Saturday 29 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫)

টু বাই ৱান বাছখনৰ প্ৰথম শাৰীৰ আসন দুখনেই আমাৰ৷ ভাৰতৰ দীঘলতম দলংখনৰ মুখ পোৱাৰ এক ফাৰ্লংমান আগৰে পৰাই খিৰিকীৰ কাষৰ চিটটোক লৈ দুয়োৰে মাজত ক্ষন্তেকীয়া টনা-আঁজোৰা নচলাকৈ নাথাকিল৷ দলঙে আমাক শিশু অৱস্থালৈ ঘূৰাই লৈ গল যেন! এওঁ জিকিল, মই হাৰিলোঁ৷ খিৰিকীৰে সোমাই অহা আবেলিৰ উজ্জ্বল ৰদে মুখমণ্ডলত পোৰণি তুলিলেও মবাইলটো হাতত লৈ সাজু হল অলপ পাছতে আহিবলগীয়া দৃশ্যবোৰ ফটো ক্লিক্‌ আৰু ৰেকৰ্ডিঙেৰে স্মৰণীয় কৰাৰ বাবে৷ 'ৰ'বা, এনেকৈ নহয়' বুলি কৈ মই কেমেৰাটো ৰাক্‌চেকৰ পৰা ফটাফট উলিয়াই লেন্সখন খুলিলোঁ আৰু তেওঁৰ হাতত দিলোঁ৷ দলং আৰম্ভ হল কি নহ'ল, হেঁচা পৰিল ৰেকৰ্ডিঙৰ ৰঙা বুটামত৷ একেবাৰে সিমূৰেহে দ্বিতীয় হেঁচাটো দিলেগৈ৷ এওঁ সেইটো কামত ব্যস্ত থকাত মই আসনৰ পৰাই ডিঙি মেলি মেলি ইফালে-সিফালে লক্ষ্য কৰি নয়ন সাৰ্থক কৰি গলোঁ৷ ইফালে অবুজন মন৷ এবাৰ ভাবিলোঁ, কেবিনলৈকে সোমাই যাওঁ নেকি? নাই, নহ'ব৷ কেবিনতো কেইবাজনো ৰেকৰ্ডিষ্ট আগৰে পৰাই মজুত৷ ঘৰৰ পৰাই ভাবি আহিছে চাগৈ৷ পাছফালৰ পৰা উঠি আহি আগে-ভাগে অৱস্থান লৈ লৈছে৷ হেতা-ওপৰা লগাবৰ মন নগল৷ সকলোৰে একেই হেঁপাহ-উত্তেজনা, একেই উৎসাহ-উদ্দীপনা৷ দুখন খিৰিকীৰে দুটা ফালৰ লগতে তেওঁলোকৰ কান্ধ আৰু হাতৰ ফাঁকেৰেই মাজে মাজে আগলৈ নিৰীক্ষণ কৰি গ'লোঁ৷ মনৰ ক্ষুধা যেন নপলাবই! বাকী যাত্ৰীসকলৰো অৱস্থা একেই, অন্য সময়ৰ দৰে এতিয়া কোনেওচোন টোপনিওৱা নাই!

বিখ্যাত দলংখন স্বচক্ষে দৰ্শন কৰাৰ মানসেৰে বহু লোক পৰম উছাহ আৰু আগ্ৰহেৰে আহিছে৷ ট্ৰেফিক জাম দেখিয়েই গম পাই গৈছোঁ যে এয়া দেওবৰীয়া ভিজিটৰৰ উখল-মাখল৷ কাৰোবাৰ পৰা হোৱাটছএপ মেচেঞ্জাৰৰ জৰিয়তে নিজৰ ম'বাইললৈ অহা খবৰটো পাই ছাজিদ আলমে অথনিতে কৈছিল, দলঙত আজি ছেল্‌ফী উৎসৱ চলি আছে৷ দেখি যাবা তোমালোকে৷ কথাটো হয়৷ এতিয়া নিজ চকুৰে দেখা পাইছোঁ৷ ছেল্‌ফী মৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে প্ৰায়সমূহ দৰ্শনাৰ্থী৷ 'লে লে ছেল্‌ফী' যেন সকলোৰে ওঁঠে ওঁঠে৷ দুয়োকাষে অসংখ্য গাড়ী, বাইক, টেম্প', মেজিক ইত্যাদি৷ চাৰিচকীয়া, তিনিচকীয়া, দুচকীয়া লানি লানি৷ পুলিচৰ লোক হ'লে কেনিও এজনো নাই পোৱা৷ হুইচেলৰ শব্দও শুনা নাই৷ 

দলঙৰ ওপৰত পৰি থকা চিপ্‌ছৰ খালী পেকেট, প্লাষ্টিকৰ কেৰী বে'গ, ফটা কাগজৰ টুকুৰা, পাণ-তামোলৰ পিক্‌হে অ’ত-ত’ত দেখি গৈছোঁ৷ পৰিষ্কাৰক অপৰিষ্কাৰ কৰা, সুন্দৰক অসুন্দৰ কৰাটো আমাৰ যেন জাতীয় চৰিত্ৰ! সেয়েহে ইউ.এছ. প্ৰেছিডেণ্ট বাৰাক অ'বামাই ভাৰতত ভৰি দিয়াৰ আগে আগে নৰেন্দ্ৰ মোদীজীয়ে বুদ্ধি কৰি আৰম্ভ কৰি দিছিল স্বচ্ছ ভাৰত অভিযান! ইয়াতো দেখিছোঁ লেতেৰা নহ'বলৈ বা নকৰিবলৈ কিবা ফন্দি ৰচিব লাগিব৷ অন্যথা ৰুটিনমাফিক কোনোবা চাফাইকৰ্মীৰ দৰকাৰ হ'বগৈ৷ কিছুমান অফিচ আৰু বিল্ডিঙৰ খটখটীৰ চুকে চুকে শ্ৰীকৃষ্ণ-ৰাধা, শিৱ-পাৰ্বতী, গণেশ, লক্ষ্মী আদিৰ ফটো যে বেৰত লগাই ৰখা হয়, তেনেকুৱা কৰিলে কাম সিজিবনে? ভাবিলোঁ মনে মনে৷ 

দলঙৰ ওপৰত পান-তামোল খাই পিক্‌ পেলোৱা; আলু চিপ্‌চ, গুট্‌খা, চাধাৰ পেকেট এৰি থৈ যোৱা; চিগাৰেটৰ টুকুৰা, পানীৰ বটল আদি পেলোৱা বা সেইবোৰ পানীলৈ দলিওৱাটো কঠোৰতাৰে নিষিদ্ধ কৰিব লাগে৷ সাৱধানবাণীযুক্ত ফলক আঁৰি ৰাখিব লাগে৷ অনিয়ম দেখিলেই লগে লগে ধৰিব লাগে আৰু অত্যাচাৰীক জৰিমনা, আনকি শাস্তি বিহাৰ ব্যৱস্থাও কৰিব লাগে৷ ডাষ্টবিন ৰাখিব লাগে স্থানবিশেষে৷ কোনো বেচৰকাৰী সংগঠনক পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ দায়িত্বত সম্পূৰ্ণভাৱে নিয়োগ কৰাও ভাল৷ অন্যথা এনে লেতেৰা কাৰবাৰবোৰ অসমক ভাল পোৱা, ডক্টৰ ভূপেন হাজৰিকাক ভাল পোৱা, এই দলংখনক ভাল পোৱা মানুহৰ কাৰণে অতিশয় পীড়াদায়ক হৈ উঠিব৷ বাহিৰৰ পৰা অহা পৰ্যটকেও নহ'লে পাছত আমাকেই থু থু কৰিব৷

একাংশ বাইক আৰোহীয়ে দৰ্শনকাৰীৰ হেমগেমৰ মাজতেই অপ্ৰয়োজনীয় গতিত বাইক চালনা কৰিছে৷ বেপৰুৱা কাৰবাৰ৷ একেৰাহে হৰ্ণ বজাই কাণ ঘোলা কৰি দিছে আমাৰ চালকৰ৷ শুনি তেওঁৰ খং৷ টিকচি-বিকচি উঠিছে মধ্যবয়সীয়া ড্ৰাইভাৰজন৷ পৰা হ'লেই নামি গৈ দুথাপৰ মাৰেই! বাইকে কেনেবাকৈ বাছখনত চুমা খাই যাব লাগিলে হ'লেই আৰু৷ সৰ্বদোষ তেওঁৰেই হ'ব৷ তাতে তেওঁৰ আজি প্ৰথম দিন৷ গাড়ী-মানুহৰ মাজে মাজে প্ৰয়োজনত হৰ্ণ বজাই গহীন ভাবত সাৱধানে আগুৱাইছে আমাৰ বাছ 'তনুজ'৷

দলঙৰ মাজভাগ পালোঁ৷ দুয়োটা কাষত যান-বাহন ৰাখি ফটো তোলাত ব্যস্ত হৈ পৰিছে অনেক পুৰুষ-মহিলা, যুৱক-যুৱতী৷ ইমান হেঁপাহ আগতে কোনোবা দলঙৰ প্ৰতি মানুহৰ জাগিছিলনে নাই সন্দেহ৷ সিফালৰ পৰা অহা বাছ, ৱিংগাৰ, মেজিকবোৰতো মানুহ ভৰ্তি৷ কিৰিলীৰ শব্দই কাণ ফালি পেলাওঁ ফালি পেলাওঁ যেন কৰিছে৷ এইটো জীৱনকালতে প্ৰথমবাৰৰ বাবে এনেখন দলং দেখা পাই সকলোৱেই উৰুলীকৃত৷ সেয়েহে এনেকুৱা মুক্ত প্ৰকাশ৷ বাধা দিয়াৰ সাধ্য কাৰ? সেইবোৰে বাধা জন্মালেও আমাৰ এওঁ ৰেকৰ্ডিং বন্ধ কৰা নাই৷ সুযোগ পাওঁতেই সকলো সামৰি পেলাইছে যাতে ঘৰলৈ গৈ দেখুৱাব পাৰে আজৰি সময়ত ছবি চাবলৈ, কাহিনী শুনিবলৈ অহাসকলক, যিসকলে এওঁৰ দৰে আহোঁ বুলিয়েই ঘৰ-পৰিয়াল, কাম-ধাণ্ডা এৰি ঘপকৈ আহিব পৰা নাই৷

