বিদেশ ভ্ৰমণৰ অভিজ্ঞতা...
(ভ্ৰমণ কাহিনীৰ এছোৱা)
Distance
should not matter. Celebrate World Tourism Day. Choice your destination, pack
your essentials and move. Let us explore the world. Sazid.
বিশ্ব পৰ্যটন দিৱসৰ পুৱাই বিভিন্নজনলৈ এইদৰে
SMS কৰিলো, এয়াৰপ’ৰ্টৰ
পৰা নাতিদূৰত নিশাটোৰ বাবে মই আশ্ৰয় লোৱা হোটেল কণ্টিনেণ্টেলৰ ৩৫ নম্বৰ ৰুমৰ পৰাই৷
ভালেকেইজনৰ পৰা প্ৰত্যুত্তৰ আহিল৷ কিছুমানে আকৌ স্বভাৱসিদ্ধ নীৰৱতা অৱলম্বন কৰিলে!
প্ৰথম বিদেশ ভ্ৰমণৰ সীমাহীন আশা আৰু উৎকণ্ঠা বুকুত
বান্ধি সময়তকৈ যথেষ্ট আগতীয়াকৈ ৮বজাতে ৰিক্সা এখনত উঠি বিমান বন্দৰলৈ বুলি ৰাওনা হ’লো৷
পাছপ’ৰ্টখনৰ
সৈতে টিকটটো এহাতে লৈ শাৰী পাতি ভিতৰ সোমাই গ’লো৷
পোনচাটেই এয়াৰপ’ৰ্টৰ ভিতৰত
মুখতে থকা Weizmann Forex Ltd.-ৰ Sales booth-ত Application form fill up কৰিলোগৈ৷
ঘৰৰ পৰাই কৰি নিয়া পাছপ’ৰ্ট আৰু টিকটৰ ফটোক’পীৰ লগতে ধন
জমা দিলো US Dollar বিচাৰি৷ Rate আছিল ৫১.২০৷এখন Receiptত ৫০,০০০.০০টকা বা
তাতোকৈ তলৰ পৰিমাণৰ ধনৰাশিহে দিয়াটো নিয়ম৷ গতিকে বেছি হোৱাত দুখন Receipt দিলে৷
Service charge ২% কাটিলে৷
এইবাৰ Boarding passৰ বাবে Jet Airways-ৰ
Airline counterলৈ গ’লো৷ টিকট আৰু পাছপ’ৰ্ট দেখুৱালত
Boarding pass আৰু Hand luggage tag দিলে৷ তাতে বিদেশ ভ্ৰমণৰ যাত্ৰীৰ বাবে প্ৰযোজ্য
Govt. of Indiaৰ Bureau of Immigrationৰ Deparature card সংগ্ৰহ কৰি fill up কৰিলো৷
তাৰ পিছত Immigration formalitiesৰ বাবে শাৰীত
থিয় দিলো৷ মোৰ পাল অহাত Passport control counterত বহি থকা কৰ্তব্যৰত বিষয়াক টিকট,
পাছপ’ৰ্ট
আৰু cardখন দেখুৱালো৷ বিষয়াগৰাকীয়ে চশমাৰ ওপৰেদি মোলৈ কেঁৰাকৈ চালে৷ হিন্দীতে সুধিলে...
কাঁহাঁ যাওগে ?
কিছলিয়ে ? ক্যা কৰতে হ’ ? সাথ মে কৌন হ্যায় ? দুছৰা জগহমে নহী যাৱগেনা
?
অবাঞ্চিত প্ৰশ্নবাণৰ সন্মুখীন হৈ তিতা-কেঁহা লাগিল
যদিও ধৈৰ্য ধৰি ৰ’লো৷ সঠিক উত্তৰ দিয়াৰ লগতে নিজৰ আইডেণ্টিটি কাৰ্ডখন
আগুৱাই দিলো৷ লগতে অইন এটা কাউণ্টাৰৰ সন্মুখত থিয় হৈ থকা মোৰ সহযাত্ৰীলৈ আঙুলিয়ালো৷
তাৰ পিছত বিষয়াজন উঠি সেই কাউণ্টাৰটোলৈ গ’ল৷
তাত বহি থকাজনৰ লগত কি কথা পাতিলে নাজানো৷ কিছু সময়ৰ মূৰত নিজৰ ঠাইলৈ আহিল, মোৰ পাছপ’ৰ্টত ষ্টাম্প মাৰিলে
আৰু যাব দিলে৷ তেতিয়াহে স্বস্তিৰ নিশ্বাস এৰিলো৷
অনাহকতে টেনছন, অযথা সময় নষ্ট আৰু নিৰুৎসাহজনক
বাক্যৰ বাবে মনে মনে খঙো উঠিল৷ বিশ্ব পৰ্যটন দিৱস সম্বন্ধীয় কোনো ভাব-ভংগী তেওঁলোকৰ
মুখমণ্ডলতেই হওক বা সমগ্ৰ পৰিৱেশটোতেই হওক, ক’তো নামমাত্ৰও
দৃষ্টিগোচৰ নহ’ল৷
পৰ্যটনকাৰীক দিব লগা উৎসাহজনক বাক্য এটিও মুখত নুফুটা এইসকল কৰ্মচাৰীয়ে যাত্ৰাত হকা-বধা
দিয়াৰ মূলতে বোলে দুপইচা আহৰণ কৰাৰ মতলব থাকে৷ সামান্য এটা অজুহাত দেখুৱাই মোৰ সহযাত্ৰীৰ
পৰা টকা এশ সৰকালে বুলি অলপ পিছতে জানিব পাৰিলো৷ কথাটোৱে প্ৰচলিত ধাৰণাটোকে প্ৰমাণ
কৰিলে৷
সি যি কি নহওক, চিকিউৰিটিৰ লোকৰ নিৰ্দেশত এইবাৰ
Moving staircaseৰে ওপৰ মহলালৈ উঠি গ’লো৷ Escalatorৰ পৰাই দেখিলো অদূৰত
মোৰ সহযাত্ৰী, লাহে লাহে মোৰ ফালে আহিব ধৰিছে৷ ৰক্ষা যেনিবা! এৰিলে৷ তাৰ পিছত
Security check point-ৰ কাম৷ সকলো সুকলমে সমাধা হ’ল৷ Hold
roomৰ Lobbyত বহিলতহে ভাব আহিল বিদেশ ভ্ৰমণ কৰিব পোৱাটো এইবাৰহে খাটাং হ’ল৷
তাৰ মানে আমি বিদেশলৈ যাম! সহযাত্ৰীৰ লগত তেতিয়াহে আকৌ হাঁহি-তামাচা কৰিলো৷
ব’ৰ্ডিঙৰ অপেক্ষাৰে স্ফূৰ্তিতে
বন্ধু-বান্ধৱ কিছুমানক SMS কৰি জনালো Jet Airways 9W 066, Boarding pass received,
Immigration done, Security checked at NSCB International Airport, Kolkata.
World Tourism Day special. উৎসাহজনক Reply আহিল কোনো কোনোৰ পৰা৷ কোনো কোনোজন তেতিয়াও
আগৰ দৰেই নিৰ্বিকাৰ, নিৰুত্তাপ হৈয়ে ৰ’ল৷
ইফালে মই ডুবি ৰ’লো
অজান-অচিন বিদেশৰ ৰূপ কল্পনাত৷
No comments:
Post a Comment