Wednesday, 13 November 2013

অভিজ্ঞতা...

গুৱাহাটীৰ চিটি বাছত এবাৰ মোৰ পকেট মাৰিছিল...

২০০৬চনৰ জুন মাহৰ কথা৷
উলুবাৰী ফ্লাই অ'ভাৰৰ পল্টন বজাৰৰ ফালে থকা মূৰটোৰ সেইডোখৰতে ৰৈ আছো, চিটি বাছৰ অপেক্ষাত৷ ভঙাগড়লৈ যাম৷ তাত কাম শেষ কৰি ৰুক্মিণী গাঁও পামগৈ৷
বাছ এখন আহি ৰ'ল৷ ভিৰ আছিল৷ তথাপি কালক্ষয় নকৰো বুলিয়ে পোনচাটেই উঠি দিলো৷
বাছ চলিব লাগিল৷ 'পিছলৈ যাওক, পিছলৈ যাওক' বুলি কণ্ডাক্টৰে চিঞৰ মাৰিছে যদিও মই বেছি পিছলৈ যোৱা নাই৷ নামিমেই যিহেতু৷ কৰিড'ৰতে অন্য যাত্ৰীসৱৰ মাজত থিয় হৈ গৈ আছো৷ কান্ধত বেগটো লৈ ভাৰসাম্য ৰক্ষাৰ বাবে এখন হাতেৰে ওপৰৰ ৰডডালত খামুচি ধৰিছো৷
কণ্ডাক্টৰজনে ভিৰ ঠেলি পিছলৈ যাব বিচাৰিছে৷ বেঁকা হৈ বাট এৰি দিছো৷
'ভাড়াটো দিবচোন আপোনালোকৰ...'
বাছখনত উঠাৰ আগতেই মানি বেগৰ পৰা উলিয়াই সোঁ পকেটত লোৱা দুটকাৰ মুদ্ৰাটো সোঁখন হাতেৰে পকেটৰ ভিতৰতে লিৰিকি-বিদাৰি আছো৷ পিছফালৰ ভাড়া সংগ্ৰহ কৰি কণ্ডাক্টৰজন আগলৈ আহিলে লগে লগে দি দিম৷
বেক পকেটত মানি বেগটো আছেনে, সচেতনতাৰে তাৰো উমান লৈ আছো৷ আছে, ঠিকে আছে৷ সোঁহাতৰ বুঢ়া আঙুলিটোৰে দাঁতিৰ পৰাই স্পৰ্শ কৰি চাইছো, পেণ্টৰ ইন্‌ পকেটত সুমুৱাই ৰখা টকাখিনিৰ অৱস্থিতি, সকলোৰে অগোচৰে৷ আছে, ঠিক ঠাইতে আছে৷ স্বস্তিৰ নিশ্বাস এৰিছো৷
ইতিমধ্যে এটা ষ্টপেজ পাৰ হ'লো৷
'ভাড়াটো দিব...'
দুটকীয়া মুদ্ৰাটো পকেটৰ পৰা উলিয়ালো, কণ্ডাক্টৰৰ হাতত তুলি দিলো৷ আকৌ সোঁ পকেটত আগৰ দৰে ভৰালো সোঁহাতখন৷ কেইটামান মাত্ৰ মুহূৰ্ত৷ ইন্‌ পকেটৰ টকাখিনিৰ উমান লবলৈ গৈ মই হতবাক৷
হাৰে! নাই দেখোন! কি আচৰিত! এতিয়াইতো আছিল৷ এতিয়া নাই ! কি হ'ল? তেনেহ'লে...
'মোৰ পকেট মাৰিলে, মোৰ পকেট মাৰিলে...' নাজানো, কিয়, কেনেকৈ; মই সৰ্বশক্তিৰে আটাহ পাৰিব ধৰিলো৷
'কি হ'ল, কি হ'ল; কাৰ পকেট মাৰিলে, কাৰ পকেট মাৰিলে' বুলি আন যাত্ৰীসকলে প্ৰশ্ন কৰিব ধৰিলে৷
