Thursday 14 November 2013

ৰেভাৰেণ্ড মাৰৰ কথাৰে

উগ্ৰবাদত বিশ্বাসী সংগঠন এটাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন পাৰ্বত্য জিলা বন্ধ প্ৰত্যাহাৰৰ প্ৰথম দিনাই ৰেভাৰেণ্ড আৰ. মাৰ প্ৰিণ্টৱেললৈ আহিছিল ৰিপৰ্ট এটা টাইপ কৰোৱাবলৈ৷ ৰেভাৰেণ্ড মাৰে জুলাই-আগষ্ট মাহত আমেৰিকা ভ্ৰমণ কৰি আহিছে৷ এমাহৰো অধিক কাল মাৰ্কিন যুক্তৰাষ্ট্ৰত থাকি হোৱা তেওঁৰ অনন্য অভিজ্ঞতা আৰু অনুভৱৰ বৰ্ণনা কম্পিউটাৰত টাইপ কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য বুলিয়ে কব লাগিব৷

ৰেভাৰেণ্ডে লিখিছিল : যুক্তৰাষ্ট্ৰত থকাৰ সময়ছোৱাত এবাৰৰ বাবেও বিজুলী সৰবৰাহ বন্ধ হোৱা নাপালো৷ নেদেখিলো ভল্টেজৰ ফ্লাক্‌চুৱেনচন৷

আনহাতে, আমাৰ মুলুকত দুই পৃষ্ঠাৰ এই ৰিপৰ্টটো টাইপ কৰোঁতে এতিয়ালৈকে পাঁচবাৰ কাৰেণ্ট গলেই৷ তেহেলৈ, বতাহত গছৰ পাত লৰিলেই, মেঘে গিৰ্‌গিৰালেই বিদ্যুৎ প্ৰৱাহ বিচ্ছিন্ন হয় বুলি মানুহে কোৱা কথাবোৰক ফটচনে মিছা বুলিব নোৱাৰি৷ দৈনন্দিন জীৱন-যাত্ৰাত বিদ্যুৎ শক্তি কিমানযে অপৰিহাৰ্য তাক অনাখৰীয়েও বুজে৷ বিদ্যুৎ নথকা অৱস্থাত মৰ্মস্থল কি ধৰণে বেদনাহত হয় গ্ৰাহকভেদে তাৰ ব্যাখ্যা বেলেগ বেলেগ হব৷ সঘনাই কৰ্তন বা ব্যাহত হোৱা বিদ্যুৎ যোগানে কৰ্মময় পৰিৱেশ এটালৈ যি স্থৱিৰতা আনে, মনঃসংযোগত কি বাধাৰ সৃষ্টি কৰে সেই অনুভূতি ভাষাৰে প্ৰকাশ কৰা প্ৰকৃতাৰ্থত অসম্ভৱ৷ পৰিত্ৰাণৰ স্থায়ী উপায় হিচাপে বিদ্যুৎ উৎপাদনৰ প্ৰকল্পসমূহ যুগপৎ কাৰ্যক্ষম কৰি তুলিব লাগে, বিদ্যুৎ সংবহনৰ পুৰণিকলীয়া ব্যৱস্থাটো অত্যাধুনিক কৰি পেলাব লাগে; সবাতোকৈ গুৰুত্বপূৰ্ণ, সংশ্লিষ্ট লোকসকলে চূড়ান্ত কাৰিকৰী দক্ষতাৰ পৰিচয় দিব পাৰিব লাগে৷ পিছে আমাৰ ইয়াত ওলোটাটোহে ঘটে৷ মাচুল বাঢ়ে, ভুল বিলৰ প্ৰকোপ বাঢ়ে, সেৱা নাবাঢ়ে৷ বিদ্যুতৰ লুকাভাকু, ড চেডিং, ল ভল্টেজ ইত্যাদি শব্দযুগল বোধ কৰোঁ আজি আৰু কাৰো বাবে সাঁথৰ হৈ থকা নাই৷ তথাপিও সংস্কাৰহীন, স্থানু৷ এতেকে দুই দশক কালেও সম্পূৰ্ণ কৰিব নোৱাৰা কোনো জলবিদ্যুৎ প্ৰকল্পই জনমানসত আখ্যা পায় শতিকাৰ সৰ্ববৃহৎ ঠগবাজী বুলি৷ স্বয়ং শক্তি বিভাগেই প্ৰমাণ কৰি দিছে শক্তিহীনতা৷ সকলোফালেই কেৱল প্ৰতাৰণা, অনিশ্চয়তা আৰু নৈৰাশ্য৷ আমাৰ জীৱনৰ এয়া স্বাভাৱিক পৰিঘটনা বুলিয়ে সামৰি থব লগা হৈছে৷

তিতা-কেঁহা লগা অথচ সৰহসংখ্যকেই উদাসীন আৰু নিৰুদ্বেগচিত্তে থকাত অভ্যস্ত সেই পৰিৱেশটোৰ গহীন নিস্তব্ধতা ভংগ কৰি ৰেভাৰেণ্ডে কৈ উঠিল : ইট্‌ ইজ্‌ নট্‌ পভাৰটি, ইট্‌ ইজ্‌ মেণ্টেলিটি যিয়ে আমাক দিনে-নিশাই পিছুৱাই নি আছে৷ আমি চিন্‌চিয়েৰলি কাম নকৰোঁ, ফাকি মাৰোঁ, কৰাপচন্‌ কৰোঁ; গতিকে এই পশ্চাদঘাতী দশা৷ উন্নত দেশৰ মানুহৰ মনো উন্নত৷ তেওঁলোক অনেষ্ট্‌, চিন্‌চিয়েৰ, ডেডিকেটেড্‌; সেয়ে ন্যুনতম মানৱ শক্তিৰেই চিকাগো, আটলাণ্টাৰ দৰে বৃহৎ বৃহৎ এয়াৰপৰ্ট সুকলমে পৰিচালনা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ আমাৰ বাবে এয়া মাথো বিস্ময়াৱিষ্ট হোৱাৰ খোৰাকহে হৈছে, অনুকৰণীয় কৰ্ম-সংকল্প হব পৰা নাই৷

এটা জাতি বা এখন দেশ কেৱল সংখ্যাৰ জোৰতযে আগ নাবাঢ়ে সি নতুনকৈ কব লগীয়া কথা নহয়৷ শেষ বিচাৰত কোৱালিটিহে গণনা হয়, কোৱানটিটি নহয়৷ অপৰিকল্পিত, অনিয়ন্ত্ৰিত জনসংখ্যা কাৰো বাবে সম্পদ হব নোৱাৰে, বৰঞ্চ বহু সময়ত আপদহে হোৱা দেখা গৈছে৷ যেনেকৈ, ভাৰতত প্ৰৱেশ কৰা অবৈধ বাংলাদেশী ভাৰতৰ বাবে আপদ, বাংলাদেশৰ বাবেও সম্পদ নহয়৷ দৰাচলতে মানুহৰ সঁচা আৰু গুণসম্পন্ন কৰ্মৰহে হিচাপ হয়, ভুৱা প্ৰদৰ্শনী বা মিথ্যাচাৰৰ মুঠেও নহয়৷ যোগ্যতাৰ মূল্যায়ন হয় অৱদানৰ মূল্যৰে৷

ৰেভাৰেণ্ড মাৰৰ দৰ্শন কিমান প্ৰেক্‌টিকেল, কিমান প্ৰেৰণাদায়ক; অথচ আমাৰ ইয়াত তাৰ বৈপৰীত্যহে সুলভ হৈছে৷

মাটিকালি বা জনসংখ্যাই কোনো জাতি বা ভূখণ্ডক উন্নত নকৰে৷ এয়া সকলোৱে পৰিষ্কাৰভাৱে জনা উচিত৷ অধিবাসীৰ বুদ্ধি, পৰিশ্ৰম, কাৰ্যদক্ষতা, জ্ঞানলব্ধ প্ৰচেষ্টা, স্বাস্থ্য ...জাতীয় উন্নয়নৰ প্ৰতিযোগিতাৰ মূল্যমান নিৰূপক এইবোৰহে৷ সেয়েহে তৃতীয় বিশ্বৰ দেশবিলাকত ক্রমাৎ প্ৰকট হৈছে উন্নত পুঁজিবাদী দেশবোৰত উন্মোচিত চিন্তাৰ অনুকৰণ আৰু অনুসৰণ৷ এইখিনিতে পিছে মানি লোৱাটো অনুচিত নহব যে কঠিনসাধ্য ভালখিনিৰ পৰিৱৰ্তে সহজলভ্য লঘু কৰ্মকাণ্ড কিছুমানেহে আমাৰ জীৱন-চৰ্যাত আগস্থান পাইছে যিবোৰে সমাজ ব্যৱস্থাত ভাবুকিৰ সৃষ্টি কৰিছে৷ তদনুৰূপ আত্মঘাতী পন্থাৰ উদাহৰণ নিষ্প্ৰয়োজন৷

ৰেভাৰেণ্ড মাৰে কলে : বিশ্বৰ সৰ্বাধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধ অৰ্থনীতিৰে পুষ্ট যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক দেশখনৰ কোনো কোনো ঠাইত মানুহতকৈ গাড়ীৰ সংখ্যা অধিক, তাকো শীত-তাপ নিয়ন্ত্ৰিত৷ পথ-ব্যৱস্থা সুন্দৰ, আমাৰ ইয়াৰ দৰে গাঁত, ফাট দেখিবলৈ নাই৷ চাৰিলেনযুক্ত হাইৱে, নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে অন্তৰে বাটৰুৱা-ঘৰ৷ উচ্চমানৰ ট্ৰেফিক কন্ট্ৰল চিষ্টেম৷ মুঠতে প্ৰযুক্তিনিৰ্ভৰ কৌশলৰ সুপ্ৰয়োগ সকলোফালে৷ বৈজ্ঞানিক গ্ৰগতি, শিক্ষাৰ প্ৰসাৰ, জীৱন-যাত্ৰাৰ মানৰ উন্নয়ন আদিবোৰ কাৰণতে আমেৰিকাৰ সমাজলৈ স্মৰণীয় পৰিৱৰ্তন আহিল৷ আৰ্থিকভাৱে টনকিয়াল, সামাজিকভাৱে সুস্থিৰ, নিৰাপত্তাৰ দিশত স্বনিৰ্ভৰশীল আৰু বিশেষভাৱে বিজ্ঞান-প্ৰযুক্তিত আধিপত্য কল্পেই মাৰ্কিন ৰাজনৈতিক শক্তিয়ে আজি সমগ্ৰ বিশ্বক নিয়ন্ত্ৰণ বা পদানত কৰাৰ সমপৰ্যায় পাইছেগৈ৷
বিপৰীতে, আমাৰ ইয়াত গ্ৰহণযোগ্য সমাধান নথকা বাৰ কুৰি সমস্যাৰ সমাহাৰ, বন্ধৰ প্ৰচুৰতা, বন্ধপ্ৰেমীৰ সংখ্যাবৃদ্ধি আৰু কত কি ! তাৰ পিছত উন্নয়নৰ যিকোনো প্ৰসংগ অলীক স্বপ্নলৈ পৰ্যবসিত নোহোৱাৰ কথাই নাই৷ এনে তুলনাও অমূলক; অনুভূতি যদিওবা পীড়াদায়ক৷ জ্ঞান অভিমুখী অগ্ৰগামিতাৰ দোহাই দি সুযোগ পালেই কিছু মানুহ উন্নত দেশলৈ ধাৱমান হোৱাৰ অন্তৰালত এনে সংবেদনশীলতাই ক্রিয়াশীল হয় নিশ্চয়৷

