Friday 31 October 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এটি প্ৰবন্ধ৷ প্ৰবন্ধটি লিখিছে অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ছাত্ৰী শ্ৰীমতী অনুপমা বড়োৱে৷ অসমীয়া বিষয়ৰ তৃতীয় ষাণ্মাসিকত অধ্যয়নৰত অনুপমাৰ নগণ্যসংখ্যক লেখা ইতিমধ্যে গৰীয়সী, বাৰ্তাপখিলী আৰু সাতসৰীত ওলাইছে৷ অনুপমাৰ ঘৰ ডিফুৰ কল্যাণ নগৰত৷ সৌ-সিদিনা মাত্ৰ ছেমিনাৰ পেপাৰ এখন টাইপ কৰোৱাবলৈ মোৰ ওচৰলৈ আহোঁতেহে প্ৰসংগক্রমে ছাত্ৰীগৰাকীৰ এই প্ৰতিভাৰ কথা গম পালোঁ আৰু আজি সুযোগ বুজি তাইৰ এই লেখা অকবত উপস্থাপন কৰিলোঁ৷

অসমীয়া গীতি-সাহিত্যৰ বেদীত মাধৱদেৱৰ বৰগীতৰ ভূমিকা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বৰগীত অসমীয়া গীতি-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ প্ৰাচীন অসমৰ সংগীত পৰম্পৰাক সৌষ্ঠৱপূৰ্ণ কৰাৰ ক্ষেত্ৰত বৰগীতৰ ভূমিকা অনবদ্য৷ মহাপুৰুষ দুজনাৰ বৰগীতবোৰ লক্ষ্য কৰি এটা কথা নিশ্চিতভাৱে কব পাৰি যে তেওঁলোকৰ বৰগীতবোৰ উচ্চ আধ্যাত্মিক ভাবেৰে পৰিপূৰ্ণ, ৰাগ-তানযুক্ত, সাংসাৰিক প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত, আধ্যাত্মিক ভাবৰ উপাসনা প্ৰসংগৰ গীত৷ আকৌ, মহাপুৰুষ দুজনাৰ বৰগীতবোৰ একশ্ৰেণীৰ ভক্তিমূলক আধ্যাত্মিক গীতো৷

একশৰণ নামধৰ্ম বা ভক্তিধৰ্ম অসমৰ জনসাধাৰণৰ মাজত জাগ্ৰত কৰিবলৈকে মহাপুৰুষ দুজনাই বিভিন্ন নাট, পদ, পুথি ৰচনাৰ উপৰি বিভিন্ন ভক্তিমূলক গীতো ৰচনা কৰিছিল৷ এইখিনিতে এটা কথা কোৱা দৰকাৰ যে মহাপুৰুষ দুজনাই অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন ভক্তিমূলক গীত ৰচিছিল যদিও তেওঁলোকে নিজেই এই গীতবোৰক বৰগীত আখ্যা দিয়া নাছিল৷ পৰৱৰ্তী কালত তেওঁলোকৰ ভক্ত শিষ্যসকলে এই গীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাবৰ ওপৰত প্ৰতিষ্ঠিত বুলি স্বীকৃতি দিবৰ বাবেই মহাপুৰুষ দুজনাৰ গীতবোৰক বৰগীত নামকৰণ কৰিলে আৰু তেতিয়াৰে পৰাই গুৰু দুজনাৰ গীতবোৰ বৰগীত নামে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল৷

অসমীয়া গীতি-সাহিত্যৰ বেদীত মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ ভূমিকা কেনে তালৈ দৃষ্টিপাত কৰাৰ সামান্য প্ৰয়াস এটা এই প্ৰবন্ধত কৰি চোৱা হৈছে৷

মাধৱদেৱে গুৰু শংকৰৰ আদেশ শিৰোগত কৰি বৰগীত ৰচনাত নিজকে নিয়োগ কৰিছিল৷ শংকৰদেৱ বৰগীতৰ স্ৰষ্টা যদিও মাধৱদেৱৰ হাততহে ই ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিছিল৷ অন্য কথাত, শংকৰদেৱ-সৃষ্ট বৰগীতৰ নিপুণ ৰূপদাতা হৈছে মাধৱদেৱ৷ চৰিত পুথিৰ মতে, মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচনা কৰিছিল৷ কিন্তু বৰ্তমানে প্ৰাপ্ত তথ্যমতে তেওঁৰ দ্বাৰা ৰচিত বৰগীতৰ সংখ্যা হৈছে এশ সাতাৱনটা৷

মাধৱদেৱৰ বৰগীতত প্ৰধানভাৱে দাস্য আৰু বাৎসল্য ...এই ভাব দুটি প্ৰৱাহিত হৈ থকা দেখিবলৈ পোৱা যায়৷ এই দুয়োটা ভাবৰ ভিতৰত বাৎসল্য ভাবে তেওঁৰ গীতত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷ শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং-বিৰঙৰ ছবি যেনে হাঁহি-কান্দোন, নাচ-গান, লগৰীয়াসকলৰ সৈতে কৰা বিভিন্ন খেল-ধেমালি, গৰু চৰোৱা, বাঁহী বজোৱা ইত্যাদিয়ে তেওঁৰ বৰগীতক আৱৰি ৰাখিছে৷ কৃষ্ণৰ এই শিশু ৰূপৰ আঁৰতে প্ৰৱাহিত হৈ আছে বাৎসল্য প্ৰেম৷ মাধৱদেৱৰ বৰগীতৰ এই বাৎসল্য প্ৰেমৰ জীৱন্ত চিত্ৰই বৰগীতক গীতি-সাহিত্যৰ আকাশত শাৰদীয় পূৰ্ণিমাৰ জোনটোৰ দৰে উজলাই ৰাখিছে৷

মাধৱদেৱৰ বৰগীতত বিভিন্ন ৰসৰ সমাৱেশ এটা দেখিবলৈ পোৱা যায়৷ তাৰ ভিতৰত কৰুণ, শৃংগাৰ, সখ্য, দাস্য, বাৎসল্য আৰু ভক্তিৰসৰ সমাহাৰ ঘটা দেখা যায়৷ এই ৰসসমূহৰ ভিতৰত বাৎসল্য ৰসেই তেওঁৰ বৰগীতৰ বেছিখিনি ঠাই আগুৰি আছে৷ এই সন্দৰ্ভত ডক্টৰ বাণীকান্ত কাকতিয়ে এইদৰে মন্তব্য আগ বঢ়াইছে ভাৰতীয় প্ৰদেশিক বৈষ্ণৱ সাহিত্যত এনে ধৰণৰ কবিতা অতি বিৰল৷ আন আন ৰস প্ৰকাশক গীতি-কবিতা আন আন সাহিত্যত বহুত আছে, কিন্তু বাৎসল্য ৰস প্ৰকাশক এনে ধৰণৰ গীতি-কবিতা নাই বুলিলেই হয়৷

মাধৱদেৱৰ বৰগীতত ৰসৰ উপৰি ছন্দ আৰু অলংকাৰৰ প্ৰয়োগো লক্ষ্য কৰিব পাৰি৷ ৰসৰ দৰে ছন্দ আৰু অলংকাৰেও মাধৱদেৱৰ বৰগীতক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ দুলড়ী, ছবি, পয়াৰ, মিত্ৰাক্ষৰ আৰু মাত্ৰাবৃত্ত ছন্দৰ প্ৰয়োগে তেওঁৰ বৰগীতক ছন্দসজ্জাৰ ফালৰ পৰা চহকী কৰি তুলিছে৷ ছন্দৰ উপৰি অনুপ্ৰাস, উপমা, ৰূপক ইত্যাদি শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ প্ৰয়োগে তেওঁৰ বৰগীতক এক সুকীয়া মাধুৰ্য প্ৰদান কৰিছে৷ উদাহৰণ হিচাপে অনুপ্ৰাস অলংকাৰ থকা এটি বৰগীতৰ কিছু অংশ তুলি ধৰা হ
দিৱস নযায় সুখে নযায় ৰজনী৷
চান্দ নন্দন মন্দ পৱন বৈৰাগী৷৷

মাধৱদেৱৰ বৰগীতৰ আন এটা দিশ হল ৰাগ নিৰ্দেশনা৷ তেওঁৰ বৰগীতত আশোৱাৰী, ভাটিয়ালী, ধনশ্ৰীকে আদি কৰি সাতাইশটা ৰাগৰ উল্লেখ পোৱা যায়৷ উদাহৰণ হিচাপে ভাটিয়ালী ৰাগত গোৱা এটি বৰগীতৰ অংশবিশেষ উল্লেখ কৰিব পাৰি
আলো মঞি কি কহবো দুখ৷
পৰাণ নিগৰে না দেখিয়া চান্দমুখ৷৷

বিষয়বস্তুৰ ফালৰ পৰা মাধৱদেৱ ৰচিত সমস্ত বৰগীতক কেইটামান ভাগত ভগাব পাৰি৷ সেইবোৰ এনে ধৰণৰ বিৰহ বিষয়ক গীত, বিৰক্তি বিষয়ক গীত, চোৰ-চাতুৰী বিষয়ক গীত, লীলা বিষয়ক গীত আৰু পৰমাৰ্থ বিষয়ক গীত৷ এই ভাগসমূহৰ বিষয়ে তলত থুলমূল ধাৰণা একোটা দিবলৈ যত্ন কৰা হৈছে৷

ক. বিৰহ বিষয়ক গীত : এই গীতত শ্ৰীকৃষ্ণৰ অনুপস্থিতিত মাতৃ যশোদা আৰু অন্যান্য গোপ-গোপীসকলৰ যি দুখ-বেদনা সেয়া সুন্দৰ ৰূপত চিত্ৰিত হৈছে৷ এইশ্ৰেণীৰ গীতবোৰ অতি চিত্তস্পৰ্শী আৰু কৰুণ৷ এই গীতৰ এটি উদাহৰণ
গোকুলে আজু গোপাল বিনে ভয়ো অন্দিয়াৰি৷
উগত দূৰ দূৰ গয়োৰে মূৰাৰি৷

খ. বিৰক্তি বিষয়ক গীত : বিৰক্তি বিষয়ক গীতবিলাকত সংসাৰৰ প্ৰতি অনাসক্তি প্ৰকাশ পাইছে৷ মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱন্তৰ ওচৰত কৰা আত্মসমৰ্পণ বিৰক্তি বিষয়ক গীতত দেখা যায়৷ এই প্ৰকাৰৰ গীতৰ এটি উদাহৰণ
সেহি তনু আপুন মানস ভাই৷
অন্তকালে সেহি সঙ্গহি নাযায়৷৷
সব বাটোৱাৰি সুহৃদ নাথ সেহি৷
ইহ পৰলোক হৰত বিত্ত সেহি৷৷
যত দেখো আৱৰ তনয় বিত্ত জায়া৷
আয়া গমন কাৰণ সব মায়া৷৷

গ. চোৰ-চাতুৰী বিষয়ক গীত : এই শ্ৰেণীৰ গীতসমূহত শিশু কৃষ্ণৰ বাল্যকালৰ ৰং-বিৰঙৰ ছবি মূৰ্ত হৈ উঠিছে৷ শিশু অৱস্থাত কৃষ্ণই গকুলৰ গোপীসকলৰ ঘৰত মনে মনে দৈ, মাখন আদি চুৰি কৰি খোৱা আৰু ছল-চাতুৰীৰে তাৰ পৰা পলায়ন কৰা ইত্যাদি বিভিন্ন চিত্ৰ পৰিস্ফুট হৈ উঠিছে৷ মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ ছল-চাতুৰীৰ যি বৰ্ণনা সেই সম্পৰ্কে মহেশ্বৰ নেওগে এইদৰে কৈছে বৰ্ণনা আমোদপ্ৰিয়, কবিৰ বিলাস মাত্ৰা নহয়৷ এই বৰ্ণনাৰ আঁৰত লুকাই আছে এক আধ্যাত্মিক জগত যাৰ জ্যোতিত প্ৰতিটি বৰ্ণনা হীৰাবুলীয়া নিয়ৰৰ দৰে বা সঞ্চাৰিণী দীপশিখাৰ দৰে ভাস্কৰ৷

