Monday 29 January 2018

দ্বিতীয় দিন, অংশ-৯

আমি 'কয়লা-নগৰী' লিডু চহৰ পাৰ হ'ব ধৰিছোঁ৷ কয়লাৰ বৰণ, কয়লাৰ গোন্ধ, চৌপাশে কয়লা আৰু কয়লা৷ কয়লাৰ মাদকতাই অলপ সময় ভালকৈয়ে মোহাচ্ছন্ন কৰি ৰাখিলে৷ তাৰ পাছতে পুনৰ সেউজীয়াৰ আৱেশত সোমাই পৰিলোঁ৷ কয়লা উদ্যোগক ৰাষ্ট্ৰীয়কৰণ কৰি ১৯৭৩ চনত ক'ল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল৷

লিডু ষ্টেচনৰ পৰা উজনিমুৱাকৈ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৫০০ মিটাৰ উজাই আহি ঘাইপথৰ সোঁকাষে ঐতিহ্যমণ্ডিত লিডু ক্লাব৷ ক্লাবটোৰ পাছফালে থকা ঘৰতে জেনেৰেল যোচেফ ৱাৰেণ ষ্টীলৱেলৰ কাৰ্যালয় আছিল৷ এইখিনিৰ পৰা ১.৫ কিল'মিটাৰ আগ বাঢ়ি আহিলে ইটাখোলাত ঘাইপথৰ সোঁকাষতে অসমৰ প্ৰথম আৰু এছিয়াৰ দ্বিতীয়টো ইটা উদ্যোগ৷ ১৮৯০ চনত ইংৰাজে স্থাপন কৰিছিল এই উদ্যোগ৷ বৰ্তমান মৃতপ্ৰায়৷

চহৰৰ পৰা ৪ কিলমিটাৰ দূৰত্বত যাত্ৰাপথতে সোঁহাতে থিয় কৰি ৰখা আছে এখন প্ৰকাণ্ড ফলক৷ পিছৰ চিটৰ পৰা বীৰেন্দৰক মৰা এটা খোঁচতে গাড়ী ৰৈ গ'ল৷ আঁতৰৰ পৰাই আখৰকেইটা জিলিকিছে... STILWELL ROAD : Rejuvenate our life line, Revitalise our relationship, Reach out beyond the boarders৷ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ ১৯৯৮-৯৯ চনৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা এইখন পুনৰ্স্থাপন কৰা হৈছিল৷

ষ্টীলৱেল ৰ'ডৰ আৰম্ভণি স্থল এয়া৷ জিৰ' পইণ্ট বুলি কোৱা হয়৷ কাষতে ষ্টীলৱেল পাৰ্ক৷ ৰ'ড মেপৰ সন্মুখত থিয় দি তবধনেত্ৰে প্ৰত্যেকে লক্ষ্য কৰিব ধৰিলোঁ একেটাই কথা... প্ৰসিদ্ধ আলিটো ক'ৰ পৰা কেনি কেনি ক'লৈ সজা হৈছিল৷ ষ্টাৰ্টিং পইণ্টত এই মুহূৰ্তত সোঁশৰীৰে উপস্থিত আছোঁ আমি ৪ কৌতূহলী৷ শিকাই দিয়ামতেই বীৰেন্দৰে আমাৰ গ্ৰুপ ফটো এখন তুলি দিলে৷ উদ্যানৰ ফলকত এই পথ নিৰ্মাণৰ কাহিনীৰ লগতে কি ধৰণৰ পৰিৱেশ-পৰিস্থিতিত কাৰ দ্বাৰা কেনেকৈ ষ্টীলৱেল পথটো সজা হৈছিল তাৰ উল্লেখ পঢ়িবলৈ পালোঁ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তালিকাত বর্তমান ১৫৩ নং ৰাজমাৰ্গ হিচাপে চিহ্নিত ষ্টীলৱেল ৰড মানেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মৃত্যুৰ কিৰিলীয়ে গ্ৰাস কৰা এটা সুদীৰ্ঘ অঞ্চল, যাক কোৱা হয় মৃত্যু উপত্যকা৷ দ্বিতীয় বিশ্বযুদ্ধ মানেই মৃত্যুক আঁকোৱালি লৈ জয়ৰামপুৰৰ ৱাৰ চিমেষ্টীত থকা কত শত অচিন-অজ্ঞাতজনৰ সমাধি৷ সেই মৃত্যু উপত্যকা, ডেথ ভেলীলৈকে যাত্ৰা কৰি আছোঁ৷ সমাধি-ক্ষেত্ৰৰ সন্মুখেৰেই যাম৷ আমাৰ লক্ষ্যস্থান নামপঙক নৰকৰ দ্বাৰ, হেল গেট বুলি কোৱা হয়৷ তালৈ আৰু ৪৭ কিল'মিটাৰ যাব লাগিব৷

ঠিক বিপৰীতে, বাঁওকাষে দণ্ডায়মান সেউজীয়া ফলক এখন৷ বগা আখৰেৰে দূৰত্ববোৰ স্পষ্ট কৰি থৈছে মিয়াওঁ ৫১, জয়ৰামপুৰ ২৪, জাগুন ১২৷ ইচ্ছাকৃতভাৱেই কিছু সময় ৰোৱা হ'ল ইয়াত৷ কিছু ৰোমন্থনো হ'ল৷ তাৰ পাছতে অকোৱা-পকোৱাকৈ গৈ থকা ঐতিহাসিক পথটোৰে নান্দনিক শোভাৰ মাজেৰে বাহনখন পুনৰাই দৌৰিব ধৰিলে৷ ইতিহাস বিষয়ক আলোচনাৰে বলেৰ'ৰ ভিতৰভাগ মুখৰ হৈ থাকিল৷ এই বাটেৰে গৈ থাকিলে ভাৰতৰ পৰা ম্যানমাৰ সোমাই চীনৰ কুনমিং পামগৈ৷ সদ্যহতে লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণৰ সমীপৰ পানছালিঙেই পি.পি.ডব্লিউ.এফ. ভ্ৰমণকাৰীৰ কাৰণে লক্ষ্মণ-ৰেখা হ'ব বুলি জানি আহিছোঁ৷ আমি ম্যানমাৰৰ কাচিন প্ৰভিনছত সোমাম৷ সেই ৰাজ্যৰ ৰাজধানী ম্যিটকিইনা৷ আমি যিহেতু ম্যানমাৰলৈ গৈ আছোঁ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সম্পূৰ্ণ নহ'লেও বিশেষ অঞ্চলটোৰ বিষয়ে অন্ততঃ কিছু কথা জানি লোৱাটো উচিত৷ এইটো বিষয়ত গুগুল-গুৰুৰ অবিহনে আন সহায় ঘপহকৈ ঢুকি পোৱাত আৰু নাই৷ সেয়ে, বাকীকেইজনৰ কথা নাজানো, মই হ'লে গুগুল খুঁচৰি এলেকাটোৰ ভূগোল, বুৰঞ্জী, সংস্কৃতি, অৰ্থনীতিৰ আভাস কিছু লৈও থৈছোঁ প্ৰস্তুতি কালতেই৷ উৎসাহতে কাচিন ভাষাৰ অল্পসংখ্যক শব্দ, দৰকাৰ হব পৰা চুটি বাক্যও মুখস্থ কৰি আহিছোঁ৷ পকেট নোটবুকখনত লিখি অনা সেইবোৰ গাড়ীৰ হেন্দোলনিৰ লগে লগে মাজে মাজে পাত লুটিয়াই চাই গৈছোঁ৷ কথাটো কোনেও গম পোৱা নাই অৱশ্যে৷

আৰু কিছু দূৰ অতিক্ৰমি লেখাপানী পালোঁ৷ টাংচা ভাষাৰ 'লাইকা' শব্দৰ পৰাই কালক্ৰমত লেখাপানী নামটোৰ উৎপত্তি হোৱা বুলি জনা যায়৷ আনহাতে ইটালীয়ান শব্দ 'লিউকোপান'ৰ পৰা বৰ্তমানৰ লেখাপানী নামটোৰ প্ৰচলন হোৱা বুলিও বিশ্বাস কৰা হয়৷ পূৰ্বতে উত্তৰ-পূব সীমান্ত ৰেলৱে'ৰ অন্তিম আস্থানটো আছিল লেখাপানীত৷ তিনিচুকীয়া, মাকুম, টিংৰাই, ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, লেখাপানী৷ এতিয়া কিন্তু লেখাপানীৰ পৰিৱৰ্তে লিডুৱেহে সেই মৰ্যাদা দখল কৰিছে৷ হলেও লেখাপানীৰ অস্তিত্ব অৱশ্যে মাৰ যোৱা নাই৷ লেখাপানীৰ এটা প্ৰতীকপট তিনিচুকীয়াৰ ৰেল সংগ্ৰহালয় হেৰিটেজ পাৰ্কত সংৰক্ষিত কৰা হৈছে৷ লেখাপানী ৰেল ষ্টেচনৰ পৰিত্যক্ত ৰূপটো গাড়ীৰ পৰাই দেখিবলৈ পোৱা গল৷ পথৰ সোঁহাতে স্মাৰক এটা৷ বীৰেন্দৰে এইবাৰ স্বজ্ঞানেই গাড়ী ৰখালে৷ আমি ঘপাঘপ নামি গলোঁ৷ লেখাপানীৰ বতাহত আজি আৰু ৰেলগাড়ীৰ উকিৰ কম্পন বিন্দুমাত্ৰও নাই৷ ৰেল লাইনটো আহি যত শেষ হৈছে, ওচৰতে থকা পুৰণা চাইনবৰ্ডখনৰ কাষলৈ গলোঁ৷ চিমেণ্টৰ এই ফলকখন, কাম নাইকিয়া হৈ পৰা লাইনকেইডাল অতীতৰ নিৰৱ সাক্ষী৷ ৰে'লডালৰ শেষ প্ৰান্তত বহি সঞ্জুক ক'লোঁ মোৰ ফটো এখন তুলিবলৈ৷ এই ৰেল আলিটোৱে ইমানদিনে অন্ততঃ ৰাজ্যিক সীমান্তৰ জয়ৰামপুৰক সংযোগ কৰি পেলাব লাগিছিল৷ কাৰ্যতঃ সেয়া নহ'ল৷ সংকুচিতহে হল লিডুলৈ! অনাগত দিনত কি হয় নাজানো৷

ঐতিহ্যমণ্ডিত লিডু ষ্টেচনত যাত্ৰীসহ প্ৰথমখন ৰে'লগাড়ী ৰৈছিলহি ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে৷ সেই তাৰিখতে লিডুত ৰে'ল ষ্টেচন স্থাপন হয়৷ ডিব্ৰুগড়ৰ পৰা অহা ৰে'লখনে দিনৰ ১২.৫৫ মিনিটত লিডু পাইছিলহি৷ মাকুম কয়লা ক্ষেত্ৰৰ পৰা কয়লা বোজাই কৰি পুনৰ উভতি গৈছিল ডিব্ৰুগড়লৈ৷ পৰৱৰ্তী সময়ত ৰে'লপথ সম্প্ৰসাৰিত হৈছিল লিডুৰ পৰা লেখাপানীলৈ৷ লেখাপানীয়ে আছিল ভাৰতীয় ৰে'ল বিভাগৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত মালবাহী ৰে'লৰ অন্তিম ৰে'ল ষ্টেচন৷ বিশেষকৈ কয়লা কঢ়িওৱা মালবাহী ৰে'লৰ চলাচল আছিল৷ পিছত সেয়া বন্ধ হৈ পৰে৷ এতিয়া লিডুৰ পৰা ৩ কিল'মিটাৰ নিলগৰ টিৰাপ চাইডিঙেই ব্ৰডগজ লাইনেৰে অাহিব পৰা মালবাহী ৰে'লৰ অন্তিম সীমা৷ নিউ তিনিচুকীয়াৰ ষ্টেচনৰ পৰা ৫৭ কিল'মিটাৰ দূৰত্বত অৱস্থিত লিডু ৰে'ল ষ্টেচন দেশৰ পূব প্ৰান্তৰ যাত্ৰীবাহী ৰে'লৰ অন্তিমটো ষ্টেচন৷ এই বিশেষত্বই দেশৰ ৰে'ল পৰিৱহণ ইতিহাসত লিডুক বিশেষ মৰ্যাদা আৰু গুৰুত্ব প্ৰদান কৰিছে৷ ভাৰতীয় অৰ্থনীতিত লিডু ষ্টেচনৰ গুৰুত্ব অপৰিসীম৷ অসমৰ সকলোবোৰ ৰে'ল ষ্টেচনৰ তুলনাত লিডু ৰে'ল ষ্টেচনৰ বাৰ্ষিক আয় সৰ্বাধিক৷ ভাৰতৰ সৰ্বাধিক আয় কৰা ৰে'ল ষ্টেচনসমূহৰ ভিতৰতো লিডু অন্যতম৷