মানসিকতাৰ উত্তৰণেই আমেৰিকাক বিশ্বৰ অন্যতম বৃহৎ শক্তিৰূপে প্ৰতিষ্ঠা কৰিছে৷ আৰু আমাৰ ইয়াত ? অনৰ্থক তৰ্ক কৰাত স্বয়ম্ভু পণ্ডিতৰ অভাৱ নাই৷ প্ৰগতিমুখী আলোচনাত ৰক্ষণশীল শ্ৰোতাৰো অভাৱ নাই৷ বিয়োগাত্মক চৰ্চাই অনৱৰত অৱদমন কৰে যোগাত্মক চিন্তা আৰু কৰ্মক৷ অত্যাধুনিক প্ৰযুক্তি সমাজদ্ৰোহীৰ ৰক্ষণাবেক্ষণ, আধুনিকীকৰণতহে ব্যৱহাৰ হয়৷ সমস্যাৰ দ্বাৰা পৰ্যুদস্ত, মানসিক আলস্য বা জঠৰতাত পক্ষাঘাতগ্ৰস্ত আমিবোৰ বিপুল ৰাশিৰ ধন ভিক্ষা কৰাত যিমান উৎসাহী আন্তঃগাঁথনি পুনৰ্নিৰ্মাণত সিমান উৎসাহী নহওঁ৷ সেয়ে বুনিয়াদ গঢ়াৰ দৰে মহত্ত্বপূৰ্ণ কাম কৰাৰ সুযোগো আমি লবলৈ অপাৰগ৷ এনেকুৱা মানসিকতাৰ উৎকৰ্ষ সাধন কেতিয়ানো ঘটিব সেয়া ভাবি চাব লগীয়া৷

পৃথিৱীৰ কোনখিনিত আমি থিয় দি আছোঁ সেইটো ডাঙৰ কথা নহয়, আমি কোন দিশে গৈ আছো সেইটো জনাটোহে ডাঙৰ কথা৷

প্ৰসংগক্রমে, আমাৰ ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে কৈ গৈছে যে শতকোটি মানুহৰ দেশ ভাৰতবৰ্ষই প্ৰযুক্তি বিজ্ঞানত সফল হোৱাৰ বাদে আন ৰাস্তা নাই৷ উচ্চ প্ৰযুক্তিৰ কাৰিকৰী চমক সৃষ্টিৰ বাবে লাগিব সতৰ্ক পৰিকল্পনাকাৰী, কঠোৰ নিয়ন্ত্ৰক স্বপ্নদ্ৰষ্টা৷ ঋষিতুল্য ৰাষ্ট্ৰপতিগৰাকীয়ে শিকোৱাৰ দৰে নিজৰ ভিতৰৰ স্বৰ্গীয় জুইকুৰাক ডেউকা একোখন দিয়াত সফলকাম আমি কেতিয়ানো হব পাৰিম, সাফল্যৰ পোছাক পৰিধান কৰি আকাশৰ সমান উচ্চতালৈ উধাই কেতিয়ানো আমি গৰ্ব কৰিব পাৰিম... ৰেভাৰেণ্ড গুচি যোৱাৰ পিছত তাকে ভাবিছোঁ৷

(১৪জুলাই ২০০৬ তাৰিখৰ আমাৰ অসম কাকতৰ ব্যক্তিগত কলমত প্ৰকাশিত৷)


এক মিনিটৰ গল্প

সি হেনো কেতিয়াবাই ইয়ালৈ, মানে আমাৰ ঘৰলৈ অহাৰ কথা আছিল ৷ আলীয়েহে বোলে দেৰী কৰোৱালে৷ আলী মানে আমাৰ ভাৰাতীয়া তাইজুল আলী ৷

'আলীয়েনো তোক কেনেকৈ দেৰী কৰোৱালে ?' মই বৰ উৎসুকতাৰে তাক সুধিলো ৷

'সি মোৰ পেন্‌টো দোকানীৰ পাই খালাচ কৈ দ্যা নাছিল ৷' বাচন ধুই থকা ল'ৰাটোৱে কোনোফালে  নোচোৱাকৈয়ে উত্তৰটো দি পুনৰ কামত মগ্ন হ'ল ৷

'অ', তাৰ মানে তই নতুন হাফপেণ্ট চিলোৱাইছিলি, ইয়ালৈ আহিবলৈ ?'

মোৰ কথাত সি লাজ লাজ ভাবেৰে সামান্য হাঁহিলে ৷ একো নামাতিলে ৷

মই আকৌ সুধিলো, 'আলীয়েনো তোৰ পেণ্টটো কিয় খালাচ কৰি দিয়া নাছিল ? কি অসুবিধা আছিল তাৰ ?'

'তাত্‌ তাতে প'ইচা নাছিল বোলে ৷' ভোলৰ জালটোত চাবোন অকণমান সানি লৈ সি মোৰ চকুলৈ চাই ক'লে ৷

'কেইটকানো লাগিছিল ?' মই আকৌ সুধিলো ৷

'পঞ্চাশ টাকা ৷' তাৰ চমু উত্তৰ ৷

'আও... ! আলীৰনো হাতত টকা পঞ্চাশটাও নাছিলনে, তোৰ হাফপেণ্টটো দৰ্জীৰ পৰা আনি দিবলৈ ! বাৰু, পিছত কেনেকৈনো খালাচ কৰিলি ?'

'আনৰ ঘৰোত নাইৰকেল পাইদ্‌দি আক' ৷' উৎসাহেৰে মোলৈ চাই উত্তৰটো দি বাহাৰ ওৰফে পোৱালিয়ে ধুবলৈ বুলি এইবাৰ মস্ত প্ৰেছাৰ কুকাৰটো নিজৰ গাৰ ফালে চপাই ললে ৷

বিশেষ দ্ৰষ্টব্য : 'এক মিনিটৰ গল্প' বুলি ১৯৯৪চনতে লিখি থোৱা এই লেখাটো ফাইলৰ পুৰণি কাগজৰ মাজত বহুত সময় ধৰি বিচাৰিও নাপালো ৷ ক'ত গ'ল জানো ! পিছত মনত পেলাই পেলায়ে আকৌ লিখি উলিয়ালো ৷ পৰীক্ষামূলকভাৱে, লেখাটি প্ৰথমে মই উইনড'জ এক্স.পিত পে'জমেকাৰ ৬.৫ত ৰামধেনুত টাইপ কৰিছো ৷ তাৰ পিছত কপী কৰি এম.এছ.ৱৰ্ডত পে'ষ্ট কৰিছো ৷ তাৰ পিছত ইউনিক'ড'ত কনভাৰ্ট কৰিছো ৷ কনভাৰ্ট কৰাৰ পিছত ফণ্ট বদলাইছো ৷ গীতাঞ্জলিৰ পৰা ইউনিক'ড'লৈ কনভাৰ্ট কৰিব ঠিকমতে পাৰিছোনে নাই, তাকে চাইছো ৷


মই এনেকৈ লিখো...
(ইন্দুভূষণ নাথৰ হাতত)

