শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪৭)
বহল পথটোৰ দুয়ো দাঁতিত থকা খেৰী ঘৰ, মিছিমি চাংঘৰবোৰ পাছলৈ দৌৰি থাকিল৷ গাড়ীখন কোবেৰে গৈ আছে৷ ৰ'দজাক চোকা৷ খোলা খিৰিকীৰে সোমাই অহা বতাহখিনি খুব মজা লাগিছে৷ নিৰ্জন ৰাস্তা৷ এঠাইত সিফালৰ পৰা অহা 'নিৰজুলি' বাছখন পালোঁ৷ ৰ'য়িঙৰ পৰা আহিছে৷ তিনিচুকীয়া পাবগৈ৷ ১১ বাজি ১৩ মিনিট গৈছে৷ সেউজীয়াত অৱগাহন কৰি তেনেকৈয়ে কাংকং, পাৰবুক আদি সৰু-বৰ গাঁওসমূহ পাৰ হৈ গৈ থাকিলোঁ আমি৷ জনজাতীয় বেষ্টনীত সোমাই পৰিলোঁ৷ চিনাকি অনুভূতি কিছুমানে অন্তৰত বাহ ল'লে৷ অৰুণাচল বুলিলেই এনে অনুভূতি জাগে৷
২০১২ চনৰ কথা এটা মনত পৰিল৷ সেই বৰ্ষৰে ৫-৬ নৱেম্বৰত অসম সাহিত্য সভাই শোণিতপুৰ জিলাৰ বালিপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল ভূপেন হাজৰিকাৰ প্ৰথম মৃত্যুবাৰ্ষিকী৷ অৰুণাচলৰ প্ৰশাসনিক বিষয়া, অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংছি আছিল মুকলি সভাৰ অতিথি৷ বালিপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হৈছিল সভাখন৷ ভাষণত ঠংছি ছাৰে কৈছিল... 'সংগীত-কিম্বদন্তী ডক্টৰ ভূপেন হাজৰিকা অসমৰ সন্তান নাছিল৷ ভূপেনদা আচলতে অৰুণাচল প্ৰদেশৰ সন্তান৷ নেফাৰ এখন গাঁৱত তেওঁৰ জন্ম৷ ঘৰৰ পৰা আঁতৰি কেইবাদিনো ধৰি অৰুণাচলী মাতৃৰ স্তনপান কৰিছে তেওঁ৷ এতেকে তেওঁৰ যদি কোনোবা জন্মভূমি থাকিব লাগে, সেয়া অৰুণাচল প্ৰদেশ৷'

গীত আৰু সংগীতেৰে কলা-কাণ্ডাৰীগৰাকীয়ে অৰুণাচল
প্ৰদেশলৈ বিশেষ অৱদান আগ বঢ়াই গৈছে৷ অৰুণাচলীৰ প্ৰিয় মানুহজনৰ প্ৰয়াণৰ সম্পৰ্কত ঠংছি
ছাৰে কৈছিল... 'ভূপেনদা সূৰ্যৰ বুকুত লুকাই পৰিল৷ জাতিৰ হকে এনে কিছু সম্পদ এৰি থৈ গ'ল
অনাগত দিনত যিবোৰ বিশেষকৈ অৰুণাচলৰ পৰ্বতবোৰত অহৰহ প্ৰতিধ্বনিত হৈ থাকিব৷' সাম্প্ৰতিক অৰুণাচল প্ৰদেশৰ
নামনি দিবাং উপত্যকা নামৰ জিলাখনৰ অন্তৰ্গত অখ্যাত ব'লুং গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি একক আৰু অদ্বিতীয়
