Thursday, 14 November 2013

এক মিনিটৰ গল্প

সি হেনো কেতিয়াবাই ইয়ালৈ, মানে আমাৰ ঘৰলৈ অহাৰ কথা আছিল ৷ আলীয়েহে বোলে দেৰী কৰোৱালে৷ আলী মানে আমাৰ ভাৰাতীয়া তাইজুল আলী ৷

'আলীয়েনো তোক কেনেকৈ দেৰী কৰোৱালে ?' মই বৰ উৎসুকতাৰে তাক সুধিলো ৷

'সি মোৰ পেন্‌টো দোকানীৰ পাই খালাচ কৈ দ্যা নাছিল ৷' বাচন ধুই থকা ল'ৰাটোৱে কোনোফালে  নোচোৱাকৈয়ে উত্তৰটো দি পুনৰ কামত মগ্ন হ'ল ৷

'অ', তাৰ মানে তই নতুন হাফপেণ্ট চিলোৱাইছিলি, ইয়ালৈ আহিবলৈ ?'

মোৰ কথাত সি লাজ লাজ ভাবেৰে সামান্য হাঁহিলে ৷ একো নামাতিলে ৷

মই আকৌ সুধিলো, 'আলীয়েনো তোৰ পেণ্টটো কিয় খালাচ কৰি দিয়া নাছিল ? কি অসুবিধা আছিল তাৰ ?'

'তাত্‌ তাতে প'ইচা নাছিল বোলে ৷' ভোলৰ জালটোত চাবোন অকণমান সানি লৈ সি মোৰ চকুলৈ চাই ক'লে ৷

'কেইটকানো লাগিছিল ?' মই আকৌ সুধিলো ৷

'পঞ্চাশ টাকা ৷' তাৰ চমু উত্তৰ ৷

'আও... ! আলীৰনো হাতত টকা পঞ্চাশটাও নাছিলনে, তোৰ হাফপেণ্টটো দৰ্জীৰ পৰা আনি দিবলৈ ! বাৰু, পিছত কেনেকৈনো খালাচ কৰিলি ?'

'আনৰ ঘৰোত নাইৰকেল পাইদ্‌দি আক' ৷' উৎসাহেৰে মোলৈ চাই উত্তৰটো দি বাহাৰ ওৰফে পোৱালিয়ে ধুবলৈ বুলি এইবাৰ মস্ত প্ৰেছাৰ কুকাৰটো নিজৰ গাৰ ফালে চপাই ললে ৷

বিশেষ দ্ৰষ্টব্য : 'এক মিনিটৰ গল্প' বুলি ১৯৯৪চনতে লিখি থোৱা এই লেখাটো ফাইলৰ পুৰণি কাগজৰ মাজত বহুত সময় ধৰি বিচাৰিও নাপালো ৷ ক'ত গ'ল জানো ! পিছত মনত পেলাই পেলায়ে আকৌ লিখি উলিয়ালো ৷ পৰীক্ষামূলকভাৱে, লেখাটি প্ৰথমে মই উইনড'জ এক্স.পিত পে'জমেকাৰ ৬.৫ত ৰামধেনুত টাইপ কৰিছো ৷ তাৰ পিছত কপী কৰি এম.এছ.ৱৰ্ডত পে'ষ্ট কৰিছো ৷ তাৰ পিছত ইউনিক'ড'ত কনভাৰ্ট কৰিছো ৷ কনভাৰ্ট কৰাৰ পিছত ফণ্ট বদলাইছো ৷ গীতাঞ্জলিৰ পৰা ইউনিক'ড'লৈ কনভাৰ্ট কৰিব ঠিকমতে পাৰিছোনে নাই, তাকে চাইছো ৷


No comments:

Post a Comment