ফ্ৰেইণ্ড ৰিকুৱেষ্ট...
কিছু ব্যক্তিগত, কিছু সমজুৱা আলোচনা
কিছু ব্যক্তিগত, কিছু সমজুৱা আলোচনা
(বন্ধুত্ব দিৱস উপলক্ষে, সকলোজনলৈ শুভেচ্ছাৰে)
আন ভালেমানজনৰ দৰে মোলৈকো ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহে৷
ছ’চিয়েল
নেটৱৰ্কিং চাইটবিলাকত এইটো অৱধাৰিত৷ এটা নিয়ম৷ অৱশ্যে গ্ৰহণ কৰা-নকৰাটো সিটো পক্ষৰ,
অৰ্থাৎ যালৈ পঠিওৱা হয়, তেওঁৰ কথা৷ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ ক্ষেত্ৰত আন ভালেমানজনৰ
দৰে মোৰো এটা নিজস্ব দৃষ্টিভংগী আছে৷ মোৰ ফ্ৰেইণ্ড লিষ্টত বন্ধুৰ সংখ্যা
৩৮গৰাকী৷ দীৰ্ঘদিন ধৰি সংখ্যাটো একেই আছে অৰ্থাৎ একেদৰে ৰখা হৈছে৷ অহৰহ ফ্ৰেইণ্ড ৰিকুৱেষ্ট
আহি থকা সত্ত্বেও একেই আছে৷ কিয় এনে কৰিছো, তাৰো স্পষ্ট কাৰণ আছে৷ সেয়া মই বহুদিনৰ
আগতে ‘অকব’তে
এটা প’ষ্টত
উল্লেখ কৰিছিলোঁ৷ তাত মই সময়ৰ হিচাপ এটা দেখুৱাইছিলোঁ৷ পঢ়াসকলে নিশ্চয় মন কৰিছিল৷ মোৰ
ধাৰণাত ‘বন্ধুত্ব’ৰ
অৰ্থ বৰ্ধিত সংখ্যা নহয়৷ সংখ্যা বৃদ্ধি বন্ধুত্ব বৃদ্ধিৰ পৰিচায়ক নহয়৷ মই কাৰোবাক ফ্ৰেইণ্ড
ৰিকুৱেষ্ট দিলোঁ মানে তেওঁৰ প্ৰতি মোৰ বন্ধুত্বসুলভ কিছু দায়িত্ব বা কৰ্তব্য আছে৷ কোনোবাই
মোৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰিলে মানে মোৰ প্ৰতিও তেওঁৰ কিছু দায়িত্ব বা কৰ্তব্য
নিশ্চয় আছে৷ এই প্ৰেৰণ-গ্ৰহণৰ পিছত যেতিয়া কোনো ধৰণৰ ধাৰাবাহিক সংযোগ নাথাকে, আদান-প্ৰদান
নাথাকে, তেনেস্থলত সেয়া এটা সংখ্যা বৃদ্ধি নহয় কি? ধেমালি নহয় কি? মই তেনেকৈ ভাবোঁ৷
সেয়ে বহুদিনৰ পৰাই মই ফ্ৰেইণ্ড ৰিকুৱেষ্ট দিয়াটো বন্ধ কৰিছোঁ, গ্ৰহণো নকৰোঁ; মুঠতে
সংখ্যা বৃদ্ধিত হাত উজান নিদিওঁ৷ এই সংখ্যাটো আজি কমোৱাৰহে সিদ্ধান্ত লৈছোঁ৷ হয়, প্ৰথমাৱস্থাত
ময়ো ফে’চবুক
খুলি বিচাৰি ফুৰিছিলোঁ, মোৰ লগৰ বা মই জনা অমুক আছেনে, তমুক আছেনে? পালেই ডাইৰেক্ট
ফ্ৰেইণ্ড ৰিকুৱেষ্ট৷ ঘপহকৈ গ্ৰহণ৷ সিফালৰ পৰাও একেই৷ বৰ বেছি কেইদিনমানৰ উৎসাহ, হাই-হেল্ল’৷
তাৰ পিছত আকৌ নিমাত, আত্মগোপন৷ সম্পৰ্ক সিমানেই৷ লাভ কি? সময়ৰ অপচয় মাত্ৰ৷ মানসিক খোৰাক
বুলিবলৈ একো নাই৷ খবৰ এটাও নাই৷ আনকি ভগৱানে নকৰক, হঠাতে কাৰোবাৰ কিবা ঘটিলেও চাগে
জনাজনি নহ’ব৷
তেনেহ’লে
বন্ধুত্ব কিহক লৈ? এইখিনি মোৰ ব্যক্তিগত কথা৷
আনহাতে মই ভাবোঁ যে ছ’চিয়েল নেটৱৰ্কিং
চাইট এটা (ধৰক ফে’চবুক,
তাৰ পিছত ‘অকব’)ত সুফল পাবলৈ হ’লে
একাউণ্ট খোলাৰ আগতেই বা ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠোৱাৰ সময়তে এজন ব্যক্তিয়ে নিশ্চয় কিছুমান
কথা খুব ভালকৈ গমি চোৱা উচিত৷ সেই কথাবোৰনো কি? আজি ‘বন্ধুত্ব দিৱস’ৰ
বিশেষ দিনটোৰ আবেলি বেলিকা ‘অকব’ৰ ৱালত সুস্থ
আলোচনাৰ জৰিয়তে সেয়া উত্থাপন হওক বুলি ভাবি মোৰ
এই প’ষ্টটো লিখিছোঁ৷ আশা কৰোঁ ‘লাইক’ নিটিপি
আপোনাৰ মনৰ কথা দ্বিধাহীনভাৱে তলত লিখি দিব, য’ৰ পৰা আমি
সকলোৱে উপকৃত হ’ব
পাৰিম৷
No comments:
Post a Comment