ঘ. লীলা বিষয়ক গীত : এই শ্ৰেণীৰ গীতসমূহত শ্ৰীকৃষ্ণৰ নানা লীলা-খেলা চিত্ৰিত হৈ উঠিছে৷ মহাপুৰুষ মাধৱদেৱৰ লীলা বিষয়ক গীতক কেইটামান ভাগত ভগাব পাৰি৷ ভাগবোৰ হ জাগন বিষয়ক গীত, ছলন বিষয়ক গীত, চাৰণ বিষয়ক গীত, খেলন বিষয়ক গীত আৰু নৃত্য বিষয়ক গীত৷

জাগন বিষয়ক গীতসমূহত গৰু চৰোৱাৰ কাৰণে মাতৃ ষশোদাই শিশু-পুত্ৰ কৃষ্ণক টোপনিৰ পৰা জগোৱাৰ ছবি চিত্ৰিত হৈ উঠিছে৷ শিশু কৃষ্ণই সমনীয়াসকলৰ সৈতে দৈ, মাখন লৈ গৰু চৰাবলৈ যোৱা প্ৰতিচ্ছবি চলন বিষয়ক গীতে সামৰি লৈছে৷ গৰু চৰায় থাকোঁতে কৃষ্ণই সমনীয়াসকলৰ লগত যি গীত গাইছিল সেয়াই চাৰণ বিষয়ক গীত৷ খেলন বিষয়ক গীতত কৃষ্ণই লগৰীয়াসকলৰ সৈতে কৰা খেল-ধেমালিৰ মনোৰম বৰ্ণনা পোৱা যায়৷ আনহাতে গোকুলৰ গোপ-গোপীসকলৰ লগত কৰা নাচ-গানেই এনে গীতৰ মূল বিষয়বস্তু৷

লীলা বিষয়ক গীতৰ এটি উদাহৰণ তলত উল্লেখ কৰা হ
তেজৰে কমলাপতি পৰভাতে নিন্দ৷
তেৰি চান্দমুখ পেখোঁ উঠৰে গোবিন্দ৷৷

আন এটি উদাহৰণ
গোবিন্দ চলয়ে বৃন্দাবনে গোপশিশু সঙ্গে৷
বজায়ে মোহন বেণু ধেনু যায় ৰঙ্গে৷৷

ঙ. পৰমাৰ্থ বিষয়ক গীত : এই গীতসমূহত ভগৱত তত্ত্বৰ প্ৰকাশ ঘটা দেখা যায়৷ পৰমপুৰুষ ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাব এই শ্ৰেণীৰ গীতৰ প্ৰতিপাদ্য বিষয়৷ এই শ্ৰেণীৰ গীতৰ এটি উদাহৰণ
সকল নিগমে যাৰ মহিমা নাজানে৷
তাৰে গোপী যশোদা তনয় বুলি মানে৷
যাৰ সুমৰণে ভৱবন্ধ দূৰ হয়৷

আলোচনাৰ শেষত এটা কথা স্পষ্টভাৱে কব পাৰি যে সুৰ, ছন্দ, কাব্যৰস ...এই সকলোবোৰ মিলি মাধৱদেৱৰ বৰগীতক অনুপম সৌন্দৰ্য প্ৰদান কৰিছে৷ মাধৱদেৱৰ বৰগীতৰ সন্দৰ্ভত ডক্টৰ পৰীক্ষিত হাজৰিকই এইদৰে মন্তব্য আগ বঢ়াইছে বিষয়বস্তুৰ মনোৰম বাছনি, মিঠা লগা পৰিৱেশৰ সৃষ্টি, চিনাকি চিনাকি লগা চৰিত্ৰৰ সমাৱেশ, সিবিলাকৰ ভিতৰত শিশুৰ মুখত দিয়া ঠুনুক-ঠানাক মাত, বয়সীয়ালৰ গুৰুগম্ভীৰ স্বৰ, ৰাগ-তাল-মানৰ সমলয়, বাৎসল্য ৰস আৰু বৈষ্ণৱ ভকতক একান্ত দাস্য ভাবৰ মধুৰ মিশ্ৰণে মাধৱদেৱৰ বৰগীতসমূহক অতুলনীয় মাধুৰ্য দান কৰিছে৷

আলোচনাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে অসমীয়া গীতি-সাহিত্যৰ বেদীত মাধৱদেৱৰ বৰগীতৰ ভূমিকা অতুলনীয়৷ তেওঁৰ বৰগীতৰ মাজত এহাতে পৰমাৰ্থ তত্ত্বৰ গভীৰ আৱেদন আৰু আনহাতে কাব্যৰসৰ সুন্দৰ পৰিস্ফুৰণ ঘটিছে৷ মাধৱদেৱৰ বৰগীতসমূহত কবিগৰাকীৰ গভীৰ জীৱনবোধ, জীৱ জগত আৰু জড় জগতৰ মাজেদি সৃষ্টিৰ অপাৰ ৰহস্যৰ পম খেদি অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তৰ কৃপা লাভৰ প্ৰয়াস দেখা যায়৷অৱশেষত ইয়াকে কব পাৰি যে মাধৱদেৱৰ বৰগীতত ৰস, ছন্দ, অলংকাৰ ইত্যাদিকে আদি কৰি বিভিন্ন বৈশিষ্ট্যৰ সমাহাৰ ঘটিছে৷ অসমীয়া জনসাধাৰণৰ মাজত মাধৱদেৱৰ বৰগীতেযে এক বিশেষ স্থান অধিকাৰ কৰি আছে সেয়া সুস্পষ্ট ৰূপত কব পাৰি৷ সেয়ে মাধৱদেৱৰ বৰগীত অসমীয়া জনসাধাৰণৰ মাজত সদায় সজীৱ আৰু চিৰজীৱী হৈ থাকিব৷

সহায়ক গ্ৰন্থপঞ্জী
১. নেওগ, মহেশ্বৰ (সম্পা.) : স্বৰৰেখাত বৰগীত
২. শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
৩. হাজৰিকা, পৰীক্ষিত : সাহিত্যৰ জেউতি

৪. মহন্ত, বাপচন্দ্ৰ : প্ৰবন্ধ গানৰ পৰম্পৰাগত বৰগীত

Wednesday 29 October 2014

গাভাস্কাৰৰ চেলফ টক আৰু মোৰ 
এশ বিশ নট আউট...
(গল্প নহয়, সত্য)

সুনীল মনোহৰ গাভাস্কাৰ আছিল মোৰ প্ৰিয় ক্রিকেটাৰ৷ প্ৰিয় ক্ৰিকেটাৰেই নহয়, প্ৰিয় লোকো আছিল৷ তেওঁ লিখা আৰু ৰূপা এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা Sunny Days, Idols, One-Day Wonders এই কিতাপ তিনিখন ১৯৮৪-৮৬ৰ ভিতৰত কিনিছিলোঁ, পঢ়িছিলোঁ আৰু ব্যক্তিগত পুথিভঁৰালত আজিও অতি সযতনে ৰাখিছোঁ৷ গাভাস্কাৰক কেন্দ্ৰ কৰি আমাৰ মাজত সেই সময়ত এটা প্ৰবচনেই আছিল যে গাভাস্কাৰে দ্বিতীয় ইনিংছহে আচল খেলা দেখুৱায়৷ সঁচাকৈ, দ্বিতীয় ইনিংছত গাভাস্কাৰে চেন্সুৰী মাৰেই৷ আন ক্রিকেটাৰৰ সৈতে এইজন খেলুৱৈৰ আৰু এক ব্যতিক্রম এই আছিল যে গাভাস্কাৰে হেলমেট নিপিন্ধিছিল৷ ধুমুহা গতিৰ ব’লাৰবিলাকক তেনেকৈয়ে খেলি গৈছিল তেওঁ৷ সেই দুৰ্দান্ত মনঃসংযোগ, সেই ধৈৰ্য, সেই ঐকান্তিকতা আমাৰ বাবে আছিল কৌতূহলৰ বস্তু৷

এবাৰ এটা ইণ্টাৰভিউত এই মহান ক্রিকেটাৰগৰাকীক সোধা হৈছিল... ‘কেনেকৈ আপুনি ইমান দেৰিলৈকে আউট নোহোৱাকৈ ক্রীজত টিকি থাকে?’ গাভাস্কাৰে কৈছিল... ‘ব’লাৰজনে বলটো মোলৈ ঠিক থ্ৰ’ কৰাৰ আগ মুহূৰ্তত মই নিজকে নিজে এষাৰি বাক্য কওঁ৷ তাৰ পিছত বলটো ফে’চ কৰোঁ৷’ Self-talk বুলি ক’ব পৰা এই বাক্যশাৰী আছিল... This ball can not get me out. মানে, এই বলটোৱে মোক আউট কৰিব নোৱাৰে৷ সুনীল গাভাস্কাৰৰ এই টপ-চিক্রেট ক’ৰবাত পঢ়ি জনাৰ পিছত ময়ো নিজৰ জকাইচুকীয়া ক্রিকেটিং কেৰিয়াৰত ইয়াৰ প্ৰয়োগ তৎকালে কৰাত ধৰিলোঁ৷ ফলাফলো পালোঁ দেই৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি আউট নোহোৱাকৈ থকাত সতীৰ্থসকলে লেই-লেই ছেই-ছেইহে কৰিলেগৈ আৰু! উইকেট বিসৰ্জন দিয়াৰটো প্ৰশ্নই নাই৷ সম্পূৰ্ণ আবেলিটো নিজেইহে খেলি গ’লোঁ৷ ক্রীজত মৰ-কামোৰ নেৰা দেখি এটা সময়ত বাকীবোৰ অৱশ হৈ ফিল্ডৰ অ'ত-ত'ত বহি পৰিল৷ ব’লাৰ-ফিল্ডাৰৰ ইণ্টাৰেষ্ট নাইকিয়া হ’ল৷ সেইখন পুৰাণৰে এক অধ্যায় আজি মেলোঁ বুলি ভাবিছোঁ৷

ঠাণ্ডা দিনত ক্রিকেট, গৰম দিনত ফুটবল৷ আমাৰ খেল-সূচীখন দৰাচলতে তেনেকুৱাই আছিল৷ এই দুটা চিজনেল কাৰ্য আমাৰ৷ তাৰ ওপৰঞ্চি অন্যান্য খেলবোৰ যেনে ভলীবল, বেডমিণ্টন ইত্যাদিও চলে৷ আৰু আছে কতনা ইনড’ৰ-আউটড’ৰ৷ ইয়াত পিছে আমি খেলা চিংগল উইকেট ক্রিকেটৰ কথাহে ক’ম৷