লেখাপানীৰ পাছত জাগুন৷ সমগ্ৰ ভাৰতবৰ্ষৰে চাহ আৰু পেট্ৰ'লিয়াম উদ্যোগৰ জন্মস্থান জাগুন সমীপৱৰ্তী ইষ্টাৰ্ণ পাটকাই হিলৰ সুবিস্তৃত পাদদেশ৷ বাটত আমি দিহিং-পাটকাই উৎসৱথলী, চ্যাওলুং চ্যুকাফা ক্ষেত্ৰতো এখন্তেক ৰলোঁ৷ ২০০২ বৰ্ষৰ ১৬-১৯ জানুৱাৰীলৈ লেখাপানী আৰু জাগুনৰ মাজৰ এই স্থলত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা স্থানীয় ৰাইজৰ সহযোগত চলা দিহিং-পাটকাই উৎসৱ স্বৰূপতে পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত এক পৰ্যটন সমাৰোহ যি অসম আৰু অৰুণাচলৰ মানুহৰ মাজত ভাবৰ আদান-প্ৰদান আৰু সম্প্ৰীতি-সমন্বয় বৃদ্ধি কৰাৰ উপৰি জাগুন অঞ্চলৰ গুৰুত্ব বঢ়াই তুলিছে৷ সমগ্ৰ দিহিং-পাটকাই অঞ্চলটোক প্ৰাকৃতিকভাৱে, ঐতিহাসিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে তথা বাৰেবৰণীয়া জনগোষ্ঠীৰ আবাসভূমি হিচাপে দেশৰ ভিতৰতে চহকী অঞ্চল বুলি কোৱা হয়৷ মূল সুঁতিৰ বহু লোকৰ বাবে কম পৰিচিত চিংফৌ, টাইফাকে, টাংচা, চেমা, খামতি, খাময়াং আদি জনজাতিসকলৰ সংস্কৃতি আৰু জীৱনশৈলীক ওচৰৰ পৰা চাবলৈ আৰু জানিবলৈ দিহিং পাটকাই উৎসৱে সুযোগ আনি দিয়ে৷ ক্ষন্তেক ৰৈ নিমাওমাও সমন্বয় মঞ্চ চালোঁ৷ পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধি এই স্থানটিক দিহিং পাটকাই কলাক্ষেত্ৰ হিচাপে এক স্থায়ী ক্ষেত্ৰৰ ৰূপত গঢ়ি তুলিব পাৰি৷

জাগুন তিনিআলিলৈ ইয়াৰ পৰা দূৰত্ব বেছি নহয়৷ চিংফৌ ভাষাৰ 'চা-কুন' শব্দৰ পৰাই কালক্ৰমত জাগুন নামটো হল বুলি পঢ়িবলৈ পাইছিলোঁ৷ কিছুমানৰ মতে চিংফৌসকলৰ জাগুন নামৰ খেলটোৰ পৰাই এই নামটো হ'ল৷ জাগুনৰ পাৰ্বতীপুৰ সাপ্তাহিক বজাৰ তিনিচুকীয়া জিলাৰ ভিতৰতে এখন লেখত লবলগীয়া বজাৰ৷ জাগুন তিনিআলিত ষ্টীলৱেল পথৰ পৰা বাওঁহাতে যোৱা ঠেক বাটটো ৯ কিলমিটাৰ আগত নামচিক্‌ গেট পাৰ হৈ অৰুণাচল প্ৰদেশত সোমাইছে৷ জাগুনৰ পৰা নামচিকলৈকে অসমৰ অঞ্চল৷ তাৰ পাছত অৰুণাচল৷ প্ৰকৃতিপ্ৰদত্ত ঘন বৰ্ষাৰণ্যৰ মাজেৰে মুন্না আৰু মই চেক গেট পৰ্যন্ত গৈছিলোঁ৷ সেয়ে এতিয়া গাড়ীত বহি থকা অৱস্থানৰ পৰাই স্মৃতিবিজড়িত ৰাস্তাটোৰ ফালে এপলক নোচোৱাকৈ থাকিব নোৱাৰিলোঁ৷ ইষ্টাৰ্ণ হিমালয়া বায়'ডাইভাৰ্চিটি হটস্পট নামদফা নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভলৈ যাবলৈ হলে নামচিক্‌ গেটেৰে খাৰছাং, নামফাই পাৰ হৈ মিয়াওঁ পাবগৈ লাগিব৷ তাৰ পৰা প্ৰৱেশৰ অনুমতি-পত্ৰ লৈ নামদফা৷ আদিম অৰণ্য পথেৰে ১৭ কিলমিটাৰ গলে দেৱান৷ মিয়াওঁৰ পৰা ১৫০ কিল'মিটাৰ আঁতৰত বিজয়নগৰ, য'লৈ যাবলৈ আজিৰ তাৰিখতো কোনো স্থলপথো নাই, জলপথো নাই৷ ১০ দিনীয়া এটা পদযাত্ৰাৰে অৰুণাচল তথা ভাৰতৰ এই অন্যতম অন্তিম বিন্দুত উপস্থিত হ'বলৈ, জনজীৱন পৰ্যবেক্ষণ কৰিবলৈ অতিশয় ব্যগ্ৰ হৈ থাকে মােৰ মন, য'ত ১ কিল'গ্ৰাম নিমখৰ দাম ১৫০ টকা, ১ কিল'গ্ৰাম চেনীৰ দাম ২০০ টকা, ১ লিটাৰ মিঠাতেলৰ দাম ৩০০ টকা বুলি শুনিছোঁ৷

১২ কিলমিটাৰ নিলগত জয়ৰামপুৰ গেট৷ ৰাষ্ট্ৰীয় পথেৰে আৰামত আহি থাকি আমি জয়ৰামপুৰ পালোঁহি৷ অৰুণাচল প্ৰদেশ পুলিচ চেক গেটৰ সন্মুখত গাড়ীৰ পৰা নমাৰ লগে লগে চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্যই সন্মোহিত কৰি পেলালে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা এয়া৷ উৎসৱৰ কেইদিন প্ৰৱেশকাৰীক ইয়াতে ইনষ্টেণ্ট ইনাৰ লাইন পাৰ্মিট দিয়া হব বুলি কৈছিল৷ লালপুলৰ ওপৰত দুকাষে দুটা অস্থায়ী কাউণ্টাৰ গাড়ী ৰোৱাৰ লগে লগে সন্মুখৰ আইনাৰ মাজেদিয়ে প্ৰত্যক্ষ কৰিছোঁ৷ আমাৰ প্ৰ-পত্ৰসমূহ ডাউনলড কৰি ঘৰতে সাজু কৰি অনা হৈছে৷ যথাস্থানত জমা দিবৰ বাবে আই.এল.পি. এপ্লিকেচনবোৰ বেগৰ পৰা উলিয়াই হাতত ললোঁ৷ দলঙৰ ওপৰত বাহন কিম্বা প্ৰৱেশ-প্ৰাৰ্থীৰ ভিৰ নাই৷ মাটিত ভৰি দি দৰজাখন মাৰোঁতে সময়লৈ মন কৰিলোঁ৷ বিয়লি ৪ বাজি ২৫ মিনিট গৈছে৷ ইস্‌, পলমেই হ'লচোন!

তেনেকুৱাতে দেখা পালোঁ, বিপৰীত দিশৰ পৰা কোনোবা এজন আহি আছে৷ আমাৰ পৰা কিছু আগত দলঙতে বাইকখন ৰাখিলে৷ অসমৰ ডিফুৰ পৰা ফেষ্টিভেললৈ কোনোবা ভিজিটৰ আহিছে নেকি? তেওঁ তাৰ অনুসন্ধান চলাইছে৷ গে'টত সুধিছে৷ হিন্দীতে আক-তাক প্ৰশ্ন কৰিছে৷ দেখিয়ে মোৰ গাটো চেবালে৷ 'ষ্টপ' শব্দটো সোঁমাজত লৈ বেঁকা হৈ থকা ক'লা-বগা হেঙাৰডালৰ ফালে আগ বাঢ়ি গলোঁ৷ চামৰাৰ জেকেট পৰিহিত জনজাতীয় ডেকাজনলৈ আঙুলি টোঁৱাই কলোঁ মানৱাং ৱাংছা? মূৰ দুপিয়াই শলাগিলে তেওঁ৷ আচম্বিত প্ৰাপ্তিৰ আনন্দত হাঁহিলেও অকণমান৷ আমি হাত মিলালোঁ৷ ঐতিহাসিক ষ্টীলৱেল পথৰ ওপৰতে দলৰ বাকীসকলৰ সৈতে পৰিচয় পৰ্ব চলিল৷ কেইমিনিটমানৰ বিৰতি৷ অৰুণদাহঁতৰ Hyundai Tucsonখনো আহি ওলাল৷ তেওঁলোককো চিনাকি কৰোৱালোঁ কেয়াৰ-টেকাৰজনৰ সৈতে৷



দ্বিতীয় দিন, অংশ-৮

তাৰ পাছতো মই এবাৰ আহিছিলোঁ লিডুলৈ৷ সেয়া ফেব্ৰুৱাৰী, ২০১২ত৷ লিডুৰ নিংৰুলা সমন্বয় ক্ষেত্ৰত বহা অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক অধিৱেশনলৈ আহিছিলোঁ৷ সভাপতি আমাৰ কলেজীয়া শিক্ষা জীৱনৰ অসমীয়া বিষয়ৰ গুৰু ৰংবং তেৰাং ছাৰ৷ মোৰ উচটনিতে যোৰহটীয়া সংগী মুস্তাফা (মুন্না)ও কাম-ধাণ্ডা বাদ দি বাছ সলাই সলাই আহি ওলাইছিল৷ ক'ল ইণ্ডিয়াৰ চিকিৎসালয়ত কৰ্মৰত মুন্নাৰ দদায়েকৰ প্ৰাচীন আংগিকৰ কোৱাৰ্টাৰটোতে সেইকেইদিন বাহৰ পাতি লৈছিলোঁ আমি৷ তেওঁলোকৰ স্কুটীখনেৰে নিৰুদ্দেশ যাত্ৰা এটাও চলাইছিলোঁ৷ দিনবোৰ মনত আছে৷


পাটকাইৰ জীয়ৰী দিহিং নদীৰ পাৰত লিডুৰ ইতিহাস চহকী কৰা লিডু এয়াৰষ্ট্ৰীপৰ চিন-মোকাম এতিয়াও আছে৷ মহাযুদ্ধৰ সময়ত জাপানীৰ ওপৰত আক্ৰমণ কৰিবলৈ তাৰ পৰাই বিমান উৰিছিল৷ মূল ৰাণৱে'ৰ কাষত আছিল কিছুমান সৰু সৰু হেলিপেড৷ আহত সৈনিকৰ চিকিৎসাৰো থলী তাতেই আছিল৷ মিত্ৰশক্তিয়ে যোগান ধৰা বন্দুক-বাৰুদ, খাদ্যসামগ্ৰী, ঔষধপাতি মজুত কৰা হৈছিল তাৰ ওপৰতে, বিমানেৰে বিভিন্ন দিশত যোগান ধৰাও হৈছিল তাৰ পৰাই৷ সেই সামৰিক ব্যস্ততা যুদ্ধ অন্ত পৰাৰ লগে লগে নাইকিয়া হ'ল৷ এয়াৰষ্ট্ৰীপো নিমাওমাও হ'ল৷ তিনিফালে পথাৰে আগুৰা উক্ত এয়াৰষ্ট্ৰীপ এতিয়া দীঘলে ১.০৩ কিলমিটাৰ আৰু পথালিয়ে প্ৰায় ৮০ মিটাৰ৷ লিডু মহাবিদ্যালয়ৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত থকা ঐতিহ্যমণ্ডিত সেই এয়াৰষ্ট্ৰীপক কেন্দ্ৰ কৰিয়ে অসম সাহিত্য সভাৰ লিডু অধিৱেশনৰ থলী নিৰ্মাণ হৈছিল৷ এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰা ৰাণৱে'টো বিশেষ কিছুমান সময়ত সামৰিক বাহিনীৰ পেৰাচেইলিং প্ৰশিক্ষণ, হেলিকপ্টাৰ উৰণ-অৱতৰণ কৰাত ব্যৱহাৰ কৰা হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে নিৰ্মিত এয়াৰষ্ট্ৰীপটো ধুনীয়াকৈ সজাই-পৰাই তুলি পৰ্যটনৰ বিকাশ নিঃসন্দেহে ঘটাব পাৰি৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নাতিদূৰৈত অৱস্থিত এই এয়াৰষ্ট্ৰীপ এডভান্স লেণ্ডিং গ্ৰাউণ্ড (এ.এল.জি.) নতুবা আন্তৰ্জাতিক বিমান বন্দৰলৈও এদিন ৰূপান্তৰিত হ'বগৈ পাৰে৷