মহাসেতু দৰ্শনৰ বাবে ঘাইকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন লোকে ভিৰ কৰাটো পৰিলক্ষিত হৈছে৷ আনহাতে নিৰাপত্তাৰ ব্যৱস্থা ঠিকমতে নকৰাত কোনো কোনো দৰ্শনাৰ্থীয়ে আশ্চৰ্য প্ৰকাশ নকৰা নহয়৷ নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা নোহোৱাকৈ দলংখন মুকলি কৰি দিয়াত বহুতেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংবাদ মাধ্যমত৷ বেলি ডুবাৰ পাছত পোহৰৰ ব্যৱস্থা নথকাত দলঙৰ ওপৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত যে নহ'ব তাক নুই কৰিব নোৱাৰি৷ সেইবোৰ যেন কাৰো নহওক৷ তাকেহে কামনা কৰিছোঁ৷

পশ্চিম আকাশলৈ চালোঁ৷ আকাশত সূৰ্যৰশ্মিৰ ৰেশ৷ সূৰ্যাস্ত চাবলৈ বৰ ভাল লাগিব দলঙৰ পৰা৷ পিছে ৰৈ থকাটোযে আমাৰ পক্ষেযে অসম্ভৱ৷ বাছখন গৈ আছে৷ পানীলৈ চালোঁ৷ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হোৱাৰ দৰে লোহিতৰ পানীতো জলক্রীড়াৰ সম্ভাৱনীয়তা থাকিব পাৰে চাগৈ৷ সেই লৈ গৱেষণাৰ থল আছে৷ সকলো ঠিকে থাকিলে লোহিতৰ বক্ষও উত্তেজনাপূৰ্ণ দুঃসাহসিক ক্রীড়াৰ থলী হিচাপে গঢ়ি তুলিব পৰা যাব কিজানি৷ কলৰ ভূৰৰ পৰা আদি কৰি নৌকা চালনা, জেট স্কীয়িং, স্পীড ব’টিং, ৱাটাৰ চাৰ্ফিং, ৰিভাৰ ব’টিং, সাঁতোৰ আৰু অন্যান্য বহুতো পানী-খেলৰ আয়োজন কৰিব পৰা যাব নিশ্চয়৷ এনে ধৰণৰ চৰম আনন্দময় অভিজ্ঞতা ল’বলৈ দেশী-বিদেশী একাংশ পৰ্যটক সদায়ে উন্মুখ হৈ থাকে৷ তেনে আয়োজন সম্ভৱ কৰিব পাৰিলে পৰ্যটন সংস্থাৰ বিজ্ঞাপনৰ ভাষাৰে অসম সঁচাকৈয়ে হৈ পৰিব এমেজিং আছাম৷

অসম পৰ্যটন নিগমে কিবা ভাবিছে যদি নাজানো, ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰা মহাশয়াই পৰ্যটনৰ দিশত অসমক আগ বঢ়াই নিয়াক লৈ দূৰত থাকিও চিন্তা-চৰ্চা কৰি আছে নিশ্চয়৷ আমাৰ মতে, আমি নিজ চকুৰে দেখি থকা এই দলং সংযোগী পথছোৱাৰ চৰজমিন পৰিৱেশ অধ্যয়ন কৰি দুয়ো পাৰে সুপৰিকল্পিতভাৱে বিভিন্ন আয়োজনৰ সুস্থ আৰু মেটমৰা এনেকুৱা কিছু সম্ভাৰেৰে ঠাইখিনি সজোৱা উচিত যাতে এই এলেকাটো দেশৰ ভিতৰতে অনন্য, আটকধুনীয়া তথা বিৰল পৰ্যটন স্থল হবগৈ পাৰে৷ দলং দৰ্শনকে উপলক্ষ্য কৰি ইয়ালৈ অহা লোকসকলক ইয়ে ভাবিব নোৱাৰাকৈ আনন্দময় আৰু শিক্ষাসদী অভিজ্ঞতা প্ৰদান কৰিব৷ জিলাখনৰ মান-মৰ্যাদাও বহু ওপৰলৈ উঠিব৷ ভাৰতৰ সম্পদ, উত্তৰ-পূবৰ সম্পদ ভূপেন হাজৰিকা সেতু সঁচা অৰ্থত মহীয়ান হৈ পৰিব৷ নতুনকৈ মূল্যায়ন হব বুৰঞ্জীপ্ৰসিদ্ধ শদিয়াৰ৷


দলংখন ক্ৰমাৎ নেদেখা হৈ পৰিল৷ আগতে শদিয়া ঘাট, ছৈখোৱা ঘাট পাৰ হৈ নৌকাযাত্ৰাত অতিষ্ঠ হোৱা মানুহে কৈছিল, এই বাটে নাহোঁ উভতি দুনাই৷ আজি কিন্তু আমি আটায়ে ক'লোঁ, এই বাটে আকৌ আহিম, ভাল লাগিছে আহি৷

আহি আহি ৫.০০ বজাত ধলা সোমালোঁহি৷ আকাশত ৰান্ধনী বেলিৰ পোহৰ আছেই৷ নদীয়াল, নাৱৰীয়া-মাছুৱৈ জীৱনৰ সমানে সমানে ধলাৰ বজাৰখন এতিয়া আগতকৈ মোলান পৰা বুলি অভিযোগ উঠিছে৷ কাৰণটো হল, যুগ-যুগান্তৰ ছৈখোৱা ঘাটেৰে লোহিতৰ পানী কাটি আহি-গৈ থকাৰ পাছত পৰহিৰে পৰা শদিয়ালৈ আনুষ্ঠানিকভাৱে পোনপটীয়া পথ যোগাযোগ স্থাপন হল, দেশৰ ভিতৰতে সুবৃহৎ দলঙৰ ওপৰেদি৷ আমিও অলপ আগতে সেই বাটে গহীনাই পাৰ হৈ আহিছোঁ৷ ধলাৰ নিৰ্দিষ্ট স্থান গৈ পোৱাৰ লগে লগে চালকে বাছখন ঘূৰাই ললে৷ কাৰণ, সোমোৱা বাটেৰেই ওলাই আহিব লাগিব ধলা তিনিআলি পৰ্যন্ত প্ৰায় ২.৫-৩ কিল'মিটাৰ৷ ওচৰতে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ আস্থানটো৷ বোকাত পোত গৈ অৱস্থা কাহিল৷ চিন্তা কৰিলোঁ, কেনেকৈ মানুহ তালৈ যায়, কেনেকৈ গাড়ীত উঠে? ঠাইডোখৰৰ দেখোন কোনো পৰিচৰ্যা নাই! ভাল দৃশ্য কিছুমান চাই অহাৰ পাছত এই কদৰ্য ৰূপটো অকণো ভাল নালাগিল মোৰ৷ ধলাত নিৰ্ধাৰিত সময়খিনি ৰোৱাৰ পাছত তনুজৰ চকা পুনৰ চলিল তিনিচুকীয়া অভিমুখে৷

৬.০০ বজাত পালোঁহি ডুমডুমা৷ ডুমডুমাত ভালেমান যাত্ৰী উঠিল৷ কিছুমান আনকি থিয় হবলগীয়াও হল৷ অধিকাংশই অৱশ্যে তিনিচুকীয়াগামী৷ ডুমডুমা-তিনিচুকীয়া বেছি দূৰ নহয়, ২৫ কিল'মিটাৰ৷ গাড়ীখন আগ বাঢ়িল৷ বাহিৰত আন্ধাৰ হৈ আহিছে৷ ভূপেন হাজৰিকা সেতুৰ ওপৰত জমা হোৱা মানুহবোৰে চাগৈ আজিৰ তাৰিখৰ সদ্যসমাপ্ত সূৰ্যাস্তৰ দৃশ্য উপভোগ কৰিলে৷ মোৰ পিছফালে বহা জনৈক যাত্ৰীয়ে কাষতে থিয় হৈ অহা যাত্ৰী এজনৰ সৈতে ডাঙৰ ডাঙৰকৈ কথোপকথন আৰম্ভ কৰিছে৷ প্ৰসংগ নতুন দলং, দলঙৰ উপকাৰিতা, পুৰণি দিনৰ নস্তালজিয়া ইত্যাদি ইত্যাদি৷ পৰহি ঐতিহাসিক ক্ষণৰ সাক্ষী হওঁ বুলি, প্ৰধান মন্ত্ৰীক চাওঁ বুলি উদ্বোধনী অনুষ্ঠানলৈ অহা ৰাইজে সন্মুখীন হোৱা অসুবিধা আৰু দুৰৱস্থা সম্পৰ্কে আলোচনা চলিছে প্ৰাপ্ত অভিজ্ঞতাৰ ভিত্তিত৷ কৈছে, চপাখোৱাৰ পৰা তিনিচুকীয়ালৈ আগতে ভাৰা আছিল ১৪০ টকা৷ এতিয়া ৭০ টকা হল৷ আধাখিনি হ্ৰাস পালে৷ দলঙৰ কাৰণে৷ দলঙৰ কাৰণেই মাটিয়ে-পানীয়ে মিলাই ৬ ঘণ্টীয়া ৰাস্তা আধাঘণ্টীয়া হৈ পৰিল৷ টেনচন্‌ দূৰ হল৷ আৰু কৈছে যে দলংখন তেওঁলোকৰ বাবে ডাঙৰ আশীৰ্বাদ৷ এই দলঙৰ বাবে তেজু, ৰয়িঙৰ নক্সা সোনকালেই সলনি হব৷ পৰ্যটনৰ বিকাশ হব৷ নতুন উদ্যমেৰে অৰ্থনৈতিক বুনিয়াদ ৰচনা হব৷ ইমানদিনে অৱহেলিত পূব প্ৰান্তৰ মানুহৰ উন্নতি হব বুলি তেওঁলোক খুব আশাবাদী৷ কথা-বতৰাৰ পৰাই ধৰিব পাৰিলোঁ৷ আনহাতে পৰহি কেইবা ঠাইতো মিঠাইৰ দোকানত মিঠাই নাইকিয়া, ভাতৰ হোটেলত ভাত নাইকিয়া হৈ পৰিছিল বুলিও কোৱা কাণত পৰিল৷ আনকি পানীও হেনো পাবলৈ নাছিল৷ ভোকে-পিয়াহে থাকিবলগীয়া হল অনেক মানুহ৷ হলেও দলং পোৱাৰ আনন্দত সকলোখিনি নিৰ্বিবাদে মানি লৈছে, কোনো ওজৰ-আপত্তি নাই৷