লগৰীয়াৰ মাজত লটাৰী কৰি আমি ক্রিকেট খেলোঁ৷ পাৰ্টি ভগাই নহয়৷ দেওবাৰ হ’লে বা স্কুল বন্ধ থকাৰ দিনা ৰাতিপুৱাৰ পৰাই চুৰু হৈ যায়৷ পিটচৰ ওপৰতে এক, দুইকৈ কাঠী এডালেৰে বা আঙুলিৰ আগটোৰে লিখি সংখ্যাটোহঁতৰ মূৰত আঁচ একোডালকৈ বাহিৰলৈ টানি দি বেটখনেৰে সংখ্যাবোৰ ঢাকি ৰখা হয়৷ ‘হৈ গ’ল ঐ, আহি যা’ বুলি লটাৰী কৰাটোৱে মৰা চিঞৰটো শুনাৰ লগে লগে সংগীসকল যিয়ে য’ত নাথাকক, দৌৰি তাৰ ওচৰলৈ আহে৷ প্ৰত্যেকে একোডাল আঁচত নিজৰ আঙুলিটোহঁত দিয়ে৷ হেঁচা-ঠেলাৰ পৰা বাচিবলৈ কোনোবাই ষ্টাম্প এডালৰ আগটোৰেই নিজৰ পছন্দ অনুযায়ী দাগ এটা চুই থাকে৷ লটাৰী কৰাজনে লাহেকৈ বেটখন দাঙি তলেৰে চাই চাই এফালৰ পৰা ঘোষণা কৰি যায়, কোনে কি নম্বৰ পাইছে৷ সেয়াই বেটিং ক্ৰম৷ আনহাতে, কোনেও নধৰা, ৰৈ যোৱা সংখ্যাটো লটাৰী কৰোঁতাৰ নিজৰ৷ লটাৰী হৈ যোৱাৰ পিছত একৰ পৰা আৰম্ভ কৰি একাদিক্রমে বেটিং আৰম্ভ কৰা হয়৷ শেষৰ নম্বৰটোৰ ফালৰ পৰা এক অভাৰকৈ ব’লিং চলে৷ বাকীসকলৰ মাজত উইকেট কীপাৰ নিৰ্বাচন আৰু ফিল্ডিং সজাই লোৱা হয়৷ আউট হ’লে আউট৷ নতুনকৈ কোনোবা লগৰীয়া আহিলে চলি থকা শেষৰ নম্বৰটোৰ পিছত যোগ হ’ব৷ তেনেকৈয়ে এক ধৰণৰ ডিচিপ্লিনৰ মাজেৰে খেলটো চলে৷ খেলুৱৈৰ সংখ্যাৰ কথা নাই৷ ফিল্ডাৰেৰে ফিল্ডখন ভৰি পৰে৷ খেলত ভাগ নোলোৱা, বয়সত ডাঙৰ কোনোবা দুজন আম্পায়াৰিঙত থাকে৷ তেনেকুৱা চিংগল উইকেট খেলত নিজৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে৷ সকলোৰে সেই ভিন ভিন জাতৰ ব’লিং এফালৰ পৰা খেলা হোৱাৰ পিছত পিছৰ নম্বৰৰজনক সসন্মানে বেটিং এৰি দিব পাৰি অৰ্থাৎ ডিক্লে’য়াৰ কৰিবও পাৰে৷ নতুবা খেলি থাকিবও পাৰে৷ সেয়া নিজৰ মন-মৰ্জিৰ কথা৷ বাকী নিয়ম-কাৰণ ক্ৰিকেটত যেনে হয় তেনেই৷

গাভাস্কাৰৰ 'চেলফ টক ফৰ্মূলা' এপ্লাই কৰি এদিন মই ১২০ৰাণ কৰিবলৈ সক্ষম হৈছিলোঁ৷ এইখিনি কৰোঁতে কেইটা বাউণ্ডেৰী মাৰিলোঁ, কেইটা ছিক্সাৰ মাৰিলোঁ, দুই ৰাণ কিমান ল’লোঁ, চিংগল কিমান ল’লোঁ সকলোবোৰ পিছত লিখি থৈছিলোঁ৷ মনত পৰে, সিদিনা চেন্সুৰীটো হওঁতে সংগীসকলৰ মুখবোৰ চাবলগীয়া হৈছিল৷ কাৰণ সেইটোৱেই আছিল আমাৰ ফিল্ডত হায়েষ্ট! আউট নোহোৱাকৈয়ে গোটেই আবেলিটো পাৰ কৰি দিলোঁ৷ অকলেই খেলি থকাত স্বাভাৱিকতে বাকীসকলৰ মনোযোগ ক্রমাৎ হ্ৰাস পাব ধৰিলে৷ ই আউট নহয়হে নহয়! হয়োতো, কিমাননো বল কৰিব, দৌৰি দৌৰি বল আনিব? বেট ধৰাৰহে ধাণ্ডা বেছি থাকে, সেই বয়সত৷

এতিয়াও কেতিয়াবা ক’ৰবাত ক্রিকেট বেটখন হাতত তুলি ল’লেই সিমূৰে যিয়েই বল নকৰক, গাভাস্কাৰৰ মুখৰ এই বাক্যফাকি আপোনা-আপুনি মোৰ মনলৈ আহি যায়৷ This ball can not get me out. ক্রিকেট খেলি ভালপোৱাসকলে এই মহামন্ত্ৰ নিজৰ নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰি সত্যাসত্য চাব পাৰে৷ পিছে কেৱল উচ্চাৰণ কৰিলেই নহ'ব, বাকী অনেক কিছু লগতে লাগিব৷ এই প’ষ্টৰ উদ্দেশ্যও আচলতে চেলফ কনফিডেন্সৰ এই বুদ্ধিটো আনক জনোৱাহে যাতে আনেও টিকি থাকিব পাৰে, চেন্সুৰী মাৰিব পাৰে, ঠিক সুনীল মনোহৰ গাভাস্কাৰৰ দৰে৷












Tuesday 28 October 2014

ভদ্ৰলোকৰ খেল ক্রিকেট...
(গল্প নহয়, সত্য)


স্প’ৰ্টচ ৱৰ্ল্ড, স্প’ৰ্টচ ষ্টাৰ, স্প’ৰ্টচ ৱিক৷ অভিৰুচি, ষ্টেডিয়াম, ক্রীড়াংগন, খেলা, খেলার আসর... আৰু কি কি আলোচনী আছিল মনত পেলাইছোঁ৷ সেইবোৰ নিয়মীয়াভাৱে পঢ়া আৰু ছবি চোৱাৰ উপৰি দৈনিক বাতৰি কাকত, বিস্ময়, ত্ৰিশূল ইত্যাদিৰ খেলৰ পৃষ্ঠাবোৰ খুব আকৰ্ষণৰ থলী আছিল৷ একেদৰে ৰেডিঅ’ৰ খেল সমাচাৰ, স্প’ৰ্টচ ৰাউণ্ড আপ৷ কেৱল মোৰেই নহয়, খেল ভাল পোৱা সকলোৰে৷ এটা বয়সত সেইবোৰেই আমাক মানসিক খাদ্য যোগাইছিল৷ টেলিভিচন তেতিয়া নাছিল৷

খেল বুলিলে বুলিবৰ নাই৷ স্বভাৱটো এতিয়াও পিছে নগ’ল৷ তেনেকুৱা দিনতে কোনোবা এখন আলোচনীৰ পৃষ্ঠাত এবাৰ পঢ়িবলৈ পাইছিলোঁ ‘মহান খেলুৱৈৰ মজাৰ কাহিনী’৷ তাৰে এটা সত্য কাহিনীত উল্লেখ থকা প্ৰতিদ্বন্দ্বী দেশ দুখনৰ নাম, খেলখনৰ স্থান, সময়, প্ৰতিযোগিতাখন, আনকি ক্রিকেটাৰজনৰ নাম পৰ্যন্ত মোৰ এই মুহূৰ্তত অকণোৱেই মনত নাই যদিও কাহিনীটোৰ কিছু কথা আজিও হ’লে ভালকৈ মনত আছে৷ কিয়নো তাৰ পৰাই পিছলৈ ময়ো কিবা অকণমান বিচাৰি পাইছিলোঁ৷ এই লেখাটি আচল দিশত আগ বঢ়াৰ আগতে সেইখণ্ড কৈ ল’ব লাগিব৷

দুখন দেশৰ মাজত ক্রিকেট মেচ এখন চলিছে৷ এটা পক্ষই বেটিং কৰি আছে৷ আনটোৱে ফিল্ডিং৷ ষ্ট্ৰাইকিং এ’ণ্ড লৈ থকা প্লেয়াৰজনে ভাল খেলি আছে৷ আগৰ বলটোত চাৰি এটা মাৰিলে৷ তাৰ পিছৰ বলটো হঠাৎ অফ ষ্টাম্পলৈ উঠি আহিল৷ বলটোৱে বেটচমেনৰ গ্লোভচত কোমলকৈ চুমা এটা খাই বিপক্ষৰ উইকেট ৰক্ষকৰ দুহাতৰ চেপত সোমালগৈ৷ উইকেট কীপাৰজনে আপীল এটা কৰিলে... হাউজ ডেট৷ পিছে আম্পায়াৰ নিৰ্বিকাৰ৷ আচলতে শব্দটো ইমানেই অনুচ্চ আছিল যে বেটচমেনজনৰ বাহিৰে উইকেট কীপাৰেও ভালকৈ শুনা পালে কি নাপালে৷ বাকীসকলেতো ধৰিবই নোৱাৰিলে, কি ঘটি গ’ল৷ ইফালে তেতিয়াৰ দিনত আজিৰ দৰে লগে লগে ৰিপ্লে’ চাব পৰাকৈ টেকন’ল’জী ডেভেলপ হোৱাই নাই৷ গতিকে বেটচমেন নট আউট৷

তাৰ পিছৰ কথাখিনি মন কৰিবলগীয়া৷

সেইটো অভাৰতে ষ্টাম্পলৈ অহা পোন চাই বল এটা বেটচমেনজনে নেখেলি ষ্টাম্পত লাগিবলৈ স্বেচ্ছাই এৰি দিলে৷ স্বাভাৱিকতে বলটোৱে খুঁটি ওফৰাই লৈ গ’ল৷ ক্লিন ব’ল্ড! এইবাৰ আম্পায়াৰৰ তৰ্জনী লগে লগে আকাশৰ দিশে উঠিল৷ চকুৰ সন্মুখত ঘটি যোৱা কাণ্ডটোত আচৰিত হ’ল খেল চাই থকা সতীৰ্থসকল৷ পিছত পেভেলিয়নত খেলুৱৈজনক সুধিলে... ইমান সহজ আৰু পোন বল এটাত তেওঁ কেনেকৈ আউট হ’বলৈ পালে? তেওঁ কিয় কোনো ষ্ট্ৰ’ক আগ নবঢ়ালে? তেতিয়া বেটচমেনজনে ক’লে... আচলতে আগৰ বলটোতে মই আউট আছিলোঁ৷ বলটোৱে মোৰ গ্লোভচ স্পৰ্শ কৰিছিল৷ উইকেট কীপাৰে কেচো ধৰিছিল, আপীলো কৰিছিল৷ কিন্তু আউট নিদিলে৷

আনৰ কথা নাজানো, এই সত্য কাহিনীটোৱে কিন্তু মোক এসময়ত গভীৰভাৱেই প্ৰভাৱিত কৰিছিল৷ কেনেকৈ প্ৰভাৱিত কৰিছিল, তাকে ক’বলৈকে ইমানখিনি পাতনি পঢ়ুৱাবলগীয়া হ’ল৷ আমাৰ জকাইচুকীয়া ক্ৰিকেট ৱৰ্ল্ডৰ ঘটনাটো এনেকুৱা...

জয়ছিং দলৈ সোঁৱৰণী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম বছৰ৷ ডিফু ষ্টেডিয়াম খেলপথাৰ৷ অসমী ক্লাব আৰু জৈন ক্লাবৰ মাজৰ কোৱাৰ্টাৰ ফাইনেল খেল চলিছে৷ আমাৰ অসমী ক্লাবৰ মই অ’পেনাৰ৷ ইতিমধ্যে আমাৰ দুটা উইকেট পৰিছে৷ আগৰ বলটোত মিড উইকেটত বাউণ্ডেৰী কোবালোঁ৷ পঁচিশ ৰাণ কৰি খেলি আছোঁ৷ অধিকসংখ্যক পঞ্জাৱী ডেকাৰে গঠিত প্ৰতিদ্বন্দ্বী দলটোৰ ব’লাৰ বুলুৱে ইনড’ৰ ষ্টেডিয়াম এ’ণ্ডৰ পৰা মোলৈ বলিং কৰি আছে৷ মিডিয়াম পে’চাৰ বুলুৰ হাতৰ মুঠিৰ পৰা ওলাই অহা পিছৰ বলটো ক্রীজত পৰিয়ে চিধাই উঠি আহিল৷ ডিফেন্সিভ কৌশলেৰে প্ৰতিহত কৰিবলৈ চালোঁ৷ চিৰিককৈ এটা তেনেই সৰু শব্দ হ’ল৷ বাওঁহাতৰ গ্লোভচত সামান্য চুই সিহঁতৰ উইকেট কীপাৰৰ হাত পালেগৈ বল৷ সিও নিয়মমাফিক চিঞৰি উঠিল... হাউজ ডেট৷ কিন্তু আম্পায়াৰৰ কোনো ক্রিয়া-প্ৰতিক্রিয়া দেখা পোৱা নগ’ল৷ সোঁ-বাওঁ, বাওঁ-সোঁ কৰি মূৰহে জোকাৰিলে৷ লে’গ আম্পায়াৰো নীৰৱ৷ মই নট আউট৷ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ কাহিনীটো মোৰ তেতিয়াই আকৌ মনলৈ আহিল৷ ষ্টাম্প উদ্দেশ্যি অহা বল এটালৈ বাট চাই থাকিলোঁ৷ তেনেকুৱা সুবিধাজনক বল এটা অহাত ষ্টেনচৰ পৰা আস্তেকৈ আঁতৰি দিলোঁ৷ বলটোৱে মোৰ মিডল ষ্টাম্প পেলাই দিলে৷ সতীৰ্থৰ লগতে উইকেটৰ পিছৰ পৰা আনন্দত চিঞৰি দৌৰি আহি উইকেট কীপাৰে বেইল দুডাল বুটলাত লাগিল৷ পঁচিশ ৰাণত মই ক্লিন ব’ল্ড৷ এছ.এছ. বেটখন কাষলতিৰ তলত সুমুৱাই গ্লোভচযোৰ খুলি খুলি আমাৰ টীমৰ প্লে’য়াৰবোৰ বহি থকাৰ পিনে ধীৰে ধীৰে খোজ ল’লোঁ৷ কোনোবাই পিছত সুধিলে... ‘ঐ, ইমান চিধা বলটোত তই আউট হ’লিযে! সেইটোতো আউট হ’বলগীয়া বল নাছিল৷ খেলিব লাগিছিল৷ ৰৈ দিলি কিয়?’ লাহেকৈ উত্তৰ দিলোঁ... ‘আচলতে আগৰ বলটোতে মই আউট আছিলোঁ৷ আম্পায়াৰেহে দিয়া নাছিল৷’