এয়া, আপোনাক খোলাখুলিকৈ জনাবলৈকে মই মোৰ ডেস্কটপ কম্পিউটাৰটো অন্‌ কৰিছো৷ মোৰ অপাৰেটিং চিষ্টেম উইনডজ এক্সপি৷
এয়া ক্রমে ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে আগ বাঢ়ি গৈ পেজমেকাৰ ৬.৫ খুলি ললো৷ নতুন পেজ এটা মুকলি হৈ গল৷
আকৌ ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে গৈ ইউনিকড এনেবল্‌ড ৰামধেনু ভাৰ্চন ৬.০.০ খুলিলো৷ পেজমেকাৰত লিখিবলৈ কাৰ্‌চৰ্‌টো বাওঁকাষে লগাই ললো৷ কণ্ট্ৰল পেলেটত ফণ্টটো গীতাঞ্জলিলাইটইউএনআই কৰিলো৷ ফণ্ট চাইজ ১৪ কৰি ললো৷ টাইপিং আৰম্ভ কৰিলো৷ সংখ্যা লিখিবৰ হলে এফ-ছিক্স, ৰোমান আখৰ লিখিবলৈ এফ-টেন টিপি অটমেটিক ফণ্ট পৰিৱৰ্তন কৰিছো৷
এয়া মোৰ টাইপিঙৰ কাম হৈ গল৷
আকৌ এবাৰ পঢ়ি চাই ললো৷ বানান ভুল হলে বেয়া কথা হব নহয়৷
ঠিক আছে৷ এতিয়া ফাইলটো যথাস্থানত চেভ কৰি থলো৷
তাৰ পিছত এয়া পেজমেকাৰত থাকিয়ে কী-বৰ্ডত ক্রমে কণ্ট্ৰল এ (চিলেক্ট অল্‌), কণ্ট্ৰল চি (কপী) টিপিলো৷ অৰ্থাৎ গোটেই লেখাখিনিকে কপী কৰি ললো৷
আকৌ ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে গৈ ক্রমে মাইক্রচফ্‌ট অফিচ ৱৰ্ড ২০০৭ খুলিলো৷ এটা খালী পৃষ্ঠা আহিল৷ কণ্ট্ৰল ভি (পেষ্ট) টিপিলো৷ পেজমেকাৰৰ লেখাখিনি তৎক্ষণাৎ ৱৰ্ডত পেষ্ট হৈ গল৷ সেয়া ঠিকে আছেনে নাই, এবাৰ চকু ফুৰালো৷
মাইক্রচফ্‌ট অফিচ ৱৰ্ড ২০০৭ত থাকিয়ে আকৌ কণ্ট্ৰল এ, কণ্ট্ৰল চি টিপি লেখাখিনি কপী কৰি ললো৷ তাৰ পিছত ষ্টাৰ্ট, প্ৰগ্ৰামছ্‌, লজিক চফ্‌ট হৈ ৰামধেনু টু ইউনিকড খুলিলো৷ কনভাৰ্ট ডাটা বুলি উল্লেখ থকা বক্সটোত মাউচেৰে ক্লিক্‌ কৰি দিলো৷ লেখাখিনি এম.এছ. ৱৰ্ডৰ পৰা ইউনিকডলৈ মুহূৰ্তৰ ভিতৰতে কনভাৰ্ট হৈ গল৷
এতিয়া এমএছ ৱৰ্ডতে নতুন পেজ এটা খুলি কণ্টল ভি টিপিলো (বা অভাৰৰাইট কৰিলেও হয়)৷ ইউনিকত কনভাৰ্ট কৰা ধৰণেৰে লেখাখিনি পেষ্ট হল৷
কণ্টল এ টিপিলো৷ ফণ্ট টাইপটো সলাই আছামিজ ৰোহিনী কৰি দিলো৷ ফণ্ট চাইজটোও ডাঙৰ কৰি দিলো, এবাৰ পঢ়ি চোৱাত সুবিধা হোৱাৰ বাবে৷
এফালৰ পৰা পঢ়ি গলো৷ দেখা পালো, ঊৰ্ধ্বকমাটো ক্স হৈ আছে৷ বাকী সকলো ঠিকেই আছে৷ এতিয়া ক্সকেইটা বিচাৰি শুধৰাই ঊৰ্ধ্বকমা কৰি পেলালো৷ (এই অসুবিধাটো দূৰ কৰিব পৰা নাই, কোনোবাই জনাবচোন৷)
ইণ্টাৰনেট খুলিলো, গুগুল ক্রম খুলিলো, অকবত সোমালো৷ তাৰ পিছত লেখাখিনি ৱৰ্ডৰ পৰা কপী কৰি অকবৰ ৱালত পেষ্ট কৰিলো৷ এবাৰ এনেয়ে পঢ়ি চাই লৈ পষ্টটো টিপি দিলো৷
আপোনাৰ বাবে মোৰ লেখাটো দৃশ্যমান হৈ পৰিল৷
মই এনেকৈয়ে লিখো৷ কাৰোবাৰ কামত আহিব পাৰে বুলি পদ্ধতিটো উল্লেখ কৰি থলো৷

14.7.2013
সন্ধিয়াৰ ছবি...

সাঁজ লগাৰ পূৰ্ব মুহূৰ্তৰ এই সময়খিনিতে (.৩০বজা) ক’ৰবাৰ পৰা জাকে জাকে শালিকাৰ আগমন ঘটে৷ জাক পাতি উৰি অহা অসংখ্য শালিকাৰে মোৰ সন্মুখৰ বকুল, বেলগছ আৰু দেৱদাৰুকেইজোপা মুহূৰ্ততে ভৰপূৰ হৈ পৰে৷ তাৰ লগে লগে আৰম্ভ হয় সিহঁতৰ কোঢ়াল৷ সিহঁতৰ কাণ ফালিব খোজা চী-চিয়নিত আন একোকে নুশুনা হৈ পৰে৷ মাজে মাজে একোটা জাকে আকাশত পৰিভ্ৰমণ কৰেগৈ৷ উৰি যায়৷ ঘূৰি-পকি আকৌ আহে৷ অলপ দূৰত থকা আঁহত, ইউক্লিপটাচ, বাঁহগছ আৰু নাম নজনা গছকেইজোপাতো সিহঁত পৰে৷ তেনেকৈয়ে ইজোপাৰ পৰা সিজোপালৈ সঘন আহ-যাহ চলি থাকে৷ আৰু বৰ বেছি ৪০-৪৫মিনিট৷ এসময়ত চৰাইবোৰ নিস্তব্ধ হৈ পৰে৷ ৰাতিটোৰ বাবে নিৰ্ভয়ে আশ্ৰয় লয় গোটেই কেইজোপা গছতে৷ কোলাহলমুখৰ সেই ক্ষণটো বা দৃশ্যটো নেদেখা কাৰো হয়তো ভাবেই নহ’ব যে গছকেইজোপা শালিকা চৰাইৰে দোঁ খাই আছে৷ ইফালে পুৱা ভালকৈ পোহৰ নৌহওঁতেই কোনেও ক’ব নোৱাৰাকৈ সিহঁত উৰা মাৰে অজান্তি মুলুকলৈ৷ দিনটোৰ বাবে সিঁহত ক’লৈনো যায়, কিনো কৰে একো গম নাপাওঁ৷  পুনৰ দেখা পোৱাৰ আশাৰে মাথো বাট চাই ৰওঁ সন্ধিয়াটো অহালৈ৷


পিট্‌চত প্ৰস্ৰাৱ কৰি জয়ৰ আনন্দ ল'লে ইংলিছ ক্রিকেটাৰে...
(আমাৰ অসম, ২৭আগষ্ট, পৃষ্ঠা ১১)

সদ্যসমাপ্ত এছেজ শৃংখলাত ইংলেণ্ডে চিৰন্তন প্ৰতিদ্বদ্বী অষ্ট্ৰেলিয়াক ৩-০ত হৰুৱালে৷ অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম টেষ্টমেছখন কম পোহৰৰ বাবে ড্ৰ ঘোষিত হয়৷ পাঁচখনীয়া চিৰিজটো অন্ত পৰাৰ পিছতে জয়োল্লাসত মতলীয়া হৈ পৰে ইংলিছ ক্রিকেটাৰসকল৷আৰম্ভ হয় বিজয় উৎসৱ, খেলপথাৰ পৰিভ্ৰম, সমৰ্থকৰ অভিবাদন গ্ৰহণ ইত্যাদি৷ তাৰ মাজতে ইংলেণ্ড দলৰ খেলুৱৈ কেভিন পিটাৰছেন, জেমছ এণ্ডাৰছন আৰু ষ্টুৱাৰ্ট ব্ৰডে উইকেটলৈ আহি প্ৰস্ৰাৱ কৰি বিজয়ৰ আনন্দ চূড়ান্তভাৱে প্ৰকাশ কৰে৷
'ভদ্ৰলোকৰ খেল' ক্রিকেট৷ ইংৰাজসকলো হেনো স্বভাৱতে অতি ভদ্ৰলোক৷ ভদ্ৰলোকৰ প্ৰতিনিধিসকলৰ এনে আচৰণৰ পিছত পৃথিৱীৰ চুকে-কোণে থকা অন্যান্য ক্রিকেটাৰসকলে অনাগত দিনবোৰত 'জয়ী হোৱাৰ উল্লাস'টো কি ধৰণে প্ৰকাশ কৰে, সেয়া নিশ্চয় লক্ষ্যণীয় বিষয় হৈ পৰিব৷
বাৰু কওকচোন, আনন্দ প্ৰকাশৰ এই 'নতুন সংযোজন'বিধক আপুনি কি আখ্যা দিব বিচাৰে?


এপেগ দামী ৱাইন আৰু এবাটি চেঁৱৈৰে বহু দিনতে আৰম্ভ কৰা ভ্ৰমণ কাহিনীৰ ভ্ৰমণ কাহিনীৰ আৰু এছোৱা...

২৭চেপ্তেম্বৰ ২০১০৷

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰা জেট এয়াৰৱেজৰ আমাৰ বিমানখনে বিয়লি বেংককৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে৷ খিৰিকীৰে তললৈ চাই পঠিয়ালত দৃষ্টিত ধৰা দিলে পোন, আহল-বহল আৰু কেইবা লেনযুক্ত পথ, পথৰ ওপৰত শাৰী শাৰী গাড়ী, ডাঙৰ নৈ এখন, সুদৃশ্য দলং, ওখ ওখ অট্টালিকা, ফ্লাই অ
ভাৰ, এক্সপ্ৰেছ ৱে, মটৰ ৱে আদি৷ উৰন্ত প্লেনতে পৰিচাৰিকাই সময় বুজি থাই ইমিগ্ৰেচন বুৰৰ ইমিগ্ৰেচন ফৰ্ম, এৰাইভেল কাৰ্ড হাতে হাতে দি গল৷ যাত্ৰীসকলে পূৰ কৰাৰ পিছত আকৌ আহি তেওঁ এফালৰ পৰা সেইবাৰ সংগ্ৰহ কৰিলেহি৷ বেংককৰ সময় অনুসৰি বিয়লি ৪বাজি ১০মিনিটত বিমানখনে সুৱৰ্ণভূমি ইণ্টাৰনেছনেল এয়াৰপৰ্টত অৱতৰণ কৰিলে৷ আমাৰ ঠাইৰ লগত ইয়াৰ সময়ৰ তাৰতম্য দুঘণ্টাতকৈ সামান্য বেছি৷

সুন্দৰভাৱে লেণ্ড কৰা প্লেনখন ৰানৱে
ত সুস্থিৰ হোৱাৰ আগতেই একাংশ যাত্ৰীৰ মাজত হৈ-চৈ আৰু হেতাওপৰা লাগিল, নামিবৰ বাবে চাগৈ৷ একো ধৰিব নোৱাৰি বেঙাৰ দৰে কেৱল চাই থাকিলোঁ ভাৰতীয় যাত্ৰীসকললৈ৷ তেওঁলোকৰ উৎপতীয়া স্বভাৱে আমাৰ ৰেল ষ্টেচনসমূহত নিতৌ দৃশ্যমান হোৱা ৰূপটোলৈ মনত পেলাই দিলে৷ এটা সময়ত আগে আগে নামি যোৱা যাত্ৰীক অনুসৰণ কৰি সুৰংগসদৃশ বাটেৰে কান্ধত বেগটো লৈ ওলাই আহিলো৷

