Wednesday 28 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৬)

মাজতে জিলমিলকৈ ৰদ অকণমান দিছিল৷ এতিয়া নাই৷ অন্তিমলৈ গতি আমাৰ৷ আকাশৰ পৰা তেনেই পাতলীয়াকৈ বৰষুণ কেইটোপালমান সৰি পৰিব ধৰিলে৷ বৰষুণ নহয় যেন পুষ্পবৃষ্টিহে! ছাতি উলিওৱাৰ কথাই নাহে৷ বতৰটো ঠাণ্ডা হৈ থকা দেখি কেউজনেই খোজ কাঢ়ি আৰাম পাইছোঁ৷ অকণমান বাকী থাকোঁতেই দেখা গ'ল, দলংখনৰ একেবাৰে সিটো মূৰে ষ্টিল ষ্ট্ৰাকচাৰেৰে সজা তোৰণ এখন থিয় হৈ আছে৷ নাৰ্জী ফুলৰ মালা কিছুমান ওলমি আছে৷ তাৰ ঠিক সন্মুখতে টিনপাত আৰু কলা কাপোৰেৰে আবৃত্ত অস্থায়ী কেম্প৷ দুফালে দুটা আছে৷ ফলত যান-বাহন অহা-যোৱাৰ কাৰণে বাটটো ঠেক হৈ পৰিছে৷ সেইডোখৰতে অগা-পিছাকৈ গাড়ী কেইখনমান সোঁ দাঁতিয়ে ৰৈ আছে৷ পুলিচৰ বাহনো দেখা গৈছে৷ তালাচী চকী হ'ব চাগৈ৷ চেকিং চলি আছে যদিও নাজানো৷ ক্ৰমান্বয়ে চাপি গৈ থাকিলোঁ আমি৷

দলঙৰ অন্তিম মূৰটোহে তিনিওৰে বিশেষ লক্ষ্য৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ চেকিং এতিয়া আৰু কোনো প্ৰকাৰেই মূৰৰ কামোৰণি নহয়৷ ভবা কথাটো সিদ্ধি হৈয়ে গ'ল৷ অকণো অসুবিধা নোহোৱাকৈ সুকলমে পদব্ৰজে পাৰ হৈ আহিলোঁ ভাৰতৰ দীঘলতম দলং৷ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতুৰে জীৱনৰ বাবে মনত ৰাখিবলগীয়া এটা ৰোমাঞ্চকৰ তথা ঐতিহাসিক পদযাত্ৰা সামৰি ধলাৰ ফালৰ পৰা আহি আহি শদিয়াৰ ফাল পালোঁহি৷ ম'বাইলটো পকেটৰ পৰা উলিয়ালোঁ৷ ঘড়ীলৈ মন দিলোঁ৷ দিনৰ ১১.১৫৷ পেড'মিটাৰৰ ৰিডিং চালোঁ৷ ১,২ খোজ৷ স্কুলীয়া দিনৰ দৌৰ প্ৰতিযোগিতাৰ সামৰণিৰ ৰঙা ফিটাডালহে যেন চুলোঁহি! তেনেকুৱাই অনুভৱ হ'ল সুদীৰ্ঘ দলংখনত খোজৰ অন্ত পৰাৰ লগে লগে৷

উত্তৰ-পূবৰ অন্তিম পূব দৰ্শন কৰি যিদিনা (১৬.৪.২০১৫) শদিয়া ঘাটেৰে ছৈখোৱা ঘাটলৈ লোহিতৰ বুকুৰে ফেৰীৰ টিংখোপত বহি আহি আছিলোঁ, নিৰ্মীয়মান ধলা-শদিয়া দলংখন প্ৰথমবাৰলৈ চকুত পৰিছিল৷ তেতিয়াই নিজকে নিজে কৈছিলোঁ, মুকলি হওক, পিছদিনাই আহিম, ওপৰেৰে খোজ কাঢ়ি পাৰ হম৷ ঈশ্বৰৰ ইচ্ছা৷ ভবা মতেই কামফেৰা সমাধা হল৷ লগত থাকিল আৰু দুজন সংগী৷ এজন চিনাকি, আনজন অচিনাকি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ লোহিতৰ ওপৰত নিৰ্মিত ভূপেন হাজৰিকা সেতুৰে কৰা এই যাত্ৰাৰ প্ৰতিটো মুহূৰ্ত আৰু সঞ্চিত অভিজ্ঞতা প্ৰতিজনৰে বাবে চিৰযুগমীয়া হৈ ৰল৷