৬.৫০ত নামিলোঁ তিনিচুকীয়াত৷ অলপ মুকলিমূৰীয়াকৈ যাওঁ বুলিয়ে আমি ৰিক্সা এখন ল’লোঁ সিজুগুৰিলৈ বুলি৷ চালকৰ সৈতে কথা পাতি গৈছোঁ৷ ৭.১০ত নিউ তিনিচুকীয়া জংছন পোৱাই দিলে৷ টিকট দুটা কাটি অলপ সময় ইফাল-সিফাল কৰোঁতেই স্পীকাৰৰ জৰিয়তে ৰাষ্ট্ৰ হোৱা ঘোষণা এটা কাণত পৰিল যে ডিব্ৰুগড়ৰ পৰা আহিবলগীয়া আৰু হাওৰা অভিমুখে যাবলগীয়া ১৫৯৬০ নং নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’লগাড়ীখন ক্ষন্তেক সময়ৰ পাছতে ১ নং প্লেটফৰ্মত আহি আছে৷

৭.৩০ত গাড়ীখন সোমালহি৷ শ্লীপাৰ ক্লাছৰ টি.টি.ই.ক বিচাৰি আগ-পাছ কৰি থাকোঁতে আমাৰ একো খোৱাই নহ’ল৷ অগত্যা বিস্কুট দুপেকেট আৰু পানীৰ বটল এটা কিনি দৌৰ মাৰি উঠিলোঁ আৰু বহি গ’লোঁ৷ ঠিক সময়তে গাড়ীয়ে প্লেটফৰ্ম এৰি গতি ল’লে৷ আৰু এটা দিন অতীত হ'ল৷ অনন্য অনুভৱ হৃদয়ত লৈ শেষ নিশা সঠিক সময় ২ বাজি ৩০ মিনিটত ডিফুত নামিলোঁ৷ ছাঁ-পোহৰৰ মাজেৰে ধীৰ খোজেৰে ঘৰ পাওঁ মানে ৩.০০ বাজিল৷

পুচ্ছাংশ ঃ
সুন্দৰৰ নতুন আলিয়েদি বাট বুলি আমি দুয়ো এইবাৰ শদিয়ালৈ গ'লোঁ, দীঘল দলং চালোঁ৷ যাবৰ দিনা এওঁক কৈছিলোঁ, চাবা দেই, লগত ওলাইছা হয়, বাজেট কিন্তু ডেৰ হাজাৰহে৷ ঘৰ পাই পেণ্টৰ বেক পকেটৰ পৰা মানিবেগটো উলিয়াবৰ পৰত দেখোঁ যে ২০ টকীয়া নোট এখন ঘূৰি আহিছে৷ ২০ টকাইদি আৰম্ভ কৰি এতিয়াৰে পৰা আকৌ ধন জমা কৰিব লাগিব, পৰৱৰ্তী যাত্ৰাৰ কাৰণে৷


Thursday 27 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫)


ভাত-পানী খাই নাজমা আৰু মই নিজৰ নিজৰ বেক্‌পেক্‌ ভাগে ভাগে পিঠিত তুলি ল’লোঁ৷ ইমান দিনৰ পাছত লগ পোৱা, এতিয়া বিদায়; বিদায়ৰ মুহূৰ্তটো সচৰাচৰ বান্ধৱীবোৰৰ হোৱাৰ দৰে অকণোৱেই দুঃখজনক নহ’ল দেখোন! কথাটো মই টং কৰিলোঁ৷ বৰঞ্চ ৰসালহে হ’ল৷ নিশ্চিতভাৱে, ভূপেন হাজৰিকা দলঙে সেই আনন্দৰ সঞ্চাৰ কৰিছে৷ দুশ্চিন্তা নহয়, গৌৰৱৰহে কথা হৈ পৰিছে যে শদিয়াত লগৰী এজনী আছে৷ ‘এতিয়া দলং হ’ল যেতিয়া শদিয়ালৈ আহি থাকিবি দেই’, শ্বাহনাজে বাৰাণ্ডাৰ পৰাই শেষ চিঞৰটো মাৰিলে৷ ‘হ’ব, তয়ো আহিবি মধ্য অসমলৈ৷ চুক ভেকুলীৰ দৰে চুকতে সোমাই থাকিব নালাগে৷’ টিটকাৰি শুনি তাই হাঁহি থাকিল৷ অৰ্থপূৰ্ণ হাঁহি৷ ভৌগোলিকভাৱে অসমৰ এচুকত পৰি থাকিলেও শদিয়া, চপাখোৱা এতিয়া আৰু তাচ্ছিল্যাৰ্থত মানুহে আগতে প্ৰকাশ কৰি অহাৰ দৰে সেই চুকটো হৈ থকা নাই৷ দুৱাৰ মুকলি হৈ গ'ল৷ এতিয়া বিশ্বৰ চকু শদিয়াৰ ওপৰত৷

হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সমীপস্থ স্কুল চাৰিআলিত 'তনুজ' অহালৈ অপেক্ষা কৰি আছোঁ৷ কাষতে চাইকেলৰ দোকান এখন৷ বাহিৰত গছৰ তলত ৰখা বেঞ্চখনতে বে'গটো নমাই কৰ্মচাৰী এজনৰ সৈতে আলাপ কৰিলোঁ৷ কাষৰখন কিতাপ-কাকতৰ দোকান৷ মনটোৱে উচপিচালে৷ শদিয়া বিষয়ক কিবা পোৱা যাব পাৰে নেকি? সোমাই গ'লোঁ৷ 'নাই নহ'ব' বুলিলে দোকানীজনে৷

এসময়ত শদিয়াখনক লীয়াপানী বুলি কোৱা হৈছিল৷ শদিয়ালৈ নাযাবা, সট্‌ফুল নাখাবা, কেঁচাপাতত নাবান্ধিবা লোণ৷ ওপজিয়ে বুঢ়া হয় কোন? উক্তিটো কিমান দিন ধৰিযে চলি আহিছে, নাজানো৷ আগৰে পৰা কেৱল শুনাহে পাই অহা হৈছে৷ পিছে দলং উদ্বোধনৰ পশ্চাৎ লীয়াপানীলৈ যাতায়াত সুস্থিৰ হৈ পৰিল৷ বাছলৈ ৰৈ থকা অৱস্থাত নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি ছাজিদেও দুআষাৰ এনেকুৱা কথা কলে৷ এইফালে গাড়ী-মটৰৰ সংখ্যাটো হঠাতে বাঢ়ি গল৷ শদিয়াৰ ৰাস্তাত এতিয়া গাড়ীয়েই গাড়ী৷ বিভিন্ন জাতৰ গাড়ী৷ আগেয়ে ইমান গাড়ী দেখা নগৈছিল৷ নিজেও দেখিলা নহয় আজি৷ আগতে মাখি মাৰি থকা যান-বাহন শাখাৰ আৰক্ষীৰ কাম এতিয়া বাঢ়িল৷' তেওঁ কৈ আছে, মই শুনি আছোঁ৷ 'ৰাইজৰ সমাগমো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ যিফালেই চাওঁ সেইফালেই কেৱল অচিনাকি মুখ৷ চিনাকি মুখবোৰ নেদেখাই হলোঁচোন৷ কত লুকাল জানো!’ অচিনাকিৰ প্ৰতাপত চিনাকি গায়ব! ভাল শ্ৰোতাৰ দৰে ছাজিদৰ কথা শুনাৰ মাজে মাজে ডিঙি মেলি চাই আছোঁ, দূৰত বাছখনৰ মূধচটোৱে দেখা দিছে নেকি বুলি৷ নাই অহা৷ সময় বাগৰি গৈ আছে৷ তথাপি সমস্যা নাই বাৰু আমাৰ৷ নিশা ৭.৩০ৰ আগতে তিনিচুকীয়া পালেগৈয়ে হ'ল৷

পুৰণি গছবোৰৰ মাজেৰে আগ বাঢ়ি অহা হাইৱে'টোলৈ অথনিৰে পৰা চাই থাকি যিটো বুজিছোঁ, পথচাৰীৰ বাবে পথ পাৰ হোৱাটো মস্কিলেই হল দেখোন ইয়াত! চপাখোৱাত এতিয়া পথ দুৰ্ঘটনা পূৰ্বৰ তুলনাত নিঃসন্দেহে বৃদ্ধি পাব৷ ছাজিদে কোৱাৰ দৰে আৰক্ষীৰ কামৰ হেঁচা আৰু দায়িত্ব স্বাভাৱিকতে বাঢ়িল৷ অতিৰিক্ত বোজা চম্ভালিবলৈ সেই অনুপাতে আৰক্ষীৰ লোক মজুত ৰখাৰ দৰকাৰ আছে৷ সোনকালে মোতায়েন কৰিলে ভাল৷ 'ঠায়ে ঠায়ে গেট, ডিভাইডাৰ, পুলিচ পইণ্ট, স্পীড ব্ৰেকাৰ আদি নাথাকিলে উদণ্ড গাড়ীয়ে কাক মহতিয়াই ঠিক নাই দেই৷ এইবোৰক লৈ এতিয়াৰে পৰা প্ৰচণ্ড সমস্যাৰ সন্মুখীন হব লাগিব আমি৷ শান্তিপুৰ গেটত যিহে দেখিলোঁ অলপ আগতে! আগতে এনে যানজঁটৰ আমি কেতিয়াও সন্মুখীন হোৱা নাছিলোঁ৷ ছাজিদে কথা পতা লগৰ এজনক ডাঙৰ ডাঙৰকৈ এনেকৈ কৈ থকা শুনিলোঁ৷ হাইৱে'ৰ সিপাৰৰ পৰা বাটৰুৱাজনে মন্তব্য দিছে, হয় হে', সৰুৰে পৰা ইমানটো হলোঁহি, শদিয়াৰ ৰাস্তাৰ ওপৰত ইমান গাড়ী দেখা মনত নপৰে৷ জীপ, এম্বেছাডৰ, ট্ৰাক, বাছ৷ বেলেগ বেলেগ মডেলৰ গাড়ী দেখিবলৈকে নাছিল৷ এতিয়া কি নাচাবা! শদিয়া, ধলা আৰক্ষীৰ নিদ্ৰাহৰণকাৰী কেতবোৰ ঘটনাযে এই বাটে নঘটিব তাক নুই কৰিব নোৱাৰি৷ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাটো ইতিমধ্যে আৰক্ষী জিলাৰূপে ঘোষণা কৰা হৈছেই৷ আন্তঃগাঁথনিহে পিছে এতিয়াও দুৰ্বল হেনো৷

