Thursday, 18 January 2018

অগস্তি-যাত্ৰা এসময়ত বিন্ধ্য পৰ্বত ওখ হৈ গৈ আছিল৷ কোনেও সেই পৰ্বত অতিক্ৰম কৰিব পৰা নাছিল৷ অগস্ত্য মুনি যোৱাত বিন্ধ্যই মূৰ দোঁৱাই প্ৰণাম জনালে৷ মুনিয়ে বিন্ধ্যক কলে মই উভতি নহালৈকে তুমি মূৰ নাদাঙিবা৷ অগস্ত্য আৰু উভতি নাহিল৷ সেয়াই অগস্ত্য-যাত্ৰা বা অগস্তি-যাত্ৰা৷
ঐতিহাসিক ষ্টিলৱেল পথেৰে আগুৱাবলগীয়া আমাৰ এই
অগস্তি-যাত্ৰাৰ লক্ষ্যস্থান উত্তৰ-পূব ভাৰত আৰু উত্তৰ ম্যানমাৰ চুই থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ইপাৰে-সিপাৰে৷
………………….............................
আৰম্ভণি (১৮.০১.২০১৩)

পংকজ দাস৷ ফাৰ্মাচিষ্ট, ডিষ্ট্ৰিক্ট জেল, ডিফু৷
জানুৱাৰীৰ জাৰৰ মৰ-কামোৰকো পদানত কৰি নিশা ১১ বজাৰ পাছতে পিৰবি মাৰ্কেটৰ সমীপৱৰ্তী বাসগৃহৰ পৰা ৰঙা প্লিজাৰখনেৰে ওলাই আহিল৷ অন্তৰত প্ৰৱল উৎকণ্ঠা৷

ডক্টৰ ৰাজু গগৈ৷ সহকাৰী অধ্যাপক, ভূগোল বিভাগ, ডিফু চৰকাৰী মহাবিদ্যালয়৷
প্ৰফেচাৰ্চ কল
নিস্থিত কোৱাৰ্টাৰসংলগ্ন তেওঁৰ গেৰেজটোত যাত্ৰাসংগী পংকজ দাসৰ স্কুটীখন সুমুৱাৰ পাছত দুয়ো পদচালনা আৰম্ভ কৰিলে৷ বাটে বাটে আলোচনা; অলপ-অচৰপ জনা, সৰহখিনিয়ে নজনা; স্বচক্ষে কেতিয়াও নেদেখা, মেপতহে লক্ষ্য কৰা অৱস্থান কিছুমানৰ; যলৈ এই অগস্তি-যাত্ৰা৷ সৰুফুটীয়া কিন্তু প্ৰৱল অনুসন্ধিৎসু শিক্ষকজনে ভৌগোলিক মান নিৰূপক কিবা যন্ত্ৰপাতিও লগত লোৱাৰ কথা আছিল৷

সঞ্জু বৰা৷ সাংবাদিক, লেখক, আমাৰ অসম কাকত আৰু এন.ই. টেলিভিচন৷
টিচাৰ্চ কল
নিৰ বাসস্থানৰ পৰা অকলেই বাট বুলিছে৷ অকলশৰীয়া হলেও সাহসী আৰু তজবজীয়া৷ বুকুত নেদেখাক দেখাৰ, নজনাক জনাৰ তীব্ৰতা৷ ঘূৰি আহি হৃদয় উজাৰি একলম লেখাৰ তাগিদা এটাই আগৰে পৰাই লম্ভি আছে৷

এই তিনিওজনৰে সদ্যহতে টাৰ্গেট গড়কাপ্তানি কলনি, ৱাৰ্ড নং ৪; ২০০০ চন অৱধি ভাৰতীয় সৈ্ন্যবাহিনীৰ দখলত থকা পি.ডব্লিউ.ডি. ৰেষ্ট হাউচৰ সিটো পাৰে লামডিং ৰডত লাগি থকা সাধাৰণ ঘৰ এটা৷ মানে আমাৰ ঘৰ৷