সুৱৰ্ণভূমি অৰ্থাৎ
দা লেণ্ড অব্ গল্ড৷ ২৮চেপ্তেম্বৰ ২০০৬ত মুকলি কৰা এই সুবৃহৎ বিমান বন্দৰৰ কথা পূৰ্বতে ভালেকেইজন ব্যক্তিৰ মুখত শুনিছিলো৷ কাৰ্যক্ষম হোৱাৰ চাৰি বছৰৰ পিছত হলেও, বিশ্ব পৰ্যটন দিৱসৰ দৰে বিশেষ দিন এটাত ইয়াত ভৰি দিবলৈ পাই নিজৰে কিবা সপোন সপোন যেনেই লাগি গল৷ বিদেশ ভ্ৰমণৰ এই সৌভাগ্যৰ বাবে মনে মনে ঈশ্বৰক ধন্যবাদ জনালোঁ৷ এয়াৰপৰ্টত সুন্দৰকৈ সজাই থৈ দিয়া, ভ্ৰমণকাৰীয়ে সহজেই সংগ্ৰহ কৰিব পৰা ইনফৰ্মেচন বুকলেট, মেপ, ফেক্টচ এণ্ড ফিগাৰচ পঢ়ি অভিভূত হলো চাৰিমহলীয়া বিমান বন্দৰটোৰ সম্বন্ধে সবিশেষ জানিব পাৰি৷ তাৰ পৰাই গম পালোঁ, ২০১০চনত বিশ্বৰ প্ৰথম ১০টা বন্দৰৰ ১০নং হিচাপে বিবেচিত হৈছে সুৱৰ্ণভূমি এয়াৰপৰ্ট৷

প্ৰাকৃতিক কামফেৰাৰ পৰা সদ্যহতে আজৰি হৈ লোৱাটো বুদ্ধিমানৰ কাম হ
ব বুলি মনলৈ ভাব এটা আহিল৷ পিচতবা ক'ত সুযোগ পাম, নাজানো৷ সেয়ে অলপ দূৰ খোজ কাঢ়ি গৈ পোৱা টয়লেট এটাত প্ৰৱেশ কৰিলোঁ৷ সৰু যদিও পৰিষ্কাৰ৷ গোন্ধ-ভাপ অকণো নাই৷ কথাটোৱে মনত ৰেখাপাত নকৰালৈ নাথাকিল৷ লগে লগে তুলনামূলক ছবি এখনো মনৰ পৰ্দাত ধৰা দিলেহি, আমাৰবোৰৰ লগত৷ কৰবাত পঢ়িছিলোঁ যে পৰিষ্কাৰ প্ৰস্ৰাৱগাৰ, শৌচাগাৰ আদিয়ে এখন দেশ সভ্যতাৰ কেনে স্তৰত উপনীত হৈছেহি এই কথা নিৰূপণ কৰে৷ ৰাজহুৱা শৌচাগাৰৰ সংখ্যা, তাৰ মান, তাৰ আপডাল সেই দেশৰ আন্তঃগাঁথনিৰে মাপকাঠী৷ মানুহৰ জীৱনৰ বাবেও ই এটা মৌলিক কথা৷

স্বাভাৱিকতেই টয়লেটটোৱে মোৰ মনলৈ মই প্ৰথমবাৰলৈ যোৱা দেশখনৰ প্ৰতি এটা উচ্চ ধাৰণা আনি দিলে৷ তাৰ পৰা ওলাই দৃঢ়তাৰে খোজ বঢ়াই দিলোঁ অপেক্ষমান অচিন-অজান পৰিৱেশ এটালৈ৷
ঈদৰ দিনৰ অনুভৱ...

আমি সৰুৰে পৰা এখন মিশ্ৰিত সমাজত বাসবাস কৰি আহিছোঁ৷ সেয়ে ধৰ্মীয় চেতনাটো আমাৰ তেনেই কম৷ ইছলামিক শিক্ষা সৰুতে ঘৰতে দিয়া হৈছিল যদিও কাৰ্যতঃ বিকল৷ বছৰৰ মাথো দুটা দিনত (দুয়োটা ঈদতে) বগা সাজ পিন্ধি মছজিদলৈ যোৱা হয়৷ দহ-বাৰ মিনিটৰ সমূহীয়া প্ৰাৰ্থনাত ভাগ লওঁ৷ এই ধাৰা এতিয়াও ভংগ হোৱা নাই৷ আমাৰ চৌপাশে বিৰাজ কৰা সামাজিক, পাৰিপাৰ্শ্বিক অৱস্থাটোৰ বাবেই চাগৈ ধৰ্মীয় দিশটোত আমি আজিও উদাসীন৷

তথাপিও ঈদ বুলি সীমিতসংখ্যক, মনে মিলা বন্ধুক ঘৰলৈ মাতোঁ৷ মোৰ লগৰ বিষ্ণু, বিদুল, মৃদুল, জয়ন্ত, কাৰ্তিক, বিজয়, দিব্যহঁত আহে৷ (সময়ৰ সৈতে বন্ধুৰ নামো সলনি হয়৷) ওচৰ-চুবুৰীয়াও আহে৷ মায়ে নিজহাতে ঘৰতে তৈয়াৰ কৰা নাৰিকলৰ পিঠা, লাড়ু, তিলপিঠা, ছেঁৱৈ, কে
ক্, কটা নিমকি, চৰবত্ আদি খাবলৈ দিয়ে৷ একেখন টেবুলতে চাৰিওকাষে বহি আমি লগে-ভাগে আনন্দেৰে, মুকলি মনেৰে সেইবোৰ খাওঁ৷ বিভিন্ন কথা পাতোঁ৷ মিলা-প্ৰীতি অটুট ৰাখোঁ৷

ঈদ যায়, ঈদ আহে; এনেকৈয়ে৷

এই দিনটোৱেহে কয়... মইযে মুছলমান৷ 
নহ
লে গমেই নাপাওঁ দেখোন!
ছপাশালৰ তিতা-মিঠা  
(গল্প নহয়, সত্য)

বাহিৰত গাড়ী এখন ৰোৱাৰ শব্দ শুনি কাম কৰি থকা অৱস্থাৰ পৰাই সেইফালে ডিঙি মেলি চালোঁ, কোন বা আহিল? ভাবত৷ দেখিলোঁ, খদ্দৰৰ পায়জামা-পাঞ্জাবী পৰিহিত শকত-আৱত লোক এজন৷ বগা আই-টেনখনৰ ড্ৰাইভিং চিটৰ পৰা গহীন-গম্ভীৰ খোজেৰে নামি আহিছে, অকলে৷ সম্ভাষণ জনাই বহুৱালোঁ৷ উদ্দেশ্য আগন্তক মধ্যকালীন বাৰ্ষিক অধিৱেশন উপলক্ষে শাখা সমিতিৰ স্মৃতিগ্ৰন্থখন কৰি দিব লাগে৷ ঠিক আছে, হৈ যাব আকাৰ-প্ৰকাৰ বুজি-বাজি লৈ অলপ পাছতে মই যোগাত্মক সুৰ এটাৰে আশ্বাস দিলোঁ৷ আৰ্টিকল্‌ এতিয়ালৈকে এটাও হাতত পৰাহি নাই৷ পালেই মই মেইল কৰিম দেই৷ আলোচনাৰ অন্তত মোৰ মেইলিং এড্ৰেছটো লৈ প্ৰায় ৭৫ কিলমিটাৰ নিলগৰ নিজৰ থকা ঠাইখনলৈ বুলি গাড়ী ঘূৰাই স্মৃতিগ্ৰন্থৰ সম্পাদকজন ধাৱমান হল৷ দুদিনৰ পিছত ইনবক্সত দেখিলোঁ আৰ্টিকল্‌ পঠিয়াইছে৷ আৰ্টিকল্‌ মানে হাতে লেখা কাগজৰ পৃষ্ঠাৰ স্কেন্‌ড ইমেজ৷ কৰবাতহে ঠিক আছে৷ বেছি ভাগতে অসংখ্য কটা-কটি, অভাৰৰাইটিং৷ অত এডোখৰ, তত এডোখৰ৷কাঁড় চিন, এক-দুই লিখি সংগতি বুজাইছে৷অপৈণত বাক্য-বানান৷ দুনাই পৰিষ্কাৰকৈ, শুদ্ধকৈ, শৃংখলা লগাই লিখিবলৈ লেখক (?)ৰ যেন সময়েই নাই! কাৰোবাৰ ক্ষেত্ৰত আকৌ কিতাপৰ পৰা ফলা পাত কেইটামান৷ গুটি গুটি আখৰ৷ ইফালে সময় তাকৰ, ৰৈ থাকিবও নোৱাৰি৷ কালবিলম্ব নকৰি সেয়ে তাকে এনলাৰ্জ কৰি এ-ফৰ চাইজৰ কাগজত লেজাৰ প্ৰিণ্ট উলিয়াই লৈ পঢ়ি চাই চাই এফালৰ পৰা টাইপিং আৰম্ভ কৰি দিলোঁ৷ ফাইল আহি থাকিল, কামো আগুৱাই থাকিল৷ বেটুপাত, বিজ্ঞাপন, শুভেচ্ছা-বাণী ক্রমে ক্রমে গোট খালে৷ আনহাতে সম্পাদকীয়টো যোগান ধৰাৰ পিছতে কি হল নাজানো, হঠাতে সম্পাদকগৰাকী নোহোৱা হৈ থাকিল৷ না ফোন, না ই-মেইল৷ কাৰণ অজ্ঞাত৷ সূচীপত্ৰখনো ঠিক-ঠাক কৰি নিদিলে৷ আনকি প্ৰুফ চাবলৈও নাহিল৷ ইফালে কথাটো অৱগত কৰাত সম্পাদকৰ ঘনিষ্ঠ স্থানীয় সদস্য এজনে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এদিন মোৰ কৰ্মস্থলীত উপস্থিত হল আৰু খাটনি ধৰিলে, বোলে কিবাকৈ, যেন-তেন-প্ৰকাৰেণ, আপুনিয়েই মিলাই-মেলি স্মৃতিগ্ৰন্থখন সময়মতে উলিয়াই দিয়ক আৰু৷ নহলে সমিতিৰ প্ৰেষ্টিজ নৰয়৷ যি বুজিলোঁ, গৈ থৈ সকলো দায়িত্ব এতিয়া অদৃশ্য সম্পাদক অমুকাৰ ওপৰতেহে পৰিল! না কৰিব নজনা অমুকায়ো বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কৈ পেলালোঁ ব বাৰু৷ আৰু নিজৰ চিন্তাৰেই বাকীখিনি কাৰ্য যিমান পাৰি ভালকৈ সমাপন কৰি বন্ধুজনক সময়ৰ আগতেই ফোন লগালোঁ স্মৃতিগ্ৰন্থ হৈ গল দেই, লৈ যাবহি৷ পিছত জানিবলৈ পালোঁ যে সময়মতেই যথাস্থানত সুকলমে স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচিত হল!

