আছে ?’ আঃ কি ভাগ্য ! পাই গ'লোঁ ৷ উঠাৰ আগতে ৰাছিনজাক সুধিলোঁ, ‘আজিৰ এই ব্যৱস্থাপনাৰ বাবদ আমি কি দিব লাগিব ?’ ‘একো দিব নালাগে’ বুলি ক’লে তাই ৷ যেন উত্তৰটো জিভাৰ আগতে লাগি আছিল ! হ’লেও জিৰছঙৰ গাড়ীখনৰ তেলৰ খৰছ বুলিয়েই টকা পাঁচশ হাতত ধৰাই বাছত উঠিলোঁ আৰু খালী চিটত দেহা এৰি দিলোঁ ৷ সিহঁত ডকমকালৈ উভতিল ৷

মুহূৰ্ততে আমাৰো ষ্টাৰবাছ চলিবলৈ ল'লে ৷ বাটত অৰূপদাৰ উচ্‌পিচনি ৷ কাপোৰ, জোতা, মোজা ভালকৈ শুকুৱা নাই ৷ অস্বস্তি অনুভৱ হৈছে ৷ বকলীয়াত ৰওঁতে যাত্ৰীসৱ চাহ খাবলৈ নমাৰ সুযোগতে লংপেণ্টটো খুলি হাফপেণ্ট পিন্ধি ল’লে ৷ এতিয়াহে শান্তিৰে কথা পাতিব পাৰিছে ৷

কৰকাণ্ঠিছ’ৰ দিনজোৰা স্মৃতি সঞ্চয় কৰি নিশা ৭ বজাত ঘৰ সোমালোঁ ৷ (সমাপ্ত)

Wednesday 16 September 2020

এঘাৰ ৷৷ বনভোজ খোৱাৰ আনন্দ

এঘাৰ ৷৷ বনভোজ খোৱাৰ আনন্দ
পিক্‌নিক্‌থলীৰ পকী বেঞ্চ এখন ৷ তাৰ ওপৰতে কৌপাত পাৰি শাৰী পাতি ভাগ ভাগকৈ মাংসবোৰ ৰখা হৈছে ৷ কেইবাবিধো ৰান্ধিছে ৷ স্তুপীকৃত মাংসৰ ওপৰত এজনে ঠোঙা এটাৰ পৰা তিল ছটিয়াব ধৰিলে ৷
স্থানীয় লোকৰ সৈতে সংযোগ সাধন হোৱাটো, গাইড হিচাপে পোৱাটো, এনেকুৱা হাবিতলীয়া ভ্ৰমণ-পৰ্যটনৰ এটা সাহসী, জ্ঞানদায়ী আৰু অতি আমোদজনক দিশ ৷ পৰিস্থিতি আৰু প্ৰসংগক্ৰমে বহুত কথা সহজতে জানিব পৰা যায় ৷ এতিয়াও তাৰেই সুযোগ পালোঁ ৷ কৰকাণ্ঠিছৰ পানীয়ে শীতলাই পেলোৱা দেহাটো বাঁহতলৰ জুইৰে তপতাই আছোঁ ৷ দেহে-মনে প্ৰফুল্লতাই আৱৰি ধৰিছে ৷ কথা-বতৰাবোৰ শুনি আছোঁ ৷
চুঙাত ৰন্ধা খাদ্য-সম্ভাৰে আজি আমাৰ আৰণ্যক ভোজনত বিশেষ মৰ্যাদা লভিছে ৷ মাখন মাখন যেন সোৱাদ লগা দাইল, আলু পিটিকা, বন্ধাকবি ভাজি ৷ এয়া মোৰ নিৰামিষ আহাৰ-তালিকা ৷ আমিষসকলৰতো কবই নালাগে ৷ একেবাৰে ইলাহি কাৰবাৰ ৷ গাহৰি, কুকুৰা, হৰিণা ৷ তিনিবিধকৈ মাংস ৷ আৰু আছে অৰূপদাই ছামেলাংছত কিনা সতেজ ৰৌমাছ ৷ কিমান খাব পাৰি তাৰে যেন বাজি ৷
ৱেইটিং শ্বেডৰ মজিয়াত গোলাকাৰভাৱে বহি ভাত খাই থাকোঁতে ৰাছিনজালৈ চাই কলোঁ, তুমিযে সিদিনা সুধিছিলা, ভাত কত খাব, জলপ্ৰপাতৰ কাষত নে তোমাৰ ষ্টুডেণ্টৰ ঘৰত বুলি, এতিয়া তুমিয়েই কোৱা, বন্ধঘৰত ডাইনিং টেবুলত বহি খোৱা ভাতসাজত প্ৰকৃতিয়ে যোগোৱা এই বিমল আনন্দভাগ পালোঁহেঁতেন জানো ? তাই হাঁহিলে ৷
১.৫০ত দিনৰ আহাৰ গ্ৰহণ সমাপ্ত হল ৷ ওচৰতে বগাই থকা জংঘলী পাণ আৰু অথনি বুটলি লোৱা কেঁচা তামোলেৰেই মুহুদি কৰা হৈছে ৷ হাঁহি-আনন্দ কৰি কথা পাতি থকাৰ মাজতে লাহেকৈ আমাৰ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত লোৱা হল ৷ বিয়লিটো দীঘলীয়াকৈ কটাবৰ মন আছিল যদিও, আমি উভতিব লাগিব ডিফুলৈ ৷ লাংহিনৰ পৰা বাছ ধৰিব লাগিব ৷ সময় মিলোৱাৰ প্ৰশ্নটো সাঙোৰ খাই আছে ৷
সেয়ে বস্তু-বাহানি যাৰ যত যি আছিল, সামৰি লোৱা হল ৷ জেগা চাফা কৰা হল ৷ জুই নুমুৱা হল ৷ বাটলৈ ওলাওঁতেই বাবুল ইংতি গাঁৱৰ বাসিন্দা এজনক লগ পালোঁ ৷ মানুহজনে চাইকেল এখনত আগে-পাছে নাতি-নাতিনী এহাল বহুৱাই, হেণ্ডেলত দুফালে দুটা বেগ ওলোমাই লোৱাৰ উপৰি লাগতিয়াল বস্তু কঢ়িয়াই আনিছে ৷ লগত সৰু জীয়েক ৷ সুযোগ পাই ভাব বিনিময় কৰিলোঁ ৷ ছামেলাংছত আটাইকে থৈ তেওঁ গাঁৱলৈ ঘূৰি আহিব ৷ আহোঁতে আন্ধাৰ হৈ যাব ৷ ছোৱালীজনীয়ে ডিফু চৰকাৰী মহাবিদ্যালয়ত পঢ়ে ৷ কল্পনা কৰি চালোঁ, এইহেন ভিতৰুৱা অঞ্চলৰ পৰা পদব্ৰজে ওলাই গৈ জিলা সদৰত হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰাটো কম কষ্টকৰ আৰু চিন্তনীয় কথানে, বিশেষকৈ যাতায়াতৰ দৃষ্টিকোণৰ পৰা ! অনেক প্ৰত্যাহ্বানৰ মাজেৰে এনেদৰেই জীৱন-যাত্ৰা আগুৱায় আমাৰ গ্ৰাম্য জনসাধাৰণৰ ৷ সুচল পথ-পদূলি কেতিয়া হব কোনেও কব নোৱাৰে ৷ বাৰিষা দুৰ্দশাৰ মাত্ৰা কাকো কৈ বুজাব নোৱাৰা ধৰণৰ হয় ৷ নেতাৰ আগমন ঘটে নিৰ্বাচনৰ সময়ত ৷ এই লৈ অভিযোগ আগৰে পৰাই আছে ৷ কথা প্ৰসংগত এতিয়াও শুনা পালোঁ ৷
স্থানীয় আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে এই থলীখনৰ আলম লব নোৱাৰিনে ? চিন্তা কৰি পাওঁ যে ছামেলাংছক কেন্দ্ৰ কৰি এইটো দিশত ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰৰ জৰিয়তে বহনক্ষম পৰ্যটন সেৱা আৰম্ভ কৰিব পৰা যায় ৷ লাংহিন, ডকমকাত কাৰ্যালয় খুলি তাৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰি, গাইড কৰিব পাৰি ৷ ইয়াৰ জৰিয়তে থলুৱা লোকৰ কৰ্মসংস্থাপনৰ সুযোগ-সুবিধা সৃষ্টি হব ৷
কৰকাণ্ঠিছলৈ ডকমকাৰ পৰাও আহিব পাৰি, লাংহিনৰ পৰাও আহিব পাৰি ৷ দুয়োটা পথ ধেণ্টাঘাটত মিলিছে ৷ ধেণ্টাঘাটৰ পৰা আগলৈ ছামেলাংছ ৷ ছামেলাংছত বাহৰ পাতিও স্থানীয় পথ-প্ৰদৰ্শকৰ সহযোগত দিনটোজোৰা কাৰ্যসূচী অনায়াসে লব পৰা যায় ৷ এই ঠাইলৈ আহিবৰ কাৰণে কাৰো আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন নাই ৷ প্ৰৱেশৰ ক্ষেত্ৰতো কোনো বাধা-নিষেধ নাই ৷ ইয়ালৈ অহাৰ উপযুক্ত সময়টো শীতকাল যদিও অৰণ্যপথৰ শিহৰণকাৰী মাদকতা আৰু ৰোমাঞ্চ উপভোগৰ বাবে বাৰিষাও আহিব পৰা যায় ৷ (ক্ৰমশঃ)