তাহানিতে পঢ়িবলৈ পোৱা, লেখাটোৰ আৰম্ভণিতেই কৈ লোৱা সত্য কাহিনীটো আন কোনোবাই জানিছিলনে নাই নাজানো৷ মই কিন্তু পঢ়িছিলোঁ আৰু জানিছিলোঁ৷ সেয়ে প্ৰভাৱিত হৈছিলোঁ৷ শুনাত আচৰিত যেন লাগিলেও, কাকতালীয়ভাৱে, একে ঘটনাই ঘটি গৈছিল মোৰ ক্ষেত্ৰতো৷ আম্পায়াৰৰ কৃপাত লাইফ পাই সিদিনা উধাই-মুধাই পিটি খেলি যাব পাৰিলোঁহেঁতেন যদিও নিজকে ফাকি দিব নোৱাৰিলোঁ৷ ভদ্ৰলোকৰ খেল ভদ্ৰলোকৰ দৰেই খেলিব লাগে বুলি কথা এষাৰযে আছে৷

নিজৰ পৰিণতি যিয়েই নহওক, সেই কোৱাৰ্টাৰ ফাইনেল খেলখনত অৱশ্যে আমিয়েই জিকিছিলোঁ৷ ফিল্ডিঙৰ সময়ত দুটা কেচো ধৰিলোঁ৷ তাৰো আগ বাঢ়ি প্ৰতিযোগিতাখনত আমি সেইবাৰ চেম্পিয়ন হৈছিলোঁ৷ ডিষ্ট্ৰিক্ট খেলা চিনিয়’ৰ প্লে’য়াৰেৰে গঠিত শক্তিশালী ৱ’জাৰু ক্লাৱক আমি ফাইনেলত হৰুৱাইছিলোঁ৷ দুৰ্দান্ত প্ৰদৰ্শনেৰে লাভ কৰা বিজয়ত অসমী ক্লাবৰ সমৰ্থকসকলে প্ৰচুৰ আনন্দ কৰিছিল৷ খেল জিকাৰ উলাহত প্লে’য়াৰবিলাকক ফিল্ডৰ পৰা দাঙি দাঙি বাহিৰলৈ লৈ যোৱা, গোটেই পালকে নি হিমালয় হোটেলত যাৰ যি মন যায় ইচ্ছামতে খুওৱা, আমি সদায় খেলা এল.পি. স্কুলৰ ফিল্ডখন ট্ৰফীসহ সমদল কৰি গৈ পাওঁতে প্ৰায় আন্ধাৰ হ’ব ধৰা সত্ত্বেও বজাৰৰ ফটো ষ্টুডিঅ’ৰ পৰা ফটোগ্ৰাফাৰ লৈ গৈ স্কুলঘৰটোৰ সন্মুখত ট্ৰফীটোৰে সৈতে ফটো তোলা (সেই ফটো আজিও আছে)... ক্রিকেট বুলিলে কাহানিও পাহৰিব নোৱাৰা মিঠা অভিজ্ঞতা আৰু মধুৰ স্মৃতি হৈ তেনেকুৱা মুহূৰ্তবোৰ আমাৰ জীৱনলৈ ৰৈ গ’ল৷

Monday 27 October 2014

আমাৰ চুপাৰ ষ্টাৰ আছিল ৰমিন চাংমা...
(গল্প নহয়, সত্য)


ৰাছিয়ান বল! হয়, সেই ধৰণৰ ফুটবলক আমি তেতিয়া ৰাছিয়ান বল বুলিয়েই কৈছিলোঁ৷ ৰাছিয়ান বল বুলিলেই ৰমিনৰ কথা আহি যায়৷ তাৰ নীলা-বগা, নাম্বাৰ ফৰ লিখা বলটোলৈ মনত পৰে৷ দেওবৰীয়া বিয়লি গীৰ্জা শেষ কৰি থানা ৰডেৰে বলটো ৰাস্তাত এবাৰ ড্ৰপ কৰি, এবাৰ হাতেৰে ধৰি ৰমিন অকলে অকলে ফিল্ডলৈ আহি থকাৰ দৃশ্যটো চকুৰ আগত ভাহে৷

আমি পঢ়া ডিফু টাউন প্ৰাইমেৰী স্কুলৰ সন্মুখৰ স্কুলফিল্ড বোলা, ফুটবল খেলৰ বাবে কোনো জোখত নপৰা সৰু ঠাইডোখৰতে নিতৌ চলে আমাৰ অনুশীলন৷ আবেলি হলেই প্ৰাণ পাই উঠে এই ফিল্ডখনে৷ ফিল্ডনো কি বুলিব? এফালে পি.ডব্লিউ.ডি. মেকানিকেলৰ ট্ৰাকত ৰোলাৰ, বুলডজাৰ আদি উঠোৱা-নমোৱা চলে৷ শিল ভঙা মেছিন, দলং সজা যন্ত্ৰপাতি তাৰে এদাঁতিত দীৰ্ঘদিনলৈ পেলায়ো থয়৷ ফলত প্ৰচুৰ অসুবিধা হয়৷ সেইবোৰত বগাই দৌৰাদৌৰি খেলোঁতে আকৌ কাৰোবাৰ মূৰ ফাটে, তেজ বিৰিঙে৷ সিফালে দীঘলীয়াকৈ স্কুলঘৰটো৷ ফিল্ডৰ দুটা চাইডে চাৰিআলিত সংযোগ হোৱা পকা ৰাস্তা৷ ৰাস্তা ঠেক আৰু গাড়ীৰ সংখ্যা সেই সময়ত কম আছিল যদিও পথলৈ ওলাই অহা বল কাঠৰ কুণ্ডা কঢ়িওৱা শক্তিমান ট্ৰাকৰ তলত সোমায়গৈ৷ ভাগ্য ভাল থাকিলে বাচে৷ আৰু দিন বেয়া হ’লে, বলে গাড়ীৰ তলত অলপ সময় ইফাল-সিফাল কৰি... ধুম৷ যেন বুকুখনহে ফাটে! লগে লগে উপস্থিত সকলোৰে হৈ-চৈ... ঐ গাড়ী ৰখা, গাড়ী ৰখা, ধৰ-ধৰ৷ পোনেই ড্ৰাইভাৰক পাকৰাও কৰোঁগৈ৷ অশুভ কিবা ঘটাৰ আশংকাত প্ৰাণ লৈ ড্ৰাইভাৰে পলাবৰ চেষ্টা কৰে৷ বলৰ দাম দিব লাগিব৷ অঁ এতিয়াই৷ ড্ৰাইভাৰৰ লগত কথা কটাকটি লাগি যায়৷ দিয়ে কৰ পৰানো বেচেৰাই! সেই বয়স সেইবোৰ একো নুবুজাৰ বয়স আমাৰ৷ ইফালে সিদিনালৈ খেলখনো স্তব্ধ৷ আবেলিটোৱে গতি লৈছিলহে মাত্ৰ! বল ফাটি যোৱাত মনবোৰো বিষণ্ণতাই বেয়াকৈ আৱৰি ধৰে৷ আন্ধাৰ নোহোৱা পৰ্যন্ত নিবনুৱা হৈ পৰোঁ আমি৷ চেঁচা, অকামিলা হৈ পৰে আমাৰ ফিল্ডখন৷ তাতে বহি লৈ বাগৰি-জুগৰি থাকোঁ৷ চবেই মিলি পইছা-পাই তুলি পিছদিনা আবেলিলৈ নতুবা তাৰ পিছদিনাখনলৈ বল এটা যেনেতেনে যোগাৰ কৰাৰ পৰিকল্পনা কৰোঁ৷ ছচিয়েল ৱেলফেয়াৰ অফিচলৈ বল বিচাৰি দৰ্খাস্ত দিয়াৰো আইডিয়া ওলায়৷ সুবোধ ৰয়ৰ দোকানত হাজিৰ হওঁগৈ৷ যিয়েই নঘটক, খেল মুঠতে এৰিব নোৱাৰি৷ আবেলিটো একো নেখেলাকৈ এনেয়ে থাকিম ...সেইটোযে কোনোমতে ভাবিবকে নোৱাৰি৷

আমাৰ আই-মাতৃৰ কৃপাত ঘৰতো ফুটবল এটা থাকেই৷ পিছে অফিচলৈ যাওঁতে এটা কোঠাত সদায় তলা মাৰি থৈ যায়৷ বলটো তাতে সুমুৱাই ৰখা হয়৷ আবেলি স্কুলৰ পৰা আহি পাই, কিবা এটা খাই ৰৈ থাকোঁ মা বা দেউতা অহালৈ৷ নহালৈকে মনত উচপিচনি, মুখত নাই হাঁহি৷ দেৰি কৰিলেতো হলেই আৰু৷ বুকুৰ বিষ আৰম্ভ হৈ যায়৷ আনহাতে সোনকালে আহি পালে কিৰীলি৷ অদূৰৰ টাৰ্নিংটোত ছঁয়া-ময়াকৈ দেখা পোৱা মাত্ৰকে চেকুৰ লগাওঁ৷ চাবিটো আনো৷ তলাটো খোলোঁ৷ বলটো বুটলি কাষলতিৰ চেপাত লওঁ৷ লগে লগে ঢাপলি মেলোঁ, ফিল্ডলৈ৷ পাৰ্টি ভগাই বলৰ পিছত দৌৰিবলৈ লাগি যাওঁ৷ আমাৰ খেলত গল কিমান হয় কওঁ? চৌবিশ, বাইশ, বিশ! কোনোবাই সোধে... কেইগল-কেইগল চলি আছে?’ ‘চৌবিশ-ওঠৰ৷” …উত্তৰ৷ এটা দলত কিমানজনে খেলিব তাৰো নিৰ্দিষ্টতা নাই৷ আহি থাকে, সোমাই থাকে৷ ইফালে এজন, সিফালে এজনকৈ৷ ফিল্ড ভৰি যায়৷

