শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৪১)
পুৱা সোনকালে শুই উঠাটো মোৰ বহুদিনীয়া অভ্যাস৷ শদিয়া, ধুবুৰী বুলি কথা নাই৷ আজিও (২৮ মে’ ২০১৭) সময়মতেই সাৰ পালোঁ৷ ইহঁত কোনো উঠাই নাই৷ পুৱতি নিশা চেহ্ৰী খাই পুনৰ টোপনি যোৱা গৃহস্থক আমনি দিবৰ একেবাৰে ইচ্ছা নহ’ল৷ ইফালে বিছনাখনত পৰি থাকিও ভাল লগা নাই৷ মনটো উৰি গৈছে মুক্ত প্ৰাংগনলৈ৷ বাহিৰখনলৈ ওলাই যাবৰ মন গৈছে৷ অলপ পৰ ইছাটি-বিছাটিকৈ কটোৱাৰ পাছত হাতত সাৰে ভৰিত সাৰে পিছফালৰ দৰজা খুলি ওলাই আহিলোঁ৷
কুকুৰা এপালমান আছে শ্বাহনাজহঁতৰ৷ ৰাতি পাকঘৰ চাফা কৰাৰ পাছত এচুকত গোটাই থোৱা পাচলিৰ বাকলি, বিস্কুটৰ পেকেট আদিৰে সমৃদ্ধ জাবৰৰ দ’মটো খাদ্যবস্তুৰ সন্ধানত খুঁচৰি দেখিলেই খং উঠি যোৱাকৈ ছেদেলি-ভেদেলি কৰি পেলালে কুকুৰাজাকে৷ বিষ্ঠাৰেও বাৰাণ্ডাখন তেনেই ফুল বাছি থৈছে৷ মই যোৱাত অচিনাকি চেহেৰা দেখি সিহঁতমখাৰ মাজত হুৱাদুৱা লাগি গ’ল৷ ভাবিলোঁ, কি কৰা উচিত এতিয়া? বাঢ়নীটাৰ আৰু দমকলৰ পৰা পানী এবাল্টি আনি প্ৰথমেই পকাখন চাফা কৰাত ধৰিলোঁ৷ খেদা-কোৰাত ডেকেৰুৱা পোৱালি এটা বাট ভুল কৰি শোৱনি-কোঠাৰ ভিতৰ সোমালগৈ৷ সেইটোক লৈ মহা জ্বালা-যন্ত্ৰণা চলিল অলপপৰ৷ আলনাৰ তল, আলমাৰিৰ পাছফাল, কেনিনো ঘপহকৈ তাপ মাৰিলে তলকিবই নোৱাৰিলোঁ৷ গৃহস্থই সাৰ নাপাওক বুলি সাৱধানতা অৱলম্বনৰ নামত ৰূমৰ ভিতৰতে তাক যেনে আছে তেনেই এৰি দিবলগীয়া হ’ল৷ অৱশিষ্ট কামখিনি অঁতালোঁহি৷ অলপ পাছত আকৌ এটাই একে বাট ল’লে৷ পুনৰ বিড়ম্বনা! আনফালে সমনীয়া কুকুৰাবোৰৰ কোঢ়াল৷ চিঞৰত গগন ফালিবহে যেন! শব্দ প্ৰদূষণৰ মাত্ৰাটো চৰি যোৱাত শ্বাহনাজ উঠি আহিল৷ গৰাকীৰ মধ্যস্থতাত থান-থিত লাগিল যেনিবা৷ হ’লেও সতকাই মাত বন্ধ নহ’ল৷ ‘এইবাৰ ঈদৰ সময়লৈকে ইহঁতবোৰৰ গতি লগাব লাগিব ৰহ৷’ এইবুলি তাই জ্বলি-পকি উঠিল পুৱাই পুৱাই৷
কুকুৰাই যথেষ্ট সময় খালে মোৰ৷ সি যি কি নহওক, আৰু অকণো বিলম্ব নকৰি কেমেৰাটো কান্ধত লৈ ওলাই দিলোঁ৷ গে’টখনৰ বাঁওহাতলৈ ১০০ মিটাৰো ন’হব চাগৈ, অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ শদিয়া শাখা সভাৰ ভৱনটো৷ কালি আহোঁতেই মন কৰিছিলোঁ, চৌহদৰ ভিতৰখন৷ গাই কেইজনীমানে আপোনমনে কাণ জোকাৰি ঘাঁহ খাই আছিল৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ সুস্পষ্ট৷ বাটচ’ৰাতে সজা স্বৰ্গীয় তিলেশ্বৰ গগৈ-পেতুবী গগৈ সোঁৱৰণী তোৰণখনেও জীৰ্ণ ৰূপ পৰিগ্ৰহ কৰিছে৷ দলং হৈ উঠিল যেতিয়া শদিয়াৰ জনজীৱনে এতিয়া এই ভৱনটোৰ উন্নয়ন সাধনত যৎপৰোনাস্তি গুৰুত্ব দিয়া উচিত৷ জাতীয় জীৱনৰ বৃহত্তম অধিৱেশনখনি বিভিন্ন জনগোষ্ঠীৰ সমন্বয়থলী শদিয়ালৈ আগন্তুক দিনত আহ্বান জনোৱাৰ লক্ষ্য এটা লোৱাৰ বিষয়েও ভাবি চাব পাৰে৷ অসমৰ এমূৰৰ ন-শদিয়াৰ বুকুৰ পৰাই আৰম্ভ কৰি দিয়া হওক ভাষা-সাহিত্য-সংস্কৃতিৰ নতুন দিগন্ত অভিমুখে সন্মানীয় সংগঠনটোৰ শক্তিশালী অভিযান৷