মই ক'লো- 'মোৰ পকেট মাৰিছে৷ পেণ্টৰ ইন্‌ পকেটত টকা আছিল৷ এইমাত্ৰ আছিল৷ এতিয়া দেখোন নাই৷'
তেনেকুৱাতে একেবাৰে শেষৰ আসনৰ ফালৰ পৰা এজন ভদ্ৰলোক উঠি আহিল৷ হাতত কাগজ-পত্ৰ থকা এটা ফাইল৷ কণ্ডাক্টৰক উদ্দেশ্য কৰি তেওঁ চিঞৰিলে- 'এই দৰজা বন্ধ কৰ, এতিয়াই বন্ধ কৰ দৰজা৷ নুখুলিবি৷ গাড়ী নৰখাবি৷ গৈ থাক৷ ষ্টপেজ পালেগৈহে ৰাখিবি৷'
ইতিমধ্যে তেওঁ যাত্ৰীৰ মাজেৰে গৈ দৰজাৰ মুখত থিয় হ'ল৷ এছ. বি. দেওৰা কলেজৰ নিকটৱৰ্তী ষ্টপেজত বাছখন ৰ'ল৷
উঠিব বিচৰা যাত্ৰীসকললৈ চাই মানুহজনে ক'লে- 'আপোনালোক নুঠিবচোন ৰ'ব৷ ইয়াত পকেটমাৰ আছে৷ মানুহ এজনৰ পকেট মাৰিছে৷'
সন্মুখত থিয় হৈ থকা যাত্ৰীসকলক তেওঁ ক'লে- 'আপোনালোকে দৰজাৰ মুখখন ঘেৰাও কৰি ৰাখক৷ কাকো যাব নিদিব৷ কাকো এৰি নিদিব৷ আজি পকেটমাৰৰ হাৰ্ডি গুড়ি কৰিম৷'
আন দুজনমান লোকে মোলৈ চাই নিৰ্দেশ দিলে- 'আপুনি চেক্‌ কৰক৷ আমি আছো৷ এফালৰ পৰা পকেট চেক্‌ কৰক৷ পকেটমাৰ ইয়াতে আছে৷ পলাব নোৱাৰে৷ আজি মৰিল বেটা৷'
মই ইফালে বিমোৰত পৰিলো৷ কেনেকৈ আনৰ পকেটত হাত দিওঁ? ক'লো- 'আপোনালোকে মোক সহায় কৰক৷'
হাতত ফাইল লোৱা মানুহজনে আন যাত্ৰীসকলৰ ভৰিবোৰ হাতেৰে ফাঁক কৰি কৰি তাৰ তলেৰে গাড়ীৰ ভিতৰখন জুমি চাব ধৰিলে৷ দৰজাৰ ফাঁকতো চালে৷
'কিমান টকা আছিল আপোনাৰ পকেটত?'
মই সংখ্যাটো ক'বলৈ টান পালো৷ মাত্ৰ উল্লেখ কৰিলো যে এটা দীঘলীয়া খামৰ ভিতৰত আছিল আৰু বগা কাগজত সুকীয়াকৈ মেৰিয়াই থোৱা আছিল৷ দুইটা পেকেট মোৰ ইন্‌ পকেটত আছিল৷
'সেয়া চাওক৷ সৌটো কি?'
দেখিলো, দৰজাৰ ফাঁকত এটা এন্‌ভেলপ৷ মোৰ পকেটত থকা খাকী এন্‌ভেলপটো! হাৰে, ইয়াত কেনেকৈ? বেল্টডালৰ তলেৰে ইন্‌ পকেটৰ পৰা উলিয়াবলৈ নিজৰে টান লাগে৷ অথচ...
মই ক'লো- 'হয়৷ মোৰ হয়৷ দহহাজাৰ থাকিব৷ এহাজাৰটকীয়া নোট দহখন৷'