প্ৰধান মন্ত্ৰীৰ দ্বাৰা কালি আনুষ্ঠানিকভাৱে উন্মোচিত হোৱাৰ পাছৰে পৰা নিশাৰ ভাগত লাইটৰ পোহৰত উদ্ভাসিত হৈ থকা ছবি এখন ইণ্টাৰনেট যোগে ধলা-শদিয়া দলং বুলি দেখুৱাই থকা হৈছিল৷ পিছে এয়া নিজেই ইমূৰৰ পৰা আহি সিমূৰ পালোঁহি৷ ক'তা? কতোচোন বিজুলী-চাকিৰ কোনো অস্তিত্বই বিচাৰি নাপালোঁ৷ অৰ্থাৎ সেই ফটোখন সত্য নাছিল বুলি অন্ততঃ আমি তিনিওজনে বুকুত হাত থৈ ক'ব পাৰিম৷ ভুৱা ছবিখন কোনে, কেনেকৈ, কত পালে আৰু কি উদ্দেশ্যৰে প্ৰচাৰ কৰি থাকিল, কাৰ কেনেকুৱা লাভ হ'ল নাজানো৷

সদ্যহতে মহাসেতুত নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা কৰাৰ বাবে সজোৰ দাবী উত্থাপিত হৈছে৷ নিৰাপত্তাৰ খাতিৰতে দলঙত বিজুলী-বাতিৰ ব্যৱস্থা কৰাৰ বাবে ৩০ কোটি টকাৰ এক সুবৃহৎ আঁচনি প্ৰস্তুত হৈ উঠা বুলি খবৰত ওলাইছে৷ দলঙৰ লগতে ২৮.৫০ কিল'মিটাৰজোৰা সংযোগী পথছোৱাকো ছলাৰ লাইটিং চিষ্টেম কাৰ্যকৰী কৰি পোহৰাব পাৰিলে নিশাৰ ভাগত দেখাত অতি মনোমোহা হ'ব আৰু আকৰ্ষণো বহুগুণে বাঢ়িব৷ তাৰ লগে লগে সৌৰ শক্তিখণ্ডৰ বিকাশ আৰু বিনিয়োগৰ এক অভূতপূৰ্ব বাতাৱৰণ সৃষ্টি হ'ব বুলি ভাবিব পৰা যায়৷ তেনে প্ৰকল্প স্থাপনেৰে অপৰম্পৰাগত শক্তি আহৰণ কৰিলে আমাৰ ৰাজ্যখনে আপাততঃ মুখামুখি হৈ থকা বিদ্যুতৰ নাটনিৰ পৰাও হাত সৰা নহ'বজানো?






Tuesday 27 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৫)

মূৰ পাবলৈ বেছি দূৰ নাই আৰু৷ সোঁফালে হাউলি এটা খুঁটাত লিখি ৰখা নম্বৰটো পঢ়ি শুনালে বৰগোহাঁয়ে৷ P145৷ আমি দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ খোজ কাঢ়ি আছোঁ৷ দলঙৰ খুঁটাৰ সঠিক সংখ্যাটো কিমান? কালি টিভিৰ স্ক্ৰীণত ১৮৩ বুলি দেখুৱাইছিল৷ আন ভালেমান উল্লেখত পাইছোঁ ১৮২ বুলি৷ প্ৰকৃততে কোনটো সঁচা? নৈৰ নামো পালোঁ দুটা৷ লোহিত আৰু ব্ৰহ্মপুত্ৰ৷ খুঁটাৰ সংখ্যাও পাইছিলোঁ দুটা৷ ১৮২ আৰু ১৮৩৷ প্ৰথমটোৰ উত্তৰ একেবাৰে স্পষ্ট৷ এইখন ব্ৰহ্মপুত্ৰ নহয়, লোহিত৷ সদ্যহতে দ্বিতীয় কথাটো লৈ মনৰ মাজত প্ৰৱল খূদুৱনি চলি আছে৷ ১৮৩ নং খুঁটাটো ৰাস্তাৰ সৈতে সংলগ্ন হৈ আছে হেনো৷ সঁচা-মিছা শেষ অৱস্থান পালেগৈহে গম পাম৷ প্ৰসংগটো এতিয়া পুনৰবাৰ মনলৈ আহিলত অকণমান সচেতন হৈ থাকিলোঁ৷ দলং শেষ হবলৈ অধিক দূৰত্ব নাই বুলি বৰগোহাঁয়ে সকীয়াইছেই৷ ৰিণিকি ৰিণিকি শদিয়াৰ ফালৰ মূৰটো দৃষ্টিত ধৰাও দিছে৷