শদিয়া, দ্যা ষ্টাৰ্টিং পইণ্ট অফ আছাম৷ মহাভাৰতীয় ইতিহাসত কৌণ্ডিল্য, বিদৰ্ভ, হিমালী আদি নামে নামাংকৃত৷ সুন্দৰ ইয়াৰ নৈসৰ্গিক চিত্ৰ, মানসপটত যিয়ে উৎপন্ন কৰে চিত্ৰময় ভাবানুভূতি৷ প্ৰদূষণমুক্ত চহৰ চপাখোৱা৷ শদিয়ালৈ আহিবলৈ হলে আগতে মূল বাহন আছিল নাও৷ এতিয়া নাইট ছুপাৰ, ভলভ'ত উঠাৰ সুযোগ আহিল৷ প্ৰথম যাত্ৰাটোৰ সোৱাদ সৌভাগ্যক্রমে আমিও অলপ পৰৰ পাছতে পাম৷ তাকে লৈ উৎফুল্লিত হৈ আছোঁ৷ ৰেলত উঠাৰো সুযোগ হয়তো আহিব এদিন৷ ডিব্ৰু-ছৈখোৱা ৰেলপথৰ নতুন সংস্কৰণে চুবহি শদিয়া৷ বিপৰীতে, নাৱত একেলগে কথা পাতি, তাচপাত-লুডু খেলি, ঢৌ গণি গণি পাৰ হোৱাৰ আনন্দকণ মষিমূৰ হল৷ অনেক সময়ত শুনা, কিবা এটা পালে কিবা এটা হেৰুৱাব লাগে বুলি কোৱা সোণসেৰীয়া বাক্য এষাৰ নথকা নহয়৷ তথাপি ভাব হয়, পুৰণি সেইবোৰ দিন চিৰকাললৈ পুৰণি মানুহৰ বুকুৰ মণিকোঠাত সজীৱ হৈ থাকিব৷

এইখন শদিয়াৰে জনৈক সোণােৱাল বুলি ছাত্ৰ এজনে লিখা শদিয়া শীৰ্ষক কবিতা এটা এবাৰ বাতৰি কাগজত ওলাইছিল৷ কবিতাটোৰ অংশবিশেষ এনে আছিল...
'শদিয়ালৈ নাযাবা, শতফুল নাখাবা
কেঁচাপাতত নাবান্ধিবা লোণ,
বোকা-পানী খচি, থাকিব পাৰা যদি এবাৰ আহি যাবাচোন৷
......
শতফুলৰ মোল যদিহে বুজা শদিয়ালৈ আহি আনন্দ পাবা
অতিথি আপ্যায়নৰ তুলনা নাই
ঘৰৰ এজন বুলি ভাবি লই৷
এই কথা অকল মোৰেই নহয়
শদিয়ালৈ অহা সকলোৱে কয়৷'

ছাজিদ-শ্বাহনাজহঁতৰ উত্তাপময় সান্নিধ্য তথা আতিথ্য, মাইছা-ফাৰহানৰ সৈতে অন্তৰংগ মুহূৰ্ত কটোৱাৰ লগতে দুই পুৰণি বান্ধৱীৰ স্নেহময় স্পৰ্শ আৰু বাক্যালাপৰ অভিজ্ঞতাৰে পুষ্ট হৈ ৪.০০ বজাত নাজমা আৰু মই চপাখোৱা এৰিলোঁ৷ হিয়াত ভৰাই আনিলোঁ শদিয়াৰ চেনেহ৷ উশাহত শদিয়া-বলুং-ৰয়িঙৰ সুগন্ধি৷





শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫)

দিনৰ ১২.১৫ত আমি দেওপানীৰ পাৰ এৰি গাড়ীত বহিলোঁ৷ তাৰ আগতেই সৰু চাই শিলগুটি এটা পানী-যুঁৱলিৰ পৰা সংগ্ৰহ কৰি ল'লোঁ, আজিৰ দিনটোৰ স্মৃতিচিহ্ন হিচাপে ৰাখিম বুলি৷ সকলো উঠাৰ ইংগিত পাই ছাজিদ আলমে গাড়ী এৰি দিলে৷ প্ৰথমে নৈৰ বুকুৰে কেইচেকেণ্ডমান, তাৰ পাছত আলিলৈ উঠিল৷ নিৰ্মীয়মান দলংখন দেখা পাই আছোঁ৷ সম্পূৰ্ণ হ'লে এইটো বাটে অহাৰ, এতিয়াৰ দৰে মজা লোৱাৰ মুদা মৰিব৷ তেনেতে স্ত্ৰী দুগৰাকীয়ে প্ৰস্তাৱ আনিলে যে টাউনত কিবা এটা খোৱা যাওক৷ সন্তান দুটিৰ উগ্ৰ সমৰ্থকৰ ৰূপ৷ ময়ো সিহঁতৰ ফলীয়া হৈ স্ফূৰ্তি অকণমান কৰিলোঁ৷

য়িঙত ভাল মিঠাই পোৱা যায়৷ আমি নেৰিষ্টত পঢ়ি থকা কালত আমাৰ কেম্পাচৰ নাতিদূৰৈত থকা অৰুণাচল প্ৰদেশ চৰকাৰৰ অধীনস্থ বিভাগীয় লাইভষ্টক চেণ্টাৰটোলৈ ৰয়িঙৰ পৰাই পেৰা, ক্রীম আদি চাপ্লাই হৈছিল৷ চাহিদা বেছি, যোগান কম৷ গৈ পোৱা মাত্ৰেই শেষ৷ কেতিয়াবা পাইছিলোঁ, কেতিয়াবা নাপাওঁৱেই৷ তাকে মনত পেলাই মূল পথৰ বাঁওকাষে পোৱা ফেমিলী ৰেস্তোঁৰাত সোমাই গাখীৰেৰে তৈয়াৰী মিঠাই খালোঁ আটায়ে৷ গৰমৰ পৰা ৰক্ষা পাবলৈকে গাড়ীখন ৰাখিবলৈ গছৰ ছাঁ অকণমান বিচাৰি বহুখিনি পিছুৱাবলগীয়া হ'ল৷ খোৱা হোৱাৰ পাছত ঘৰমুখী যাত্ৰা৷ গাড়ীখন আনিবলৈ জেঠমহীয়া ৰ'দ মূৰত লৈ আকৌ এবাৰ তালৈ যাবলগীয়া হ'ল ছাজিদ৷ সেইকণ সময়তে আমি পৰিচয় হ'লোঁ গুৱাহাটীৰ পৰা দীঘল দলং আৰু ৰ'য়িং চাবলৈ অহা দল এটাৰ সৈতে৷ ১.০০ বাজিবৰ হলহি৷

চিপ্‌ৰে-না-বা৷ ধন্যবাদ৷ মিছিমি দোৱানেৰে আকৌ এবাৰ মৰমী অৰুণাচলক ধন্যবাদ জনালোঁ ৰ'য়িঙৰ মাটিৰ পৰাই৷ এই বাটে নাহো দুনাই বুলি আগতে কাণত ধৰি শপত খাই থোৱাসকলে এতিয়া শদিয়াৰ দলংখন পাই নিজৰ বাক্য উঠাই ল'বলৈ বাধ্য হ'বই হ'ব৷ অৰুণাচলী-ধৰিত্ৰীৰ বিশুদ্ধ ৰূপ বাৰে বাৰে নোচোৱাকৈ থাকিব পাৰিজানো? ময়ো আশা ৰাখিলোঁ, আকৌ আহিম এই বাটেৰে৷ আনিনি, আনিনিৰ সিপাৰৰ চীন সীমান্ত চামগৈ৷ আনিনিৰ প্ৰতি মোৰ দুৰ্বলতা আছে, আগৰে পৰাই৷ বাট-পথ নাই, নিত্যপ্ৰয়োজনীয় বয়-বস্তু এয়াৰ ড্ৰপিং হয় বুলি জনা দিনৰে পৰাই৷ তাকে লৈ আত্ম-অন্বেষণৰ কল্পচিত্ৰ আঁকিছোঁহে আঁকিছোঁ৷ শদিয়ানো কি আৰু উজাই যাম বুলি খগেন মহন্তৰ সুৰত সুৰ মিলাই সৰুৰে পৰা গীত গাইছোঁহে গাইছোঁ৷ আজিলৈ যোৱাই হোৱা নাইচোন! খুব বেয়া কথা হৈছে৷ চাংপো, মানস সৰোবৰ আমি কিমানে দেখিছোঁনো? হিমালয় বগাই জোন থপিয়াই আনিছে টিনে মেনা, আঞ্চু জাছেনপা, তাপি ম্ৰাহঁতেহে৷ ক'বলৈ গ'লে আমি একোৱেই দেখাই নাই এতিয়াও৷ বৰ লাজৰ কথা হৈছে৷

সৌন্দৰ্যমগন মুহূৰ্তবোৰ আৰু আমাৰ মানসিক-শাৰীৰিক-আৰ্থিক সীমাবদ্ধতাৰ কথাকে অকলে অকলে ভাবি আহি আছোঁ৷ বলুং পালোঁ৷ কলহনৰ ৰাজতৰংগিনীত যেনেকৈ অসম জীয়ৰী অমৃতপ্ৰভা উপেক্ষিত, তেনেকৈ অসমৰত্ন ভূপেন হাজৰিকাৰ গীতত বলুং উপেক্ষিত৷ শদিয়াৰো নাম নাই৷ নাজানো তাৰ কাৰণ কি৷ নাজানো সাংবাদিকে, সাক্ষাৎ লওঁতাই কি সুধিলে, কি উত্তৰ পালে৷ কিন্তু জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হ'বলৈ জীৱন-মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল গীতৰ সদাগৰজনে৷ তাত বাদে হাজাৰ জেগাৰ কথা আছে, কাহিনীৰো উল্লেখ আছে তেওঁৰ গীতত৷ হলেও-নহ'লেও কিন্তু বলুংবাসী উৎফুল্লিত, শদিয়াবাসী উত্তেজিত পৰহি তেওঁৰ নামেৰে মুকলি হোৱা সেতুখনক লৈ৷ মই ভবাৰ দৰে ভাবি থকা নাই, ধৰি থকাও নাই৷ আমাক দলং লাগে, দেৱাল নালাগে৷

অৰুণাচল এৰি অসম সোমাবলৈ উদ্যত হৈছোঁ৷ ভৌগোলিকভাৱে অৰুণাচলৰ গাত লাগি শদিয়া অঞ্চল প্ৰশাসনিকভাৱে তিনিচুকীয়াৰ জৰিয়তে অসমৰ সৈতে সংযুক্ত৷ দলং হোৱাৰ আগতে ভবা হৈছিল অসমৰ ভিতৰত অৱহেলিত স্থান হিচাপে শীৰ্ষস্থান দখল কৰি দিন কটোৱাতকৈ অৰুণাচলৰ লগতে প্ৰশাসনিক অৰ্থাৎ ৰাজনৈতিকভাৱেও সংযুক্ত হৈ পৰাটোৱে ভৱিষ্যতৰ বাবে ভাল হব বুলি৷ পিছে নহলগৈ৷ দীঘল দলঙে সেই দুশ্চিন্তা ৰোধ কৰিলে৷ সুদূৰপ্ৰসাৰী পৰিৱৰ্তনৰ বাট কাটি দিলে যোৱা পৰহি৷ শদিয়াৰ মানুহ এতিয়া সকলোফালৰ পৰাই আগতকৈ টনকিয়াল হব চাগৈ৷ হ'ব লাগিবও৷ ঠাইখনৰ জয়জয়-ময়ময় হোৱাকৈ প্ৰতিজন অধিবাসীয়ে নিষ্ঠাসহকাৰে চিন্তা আৰু কাম কৰিব লাগিব৷ চৰকাৰী-বেচৰকাৰী পক্ষই হাত উজান দিব লাগিব৷

শান্তিপুৰ গেট৷ তাৰ সিপাৰেই চপাখোৱা, শদিয়া৷ দূৰৰ পৰা দেখিছোঁ, মস্ত ট্ৰেফিক জাম৷ সন্মুখৰ অভূতপূৰ্ব দৃশ্যাৱলী দেখি ড্ৰাইভিং চিটত বহি থকা ছাজিদে ফেচবুকীয়া সুৰত ৰসিকতা আৰম্ভ কৰিলে, ফিলিং ডাঙৰ টাউন ডাঙৰ টাউন৷ পিছবেলাৰ চোকা ৰদজাকে দি থকা গৰমৰ মাজতো কমেণ্ট শুনি আমি খুব হাঁহিলোঁ৷ হাঁহি মাৰ নগলেই, আকৌ কলে তেওঁ, সৰুৰে পৰা ইমান ডাঙৰ হলোঁ, এনে দৃশ্য আগতে কেতিয়াও দেখা নাছিলোঁ বুইছা৷ মবাইলত মোলৈ এছ.এম.এছ. আহিছে, দলঙত হেনো আজি ছেল্‌ফী উৎসৱ চলিছে৷ মানুহেই মানুহ৷ আমি যাওঁতে দেখা পাই যাম তেন্তে৷ মই শলাগি থলোঁ৷ বিনা-বাধাই চে'ক গে'ট পাৰ হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে আমাৰ গাড়ী এইবাৰ অসমৰ মাটিত দৌৰিবলৈ ধৰিলে৷ নামতহে অসম, অৰুণাচল৷ মাটি, মানুহ, আকাশৰ বৰণ একেই৷ পুৰণি সত্যটো পুনৰবাৰ উপলব্ধি কৰিলোঁ৷

বাটত মাইছাহঁতৰ স্কুলখন আঙুলিয়াই দেখুৱালে তাই৷ মসৃণ ৰাস্তাটোত আই-টেনখন অকণাে অসুবিধা নোহোৱাকৈ চলি থাকিল৷ বজাৰ পাওঁতে এঠাইত ব্ৰেক মাৰিলে ছাজিদে৷ উদ্দেশ্য পাচলি কেইটামান কিনা৷ সুযোগটো পাই ময়ো নামি গলোঁ পাছে পাছে৷ মোৰ উদ্দেশ্য পেৰা৷ শদিয়াৰ পৰা পেৰা কিনি নিয়াৰ কথা আছিল৷ পেৰা বিচাৰি শতফুল হোটেল, হস্পিতাল চাৰিআলিৰ শৰ্মা চুইটছ আৰু কেইটামান ঠাইত দুইটাই ঘূৰ্মুটিয়ালোঁ৷ মিঠাইৰ শ্বকেছ প্ৰায় খালী! তাকে দেখি আমিও আচৰিত৷ এখনত কোনো ৰকম ২০০ গ্ৰাম পেৰা ভাগ্যত মিলিল৷ তাকে কোনোবাই থপিয়াই নিয়াৰ আগতেই নিজৰ কৰি পেলালোঁ৷ হেঁপাহেৰে আলফুলে সাবটি লৈ গাড়ীত থলোঁহি৷ মিঠাইৰ দোকানৰ অৱস্থাটো শ্বাহনাজক কোৱাত তায়ো হতভম্ব৷ কি??? বুলি চকুকেইটা ডাঙৰ কৰি দেখুৱালে৷ 'এই পৰিস্থিতি দলং হোৱাৰ বাবেই৷' তাই ক'লে৷ 'লক্ষণটো অৱশ্যে ভালেই৷ গাড়ী আহিছে, মানুহে খাইছে, লৈও গৈছে৷ তাৰ মানে তহঁতৰ চপাখোৱাত বেচা-কিনা বাঢ়িছে৷' চিটত বহিবলৈ লৈ শদিয়াৰ অগ্ৰগতি সম্পৰ্কে মোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি পেলালোঁ মই৷ 

শদিয়াৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত বাছ চলিব৷ ৰয়েল টুৰছ এণ্ড ট্ৰেভেলছৰ বাছ ডিভিজনৰ বেনাৰত চপাখোৱাৰ পৰা গুৱাহাটীলৈ আজিৰে পৰা চলিব তনুজ নৈশ বাছ৷ বেনাৰখন চকুত পৰাত আকৌ নামিলোঁ গাড়ীৰ পৰা৷ ছাজিদ আগে আগে৷ নিৰজুলি ট্ৰেভেল্‌ছৰ কাউণ্টাৰত সোমালোঁগৈ৷ চিট্‌ দুটা লৈ থলোঁ৷ গন্তব্যস্থান তিনিচুকীয়া৷ বাছগাড়ী ৩ বাজি ১৫-২০ মিনিটত কাউণ্টাৰৰ সামনত খাড়া কৰিব৷ কাউণ্টাৰত বহি থকা ডেকাজনে টিকটটো আগুৱাই দিওঁতেই আমাক এইদৰে জনালে৷ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ওচৰতে আমি ৰৈ থাকিম, তাৰ পৰা পিক্‌ আপ্‌ কৰিব দেই বুলি কৈ বহীখনত লিখোৱাই লোৱা হ'ল৷ তাৰ পাছত দুয়ো গাড়ীলৈ উভতি আহিলোঁ আৰু নিজৰ জেগাত বহিলোঁ৷ গাড়ী-মানুহৰ ভিৰৰ মাজেৰে ধীৰে ধীৰে চলাই ঘৰ পোৱালেহি ছাজিদে৷ দুয়ো বান্ধৱী লগ লাগি খৰখেদাকৈ ভাতকেইটামান ৰন্ধাত লাগি গল৷ ময়ো সহায় কৰি দিলোঁ৷ হাতত সময় তাকৰ৷
























Tuesday 25 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫০)