Monday 14 September 2020

দহ ৷৷ নৈৰ বুকুৰে নামি বনভোজথলী পালোঁহি

দহ ৷৷ নৈৰ বুকুৰে নামি বনভোজথলী পালোঁহি



কোনেও মুখ ফুটাই নকলেও এটা কথা স্পষ্ট হৈ পৰিছে যে অথনি উঠি অহা বাটটোৰে ঘূৰি যোৱাত দলটোৰ কোনোৱেই আগ্ৰহী নহয় ৷ সন্মুখলৈ গৈ থকাৰহে পক্ষপাতী ৷ সেয়ে জলপ্ৰপাতৰ তৃতীয় খলপটো অতিক্ৰম কৰাৰ পাছতে আটায়ে নদীপথটো অনুসৰণ কৰিব ধৰিলোঁ ৷ ইটো পাথৰৰ পৰা সিটো পাথৰ, মাজে মাজে কাষৰ হাবি-জংঘল ফালি স্তব্ধহীন যাত্ৰা চলি থাকিল নামনি অভিমুখে ৷ অলপ পাছতে নৈখনে সমান ৰূপ পৰিগ্ৰহ কৰিলে ৷ পাথৰবোৰ আগতকৈ জোখত সৰু হৈ আহিল ৷ খল্‌-খল্‌কৈ বৈ থকা জলস্ৰোতটো অতিক্ৰম কৰি সকলোটি বাঁওপাৰলৈ আহিলোঁ ৷ কাৰণ, পিক্‌নিক্‌ স্পটটো এইপাৰে আছে, আগত ৷
শিলে শিলে ভৰি ৰাখি দুপিয়াই-জঁপিয়াই গৈ আছোঁ ৷ শাৰী পাতি আনন্দ-উল্লাসেৰে চলি আছে নিম্নমুখী পদচালনা ৷ জপং ৷ হঠাতে আগফালে শব্দ এটা হল ৷ অৰূপদা আছিল মোৰ আগে আগে ৷ শিল এটাৰ পৰা ভৰি পিছলি অতৰ্কিতে তেওঁ একাঁঠু পানীত সোমাই পৰিল ৷ ক্ষণিকৰ অমনোযোগিতাৰ বাবেই বোধ কৰোঁ ৷ নহয়তো অসন্তুলিত খোজ-কাটলৰ কাৰণে হব পাৰে ৷ নতুবা, আনন্দই পাৰ ভাঙি পেলোৱাৰ বাবেও হব পাৰে ৷ অঘটনটো মুঠতে ঘটিল ৷ জোতা-মোজা, পেণ্ট, আঁঠু পৰ্যন্ত সকলো তিতি গল তেওঁৰ ৷ দেখি দুখো লাগিল, হাঁহিও উঠিল সহপথিকসৱৰ ৷ কি হব এতিয়া ? উপায় নাই ৷ জেপজেপীয়া অৱস্থাৰেই ধীৰে-সুস্থিৰে গৈ থাকিবলগীয়া হল অৰূপদা ৷ কিছুমান অস্বস্তিকৰ সময় ৷ উপলব্ধি কৰাত মোৰ অসুবিধা নহ'ল ৷ ডিলাই নৈৰ জলপ্ৰপাত দৰ্শন কৰিবলৈ উঠি গৈ থাকোঁতে ময়ো সোমাইছিলোঁ এনেকৈ ৷ কঁকাল আৰু সোঁহাতৰ বুঢ়া আঙুলিত কোব খাইছিলোঁ ৷ কেমেৰাটো বাছি গৈছিল কিবা ভাগ্যৰ বলত ৷ অৰূপদাই তেনেকৈ দুখ নাপালে বাৰু ৷
এসময়ত নৈৰ বক্ষ এৰি আমি হাবিত সোমালোঁ ৷ লুংলুঙীয়া বাটেদি আগুৱাই থাকি ১২.১৫ বজাত কৰকাণ্ঠিছ পিক্‌নিক্‌ স্পটটো পাই গলোঁ ৷ অথনি যাওঁতে বাটৰ কাষতে, বাঁওহাতে এই থলীটো এৰি থৈ গৈছিলোঁ ৷ এতিয়া ঘূৰি-পকি ইয়াতে উপস্থিত হলোঁহি ৷ খোজবোৰ আপোনা-আপুনি ৰৈ গ'ল ৷
ছামেলাংছ অঞ্চলৰ মেন বে গাঁৱৰ বিদ্যাছিং বে, বৰছিং বে, খয় টকবি ৷ কান্দং ৰংফাৰ গাঁৱৰ বাবুছিং বে ৷ টেম্প চালক চিৰঞ্জিত দাস ৷ ডিফুৰ পৰা অহা অৰূপদা আৰু মই ৷ ডকমকাৰ পৰা অহা কুংৰি, ৰাছিনজা, জিৰছং ৷ কাংথিম ৰংপি গাঁৱৰ চনছিং টকবি, মীৰা তেৰাংপী আৰু তেওঁলোকৰ লৰা-ছোৱালীকেইটা ৷ চাৰমন, পাৰ্বতী ৷ এফালৰ পৰা গন্তি কৰি পোৱামতে আমি মুঠ ১৭জন ইয়াত গোট খাইছোঁ ৷ বনভোজকাৰী দলৰ সদস্য বুলিবলৈ ইমানেই ৷
থলী নাপাওঁতেই দূৰৰ পৰাই ধোঁৱা উৰি থকা দেখা পাইছিলোঁ ৷ ওচৰ চাপোঁতে দেখা গ'ল যে বাঁহনিৰ তলত দপদপাই জুই জ্বলিছে ৷ জুয়ে ঢুকি পোৱাকৈ হেলনীয়াভাৱে ৰখা হৈছে বাঁহৰ চুঙা এশাৰী ৷ পাতৰ সোপাৰে বন্ধ প্ৰতিটো চুঙাৰ মুখ ৷ ৪-৫জনীয়া পুৰুষ-মহিলাসকলে ৰন্ধন-প্ৰকৰণৰ কামখিনি মনপুতি কৰি আছে ৷ তাৰে দুজন পুৰুষে চুঙা কাটি আছে ৷ পানী, খৰি, কৌপাতৰ অভাৱ নাই ইয়াত ৷
জেগা পায়ে অৰূপদাই তিতা কাপোৰ সলাই হাফপেণ্ট পিন্ধিলে ৷ জোতা, মোজা, পেণ্ট ৰদত মেলি দিছে ৷ ৱেইটিং শ্বেডৰ তলত কিছু সময় জিৰালোঁ ৷ পানী আৰু ৰাছিনজাই আগ বঢ়াই দিয়া ইটো-সিটো খালোঁ ৷ থূপ খাই বহি লৈ কৰা আলোচনাৰ নামত জলপ্ৰপাত চাই, নদী অভিযান চলাই আহি হৃদয়ত সৃষ্টি হোৱা শেহতীয়া সুখানুভূতিসমূহৰে চৰ্বিত-চৰ্বণ চলিছে ৷ অন্য প্ৰসংগ নাই ৷ নথকাটোৱেই স্বাভাৱিক ৷
খোজ কাঢ়ি কাঢ়ি তেনেই ঘামি-জামি আহিছোঁ ৷ 'মই গা ধুম দেই' বুলি ঘোষণা কৰি দিলোঁ ৷ অৰূপদাই নোধোৱে ৷ তেওঁ খাদ্য তদাৰকত লাগিলগৈ ৷ বিবিধ ব্যঞ্জনৰ আয়োজন চলিছে ৷ গামোচাখন বেগৰ পৰা উলিয়াই মূৰত মেৰিয়াই ল'লোঁ ৷ 'মোৰ কাৰণে আলু দুটা ফুটছাইত সুমুৱাই দিব দেই ৷' অনুৰোধ জনাই চিধাই নৈলৈ পোনাই দিলোঁ ৷
ট্ৰেকটোৰ দাঁতিত সাজি থোৱাখনকে ধৰি টুৰিষ্ট ইনফৰ্মেচন ডিপাৰ্টমেণ্টৰ দ্বাৰা নিৰ্মিত আৰ.চি.চি. ৰিক্ৰিয়েশ্বন শ্বেড ইয়াত আৰু এখন আছে ৷ ভিতৰলৈ সোমাই নগলে বাটৰ পৰা দেখা পোৱা নাযায় ৷ জুই ধৰা ঠাইটুকুৰাৰ দাঁতিত পকী বেঞ্চ এখনো আছে ৷
ঠাইখিনি শিলাময় ৷ ৰূপলীবনে শিলৰ ফাঁকত, পানীৰ তলত কিবা খেপিয়াই থকা দেখিলোঁ ৷ অলপ আগতে গা ধুই যোৱা দেউতাকে চাবোনডোখৰ শুকাবৰ বাবে পাথৰৰ ওপৰত থৈ গৈছিল ৷ অসাৱধানবশতঃ তাইৰ ভৰিত লাগি পানীত পৰি গল ৷ বেচেৰীয়ে এতিয়া বিচাৰি হায়ৰাণ হৈছে ৷ মুখমণ্ডলত চিন্তাৰ চাপ ৷ সোঁতে নি কেনিবা সুমুৱালে ৷ শিলৰ ফাঁকৰ পৰা মই বুটলি দিলোঁ ৷ হাত সুমুৱাটো বিপজ্জনক আছিল যদিও একো নহল যেনিবা ৷ বাচিলোঁ ৷
তিয়নি গামোচা এখন পাথৰৰ ওপৰতে মেলি থোৱা আছে ৷ আহ, কি ভাগ্য ! তিয়নিও পালোঁ, চাবোনো উদ্ধাৰ হ'ল ৷ ৰূপলীবনে নিৰ্দ্বিধাই আকৌ মোলৈ হস্তান্তৰিত কৰিলে চাবোনটুকুৰা ৷ পানী বেছ ঠাণ্ডা যদিও অৱস্থানটো ৰদঘাই ৷ মস্ত শিল দুটামানৰ সিপাৰে ৰাছিনজায়ো তাইৰ দীঘল চুলিকোচা ইচ্ছামতে পখালাত লাগিছে ৷ চেম্পুৰে বগা হৈ পৰিছে বৈ যোৱা পানীৰ উপৰিভাগ ৷ 