শুনিছোঁ, সেই মূৰৰ পৰা নিকটৱৰ্তী চীন সীমান্তলৈ বতাহত ১৫০ নে ১৬০ কিলমিটাৰমানহে মাত্ৰ৷ তিনিচুকীয়াৰ পৰা পথে পথে হিচাপ ধৰিলে বৰ বেছি ৪৫০ কিল'মিটাৰ মানতে আছে চীন দেশ৷ আনহাতে, প্ৰতিৱেশী হৈও পৰস্পৰ শত্ৰুভাৱাপন্নতাৰে ভাৰত-চীন সীমান্তত সময়ে সময়ে উত্তেজনাময় পৰিস্থিতি উদ্ৰেক হোৱাটো নতুন কথা নহয়৷ এচিয়ান ছুপাৰ পাৱাৰ চীন যুদ্ধংদেহী হৈ উঠিলে এই দলংখন থকাৰ সুবিধাক্ৰমেই ইণ্ডিয়ান আৰ্মীয়ে অৰ্জুন, টি-২০ আদি প্ৰধান প্ৰধান টেংকসমূহ যুদ্ধক্ষেত্ৰ অভিমুখে যিমান পাৰি সিমান চপাই নিব পাৰিব৷ সেনা প্ৰেৰণো খৰতকীয়া হ'ব৷ দলঙৰ ওপৰত হেলিকপ্টাৰ নামিব৷ কিবিথোলৈ গৈ থাকোঁতে দেখিছিলোঁ, ঠেক পাহাৰীয়া ৰাস্তাটো ঠায়ে ঠায়ে সুবিধা বুজি বৰ আহল-বহল কৰি ৰখা হৈছে৷ তেতিয়া বুজা নাছিলোঁ৷ পিছতহে বুজি পালোঁ৷ সেইবোৰ হৈছে আগতীয়া কিছুমান ব্যৱস্থা৷ দিল্লী-আগ্ৰা, লক্ষ্ণৌ-বাৰানসী ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথতো প্ৰয়োজনত উঠা-নমা কৰিব বায়ুসেনাৰ বিশেষ বিমান৷ তেনেকৈয়ে ৰক্ষা পৰিব ভাৰত ভূখণ্ড৷ ১৯৬২ আৰু ২০১৭ চনৰ ভাৰতযে একে নহয়, পৰিৱেশ-পৰিস্থিতিও একে বিধৰ নহয়, কথাটো চীনে জনা উচিত৷ এতেকে কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ জুৰি থকা দুয়ো দেশৰ সীমামূৰীয়া ৩,৪৮৮ কিল'মিটাৰ অঞ্চলক সময়ে-অসময়ে যিকোনো প্ৰকাৰে উত্তেজনাপূৰ্ণ কৰি ৰাখিবলৈ চীনে দি অহা হুমকি-হুংকাৰ ভৱিষ্যতলৈ বন্ধ কৰি অৰ্থপূৰ্ণ আলোচনাৰে সীমাৰ বাদ-বিবাদ চিৰকালৰ বাবে নিষ্পত্তি কৰাত গুৰুত্ব দিয়াটোহে দৰাচলতে সময়োপযোগী কথা৷

দেশৰ দীৰ্ঘতম ধলা-শদিয়া দলঙেৰে 'প্ৰথম সূৰ্যোদয়ৰ দেশ' অৰুণাচল প্ৰদেশত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পসমূহলৈও ওচৰ হৈ পৰিল কালিৰে পৰা৷ বিভিন্ন মহলত চৰ্চা হৈছে যে অৰুণাচলত নিৰ্মিত বা নিৰ্মাণ হ'বলগীয়া বৃহৎ নদীবান্ধৰ খাতিৰত এই দলংখন ততাতৈয়াকৈ ইয়াৰ নিৰ্মাণ সমাপ্তিৰ দিশে লৈ যোৱা হৈছে৷ সকলোৱে জানে যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰে অতীজৰে পৰাই চহকী৷ উত্তৰ-পূবৰ কেউখন ৰাজ্য মিলি মুঠতে ৫৮,৩৫৬ মেগাৱাট বিদ্যুৎ শক্তি উলিয়াব পৰাৰ সামৰ্থ ৰাখিছে৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশে অকলেই উৎপাদন কৰিব পাৰে ৫০,০৬৪ মেগাৱাট৷ এই ৰাজ্যখনৰ ওপৰত চীনৰ চকুযে আগৰে পৰাই, এনেয়ে নহয়৷ অৰুণাচলৰ বৃহৎ অংকটোৰ সৈতে তুলনাই নহয় মেঘালয়ৰ ২,২৯৮ মেগাৱাট, মণিপুৰৰ ১,৭৬১ মেগাৱাট আৰু অসমৰ ৬৫০ মেগাৱাট ক্ষমতা৷ হিচাপ কৰি চালে দেখা যায়, অৰুণাচলৰ ক্ষমতা বাকী তিনিখন ৰাজ্য মিলালেও ১০ গুণৰো অধিক৷ যিখন প্ৰদেশৰ মাজেৰে এনে ধৰণৰ প্ৰকাণ্ড শক্তিভাণ্ডাৰ নিৰৱচ্ছিন্নভাৱে বৈ গৈছে সেইখন ৰাজ্য অৰ্থনৈতিক দিশত আজিও দুখীয়া হৈ থকাটো কিন্তু ভাবিবলগীয়া৷ তাৰ প্ৰধান কাৰণ যোগাযোগ আৰু যাতায়াত আজিও সুচল হৈ নুঠাটো৷ 

