Thursday, 18 January 2018

দ্বিতীয় দিন (১৯.০১.২০১৩), অংশ-১

১৫৬০৩ নং উজনিমুৱা গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ ডিফু আহি পোৱাৰ নিৰ্ধাৰিত সময় আছিল ০০.৩৮ অৰ্থাৎ ১২ বাজি ৩৮ মিনিট৷ তাৰিখে এইমাত্ৰ সংখ্যা এটা সলালে৷ ৰেলেও দেখোন পলম কৰিব ধৰিলে! দীঘলীয়া সময় ধৰি অপেক্ষা কৰিবলৈ বাধ্য হৈছোঁ৷ উপায় নাই৷ ইফালে আজি সন্ধিয়াৰ ভিতৰতে নামপঙত উপস্থিত হ'বই লাগিব৷ জয়ৰামপুৰৰ পৰা টানি অনুৰোধ জনাইছে পৰিৱেশ-পৰ্যটন সংস্থা Amazing Arunachalৰ আৰিফ ছিদ্দিকীয়ে৷

ঘৰঘৰ শব্দ তুলি গাড়ীখন ১ নং প্লেটফৰ্মলৈ সোমাই আহিলত খদমদম আকৌ আৰম্ভ হল৷ ডবাবোৰ সুস্থিৰ হল কি নহল, এছ-ৱান কম্পাৰ্টমেণ্টটো বিচাৰি উলিয়ালোঁ আৰু ধহমহাই দিলোঁ উঠি৷ উঠিয়ে যিটো নিয়ম, ধমাধম নিজৰ চিট বিচৰাত লাগি গলোঁ৷ ইয়াত বেছিপৰ নৰয়৷

উৱা, আমাৰ নামত ৰিজাৰ্ভড বাৰ্থকেইটাচোন পূৰ্বৰে পৰা অাহি থকা অচিনাকি যুৱতীৰ দখলত!’ ইমান পৰে তেজস্কৰ ৰূপত থকা ৰাজু গগৈ মুহূৰ্ততে নিষ্প্ৰভ হৈ পৰিল৷ লগে লগে শুই পৰিম বুলি ভাবিছিল, এতিয়া সম্ভৱ নহ'বযে, তাকে চিন্তা কৰি৷ পংকজ দাসেও হামিয়াই আছে৷ নহ'বনো কিয়, ৰাতি এপৰ হ'ল৷ ইমান দেৰিলৈকে সাৰে থকাৰ অভ্যাস নাই৷


নিৰ্দিষ্ট যাত্ৰীৰ আগমন আৰু ভুনভুননিত থতমত খায়ে নেকি, চকু মোহাৰি মোহাৰি বাৰ্থতে বহি পৰিল ছোৱালীকেইজনী৷ এইকেইটা চিট 
আমাৰহে৷ তাকে ক'বলৈ টি.টি.ই.ক পাওঁ ক'ত? এতেকে আমাৰ ফালৰ পৰাই সোধ-পোছ চলিল, কোমল সুৰত৷ বক্তব্যৰ পৰা জ্ঞাত হল যে তেওঁলোকৰ যাত্ৰা অন্ত পৰিব পৰৱৰ্তী ষ্টপেজত৷ পৰৱৰ্তী ষ্টপেজ মানে ডিমাপুৰ৷ ঠিকে-ঠাকে গ'লে ৪৫ মিনিটমানৰ বাট৷ মাজত দলদলি, ধনশিৰি, ৰঙাপাহাৰ, ৰঙাপাহাৰ ক্ৰচিং৷ প্ৰয়োজন নহ'লে এইবোৰৰ ক'তো নৰয়৷

ব, হব চিষ্টাৰ, আপুনিখান ঘুমাবি৷ ডিমাপুৰতে আমাখান ঘুমাব৷ দেই৷ বেচেৰীকেইজনীক বাৰ্থৰ পৰা নমাবৰ সত নগল৷ সঞ্জুৱে অভয় দি দিলে৷ কুঁচি-মুচি বহি থাকিলোঁ নিজৰ মাজতে কথা পাতি পাতি৷ অগস্তি-যাত্ৰাটোৰ সীমাহীন উচ্‌পিচনিবোৰে চাৰিওকে আকৌ মছগুল কৰি তুলিলে৷

'হাৰে কি হল? গাড়ীৰ দেখোন লৰচৰেই নাই!' হিচাপতকৈ বেছি সময় ৰৈ থকাত স্বগতোক্তি এটা আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল৷ তাৰ পাছতো ৰেলখনে ডিফু ষ্টেচন নেৰেহে নেৰে৷ এসময়ত উজনি দিশৰ পৰা অহা নামনি অভিমুখী কোনোবা এখনৰ সৈতে ক্রচিং হল৷ খিৰিকীৰ আইনাৰে উৎসুকতাৰে জুমিলোঁ যদিও কুঁৱলীৰ বাবে কোন ট্ৰেইননো সেইখন, স্পষ্ট হবকে পৰা নাই৷ ক্ষন্তেক পাছতে আমাৰ ইণ্টাৰচিটিৰ চকা ঘূৰিবলৈ ললে৷ যেই ইঞ্জিনে টানিব আৰম্ভ কৰিলে, সময়টো চালোঁ৷ ১ বাজি ২০ মিনিট৷ মানে প্ৰায় ৪০ মিনিট লেট! সময়মতে পালেগৈ ভাল লাগে৷ নহ'লে বুজাব নোৱাৰা এক ধৰণৰ যন্ত্ৰণাত ভোগা যায়৷ দীৰ্ঘ-দূৰত্বত মেক্‌-আপ্‌ কৰিব কিজানি৷ নিজকে নিজে প্ৰবোধ দিলোঁ৷

গৃহ-চহৰৰ স্পৰ্শ এৰি সোনকালেই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ একমাত্ৰ ষ্টেচন ডিমাপুৰত উপস্থিত হলোঁগৈ৷ তাৰ কেইমিনিটমানৰ আগতেই আমাৰ চিটকেইটাও বন্দীত্বৰ পৰা মুক্ত হল৷ কৃতজ্ঞতাসূচক মাত একোষাৰ লগাই টালি-টোপোলাসহিত নগা চিষ্টাৰকেইজনী গলগৈ৷ ক'হিমালৈ যাব৷ পোহৰ নোহোৱালৈকে ঠাণ্ডাখনত এতিয়া সিহঁতে খপিব লাগিব৷ অলপ পাছতে গাড়ী এৰিলে৷ মহা-আৰামেৰে এইবাৰ আমি বিছনা ললোঁ৷


No comments:

Post a Comment