এজাকমান পখিলা ইফালে সিফালে উৰি ফুৰিছে ৷ একোবাৰ শিলৰ ওপৰত পৰে ৷ আকৌ জাকি মাৰি উৰে ৷ চৌদিশ প্ৰথমে অধ্যয়ন কৰি ললোঁ ৷ সাৱধানতা অৱলম্বন প্ৰথম কথা ৷ নিৰাপদ ঠাই এটুকুৰা বাছি লোৱা হল ৷ তাৰ পাছতে শিলৰ গহ্বৰেৰে বৈ থকা একঁকাল পানীত আস্তেকৈ নামি বহি দিলোঁ ৷ শীতলতাই তৎমুহূৰ্ততে দেহা জুৰ পেলাই দিলে ৷ নিমিষতে আঁতৰি গল সকলো ক্লান্তি ৷
উৰ্ধ্বমুখীকৈ চাই চাই ভাবিবলৈ ধৰিছোঁ, তিনিটাকৈ জলপ্ৰপাতৰ উপৰি হাবিতলীয়া বাটেৰে পদব্ৰজে অৰণ্য ভ্ৰমণৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ বাবে এয়াচোন আদৰ্শ থলী ৷ শৈক্ষিক আৰু বৈজ্ঞানিক গৱেষণাৰ দিশতো গুৰুত্ব আছে নিশ্চয় ৷ লংতাং পাহাৰৰ বনাঞ্চলত কি কি গছ-গছনি আছে, কি কি জীৱ-জন্তু, চৰাই-চিৰিকটি, পোক-পতংগ আছে, সেইবোৰ কোনোবাই অধ্যয়ন কৰি উলিয়াইছেনে নাই, সমীক্ষা চলাইছেনে নাই গম নাপাওঁ ৷ নৈখনৰ গতিপথ, জলপ্ৰপাতকেইটাৰ সবিশেষ, কতো একো পঢ়িবলৈ পোৱা নাই ৷
বাকী যিয়েই নহওক, পাহাৰীয়া নৈ কৰকাণ্ঠিছত মোৰ গা ধোৱাৰ হেঁপাহটো হ'লে অলপ পাছতে পূৰণ হল ৷ (ক্ৰমশঃ)