এতিয়া কেতিয়াবা সেইখন হাতত লৈ পাত মেলি চাওঁ৷ সেই দিনকেইটালৈ উভতি যাওঁ৷ সম্পাদনা সমিতিৰ তালিকাখনত থকা নামবোৰ পঢ়ি চাওঁ৷ নাম এসোপা, আচল কাম কৰা মানুহৰ কিন্তু বৰ দুখলগাকৈ অভাৱ৷ কামতকৈ নাম আৰু ওপৰতে বাঃ বাঃ বিচৰা মানুহযে সৰহ সেয়া ভালকৈ বুজি পাই যাওঁ৷


যোৱাৰাতি ফটোশ্বপত...

কণ্ট্ৰল এন্‌ টিপাৰ পিছত কাষ্টম প্ৰিচেটত উইদ্‌থ ৫.৫ ইঞ্চেচ, হাইট্‌ ৮.৫ ইঞ্চেচ টাইপ কৰি এণ্টাৰ মাৰি দিলোঁ৷ লগে লগে নতুন পেজটো সন্মুখত হাজিৰ হল৷ তাৰ আগতেই অৱশ্যে পেজমেকাৰত টেক্সট্‌ ফাইলটো খুলি ডকুমেণ্ট চেট্‌-আপত দিয়া মেজাৰমেণ্টটো এবাৰ চাই লৈছিলোঁ৷

বাঁওহাতে মেলি থোৱা, সাজোনৰ প্লেনিংমতে আঁক-বাক কৰি লোৱা কাগজখিলালৈ গভীৰভাৱে এবাৰ দৃষ্টি নিক্ষেপ কৰিলোঁ৷ ১৬টা কালাৰ্ড পেজ৷ ঠিক আছে৷ ১ আৰু ২ৰ কথাটো ইতিমধ্যে ফিক্সড্‌ হৈয়ে আছে৷ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু দুগৰাকীৰ চিত্ৰ থাকিব৷ কাইলৈৰ ভিতৰত পাই যোৱাটো খাটাং৷ গতিকে ৩নং পৃষ্ঠাৰ পৰাই ধৰা যাওক৷

বিদেশত আপোন মানুহ ...প্ৰৱাসী অসমীয়াসকলক লৈ নিৰ্মিত, দূৰদৰ্শনত ইতিপূৰ্বে সম্প্ৰচাৰিত, মোৰ ভাল লগা চিৰিয়েলখনৰ শীৰ্ষ-গীতটো দুকাণে ওলোমাই লোৱা হেড-ফোনটোত বজাই লৈছোঁ, হাই ভলিউমত৷ মাজে মাজে নিজেও গুণগুনাই আছোঁ৷

আৰু ৪, বেক্‌ টু বেক্‌৷ কিহৰ ছবি আহিব? জানিবৰ বাবে অল্ট-টেব্‌ মাৰি আকৌ পেজমেকাৰত সোমাই পৰিলোঁ৷ পেজ আপ্‌ আৰু পেজ ডাউন কৰি নিশ্চিত হলোঁ৷ প্ৰথম চাৰিটা লেখা প্ৰতিফলিত হব পৰাকৈ ফটো নিৰ্বাচন আৰু সেইমতে প্লেচ্‌ কৰিব লাগিব৷ সেয়ে চেপ্তাৰকেইটাত এফালৰ পৰা পুনৰবাৰ চকু ফুৰাই যোৱা ভাল, যাতে লেখাৰ সৈতে ছবিৰ তাল-মিল থাকে৷ তেতিয়াহে পাঠকৰ বাবে সহজবোধ্য আৰু মনোগ্ৰাহী হব৷

ই ড্ৰাইভত ইতিমধ্যে মোলৈ প্ৰেৰণ কৰা ফটোগ্ৰাফবোৰ একেঠাই কৰি ৰখা কালাৰ্ড ফটো নামৰ ফল্ডাৰটোত ডবল ক্লিক্‌ কৰি দিলোঁ৷ উদ্দেশ্য, প্ৰিভিউ চাব লাগিব৷

নিশাৰ মহানগৰীৰ ছবি... ফটোখন প্ৰথম দৰ্শনতে ভাল লাগিল৷ জেট এয়াৰলাইনচৰ বিমানেৰে নিশা ১০বজাত দেশখনত পদাৰ্পণ কৰাৰ কথা লিখিছে৷ গতিকে উপযুক্ত হব৷

পিছৰ চেপ্তাৰটোও আকৌ এবাৰ খৰকৈ পঢ়ি অঁতালোঁ৷ সমুদ্ৰ-তীৰত অৱস্থিত স্থানৰ কথা উল্লেখ কৰিছে৷ ৰাইট এৰ টিপি গৈ থাকোঁতে তাৰ লগত মিলা ছবি এখনো দৃষ্টিত পৰিল৷ বচ্‌, হৈ গল৷ পেজটো মেক্-আপ্‌ হৈ যাব৷

ফটোৰ ৰিজলিউচন চেক্‌ কৰিলোঁ৷ আৰম্ভণিতেই খুলি থোৱা নতুন পৃষ্ঠাটোলৈ এখন এখনকৈ দুয়োখন ফটো ড্ৰেগ কৰিলোঁ৷ জোখ-মাখ, আন্ধাৰ-পোহৰ বিচাৰ কৰি যথাস্থানত বহুৱাৰ পিছত দেখিলোঁ যে আৰু এখন ফটো যাব পাৰে, ঠাই অলপ আছে দেখোন! চাওঁচোন বাৰু৷

কণ্ট্ৰল টেব্‌ মাৰি গৈ পুনৰ ফটোৰ ফল্ডাৰটোত প্ৰৱেশ কৰিলোঁ৷ আৰম্ভণিৰ পৰাই চাওঁ৷ গোটেইখিনি একাদিক্রমে এবাৰো তেনেকৈ চোৱা হোৱাই নাই৷ এখন এখনকৈ চাই চাই গৈ আছোঁ৷ ইমান ধুনীয়া, পৰিষ্কাৰ আৰু আকৰ্ষণীয় ঠাইবোৰ! এইখন কি, সেইখন কৰ...

এনেকৈয়ে ৰৈ ৰৈ ইখনৰ পিছত সিখনলৈ আগ বাঢ়োঁতে ১৬৭খন ফটোৰ জগতখনৰ মাজত এটা সময়ত নিজেই হেৰাই থাকিলোঁ৷ কাণে-মুখেতো গানটো আছিলেই... বিদেশত আপোন মানুহ

দপ্‌... হঠাৎ কাৰেণ্ট গল৷
ড চেডিং! এটা নিত্যনৈমিত্তিক ঘটনা৷
কামৰ ইণ্টাৰেষ্টত অতপৰে ঘড়ীলৈ চাবলৈযে পাহৰিয়েই আছিলোঁ৷
ইকি! মোৰ পিচিটোৰ স্ক্ৰীণখন দেখোন উকা! টেবুল লাইটটোও অফ্‌! হেড ফোনো নিস্তব্ধ!
তাৰ মানে, ইউ.পি.এছ.টোও ফেইল!

তাৰ অলপ পিছতহে আচল হুঁচ আহিল... হায় হায়, ফাইলটো ছেভ্‌ কৰিবলৈও পাহৰিলোঁ!!!


ষষ্ঠ অনুসূচী, স্বায়ত্তশাসন ব্যৱস্থা আৰু
জিলা পৰিষদৰ ৰূপকাৰ নিকল্‌ছ ৰয়

জনজাতীয় মানস-পটৰ চিৰনমস্য ব্যক্তি এগৰাকীৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ৷ স্বায়ত্তশাসিত পৰিষদৰ পিতৃ সন্মানেৰে বিভূষিত এইগৰাকী সফল জননেতাক জিলা পৰিষদৰ জনক বুলি কোৱা হয়৷ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলৰ আশা-আকাংক্ষা পূৰণৰ কাৰণে থকা দেশৰ সাংবিধানিক যন্ত্ৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ মূল খনিকৰ হৈছে এই অভিজ্ঞ ৰাজনীতিজ্ঞজনেই৷ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ সংবিধানৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষ হিচাপে সুপৰিচিত৷ হৰিজনসকলৰ অধিকাৰৰ বাবে নিৰলসভাৱে যুঁজ দি আম্বেদকাৰ হৈ উঠিছিল উক্ত সমাজৰ এজন বিশ্বাসী নেতা৷ আৰু পিছলৈ ভাৰতীয় সংবিধান প্ৰস্তুতকাৰী তন্ত্ৰটোত মুখ্য ভূমিকা লৈছিল৷ তদনুৰূপ, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য এলেকাৰ জনজাতিসমূহৰ উপকাৰৰ হকে কাম কৰা এগৰাকী নায়কৰ সংগ্ৰামৰ পৰিণতিত সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বীকৃতি দিলে স্বায়ত্তশাসিত পৰিষদক৷ এইটো সত্য যে জনজাতিৰ কল্যাণাৰ্থে কায়-মনো-বাক্যে, ক্লান্তিহীনভাৱে আত্মনিয়োগ কৰা এই জননেতাগৰাকীৰ তুলনাত অদ্যাপি অন্যৰ উদাহৰণ বিৰল৷ যথাৰ্থতেই, দেশৰ সংবিধান ৰচনাৰ ইতিহাসত এইগৰাকী মহানায়ক হৈ ৰস্বায়ত্তশাসিত জিলা পৰিষদৰ স্থপতি অভিধাৰে সালংকৃত হৈ৷ উত্তৰ-পূবৰ পাৰ্বত্য অঞ্চলৰ এই সুযোগ্য প্ৰতিনিধিজনে জনজাতীয় লোক-কৃষ্টিৰ ৰক্ষণাবেক্ষণ আৰু সিবিলাকৰ বিকাশৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি গৈছে৷ সমগ্ৰ উত্তৰ-পূব অঞ্চলটোলৈ সুদূৰপ্ৰসাৰী ৰাজনৈতিক পৰিৱৰ্তন কঢ়িয়াই অনা পৰ্বত-নিবাসী এই মহান নেতাগৰাকীৰ নাম ৰেভাৰেণ্ড জেমছ জয় মোহন নিকল্‌ছ ৰয়, সংক্ষেপে নিকল্‌ছ ৰয়৷