ভালকৈ মনত আছে, লিডু এয়াৰষ্ট্ৰীপ চাই মহাসমৰৰ স্বাৰ্থত নিৰ্মিত ষ্টীলৱেল ৰডেৰে সেই তেতিয়া স্কুটীৰে ফোঁ-ফোঁৱাই আগুৱাই মুন্না আৰু মই জাগুন পালোঁগৈ৷ জাগুন তিনিআলিৰ পৰা বাওঁহাতে সোমাই বৰ্ষাৰণ্যৰ মাজেৰে নামচিক্‌ গেটত উপস্থিত হলোঁ৷ কৰ্তব্যৰত অৰুণাচল পুলিচে তাৰ পৰা আৰু এক কদমো আগ বাঢ়িবলৈ নিদিলে৷ আগছোৱা বিপদজনকো হেনো৷ দুয়োৰে আকৌ বিপদক লৈ খেলা কৰাৰহে মতলব! বাধা-নিষেধৰ মাত্ৰাটো বেছি হোৱাত সেই পথে অগ্ৰগতিৰ আশা এৰিলোঁ৷ বিমৰ্ষ মনে জাগুনলৈ ঘূৰি পুনৰ ষ্টীলৱেল পথত উঠিলোঁ৷

বহল আৰু মসৃণ ৰাস্তা পাই স্কুটীয়ে চেকুৰিবলৈ ল'লে৷ লিডুলৈ উভতাৰ নাম নাই৷ পালোঁগৈ জয়ৰামপুৰ গেট৷ ইনাৰ লাইন পাৰ্মিট এটাৰো নাই৷ তালাচী চকীত মোৰ ডিঙিত ওলমি থকা সাহিত্য সভাৰ প্ৰতিনিধিৰ পৰিচয়-পত্ৰখনকে দেখুৱাই দিলোঁ৷ 'লিডুত চলি থকা সাহিত্য সভালৈ আহিছোঁ৷ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ চিমেট্ৰী চাবলৈ যাব বিচাৰোঁ৷' যোজনাটো এইদৰে আৰম্ভ কৰাত সহজেই সেউজ সংকেত পাই গলোঁ৷ মনটো ভাল লাগি গল৷ সাহিত্য-পৰ্যটনৰ নিচান উৰুৱাই বীৰদৰ্পে সোমালোঁ অৰুণাচলত৷

হাঁহি-মাতি কেইকিলমিটাৰমান গৈছোঁ৷ দেখোঁ যে সেনাৰ চে'ক গে'ট! কৰ্তব্যৰত অাছাম ৰাইফলছৰ জোৱানে পায়চাৰি কৰি আছে৷ ওচৰ পাওঁতে আমাক ৰখালে৷ সুধিলে কাঁহাঁ সে আয়া? কাঁহাঁ যানা হ্যায়? চমু উত্তৰ আমাৰ ঘুমনে আয়া৷ তাতে আকৌ ওলাওক ডিফুৰ এ.আৰ.টি.চি.ত ট্ৰেইনিং আৰু ডিমাপুৰত প'ষ্টিং সামৰি অহা এজন৷ কলে… ৱাৰ চিমেট্ৰী তকহি যানা, উসকে আগে নেহী যানা৷ আকৌ বাধা-নিষেধ৷ নগলোঁ৷ সমাধি চাই চেলুট মাৰি তাৰ পৰাই উভতিলোঁ দুয়ো৷ জংঘলৰ মাজত অদৃশ্য হোৱা বাটটোৰ আগছোৱা চাবলৈ খুব হেঁপাহ জন্মিছিল সেই তেতিয়াই৷ হেৰাই যোৱাৰ বাসনা এটাও হৈছিল, গৈ থাকিলেনো কি ক'ত পায় জানিবলৈ৷ কিন্তু নগলোঁ৷ শান্তি ৰক্ষকে বাধা-নিষেধৰ চৰ্ত আৰোপ কৰিয়ে থৈছিল৷ অন্যথা কাৰো নিৰ্দেশত নচলা মানুহ আমি৷ নিজে নিজৰ বছ৷

ঘৰলৈ ঘূৰি অহাৰ পাছত ষ্টীলৱেল পথেৰে সীমান্ত অতিক্ৰম কৰি ম্যানমাৰ আৰু তাৰ পাছত চীন দেশ ওলাবলৈ বেলেগ ধৰণৰ তাড়না এটা কিছুদিনলৈ বেয়াকৈ জাগি আছিল৷ বিভিন্নজনক সুধিছিলোঁও৷ অভিজ্ঞ মানুহৰ পৰা জানি লব বিচাৰিছিলোঁ কিছুমান কথা৷ ফে'চবুকতো লিখি দিলোঁ মনৰ ভাব৷ পিছে নাই৷ কোনো সঁহাৰি, কোনো সূত্ৰই নাপালোঁ৷ সংগী ওলোৱাটো দূৰৰে কথা৷ পৃথিৱী নিশ্চুপ৷ সময়ৰ পাকচক্ৰত তাড়নাও চেঁচাপানী হল৷ ভাগ্যই পিছে এৰা নিদিলে৷ সুৰুঙা ওলাল৷ সেইফাললৈকে আকৌ আহিছোঁ এইবাৰ, নতুন সংগীৰ সৈতে, নতুন উদ্যমেৰে৷ অগস্তি-যাত্ৰাৰ অচিলাৰে অন্ততঃ আৰু কেইকিলমিটাৰমান বিনা বাধাই আগ বাঢ়িব পাৰিম বুলি ভাবিছোঁ৷ অকণ অকণকৈ আগুৱাই ইপ্সিত আকাংক্ষাত উপনীত হ'বও পাৰিমগৈ চাগৈ এদিন, জীৱনটো থাকোঁতেই৷ এইবোৰেই আশা আমাৰ৷

খোৱাৰ টেবুলত মুন্নাৰ দদায়েকৰ পুতেক মণ্টুৱে সেই তেতিয়াই উনুকিয়াইছিল লেক অফ্‌ ন ৰিটাৰ্ণৰ কথা, পাংচু পাছৰ কথা, জানুৱাৰীত নামপঙত হোৱা ডাঙৰ উৎসৱ এটাৰ কথা৷ সেইটো সময়তে ম্যানমাৰলৈ সহজে যাব পাৰিব বুলি মণ্টুৱেই বুদ্ধিটো দিছিল৷ সি আগতে গৈছে৷ কথাটো জানিয়ে জাঁপ মাৰি উঠিলোঁ৷ যাযাবৰী মনটোৱে ধৰফৰণি আৰম্ভ কৰিয়ে দিলে৷ পেঘেনিয়াই পেঘেনিয়াই তাক সুধি ল'লোঁ প্ৰয়োজনীয় কথা৷ কল্পনাৰ ৰথেৰে  তৎমুহূৰ্ততে ভ্ৰমিলোঁও৷ তলে তলে সংকল্প এটা বান্ধি ৰাখিলোঁ যে নিৰ্দিষ্ট সময়টো আহক৷ যাবই লাগিব৷ এনে সুযোগ সতকাই এৰা ভকত নহওঁ৷ লগত কোন যায় নাজানো৷

২০১২ বাগৰি ২০১৩ সোমাল৷ জানুৱাৰীৰ ২০, ২১, ২২ তাৰিখ আহিল৷ যোৰহটীয়া সংগী মুন্না নাহিল৷ সহযাত্ৰী সলনি হল৷ সময়ৰ সৈতে তাল মিলাই ডিফুৰ পৰা নিশাৰ ৰেলেৰে আমি ৪ অনুসন্ধিৎসু সত্যসন্ধানী ওলাই আহিলোঁ৷ আহি এইখিনি পালোঁহি৷ জয়ৰামপুৰৰ ৱাৰ চিমেট্ৰী পৰ্যন্ত যোৱাৰ অভিজ্ঞতাই এতিয়া নিশ্চয় কামত দিব৷ দৰাচলতে তাৰ পাছতহে নতুন কৌতূহলৰ আৰম্ভণি হব, মোৰ ক্ষেত্ৰত৷

পূৰ্বৰ সেই ভ্ৰমণক কেন্দ্ৰ কৰি এইটো পথৰ সোঁৱে-বাঁৱে সহজে পোৱা দৰকাৰী জেগাবিলাকত সহযাত্ৰীসকলক ক্ষন্তেকৰ বাবে হলেও থমকাই সেইবোৰ দেখুৱাবৰ খুব ইচ্ছা গৈ আছে৷ হাতত সময়হে তাকৰ৷ লিডুৰ আগলৈ ক'ল গেদাৰিং ষ্টেচনৰ পৰা আৰম্ভ কৰি পৰ্বতীয়া চাহ বাগিচা, ষ্টীলৱেল পথৰ আৰম্ভণি, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লেখাপানীত থকা লাষ্ট ফ্ৰণ্টিয়াৰ, দিহিং-পাটকাই উৎসৱথলীত আমাৰ গাড়ীচালক বীৰেন্দৰ মাহাতোক ব্ৰেক মৰাবই লাগিব ৷ তাৰ পাছত জাগুন পাৰ হৈ জয়ৰামপুৰ পুলিচ চেক গেট পাম৷ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ কাৰণে ইনষ্টেণ্ট ইনাৰ লাইন পাৰ্মিটৰ বাবে এতিয়াও তাতেই আমি থিয় দিব লাগিব৷


দ্বিতীয় দিন, অংশ-

২ বাজি ৪৫ মিনিট গৈছে৷ ইনথঙৰ চিংফৌ ইক' লজৰ ফালাপৰ বেষ্টনীৰ পৰা অগস্তি-যাত্ৰাৰ নতুন খেপ এটা আৰম্ভ হৈ গল৷ 'ফালাপ' অৰ্থাৎ চাহ আৰু চিংফৌৰ সম্বন্ধ এৰাব নোৱাৰা বিধৰ৷ বিগত ১৯৮৫ চনতে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওঁত Shapawng Yawng Manau Poi নামে চিংফৌ (চাহ) মহোৎসৱৰ আৰম্ভণি হৈছিল৷ বিশেষভাৱে, চাহক কেন্দ্ৰ কৰিয়ে আয়োজিত সেই উৎসৱে অসম, অৰুণাচল, চীন, ম্যানমাৰত সিঁচৰতি হৈ থকা চিংফৌসকলক এসপ্তাহজুৰি একত্ৰিত হোৱাৰ উপৰি স্বকীয় পৰম্পৰা-সংস্কৃতি জীয়াই ৰখাৰ সুযোগ দিছিল৷

ফালাপ বাগিচাৰ মাজেদি গাড়ীখন ধীৰে ধীৰে ওলাই আহোঁতে মানস-পটত ভাহি উঠিল কেতিয়াবাই কিতাপত পঢ়া ১৮২৩ চন, বিছা গাম, ৰবাৰ্ট ব্ৰুছ, নিংৰুলা, মণিৰাম দেৱান ইত্যাদি ইত্যাদি৷ মনে মনে আওৰালোঁ...
Bring me a drop o' tea when morning breaks,
That I may toast the teapot dome of heaven,
And while the sun his forenoon journey takes, 
Bring me a drop o' tea - about eleven; 
And when the midday meal is timed to stop,
Bring me for goodness sake, another drop!
And in the drowsy land of Afternoon,
When time hangs heavy and the spirits droop,
Bring me a little tray, a little spoon,
A little teapot (with a decent stroup),
A little sugar, and a little cream,
A little drop o' tea - and let me dream. ~ A Drop O' Tea, AQUILO