পুলিচ ৰিজাৰ্ভৰ লগত আমাৰ বাজি খেল হয়৷ বিশ টকা-বিশ টকা৷ আমি এটকা-দুটকাকৈ দি বিশটা টকা হেঁপাহেৰে জমা কৰোঁ৷ খেলখন দেওবাৰে পৰিলে বিপক্ষৰ ভাল৷ কাৰণ দেওবাৰে আবেলি ৰমিনৰ গীৰ্জা থাকে৷ ৰমিন মানে সেই নীলা-বগা ৰাছিয়ান ফুটবলটোৰ গৰাকীৰ কথাই কৈছোঁ৷ বলটো তাক সম্বন্ধীয় ভিনিয়েক ভিক্টৰ চাংমাই উপহাৰ দিয়া হেনো৷ হলেওনো কি হব, গীৰ্জাৰ ঘণ্টা বজোৱাৰ পৰা আৰম্ভ কৰি ঢেৰ কাম কৰিব লগা থাকে তাৰ৷ গতিকে আহি পাওঁতে পলম হয়৷ বুদ্ধি কৰি খেলখন সিদিনা দেৰিকৈ আৰম্ভ কৰিবলৈ কূটনীতি ৰচনা কৰিবলগীয়া হয় পি.ডব্লিউ.ডি.য়ে৷ পিছে পুলিচ ৰিজাৰ্ভেও নেৰে৷ জলদি জলদি খেলিব লাগে৷ সিহঁতৰ লেচিং বলটোৰেই খেল আৰম্ভ হৈ যায়৷ ৰমিনবিহীন পি.ডব্লিউ.ডি.য়ে ইতিমধ্যে গল খাই যায়৷ দুৰ্গ চম্ভালি থাকে কোনোমতে৷ খেলখন পুলিচ ৰিজাৰ্ভৰ কমল, তোষেশ্বৰ, মণিৰাম, আচুম, মঙলছিং, আবুথেন, তম্বাহঁতৰ পজেচনত থাকে৷ পিছে গীৰ্জা সামৰি নীলা-বগা চাৰি নম্বৰ ৰাছিয়ান বলটো হাতত লৈ থানাৰ ৰাস্তাৰে যেই ৰমিনক আহি থকা দেখা পোৱা গল, পি.ডব্লিউ.ডি.ক আৰু পায় কোনে? ৰমিন সোমাল মাত্ৰক খেলখনৰ ৰূপেই সলনি হৈ যায়৷ সংঘবদ্ধভাৱে জপটিয়াই পৰে পি.ডব্লিউ.ডি.৷ দুভৰিৰ যাদুৰে ৰমিনে পুলিচ ৰিজাৰ্ভক নচুৱায় মাৰে৷ গল ঘূৰায়, গল সুমুৱায়৷ অন্তত জয়লাভ আমাৰ৷ কমল, আচুমহঁতৰ মুখবোৰ কলা পৰে৷ সিহঁতৰ আশাত চেঁচাপানী ঢালি জয় আজুৰি আনো আমি৷ কোনোবা এটাৰ হাতত খেলৰ আগতেই জমা দি থোৱা সিহঁতৰ বিশ টকাটো লগে লগে আমাৰ হৈ যায়৷ ইমান সময়ে পকেটৰ ভাঁজত থাকি থাকি ঘামত আধা তিতা হোৱা বিশ টকাটোৰ জাপটো আলফুলে মেলি মেলি উলাহত ফাটি পৰোঁ আমি... হিপ হিপ হুৰৰে কৈ৷


হয়তো মনত আছে, হয়তো মনত নাই বহুতৰে৷ সেই ৰমিন চাংমাই চাব-জুনিয়ৰ কাৰবি আংলং আৰু তাৰ পিছত চাব-জুনিয়ৰ অসম দলত খেলাৰ উপৰি ভাৰতীয় যুৱ ফুটবল দলক প্ৰতিনিধিত্ব কৰি ১৯৮৩চনতে দক্ষিণ কোৰিয়াৰ চিউলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিছিলগৈ৷ পিছত সি গুৱাহাটীৰ নৱজ্যোতি ক্লাবত খেলিলেগৈ৷ ক্রীড়াংগনত অৰিহণা যোগোৱা ৰমিন চাংমা আমাৰ ডিফু গভৰ্ণমেণ্ট বয়জ হাইস্কুল টীমৰো আছিল নয়নৰ মণি৷ ভাৰতীয় স্কুল দলতো সি স্থান পাইছিল৷ ৰমিনৰ কথা ওলালে সেই সময়ৰ চকুত পৰা ফুটবলাৰ ৰুডিল চাংমা, ভিনচেণ্ট চাংমা আৰু এসময়ত গুৱাহাটী টাউন ক্লাবৰ হৈ খেলা ভিক্টৰ চাংমালৈ মনত পৰে৷ তেওঁলোকৰ এজনো আজি ইহ-সংসাৰত নাই৷ ৰমিনৰো শৰীৰ অসুস্থ৷ খেলপথাৰত তেওঁলোকে সজাই থৈ যোৱা অতীতৰ সোণালী মুহূৰ্তবোৰ কিন্তু ‘ফুটবল’ শব্দটো উচ্চাৰণ কৰিলেই আজিও চকুৰ আগত জলজল-পটপটকৈ ভাহি উঠে৷ তাৰেই সামান্য স্মৃতিচাৰণ এয়া৷




Sunday 26 October 2014

সাত শিলগুটিৰ 'লালে-লাল' খেল...
(গল্প নহয়, সত্য)


খেলবিধৰ কেইবাটাও নাম শুনিছিলোঁ৷ চেভেন ষ্টনচ, চেভেন স্তপ, স্তপ খেল৷ সাতটা শিলগুটি হেতুকে চেভেন৷ সেইটো তেতিয়াই নুবুজাকৈ নাছিলোঁ নিশ্চয়৷ বাকী ষ্টনচ, স্তপ... মুখত যি আহে তাৰেই চলি গৈছিল৷ কোনো কথা নাই৷ খেলিব পৰাটোহে আচল৷ বিশ্লেষণ কৰি চোৱাৰ বয়স তেতিয়া অৱশ্যে হোৱাই নাছিল৷ আনহাতে, নিচান কিন্তু ঠিক লাগে দেই ইয়াত৷ হাত পোন খেলোৱাৰৰ কদৰেই বেলেগ৷

খেলটো খেলিবলৈ সৰু জোখৰ ৰবৰৰ বল এটা যোগাৰ কৰিব পাৰিলেই হল৷ বাকী শিলগুটি সাতোটা যতে-ততে এভেইলেবল৷ দুটা দলৰ মাজত সমান সমান হিচাপত পাৰ্টি ভগাই লোৱা হয়৷ খেলুৱৈৰ সংখ্যাটিৰো কোনো নিৰ্ধাৰিত বা ধৰাবন্ধা কথা নাছিল আমাৰ৷ আহি থাকে, সোমাই থাকে, তেনেকুৱা৷

সাতোটা শিলগুটি ইটোৰ ওপৰত সিটো পাতি থিয়কৈ সজোৱা হয়, স্তম্ভৰ দৰে৷ সেইকেইটা এনেকুৱা হব লাগে যাতে একদম সমান বা চেপেটা নহয়৷ একেবাৰে সহজ নহৈ সেইকেইটা পাতিবলৈ যাতে কিছু সময় লাগে, কিছু ধৈৰ্য লাগে, বেলেন্স মিচ হলেই যাতে আকৌ খহি পৰে... তেনেকুৱাকৈ বিচাৰি উলিওৱা হয়৷ তেতিয়া খেলটো জমে৷ মুকলি ঠাই হলে খেলিবলৈ ভাল৷ নহলে বল হেৰোৱাৰ আশংকা থাকে৷ পছন্দৰ শিলগুটিকেইটা বিচাৰি ৰাস্তা নিৰ্মাণ কৰিবলৈ কাষত পেলাই থোৱা ষ্টেক বিলাক তেতিয়া আমি মহতিয়াই ফুৰাৰ চিত্ৰ মানস-পটত আজিও ভাহে৷

পাৰ্টি ভগাই লোৱাৰ পিছত প্ৰথমে টচ কৰা হয়৷ টচত জিকা পক্ষৰ এজন এজনকৈ আহি বলটো আগতীয়াকৈ সজাই ৰখা শিলগুটিৰ দমটোলৈ এইম কৰি ভাঙিবৰ উদ্দেশ্যে মাৰে৷ সহজে ভাঙিব নোৱাৰা দূৰত্বত মাটিত আঁচ এডাল টানি বা চেণ্ডেলবোৰকে লাইন পাতি থৈ তাৰ পৰাই বলটো দলিওৱা হয়৷ বিপৰীত পক্ষৰ এজনে দমটোৰ পিছফালে থিয় হৈ উইকেট কীপাৰৰ দৰে বল ধৰা কাম কৰে৷ প্ৰতিপক্ষৰ এজনে মাৰোঁতে স্তম্ভটো যদিহে নাভাগিল আৰু উইকেট কীপাৰজনে যদিহে একেটা ড্ৰপতে বলটো ধৰি পেলালে, তেনেহলে তেওঁ আৰু মৰাৰ সুযোগ নাপায়৷ ধৰিব নোৱাৰিলে কিন্তু আকৌ পায়৷ মুঠতে তিনিবাৰলৈকে সুযোগ পায়৷ সেইদৰে, এজনৰ মাৰত চেভেন ষ্টনচ ভাগি গৈও যদি বলটো মাটিত পৰাৰ আগতে বিপক্ষৰ কোনোবা খেলুৱৈয়ে কেচ ধৰাদি ধৰি লয়, তেন্তে মৰাজন বাহিৰ৷ তই মৰিলি বুলি কোৱাৰ পিছত কৰিবলৈ একো নাই হৈ সিও এফালে চুপচাপ বহি থাকেগৈ৷ সেইবাৰ আৰু খেলিবলৈ নাপায়৷

এটা পক্ষৰ এজনেও ভাঙিব নোৱাৰিলে প্ৰতিপক্ষৰ মৰাৰ পাল পৰে৷ বল মাৰিবলৈ লোৱা দলৰ এজনে শিলগুটিৰ দমটোক এইম কৰি দলিয়াবলৈ উদ্যত হয়৷ দলৰ বাকীসকলে ইফালে-সিফালে সুবিধা বুজি পজিচন লয় যাতে পলাই সাৰিব পাৰি৷ সেইদৰে বিপক্ষ দলৰ এজনে দমটোৰ পিছফালে উইকেট কীপিঙত অৱস্থান কৰাৰ সময়তে অন্যসকলে চেগ বুজি ইফালে-সিফালে অৱস্থান কৰে যাতে নিজৰ মাজত বল পাছ কৰি সিহঁতক ফান্দত পেলাব পাৰি৷ 

শিলগুটিৰ দমটো ভাঙিব পাৰিলেই খেল চুৰু৷ দৌৰা-ঢপৰা আৰম্ভ হৈ যায়৷ ভাঙি পেলোৱা দলটোৰ খেলুৱৈসকলৰ কোনোবাই পাতিবলৈ যত্ন কৰে৷ কোনোবাই গাৰ্ড দিয়ে৷ তেওঁলোকে সাজি অন্ত কৰাৰ আগতেই সিটো দলে প্ৰতিজনকে মাৰিব লাগিব৷ সকলোকে মাৰি শেষ কৰাৰ আগেয়ে শিলগুটি সাতোটা পাতিব পাৰিলে ভঙা দলৰ জয়৷ নৌপাতোঁতেই গোটোইকেইটাকে মাৰিব পাৰিলে আনটো দলৰ জয়৷ ইয়াৰ বাবে তেওঁলোকে নিজৰ ভিতৰতে ইজনৰ পৰা সিজনলৈ বল দলিয়াই পাছ দিয়ে৷ সুযোগ বুজি প্ৰতিপক্ষৰ খেলুৱৈৰ গালৈ মাৰে৷ স্তপ বুলি কলে খেদি আহিব নোৱাৰিব৷ যতে আছে ততে ৰৈ তাৰ পৰাই মাৰিব লাগিব৷ জেগা-স্তপ বুলিও কয় কোনোবাই৷ মানেটো হৈছে, যি জেগাত যেনেকৈ আছ তাতে তেনেকৈ ৰ৷ তাৰ পৰাহে বলটো গালৈ মাৰিব লাগিব৷ দুয়োখন হাতৰ কিলাকুটি পৰ্যন্ত বল লাগিলে একো নাই৷ বাকী অংশত লাগিলে কিন্তু মৰ অৰ্থাৎ আউট৷ আত্মৰক্ষাৰ বাবে হাতেৰে ভুকুৱাই বলটো ওফৰাব পাৰি৷ কিন্তু খামোচ মাৰি ধৰিব নোৱাৰিব৷ গতিকে ধৰিলে দুয়োটা মুঠিৰেহে ধৰিব লাগিব৷ তাৰ পিছত গাৰ জোৰত দূৰলৈ বা কোনো নথকা এফালে মাৰি পঠিয়াব পাৰে৷ কিন্তু কেনেবাকৈ মাটিত নপৰোঁতেই সিপক্ষৰ খেলুৱৈয়ে কেচ ধৰিলে হ'লে আউট৷

গাত বল মৰাক লৈ কিমানযে কি নঘটে! কোনোবাই কাৰোবাক জোৰত মৰাৰ বাবে তাৰ বদলা লবলৈ তাকো পিছত নিজৰ পালত কচি কচি মাৰে৷ আমাৰ সময়ত ইয়াক কোৱা হৈছিল টিকা লাল, পিঠি লাল, লালে লাল ইত্যাদি৷ মাৰৰ ভয়ত পলাই নিৰ্দিষ্ট এলেকাৰ পৰা পত্ৰং দিয়াও হয়৷ তেনেকুৱা মাৰৰ চোটত আৰু ভুকুৰ কোবত বল ফাটিও যায়গৈ৷ পাঁচ-দহ পইচাকৈ তুলি আকৌ এটা বল কিনিব লগা হয়গৈ৷ ডিফু বজাৰৰ মাজ-মজিয়াত থকা সুপ্ৰিয়দাৰ দেউতাক সুবোধ ৰয়ৰ দোকানলৈ গৈ জোখে-মাখে মিলা, ভাল চাই ৰবৰৰ বল এটা কিনি অনা হয়৷ বল কিনাৰ অচিলাৰে বজাৰতো তেতিয়াই এপাক ঘূৰা হৈ যায়৷

এই খেলৰ শুদ্ধ নামটো চেভেন ষ্ট’নচ৷ ইণ্ডিয়ান ট্ৰেডিচনেল গে’ম এইটো৷ কথাটো যোৱা পৰহিহে গম পালোঁ৷ সেইবোৰ একো নজনাকৈয়ে সৰু হৈ থকা অৱস্থাত আমি উধাই-মুধাই খেলিলোঁ কিন্তু৷ 'লাল' কৰিলোঁ, 'লাল' হ’লোঁ!