ৰূপত পৃথিৱীলৈ ওলাই গৈছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা৷ সঁচাকৈয়ে বিশ্বমানৱ হৈ পৰিছিল তেওঁ৷
ধলা-শদিয়া দলংখন বিশ্বকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামাংকিত
হ'ব লাগে বুলি অৰুণাচল প্ৰদেশ লিটাৰেৰী চ'চাইটি (এ.পি.এল.এছ.)ৰ সদস্যসকলে ঠংছি ছাৰৰ নেতৃত্বতে প্ৰধান মন্ত্ৰী
নৰেন্দ্ৰ মোদীলৈ এখন অনুৰোধসূচক স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল৷ তাত দেশৰ প্ৰধান মন্ত্ৰীগৰাকীক
জনোৱা হৈছিল... '১৯৫০ চনৰ বিধ্বংসী ভূমিকম্পই ডক্টৰ ভূপেন হাজৰিকাৰ জন্মঠাই নিশ্চিহ্ন
কৰাৰ আগলৈকে শদিয়া তেতিয়াৰ নেফাৰ প্ৰশাসনীয় সদৰ আছিল৷ বৰ্তমান শদিয়া যদিও অসমত পৰে
ডক্টৰ ভূপেন হাজৰিকাৰ জন্মস্থান অৰুণাচলৰ অধীনস্থ ল'ৱাৰ দিবাং ভেলী জিলাৰ ব'লুং গাঁৱতেই
বুলি কোৱা হয়৷ নৱনিৰ্মিত দলংখন তেখেতৰ নামেৰে হোৱাটো অৰুণাচল প্ৰদেশ আৰু অসমৰ ৰাইজৰ
সপোন৷' শেষত চৰকাৰে যেনিবা সেয়া গ্ৰাহ্য কৰিলে৷ আনন্দে হিয়া নধৰা হ'ল সকলোৰে৷ মোদীজীৰ মুখত কালি ধলাৰ সভাত ঘোষণাটো শুনাৰ লগে লগে আৱেগত আমাৰো চকুপানী ওলাল৷
ভূপেন হাজৰিকা সেতুৱে ভূপেন হাজৰিকা মানুহজনক,
বিশেষভাৱে তেওঁৰ জন্মস্থান সম্পৰ্কে নতুনকৈ অধ্যয়ন কৰিবলৈ, বিচাৰ কৰিবলৈ অনেকজনৰ লগতে
আমাকো প্ৰেৰণা দি গ'ল৷ আমি গৱেষক নহওঁ, বিশ্ববিদ্যালয়ো গৰকি অহা নাই৷ তত্ৰাচ, ব'লুং ওচৰ চাপি আহিছেমানে নিজৰ মনতে এতিয়া উপৰ্যুপৰি প্ৰশ্ন জাগিব ধৰিছে৷ সেই পুৰণি ঠাইটুকুৰা দৰাচলতে
কোনফালে আছিল য'ত ভূপেন হাজৰিকাৰ জন্ম হৈছিল? লোহিতখন আছে দক্ষিণলৈ, ব'লুং আছে উত্তৰলৈ৷ ভূমিকম্প আৰু বানপানীত নিশ্চিহ্ন হ'ল বুলি কোৱা হয়৷ নৈখন আগতে এইফালেৰে বৈছিল নেকি? আনহাতে, বৰ্তমানৰ অৱস্থিতিৰ পৰা ইয়ালৈ পেৰামবুলেটৰত আদি যুৱতীয়ে গাঁও ফুৰাবলৈ অনাটো কেনেকৈ সম্ভৱ? এইবিলাক বিষয় সন্দৰ্ভত, ভূপেন হাজৰিকাৰ শিশু কালছোৱাৰ সম্পৰ্কে স্পষ্ট লেখা-মেলা আজিও তেনেই সীমিত৷ গতিকে বহু কথাই অস্পষ্ট৷ সেই ধূঁৱলি-কুঁৱলীবোৰ অাঁতৰ কৰাটো গৱেষকসকলৰ কাম৷ অৱশ্যে সাধাৰণ দৃষ্টিৰেই এইটো স্পষ্ট যে বাই বাৰ্থ ভূপেন হাজৰিকা নেফাৰ, অৰ্থাৎ অৰুণাচল ভূমিৰ৷ প্ৰথম গীত পৰিৱেশনতে সাহিত্যৰথী