চাহ-ভাবনাত মজি থাকোঁতেই কেনেকৈনাে মাৰ্ঘেৰিটা এৰি ৭-৮ কিলমিটাৰ অতিক্ৰম কৰিলোঁ, লিডু পালোঁ, ক'বই নোৱাৰোঁ! লিডু নামটোৰ উৎপত্তি সম্পৰ্কেও জনশ্ৰুতি আছে৷ এবাৰ কয়লা বহনকাৰী ভাপনাও এখন টিৰাপ নদীত ডুব গৈছিল৷ নদীখনৰ পাৰত বাস কৰা চিংফৌ লোকৰ ভাষাত লি মানে নাও আৰু  মানে ডুব যোৱা৷ চিংফৌ ভাষাৰ এই লিড শব্দটি কালক্ৰমত মানুহৰ মুখত লিডু হলগৈ৷

ইংৰাজৰ আগমন ঘটাৰ পূৰ্বে পৰিৱহণ ব্যৱস্থাৰ একমাত্ৰ সুচল আহিলা আছিল নাও৷ নদী পাৰ হ'বলৈ, সামগ্ৰী কঢ়িয়াবলৈ, চিকাৰলৈ যাবলৈ, মাছ মাৰিবলৈ নাও অপৰিহাৰ্য আছিল৷ চিংফৌ জনজাতিৰ লোকে নৌকা সজাৰ অৰ্থে এই অঞ্চলটিক উপযুক্ত বুলি বিবেচনা কৰিছিল৷ কোনো কোনোৱে কৰা ভাঙনি মতে লি মানে নাও আৰু  মানে কটা৷ লিড শব্দই নাও কটা, নাও সজা ঠাই বুজায়৷ উচ্চাৰণ বিভ্ৰাটত পৰিয়ে লিড নামটি অপভ্ৰংশ ৰূপত লিডু হিচাপে পৰৱৰ্তী কালত সৰ্বপ্ৰচলিত হৈ পৰিল বুলি কোৱা হয়৷ স্থানীয় জনজাতীয় ভাষাৰ পৰা লিডু নামটো উদ্ভুত বুলি এচামে মানি আহিছে৷ চিংফৌসকলৰ এটা খেলৰ নাম চিংডু৷ তাৰ পৰা লিডু হোৱা বুলি সেইসকলে ক'ব খোজে৷ আন এচামে সাব্যস্ত কৰিব বিচাৰে যে অঞ্চলটোৰ উন্নত মানৰ কয়লা আৱিষ্কাৰ আৰু পদ্ধতিগত কয়লাৰ খনি স্থাপন কাৰ্যত লিপ্ত থকা ইটালীৰ অভিযন্তা, জৰীপকৰ্তা আৰু কৌশলী চাৰিজন ব্যক্তিৰ নামৰ আদ্যাক্ষৰেৰে ঠাইডোখৰৰ নামকৰণ কৰা হৈছে৷ সি যি কি নহওক, গাড়ীৰ ভিতৰত এতিয়া আমিও লিডু লিডু বুলিয়ে উচ্চাৰণ কৰিছোঁ৷ চাইনব'ৰ্ডতো দেখা পাইছোঁ লিডু৷ জুৰী বৰা বৰগোহাঞিৰ নৱতম কিতাপখনৰ নামটো মনলৈ আহিল৷ লিড'লাম৷ লিড, লিড', লিডু৷ একেখনেই স্থান, নামটোত অকণমান ইফাল-সিফাল৷ এনেকুৱা বহুমাত্ৰিকতা মোৰ বাবে বৰ আকৰ্ষণীয় কথা৷

মাৰ্ঘেৰিটা মহকুমাৰ এখন সৰু মফচলীয় চহৰ লিডু৷ পাটকাইৰ পাদদেশত, বুঢ়ীদিহিঙৰ পাৰত ইয়াৰ অৱস্থান৷ সদৃশ প্ৰাকৃতিক পৰিৱেশেৰে মাৰ্ঘেৰিটা আৰু লিডু লগালগিকৈ থকা দুখন ইতিহাসবৰ্ণিত ঠাই৷ ভাৰতবৰ্ষৰ ক্ষুদ্ৰ প্ৰতিৰূপ বুলিও যাক উল্লেখ কৰা হয়৷ লিডুত আৱিষ্কৃত কয়লা খনিয়ে সমগ্ৰ দেশতেই উদ্যোগীকৰণৰ সূচনা কৰিছিল৷ পূৰ্বাঞ্চলৰ সৌন্দৰ্য আৰু সম্পদৰ উৎস, এই দুই কাৰকে লিডু আৰু উপকণ্ঠৰ জৈৱ-বৈচিত্ৰ্যকে সামৰি প্ৰাকৃতিক, ভৌগোলিক, অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক দিশত পূৰ্বৰে পৰাই প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷

দ্বিতীয় মহাসমৰ(১৯৩৯-১৯৪৫)ৰ সময়ত সন্মিলিত সৈন্যশক্তিৰ প্ৰধান ঘাটি হৈ পৰিছিল লিডু৷ যুদ্ধ-বিমান উঠা-নমাৰ বাবে ইয়াত এয়াৰষ্ট্ৰীপ সজা হৈছিল৷ পুৰণা লিডু ৰডটিক ষ্টীলৱেল পথ হিচাপে নিৰ্মাণ আৰু নামান্তৰ কৰা হৈছিল৷ লিডু এতিয়া 'কয়লা-নগৰী', 'ক'লা হীৰাৰ দেশ' নামে খ্যাত৷ ৩০ জুলাই, ১৮৮১ত লণ্ডনত গঠন হোৱা দি আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড নামৰ সংস্থাটোৱে ১৮৮২ চনত লিডু কলিয়ৰী আৰম্ভ কৰিছিল৷ ভাৰতৰ অন্তিম পূবৰ ব্ৰডগজ ৰেলপথযুক্ত ষ্টেচনটো ইয়াতে আছে৷ পূব-পশ্চিম-উত্তৰ-দক্ষিণে একাদিক্ৰমে লেখাপানী নৈ, পশ্চিম বৰগোলাই, টিৰাপ নৈ আৰু পাটকাইৰ আৱষ্টনীত এক মনোৰম সাংস্কৃতিক গৱেষণাগাৰ হিচাপে লিডু পৰিচিত৷

টাই ফাকে, টাই খাম্‌তি, টাই খাম্‌য়াং, টাই আহোম, চিংফৌ, টাংচা, চেমা, নক্টে, মিচিং, দেউৰী, হাজং, ৰাভা, সোণোৱাল কছাৰী, মৰাণ, মটক, বড়ো, গোৰ্খা, আদিবাসী, বঙালী, ভোজপুৰী, ৰাজস্থানী, তেলেগু ইত্যাদি হৈছে বুঢ়ীদিহিঙৰ প্ৰসাৰিত উপত্যকা আৰু পাটকাইৰ পাদদেশত বসবাস কৰি থকা বহুৰঙী নৃগোষ্ঠীয়ৰ লগতে অন্যান্য জাতি-জনজাতি৷ লিডুৰ গাতে গা লাগি থকা পাটকাই পৰ্বতৰ বুকুত উদ্‌ঘাটিত কলা হীৰাই হল অঞ্চলটিৰ জীৱন-যাত্ৰাৰ মুখ্য স্পন্দন৷ গাড়ীখন চলি থাকোঁতে 'কালা পাত্থৰ' নামৰ হিন্দী বোলছবিখনলৈ মনত পৰিল৷ স্কুলীয়া ছাত্ৰাৱস্থাতেই চোৱা৷ পটভূমি আছিল কয়লা খনিৰ৷ অমিতাভ বচ্চন (বিজয়), শশী কাপুৰ (ৰবি), শত্ৰুঘ্ন সিন্‌হা (মংগল), ৰাখী (সুধা), পাৰবিন বাবী (অনিতা), নিতু সিং (চান্নু), প্ৰেম চোপ্ৰা, সঞ্জীৱ কুমাৰ, পৰীক্ষিত চাহানি অভিনীত, ১৯৭৯ চনৰ ২৪ আগষ্টত মুক্তিপ্ৰাপ্ত য়শ চোপ্ৰাৰ ছবি৷ एक रास्ता है जिंदगी, जो थम गए तो कुछ नहीं... চিনেমাখনৰ মোৰ ভাল লগা গীতটো গুণগুণাবলৈ ধৰিলোঁ৷


পৰ্যটনৰ বিভিন্ন সমলেৰে সমৃদ্ধ আৰু উজ্জ্বল সম্ভাৱনাৰে পুষ্ট লিডুৰ ফালে মই প্ৰথমবাৰ আহিছিলোঁ বিগত ২১.১১.১৯৮৭ত৷ পাৱেট, হোষ্টেল নং ৩ৰ আৱাসী হিচাপে যোৰহাটৰ পৰা বাছ লৈ টিপং কলিয়ৰীলৈ গৈছিলোঁ, টিপং নৈৰ পাৰত পিকনিক খাবলৈ৷ তেতিয়াই কয়লা ক্ষেত্ৰৰ খনন আৰু পৰিৱহণ দেখিছিলোঁ৷ পিছল নেৰগজ ৰেল লাইনৰ ওপৰেৰে সাৱধানতাৰে খোজ দি আমি ইফালে-সিফালে পিটপিটাই ফুৰিছিলোঁ৷ শিলাময় খৰস্ৰোতা নৈ খন কুলু-কুলু সুৰেৰে বৈ গৈছিল৷ ৰঙচুৱা শিলৰ ওপৰত বহি ফটো উঠিছিলোঁ৷ আঁজলি ভৰাই খাইছিলোঁ সুনিৰ্মল পানী৷ টিপং হাউচ নামৰ আলহীঘৰটোৰ সন্মুখত ফটোচেচন চলিছিল৷ সুৰংগৰ সন্মুখত, কয়লা খনিৰ মুখত, ঠেক ৰেল দলঙৰ ওপৰত আমি পজ দিছিলোঁ৷ পাহাৰ বগাইছিলোঁ৷ চুই চাইছিলোঁ ব্লেক ডায়মণ্ড৷ বনভোজৰ অন্তত ওলমা সাঁকোৰ ওপৰেৰে পাহাৰীয়া নৈ এখন পাৰ হৈ নগা গাঁও ভ্ৰমিছিলোঁ৷ কোন গাঁও আছিল, কি নৈ আছিল, নাম এতিয়া মনত নাই৷ মানুহখিনি চেমা নগা আছিল বোধ হয়৷ অচিনাকি নগা গাভৰুজনীৰ নামটো হ'লে আজিও মনত আছে৷ থিইলী৷ থিইলীৰ লগত পৰিচয় হৈ, সিহঁতৰ ঘৰত প্ৰৱেশ কৰি ককায়েকৰ সৈতে আলাপ কৰিছিলোঁ, চাহ খাইছিলোঁ৷ সেইবোৰ দিন অতীত হল ঠিকেই, স্মৃতি কিন্তু ফট্‌ফটীয়া আৰু সজীৱ হৈয়ে আছে৷ সময়ৰ দলিলস্বৰূপ ৰঙীন ফটোগ্ৰাফকেইখনো এলবামটোত ভালেই আছে৷ স্মৰণীয় অভিজ্ঞতাবোৰ এতিয়া এইটো ছেগতে এবাৰ মনত পেলাবলৈ সুযোগ পাইছোঁ৷ এই ভ্ৰমণে সেই সুযোগ দিছে৷