Friday 11 September 2020

ন ৷৷ জলপ্ৰপাত অভিযান

লংতাং পাহাৰৰ দুৰ্গমতাত অৱস্থিত কৰকাণ্ঠিছৰ পৃষ্ঠভাগ কিমান বিস্তাৰিত, কিমান শিলাময়, এই বিষয়ে ইয়ালৈ অহাৰ আগতে ন্যূনতম ধাৰণাও নাছিল ৷ ওপৰত কিছু সময়ৰ আগেয়ে পাই অহা, প্ৰথমটো জলপ্ৰপাতৰ ৰূপত পানী বাগৰি থকা অঞ্চলৰ পৰা আৰম্ভ কৰি নামনিৰ দিশে এই মুহূৰ্তত খালী চকুৰে দেখা পাই থকা পৰ্যন্ত কেৱল শিল আৰু শিল ৷ বৰ বৰ পাথৰেৰে আবৃত গহ্বৰতে দুটাকৈ কুণ্ডৰো সৃষ্টি হৈছে ৷ গভীৰতা কিমান হব ? একো গম নাপাওঁ ৷ সেয়ে হ'লেও প্ৰথমবাৰ দেখিয়ে আন্দাজ কৰিছোঁ যে জলাশয়বোৰৰ পানী কিন্তু সাংঘাতিকভাৱে শীতল হব ৷ উপৰিভাগৰ বৰণ চায়ে এই অনুমান কৰি পেলাইছোঁ ৷
বৰগছৰ বাঁওহাতে, গছজোপাৰ শিপাৰ খটখটিত বহি আটাইৰে সৈতে অলপমান জিৰালোঁ ৷ এই সুযোগতে চৌপাশ অধ্যয়ন কৰিও ললোঁ ৷ এতিয়া খুব সাৱধানে জলপ্ৰপাতটোলৈ নামিব লাগিব ৷ ছিটিকনিয়ে তিয়াই ৰখা শিলবোৰ বিৰাট পিছল ৷ হাত দি চালোঁ ৷ চেঁচা ৷ কুংৰি আৰু ৰাছিনজাই আগে-ভাগে নামি নিৰাপদ অৱস্থানত ৰৈ জলপ্ৰপাতক বেকগ্ৰাউণ্ড হিচাপে লৈ ফটো চেছন আৰম্ভ কৰি দিছে ৷ ঝৰ ঝৰ প্ৰচণ্ড শব্দৰ বাহিৰে অন্য আৱাজ বুলিবলৈ নাই ৷ ইজনীয়ে সিজনীলৈ চাই ৰে'ডী কিম্বা থেংক ইউ বুলি কওঁতেও জোৰকৈ চিঞৰিবলগীয়া হৈছে ৷ অতি আনন্দদায়ক পৰিৱেশ, জংঘলৰ মাজত, জনসমাগমৰ পৰা আঁতৰত ৷
বৰগছজোপাৰ সিপাৰে থকা প্ৰকাণ্ড শিলটোত উঠি প্ৰকাশ আৰু তাৰ লগৰীয়া এটাই স্ফূৰ্তি কৰি আছে ৷ ময়ো একেলগ হোৱাৰ মন মেলিলোঁ ৷ শিলটোত খোপনি ৰখাৰ সুচলতা একেবাৰে কম ৷ পিছল খাই পৰাৰ সম্ভাৱনাহে বেছি ৷ পৰিব লাগিলে কিযে দুৰৱস্থা হ'ব ! ভাবি আছোঁ ৷ মোক আচৰিত কৰি ৰাছিনজা বগাই ওপৰ পালেগৈ ৷ শকত যদিও তাই বগাব পাৰে ৷ খোজ কাঢ়িবও পাৰে ৷ সন্তুলন দেখি তবধ মানিলোঁ ৷ সাহস, বুদ্ধি আৰু শক্তিৰে ভৰা ছোৱালী ৷ অমায়িক, মৃদুভাষী ৷ মুখত অনৱৰতে হাঁহি এটা লাগিয়ে থাকে ৷ তাইৰ সদিচ্ছাতে আজি কৰকাণ্ঠিছ চোৱাৰ সপোন পূৰণ হৈছে ৷ কুংৰিও শকত ৷ উৎসাহত তায়ো কম নহয় ৷ কিন্তু কি হ'ল জানো, কিবা এটা ভাবি তাই নুঠিল ৷ মই অৱশ্যে প্ৰচেষ্টা চলাবলৈ নেৰিলোঁ ৷ এসময়ত উঠি গলোঁ শিলটোত ৷ ওপৰত থিয় দিহে সুখ লাগিল ৷ ধৰিব পাৰিলোঁ জলপ্ৰপাতৰ প্ৰথম খেপৰ নামি অহা পানীভাগ কত পৰি আছে ৷ অন্যথা শিলে ঢাকি থয় ৷ এই স্থানৰ পৰা আৰু কাষ চাপিব নোৱাৰি ৷ হৃদয়ত সুখানুভূতিবোৰ ভৰাই লোৱাৰ পাছত এইবাৰ নামিব লাগিল ৷ প্ৰতিটো খোজতে সাৱধানতা প্ৰথম চৰ্ত ৷
প্ৰকাশহঁত আমাতকৈ খৰ ৷ চেঙেলীয়া দুটাই ইতিমধ্যে দ্বিতীয় খেপটোলৈ নমাৰ যো-জা চলাইছে ৷ এইবাৰ অ'ত দেখোঁ, এবাৰ ত'ত ৷ পংপঙাই ফুৰিছে ৷ পাছে পাছে ৰূপলীবনজনী ৷ তিনিখলপীয়া জলপ্ৰপাত এইটো ৷ ৰামধেনুৰ ৰঙে ৰঙাই তোলা দৃশ্যসমূহ হেঁপাহ পলুৱাই উপভোগ কৰি দেহ-মন শাঁত পেলোৱাৰ পাছত নামনিত থকা প্ৰথমটো কুণ্ডৰ পাৰত ৰলোঁহি ৷ চিন্তা কৰিছোঁ, গভীৰতা কিমান হব পাৰে ? একো বুজা নাযায় ৷ ওপৰৰ পৰা নামি অহা নৈখনে এইখিনিত কেঁকুৰিৰ ৰূপ লোৱাৰ লগতে কুণ্ডৰ সৃষ্টি কৰিছে ৷ আগলৈ ঠেক হৈ পৰা অংশ এটাৰে দ্বিতীয়টো কুণ্ডৰ পৰা ওলাই যোৱা পানীবোৰ তলৰ খলপটোলৈ নামিছে ৷ সেয়া দ্বিতীয়টো জলপ্ৰপাত ৷ একেবাৰে মূৰত থকা শিলচটালৈ আগ বাঢ়িলোঁ ৷ সাৱধানে বহি থাকি খল খল শব্দ কাণত লৈ আপোন-পাহৰা হৈ পৰিলোঁ ৷ অলপ পাছতে ৰাছিনজা আৰু কুংৰিও আহিল কাষলৈ ৷ ওপৰৰ পৰা চাই তলৰ দৃশ্য উপভোগ কৰিলে ৷ অৰূপদা কিন্তু দূৰতে ৰল ৷ ওচৰ চাপিবলৈ ভয় ৷ বুজিলোঁ, বয়স হৈছে তেওঁৰ ৷ সি যি কি নহওক, এনেকৈয়ে আমি বিভিন্ন কথা-বতৰা পাতি অলপ সময় কটালোঁ ৷
প্ৰথমাৱস্থাত ওপৰৰ পৰা চালে দেখা গৈ নথকা নামনিৰ খণ্ডটোৰো উপৰিভাগ তেনেই শিলাময় ৷ এতিয়া গম পালোঁ ৷ কুণ্ডবোৰত বাৰিষা পানী চপচপীয়া হৈ পৰে নিশ্চয় ৷ ভয়ংকৰ গৰ্জনৰো উৎপত্তি হয় নিশ্চয়, এই অঞ্চলটোত ৷ সাৱধানে এফালেদি নামি তলত দেখা পাথৰৰ বুকুত থিয় দিলোঁহি ৷ বিশাল বিশাল পাথৰ এইবোৰ ৷ স্বচক্ষে চাবলৈ তললৈ মাতিলোঁ যদিও কোনোৱেই নামি নাহিল ৷ উঠোঁতে কষ্ট হব বুলি ভাবিলে চাগৈ ৷ বিপৰীতে, মই তলৰ পৰা উঠি আহোঁমানে সংগীসকল কাষৰ অৰণ্যত সোমালগৈয়ে ৷ উদ্দেশ্য আৰু তললৈ নামি যোৱা ৷
পোনপটীয়া সুবিধা নাই ৷ সেয়ে পুনৰবাৰ হাবিয়ে হাবিয়ে আগ বাঢ়িব লাগিব ৷ খৰধৰকৈ অনুসৰণ কৰিব ধৰিলোঁ দলটোক ৷ কাঁইট কিছুমানে অসুবিধাৰ সৃষ্টি কৰিছে ৷ অৰণ্যৰ মাজত মস্ত মস্ত লতা কিছুমানো পালোঁ ৷ ওখ গছৰ পৰা ওলমি আছে ৷ হাতে ঢুকি পোৱাত বগোৱাৰ প্ৰবল ইচ্ছা জাগিল ৷ বেগ, জোতা ইত্যাদি পিঠিত লৈয়ে উঠি গ'লোঁ ৷ ক্ৰমে ওপৰলৈ উজাব ধৰাত ৰাছিনজাই তাইৰ মবাইলেৰে ঘপাঘপ স্নেপ লোৱা আৰম্ভ কৰি দিলে ৷ গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত অৱস্থিত ফটাশিল জলপ্ৰপাত বিচাৰি কৰা জাংগল চাফাৰীতো এনেকুৱা ধৰণৰ লতা কিছুমান পাইছিলোঁ আৰু বগাইছিলোঁ ৷ সেইকেইডাল অৱশ্যে ইয়াতকৈও অধিক শকত-ডাঙৰ আছিল ৷ এতিয়াও সুযোগটো পাই লতাত ওলমি খেল কৰিলোঁ, নিৰ্ভেজাল আনন্দ কিছুমান ল'লোঁ ৷
হাবি-জংঘল মহতিয়াই সদলবলে ধীৰে ধীৰে নামি থাকি পালোঁহি তৃতীয়টো খলপ ৷ ইয়াৰ পাছত আৰু জলপ্ৰপাত নাই ৷ শিলাময় বুকুৰে কুলু কুলু ধ্বনি তুলি একা-বেঁকাকৈ জলস্ৰোতটোৱে চঞ্চলা-চপলা ৰূপ লৈ নামনি অভিমুখে ধাৱমান হৈছে ৷ পিক্‌নিক্‌ স্পটটো সেইফালেই আছে, অনেক আগলৈ ৷ জলপ্ৰপাতটো চাই উঠি আমি ওপৰৰ পৰা নামি যাব ধৰিলোঁ ৷ আকৌ পালোঁহি নদীপৃষ্ঠ ৷ শিলে শিলে সোঁফালৰ পৰা বাঁওফাললৈ পাৰ হৈ ল'লোঁ, গাইড মীৰা, প্ৰকাশহঁতৰ নিৰ্দেশত ৷
এক আত্মিক সুবাসে যেন চাৰিওফালৰ পৰা আমাক ঘেৰি ধৰিছে ! নৈসৰ্গিক দৃশ্যৰে পৰিপূৰ্ণ নাতিউচ্চ পাহাৰেৰে আৱৰা কাৰবি আংলং জিলাৰ এই ভিতৰুৱা থলী ৷ পপুলাৰ ডেষ্টিনেচন নহয় ৷ অথচ মনক দিব পৰা পৰিপুষ্টিৰে ভৰপূৰ, য'ত কৃত্ৰিমতা অনুপস্থিত ৷ বনভোজথলীতে সীমাবদ্ধ নাৰাখি জিলাখনৰ বহনক্ষম পৰ্যটনৰ অন্যতম কেন্দ্ৰৰূপে উন্নয়নৰ দিশে কৰকাণ্ঠিছ'ক আগুৱাই নিয়াৰ কথা অনাগত দিনত নিশ্চয় ভাবিব পাৰি ৷ মনটোৱে মনে মনে তাৰেই সন্ধান কৰাত লাগিল ৷ (ক্ৰমশঃ)