এক দুৰ্লভ ব্যক্তিত্বৰ অধিকাৰী, আধুনিক ভাৰতৰ নিৰ্মাতাসকলৰ এজন, নিকল্‌ছ ৰয় আছিল বুদ্ধি আৰু হৃদয়ৰ ফালৰ পৰা অতি উচ্চতৰ গুণসম্পন্ন এগৰাকী বিশিষ্ট নেতা৷ ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্তকৰণৰ কল্পনা, পৰিকল্পনা আৰু সফলতাত তেখেতৰ অৱদানেই সৰ্বোচ্চ৷ জনজাতীয় মানসত স্বায়ত্তশাসনৰ অৱধাৰণাৰ প্ৰচলক আৰু প্ৰতিষ্ঠাতা আছিল খাচিয়া জনজাতীয় দেশপ্ৰেমিক তথা হাড়ে-হিমজুৱে ভাৰতীয় জাতীয়তাবাদী এই প্ৰকৃত ৰাষ্ট্ৰনেতাগৰাকী৷ উল্লেখযোগ্য যে সংবিধান সভাই ১৯৪৯চনৰ ২৬নবেম্বৰত গ্ৰহণ কৰা সংবিধানৰ ষষ্ঠ অনুসূচীৰ খচৰা প্ৰস্তুত কৰোঁতাজন আছিল নিকল্‌ছ ৰয়৷ সিয়েই পিছত প্ৰণেতাসকলৰ দ্বাৰা সম্পাদিত আৰু পৰিমাৰ্জিত হৈ মূল সংবিধানত অন্তৰ্ভুক্তি লভিছিল৷ আনহাতে এয়া সৰ্বজনজ্ঞাত যে ষষ্ঠ অনুসূচীয়ে অসমৰ পাৰ্বত্য জনসাধাৰণক দিয়া অধিকাৰৰ ভিত্তিতে স্বায়ত্তশাসিত জিলা পৰিষদ গঢ়ি তোলা হৈছিল৷ ষষ্ঠ অনুসূচীৰ অন্তৱৰ্তী সাংবিধানিক ব্যৱস্থা হিচাপেই জিলা পৰিষদে এক বিশেষ ধৰণৰ শাসন-ধাৰা পৰিচালনা কৰাৰ অৰ্থে পৰ্যাপ্ত পৰিমাণৰ ৰাজনৈতিক ক্ষমতা আৰু কৰ্তৃত্বৰে শক্তিমন্ত হৈ লক্ষ্যপথত অগ্ৰসৰ হৈছে৷

ভাৰতীয় সংবিধান গঢ়ি তোলাৰ প্ৰক্রিয়াত এইগৰাকী সংগঠকৰ ভূমিকা আছিল অতিশয় গুৰুত্বপূৰ্ণ৷ ১৯৪৬চনৰ সংবিধান সভাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা ১০জনীয়া সভ্যৰ মাজত নিকল্‌ছ ৰয়ো এজন আছিল৷ নিজৰ বক্তব্যত তেখেতে অসমৰ পাৰ্বত্য অঞ্চলৰ বাবে এক উচ্চমানসম্পন্ন স্বায়ত্ত শাসন প্ৰৱৰ্তনৰ হকে আত্মনিয়োগ কৰাৰ সংকল্প সদৰি কৰিছিল৷ সেয়াই আছিল কৰ্মযজ্ঞৰ আৰম্ভণি৷ ১৯৪৯চনৰ ৬ছেপ্তেম্বৰত দিল্লীত তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৌৰোহিত্যত বহা সংবিধান সভাৰ বৈঠকত ভাৰতীয় খচৰা সংবিধানৰ ষষ্ঠ অনুসূচী শীৰ্ষক আলোচনাত বিশ্বজনীন ভাতৃত্ববোধৰ ভাবনাৰে উদ্বুদ্ধ হৈ খাচিয়া সমাজৰ পৰা অহা, পৰ্বতৰ অধিবাসী আৰু অসম তথা পৰ্বতীয়া ৰাইজৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিনিধিজনে সজোৰে চিঞৰিছিল : মই বিচাৰোঁ সাৰ্বজনীন ভাতৃত্ববোধ৷ মই ইয়াক সমগ্ৰ ভাৰততে বিচাৰোঁ আৰু জনজাতি সমাজৰ লোকসকলৰ মাজতো বিচাৰোঁ৷ ... সকলো মানুহক সমান স্তৰলৈ দাঙি ধৰাৰ উচ্চ আদৰ্শৰ কথা মনত ৰাখিয়েই মই এই কথা কৈছোঁ৷ ... ভাৰতেই আমাৰ দেশ৷ সুস্পষ্ট বাগ্মিতা, বুদ্ধি, বহল দৃষ্টিভংগী, দায়বদ্ধতাৰ ভাব নিসৃত বক্তৃতাৰ সুবাদতে নিকল্‌ছ ৰয় হৈ পৰিল ষষ্ঠ অনুসূচীৰ পৰিকল্পনাৰ প্ৰধান কাৰিকৰ৷ তেখেতৰ জাতীয়তাবাদী প্ৰকৃতি, অসাধাৰণ দূৰদৃষ্টি, অৱস্থাৰ বাস্তৱ পৰিস্থিতি সম্বন্ধে থকা সম্যক জ্ঞানৰ জৰিয়তে সেই সময়ত উদ্ভৱ হোৱা কেতবোৰ অনাকাংক্ষিত আৰু মূলতঃ বিভাজনকামী ষড়যন্ত্ৰ সমুলঞ্চে ব্যৰ্থ কৰি পেলোৱা হৈছিল৷ ফলত ভাৰতৰ অখণ্ডতা অটুট থাকিল, পাৰ্বত্য অঞ্চল ভাৰতৰ অংগ হৈয়ে ৰল৷ অন্যথা ভাৰতবৰ্ষৰ মানচিত্ৰই ৰূপ সলালেহেঁতেন৷

পাৰ্বত্য জনজাতীয় সমাজৰ অনুভৱী জ্ঞান আৰু মনস্তাত্ত্বিক অনুভূতিৰে পুষ্ট হৈও দেশপ্ৰেম সম্বন্ধে নিকল্‌ছ ৰয়ৰ ধাৰণা জনজাতীয় সমাজ-জীৱনৰ নিৰ্দিষ্ট গণ্ডীৰ বাহিৰত আছিল৷ তেখেত আছিল বিশ্বজনীনতা আৰু মানৱ ভাতৃত্বৰ মাধ্যমেৰে সকলো মানুহক একে সমান স্তৰলৈ তুলি অনাৰ উচ্চ আদৰ্শৰ ঘোৰ সমৰ্থক৷ পাৰ্বত্য অঞ্চলৰ অধিবাসী হোৱাৰ সূত্ৰে ইয়াৰ ৰাজনৈতিক বাস্তৱতাৰ প্ৰতি সজাগ এই নেতাজনে নিজা পন্থা অনুসাৰে নিজৰ উন্নতি সাধনৰ মত পোষণ কৰিছিল৷ ৰাষ্ট্ৰীয় স্তৰত স্বায়ত্তশাসিত জিলাৰ হকে কৰা ওকালতিৰ অন্তৰালত দৰাচলতে সমগ্ৰ দেশৰ সম-হিত সাধন কৰাই তেখেতৰ অন্তৰৰ উদ্দেশ্য আছিল৷

স্বায়ত্তশাসনৰ সমৰ্থক গোপীনাথ বৰদলৈ, অনুসূচিত জাতি-জনজাতিৰ স্বাৰ্থৰ হকে কাম কৰা নেতা ডক্টৰ বি. আৰ. আম্বেদকাৰ, সংবিধানৰ অন্যতম প্ৰণেতা জয়পাল সিঙৰ সৈতে নিকল্‌চ ৰয়ৰ যোগসূত্ৰ আছিল অতি শক্তিশালী৷ জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, লৰ্ড মাউণ্টবেটেন আদিৰ সৈতেও তেখেতে আলোচনাত মিলিত হৈছিল৷ নৃগোষ্ঠীয় তথা ৰাষ্ট্ৰীয় সচেতনতাৰে জনগণৰ সেৱাত তেখেতে নিজকে উচৰ্গা কৰিছিল এক সন্তুলিত মনোভাবেৰে৷

এগৰাকী তীক্ষ্ণধী আৰু দক্ষ সাংসদ হিচাপে প্ৰাদেশিক বিধান সভাৰ উপৰি সংবিধান সভাৰ কাৰ্যক্রমণিকাত নিকল্‌ছ ৰয়ে ঐতিহাসিক অৱদান যোগাই গৈছে৷ সংবিধান সভাত জিলা পৰিষদৰ ক্ষমতা আৰু কৰ্তৃত্বৰ সম্বন্ধে স্পষ্ট আৰু প্ৰাঞ্জল ভাষাৰে তেখেতে অতিশয় পতিয়নযোগ্য কথা কৈছিল৷ বুদ্ধিজীৱী, চিন্তাবিদ, লেখক; সৰ্বোপৰি, অধ্যয়নশীল হোৱাৰ বলতে  প্ৰত্যয়জনক ব্যাখ্যা দাঙি ধৰি জনগণৰ স্বাৰ্থৰ হকে পক্ষপাতিত্বহীনতাৰে নিৰ্ভয়ে মাত মাতি যাব পাৰিছিল৷ বিধান সভাতো তেখেতে ভালেকেইখন বিধেয়ক প্ৰস্তুত কৰি গৈছে৷