জীৱন বাটত এতিয়া পাত্তা নাইকিয়া হৈ পৰিল যদিও বনভোজ দলটোৰ ফটোবিলাকত জিলিকি থকা ঘনিষ্ঠ সহপাঠী আৰু কনিষ্ঠসকলকে ধৰি চিনাকি মুখবোৰ ক্ৰমে চন্দন, ধৰ্মেন, দুল, কীৰ্তি, কৰুণা, সৌমেন্দ্ৰ, কুলেন, ছিদ্দিক, তৰুণ, বিপুল, ৰাজেন, মুকুল, ভদ্ৰ, ভূপেন, অচ্যুত, ভাস্কৰ, বকুল, পুতুল, বিদ্যা, প্ৰাঞ্জল, জালাত; হোষ্টেলৰ পৰাই লৈ যোৱা ৰান্ধনি মণিদা, কলীয়াহঁতক কতনো পাহৰিব পাৰোঁ? সোঁৱৰণিত সকলো সুসংৰক্ষিত হৈ আছে৷ পিছে সময়হে সলনি হল৷ ২৬ বছৰৰ আগৰ লিডুৰ বাট-পথ আৰু পৰিৱেশ-প্ৰকৃতিও তেতিয়াৰ সৈতে এতিয়া নিশ্চয়কৈ নিমিলে৷


দ্বিতীয় দিন, অংশ-

বন্ধুৰ পৰা বিদায় লৈ এইবাৰ আমি ওলালোঁ ইনথঙত থকা চিংফৌ ইক লজ বিচাৰি৷ মাৰ্ঘেৰিটা চহৰৰ পৰা থানাৰ কাষেৰে পেঙেৰী পথেদি ৬ কিলমিটাৰমান ভিতৰলৈ সোমাই আহি ঠাইটুকুৰা আৱিষ্কাৰ কৰিলোঁ৷ ঘড়ীয়ে কলে, ১ বাজি ৪৫ মিনিট গ'ল৷ পথৰ বাওঁহাতে ২.৫ বিঘা ভূমি এলেকাৰে জৈৱিক চাহ খেতিৰে আগুৰা শান্ত-সমাহিত বিশাল চৌহদ৷ চিংফৌ পৰম্পৰাগত গৃহ এটা অলপমান পাছলৈ নিৰৱে অথচ সগৌৰৱে থিয় হৈ আছে৷ ইয়াতে আমাৰ বাবে মধ্যাহ্ন আহাৰৰ বন্দৱস্ত কৰি ৰখা হৈছিল৷ তিনিচুকীয়াৰ পৰাই মণ্টুৱে প্ৰতিমা বাইদেউক ফোনযোগে জনাই দিছিল৷ অৰুণদাহঁতৰ টীমটোকো ইয়াতেই লগ পোৱাৰ কথা৷ ভাবি থৈছোঁ, একেলগে ভাত খাম৷ পাছৰছোৱাত শাৰী পাতি যাত্ৰা কৰিম৷

সন্মুখৰ ফুলনিখনত ৰমক-জমককৈ ফুলি থকা ভিন্নৰঙী ডালিয়া ফুলবোৰে আমাক সম্ভাষণ জনাবলৈকেহে যেন ৰৈ আছিল! পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে আনতকৈ সুকীয়া ধৰণৰ অৱস্থানটো গাড়ীৰ পৰা নামোঁতে প্ৰথম দৰ্শনতে ভাল লাগি গল৷ আৰ.চি.চি. ফ্ৰেমৰ ওপৰত বাঁহ, কাঠ, টকৌপাতেৰে চিংফৌসকলৰ পৰম্পৰাগত আৰ্হিত নিৰ্মিত প্ৰকাণ্ড ঘৰ এইটো৷ পদাৰ্পণৰ উদ্দেশ্যৰে তলতে জোতা খুলি থৈ কাঠৰ চিৰি বগোৱাত লাগি গলোঁ৷ এনেকুৱা মাদকতাময় মুহূৰ্তবোৰ উপভোগ কৰাত অকণো কৃপণালি কৰিব নোৱাৰি৷ বেতৰ চকীত বহিলোঁ অলপ সময়৷ চিনাকি পৰ্বৰ পাছতে বাহিৰে-ভিতৰে এফালৰ পৰা পৰিদৰ্শন কৰিবলৈ মন গ'ল৷

২০০৮ চনৰ ৮ নৱেম্বৰত অসম চৰকাৰৰ তদানীন্তন শক্তি, উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে চিংফৌ ইক লজটি মুকলি কৰিছিল৷ চিংফৌ জনগোষ্ঠীৰ লোকে পৰিচালনা কৰা সামূহিক ভিত্তিক আঁচনিলৈ ধৰমপাল সত্যপাল গ্ৰুপ লিমিটেডে ২০০৬ চনত অৰ্থ সাহায্য আগ বঢ়াইছিল৷ ২০০৭ত আঁচনিখন সমাপ্ত হৈছে৷ ১০টা কোঠাযুক্ত এই নিৱাসটো এতিয়া চিংফৌ ইক টুৰিজিম চচাইটিয়ে চলায়৷ এয়া ৰিজৰ্ট নহয়৷ হোটেলো নহয়৷ চিংফৌ জীৱনচৰ্যা আৰু সম্পূৰ্ণ ঘৰুৱা ব্যৱস্থাপনাৰে ইয়াত থকা-খোৱাৰ সুন্দৰ সুবিধা উপলব্ধ৷ মদ খোৱা আৰু হৈ-হাল্লা নিষিদ্ধ৷

মেনেজাৰ মানজেলা চিংফৌক লগ পাই কথা পতাৰ পাছত সদলবলে ৰান্ধনীশালত সোমালোঁগৈ৷ পৰম্পৰাগত পাকঘৰ এটা৷ পৰম্পৰাগত খাদ্য-সম্ভাৰেৰে আমাৰ বাবে দিনৰ সাঁজৰ যো-জা চলাই গৈছে প্ৰতিমা নিংদা বাইদেউৰ তত্ত্বাৱধানত কেইবাগৰাকীও চিংফৌ মহিলাই৷ ইফালে অৰুণদাহঁত অৰ্থাৎ ইটো দল আহি পোৱাই নাই৷ তেওঁলোকে জোখতকৈ অধিক পলম কৰা দেখি বাইদেৱে আমাক ভাত খাই লবলৈ পৰামৰ্শ দিলে৷ মোৰ নিৰামিষ ভোজন৷ তৰাপাতত বন্ধা টোপোলা ভাত, পোৰা বিলাহী, বেঙেনা, আলু পিটিকা, সিদ্ধ লাইপাত ইত্যাদি ইত্যাদি৷ বাঁহৰ গাধৈৰ ওপৰত পাৰি ৰখা কুশ্বনত আমি বহি লৈছোঁ৷ চালপীৰাত ধুনীয়াকৈ সজাই দিছে দুপৰীয়াৰ আহাৰ৷

খাই আছোঁ৷ তাৰ মাজতে ফোনটো সশব্দে বাজি উঠিল৷ অৰুণদাই কৰিছে৷ ৰাস্তা চিনাত অসুবিধা হৈছে৷ একেৰাহে গাড়ী চলোৱাত দুৰ্দান্তভাৱে অভ্যস্ত যদিও হাৰ্বাৰ্ট ক্ৰ এইটো বাটত একেবাৰেই নতুন৷ আমি এইফালৰ পৰা বটাই থকা পথ নিৰ্দেশনা অনুসৰণ কৰি ৫জনীয়া টীম-বিৰ Hyundai Tucson অলপ পাছত চৌহদৰ ভিতৰলৈ গহীন গতিত সোমাই আহিল৷ একে লক্ষ্য লৈ দুখন গাড়ীৰে ওলোৱা ১০জন এড্‌ভেন্‌চাৰাৰ নিজান বিয়লিটোত হাঁহি-আনন্দৰে একত্ৰিত হলোঁ মাৰ্ঘেৰিটাৰ জনপদৰ পৰা আঁতৰৰ নিৰিবিলি স্থানডোখৰত, চিংফৌ ইক লজত৷

বিদেশী পৰ্যটকেৰে অনৱৰতে ভৰি থাকে এই স্থল৷ সকলো সময়তে শান্তি আৰু নিৰৱতা বৰ্তাই ৰখা হয়৷ নিৰ্জনতাত কুঠাৰাঘাত কৰি অলপ পাছতে হুকু হুকু বিকট আটাহ এটা চৌদিশে ফাটি-ফুটি গল৷ চিনি পোৱাত পিছে অকণো অসুবিধা নহল আমাৰ৷ আশ্চৰ্যচকিত হৈ ৰাজু গগৈয়ে ক'লে, 'এইটো হলৌ বান্দৰৰ মাত৷ তেনেই ওচৰতে আছে যেন লাগিছে৷' লুপ্তপ্ৰায় প্ৰজাতিৰ হলৌ বান্দৰ এজনী ইয়াত আছে বুলি কৰ্মৰত চিংফৌ যুৱক এজনে জনালে৷ কিছু বছৰৰ আগলৈকে এই অঞ্চলত ভালেসংখ্যক আছিল৷ খাদ্যতৃপ্তিৰ বাবেই মানুহে মাৰি খাই শেষ কৰিলে৷ অৱশেষ এইজনীয়ে বাচি আছেগৈ৷ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বসতিলৈ চাই এই অঞ্চলত পূৰ্বতে হোলোং-নাহৰ শ্ৰেণীৰ বনাঞ্চল আছিল বুলি ধাৰণা কৰা যায়৷

অকলশৰীয়া বান্দৰীজনীক আমি ভাত খাই উঠাৰ পাছত নিজ চকুৰেও দেখিলোঁ৷ গগন ফালি কেইবাৰমান চিঞৰাৰ পাছত পিছফালে মনে মনে বহি আছিল৷ এতিয়া দীঘল বাৰাণ্ডাৰে জপং জপংকৈ উঠি আহি কৰিডৰেদি হুৰমূৰাই আগফাল পালেগৈ৷ এনেকৈয়ে নিৰ্বিবাদে তাই ইয়াত ঘূৰি ফুৰে৷ কিবা দিলে খায়৷ ওকণিও চাই দিয়ে হেনো৷ পোহনীয়া ঘৰুৱা প্ৰাণীৰ দৰেই দিন কটাই আছে বৰ্ষীয়ান হলৌজনীয়ে৷ ইয়ালৈ আহি বান্দৰক লৈ অভিজ্ঞতা এটা জীৱনত পুনঃবাৰ সঞ্চয় হল৷ ক'ব নোৱাৰাকৈয়ে বাওঁহাতৰ তৰ্জনী আঙুলিৰ গুৰিটো চকুৰ আগলৈ আহিল৷ শিশু অৱস্থাতে বান্দৰে বখলিওৱাৰ চিন৷ কপালত মৰা আঁচোৰটোও অদ্যাপি মাৰ যোৱা নাই৷ তেতিয়াৰে পৰাই এই দুটা মোৰ শৰীৰৰ আইডেণ্টিফিকেচন মাৰ্ক৷

মানৱাং ৱাংছাৰ পৰা বাৰেপতি ফোন আহি আছে৷ আমাক আদৰিবলৈ পি.পি.ডব্লিউ.এফ.ৰ ব্যৱস্থাপনা উপ-সমিতিৰ ফালৰ পৰা তেওঁক কেয়াৰ-টেকাৰৰ দায়িত্ব দিয়া হৈছে৷ মানুহজন জয়ৰামপুৰ গেটত ইতিমধ্যে অৱস্থানৰত৷ ৪ বজাৰ আগতে তেওঁ আমাক চে'ক গেট পাবলৈ নিৰ্দেশ দিছে৷ কথা শুনি নিজকে কিবা ভি.আই.পি.-ভি.আই.পি. লাগি গৈছে৷ আৰিফ ছিদ্দিকীৰ পৰাও তদাৰকী ফোন পালোঁ৷ চিন্তা কৰি চালোঁ যে অৰুণদাহঁতে ভাত-পানী খাই আহি থাকক৷ আমি আগ বাঢ়ি থাকোঁ৷ দুয়ো কুল ৰক্ষাৰ্থে টীম-বিক এৰি থৈ আমি আগুৱাই থকাৰ প্ৰস্তাৱ দিলোঁ৷ মানৱাঙৰ আহ্বানক্ৰমে গেটত সময়মতে উপস্থিত হৈ যাৱতীয় কামখিনি আগে-ভাগে সমাপ্ত কৰি লোৱাটো উচিত হব৷ অৰুণদাহঁতৰ বাবে জয়ৰামপুৰতে আমি ৰম৷ অৰুণাচল প্ৰদেশ পুলিচ চেক গেট অসম-অৰুণাচলৰ সীমান্তৰ জয়ৰামপুৰত অৱস্থিত৷ মাৰ্ঘেৰিটাৰ পৰা তালৈকে প্ৰায় ৪০ কিলমিটাৰ যাব লাগিব৷