Wednesday 9 September 2020

আঠ ৷৷ কৰকাণ্ঠিছ আলাংচুন

সময় ব্যয় নকৰি কৰকাণ্ঠিছ পিক্‌নিক্‌ স্পটৰ আৰ.চি.চি. ৰিক্ৰিয়েশ্বন শ্বেডখনৰ পৰা আগলৈ আমি আৰোহণ আৰম্ভ কৰি দিলোঁ ৷ প্ৰথমেই সৰু নলা এটা পাৰ হৈছোঁ ৷ মোৰ দৰেই কুংৰি, ৰাছিনজা, জিৰছংহঁতৰো শুদাভৰি ৷ জোতাবিলাক হাতে হাতে ৷ এনেতে তললৈ ঘূৰি চাই প্ৰত্যক্ষ কৰিলোঁ, এজাক মানুহ ৷ বুজিলোঁ, তাৰ মানে পিক্‌নিকৰ দলটো পালেহি ৷
টেম্পখনে তেওঁলোকক দুবাৰকৈ নৈ পাৰ কৰাই, ওখোৰা-মোখোৰা পথেৰে বহুদূৰ আগুৱাই আনিছিল ৷ অৱশেষত এঠাইত ৰৈ যাবলৈ বাধ্য হল ৷ তাৰ পৰা কোনোপধ্যে চলাই আনিব নোৱাৰি ৷ খোজ কাঢ়িবই লাগিব ৷ এনেকৈয়ে সদলবলে সকলোটি আহি এইমাত্ৰ বনভোজথলীত উপস্থিত হৈছে ৷ দলটো দেখি, মানুহবোৰৰ উৎসাহ-উদ্দীপনা দেখি ভাল লাগিল ৷ ওপৰত ৰৈ নামনিৰ দৃশ্যাংশ চাই লৈ আকৌ খোজ আগ বঢ়ালোঁ সন্মুখলৈ ৷ পাহাৰৰ বক্ষত বাঁহনি আৰু অন্যান্য গছ-গছনিৰ মাজে মাজে লুংলুঙীয়া, ওখোৰা-মোখোৰা, এঢলীয়া বাট এটা ওলাই আছে ৷ পৰিৱেশ নিজান, নিস্তব্ধ ৷
আগে আগে যাব ধৰা আমাক দেখা পাই চেঙেলীয়া কেইটাই চিধাই এইফালে পোনালে ৷ সিহঁতৰো মন উচ্চতালৈ যোৱাৰ, জলপ্ৰপাতত পানী খেলাৰ ৷ প্ৰকাশ অহাৰ কথা নাছিল ৷ দেখোঁ যে, সিও আহি ওলাল ! এইহেন মহা-আয়োজনলৈ পিঠি দি মনটোক ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰখাটো সম্ভৱপৰ জানো ? মোক দেখা পাই সি হাঁহিলে ৷ ৰাস্তাটো সি চিনি পায় ৷ আগতেও আহিছে হেনো ইয়ালৈ ৷ ভালেই পালোঁ ইহঁতমখাক লগ পায় ৷ ডাঙৰসকলক এৰি ইহঁতৰ লগ লৈ ল'লোঁ আৰু আগত যাব ধৰিলোঁ ৷
প্ৰকাশৰ ভনীয়েক ৰূপলীবন ৷ হেপোৰ-তেপোৰকৈ তায়ো ওপৰলৈ উঠি আছে ৷ লোদোৰ-পোদোৰ ছোৱালীজনী ৷ পঞ্চম শ্ৰেণীত পঢ়ে ৷ তাইৰ লগতে কথা পাতি পাতি গৈ আছোঁ ৷ চাৰমন টকবি আৰু পাৰ্বতী তেৰাংপীও উঠি আহি আছে ৷ অন্য একাংশ লোক তলতে থাকিল ৷ তেওঁলোকে বনভোজৰ যা-যোগাৰ কৰিব ৷ বাঁহ কাটিব, চুঙা তৈয়াৰ কৰিব, পানী আনিব, ইত্যাদি ইত্যাদি ৷ ৰাছিনজাই সকলো কথা-বতৰা আগতেই মিলাই ৰাখিছে ৷ কাকো একো দোহাৰিবলগীয়া নহল ৷ আটায়ে নিজ নিজ ভাগে ব্যস্ত হৈ পৰিল ৷
আমি ক্ৰমান্বয়ে উঠি আছোঁ ৷ শেষ যেন নহবই এই আৰোহণ ! লুংলুঙীয়া ৰাস্তাটো গৈ গৈ নৈ এখনৰ পাৰত ওলাল ৷ এইডোখৰ অকণমান সমান যেন লাগিছে ৷ বাঁওহাতে পোৱা এইখনেই কৰকাণ্ঠিছ ৷ ইয়াৰ পৰাই সশব্দে তললৈ নামিছে ৷ আগলি অংশ চোৱাৰ প্ৰৱণতা আছিল যদিও আজিৰ কাৰ্যসূচীত সেয়া ধৰা হোৱা নাই ৷ বেলেগে আহিব লাগিব ৷
প্ৰকাশকে ধৰি চেঙেলীয়াকেইটাই বাটটো এৰি দি জংঘল মহতিয়াই অতৰ্কিতে নৈলৈ নামিল ৷ ভয়-ভীত নাই ৷ তাকে দেখি পাছে পাছে ময়ো সিহঁতক অনুসৰণ কৰিব ধৰিলোঁ ৷ অৰূপদাহঁত ভালেমান পাছত আছে ৷ শিলাময় অৱস্থান এইটো ৷ পানীয়ে পানীয়ে, শিলে শিলে অগ্ৰসৰ হব ধৰিলোঁ গোটেইকেইটাই ৷ নদীৰ বুকুত থকা শিল এচটাৰ ওপৰত থিয় দি পোনে পোনে চাওঁতে অদূৰত দেখা পালোঁ যে সৌখিনিৰ পৰা নৈখনৰ অস্তিত্ব নাই ! অৰ্থাৎ, তাৰ পৰাই সমস্ত জলৰাশি তললৈ সৰি পৰিছে ৷ এতিয়া মোৰ একমাত্ৰ মতলব সেই স্থানত উপস্থিত হোৱাৰ ৷ লাহে লাহে গৈ থাকিলোঁ আগলৈ ৷ চূড়ান্ত সাৱধানতা আৰু মুহূৰ্তেপ্ৰতি সজাগতা অক্ষুণ্ণ ৰাখি জলপ্ৰপাতৰ জলৰাশিৰ নিম্নগমন চালোঁ, পানী চুলোঁ, মুখ ধুলোঁ ৷ কেইচলুমান পিও খালোঁ ৷ শিলত বহি উপভোগ কৰিলোঁ বিৰল দৃশ্যৰাজি ৷ সুখ-সংগীত ওলাই আহিল মুখৰ পৰা, নিজে কব নোৱাৰাকৈয়ে ৷