'ঠিক আছেনে নাই গণি চাই লওক৷' এন্‌ভেলপটো মোৰ হাতত তুলি দিলে মানুহজনে৷
সকলোৱে মোক ঘেৰি আছিল তেতিয়া৷ পকেটমাৰৰ উদ্দেশ্যে গৰজিও আছিল৷ যেন পালেই খাই পেলাব!
মই চালো৷ এন্‌ভেলপৰ ওপৰত মোৰ নামটো লিখা আছে৷ টকাৰ পৰিমাণো সঠিক আছে৷
'হয়, ঠিক আছে৷' -লাহেকৈ ক'লো৷
'আৰু কি আছিল, বগা কাগজেৰে মেৰিওৱা নহয় ? ৰ'ব, চিন্তা নকৰিব৷ পাই যাব৷ আজি সিহঁতৰ দিন বেয়া৷'
হাতত ফাইল লোৱা মানুহজন এইবাৰ বাছখনৰ পৰা ৰাস্তালৈ নামিল৷ গাড়ীখনৰ তললৈ হাউলি চালে৷
'সৌৱা, চাওক৷ চাওকহি আপুনি৷'
মই দেখো যে বাছখনৰ তলত মোৰ আনটো পেকেট ! হয়েই৷
মানুহজনে পেকেটটো উঠাই আনি মোৰ হাতত দিলে৷
'গন্তি কৰক৷ কিমান আছিল?'
'পোন্ধৰ হাজাৰ৷' -মই উত্তৰ দিলো৷
'ঠিক আছে ?'
'হয়, আছে৷'
'ইমান টকা লৈ কিয় চিটি বাছত আহিছিল ? আহিছে আহিছে, টকাখিনি এই বেগটোত ভৰাই লোৱা হ'লে কি আছিল? ক'লৈ যাব আপুনি?'
'ভঙাগড়৷' -মোৰ অনুচ্ছ স্বৰ৷
'অট' এখনেৰে আহিব নোৱাৰিলে ? এনেকৈ চিটি বাছত আহে নেকি? আজি আপোনাৰ দিন ভাল৷ ঘূৰাই পালে৷'
ধমকিৰ সুৰত বিভিন্নজনে কোৱা সকলো বাক্য মই নীৰৱে হজম কৰি গ'লো৷
'এতিয়া ফুটপাথে ফুটপাথে খোজ কাঢ়ি কাঢ়ি গৈ থাকক৷ ভঙাগড়লৈ বেছি দূৰ নাই৷ ভয় নকৰিব৷ কোনেও একো কৰিব নোৱাৰে আপোনাক৷ আমি আছো৷ যাওক৷'
ৰাইজৰ নিৰ্দেশ বিনাবাক্যে মানি লৈ ফুটপাথেৰে এখোজ দুখোজকৈ অগ্ৰসৰ হ'লো৷ যাত্ৰীসকল উঠিল৷ বাছখন চলি গ'ল৷ মই শুভাকাংক্ষী যাত্ৰীসকললৈ চাই ৰ'লো, কৃতজ্ঞতাৰ চাৱনিৰে৷

পুচ্ছাংশ...
পিছত, মোৰ য'ত য'ত কাম আছিল, আটাইকেইটা স্থানতে ঘটনাটোৰ পূৰ্ণাংগ বিৱৰণী শুনাব লগা হ'ল৷ পঁচিশ হাজাৰ টকা মোৰ পকেটত এই মুহূৰ্তত আছে, পিছ মুহূৰ্ততে হেৰাল, তাৰ পিছৰ মুহূৰ্ততে আকৌ ঘূৰাই পালো... গোটেইবোৰ দেখো মোৰ কিবা মেজিক মেজিক যেন লাগে৷ সমস্ত ঘটনাটো এতিয়াও মোৰ মানসপটত ভাহি উঠে, মাজে-সময়ে৷

No comments:

Post a Comment