প্ৰকৃতিপ্ৰেমীৰ বাবে যেন সৰগীয় মুহূৰ্তৰ লহৰ৷ পানী যুঁৱলিত শিলত বহি শ্বাহনাজ-নাজমাহঁতে প্ৰাকৃতিক সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিবলৈ পাই তেনেই আপোন-পাহৰা হৈ পৰিছে৷ তাৰ মাজতে পুৰণি দিনৰ কথাতো মত্ত হৈ পৰিছে৷ ভোক-পিয়াহ যেন সমূলি নাই! প্ৰকৃতিয়ে পাহৰাইছে দেহ-মনৰ অসুখ৷ মুকলি পৰিৱেশ, বিশুদ্ধ বায়ু আৰু নিৰ্মল পানীতকৈ মানুহৰ বাবে আৰু কিবা ভাল দৰৱ আছে জানো? ডাক্তৰী ঔষধ এইবোৰৰ সমকক্ষ হ'ব নোৱাৰে৷ হ'লেও মানুহে নুবুজে৷ সমল থাকিলেও সময় নাই, ইচ্ছা নাই, প্ৰকৃতিৰ বুকুলৈ যোৱাৰ৷ সেয়েহে যতমানে বেমাৰ৷ দিনে দিনে বেমাৰী হৈ পৰিছে মানুহবোৰ৷ শাৰীৰিকভাৱে, মানসিকভাৱে৷ বিপৰীতে আমি ঢপলিয়াই ফুৰিছোঁ এইকণ মহৌষধৰ সন্ধানত৷ আমাৰ বেমাৰ-আজাৰ নাই৷
দলঙৰ ওচৰৰ পৰা মই সিহঁতলৈ কেমেৰা টোঁৱাইছোঁ, উধাই-মুধাই ফটো তুলিছোঁ৷ হাস্যমধুৰ মুহূৰ্তবোৰ মে'মৰী কাৰ্ডত বন্দী কৰিছোঁ৷ আহিব নোৱাৰাসকলক দেখুৱাম, জানোচা মন-মগজু মেল খায়েই! পানীৰ সৈতে খেলা কৰা সিহঁতৰ মুক্ত মনৰ প্ৰকাশবোৰে মোৰো সোঁৱৰণিৰ পেৰাটো আকৌ এবাৰলৈ খোল খুৱালে৷ এইখন নৈত দুদিন নামিছিলোঁ, এঘণ্টা ধৰি গা-কাপোৰ ধুইছিলোঁ, উভতি গৈছিলোঁ শিশুৰ ৰূপলৈ৷ শিলৰ আঁৰত প্ৰাতঃকৰ্ম কৰিছিলোঁ, নৈপৰীয়া ইদু মিছিমি চাঙত নিশা আলহী হৈছিলোঁ৷ পাহৰিব নোৱাৰি, জীৱনৰ সেই সোণালী সময়বোৰ, মুহূৰ্তবোৰ, অনুভূতিবোৰ৷ এই সময় বেলেগ৷ এই সময়ৰো স্বকীয়তা, নিজস্বতা আছে৷ এই সময়ৰ স্মৃতিও আগলৈ মনত থাকিব৷ আকৌ আহিম এনে নিৰ্ভেজাল আনন্দ ল'বলৈ৷ বাৰে বাৰে আহিম অৰুণাচললৈ৷
চাল্লি লে'কলৈ চহৰৰ পৰা ৩ কিল'মিটাৰ মাত্ৰ৷ চাৰিওফালে পাহাৰে আগুৰা ভূখণ্ডৰ মাজত, তললৈ বৃহৎ এটা প্ৰাকৃতিক হ্ৰদ৷ চৌপাশে বিভিন্ন প্ৰজাতিৰ গছ-বিৰখ৷ পানী গভীৰ৷ ডাঙৰ ডাঙৰ মাছে কমাই থাকে৷ পাৰে পাৰে ফুটপাথ৷ বহিবলৈ বেঞ্চ আৰু জিৰণী চ'ৰা৷ নৌকা চালনাৰ ব্যৱস্থাও আছিল৷ লে'কলৈ নামি যোৱা চিৰিৰ মুখতে বন বিভাগৰ টুৰিষ্ট লজ এটা আছিল৷ লে'কৰ পাৰত আমলখি গছকেইজোপামান আছিল৷ তাৰে এজোপাত মই উঠিছিলোঁ৷ সকলোবোৰ আজিও ফট্‌ফটীয়াকৈ মনত আছে৷ সকলোবোৰ আগৰ দৰেই আছে চাগৈ৷
এইটো ৰাস্তাতে ১২ কিল'ৰ ভিউ পইণ্টত ৰ'লে ওপৰৰ পৰা দিবাং নদীখনৰ নয়নাভিৰাম দৃশ্য দেখা পোৱা যায়৷ দিবাং ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ৷ অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা দিবাঙে গতিপথত ইথুন, আছন, চিপু, আবা, ইফি, শিশিৰি, দাতুং, দেওপানী ইত্যাদি সৰু-বৰ পাহাৰীয়া নৈসমূহক বুকুত সামৰি লৈছে৷ ভাৰতৰ অন্তিম পূবৰ পৰা আহি থকা লোহিতখনৰ সৈতে শদিয়া পাৰ হোৱাৰ পাছতে মিলিত হৈছে৷ তাৰ পাছত দিহাং অৰ্থাৎ চিয়াঙৰ লগ লাগি সমূহীয়া নাম লৈছে ব্ৰহ্মপুত্ৰ নদ৷ ৰাষ্ট্ৰীয় জলপথ বিধেয়ক ২০১৫ৰ অন্তৰ্গত শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ নদৰ জলভাগক ৰাষ্ট্ৰীয় জলপথ হিচাপে কেন্দ্ৰীয় পথ পৰিৱহণ আৰু জাহাজ দপ্তৰে ঘোষণা কৰি থৈছে৷ তাৰে সুফল স্বৰূপে ব্ৰহ্মপুত্ৰৰ বুকুৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সোনকালে জল পৰিৱহণ ব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে৷ বান সমস্যাৰ পৰিত্ৰাণৰ উপায় হিচাপে ধুবুৰীৰ পৰা শদিয়াৰ ওচৰলৈকে ৬খন ড্ৰেজাৰৰ দ্বাৰা ৬০০ কিল'মিটাৰ দূৰত্ব জুৰি ৪৫ মিটাৰ (!) গভীৰতা ৰাখি খনন কাৰ্য হাতত লোৱাৰ কথাও টেলিভিচন, নিউজ পে'পাৰত পঢ়িবলৈ-শুনিবলৈ গৈছে৷ এটা কথা ভালকৈ মনত আছে, অসম লোক সেৱা আয়োগ ( এ.পি.এছ.চি.)ৰ কাৰ্যালয়টো গুৱাহাটীৰ ভঙাগড়ত থাকোঁতেই চাকৰিৰ বাবে সন্মুখীন হোৱা মৌখিক সাক্ষাৎকাৰত অসমৰ বানপানীৰ সমাধানক লৈ দুবাৰ একেটা প্ৰশ্নকে মোক কৰিছিল তেতিয়াৰ সদস্য মেম্বৰ গগৈ (এতিয়া প্ৰয়াত) ডাঙৰীয়াই৷ কি ভাবি জানো, ময়ো উত্তৰত নৈখন খন্দা উচিত বুলিয়েই কৈ দিছিলোঁ তেতিয়া৷
বাৰ্ড ৱাচ্ছিঙৰ বাবে মিছিমি হিল্‌ছলৈ অহা কৌতূহলীজনৰ বাবে ৰ'য়িঙক ফাৰ্ষ্ট ষ্টপেজ বুলি কোৱা হয়৷ ১২ কিল'ৰ পৰা আৰম্ভ কৰি ইটাপানী নৈ পৰ্যন্ত এলেকাটো পক্ষীপ্ৰেমী মানুহ তথা অনুসন্ধিৎসু গৱেষকৰ বাবে এক কথাত ক'বলৈ গ'লে ভূ-স্বৰ্গসদৃশ৷ হিমালয়ৰ পাদদেশৰ মিছিমি হিল্‌ছ স্পৰ্শ কৰি সমুদ্ৰপৃষ্ঠৰ পৰা ২০০-৫৫০ মিটাৰ উচ্চতাত ইয়াৰ অৱস্থিতি৷ বিলুপ্তপ্ৰায় আৰু অচিনাক্ত কেইবাবিধো চৰাই ইয়াৰ হাবিত দেখা যায়৷ বাৰ্ডছ অফ্‌ ইণ্ডিয়াৰ চে'কলিষ্টৰ মতে ভাৰতবৰ্ষত মুঠতে প্ৰায় ১,২০০ বিধ চৰাই পোৱা যায়৷ ৰ'য়িঙক কেন্দ্ৰ কৰি মিছিমি পৰ্বত আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ৬৮১ প্ৰজাতিৰ চৰাই আছে৷ সেইফালৰ পৰা এছিয়াৰ ভিতৰতে সবাতোকৈ সমৃদ্ধ বুলি অঞ্চলটোৰ নাম আছে৷ সেয়ে পক্ষী দৰ্শনকাৰীৰ বাবে এইখন অতিকৈ মনোযোগ আকৰ্ষণকাৰী ঠাই৷ মায়'ডিয়াৰ ৰাস্তাত পোৱা বিশেষ বিশেষ আলি-কেঁকুৰি কেইটামান একো একোটা বিশিষ্ট বাৰ্ডিং স্পট হিচাপে চিহ্নিত৷ বিদেশী গৱেষকে মস্ত মস্ত কেমেৰা স্থাপন কৰি চৰাই চাই থকা দেখা পাইছিলোঁ৷ ৰাস্তাছোৱা অৰুণাচল প্ৰদেশৰ সন্মানীয় জীৱ মেঠোনৰ মুক্ত বিচৰণথলী৷ মেঠোনক আবদ্ধ কৰি ৰাখিবৰ বাবে পথ বন্ধ কৰি সজা গে'ট কিছুমান আছিল৷ যাত্ৰীয়ে নিজেই খুলি পাৰ হৈ আকৌ জপাই যাব লাগে৷ অৰুণাচলৰ অইন ঠাইত তেনেকুৱা পথ-জপনা মই আজিলৈ দেখা নাই৷ এতিয়া সেইবোৰ আছেনে নাই জানো! এইবাৰ সিমানদূৰ যোৱা নহ'ব৷ দেওপানীয়েই লক্ষ্মণ-ৰেখা৷
আগলৈ অনন্য পাৰ্বত্যনিৱাস মায়'ডিয়া৷ এখন আদৰ্শ ট্ৰেকিং থলী৷ মায়া নামৰ নেপালী যুৱতী এজনীৰ নামৰ পৰাই ঠাইখিনিৰ নামটো মায়’ডিয়া হৈছে৷ কথিত আছে যে মায়া বোলা ছোৱালীজনী এদিন তাতে বৰফৰ মাজত হেৰাই গৈছিল৷ তাইক আৰু বিচাৰি পোৱা নগ’ল৷ শুকুলা বৰফেৰে ঢকা কৰ্দৈসিৰীয়া পাহাৰৰ টিং, নামনিৰ ঘন সেউজীয়া বননি আদিৰে মায়’ডিয়া মনোৰম৷ শীতকালত বৰফাবৃত্ত পৰ্বতৰ শাৰীয়ে অঞ্চলটোক অধিক আকৰ্ষণীয় কৰি তোলে৷
৬,০০০তকৈও অধিক প্ৰজাতিৰ উদ্ভিদ, ৫০০ প্ৰজাতিৰ অৰ্কিড, ১০০ বিধ স্তন্যপায়ী জীৱ, পখিলা, কীট-পতংগ, ৫২ ধৰণৰ ফুলেৰে মিছিমি হিলছ মেটমৰা৷ বহুতৰে হিচাপ হ’বলৈ এতিয়াও বাকী৷ চল্লিশৰ দশকত পক্ষীবিদ ডক্টৰ চালিম আলি আৰু ডিলন ৰিপ্লেই এলেকাটোত চলোৱা জৰীপৰ সময়ত এনে এবিধ চৰাই পাইছিল যাৰ বিষয়ে পৃথিৱীয়ে তেতিয়াহে জানিব পাৰিছিল৷ তেনেকুৱা অচিনাকি চৰাই হেনো ইয়াত এতিয়াও আছে! তাৰেই সন্ধানত চৰাইৰ পিছ খেদি ভাল পোৱা মানুহৰ উপস্থিতি এই হাবিত অনৱৰতে যেন এটা সুলভ দৃশ্য হৈ পৰিছে৷
বিশাল এলেকাটোৰ পৰা মেডিচিনেল প্লেণ্ট সংগ্ৰহ কৰা নিষেধ৷ বন্য পশু-পক্ষী চিকাৰ কৰাত কঠোৰ নিষেধাজ্ঞা আছে৷ তেনে অৱস্থাত ক'ৰবাত কোনো মানুহ ধৰা পৰিলে ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনমতে দণ্ড বিহা হ’ব বুলি ফলকত সোঁৱৰাই থোৱা হৈছিল৷ বাটে বাটে ওলোমাই ৰখা ব'ৰ্ড কিছুমানত সকীয়াই দিয়া হৈছিল চিকাৰ নকৰিবলৈ৷ জীৱ-জন্তুৰ মুক্ত বিচৰণত যাতে কোনো ধৰণৰ ব্যাঘাতৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাই-উৰুমি নকৰিবলৈকো জাননী ফলক লিখি আঁৰি থোৱা আছিল৷ এতিয়াও আছে চাগৈ সেইবোৰ৷
শেষবাৰলৈ কেঁকুৰিটোলৈ চাই দলঙৰ পৰা নামি আহি নদীগৰ্ভ পালোঁহি৷ সুবিধাজনক এঠাইত বহি মাইছাই মাছ ধৰিবলৈ প্ৰাণপণ চেষ্টা চলাইছে৷ যোৱাৰ পৰা ঘূৰি অহালৈকে তাই কেৱল এই একেটা কামেই কৰি থাকিল৷ মাকে ক'লে, 'মাছৰ প্ৰতি এইৰ খুব চখ৷ মাছ ধৰি বৰ ভাল পায়৷ নাখায়, পোহে৷' ওচৰ চাপি গৈ মই চালোঁ, পাহাৰীয়া নৈখনৰ সৰু সৰু মাছকেইটামান কণমানি দুহাতেৰে ধৰি ধৰি তাই গিলাচ এটাত সযতনে ৰাখিছে৷ ঘৰলৈ লৈ যাব হেনো৷ বটলত ভৰাই পুহিব৷ সৰু থাকোঁতে আমিও তেনেকুৱা কাম কৰিছিলোঁ৷ ভালকৈ মনত আছে, পিছদিনা ৰাতিপুৱা উঠি দেখোঁ যে হৰলিক্সৰ বটলটোত গৰৈ-চিৰিকা দুটা নাই৷ কি হ'ল, ক'লৈ গ'ল ভবা-চিন্তাৰ বহু পিছতহে উৰহী গছৰ ওৰ ওলাল৷ মা-দেউতাই ৰাতি আমি শুৱাৰ পাছত মাছকেইটা ভাজি ভাতৰ লগত খাই পেলালে!
ৰ'য়িঙত আজি খুব ৰ'দ দিছে৷ বেছ গৰম অনুভৱ হৈছে৷ নদীৰ বুকুখনত বিশাল এলেকা জুৰি পানী নাই৷ শিল, কেৱল শিল৷ বেইলী ব্ৰীজৰ তলত সোঁতৰ কাষত প্ৰশান্তিভৰা মুহূৰ্তবোৰ পাৰ কৰি থাকোঁতেই বাইকাৰ্ছৰ দল এটাৰ আগমন হ'ল৷ ঘটং-ঘটংকৈ দলঙৰ প্লেটত কৰ্কশ আৱাজ তুলি পাৰ হৈ গ'ল৷ এনে লাগিল যেন ৰে’ল দলঙেৰে ৰে’লগাড়ীহে গৈছে! কমেও ৩০খনমান হ'ব৷ দুজন দুজনকৈ উঠি গৈছে৷ বাইক ৰাইডাৰৰ সুখৰ দিন আহি গ'ল৷ এয়াও দীঘল দলঙৰ প্ৰভাৱ৷ এই বাটে এতিয়া তেওঁলোক কোন ধুবুৰী পায়গৈ ঠিকনা নাই৷ অৱশ্যে এতিয়া অফ্‌-চিজন৷ আগত লেণ্ড স্লাইড জ'ন, ৰ'লিং ষ্ট'ন এলেকাও আছে৷ অগত্যা যাবলৈ হ’লে দুঃসাহসেৰে, অতি কষ্টেৰে সেইবোৰ পাৰ হৈ যাব লাগিব৷ বাইকিং মোৰ হ'বী নহয়৷ বাইকো নাই, চলাবও নাজানো৷ দেহাও সেই পৰ্যায়ৰ নহয় অৱশ্যে৷ হ'লেও হাৰ্লি-ডেভিদচন ষ্ট্ৰিট ৭৫০, ৰয়েল এনফিল্ড থান্দাৰবাৰ্ড ৩৫০ কিম্বা বাজাজ এভেনজাৰ ক্ৰুইজ ২২০ একোখনৰ সৈতে বাইকিং গীয়েৰত ৰ'দ ট্ৰিপলৈ অহা মতগজ ডেকাবোৰক চায়েই কিবা এটা ভাল লাগে৷ এতিয়াও একেথৰে চাই ৰ'লোঁ দলটোলৈ৷ ছেলফী মাৰি গৈ আছে৷ এইফালে পানীত দুভৰি থৈ শ্বাহনাজ-নাজমাহঁতো ছেলফী মৰাত ব্যস্ত৷ মোৰ আকৌ ছেলফীও নচলে৷ 'বজৰংগবলী ভাইজান'ৰ গানটোলৈ ঘপকৈ মনত পৰি গ'ল৷ সিহঁতবোৰলৈ চাই চাই অকলে অকলে গুণগুণাবলৈ ধৰিলোঁ, 'ছেলফী লে লে ৰে'৷