কওকচোন, খেলিছিলনে আপুনিও চেভেন ষ্ট’নচ?




পাইপৰ টুকুৰা আৰু চিগাৰেটৰ পেকেটৰ তাচ
(গল্প নহয়, সত্য)



কেপষ্টেন, চাৰমিনাৰ, উইলচ, নাম্বাৰ টেন, ৰিজেণ্ট কিং... পৰি থকা চিগাৰেটৰ পেকেট দেখিলেই দৌৰি যাওঁ, দেখা পালেই বুটলি লওঁ৷ আপুৰুগীয়া সম্পদ আমাৰ বাবে৷ কেনি কত পৰি আছে সজাগ দৃষ্টি নিক্ষেপ কৰোঁ সততে৷ থপিয়াথপিও লাগি যায় তাকে লৈ৷ ডাঠ কাগজৰ পেকেটটোহঁতৰ অদৰকাৰী অংশ কাটি বা সমানকৈ হাতেৰে ফালি পেলাওঁ৷ এটা পেকেটৰ পৰা সমান জোখৰ তিনিখনকৈ ওলায়৷ আমি তাক তাচ বোলোঁ৷ তেনেকুৱা এজাপ তাচ ৰবৰ বেণ্ড মাৰি জেপত সুমুৱাই লওঁ৷

পাব্লিক হেলথৰ পানীৰ পাইপ বহুওৱাৰ কাম চলি থাকে৷ কাম কৰি থকা মানুহকেইজনৰ কাষ চাপি যাওঁ৷ কাষ্ট আইৰণৰ পাইপৰ টুকুৰা খোজোঁ৷ ডাঙৰকৈ দিলে নিজেই হিচাপত পৰাকৈ হাতুৰী মাৰি, নহ’লে শিলেৰে মৰিয়াই ভাঙি লওঁ৷ তেনেকুৱা পাইপৰ টুকুৰা খেলিবলৈ ভাল৷ অন্যথা সুবিধাজনক জোখৰ চেপেটা শিল, টাইলচৰ টুকুৰাৰেও চলি যায়৷

তাৰ পিছত আঁচ এডাল মাৰি লৈ আৰম্ভ হয় খেলখন৷ খেলবিধকো ‘তাচ’ বুলিয়ে কৈছিলোঁ আমি৷ যিকোনো ঠাইতেই খেলিব পাৰি এই খেল৷ দুটা লগ হ’লেই হ’ল৷ এঠাইত ৰৈ এটাই টুকুৰাটো হাতেৰে অলপ দূৰলৈ দলিয়ায়৷ আনটোৱে টিকাব নোৱাৰিব বুলি ভবা দূৰত্বলৈ৷ আনটোৱে তাক সোধে... কেইখন? নিজৰ হাতত থকা তাচৰ ওপৰত নিৰ্ভৰ কৰি ই কয়, এক বা দুই বা পাঁচ বা অন্য যিকোনো সংখ্যা৷ ধৰাবন্ধা কথা নাই৷ তাৰ পিছতে সিটোৱে তাৰ হাতত থকা পাইপৰ টুকুৰাটো আগৰটোৰ টুকুৰাটোলৈ লক্ষ্য কৰি মাৰে৷ টিকাবলৈ যত্ন কৰে৷ টুকুৰাটো গৈ পৰা ঠাইখিনিলৈ দুইটাই লগে লগে দৌৰি আগ বাঢ়ি যায়৷ গৈ বুঢ়া আৰু মাজৰ আঙুলি মেলি ধৰি বেগেত হিচাপত জুখি চায়৷ টিকিল যদিটো টিকিলেই৷ নিটিকিলেও সেই এবেগেত ব্যাসাৰ্ধৰ ভিতৰত যদি কেনেবাকৈ ৰ"ল, তেনেহ’লে আগতে মৰাটোৱে ইতিমধ্যে অংগীকাৰ কৰা সংখ্যাৰ তাচ পিছত মৰাটোক দিব লাগিব৷ যদিহে ৰেঞ্জৰ ভিতৰত নপৰিল, তেনেহ’লে ওলোটা৷ পিছৰটোৱে সিমানসংখ্যক তাচ আগৰটোক দিব লাগিব৷

তাৰ পিছত দ্বিতীয়বাৰ খেল চলিব৷ জিকাটোৱে প্ৰথমে দলিয়াব৷ হৰাটোৱে সি দলিওৱা টুকুৰাটোক টিকাবলৈ চাব৷ এনেকৈয়ে চলি থাকে এই খেল৷ স্থানৰ কোনো বেমেজালি নাই৷ ওখ-চাপৰ, ঘাঁহনি-হাবিয়নি, পকী-কেঁচা মাটি য’তে-ত’তে, যেনি-তেনি চলিব পাৰে৷ প্ৰতিদ্বন্দ্বী আহি নোপোৱা পৰ্যন্ত নিজৰ সৈতে থকা টুকুৰাকেইটাকে এটুকুৰালৈ আনটুকুৰা দলিয়াই এইম প্ৰেকটিচ চলে৷ কাৰণ নিচান চিধা নহ'লে হাৰিব লাগিব৷

আজিকালি পিছে এনে খেল সমূলি নেদেখা হ’লোঁ৷ ‘অসভ্য মানুহৰ কাম’ বুলি আমাৰ ল’ৰা-ছোৱালীহঁত ‘ভদ্ৰলোকৰ খেল’বিধৰ গভীৰভাৱে ভক্ত হৈ মূৰ্খৰ বাকচটোৰ সন্মুখত বহি পৰিলত বহু খেলেই জীৱনৰ পৰা হেৰাই থাকিল৷ আমি পিছে খুব খেলিছিলোঁ দেই৷ কিমান জাতৰযে দলিওৱা পদাৰ্থ নাছিল, কিমান জাতৰযে তাচ নাছিল! বিছনা বা পঢ়া টেবুলৰ তলখনযে ক্রীড়া সামগ্ৰীৰ ভাণ্ডাৰেই আছিল ...কথাবোৰ পাহৰা নাযায় কোনোদিন৷

বাৰু, আপুনি খেলি পাইছেনে এইটো খেল?

Friday 24 October 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ সাহিত্য অকাডেমীৰ ভাষাসন্মান প্ৰাপক (২০০৫চন) শ্ৰী বিদৰ ছিং ক্র’ ডাঙৰীয়াৰ এটা লেখা৷ ‘সাহিত্য’ৰ 'ক্রীড়া বিশেষ সংখ্যা'টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰবি জনজীৱনত আজিও প্ৰচলিত ‘হাম্বি কাপাথু’ নামৰ পৰম্পৰাগত খেলবিধৰ বিষয়ে ২০০৯চনতে যুগুতোৱা তেখেতৰ এই লেখাটি ‘অকব’ত উদ্ধৃত কৰিলোঁ৷



কাৰবি জনজীৱনত খেল-ধেমালি : 
হাম্বি কাপাথু

পৃথিৱীৰ যিকোনো জাতি বা জনগোষ্ঠীৰেই তেওঁলোকৰ নিজস্ব জাতীয় খেল-ধেমালি আছে৷ সেই জাতীয় খেলবোৰৰ ভিতৰৰ পৰা কিছুমানক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ স্বীকৃতি প্ৰদান কৰিছে৷ আমাৰ ভাৰতীয় খেলৰ ভিতৰৰ পৰা হকী, ডবা, কাবাডি, খোখো আদি খেলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে৷ গতিকে এতিয়া সেইবোৰ অকল ভাৰতীয়ৰ খেল হৈ থকা নাই৷ভাৰতীয়সকলৰ জাতীয় খেলৰ দৰে কাৰবিসকলৰ জনজীৱনতো কিছুমান খেল-ধেমালি দেখিবলৈ পাওঁ৷ যেনে... হাম্বি কাপাথু, কেংদংদাং কেদাম, চিন কাপাথু, ছেক্‌ছেৰেক কাপাথু, লং কেচন, হান্মু কেবাক, কংতেলং কাপাথু ইত্যাদি৷ এইবোৰ খেলৰ ভিতৰত হাম্বি কাপাথুৰ বিষয়ে এই নিবন্ধত যৎসামান্য আভাস দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে৷

হাম্বিৰ অৰ্থ হৈছে ঘিলা৷ ঘিলাগুটিৰেই এই খেলা৷ তাহানি কালত আজিৰ দৰে খেলিবলৈ নানা ধৰণৰ খেল নাছিল৷ তেতিয়াৰ লোকসকলে আজৰি সময়ত খেল-ধেমালি কৰিবলৈ ঘিলাগুটিৰ খেলৰ ওপৰতেই নিৰ্ভৰশীল আছিল৷ ঘিলা এবিধ ডাঙৰ লতাজাতীয় গছ৷ ইয়াৰ গুটি কেৰমৰ ষ্ট্ৰাইকাৰৰ সমান আকৃতিৰ, ঘূৰণীয়া, টান আৰু নিমজ৷ গতিকে খেলিবলৈ যথেষ্ট সুবিধাজনক৷ গুটিবোৰ হাবিৰ পৰাই সংগ্ৰহ কৰি আনিব লাগে৷ আজিকালি অৱশ্যে পাবলৈ টান হল৷ আধুনিক যুগৰ নানা ধৰণৰ খেল-ধেমালি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে এই পুৰণিকলীয়া খেলবিধ পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে৷

হাম্বি কাপাথু খেলটো ৬-৭বছৰ বয়সৰ পৰা আৰম্ভ কৰি ৪০বছৰৰ ডেকালৈকে খেলিব পাৰে৷ অৱশ্যে ছোৱালী বা যুৱতীসকলে এই খেল খেলাৰ নজিৰ নাই৷ খেলটো ফুটবল বা ক্রিকেট খেলৰ দৰেই দুটা দলৰ মাজত খেলে যদিও প্ৰতিটো দলত কিমান খেলুৱৈ থাকিব লাগে তাৰ নিৰ্দিষ্ট সংখ্যা নাথাকে৷ কিন্তু প্ৰতি দলত অতি কমেও দুজনকৈ খেলুৱৈ থকাটো বাঞ্ছনীয়৷ খেলপথাৰৰ দুটা নাম ৰখা থাকে৷ এফালে ৰংফু আৰু আনফালে ৰংলিং৷ ৰংফু আৰু ৰংলিঙৰ মাজতে খেলখন খেলিব লাগে৷খেলখনৰ আৰম্ভণি কৰাৰ আগতে কোনটো দলে প্ৰথমে আৰম্ভ কৰিব তাক  নিৰ্ণয় কৰা হয়৷ ক্রিকেট খেলত ব্যৱহৃত মুদ্ৰাৰ হেড এণ্ড টেইলৰ লেখীয়াকৈ ঘিলাগুটিক ওপৰলৈ দলিওৱা হয়৷ ঘিলাটোৰ কোনটো পিঠি ওপৰমুৱা হব শুদ্ধকৈ যি দলে কব পাৰিব তেওঁলোকেই আৰম্ভ কৰিব পাৰিব৷ ঘিলাগুটিৰ এফালে আগ আৰু আনটো ফালে পিঠি থাকে৷ গতিকে কোনটো দলে কোনটো পিঠি গ্ৰহণ কৰিব ধৰিবলৈ সহজ৷