Sunday 28 January 2018

দ্বিতীয় দিন, অংশ-

প্লেটফৰ্মত নমাৰ পাছত বীৰেন্দৰ মাহাতোলৈ ফোন কৰিলোঁ৷ মাহাতো আমাৰ বাবে আহিবলগীয়া গাড়ীখনৰ চালক৷ ষ্টেচনৰ পাৰ্কিং জ'নত আগৰে পৰাই অপেক্ষা কৰি আছিল খীণ কায়াৰ অচিনাকি মানুহজনে৷ দলৰ সদস্যসকলৰ হাতত বয়-বস্তু বৰ বেছি নাই৷ গতিকে তেওঁৰ নিৰ্দেশত সোনকালেই বাহিৰ হৈ আহি মহিন্দ্ৰ বলেৰখনত বহিলোঁ৷ মাহাতোক সাঙুৰি এতিয়া আমাৰ টীম-এৰ সদস্যৰ সংখ্যা ৫ হল৷

পৰিচয় প্ৰসংগত জানিলোঁ, চালকজনৰ ঠিকনা শুকান পুখুৰী, শৰ্মা লাইন ধাবা, তিনিচুকীয়া, অসম৷ ইঞ্জিন ষ্টাৰ্ট দিয়াৰ পাছত তেওঁ আমাক পোনে পোনে এ. টি. ৰডৰ প্ৰকাশ বজাৰৰ সমীপত থকা Hotel Ballerinaলৈ নিলে৷ সেইমতেই আগতীয়া নিৰ্দেশনা দিয়া আছিল তেওঁক৷ হোটেলখনতো এটা কোঠা আমাৰ বাবে সংৰক্ষণ কৰি থোৱা হৈছিল৷ কম সময়ৰ ভিতৰতে আমি প্ৰাতঃকৰ্ম, গা-পা ধোৱা-পখালা আদি কৰি অঁটালোঁ৷ তাৰ মাজতে মই এবাৰ তললৈ নামি আহি আৰিফ ছিদ্দিকীলৈ ফোন লগালোঁ৷ আমাৰ যাত্ৰাটোৰ অগ্ৰগতিৰ শেহতীয়া খতিয়ান আৰু পৰৱৰ্তী কাৰ্যসূচী কেনে ধৰণৰ হব জনাই থলোঁ৷

১০ বাজিবলৈ কেইটামান মিনিট বাকী৷ হোটেল এৰি এতিয়া আমি ওলাইছোঁ সঞ্জু আৰু মোৰ পুৰণা বন্ধু মণ্টু, মণ্টু দাসৰ বাসস্থানলৈ৷ মণ্টু তিনিচুকীয়াত Motor Vehicle Inspector হিচাপে কৰ্মৰত৷ আমাৰ শৈশৱ কালৰে চিনাকি মণ্টুৱেই আমাৰ বাবে গাড়ী এখনৰ বন্দৱস্ত কৰি দিয়াৰ উপৰি হোটেলৰ ৰূম বুক কৰি ৰাখিছিল, সঞ্জুৱে ফোনযোগে এবাৰ অনুৰোধ কৰা মাত্ৰকে৷ মণ্টুক প্ৰায় ৩৬ বছৰৰ মূৰত লগ পাম৷ চালকজনে ভাৰাঘৰটো চিনি পায়৷ তাত প্ৰৱেশ কৰাৰ আগে আগে ভাল চাই মিঠাইৰ দোকান এখনত সোমাই সঞ্জু আৰু মই ভালেকেইবিধ মিঠাই কিনি ললোঁ৷ কাৰবি পৰম্পৰাগত চোলা এটা সঞ্জুৱে মণ্টুলৈ ডিফুৰ পৰাই লৈ আহিছে৷

এই এড্‌ভেন্‌চাৰ যাত্ৰাটোৱে আৰম্ভণিতেই আমাৰ মাজত সুদীৰ্ঘ দিন ধৰি দেখাদেখি নোহোৱাকৈ থকা শৈশৱৰ সংগী এজনৰ সৈতে মুখামুখি কৰোৱালে, পৰিয়ালৰ সদস্যসকলৰ সৈতেও পৰিচয় হোৱাৰ সুযোগ দিলে৷ একেলগে বহি আটায়ে মত বিনিময় কৰিলোঁ৷ মণ্টুৰ পৰিবাৰ শেৱালি, ছোৱালী নীহাৰিকা, ৰা আকাশৰ সৈতে হাঁহি-মাতি বাৰ্তালাপৰ সমানে সমানেই আমি তেওঁলোকৰ আতিথ্যত পুৱাৰ আহাৰ খালোঁ৷ কম সময়ৰ সাহচৰ্য যদিও সোণালী অতীতৰ মধুৰ সোঁৱৰণিয়ে বিশেষকৈ তিনিওজনকে বেলেগ এখন জগতলৈ লৈ গল৷ ভৱিষ্যতে যোগাযোগ ৰক্ষা কৰি চলাৰ প্ৰতিশ্ৰুতিৰে তিনিচুকীয়া এৰিবৰে বেলি হলহি৷ ১১ বজাৰ অলপ পাছতে আমি বিচ্ছিন্ন হ'লোঁ৷

এ.এছ.২৩-এইচ-১৪৫৫ নম্বৰৰ বগা বলেৰখনেৰে এতিয়া আমাৰ লক্ষ্য প্ৰায় ৫৫ কিল'মিটাৰ আঁতৰৰ মাৰ্ঘেৰিটা৷ মণ্টুৰ ঘৰৰ পৰা অকাই-পকাই উলিয়াই আনি বীৰেন্দৰে মূল পথটোত উঠালে৷ তিনিচুকীয়াৰ অলি-গলি সকলো তেওঁৰ চিনাকি৷ মাকুম মটৰছ পেট্ৰল পাম্পত ২,৫১০ টকাৰে ফুল টেংকি তেল ভৰাই লোৱা হল যাতে যাত্ৰাকালত ইন্ধনৰ বিষয়ত অকণো মূৰ ঘমাবলগীয়া নহয়৷ হিচাপ-ৰক্ষক হোৱাৰ সুবাদতে বাটত হোৱা খৰচ-পাতিৰ হিচাপ, কেচ মেম ইত্যাদি কাগজবোৰ মোৰ পকেটত এখন-দুখনকৈ জমা হব ধৰিলে৷

ভাৰতীয় তেল উদ্যোগৰ জন্মস্থান ডিগবৈলৈ তিনিচুকীয়াৰ পৰা ৩৯ কিল'মিটাৰ৷ ৮ কিল'মিটাৰ গৈ মাকুমত আমি ৰে'লগে'ট পাৰ হ'লোঁ৷ মাৰ্ঘেৰিটা আৰু লিডুৰ নামকৰণৰ পূৰ্বে সমগ্ৰ অঞ্চলটো মাকুম ক্ষেত্ৰ বুলিয়ে ব্ৰিটিছসকলে নামকৰণ কৰিছিল৷ মাকুমৰ ইতিহাস সমন্বয়ৰ ইতিহাস৷ আন কথাত এই ভূখণ্ড জনগোষ্ঠীয় সমন্বয় ক্ষেত্ৰ৷

মাকুমৰ দ্বিতীয় অসম পুলিচ বেটেলিয়ন কেম্পৰ পৰা টিংৰাই বগাপানী পৰ্যন্ত প্ৰায় ১০ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথছোৱা এছিয়াৰ ভিতৰতে পোন ৰাস্তা৷ আমি উৎসাহেৰে এই সৰলৰৈখিক পথখণ্ড অতিক্ৰম কৰিলোঁ৷ ডিগবৈ পাওঁ পাওঁ হলোঁ৷ তিনিচুকীয়া জিলাৰ ই এখন প্ৰধান নগৰ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা উচ্চতা ১৬৫ মিটাৰ৷ ওখ-চাপৰ পাহাৰীয়া হেতুকে ডিগবৈক উজনি অসমৰ শ্বিলং বুলি কোৱা হয়৷ 'Dig-boy-dig' শব্দৰ পৰাই ডিগবৈ নামটোৰ উৎপত্তি৷ আন এক তথ্য অনুসৰি বড়োমূলীয় 'দিবৈ' শব্দৰ পৰা কালক্ৰমে ডিগবৈ হৈছে৷ বড়ো ভাষাত 'দি' মানে পানী, 'বৈ' মানে জান৷ ১৯ শতিকাৰ শেষত ইয়াতে খাৰুৱা তেল আৱিষ্কাৰ হৈছিল৷ ডিগবৈৰ পৰা প্ৰায় ৩০ কিল'মিটাৰ পূব দিশে থকা নামচিক্‌ নৈৰ পানীত খাৰুৱা তেলৰ চামনি দেখা গৈছিল৷ এছিয়াৰ ভিতৰতে প্ৰথমটো তেল পুং খন্দা হৈছিল ডিগবৈত৷ মহাদেশখনৰ ভিতৰ প্ৰাচীন তেল শোধনাগাৰটো ইয়াতে আছে৷ ১৯০১ চনত Assam Oil Company Limited প্ৰতিষ্ঠা কৰিছিল সেই ৰিফাইনেৰী৷ মই আগতেও এবাৰ আহিছিলোঁ 'তৈল-নগৰী' বুলি জনাজাত ডিগবৈ চহৰলৈ৷ সেই যাত্ৰা এতিয়াৰ পৰা কমেও ১২ বছৰৰ আগৰ৷ মুহূৰ্তবোৰ পাহৰা নাই, মনত আছে৷

ডিগবৈ-মাৰ্ঘেৰিটা-লিডু 'তিনিজনী সোণৰ কণী পৰা হাঁহ' বুলি অভিহিত কৰা হয়৷ কয়লা, তেল, কাঠ, চাহ৷ এই অঞ্চলটোৰ অৰ্থনৈতিক গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি৷ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশৰ পৰাই এই অঞ্চলটো বৈশিষ্ট্যপূৰ্ণ৷ নাতিদূৰৰ পাটকাই পাহাৰতে ভাৰতৰ আন্তৰ্জাতিক সীমাৰেখা৷ আন্তৰ্জাতিক ৰাজনৈতিক-অৰ্থনৈতিক দিশৰ পৰা বৃহত্তৰ অঞ্চলটো আজিও এটা ষ্ট্ৰেটেজিক পইণ্ট বুলি কোৱা হয়৷

ডিগবৈ, মাৰ্ঘেৰিটা, লিডু অসমৰ এনে কেইটামান অনন্য-সাধাৰণ নাম যি সোঁৱৰাই দিয়ে উত্তৰ-পূব ভাৰতৰ প্ৰথম উদ্যোগীকৰণৰ কাহিনী৷ অৰ্থৱহ আৰু সাংগীতিক ভাবযুক্ত এই নামকেইটা, ঐতিহ্যপূৰ্ণ এই ঠাইবোৰ মোৰ ভাল লাগে৷ আন্তৰ্জাতিক সীমান্তৰ মৃত্যু উপত্যকা, ম্যানমাৰৰ কোনো উভতি নহা হ্ৰদ, অৰুণাচলৰ পাংচু পাছ শীতকালীন মহোৎসৱ দৰ্শন কৰিবলৈ অহা ভ্ৰমণকাৰীৰ বাবে অসমৰ এই ঠাইবোৰ নিঃসন্দেহে একো একোটা গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব পাৰে৷


সূৰুযে ইতিমধ্যে ৰদৰ দলিচা পাৰি দিছে৷ ফুৰফুৰীয়া শীতৰ আমেজে উত্তেজনা বঢ়াই আনিছে৷ গাড়ী আগ বাঢ়িছে মাৰ্ঘেৰিটালৈ৷ ফোনত গম পাই আছোঁ, অৰুণদাহঁত আহি আছে৷ তিনিচুকীয়া পাইছে৷ ১৬ কিল'মিটাৰ আঁতৰৰ মাৰ্ঘেৰিটাতে আমি লগ হম৷ সমুদ্ৰ পৃষ্ঠৰ পৰা মাৰ্ঘেৰিটাৰ উচ্চতা ১৪০ মিটাৰ৷