নিকল্‌ছ ৰয় আছিল মূল্যবোধ আৰু নৈতিকতাত অচল-অটল, সুৰাপানবিৰোধী, সততাসম্পন্ন এজন সুদক্ষ ৰাজনীতিক আৰু তেজস্বী বক্তা৷ ইয়াৰোপৰি যুৱচামৰ চৰিত্ৰ সম্পৰ্কে অহৰহ চিন্তিত এজন প্ৰচণ্ড শক্তিমান পুৰুষ; সমস্যাৰ প্ৰতি গভীৰ মনঃসংযোগসম্পন্ন, পৰিশ্ৰমৰ প্ৰতি নিষ্ঠাৱান, ব্যক্তিগত জীৱনত কঠোৰভাৱে শৃংখলিত লোক৷ অন্যায় প্ৰচেষ্টাৰ বিৰুদ্ধাচৰণকাৰী, গান্ধীবাদী অহিংস পন্থাৰ সমৰ্থক, নৈতিকতাভিত্তিক ৰাজনীতিৰ সমৰ্থনকাৰী নিকল্‌ছ ৰয়ৰ নাম এসময়ত আনকি ৰাজ্যৰ মুৰব্বী পদৰ কাৰণেও আলোচিত হৈছিল৷

পাৰ্বত্য জনজাতিৰ সাংস্কৃতিক আৰু ৰাজনৈতিক আকাংক্ষাক নিকল্‌ছ ৰয়ে বিচক্ষণতা আৰু সহানুভূতিৰে চম্ভালিব পাৰিছিল৷ গভীৰ উৎসৰ্গাৰ মনোভাবেৰে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া এলেকা আৰু অসম উপত্যকাৰ ভৈয়ামৰ মানুহখিনিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে একতা স্থাপনৰ অৰ্থে তেখেতে কথাই-কামে সমানে লাগিছিল৷ অঞ্চলটোৰ ভূমিপুত্ৰসকলৰ স্বকীয় বিশেষত্বৰ সংৰক্ষণক লৈ মূৰ ঘমোৱা, স্থানীয় লোকসকলৰ কাৰণে কাম কৰি যোৱা তেখেত এজন অক্লান্ত কৰ্মী৷ আন কথাত, পৰ্বতীয়া লোকসকলৰ প্ৰধান যোদ্ধা; যাৰ ওপৰত পাৰ্বত্য অঞ্চলৰ মানুহে গভীৰ আস্থা ৰাখিছিল৷ নিকল্‌ছ ৰয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে পাহাৰ-ভৈয়ামৰ জনজাতি-অজনজাতি, সকলো থলুৱা লোকৰ উন্নতিৰ লগত এই অঞ্চলৰ ভৌগোলিক পৰিৱেশ, উমৈহতীয়া অভিজ্ঞতা আৰু বুৰঞ্জীৰ অংগাংগী সম্পৰ্ক আছে৷ গতিকে এক উন্নত কৃষ্টি আৰু এক ওখ খাপৰ চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত একাত্মকৰণৰ প্ৰচেষ্টাৰ দ্বাৰাহে অঞ্চলটোৰ সামূহিক প্ৰগতি সম্ভৱ৷ মন কৰিব লগীয়া যে নিকল্‌ছ ৰয়ৰ বাবেই পৰ্বতীয়া অধিবাসীসকলে কাৰো লগ নহৈ ভাৰতৰ লগতে থাকি নিজৰ ভাগ্য নিজে নিৰ্ধাৰণ কৰিবলৈ ঠিক কৰিলে৷ এইজন ৰাষ্ট্ৰনায়কৰ অবিৰত প্ৰচেষ্টাতেই ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীয়ে স্থান পালে, স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হল, জিলা পৰিষদে জন্ম লভিলে৷

(২৩জুন ২০০৭ তাৰিখৰ আমাৰ অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত৷)


নাজানিছিলোঁ, কালিহে জানিলোঁ...

ৰাতিপুৱা শুই উঠি আত্মহিতৰ কামনাৰে প্ৰাতঃস্মৰণ পাঠ কৰিলে সৰ্বশক্তিমান পৰমেশ্বৰত বিশ্বাস, নিজৰ মাতৃভূমি আৰু ৰাষ্ট্ৰৰ প্ৰতি ভক্তি তথা প্ৰেম তথা প্ৰতাপী পূৰ্বজসকলৰ স্মৰণৰ দ্বাৰা মনত পৱিত্ৰ আত্মগৌৰৱ আৰু স্বাভিমান জাগি উঠে৷ তাৰ ফলত প্ৰফুল্লতা, উৎসাহ, দৃঢ়তা আৰু উল্লাসেৰে নিজৰ কৰ্তব্য-পথত আগ বঢ়া ব্যক্তিয়ে নতুন সফলতা লাভ কৰে৷ গোটেই দিনটো প্ৰসন্নতা আৰু উৎসাহেৰে মন ভৰি থাকে৷ সেয়েহে প্ৰাতঃস্মৰণ পাঠ কৰা নিতান্ত প্ৰয়োজন৷

কৰাগ্ৰে ৱসতে লক্ষ্মীঃ কৰমধ্যে সৰস্বতী৷
কৰমূলে তু গোবিন্দঃ প্ৰভাতে কৰদৰ্শনম্‌৷৷

ৰাতিপুৱা আপোন হাত জগন্নাথ ভাবনাৰে পুৰুষাৰ্থৰ প্ৰতীক নিজৰ হাত দৰ্শন কৰিব লাগে৷ কিয়নো হাতৰ তলুৱাৰ আগভাগত লক্ষ্মীয়ে, মাজভাগত সৰস্বতীয়ে আৰু কৰমূলত গোবিন্দই বাস কৰে৷ অৰ্থাৎ পুৰুষাৰ্থ নাইবা কৰ্তব্যৰ মূলতে সকলো প্ৰকাৰৰ ধন-ধান্য দাতা গোবিন্দৰ ধ্যান আৰু কৰ্মৰ মাধ্যমত জ্ঞান-বুদ্ধিৰ দেৱী সৰস্বতীৰ সাধনাৰ পৰিণাম স্বৰূপে সকলো প্ৰকাৰৰ সমৃদ্ধি অৰ্থাৎ লক্ষ্মী প্ৰাপ্ত হয়৷ এয়েই তাৎপৰ্য৷

ইমান সুন্দৰ এই কথাটো মই সমূলি নাজানিছিলোঁ৷ প্ৰাতঃস্মৰণৰ এই তাৎপৰ্য অলপ বিয়লি পঢ়ি অতাওঁতে ঘপকৈ মনত ভাহি উঠিল ইচলামধৰ্মী লোকসকলে প্ৰাৰ্থনাৰ শেষৰ ফালে দুয়োখন হাত লগ লগাই কৰা মোনাজাতৰ ছবিখন৷ ধৰ্ম পৃথক হলেও দুয়োটা প্ৰক্রিয়াৰে কৰবাত যেন কিবা এটা মিল আছে!

(বি.দ্ৰ. : মই আকৌ বছৰটোত দুদিনহে নিজৰ হাতৰ তলুৱা দুখন চাওঁ৷ বুজি লব আৰু...
আজি পুৱা পিচে চাবলৈ পাহৰিয়েই থাকিলোঁ!!)


শিক্ষা-সৃষ্টি-বৃত্তি

মানুহক নজনা কথা শিকোৱাটোৱেই শিক্ষাৰ অৰ্থ নহয়৷ শিক্ষাৰ অৰ্থ হৈছে মানুহে নজনা আচাৰ-ব্যৱহাৰৰ শিক্ষা দিয়া৷ কিয়নো প্ৰগতিৰ পথ সুগম কৰাত সৰু-সুৰা ব্যৱহাৰ-পাতিবোৰে অদ্ভুত ধৰণে প্ৰভাৱ পেলায়৷ সেয়েহে কোৱা হয়, শিষ্টাচাৰ প্ৰথম অধ্যায়, তাৰ পিছতহে পঢ়া-শুনা৷ গুৰুত্বপূৰ্ণ কথা এয়ে যে মানৱ শৰীৰৰ দুটা প্ৰান্তত দুটা অংগ আছে৷ এটা বহিবলৈ আৰু আনটো চিন্তা কৰিবলৈ৷ এই অংগ দুটিৰ প্ৰয়োগ কোনে কেনে ধৰণে কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰে সেই মানুহৰ বিকাশ আৰু উদ্‌গতিৰ সমস্ত যোগ-বিয়োগ-পূৰণ-হৰণ৷ সজ আৰু উচ্চ চিন্তাইহে মানুহক সঁচা মানুহ কৰে৷ কেৱল উচ্চ শিক্ষাই কৰিব নোৱাৰে৷ সৎ চিন্তাক কামলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে ইয়াৰ সুফল পোৱা যায়৷ সেয়েহে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত মানুহক চিন্তা কৰিবলৈ শিকোৱা৷ কোনো পাঠ্যপুথিয়ে ইয়াৰ বিকল্প হব নোৱাৰে৷ কেৱল পৰীক্ষাত পাচ কৰাটোৱেই যেনেকৈ পঢ়াৰ লক্ষ্য হোৱা অনুচিত, তেনেকৈ পাঠ্যপুথিয়েই অধ্যয়নৰ শেষ কথাও নহয়৷ জ্ঞান আহৰণ কৰাটোহে সাৰ৷ মানুহ হবলৈ হলে অন্তহীন শিক্ষাৰ আৱশ্যক৷ এই অনন্ত শিক্ষা লভিবৰ বাবে সকলো সময়তে খোলা ৰাখিব লাগিব চকু-কাণ, মন-মগজু৷ আনহাতে যি শিক্ষাই আনৰ হাতত বিক্রী যাবলৈ শিকায় তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ যধামূৰ্খ হোৱাও বহুগুণে ভাল৷ কাজেই শিক্ষাই এনে লোক সৃষ্টি কৰিব লাগিব যাৰ ক্ষেত্ৰত সু-সংস্কৃত গুণ আৰু বিচক্ষণ জ্ঞান দুয়োটা সমানে দেখা যায়৷ আনহাতেদি, আনুষ্ঠানিক শিক্ষানুষ্ঠানত প্ৰদান কৰা ডিগ্ৰী-ডিপ্লক্সমাসমূহ কোনো চাকৰি-বাকৰিৰ বাবে পাৰ-পত্ৰহে মাথোন৷ ঘাত-প্ৰতিঘাত অতিক্রম কৰি জীৱনক সফল ভেটিত স্থাপন কৰোৱাৰ এইবিলাক কোনো গেৰাণ্টী কাৰ্ড নহয়৷ সংসাৰত গাৰ বলেৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তুটো হক্সল জ্ঞান৷ জ্ঞান আৰ্জিবলৈ একমাত্ৰ আৱশ্যক অধ্যয়নৰ৷ অধ্যয়ন শিক্ষাৰ অংগ, সৃষ্টিৰ বীজমন্ত্ৰ৷ অনবৰতে নিজৰ বুদ্ধি আৰু প্ৰতিভা প্ৰমাণ কৰাৰ বাবে পথৰ সন্ধান অব্যাহত ৰখা মানুহক তেওঁৰ ভিতৰৰ সম্পদৰাজি নিজৰ উপৰি দহজনৰ মংগলাৰ্থে বিনিয়োগ কৰাৰ মানসিকতা গঢ় দিব পাৰে অধ্যয়নেই৷