লক্ষ্মীনাথ বেজবৰুৱাই চুমা-পৰশেৰে বিশাল প্ৰতিভাধৰজনক অসম ভূমিৰ কৰিলে৷ সেই দিনটো আছিল ১৯৩০
চনৰ ৩০ অক্টোবৰ৷ স্থান কটন কলেজিয়েট হাইস্কুল, গুৱাহাটী৷
একে সময়তে অইন দুটামান কথায়ো মোৰ মনত আকস্মিকভাৱে ৰেখাপাত কৰিলে৷ জীৱন-পঞ্জীয়ে
কয়, ভূপেন হাজৰিকাই ১৯২৬ত শদিয়াত জন্ম ল'লে, ১৯৩৫ত পালেগৈ ধুবুৰী৷ শদিয়া আৰু ধুবুৰী,
অসমৰ এই দুই মূৰ কোন কাহানিবাতে স্পৰ্শ কৰিছিল তেওঁ৷ সেইফালৰ পৰা বিচাৰ কৰিলে ব্ৰিটিছৰ
পাছতে বোধ হয় ভূপেন হাজৰিকাই অসম পৰিক্রমা কৰা প্ৰথমজন অসমীয়া পৰ্যটক হ'ব৷ শদিয়া, ব'লুঙৰ পৰা ওলাই ১০ বছৰতে কণ্ঠ নিগৰোৱা অসম-পৰ্যটকজনে সংগীতক লৈয়ে পাছত বিশ্ব পৰিভ্ৰমণ কৰিছেগৈ৷ আকৌ, আচৰিতভাৱে, সেই শত-সহস্ৰ গীতৰ মাজত শদিয়া, ব'লুং উপেক্ষিত!
বাটতে ব'লুঙত থমকিম যদিও দৰাচলতে আমাৰ লক্ষ্য ৰ'য়িং৷
ৰ'য়িং এসময়ত আনিনি নামে জিলাৰ সদৰ ঠাই আছিল৷ এতিয়া নামনি দিবাং ভেলীৰ৷ ৰ'য়িঙলৈ চপাখোৱাৰ
পৰা দূৰত্ব প্ৰায় ২৩ কিল'মিটাৰ৷ ব'লুঙলৈ প্ৰায় ১২ কিল'মিটাৰ৷ ব'লুং পাই ইফালে-সিফালে
চালোঁ৷ প্ৰতিকৃতি স্থাপনৰ যাৱতীয় আয়োজন সম্বন্ধীয় দৃশ্যপট কোনোফালে একোৱেই দেখা নগ'ল৷ এঠাইত এঘৰত মানুহ এমখাই কিবা মিটিং কৰি থকা দেখি ভাবিলোঁ, এয়াই নেকি? পিছে নহয়, সেয়া বিজেপিৰহে সভা৷ ইফালে-সিফালে পুতি ৰখা, পদুম ফুলযুক্ত গেৰুৱা পতাকাবোৰৰ পৰা বোধগম্য হ'ল৷ মূৰ্তি আহি আছে, অথচ কোনো উদ্যোগ নাই৷ সঁচাকৈ ক'বলৈ হ'লে নিৰাশেই হ’লোঁ৷ অৱশেষত গাড়ীৰ পৰা নামি দোকান
এখনত সুধিলোঁগৈ৷ ডেকাজনে ওচৰৰে ঘৰ এটালৈ আঙুলিয়ালে৷ ভূপেন হাজৰিকাৰ একালৰ বন্ধু প্ৰয়াত
গ'ৰা পেৰটিনৰ ৬০ ভিলা সেইটো৷ বাসভৱনৰ সন্মুখত মিংগাম পেৰটিনৰ পৰা দানসূত্ৰে লাভ
কৰা ভূমিতেই প্ৰতিকৃতিটো স্থাপন কৰা হ'ব৷ ভূপেন হাজৰিকাৰ সান্নিধ্যৰে একালত মুখৰ হৈ
পৰা ঘৰখন আলেঙে আলেঙে চালোঁ৷ চৌপাশৰ পৰিৱেশ শান্ত৷
No comments:
Post a Comment