Monday 24 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪)


ৰৌদ্ৰোজ্জ্বল পুৱা৷ পাহাৰ আৰু ডাৱৰৰ লুকাভাকু খেলখন চলি আছে৷ সন্মুখত ৰ'য়িং৷ তাকে লৈ শ্ৰীমতী আহ্লাদিত তথা কৌতূহলী হৈ পৰিছে৷ ৰ'য়িং চহৰখনৰ গঠন ১৯৫৩ চনত, অৰ্থাৎ বৰভূঁইকঁপৰ ৩ বছৰ পাছত আৰম্ভ হৈছিল৷ পূৰ্বতে এই অঞ্চলটো আছিল ঘন অৰণ্যৰে পৰিপূৰ্ণ৷ পৃষ্ঠভাগ অলপমান ওখ যদিও ৰ'য়িংখন সচৰাচৰ ভবাৰ দৰে পাহাৰীয়া নহয়, সমতল চহৰ৷ ইয়াৰ পৰা অদূৰত পৰ্বতৰ লানি দৃষ্টিগোচৰ হয়৷ দেওপানী নৈ পাৰ হৈয়ে মিছিমি পৰ্বতৰ আৰম্ভণি৷ অৰুণাচল হিমালয়ৰ পাদদেশ সেয়া৷ মিছিমি হিল্‌ছক বিশ্বৰ মেগা বায়'-ডাইভাৰচিটি হটস্পটসমূহৰ অন্যতম বুলি গণ্য কৰা হয়৷

ৰ'য়িংখন ইদু মিছিমি বসতিপ্ৰধান এলেকা৷ পৌৰাণিক কাহিনীৰ ৰুক্মিণী মিছিমি যুৱতী আছিল বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস৷ ইদু মিছিমিৰ বাদে আদি জনগোষ্ঠীয় লোকেও ইয়াত বাস কৰি আহিছে৷ ইদুসকলৰ ৰেহ আৰু আদিসকলৰ চলুং, দুটা প্ৰধান উৎসৱ৷ ক্রমে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰ মাহৰ পহিলা দিনত ৰাজহুৱাভাৱে ধুমধামকৈ উদ্‌যাপিত হয়৷ ৰ'য়িঙত থাকিবৰ বাবে হোটেল, গে'ষ্ট হাউচ, চাৰ্কিট হাউচ, টুৰিষ্ট লজ্‌ আদি আছে৷ বজাৰ-সমাৰ, শিক্ষানুষ্ঠান, হেলিপেড আদিও আছে৷ ইটানগৰ, পাছিঘাট, তিনিচুকীয়া, গুৱাহাটী, তেজু, আনিনি আদিলৈ ইয়াৰ পৰা নিতৌ টাটা চুম', স্কৰপিঅ' আৰু বাছ চলে৷ বাটত নে'টৱৰ্ক ট্ৰেভেলছৰ নৈশ বাছ এখন ৰৈ থকা অৱস্থাতে দেখা পাই আহিছোঁ৷

ৰয়িঙত উপস্থিত হৈ আজি প্ৰথমেই এটা কথা মন কৰিলোঁ যে দুবছৰৰ আগতে ইয়ালৈ আহোঁতে যিমানবোৰ গাড়ী-মটৰ দেখিছিলোঁ, মানুহৰ মাজত যি হাৰৰ ব্যস্ততা দেখিছিলোঁ, এতিয়া তেনে নহয়৷ পৰিৱৰ্তন হৈছে৷ নতুন দলং মুকলিৰ প্ৰভাৱ ইয়াতো পৰিছে তাৰ মানে৷ বেনাৰ ওলমোৱা আছে, ৰ'য়িঙৰ পৰা নে'টৱৰ্ক ট্ৰেভেল্‌ছৰ বাছ চলিব গুৱাহাটী, ইটানগৰ, শিলিগুৰিলৈ৷ গাড়ী আমি দেখিলোঁৱেই, চহৰ সোমাওঁতেই৷ যাতায়াত ব্যৱস্থা সুচল হ'ল যেতিয়া এতিয়া বুকুত হাত থৈ ক'ব পাৰি যে বৰ্তমানৰে পৰা ভাৰতৰ দীৰ্ঘতম দলংখন চাবলৈ দেশী-বিদেশী ভ্ৰমণকাৰীৰ সোঁত ব'ব৷ তাৰ সৈতে অংক মিলাই কম কষ্টতে অৰুণাচললৈ অহাৰো সুযোগ ল'ব পাৰিব পাৰ্বত্য ভ্ৰমণ অভিলাসী লোকে৷ সহজতে সম্ভৱ হ'ব সীমান্ত-পৰ্যটনো৷ ৰ'য়িং-মায়'ডিয়া-আনিনি টুৰিষ্ট চাৰ্কিটলৈ পৰ্যটক অহাৰ মাত্ৰা আগতকৈ নিশ্চয়কৈ বৃদ্ধি পাব৷ অৰুণাচল প্ৰদেশ টুৰিজিমৰ ব্ৰেণ্ড এম্বেছাডৰ জন আব্ৰাহামে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আহ্বান জনোৱাটো সুকীয়া কথা, ভূপেন হাজৰিকা সেতুৱে যাত্ৰা তেনেই সহজ কৰি পেলালে৷ ইনাৰ লাইন পাৰ্মিট লৈ গাড়ীত উঠি আহি থাকিলেই হ'ল৷ তালৈকে চাই চৰকাৰৰ পৰ্যটন বিভাগটোৱে আহি থকা দিনবোৰত প্ৰয়োজনীয় খণ্ডসমূহৰ উন্নয়ন সাধনত যথোচিত গুৰুত্ব দিব লাগিব৷ টুৰিষ্ট স্পটসমূহ ঠিক-ঠাক কৰি ৰখাৰ লগতে থকা-খোৱাৰ ব্যৱস্থাপনাবোৰো পৰ্যাপ্ত আৰু উন্নততৰ কৰি পেলাব লাগিব৷ সময়ৰ আহ্বান, দলঙৰ প্ৰভাৱ এয়া৷