টছত পৰাজয় বৰণ কৰাসকলে নিজৰ দিশত অৰ্থাৎ ৰংফু বা ৰংলিং যিফালেই নহওক শাৰীকৈ ঘিলাগুটি স্থাপন কৰি দিব লাগিব৷ টছত বিজয়ীসকলে নিজ দিশৰ পৰা এজন এজনকৈ নিজৰ নিজৰ ঘিলাৰে স্থাপন কৰি থোৱা ঘিলাক মাৰি ওফৰাব লাগে৷ যিজনে বিপৰীত পক্ষৰ ঘিলা ওফৰাব পাৰিব সি খেলিবলৈ আগ বাঢ়িব পাৰিব৷ ইয়াক সাধাৰণতে ৰং কেফ্লক বা ঘিলা মুকলি হোৱা বুলি কোৱা হয়৷ তেনেকৈ প্ৰত্যেকে নিজৰ ঘিলা মুকলি কৰিব পাৰিব লাগিব৷ অৱশ্যে কোনোবা এজনৰ ঘিলা মুকলি হলে সেইজনে নিজৰ দলৰ আনজনৰ ঘিলা মুকলি কৰি দিব পাৰে যদিহে সেইজন অসমৰ্থ হয়৷ ঘিলা মুকলি হোৱাৰ পিছতহে মূল খেললৈ আগ বাঢ়িব পাৰে৷

খেলৰ মূল স্তৰ ২৬টা থাকে৷ সেইবোৰ হল... ১. ৰংআপ, ২. জিৰ্কামিৰ, ৩. বাচলাক, ৪. হাৰ্চন, ৫. হান্‌থু, ৬. হাৰ্‌অ, ৭. হাৰ্ৱি, ৮. বংকেজই, ৯. ফেক্‌পি, ১০. চুৰি, ১১. লাংখালত, ১২. কাৰ্চাক, ১৩. কাৰ্হেক, ১৪. কান্‌চং, ১৫. টিংছ, ১৬. মেক্‌দাং, ১৭. হাংক্লিৰ, ১৮. ফেৰ্ক্লুং, ১৯. ৱউম, ২০. ৱহি, ২১. নুং, ২২. ছুইএ, ২৩. হাচন, ২৪. বাহেপ, ২৫. মাছুৰ আৰু ২৬. কিটি৷

ঘিলাগুটি মাৰোঁতে দুই হাতৰ তৰ্জনী আঙুলিৰে চেপি আনটো দলৰ ঘিলাগুটি ওফৰাই মাৰিব লাগে৷ জিৰ্কামিৰ, হাৰ্ৱি, বংকেজই, ফেক্‌পি, চুৰি, কাৰ্চাক, কানচং, টিংছ, ফেৰ্ক্লুং, ৱউম, ৱহি, ছুইএ স্তৰৰ খেলটোত প্ৰথমে এহাতেৰে ঘিলা ঘূৰাই মাৰিব লাগে৷ ঘিলাটো যিমান দূৰলৈ যাব তাৰ পৰাহে আঙুলিৰে চেপি মৰা নিয়ম৷ বাচলাক স্তৰত কিন্তু ভৰিৰ ওপৰত ঘিলাটো ৰাখি দলিয়াব লাগে৷ তেনেকৈ হাৰচন স্তৰত ঘিলাটোক দুই ভৰিৰ সৰুগাঁঠিত চেপি ধৰি জাঁপ মাৰি পেলাব লাগে৷ হান্‌থু স্তৰত দুই ভৰিৰ আঁঠুত চেপি জাঁপ মাৰি পঠিয়াব লাগে৷ হাৰঅ স্তৰত পেট আৰু পেটৰ মাজত চেপি ধৰি (লক্ষ্য ৰাখিব লাগিব জাঁপ মাৰোঁতে যাতে ঘিলাটো ওলাই যাব পাৰে) জাঁপ মাৰি পঠিয়াব লাগে৷ বাচলাক, হাৰ্‌চন, হান্‌থু, হাৰ্‌অ আদি স্তৰত  ঘিলাটোক যেনেকৈয়ে নদলিয়াওক যাতে বিপৰীত পক্ষই পাতি থোৱা ঘিলাটোক যাতে আঘাত নকৰে সেইটো লক্ষ্য কৰিব লাগিব৷ তেনেকৈ দলিয়াই ঘিলাটো যত ৰব তাৰ পৰাহে দুই তৰ্জনী আঙুলিৰে চেপি মাৰিব পাৰিব৷ লাংখালত স্তৰত কিন্তু বিপক্ষ খেলুৱৈক সুধিব লাগিব, কি ধৰণে ঘিলাটো মাৰিব লাগিব৷ অৱশ্যে বিপক্ষই জিৰ্কামিৰ, ৰংকেজই, ফেক্‌পি, কাৰ্চাক, চুৰি আদি যিকোনো এটা নিয়মত খেলিবলৈ প্ৰস্তাৱ দিব পাৰে৷

কান্‌চং স্তৰত ঘিলাটোক এনেকৈ দলিয়াব লাগে যাতে ই ঘূৰি গৈ গৈ বিপক্ষ দলৰ ঘিলাক আঘাত কৰে৷ হাংক্লিৰ স্তৰত ঘিলাটোক কপালত ৰাখি মূৰেৰে দলিয়াব লাগে৷ তেনেকৈ মেকদাং স্তৰত ঘিলাটো চকুত ৰাখি দলিয়াব লাগে৷ নুং স্তৰত কিন্তু বিপক্ষ দলৰ ফালে পিঠি কৰি ঘিলাটোক পিঠিয়েদি এৰি দিব লাগে৷ ঘিলাটো ৰৈ যোৱা ঠাইৰ পৰা বাচলাকৰ দৰে হাংক্লিৰ আৰু নুং স্তৰতো ঘিলা মাৰি বিপক্ষ খেলুৱৈৰ ঘিলাক ওফৰাব লাগে৷ ছুইএ স্তৰত কিন্তু কিছু বেলেগ৷ বিপক্ষ দলে পাতি যোৱা ঘিলাটোৰ পৰা পাঁচ পদ (বা ৪.৬ফুট) দূৰত্বত এডাল আঁচ আঁকি থব লাগে৷ তাৰ পিছত সপক্ষ দলৰ খেলুৱৈয়ে নিজৰ সীমাৰ পৰা ঘিলা ঘূৰাই দলিয়াব লাগে৷ কিন্তু সাৱধান হব লাগিব যাতে আঁকি থোৱা আঁচ পাৰ নহয়৷ ৰৈ যোৱা ঠাইৰ পৰা পুনৰ দুই হাতৰ তৰ্জনী আঙুলিৰে চেপি ঘিলাটোক মাৰি পাতি থোৱা ঘিলাক ওফৰাব পাৰিব লাগিব৷ বাহেপ স্তৰত ভৰিৰ বুঢ়া আঙুলিৰ ফাকত ঘিলা লগাই দলিয়াব লাগে৷ তাৰ পিছতহে আঙুলিৰে মাৰিব পাৰিব৷ মাছুৰ স্তৰত বিপক্ষ খেলুৱৈৰ ঘিলাটো মাটিত পেলাই থব লাগে আৰু সপক্ষ খেলুৱৈয়েও নিজৰ ঘিলাটোক মাটিত পেলাইহে গোৰ মাৰি পঠিয়াব লাগে আৰু আঘাত কৰিব লাগে৷ শেষত কিতি অৰ্থাৎ বিসৰ্জন৷ এই স্তৰত খেলটোত একো কৰিবলগীয়া নাথাকে৷ যদিও বিজয়ী খেলুৱৈয়ে নিজৰ ঘিলাক হাতত লৈ পৰাজয় হোৱা খেলুৱৈৰ ঘিলাক আঘাত কৰি আহিব লাগে৷ তেনেকৈ গোটেইকেইজন বিপক্ষ খেলুৱৈ মৰাৰ পিছত পুনৰ বিপক্ষ দলেও সপক্ষ হৈ খেলা আৰম্ভ কৰিব লাগিব৷

পৃথিৱীৰ যিকোনো খেলতে ফাউল বা ভুল থাকে৷ তেনেকৈ কাৰবি জনজীৱনৰ খেল হাম্বি কাপাথু খেলতো ভুল থাকে৷ এই খেলাৰ অনিয়ম বা কেতবোৰ ভুল তলত উল্লেখ কৰা হ
১. ঘিলাগুটি ঘূৰি গৈ থকা অৱস্থাত নিৰ্দিষ্ট সীমা অতিক্রম কৰাৰ ভয়ত যদি ধৰি পেলায় বা মাটিত বগৰাই থয়, তেতিয়া হলে জীয়া ঘিলা ধৰা অপৰাধ বুলি গণ্য কৰা হয়৷
২. শাৰী পাতি থিয় হৈ নিজৰ নিজৰ শাৰীৰ মাজেদিয়ে ঘিলা দলিয়াব লাগে৷ যদিহে কাৰোবাৰ ঘিলা সোঁ বা বাঁওফালৰ শাৰীলৈ গুচি যায় তেতিয়া হলে তাক কাপৰাত বুলি অপৰাধ হিচাপে ধৰা হয়৷
৩. এজনৰ ঘিলা জোৰত গৈ পাতি থোৱা ঘিলাক জাঁপ মাৰি পাৰ হলে তাক  কাৰ্দং অপৰাধ হিচাপে ধৰা হয়৷
৪. যদি ঘিলাটো ঘূৰি ঘূৰি গৈ নপৰাকৈ এঠাইত ৰৈ যায় আৰু তৎক্ষণাৎ ধৰি বগৰাই দিয়ে তেতিয়া হলে তাক কিক্লিক্লে কাচংৰং বুলি অপৰাধ ধৰা হয়৷
৫. যদি ঘিলাটো ঘূৰি গৈ গৈ নিজৰ দলৰ কাৰোবাৰ ঘিলাক আঘাত কৰেগৈ তেতিয়া হাম্বি চেদাই অপৰাধ বুলি ধৰা হয়৷
৬. হাৰ্‌অ স্তৰত পেটৰ পৰা ঘিলা বাহিৰ কৰিব নোৱাৰিলে তেতিয়াও অপৰাধ বুলি গণ্য কৰা হয়৷
৭. ছুইএ স্তৰত বিপক্ষ দলৰ ঘিলাৰ পৰা পাঁচ পদ দূৰত্বত এডাল আঁচ আঁকি দিয়া থাকে৷ যদিহে সপক্ষ দলৰ ঘিলা ঘূৰি গৈ গৈ সেই চিহ্ন বা আঁচ পাৰ হয় তেতিয়া হলে আংআং কাৰ্দং অপৰাধ বুলি গণ্য কৰা হয়৷
৮. যদি কোনো খেলুৱৈয়ে জাঁপ মাৰোঁতে বাগৰি গৈ কাৰোবাৰ ঘিলাত লাগি যায় তেতিয়া হলে হাম্বি চবেৰ অপৰাধ বুলি ধৰা হয়৷
অপৰাধ ধৰাৰ পিছত অপৰাধ কৰাজনে দ্বিতীয়বাৰ আক্রমণ কৰিবলৈ আগ বাঢ়ি আহিব নোৱাৰিব৷ তেওঁ নিজৰ দলৰ সীমাতে ৰৈ থাকিব লাগিব৷ সীমাৰ পৰাহে তেওঁ ঘিলা মাৰিব লাগিব৷ ঘিলা গৈ পাওক বা নাপাওক ঘিলাৰ পিছে পিছে যাব লাগিব৷ অপৰাধ কৰাজনৰ ঘিলা মৰাৰ আগতে যদি আন দলৰ কোনোবা এজনে ঘিলা মাৰি নিজ দলৰ ঘিলাক আঘাত কৰে তেতিয়া হলে আগ বাঢ়ি যোৱাত বাধা দিয়া হয়৷ অৰ্থাৎ বিপক্ষহৈ খেলিবলৈ সুবিধা পাব৷ যদি সপক্ষহৈ খেলা বিপক্ষ দলে নিজৰ নিজৰ ঘিলা মুকলি কৰিব নোৱাৰে, তেতিয়া হলে পুনৰ বিপক্ষতে থাকিব লাগিব৷ দুয়োটা দলে প্ৰথম অৱস্থাত পথালিকৈয়ে ঘিলা পাতি থোৱাটো নিয়ম৷