সন্মুখত প্ৰথমেই উপস্থিত হৈ সঞ্জুৱে মোৰ মবাইললৈ এছ.এম.এছ.যোগে চিগনেল পঠালে আহি পালোঁ৷ খবৰটো পাই এক মিনিটৰ ভিতৰতে ময়ো আগফালৰ দৰজা দুফাল কৰি মুকলি আকাশৰ তললৈ ওলাই আহিলোঁ৷ যৰ পৰা কোনো উভতি অাহিব নোৱাৰে ত'লৈ কৰিবলগীয়া যাত্ৰাটোক লৈ চিন্তিত মুখাবয়ৱ আগ বঢ়াবলৈ বুলি পিছে পিছে অহা মানুহখিনিৰ৷ বিপৰীতে, নেতৃত্ববাহী মনটো মোৰ থৌকি-বাথৌ৷ শেষবাৰৰ বাবে নিজকে নিজে সুধি লৈছোঁ, দৰকাৰী বস্তু আটাইকেইপদ ঠিকে-ঠাকে লোৱা হলতো?

১০০ খোজমান নিলগতে ডিফু টাউন প্ৰাইমেৰী স্কুলখন৷ আমি পঢ়া এল.পি. স্কুল৷ সমীপৰ আলি দোমোজাত ৪ এড্‌ভেন্‌চাৰিষ্ট লগালগি হলোঁ৷ তাৰ লগে লগে নৈশ ৰেলেৰে উজনিলৈ ওলোৱা আমাৰ টীম-এ সম্পূৰ্ণ হৈ গল৷ টীম-বি পুৱা ওলাব, গাড়ী লৈ৷

মিটিং পইণ্টৰ পৰা ১০ মিনিট খোজ কঢ়া কাম৷ ওৰেটো বাট পি.পি.ডব্লিউ.এফ.২০১৩, নামপং, পাংচু পাচ, হেল গেট, লেক অফ্ ন ৰিটাৰ্ণৰ চৰ্বিত-চৰ্বণ৷ মাজে মাজে স্বভাৱসুলভ হাঁহি-তামাচা৷

ঠাণ্ডাৰ প্ৰকোপ অতি বেছি আছিল৷ বিপৰীতে, উৎসাহৰ উত্তাপো ইমানেই দুৰ্দমনীয় আছিল যে তেনেকুৱা তৎপৰতাতে মাজনিশাৰ প্ৰাকৃতিক শীতলতাখিনি হেলাৰঙে ওফৰাই আগুৱাই থকাটো আমাৰ পক্ষে অকণোৱেই অসম্ভৱ নহল৷ বেমাৰ-আজাৰে স্পৰ্শ কৰিব নোৱাৰা তাগ্ৰা মানুহ গোটেইকেইজন৷ আন কোনো কথাই বিধি-পথালি দিব নোৱাৰা জাতৰ সবল মানসিক স্থিতি৷

উৎসাহভৰা পদযাত্ৰাৰ অন্তত ডিফু ৰেলৱে ষ্টেচন পালোঁগৈ৷ প্লেটফৰ্মত যেতিয়া ভৰি দিওঁ তেতিয়া মধ্যনিশা৷ ৰঙা ডিজিটেল ক্লকটোত ডাঙৰ ডাঙৰকৈ জিলিকিছে চাৰিটা মস্ত মস্ত শূন্য৷ ঠিক মাজতে চিনাকি যতিচিহ্ন এটা৷ জ্বলিছে-নুমাইছে, জ্বলিছে-নুমাইছে৷

শীতৰ নিশাটো কাৰোবাৰ বাবে বাহিৰ ওলাব নোৱাৰা বিধৰ হব পাৰে, কিন্তু কাৰোবাৰ বাবেযে প্ৰাণোচ্ছ্ল আৰু বিৰল আনন্দদায়ক, নিৰ্বিবাদে সি যেন তাৰেই আৱাহনী জপ কৰি আছে! দেখি অজান পুলক জাগিছে আমাৰ মনবোৰত৷


No comments:

Post a Comment