জীৱৰ শ্ৰেষ্ঠ স্বপ্নই হৈছে সৃষ্টিৰ গোপন আকাংক্ষা৷ সৃষ্টিশীল মনোভাব অবিহনে এই যান্ত্ৰিক পৃথিৱীত ক্ষন্তেক সময় অতিবাহিত কৰিবলৈকো কিমানযে কঠিন! সেয়ে সদায়ে এক সৃষ্টিধৰ্মী মনোভাবত নিজকে আবৃত কৰি ৰখাৰ চেষ্টা কৰা উচিত৷ আশাবাদী আৰু সুস্থ চিন্তাৰ জৰিয়তে সৃজনাত্মক মনোভাবেৰে শ্ৰেষ্ঠ কৰ্মত মনোনিৱেশ কৰিলে গভীৰ মানসিক প্ৰশান্তি লাভ হয়৷ তদুপৰি এদিন নহয় এদিন সফলতা আহিবই৷ কালজয়ী সৃষ্টিৰ বাবে মানুহক প্ৰয়োজন অশেষ ধৈৰ্য, কষ্ট, সাহস আৰু সাধনাৰ৷ শাৰীৰিক সবলতাতকৈ মানসিক সবলতাই সৃষ্টি তথা উন্নতিৰ কল্পবৃক্ষ বৃদ্ধিত অধিক সহায়ক হয়৷ মনেই মানুহৰ মানসিক ক্ষমতাসমূহৰ প্ৰধান উৎস৷ মনৰ উৎকৰ্ষ সাধনৰ দ্বাৰাহে সাফল্য আশা কৰিব পাৰি৷ মনৰ উৎকৰ্ষ সাধন মানেই সুন্দৰৰ পূজা৷ সকলো মানুহেই কম-বেছি পৰিমাণে সৃষ্টিশীল কৰ্ম কৰিব পাৰে৷ অন্তৰৰ ব্যাকুলতাই উপলব্ধ নকৰালে বাহ্যিক দিশৰ পৰা মানুহক কোনেও সৃষ্টিশীল কৰাব নোৱাৰে৷ সৃষ্টিশীল মনটো একান্তভাৱে নিজৰ অন্তৰ্দেশৰ পৰাই গঠন হব লাগিব৷ নিজৰ ভিতৰত থকা সৃজনাত্মক প্ৰতিভাক কৰ্ষণ কৰি নৈতিক চেতনাৰ দ্বাৰা পৰিচালিত হবলৈ যত্ন কৰিলে মানুহ সুখী হয়৷

Profession does not always go on with one's qualification. মানুহ তেতিয়াই সঁচাকৈ সুখী হয় যেতিয়া মনে মিলা বৃত্তিত আত্মনিয়োগ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ পায় আৰু তেওঁৰ সৎ উপাৰ্জনে জীৱনটো পৰিচালনা কৰাত সমল যোগায়৷ জীৱিকা আৰু জীৱন দুটা পৃথক বিষয়৷ জীৱন যদি লক্ষ্য, জীৱিকা উপায় মাত্ৰ৷ জীৱনৰ কৰ্মক্ষেত্ৰ আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰও দুটা ভিন্ন বস্তু৷ যাৰ ক্ষেত্ৰত এই দুয়ো কৰ্মক্ষেত্ৰ একেখনেই হয় তাৰ সমান সুখী আন কোনো হব নোৱাৰে৷ নিৰ্ভুল-নিশ্চিত আৰু প্ৰকৃত কৰ্মজীৱন বাছি লোৱাৰ বাবে প্ৰয়োজন সাহসৰ, কেতিয়াবা হয়তো অতিমাত্ৰা সাহসৰ৷ জীৱনৰ বাবে বাছি লোৱা বিষয় আৰু সৃষ্টিৰ বিষয়, অন্য কথাত জীৱিকাৰ বিষয় আৰু নিজৰ ভাল লগা বিষয় যদি একে হয় তেন্তে তাক কব পাৰি সৰ্বোত্তম যুগলবন্দী৷ নিচা আৰু পেছা যাৰ এক, তাৰ বিকাশো পৰিসৰহীন৷ পৃথিৱীয়ে তেওঁলোকক হাত চাপৰি বজাই অভিনন্দন জনায়৷

মানুহে জীৱনত পাব পৰা অপৰিমেয় সুখ-সন্তুষ্টি-সফলতা নিৰ্ভৰ কৰে উপযুক্ত শিক্ষা, সৃষ্টিশীল মনোবৃত্তি আৰু শুদ্ধ বৃত্তি নিৰ্বাচনৰ ওপৰত৷

(ৰচনা ১৭.৫.১৯৯৫চন)


ফ্ৰেইণ্ড ৰিকুৱেষ্ট... 
কিছু ব্যক্তিগত, কিছু সমজুৱা আলোচনা
(বন্ধুত্ব দিৱস উপলক্ষে, সকলোজনলৈ শুভেচ্ছাৰে)

আন ভালেমানজনৰ দৰে মোলৈকো ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহে৷ ছচিয়েল নেটৱৰ্কিং চাইটবিলাকত এইটো অৱধাৰিত৷ এটা নিয়ম৷ অৱশ্যে গ্ৰহণ কৰা-নকৰাটো সিটো পক্ষৰ, অৰ্থাৎ যালৈ পঠিওৱা হয়, তেওঁৰ কথা৷ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ ক্ষেত্ৰত আন ভালেমানজনৰ দৰে মোৰো এটা নিজস্ব দৃষ্টিভংগী আছে৷ মোৰ ফ্ৰেইণ্ড লিষ্টত বন্ধুৰ সংখ্যা ৩৮গৰাকী৷ দীৰ্ঘদিন ধৰি সংখ্যাটো একেই আছে অৰ্থাৎ একেদৰে ৰখা হৈছে৷ অহৰহ ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহি থকা সত্ত্বেও একেই আছে৷ কিয় এনে কৰিছো, তাৰো স্পষ্ট কাৰণ আছে৷ সেয়া মই বহুদিনৰ আগতে অকবতে এটা পষ্টত উল্লেখ কৰিছিলোঁ৷ তাত মই সময়ৰ হিচাপ এটা দেখুৱাইছিলোঁ৷ পঢ়াসকলে নিশ্চয় মন কৰিছিল৷ মোৰ ধাৰণাত বন্ধুত্বৰ অৰ্থ বৰ্ধিত সংখ্যা নহয়৷ সংখ্যা বৃদ্ধি বন্ধুত্ব বৃদ্ধিৰ পৰিচায়ক নহয়৷ মই কাৰোবাক ফ্ৰেইণ্ড ৰিকুৱেষ্ট দিলোঁ মানে তেওঁৰ প্ৰতি মোৰ বন্ধুত্বসুলভ কিছু দায়িত্ব বা কৰ্তব্য আছে৷ কোনোবাই মোৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰিলে মানে মোৰ প্ৰতিও তেওঁৰ কিছু দায়িত্ব বা কৰ্তব্য নিশ্চয় আছে৷ এই প্ৰেৰণ-গ্ৰহণৰ পিছত যেতিয়া কোনো ধৰণৰ ধাৰাবাহিক সংযোগ নাথাকে, আদান-প্ৰদান নাথাকে, তেনেস্থলত সেয়া এটা সংখ্যা বৃদ্ধি নহয় কি? ধেমালি নহয় কি? মই তেনেকৈ ভাবোঁ৷ সেয়ে বহুদিনৰ পৰাই মই ফ্ৰেইণ্ড ৰিকুৱেষ্ট দিয়াটো বন্ধ কৰিছোঁ, গ্ৰহণো নকৰোঁ; মুঠতে সংখ্যা বৃদ্ধিত হাত উজান নিদিওঁ৷ এই সংখ্যাটো আজি কমোৱাৰহে সিদ্ধান্ত লৈছোঁ৷ হয়, প্ৰথমাৱস্থাত ময়ো ফেচবুক খুলি বিচাৰি ফুৰিছিলোঁ, মোৰ লগৰ বা মই জনা অমুক আছেনে, তমুক আছেনে? পালেই ডাইৰেক্ট ফ্ৰেইণ্ড ৰিকুৱেষ্ট৷ ঘপহকৈ গ্ৰহণ৷ সিফালৰ পৰাও একেই৷ বৰ বেছি কেইদিনমানৰ উৎসাহ, হাই-হেল্ল৷ তাৰ পিছত আকৌ নিমাত, আত্মগোপন৷ সম্পৰ্ক সিমানেই৷ লাভ কি? সময়ৰ অপচয় মাত্ৰ৷ মানসিক খোৰাক বুলিবলৈ একো নাই৷ খবৰ এটাও নাই৷ আনকি ভগৱানে নকৰক, হঠাতে কাৰোবাৰ কিবা ঘটিলেও চাগে জনাজনি নহব৷ তেনেহলে বন্ধুত্ব কিহক লৈ? এইখিনি মোৰ ব্যক্তিগত কথা৷

আনহাতে মই ভাবোঁ যে ছচিয়েল নেটৱৰ্কিং চাইট এটা (ধৰক ফেচবুক, তাৰ পিছত অকব) সুফল পাবলৈ হলে একাউণ্ট খোলাৰ আগতেই বা ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠোৱাৰ সময়তে এজন ব্যক্তিয়ে নিশ্চয় কিছুমান কথা খুব ভালকৈ গমি চোৱা উচিত৷ সেই কথাবোৰনো কি? আজি বন্ধুত্ব দিৱসৰ বিশেষ দিনটোৰ আবেলি বেলিকা অকবৰ ৱালত সুস্থ আলোচনাৰ জৰিয়তে সেয়া উত্থাপন হওক বুলি ভাবি মোৰ এই পষ্টটো লিখিছোঁ৷ আশা কৰোঁ লাইক নিটিপি আপোনাৰ মনৰ কথা দ্বিধাহীনভাৱে তলত লিখি দিব, যৰ পৰা আমি সকলোৱে উপকৃত হব পাৰিম৷