ডিগবৈ-মাৰ্ঘেৰিটা-লিডুৰ উত্থান কাহিনী অনুসৰি মাৰ্ঘেৰিটাৰ পুৰণা নাম আছিল মাকুম৷ কোনো কোনোৰ মতে 'মাকুম' টাই শব্দ৷ কোনোৰ মতে 'মা' খামতি, 'কুম'হে টাই শব্দ৷ 'মাকুম'ৰ অৰ্থ হৈছে অহা আৰু গোট খোৱা বা লগ লগা৷ 'মা' শব্দৰ অৰ্থ অহা, 'কুম' শব্দৰ অৰ্থ গোট খোৱা বা লগ লগা৷ অৰ্থাৎ সংগমস্থল বা মিলনৰ ঠাই৷ আন এক সূত্ৰই মাকুম শব্দটো চিংফৌ ভাষাৰ পৰা উদ্ভৱ হোৱা বুলি ক'ব বিচাৰে৷ তেওঁলোকৰ মতে 'মাহকুম' শব্দৰ পৰাই মুখ বাগৰি মাকুম হ'ল৷ সময়ৰ চকৰিত মাকুম গুচি এদিন মাৰ্ঘেৰিটা হল৷

ব্ৰিটিছ চিকিৎসক জন বেৰী হোৱাইট অসমৰ চিকিৎসাবিদ্যাৰ বাটকটীয়াই নহয় এই ৰাজ্যৰ খনিজ সম্পদসমূহৰ আৱিষ্কাৰৰো বাটকটীয়া আছিল৷ অসমৰ তৈলক্ষেত্ৰসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেওঁৰ নাম জড়িত হৈ আছে৷ ডাক্তৰ হোৱাইটৰ কন্যা মাৰ্গাৰেটৰ নামৰ পৰাই মাৰ্ঘেৰিটা নামটো উদ্ভৱ হোৱা বুলি কোৱা হয়৷ ঊনবিংশ শতিকাৰ সপ্তম দশকত ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী কাৰ্যসূচীৰ অন্যতম নায়কজনৰ কন্যা মাৰ্গাৰেটৰ এই অঞ্চলৰ অৰণ্যৰ ভিতৰত কৰুণভাৱে মৃত্যু ঘটিছিল৷ সেই কাৰণে অঞ্চলটোৰ নাম মাকুমৰ ঠাইত মাৰ্গেৰিটা দিয়া হয় বুলি এচামে কয়৷ অন্য এক সূত্ৰ অনুসৰি কলা হীৰা আৰু পনীয়া সোণৰ অন্বেষণকাৰী The Assam Railways and Trading Company Limitedএ ইটালীৰ ৰাণী মাৰ্গাৰেটৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত তেওঁলোকৰ এই উপনিৱেশৰ নাম ৰাখিছিল মাৰ্গেৰিটা৷ ৰাণীৰ সন্মানাৰ্থে ১৮৮৪ চনত এই নামকৰণ কৰা হৈছিল৷ চেভালিয়াৰ ৰবাৰ্টো পেগানিনি নামৰ ইটালিয়ান মূলৰ এজন অভিযন্তাই এই নামটো ৰাখিছিল৷ মাৰ্গেৰিটাৰ পৰাই মাৰ্ঘেৰিটা৷ তেতিয়াৰ পৰা বিশ্বদৰবাৰত মাৰ্ঘেৰিটা হিচাপে পৰিচিত হৈ আহিছে৷ লিডুৰ নামকৰণ তাৰো পূৰ্বে হৈছিল৷

চাৰিওফালৰ মনোৰম প্ৰাকৃতিক দৃশ্য আৰু ঐতিহাসিক ৰে'ল দলং হ'ল মাৰ্ঘেৰিটাৰ আকৰ্ষণ৷ তদুপৰি এসময়ত মাৰ্ঘেৰিটাতেই প্ৰথমে স্থাপন হৈছিল North-East Frontier Agency, NEFAৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ আছিল অতীব স্পৰ্শকাতৰ আৰু ব্যস্ততাপূৰ্ণ অঞ্চল৷ বুঢ়ীদিহিঙৰ দুয়োপাৰে অৱস্থিত ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটাক ২০০২ চনত আনুষ্ঠানিকভাৱে নগৰ ঘোষণা কৰা হৈছে৷ ৰাষ্ট্ৰীয় জনগণনাৰ ওপৰত ভিত্তি কৰি মাৰ্ঘেৰিটা, ডিগবৈ এতিয়া পৌৰনগৰ৷ 'ক'লা হীৰাৰ দেশ' লিডু জনগণনা নগৰ৷

১৯৫০ চনত মাৰ্ঘেৰিটাত বহা অসম সাহিত্য সভাৰ সন্মিলনে পোন প্ৰথমবাৰৰ বাবে অসমত অসমীয়া ভাষাক অসমৰ ৰাজ্য ভাষা তথা শাসকীয় ভাষাৰ মৰ্যাদা দিবৰ বাবে প্ৰস্তাৱ লৈছিল৷ এই মাৰ্ঘেৰিটাতে সঞ্জুৰ এজন পুৰণা বন্ধুৰ সৈতে সাক্ষাৎ হল৷ তেওঁৰ দেউতাক এসময়ত Cement Corporation of India Limitedৰ বোকাজানত থকা চিমেণ্ট কাৰখানাত কৰ্মৰত আছিল৷ চাকৰিৰ অৱসৰৰ পাছত এতিয়া ইয়াত বসতি৷ দীৰ্ঘদিনৰ মূৰকত আচম্বিতে যোগাযোগ সম্ভৱ হৈ উঠাত তেওঁলোকৰ ঘৰতো পদধূলা দিবলৈ টানি ধৰিলে৷ মাক-দেউতাক, পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আমাক চিনাকি কৰালে৷ ভোগালী বিহুৰ বতৰ৷ চাহ-পিঠা নোখোৱাকৈও নেৰিলে৷

Saturday 27 January 2018

দ্বিতীয় দিন, অংশ-

পূব সীমান্তৰ অতন্দ্ৰ প্ৰহৰী সুউচ্চ দৈকাউৰং বা পাটকাই পৰ্বতমালা৷ দৈকাউৰং অৰ্থাৎ ৯টা পৰ্বত বা শৃংগৰ মিলন৷ সৰ্বোচ্চ টিংটোৰ নাম চাৰামতী৷ উচ্চতা ১২,৫৫২ ফুট৷ অৱস্থান ভাৰত-ম্যানমাৰ সীমান্তত, নাগালেণ্ডৰ ভিতৰত৷ এই পৰ্বতমালাৰ উত্তৰ ঢালেদি ডিয়ুন বা দিহিং, নামফুক, নামচিক্‌, টিৰাপ আৰু দিচাং, আৰু দক্ষিণ ঢালেদি চিন্দুইন, লগলায়, নংয়াং, নামফুক নামৰ সৰু-বৰ মিলাই ৯খন নৈ বৈ গৈছে৷ ইতিহাসে কয়, বৰ্তমানৰ দক্ষিণ চীনৰ য়ুন্নান প্ৰদেশত তাহানি অৱস্থিত নিজ ৰাজ্য মং মাওঁৰ ৰাজধানী কিয়েংচেন মাওঁ লুং এৰি মহামতি চ্যুকাফাই ১২১৫ চনত হুকং উপত্যকাৰ পৰা মং কোৱাং, মং ৱান, মং না, মং টি, ৱেং ম আদি হৈ পাটকাই পৰ্বতমালা অতিক্ৰম কৰি পাংচু গিৰিপথেদি নামি নংয়াং হ্ৰদৰ পাৰত কোঠ পাতি নামপং বা নামবং নদীৰ পাৰে পাৰে নামৰূক নদীৰ ফালে আগুৱাই গৈছিল৷ দুই নদীৰ সংগমস্থলত নমাৰ পাছত বুঢ়ীদিহিঙলৈ আহে৷ ১২২৮ খ্ৰীষ্টাব্দৰ কোনো এটা দিনত চ্যুকাফাই নাৱেৰে বুঢ়ীদিহিং নৈ পাৰ হৈছিল৷ বর্তমানৰ টিৰাপ অঞ্চলৰ ভিতৰেদি মংতিপামলৈ আগুৱাই আহিছিল৷ এইদৰে ভ্ৰমি সুদীৰ্ঘ ১৩ বছৰৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপ ওলাইছিলহি৷

আমাৰ এই যাত্ৰাত অৰুণাচলৰ নামপঙত শীতকালীন উৎসৱ প্ৰত্যক্ষ কৰাৰ উপৰি পূবৰ গিৰিকন্যা পাটকাইৰ বুকুৰ পাংচু পাছেৰে আমি নংয়াং হ্ৰদলৈকে যাম বুলি আহিছোঁ৷ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, দুঃসাহসী যোদ্ধা তথা ভ্ৰমণকাৰী স্বৰ্গদেউ চ্যুকাফা অহা বাটটো চাবলৈ বহুদিনৰে পৰাই উদ্বাউল হৈ আছোঁ৷ নামপং পাৰ হৈ পাটকাই পৰ্বতত উঠিলেই কিছু দূৰত্ব আগ বঢ়াৰ পাছত পাংচু পাছৰ অৱস্থান৷ গিৰিপথৰ পৰা অদূৰত নংয়াং সৰোবৰটি দৃশ্যমান হয় বুলি পঢ়িবলৈ পাইছোঁ৷ উক্ত জলভাগৰ প্ৰকৃত নাম নঙ্‌ঞাঙ্‌৷ নঙ্‌ মানে বিল বা হ্ৰদ, ঞাঙ্‌ মানে থকা৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মাৰ্কিন সৈন্যসকলে আৱিষ্কাৰ কৰা নাম Lake of no return৷ হ্ৰদটোৰ স্বৰ্গীয় শোভা হেনো অতুলনীয়৷ পাংচু পাছৰ পৰা বতাহত তালৈ দূৰত্ব বৰ বেছি নহয়৷ নীল আকাশ, নীল পাহাৰৰ আৱেষ্টনীত দূৰৈৰ পৰা জাজ্বল্যমান জলাশয়টিয়ে পৰ্বতৰ মাজত আকাশৰ উচ্চতাত চক্‌চকীয়া ৰূপত দেখা দি থাকে হেনো৷ তাকে নিজ চকুৰে চাবলৈ উদগ্ৰীৱ হৈ আছোঁ৷ পাটকাইৰ ইপাৰৰ স্বদেশৰ পৰা পাটকাইৰ সিপাৰৰ বিদেশলৈ কৰিবলগীয়া পদযাত্ৰাটোক লৈ উত্তেজনাত উখল-মাখল লাগি আছে আমাৰ মনবোৰত৷

আহোম বুৰঞ্জীত উল্লেখ থকা সেই জলভাগ জনাজাত হয় স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ ৰাজত্বকালৰ পৰা৷ আহোম আৰু নৰা ৰজা চুৰুমফাৰ সৈন্যৰ মাজত সংঘটিত যুদ্ধত আহোমে নৰাক হৰুৱাই খেদি নি পাটকাই পৰ্বত পাৰ কৰি পঠাইছিল৷ মিত্ৰতাৰ চুক্তি হিচাপে পাছত নৰা ৰজাৰ পৰা সন্ধিৰ প্ৰস্তাৱ অহাত সেই হ্ৰদৰ পানীতেই হাত পখালি 'পাটকাই ছেঙ্‌কান্‌' কৰা হ'ল৷ পাট মানে কটা, কাই মানে কুকুৰা, ছেঙ্‌ মানে শপত, কান মানে গ্ৰহণ কৰা৷ সেয়া ১৪০১ চনৰ কথা৷

পাটকাই ছেঙ্‌কানকে দুয়ো ৰাজ্যৰ সীমা হিচাপে মানি লৈ দুই বৰগোহাঁই ক্ৰমে আহোমৰ ত্যাতনৱিঙ আৰু নৰাৰ তাচেনপৌৰ মূৰ্তি শিলত কাটি ৰখা হ'ল৷ হ্ৰদৰ পাৰত কুকুৰা কাটি দুয়ো পক্ষই ভৱিষ্যতে কোনেও কাকো আক্ৰমণ নকৰাৰ শপত ল'লে৷ কালক্ৰমত ছেঙ্‌কান্‌ অংশ বিলুপ্ত হৈ মানুহৰ মুখে মুখে প্ৰচলিত হৈ পৰিল পাটকাই শব্দটো৷ পাটকাইৰ সিপাৰেই আছিল নৰা ৰাজ্য, মুংকং৷ ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য৷ আজিৰ তাৰিখতো সেই নঙ্‌ঞাঙ্‌, নংয়াং হ্ৰদ, Lake of no return ভাৰতবৰ্ষ আৰু ম্যানমাৰৰ মাজত আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত সীমাৰেখা৷ 

