ফুকেটৰ ৰাজপথত কি দেখিলোঁ...
('পৰিষ্কাৰ ভাৰত অভিযান'ৰ সৈতে মিলাই ভ্ৰমণ কাহিনীৰ অকণমান)
পাতং প্ৰিমিয়াৰ ৰিজ’ৰ্ট৷ ৰুম নং ২১৬৷ আন্দামান সাগৰৰ
পাৰে পাৰে স্কুটী চলাই এপাক ফুৰি অহাৰ মতলবেৰে দৰজাখন মাৰি বাহিৰ ওলাইছোঁ মাত্ৰ৷ তেনেকুৱাতে
অ’পেন স্পেচেৰে দেখিলোঁ, আগেয়ে
কেতিয়াও নেদেখা ৰঙা ৰঙৰ ১০চকীয়া প্ৰকাণ্ড বাহন এখন৷ সন্মুখত ৪জন পাহুৱাল ডেকাই মস্ত
পাইপ এডাল ধৰি গৈ আছে৷ পাইপডালৰ বহল মুখখনেৰে ফিচকাৰীৰ দৰে বেগেৰে পানী ওলাইছে৷ গাড়ীখনৰ
ভিতৰত ড্ৰাইভাৰজন, নিজৰ চিটত৷ তেওঁ লাহে লাহে বাহনখন আগুৱাই নি আছে৷ প্ৰয়োজন অনুসৰি
কোনো কোনো ঠাইত অলপ সময় ৰৈ দিছে৷ পথচাৰী, গাড়ী-মটৰে শৃংখলাবদ্ধতাৰে নিজেই নিজৰ দিশ নিৰ্ণয়
কৰি পাৰ হৈ গৈছে৷ ক’তো কোনো বাধা বা হকাবধা নাই,
চিঞৰ-বাখৰ এটা নাই৷ চুপ-চাপ সকলোৰে কাম চলি আছে৷
এনেয়ে চাফা ধুনীয়া ঠাই৷ কেনিও ক’তো কাগজৰ টুকুৰা এটাও দেখিবলৈ
নাই৷ প্ৰদূষণ বুলিবলৈ শূন্য৷ সেইবোৰক লৈ আগৰে পৰাই কৌতূহলী হৈ পৰিছিলোঁৱেই৷ এতিয়া
চকুৰ আগত হঠাতে দেখা দিয়া এই দৃশ্যটো হোটেলৰ ওপৰৰ পৰা অলপ সময় চাই থকাৰ পিছত মনটোক একে
ঠাইতে বান্ধি ৰাখিব স্বাভাৱিকতে নোৱাৰিলোঁ৷ ৰাস্তাওনো এনেকৈ ধুৱেনে ক’ৰবাত? ক’তোতো আগে-পিছে দেখা নাই৷
চেকেণ্ড
ফ্ল’ৰৰ পৰা ঘপাঘপ নামি আহি গাড়ীখনৰ
ওচৰত উপস্থিত হ’লোঁহি৷ গাড়ীৰ সমান্তৰালভাৱে কিছুদূৰ
আগুৱাই গৈ থাকি একান্তমনে কামটো নিৰীক্ষণ কৰি থাকিলোঁ৷ পাইপৰ পৰা জোৰত নিৰ্গত হোৱা
পানীয়ে ৰাস্তাটো এফালৰ পৰা ধুই নিছে৷ পথৰ ওপৰত জমা হোৱা পানীভাগ ফুটপাথৰ দাঁতিৰ ফুটাইদি
তলৰ ড্ৰেইনত পৰিছেগৈ৷ মসৃণ ৰাস্তাটো আগতকৈ বেছি পৰিষ্কাৰ হোৱাৰ ফলত চিকচিকীয়া ৰূপ লৈছে৷
জিলিকি উঠিছে পথৰ ওপৰত বগা-হালধীয়াৰে অঁকা বিভিন্ন মাৰ্কিং চিহ্নবিলাক৷ বেংককৰ আই.টি.
চিটীত মাত্ৰ কেইদিনমানৰ আগতে কিনা আৰু তেতিয়াৰে পৰাই অনৱৰতে পকেটত সুমুৱাই ৰখা মোৰ
সৰু কেমেৰাটো মুহূৰ্ততে সক্রিয় হৈ উঠিল৷ পানী ছটিয়াই ৰঙা গাড়ীখনো আগলৈ গৈ থাকিল৷
জীৱনত কাহানিও ক’তো দেখা নোপোৱা চাক্ষুস অভিজ্ঞতা
এটা এইদৰেই মনগহনত বন্দী কৰাৰ সুযোগ পালোঁ, থাইলেণ্ডৰ সমুদ্ৰতীৰৱৰ্তী মনোমোহা নগৰী
ফুকেটৰ আলহী হৈ থাকোঁতে৷
No comments:
Post a Comment