ফটো তুলি থাকোঁতেই অৰূপদাহঁত আহি পালে ৷ জপং জপংকৈ আহি আছে এইফালে ৷ গাইডতকৈ আগতীয়াকৈহে আহি পালোঁ দেখোন কৰকাণ্ঠিছ ! ইয়াকে লৈ ৰগৰ চলিল অলপ পৰ ৷ ৰাছিনজা, কুংৰি, মীৰা সকলো আহিল, বহিল ৷ অকণমান জিৰাই লৈ লগত অনা ধূপ জ্বলাই পানীত নামি মীৰা তেৰাংপীয়ে প্ৰাৰ্থনা এটা কৰিলে ৷ দেখি কিবা এটা ভাল লাগি গ'ল ৷ প্ৰকৃতিৰ সুন্দৰতা আৰু সুগভীৰ আধ্যাত্মিকতাত মনবোৰ যেন হেৰাই গ'ল সকলোৰে !
১০.০৫ মিনিটত এই শীৰ্ষস্থানডোখৰ পাইছিলোঁহি ৷ বাবুল ইংতি গাঁৱৰ কাষৰীয়া জেগা এয়া ৷ তামোল গছ কিছুমান অত-তত দেখা পাই আহিছিলোঁ ৷ জংঘলত বগাই থকা পাণ লতাও দেখিছিলোঁ ৷ সেইবোৰলৈ চাই আগতে ওচৰতে জনবসতি নতুবা কাৰোবাৰ বাৰী আছিল যেন অনুমান হৈছে ৷ ইয়াৰ পৰা আগলৈ গলে লেমতেম ছিংনাৰ গাঁও পোৱা যায় ৷ লংতাং পাহাৰ এয়া ৷
নদীপৃষ্ঠৰ পৰা শিলগুটি এটা বুটলি বেগত সুমুৱাই ললোঁ, মুহূৰ্তবোৰক অনাগত দিনত স্মৰণীয় কৰি ৰখাৰ স্মাৰক হিচাপে ৷ সামান্য যদিও এই শিলটোৱেই কৈ থাকিব মোক যে ২৯ ডিচেম্বৰ ২০১৯ৰ দিনা কৰকাণ্ঠিছ জলপ্ৰপাতটো চাইছিলোঁ ৷
জলপ্ৰপাত ওপৰৰ পৰা চোৱাৰ এক অদ্ভুত মজা আছে, শিহৰণ আছে ৷ মোৰ বাবে এই কাৰ্য এয়াই প্ৰথম বা এইটোৱে মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা নহয় ৷ ইয়াৰ পূৰ্বেও থাই আপ্‌চিৰ, ডিলাই নৈৰ কেইবাটাও জলপ্ৰপাত, কয়লালাংছ, লাংৱকু আদি কৰি কেইবাস্থানতো চাক্ষুষ অভিজ্ঞতা লভিছোঁ ৷ প্ৰকৃতিৰ বৰ্ণনাতীত কাৰুকাৰ্য দেখি অভিভূত হৈছোঁ ৷ এতিয়াও, আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল সৃষ্টিকৰ্তাৰ বন্দনা ৷ কাৰবি আংলঙৰ সবাতোকৈ ডাঙৰ ভেলৌঘাটৰ জলপ্ৰপাত ডিক্ৰুটপীৰ ওপৰত উঠি চোৱাৰ প্ৰবল হাবিয়াহ আছে যদিও উপযুক্ত সংগীৰ অভাবত সেয়া তল পৰি আছে ৷ সাকাৰ হ'ব নিশ্চয় কেতিয়াবা ৷
জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঘোঁকটৰ ঠাই এইবোৰ ৷ পাহাৰৰ অভ্যন্তৰত লোকচক্ষুৰ আঁৰত আত্মগোপন কৰি থকা এনে প্ৰাকৃতিক নৈসৰ্গিকতাৰ কথা সৰহ মানুহেই গম নাপায় ৷ গম পালেও অহাটো, দেখা পোৱাটো সহজ নহয় ৷ অথচ ইয়াৰ প্ৰদূষণমুক্ত সেউজ সৌন্দৰ্যই অহৰহ হাত-বাউলি মাতি থাকে পৰ্বত-পাহাৰ আৰু নৈ-নিজৰা ভাল পোৱা, অফ্‌ ৰড ট্ৰেভেলিং আৰু ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰ পছন্দ কৰা মানুহবোৰক ৷ ইয়াৰ চৌপাশ সেউজীয়া, পানী পৰিষ্কাৰ, বতাহ প্ৰদূষণমুক্ত ৷
তিনি খলপীয়া কৰকাণ্ঠিছ আলাংচুন ৷ কাৰবি ভাষাৰে লাংচুন মানে জলপ্ৰপাতক বুজোৱা হয় ৷ ছ শব্দৰ অৰ্থ হৈছে সৰু ৷ কৰকাণ্ঠিছ মানে সৰু কৰকাণ্ঠি ৷ তাৰে প্ৰথমটো খলপ এতিয়া মোৰ মুখৰ আগত ৷ য'লৈ অহাৰ প্ৰথম প্ৰচেষ্টা ৮ ডিচেম্বৰত অসফল হৈছিল ৷ আজি সফল ৷ তাৰ বাবে ৰাছিনজাক ধন্যবাদ জনাব লাগিব ৷