ব্ৰিটিছৰ দিনত অসম আৰু ব্ৰহ্মদেশৰ মাজত যোগাযোগত কোনো বাধা নাছিল৷ ভাৰত স্বাধীন হোৱাৰ লগে লগে আহ-যাহ দুৰূহ হৈ পৰিল৷ ইণ্ডো-ম্যানমাৰ আন্তৰ্জাতিক সীমাৰেখাই কটকটীয়া ৰূপ পালে৷ স্বৰাজপ্ৰাপ্তিৰ অনেক আগতেই অন্য এক বিশিষ্ট ভ্ৰমণকাৰী পূৰ্ণকান্ত বুঢ়াগোহাঞিয়ে ১৯৩৩ চনৰ ১১ মাৰ্চৰ পৰা ১৯৪২ চনৰ ৭ জুনলৈকে ৯ বছৰ কাল ধৰি ম্যানমাৰ, থাইলেণ্ড আৰু চীনদেশৰ যুন্নান প্ৰদেশ ভ্ৰমিছিল৷ ভ্ৰমণকালত প্ৰাপ্ত লোমহৰ্ষক অভিজ্ঞতাৰ বৰ্ণনা নিজ হাতে লিপিবদ্ধ কৰি থৈও গৈছিল৷ তাৎপৰ্যপূৰ্ণ আৰু বৈচিত্ৰময় সেই লিখনি লিখকে পূবদেশ ভ্ৰমণ কাহিনী নামে পাণ্ডুলিপি আকাৰে থৈ যোৱাৰ প্ৰায় ৫০ বছৰৰ পাছত, ১৯৯৩ চনত প্ৰকাশ পাইছিল পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ তৎপৰতাত৷ ‘‘পাত্‌কাইৰ সিপাৰে ন বছৰ নামে প্ৰকাশিত আপুৰুগীয়া গ্ৰন্থখন এবাৰ পঢ়ি চাবলৈ পোৱাহেঁতেন বুলি মোৰ ওচৰলৈ আহ-যাহ থকা ডক্টৰ লক্ষ্যহীৰা থাওম্যুং বাইদেউৰ আগত এদিন কথা প্ৰসংগত উলিওৱা মাত্ৰকে কপী এটা মোৰ হাত পোৱাই দিলে৷ দুঃসাহসিক আৰু অনুসন্ধিৎসু লোকজনৰ ভ্ৰমণ-পথ আমাৰে একে নহয় যদিও জ্ঞান-তৃষ্ণাই বিয়াকুল কৰি ৰখা মোৰ মনটো শাঁত পৰিল কিতাপখনৰ পৃষ্ঠাকেইটা খতম কৰাৰ পাছতহে৷

২০০৯ চনৰ অক্টোবৰত প্ৰকাশ পাইছিল লেখিকা চন্দনা গোস্বামীৰ প্ৰথমখন গ্ৰন্থ পাটকাইৰ ইপাৰে মোৰ দেশ ৷ ২০১২ বৰ্ষৰ সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত ইতিহাসভিত্তিক উপন্যাসখনৰ ডিচেম্বৰত ওলোৱা পৰিমাৰ্জিত আৰু সংশোধিত নতুন প্ৰকাশৰ কেঁচা বন্ধা কপী এটাও অগস্তি-যাত্ৰাৰ পূৰ্বে, ২০১৩ৰ ৮ জানুৱাৰীৰ দিনাই মোৰ হাতলৈ আহিছিল৷ কিতাপখনৰ সমাপ্তিত সন্নিৱিষ্ট পূৰ্বৰ গিৰিকন্যা পাটকাই আৰু নংয়াং হ্ৰদৰ বিষয়ে দু-আষাৰ শীৰ্ষক সুদীৰ্ঘ আৰু তথ্যভিত্তিক সংযোজনটোৱে লেখিকা জুৰী বৰা বৰগোহাঞিৰ লিডলামৰ সমানেই আলোড়িত কৰি তুলিছিল আসন্ন ভ্ৰমণটোক লৈ প্ৰতি মুহূৰ্ততে অনুসন্ধিৎসু হৈ থকা মনটোক৷

কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সন্মুখীন নোহোৱাকৈ ইণ্টাৰচিটিখন চলি আছে লিডুক ধিয়াই৷ প্ৰাক্‌-যাত্ৰাকালীন প্ৰস্তুতিসমূহ শ্ৰদ্ধাসহকাৰে স্মৰণ কৰি থাকোঁতেই সাংগীতিক জোকাৰণিৰ মায়াজালে কোন মুহূৰ্ততনো টোপনি আনিলে কব নোৱাৰোঁ৷ ৩০২ কিলমিটাৰ ট্ৰেক সুকলমে অতিক্ৰম কৰাৰ পাছত ৰেলখন যেতিয়া তিনিচুকীয়াত থামিল তেতিয়া সময় হ'লগৈ পুৱা ৮.০০৷ আচৰিতেই হলোঁ৷ ডিফু ষ্টেচন কিছু পলমকৈ এৰিলেও নিৰ্দিষ্ট সময়তকৈ ১০ মিনিট আগতেহেচোন গন্তব্যস্থল পাই গলোঁ! এয়াও সম্ভৱ তাৰ মানে!


Sunday 21 January 2018

দ্বিতীয় দিন (১৯.০১.২০১৩), অংশ-৩

কেইবাদিনো পাৰ হল৷ অৰুণদাৰ উম-ঘাম নাই৷ মোৰ জনোৱা কাম, জনালোঁ৷ যায়-নাযায় নিজৰ কথা৷ দিন চমু চাপি আহিছে৷ তথাপি জুইকুৰা পুনৰবাৰ জ্বলাওঁ বুলি এদিন গধূলিবেলা এছ.এম.এছ. যোগে ঠিকনা এটা পঠিয়াই দি কলোঁ www.amazingarunachal.com, এইটো চাওকচোন৷

দাদাই ইণ্টাৰনেটত ততালিকে লগ-ইন কৰিলে৷ চোৱাৰ লগে লগে এনেকুৱা হল যে যোৱাটোও মনে মনে ঠিৰাং কৰিয়ে পেলালে৷ ভ্ৰমণ-যোগ আছিল নিশ্চয়, কথাটো বৌক জনোৱাত লৰা থবলৈ তেৱেঁই ৰাজী হৈ গল৷ তাৰ পাছত আৰু পায় কোনে? সময় পালেই নেটত চোৱাত লাগিল লেক্‌ অফ্‌ ন ৰিটাৰ্ণ, পাংচু পাছ, হেল গেট, নামপং, পি.পি.ডব্লিউ.এফ., ষ্টীলৱেল ৰড ইত্যাদি ইত্যাদি৷ উত্তেজনাৰ মাত্ৰাটো ক্রমান্বয়ে চৰি আহিল তেওঁৰ৷ মনৰ ইচ্ছাৰ কথা ফোনতে দুদিন পাছত মোক অৱগত কৰিলে ময়ো যাম৷

যাব ঠিকেই৷ কিন্তু কেনেকৈ? তেওঁক লৈ সমস্যাতে পৰিলোঁ৷ ইতিমধ্যে আমাৰ ৪জনীয়া দলটোৰ বাবে প্ৰয়োজনীয় সকলোখিনি চূড়ান্ত হৈয়ে গৈছে৷ ডিফুৰ পৰা ৰেলেৰে তিনিচুকীয়ালৈ, তিনিচুকীয়াৰ পৰা গাড়ীৰে নামপঙলৈ৷ এতেকে আমাৰ লগত ঠাই নহব৷ ঠেলা-হেঁচাকৈ যাবলৈও অসুবিধা৷ মজা নালাগিব৷ 

খোলাখুলিকৈ নোকোৱাকৈয়ে বুজি পালে চাগৈ তেওঁ৷ নেদেখাক দেখাৰ সোণালী সুযোগটোৱে উদ্ৰেক কৰা প্ৰচণ্ড তাগিদাতে অৰুণদাই গোপনে ৫জনীয়া দল এটা তৈয়াৰ কৰাত লাগি গল৷ কথাটো কিছু পলমকৈ, আৰু কেৱল মইহে জানিবলৈ পালোঁ৷ নিৰুদ্দেশ যাত্ৰাটোৰ সম্পৰ্কে কাকো নজনাবলৈ দঢ়াই দঢ়াই ক'লে৷

যাত্ৰাকালত পথিকৰ এটাই বন্ধু৷ অধ্যয়ন৷ আনুষংগিক কিতাপ-পত্ৰ বিচাৰি নিজৰ গৃহ-পুথিভঁৰাল চলাথ কৰিব ধৰিলোঁ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ আক্রমণ প্ৰতিহত কৰিবলৈ আমেৰিকা আৰু মিত্ৰশক্তিয়ে অসমৰ দুৰ্গম পাটকাই পাহাৰ ভেদ কৰি লিডুৰ পৰা ব্ৰহ্মদেশ হৈ চীনৰ কুনমিঙলৈকে ১৯৪২ চনত নিৰ্মাণ কৰিছিল ষ্টীলৱেল পথ৷ সৌভাগ্যৰ কথা যে বুৰঞ্জীবিখ্যাত সেই পথৰ এছোৱা আমি এই যাত্ৰাত গৰকিবলৈ পাম৷ ভাৰত আৰু ম্যানমাৰ উভয় ৰাষ্ট্ৰতে৷ জীৱনৰ বাবে এটা সোণালী সুযোগ৷

ষ্টীলৱেল পথ নিৰ্মাণ কৰোঁতে মৃত্যুবৰণ কৰা অগণন সৈনিক আৰু বনুৱাৰ নামত উছৰ্গা কৰি ২০১২ৰ ডিচেম্বৰত উদীয়মান লেখিকা জুৰী বৰা বৰগোহাঞিয়ে লিখি উলিয়াইছিল লিডলাম নামে বৃহৎ কলেৱৰৰ নৱতম গ্ৰন্থ এখন৷ খবৰটো জনাৰ পাছতে সেইখন হস্তগত কৰাৰ তাড়নাত ধৰফৰণি আৰম্ভ হল৷ ৮ জানুৱাৰী ২০১৩ তাৰিখে গুৱাহাটী গ্ৰন্থমেলাৰ পৰা সঞ্জুৱে কপী এটা আনি দিলেহি৷

চিংফৌ ভাষাত লাম মানে পথ৷ লিডু পথৰ বিৱৰণীসমৃদ্ধ কিতাপখন পায়ে দিনে-ৰাতিয়ে উৰাই-ঘূৰাই পঢ়াত লাগি গলোঁ৷ বাহিৰলৈ হাত উলিয়াব নোৱাৰা প্ৰাতঃকালীন ঠাণ্ডাত চৌকাৰ কাষত জুইৰ গুৰিত দেহা সেকি সেকি পঢ়িলোঁ, দিনত ৰদলৈ পিঠি দি মুকলিত বহি কাহিনীৰ সোৱাদ ল'লোঁ, নিশা এপৰলৈকে লেপৰ তলত সোমায়ো একান্তমনে পাত লুটিয়াই গলোঁ৷ অন্ততঃ আমি যিমানখিনিলৈকে যাত্ৰা কৰিম সেই সীমাৰেখা পৰ্যন্ত অধ্যয়ন শেষ কৰিবই লাগিব, কথাবোৰ জানি লবই লাগিব৷ টাগাপ পাহাৰ, মাচুম বস্তি, নামপং, ২৯২ পৃষ্ঠাত পাংচু পাছ, ৩০০ পৃষ্ঠাত নংয়াং হ্ৰদ, লেক অফ্‌ ন ৰিটাৰ্ণ পোৱাৰ পাছতহে ক্ষান্ত হলোঁ আৰু বাকীখিনি ঘূৰি আহি পঢ়িম বুলি বুকমাৰ্ক ভৰাই পুথি জপালোঁ, অগস্তি-যাত্ৰালৈ ভৰি আগুৱাই দিয়াৰ ঘণ্টাদিয়েক আগে আগে৷