চপাখোৱাস্থিত সাহিত্য সভাৰ ভৱনটোতে যোৱা ১৯ ফেব্ৰুৱাৰী তাৰিখে সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ এক ব্যতিক্রমী সভা বহিছিল৷ সক্রিয় সাংবাদিক বগেন গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাতে শদিয়া প্ৰেছ ক্লাব গঠন কৰা হৈছিল৷ দেশে স্বাধীনতা লাভ কৰাৰ পৰা আৰম্ভ কৰি এইটোৱেই শদিয়াৰ ইতিহাসত প্ৰথম প্ৰেছ ক্লাব৷ অসম-অৰুণাচল সীমান্তৰ ঐতিহাসিক এলেকাটোৰ মানুহৰ জ্বলন্ত সমস্যাসমূহ দৰাচলতে এতিয়াৰ পৰাহে ভালকৈ পোহৰলৈ আহিব আৰু সমাধান-সূত্ৰ ওলাব৷
ভৱনটোৰ দিশে নগৈ বিপৰীতফালে খোজ পেলোৱা আৰম্ভ কৰি দিলোঁ৷ নাতিদূৰত জলসিঞ্চন বিভাগৰ চপাখোৱা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো৷ সেইটো এৰি চপাখোৱা নগৰ সমিতিৰ অফিচ৷ শিলগুটি দিয়া পথ এটা সোঁহাতে সোমাই গৈছে৷ সেইফালে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৱাসথলী৷ দেখাতে কয়, ঘৰবোৰ পুৰণি হৈছে৷ ছাজিদহঁতৰ কোৱাৰ্টাৰটোৰো অৱস্থা ভাল নহয়৷ বাৰ্ষিক মেৰামতিৰ অভাৱত অংশবিশেষে জৰাজীৰ্ণ স্থিতি লৈছে৷ তাকে লৈ মানসিকভাৱে সিহঁত কিমান ভাৰাক্ৰান্ত সেয়া মই আগৰবাৰ আহোঁতেও মন কৰিছোঁ৷
শিলগুটিৰ ৰাস্তাটোৰ বিপৰীতে শদিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়৷ পুৰণি পুৰণি গছ-গছনিৰে চৌহদটো পৰিপূৰ্ণ৷ তাৰ পৰা আগলৈ যাওঁতে চাৰিআলি এটা ওলাল৷ পোনে পোনে নগৈ বাওঁহাতে ঘূৰি দিলোঁ৷ আজাৰ গছত দীঘলকৈ ওলমি থকা বেঙুনীয়া অৰ্কিডৰ থূপ এটাই মোৰ দৃষ্টি নিমিষতে টানি নিলে৷ কেমেৰায়ো তৎমুহূৰ্ততে সাৰ পাই উঠিল৷ চিধাই গ’লে কুণ্ডিল নৈখন পায়৷ কথাটো ঘৰ সোমোৱাৰ পাছতহে, শ্বাহনাজে জনোৱাত গম পালোঁ৷ গতিকে চোৱাগৈ নহ’ল৷ আগতে জানিলে নিশ্চয় গ’লোঁহেঁতেন৷ কুণ্ডিল নৈৰ পাৰৰ মোগলপুৰ অঞ্চলত ১৬ ইঞ্চি জোখৰ জোতা এপাত উদ্ধাৰ হোৱাক লৈ যোৱা বছৰৰ শেষৰফালে সংবাদ মাধ্যমত হৈ-চৈৰ সৃষ্টি হৈছিল৷
গড়কাপ্তানি বিভাগৰ চপাখোৱা গ্ৰাম্য পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ আগেৰে দপদপাই গৈ আছোঁ৷ জিলা কাৰাগাৰৰ ওচৰ পালোঁগৈ৷ ২০১০ চনৰ পহিলা জানুৱাৰীত কাৰাগাৰখন মুকলি কৰা হৈছিল৷ মধ্যবয়সীয়া মহিলা এগৰাকী হাতত টোপোলা এটা লৈ সিফালৰ পৰা আহি আছে৷ পিন্ধনত কাৰবি নাৰীৰ পৰম্পৰাগত সাজ৷ নিজৰ ঠাইৰ চিনাকি পিন্ধন-উৰণ দেখি অচিনাকি যদিও মাতো মাতো লাগি গ’ল৷ মুখামুখিৰ হিচাপটোহে নিমিলিল৷ জেলৰ কোৱাৰ্টাৰবোৰৰ ফালে সোমাই গ’ল তেওঁ৷ এখোজ-দুখোজকৈ ইফালে সিফালে চাই চাই ময়ো ভাৰতীয় ষ্টেট বেংকৰ চপাখোৱা শাখাৰ আগ পালোঁহি৷

No comments:
Post a Comment