নামনিত, নৈখনৰ পাৰত পৰ্যটন বিভাগে বনভোজৰ থলী সাজি থৈছে ৷ সেয়া আমি ইতিমধ্যে দেখা পাই আহিছোঁ ৷ সুন্দৰ ইক-টুৰিজম্‌ স্পট এইটো ৷ আমাৰ জিলাত থকা আৰু আমি সৰুৰে পৰা শুনা পাই অহা জলপ্ৰপাতবিলাকৰ ভিতৰত এই নামটো সৌসিদিনালৈকে জনাজাত নাছিল ৷ শেহতীয়াভাৱে পোহৰলৈ অহা স্থান ৷ গতিকে আহি ভাল লাগিছে ৷ মানুহৰ হেম-গেম নাই ৷ শান্তি আছে, সৌন্দৰ্য আছে, মনৰ আহাৰ আছে ৷
চৌদিশে হেঁপাহ পলুৱাই চাই চাই ভাবনাবিভোৰ হৈ কিমান সময় কব নোৱাৰা হৈ পৰিলো কব নোৱাৰোঁ ৷ হঠাতে অনুভৱ কৰিলোঁ যে ঠাইটুকুৰাত মই অকলশৰীয়া হৈ পৰিলোঁ ৷ প্ৰকাশহঁত প্ৰথম খলপৰ তলি প্ৰায় পালেগৈয়ে ৷ কিৰীলিৰ শব্দ কিছুমান সেইদিশৰ পৰা ভাহি আহিছে ৷ মাত-কথাবোৰ প্ৰতিধ্বনিত হৈছে শিলাময় গহ্বৰত ৷ অন্য সংগীসকলো তাৰ পৰা উভতি জংঘলত সোমাল ৷ উদ্দেশ্য তললৈ নমা ৷ উভতি যাওঁতে অহাবাটে নগৈ নৈয়ে-জংঘলে নামি গৈ থকা হ'ব ৷
হুঁচ ফিৰি অহাৰ লগে লগে থিয় হলোঁ ৷ শিলৰ ওপৰত থৈ দিয়া বেগটো পিঠিত ললোঁ আৰু পানীয়ে পানীয়ে অলপমান পিছুৱাই আহিলোঁ ৷ গেজেপনি মৰা হাবি, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, লতা-গুল্মৰে আবৃত এলেকা ৷ কোনফালে যাম ? ইহঁত গল কোন বাটেদি ? হেৰাই থাকিলোঁ যেন লাগিছে নিজৰে ৷ কাকো নেদেখি, বাট ধৰিব নোৱাৰি উৰাই-ঘূৰাই চিঞৰাত লাগি গলোঁ ৷ মীৰা তেৰাংপীয়ে শুনা পালে ৷ তাই পিছুৱাই আহিল ৷ নৈখন পাৰ কৰাই মোক বাট দেখুৱাই লৈ গল দলটো যোৱাৰ ফালে ৷
অটব্য জংঘলৰ মাজে মাজে লুংলুঙীয়া লিক্‌ এটা ৷ মাজে মাজে হাউলি যাব লাগে ৷ গছৰ ডাল-পাত, লতাই বাধা জন্মায় ৷ কেনিবা কিবা লুকাই থাকিলেও গম পোৱা নাযায় ৷ হাতত অস্ত্ৰ-শস্ত্ৰ বুলিবলৈও একো এটা নাই ৷ মৰণত শৰণ দি আগ বাঢ়ি গৈ থাকিলোঁ ৷ অৰূপদা, জিৰছংহঁত মোতকৈ কিছু আগত আছে ৷ কথা-বতৰাবোৰ ভাহি আহিছে ৷ খোজকেইটা খৰকৈ দিব ধৰিলোঁ ৷

অৰণ্য মহতিয়াই ক্ৰমে তললৈ নমাৰ কাম আৰম্ভ হল ৷ প্ৰথম ষ্টেপটো পাই গলোঁ ৷ এটা গহ্বৰ ৷ শিলাময় অৱস্থান ৷ তাতে বৰগছ এজোপা আছে ৷ উচ্চতাৰ পৰা ত্ৰিধাৰাৰ ৰূপত নামি আহিছে অলপ আগতে গচকি অহা নৈখন, অৰ্থাৎ নৈখনৰ বহ্নিমান জলধাৰা ৷ গছৰ ফাঁকেৰে আহি পৰা সূৰ্যৰ পোহৰ আৰু শিলৰ পৰা উফৰি অহা পানীৰ ছিটিকনিয়ে ৰামধেনুৰ সৃষ্টি কৰিছে ৷ অলপ আগতে ওপৰত, সৌ তাত বহি আছিলোঁ ৷ এতিয়া এইখিনি পালোঁহি ৷ পৰিৱেশটোত ভোল গৈছোঁ যদিও ডিফুত এৰি থৈ অহা দুই মংগললৈ মনত নপৰা নহয় ৷ পৰিছে ৷ হ'লেও উপায় নাই ৷ লংতাং পাহাৰৰ এই দুৰ্গমতাত একেলগে অৱগাহন কৰাৰ সৌভাগ্য সিহঁত দুটাৰ নহ'ল ৷ অৰূপদা আৰু মোৰ হ'ল, ৰাছিনজাৰ যহত ৷ (ক্ৰমশঃ)