আমি চহৰখনৰ মাজ-মজিয়াৰে পাৰ হৈ আহিছোঁ৷ মাজতে এখিনি ৰাস্তা বৰ বেয়া হৈছে৷ জৱাহৰলাল নেহৰু শিশু উদ্যানৰ সন্মুখেৰে ছাজিদে দেওপানী নৈৰ ফালে গাড়ীখন চলাই নি আছে৷ শান্ত-সৌম্য, মনোগ্ৰাহী এইফালৰ প্ৰাকৃতিক শোভা৷ বোঁৱতী জলতৰংগৰ খল্‌খলনিয়েহে মাথো নিস্তব্ধতা ভংগ কৰে৷ দেওপানীৰ ওপৰত নতুনকৈ আৰ.চি.চি. দলং এখন সাজি থকা দেখা গৈছে৷ এই দলঙে এইফালৰ যাত্ৰা সুগম কৰিব৷ নহ'লে বাৰিষা ভীষণ কষ্টৰ সন্মুখীন হ'বলগীয়া হয় আনিনি, হুনলি আদিৰ মানুহে৷ ইমানদিনে কিমানযে ধৈৰ্য ধৰি অহা হৈছে সেয়া সহজে অনুমেয়৷ সন্মুখৰ ৰাস্তাটো এতিয়াও নদীৰ বক্ষৰেই৷ দলং হৈ নুঠা পৰ্যন্ত থাকিব লাগিব এনেকৈয়ে৷ তললৈ নামিবলৈ উদ্যত হওঁতেই সোঁহাতে পোৱা পুৰণি হেঙিং ব্ৰীজখনো এতিয়াও ওলমি আছে৷ যোৱাবাৰ আহোঁতে সেইখনত বগাইছিলোঁগৈ৷ নদীৰ শিলাময় বুকুখনত সুবিধাজনক ঠাই চাই গাড়ীখন ৰখোৱা হ'ল৷ গাড়ীৰ পৰা নামি দেওপানীৰ বুকুৰে বৈ থকা তৰংগায়িত জলধাৰাৰ ফালে ঘপাঘপ খোজ ল'লে বাকীসকলে৷ নৈসৰ্গিক বাতাবৰণত এখন্তেক বহাৰ প্ৰতি আটায়ে যেন বৰকৈ আগ্ৰহী৷ ইফালে মূৰৰ ওপৰত ৰ'দ৷ লগ এৰি অকলশৰে মই গুচি গ'লোঁ ওচৰতে থকা বেইলী ব্ৰীজখনলৈ৷ দলং পাৰ হৈয়ে ৰাস্তাটো পাহাৰত সোমাই পৰিছে৷ সেইফালেদিয়ে মেহাও বন্যপ্ৰাণী উদ্যান, মায়'ডিয়া, হুনলি, আনিনি, চীন সীমান্ত আদিলৈ যায়৷

২০১৫ চনৰ এপ্ৰিল মাহৰ মাজভাগত আহিছিলোঁ ইয়ালৈ৷ চহৰৰ ধামখুমিয়াৰ পৰা আঁতৰত দেওপানী নৈৰ পাৰত সম্পূৰ্ণ নৈসৰ্গিক বাতাবৰণত জিবি পলোৱে সজা আৰু পৰিচালনা কৰা জনজাতীয় ইক' লজ্‌ মিছিমি হিল কেম্পত অতিথি হৈছিলোঁ৷ উপকণ্ঠৰ Ezenggo অৰ্থাৎ নদীৰ তীৰত খেৰ-বাঁহ, টকৌপাতেৰে পৰম্পৰাগত আৰ্হিত নিৰ্মিত ইদু মিছিমি চাংঘৰৰ সুখকৰ স্মৃতি এতিয়াও পূৰামাত্ৰাই সজীৱ হৈ আছে৷ দেওপানীৰ বক্ষত নামি সূৰ্যাস্ত চাইছিলোঁ৷ গা ধুইছিলোঁ, দুবাৰকৈ৷ পুৱা শোৱাপাটীৰ পৰাই শুনা পাইছিলোঁ সিপাৰৰ পৰ্বতৰ পৰা ভাহি অহা হলৌ বান্দৰৰ হুক্‌-কু হুক্‌-কু মাত৷ অথনি চহৰখনলৈ সোমাই আহি থাকোঁতেই চিনেমাৰ চিকুৱেঞ্চবোৰৰ দৰে সমস্ত দৃশ্যপট মোৰ মনলৈ আহি আছিল৷ এতিয়া নৈখন পালোঁহি৷ ইজে আৰু ইমে নামৰ দুখন পাহাৰীয়া নৈ লগ হৈ দেওপানী সৃষ্টি হৈছে৷

দেওপানীৰ ওপৰত ভাৰতীয় সৈন্যই নিৰ্মাণ কৰা লোৰ দলংখনেৰে খোজ কাঢ়ি গৈ আছোঁ অকলে অকলে৷ গম্ভীৰ প্ৰশ্ন এটা জাগিল মনত৷ ১৯১৯-২০ চনমানত ব্ৰিটিছ সামৰিক বিষয়া কৰ্নেল এফ. ডব্লিউ. শ্বেইক্সপীয়েৰৰ নেতৃত্বত কমাণ্ডেণ্ট মেজৰ ক্লোট আৰু আমেৰিকাৰ মিছনেৰী জেকমেনে হাতীৰে আহোঁতে দেওপানী নৈৰ পানী যুঁৱলিত গুৰিটো বৰ্গাকাৰ, ওপৰলৈ ক্ৰমাৎ চিয়াঁ, ষষ্ঠকোণীয়া, ২.২৮ মিটাৰ উচ্চতাৰ, সৰ্প আৰু আহোম লিপি খোদিত স্তম্ভ এটা পাইছিল বুলি পঢ়িবলৈ পোৱা সেই দেওপানীখন এইখনেই নেকি? সৰ্পস্তম্ভটো কোনোৰ মতে ১৫৩২ত, কোনোৰ মতে ১৫৬২ত, খেনোৰ মতে ১৬০০ত, আকৌ কোনোৰ মতে আহোমৰ শদিয়াখোৱা লপাই গোহাঁয়ে, কোনোৰ মতে মিছিমিসকলে, খেনোৰ মতে চুতীয়াসকলে দেওপানী নৈৰ পাৰত নিৰ্মাণ কৰা বুলিও কিতাপত পাইছোঁ৷ এইখনেইনে সেই দেওপানী? সত্য-অসত্য নাজানো৷ ক'তো লিখা দেখা নাই৷ সদ্যহতে ক'ব পৰা সত্যটো এইটোৱেই যে ব'ৰ্ডাৰ ৰ'ডছ অৰ্গেনাইজেছনৰ দ্বাৰা নিৰ্মিত, সেউজীয়াৰ মাজত লুকাই পৰা সন্মুখৰ বাটটোৱে মোক আগলৈ ৰিঙিয়াই মাতি আছে৷ দলং পাৰ হৈ ৰাস্তাটো কেঁকুৰিত হেৰাই গৈছে৷ সিফালে কি আছে দেখা নাযায়৷ এই ঠেক, পকী ৰাস্তাটোৰেই আমি চাল্লি লে'ক, মেহাও বন্যপ্ৰাণী উদ্যান, মায়'ডিয়া গিৰিপথ চাবলৈ গৈছিলোঁ৷ 

ৰ'য়িং আৰু আনিনিৰ মাজৰ সৰ্বোচ্চ উচ্চতাৰ বৰফাবৃত্ত ঠাই মায়'ডিয়ালৈ ৰ'য়িঙৰ পৰা ৫৬ কিল'মিটাৰ৷ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত গিৰিপথটোত সৰহ পৰিমাণৰ বৰফ দেখিবলৈ পোৱা যায়৷ চুবও পাৰি৷ চিনেমাত দেখাৰ দৰে ইজনে-সিজনলৈ দলিয়াদলিকৈ খেলিবও পাৰি৷ সেয়েহে বহুতে কয়, আমাৰ ওচৰৰ কাশ্মীৰ বুলি৷ মাৰ্চ পৰ্যন্ত শুভ্ৰ বৰফেৰে এলেকাটো ঢাক খাই থাকে৷ অন্য সময়তো দূৰৰ পৰ্বত শিখৰত বৰফ দৃষ্টিগোচৰ হয়৷ প্ৰাকৃতিক দৃশ্যাৱলী সদায়েই আকৰ্ষণীয় মায়'ডিয়াৰ৷ বহুতেই মন্তব্য কৰা শুনো, ছিমলা-মানালিতকৈও উৎকৃষ্টহে হেনো মায়'ডিয়া মাউণ্টেইন পাছ৷ সেই সেই ঠাইৰ দৰে পৰ্যটকৰ পকেট কটাৰ ফন্দি এইফালে নাই৷ সঁচা-মিছা ক'ব নোৱাৰিম৷ মই তেনেবোৰ ঠাইলৈ গৈ পোৱা নাই৷ অৰুণাচলৰ কুমাৰী প্ৰকৃতিৰ মোহিনী বাহুবন্ধনে বাৰুকৈয়ে মেৰিয়াই ৰাখিছে মোক৷