অনুভৱ...
‘শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ
চৰণত
এপাহ ফুল দিবলৈ
আহাঁ শিল্পীসৱে
যাওঁ আগুৱাই,
আমি যাওঁ আগুৱাই৷’
এটা কোৰাচৰ প্ৰথম কেইশাৰীমান৷ কোনে লিখিছিল নাজানো৷
কিন্তু এতিয়াও কাণত বাজে৷ পিছৰখিনি কিন্তু একো মনত নাই৷
আমাৰ ক’লনীত থকা পি.ডব্লিউ.ডি.ৰ মেকানিকেল
চাব-ডিভিজনৰ ৱৰ্কশ্বপটোত বছৰি বিশ্বকৰ্মা পূজা পতা হয়৷ পূজাভাগক লৈ এটা
উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে৷ ভালেমান দিনৰ আগৰে পৰাই মানুহবোৰৰ মাজত সীমাহীন ব্যস্ততা৷
বিশ্ব-খনিকৰলৈ
কেৱল এপাহি গন্ধপুষ্প আগ বঢ়োৱাটোৱেই যেন উদ্দেশ্য
নহয়৷ বা, তাৰ লগতে কেৱল মাহ-প্ৰসাদকেইটামান
বিতৰণ কৰাতে ক্ষান্ত নাথাকে৷ দুপৰীয়া অঞ্জলি প্ৰদানৰ পিছৰে
পৰা বিয়লি পৰ্যন্ত খিচিৰি খুওৱা হয়৷ ইমানেই নহয়, সন্ধিয়ালৈ আয়োজন চলে সাংস্কৃতিক
কাৰ্যসূচীৰ, যাক আমি নাচ-গান বুলি কৈছিলোঁ৷ পিছদিনা বা তাৰ পিছদিনা অনুষ্ঠিত হয়
ভাওনা৷
তেনে এক সাংস্কৃতিক অনুষ্ঠানৰে আৰম্ভণিৰ সমৱেত গীত ‘শ্ৰীশ্ৰী
বিশ্বকৰ্মাৰ চৰণত এপাহ ফুল দিবলৈ...৷’
মনত নাই কোনে লিখিছিল, কোনে সুৰ দিছিল৷ কিয়নো এতিয়াৰ
নহয়, সৰু কালৰ কথাহে কৈ আছোঁ মই৷
সংগীতানুষ্ঠানৰ ৰিহাৰ্চেল, ভাওনাৰ আখৰাৰ আমিবোৰ
প্ৰত্যক্ষদৰ্শী৷ নিজে গানো নাগাওঁ, নাচো নানাচোঁ৷ নাটক-ভাওনাত
একো ভাওটো নলওঁৱেই৷
মাথো চাওঁ, হাত-চাপৰি বজাওঁ, কিৰীলি পাৰোঁ, স্ফূৰ্তি কৰোঁ৷ ইফালে মাহঁতে গধূলি হাতত কটাৰী একোখনকৈ
লৈ ৱৰ্কশ্বপলৈ যায়, পিছদিনাখনৰ
বাবে বন্ধাকবি, ৰঙালাও আদি পাচলি কুটিবলৈ৷
পূজাৰ আগদিনা বিয়লি মেকানিকেলৰ ট্ৰাকখনত উঠি মূৰ্তি
আনিবলৈ যাবলৈ পোৱাটো এটা বিৰাট ডাঙৰ কথা৷ যদি কেনেবাকৈ নিনিলে বা ঘৰত যাবলৈ নিদিলে,
তেন্তে মুখ ফুলিল, মনো মৰিল৷ একে কথাই পূজাৰ পিছদিনাখনো৷
পূজা হৈ যোৱা মূৰ্তিৰ সৈতে বীৰচন্দ্ৰৰ ট্ৰাকৰ পিছফালে উঠি চিঞৰি-বাখৰি
চহৰ পৰিভ্ৰমণ কৰিবলৈ
নাপালেও মুখ ফুলিল, মন মৰিল৷ এইবোৰ কৰিবলৈ পোৱাটো সেই বয়সত এটা বৰ ডাঙৰ সাফল্যৰ দৰেই আছিল৷
এতিয়া অৱশ্যে দিন সলনি হ’ল৷ পূজাৰ নামত
পূজাখন হোৱাটো লক্ষ্য কৰোঁ৷ উৎসাহ-উদ্দীপনা হ’লে তাহানিৰ
দৰে মুঠেই নেদেখোঁ৷ গীত, নাচ, নাট, ভাওনাবোৰটো বাদেই৷ আগৰ দৰে মাইকত গানো
নাবাজে, ‘জয়
বিশ্বকৰ্মা বাবা’ বুলি
কণল’ৰাহঁতৰ
হৈ-ধ্বনিও
নুশুনো৷ দিন সলনি হ’ল, ঠিকেই৷
সি যি কি নহওক, ‘শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ
চৰণত...’ গীতৰ
শাৰীটো কিন্তু এতিয়াও মোৰ কাণত বাজে, বিশ্বকৰ্মা পূজাৰ দিনটো আহিলেই...
কালিও বাজিছিল, সেয়ে এই শাৰীকেইটা লিখিব পাৰিলোঁ৷
No comments:
Post a Comment