মনত ৰাখিবলগীয়া কথাটো হল প্ৰতিটো দলৰ প্ৰত্যেকজন খেলুৱৈয়ে প্ৰথমে নিজৰ নিজৰ ঘিলা মুকলি কৰিব জানিব লাগিব৷ যদি কোনো খেলুৱৈয়ে নোৱাৰে তেতিয়া হলে নিজৰ দলৰ মুকলি হৈ যোৱা কোনোবা খেলুৱৈ এজনে তেওঁৰ ঘিলা মুকলি কৰি দিব পাৰে৷ তেনেকৈ শেষলৈকে লগৰ খেলুৱৈক সহায় কৰি যাব পাৰে৷ এটা দলৰ ঘিলাৰে আন দলৰ ঘিলাক আঘাত কৰি কিছুদূৰত ছিটিকি পৰিলে তাক কিমিত বুলি কোৱা হয়৷ গতিকে কিমিত হৈ যোৱা ঘিলাটো দীঘলীয়াকৈ পাতিব পাৰিব৷ যদি এটা দলৰ ঘিলাৰে আনটো দলৰ ঘিলাক আঘাত কৰি ঘূৰণি খাই ঠাইতে বাগৰি পৰে তেতিয়া তাক কিমিত বুলি কোৱা নহয় যদিহে এক ইঞ্চিমানো আঁতৰি নাযায়৷ গতিকে সেই সময়ত দ্বিতীয়বাৰ ঘিলা মাৰিব লাগিব৷

জিৰ্‌কামিৰৰ পৰা নুং স্তৰলৈকে দীঘলীয়াকৈহে ঘিলা পাতিব লাগে৷ কিন্তু ছুইএ আৰু বাহেপ স্তৰত পথালিকৈয়ে ঘিলা পতাটো নিয়ম৷ মাছুৰ স্তৰত দুয়োটা দলেই বগৰাইহে ঘিলা পাতিব লাগে৷

পৃথিৱীৰ অন্যান্য খেলবিলাকত ৰেফাৰী বা আম্পায়াৰ ৰখাৰ দৰে হাম্বি কাপাথু খেলতো এজন কাচাৱে আবাং ৰখা হয়৷ অৱশ্যে খেলৰ সকলো নিয়ম-কানুনৰ সম্পূৰ্ণ জ্ঞান থকা এজনহে কাচাৱে আবাং হব লাগিব৷

হাম্বি কাপাথু খেলত অতি কমেও প্ৰতিটো দলত দুজনকৈ খেলুৱৈ থাকিব লাগিব৷ খেলপথাৰৰ আকাৰ চাই খেলুৱৈৰ সংখ্যা বঢ়াব পাৰে অৰ্থাৎ ইয়াৰ নিৰ্দিষ্ট সংখ্যা সীমিত নাথাকে৷ অৱশ্যে আধুনিক যুগৰ লগত সামঞ্জস্য ৰাখি ইয়াৰ সংখ্যা এঘাৰজনকৈ সীমিত কৰিব পাৰে আৰু ইয়াৰ সময়ো নিৰ্ধাৰণ কৰিব পাৰে৷

উৎস-পুথি :


কাৰবি সংস্কৃতিৰ এখিলা (প্ৰবন্ধ সংকলন) : শ্ৰী বিদৰ ছিং ক্র, প্ৰথম প্ৰকাশ : ২০০৮, প্ৰকাশক : কাৰবি লামমেত আমেই, ডিফু


Thursday 23 October 2014

মাৰ্বল খেলৰ কথা, মাৰ্বল খেলৰ ভাষা...
(গল্প নহয়, সত্য)

: ঘৰ খেলিবিনে বাকচ?
: সঁচাসচি খেলিবিনে মিছামিছি?
: দুই দুই খেলিম, খেলিবি?
: গুৰগুৰা মাৰিবিনে তক্কচ?
: মাইকী পাইছ নেকি? তক্কচ মাৰিম৷
: দে, ভালকৈ উৰ্দু পাত৷
: তোৰ ডাগিলটো চাওঁ?
: কি ভমপ্লাক অ!
: কালি দুদুলৰ পৰা লৈছোঁ, পাঁচটা গুটি দি৷
: গাত নহয়, টিকনিত মাৰনা৷
: ষ্ট্ৰেইট দে৷
: ন ষ্ট্ৰেইট, ন চাফচুফ৷ আগতেই ক'লোঁ৷
: থাপিবি নেকি?
: উৰাই দিলোঁ৷
: এইটো নচলে দেই, বেলেগ গুটি দে৷

মাৰ্বল খেলৰ ভাষা!

চাৰিআলিত হৰেনদাৰ দোকানৰ আগৰ জৰীজোপাৰ তলত, ৰাস্তাৰ দাঁতিৰ সুচল ঠাইত, ৰবিহঁতৰ ঘৰৰ পানী-পতাত, ঠাকুৰনাথহঁতৰ চোতালত, সকলোতে জুম পাতি কেৱল মাৰ্বল৷ আমি মাৰ্বল কওঁ৷ বহুতে বিৰিং গুটি বোলে৷ তক্কচটো বহুতে টোপা নে টোপ্পা বুলিও কয়৷ গুৰগুৰাটোক চোঁচৰাই মৰা বুলিছিল চাগৈ৷

জিকি অনা মাৰ্বলবোৰ গোটাওঁ৷ বিছনাৰ ওপৰত দুই ভায়ে দুমূৰে বহি মাজত গুটি এটা থৈ এইম প্ৰেকটিছ কৰোঁ৷ মাৰ্বলৰ ভৰত পেণ্টৰ পকেট তললৈ ওলমি পৰে৷ খোজ কাঢ়িলে চনক চনক বাজে৷ দৌৰ মাৰিবলৈ হ’লে হাতেৰে ধৰি ল’ব লগা হয়৷ মাৰ্বল খেলি খেলি ধূলি-বালিৰে পোত খাই পৰি হাত-ভৰিকেইটাৰ অৱস্থা নাইকিয়া হয়৷ লেতেৰা হাত বাৰেপতি সুমুৱাওঁতে-উলিয়াওঁতে পকেটৰ মুখখনো চাব নোৱাৰা হয়গৈ৷ ভাত-পানী পাহৰি যাওঁ৷ পকেটৰ মাৰ্বলৰ বেচা-কিনাও চলে৷ দহ পইচাত দহটা৷ বেছিকৈ জিকিলে বাৰটাও দি দিয়া হয়৷ আকৌ খেলোঁতে সেইকেইটাও নিজৰেই হৈ যায়৷

এই মাৰ্বল খেলৰ বাবেই ঘৰত কতনা গালি! আনকি চৰ-কিল-ভুকুও খোৱা হয়৷ তথাপিও জানো মাৰ্বলক বিসৰ্জন দিব পাৰি? মাকে পুতেকৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লৈ মাৰ্বলকেইটা কৰবাত লুকুৱায়৷ বাপেকে নিৰ্দয়ভাৱে যেনি-তেনি দলিয়ায়৷ হেডছাৰক লগাই দিয়ে৷ পুতেকৰ চকুপানী নিগৰে৷ হলেও আকৌ মাৰ্বল খেল৷ মাৰ্বলৰ অভাৱত কৰবী গুটিৰেও খেলা হয়৷

বুঢ়া আঙুলিত ভৰ দি মধ্যমাৰ আগত গুটিটো লগাই ইখন হাতৰ বুঢ়া আৰু তৰ্জনীৰে পিছলৈ টানি এৰি দিওঁ সন্মুখত থকা বিপক্ষৰ গুটিৰ ফালে৷ আচল নিচান লগোৱাৰ আগতে হাত উঠাবলৈ এনেয়ে দুবাৰমান ঘূৰাই লোৱা হয়৷ ট্ৰায়েল বুলিও এনেয়ে এবাৰ মৰা যায়৷ নীল বুলি কৈ বুঢ়া আঙুলিটোক আঁঠুৰ ওপৰত অৱস্থান কৰোৱাব পাৰি৷ বেঁকা মাৰোঁতে কেতিয়াবা ইমান জোৰত টিকোৱা হয় যে সিপক্ষৰ গুটিটো মাজতে দুফাল হৈ পৰে৷ ফলস্বৰূপে ক্ষতিপূৰণ ভৰিব লগা হয়৷ সামান্য টুকুৰা বা চকা এৰুৱা গুটিকেইটা পকাত ঘঁহি ঘঁহি মিহি কৰি চলোৱাৰ বুদ্ধি কৰোঁ৷

বহুত ডাঙৰলৈকে খেলিছোঁ যদিও মাৰ্বল এৰা ভালেমান বছৰেই হ’ল৷ পুৰণি ট্ৰাকটোৰ ভিতৰত জৰ্দাৰ টেমা এটাত সেই তেতিয়াই জমাই ৰখা মাৰ্বলকেইটামান কিজানি এতিয়াও বিচাৰিলে ওলাব৷ আজিও বাটে-ঘাটে পৰি থকা মাৰ্বল দেখিলে, ক’ৰবাত মাৰ্বল হেৰাই পালে চিধাই বুটলি পকেটত ভৰাওঁ৷ হৃদয়ৰ সংযোগ এটা আছেযে! গুলটি মাৰোঁতে চৰাইলৈ টোঁৱাই বাটলুগুটিৰ পৰিৱৰ্তে জিকি জিকি জমা কৰা মাৰ্বলো ব্যৱহাৰ কৰা হৈছিল৷ দুখৰ কথা, ল’ৰা-ছোৱালীহালে পিছে আজিও মাৰ্বল খেলি পোৱাই নাই৷ শিকোৱাৰ কথাটোও মনত খেলোৱাই নাছিল৷ আমাৰ খেলময় জীৱনৰ তুলনাত ইহঁতৰ সঁচাকৈ ক’বলৈ গ’লে আছেনো কিটো? স্কুল, টিউচন, টিভি, কম্পিউটাৰতে সীমাবদ্ধ! ঘৰ, বাকচ, দুই দুই, সঁচাসচি, মিছামিছি, গুৰগুৰা, তক্কচ, মাইকী, উৰ্দু, ডাগিল, ভ'মপ্লাক, টিকনি, ষ্ট্ৰেইট, চাফচুফ, থাপ, উৰা ...মাৰ্বল খেলৰ সৈতে জড়িত, অভিধানবৰ্জিত অজ্ঞাত কাৰোবাৰ দ্বাৰা সৃষ্ট, মুখ বাগৰি অহা এই মধুৰ শব্দবোৰ সিহঁতে আজিও শুনাই নাই৷ ময়ো এতিয়াহে ঘপকৈ চিন্তা এটা কৰিছোঁ, শিকাই দিব লাগিব ইহঁতক৷ নহ’লে পিছলৈ সিহঁতৰ ক’বলৈকে একো নাথাকিবগৈ৷ মাৰ্বল খেলি পাইছানে তুমি? বুলি কোনোবাই কেতিয়াবা ক’ৰবাত যদি কিবা প্ৰসংগত সোধে, তেন্তে সেমেনা-সেমেনিকৈ উত্তৰ দিব... ‘নাই পোৱা আংকল’ বুলি৷ মাৰ্বল খেলৰ কথা নথকাটো... ভাবিবকে নোৱাৰিছোঁ৷ উলিয়াই আনোগৈ ৰ'ব গুটিকেইটা৷ টিউচনৰ পৰা আহি পালেই শিকাই দিম, আৰু খেলিম উৰাই-ঘূৰাই৷