অকণো সন্দেহ নাই যে বিৰাট ৰাশিৰ বিদ্যুৎ শক্তিয়ে অৰুণাচলৰ জনমূৰি আয় বৃদ্ধি কৰাৰ লগতে পাৰ্বত্য অধিবাসীসকলৰ সংঘাতভৰা জীৱনলৈ আমূল পৰিৱৰ্তন আনি দিব পাৰে৷ ৰাজ্যখনত প্ৰস্তাৱিত প্ৰায় ৫০,০০০ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে ১৪৭টা নদীবান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে অনুমোদন দিয়া হৈছে৷ চিয়াং উপত্যকাত ৪২টা, দিবাং উপত্যকাত ১৩টা আৰু লোহিত উপত্যকাত ১০টা বান্ধ তাৰ ভিতৰত উল্লেখযোগ্য৷ কামেং আৰু অন্যান্য লাপি-লুপাবোৰ আছেই৷ ৪,০০০ মেগাৱাট দিবাং ইটালীন প্ৰকল্প, ৩,০০০ মেগাৱাট দিবাং বহুমুখী প্ৰকল্প, ২,৮৮০ মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্প, ২,৭০০ মেগাৱাট নামনি চিয়াং প্ৰকল্প, ১,০০০ মেগাৱাট চিয়াং প্ৰকল্প, ৯,৬০০ মেগাৱাট চিয়াং জলবিদ্যুৎ প্ৰকল্প; লোহিতৰ ১,৭৫০ মেগাৱাট নামনি ডিমৱে প্ৰকল্প, ১,২৫০ মেগাৱাট উজনি ডিমৱে প্ৰকল্প, ১,৪৫০ মেগাৱাট কালাই প্ৰকল্প, ১,২৫০ মেগাৱাট হাটাং-২ আদি পিছলৈ হাতত লোৱা প্ৰকল্পবোৰ সম্পূৰ্ণ আৰু কাৰ্যক্ষম হবলৈ হলে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক মানচিত্ৰত আমাৰ চুবুৰীয়া তথা 'অষ্টলক্ষ্মী'ৰ একেবাৰে পূবৰ লখিমী অৰুণাচলৰ স্থান আৰু মান কোন শীৰ্ষতযে উঠিবগৈ, কল্পনা কৰি আচৰিত হওঁ৷ দেশৰ দীৰ্ঘতম দলঙে এতিয়া অৰুণাচল প্ৰদেশত নিৰ্মাণ কাৰ্য চলি থকা সেই প্ৰকল্পবিলাকলৈ আহ-যাহ সহজ কৰি তোলাৰ লগতে সেইসমূহৰ খৰতকীয়া ৰূপায়ণ সম্ভৱ কৰি তুলিব৷ ভাৰত-চীন সংঘাত, চীনৰ আগ্ৰাসন ৰোধৰ বাবে অৰুণাচল প্ৰদেশক পুনৰবাৰ যুদ্ধথলীত পৰিণত কৰাৰ যো-জা চলাই থকাত মনোনিৱেশ কৰাৰ সমতুল্যভাৱে ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশত গুৰুত্ব দিয়া আৰু প্ৰাকৃতিক সম্পদৰাজিক সুপৰিকল্পিতভাৱে প্ৰয়োগ কৰাটো খৰতকীয়াকৈ বিবেচনালৈ অহা উচিত৷

আজি অহাৰ বাটত আমি কেইবাখনো যাত্ৰীবাহী বাছ লগ পাইছোঁ৷ দলংখন গঢ় লৈ উঠাত চৰকাৰী-বেচৰকাৰী যাতায়াতী ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মনে ধৰিছে৷৷ এতিয়াও সিমূৰলৈ ১০০ মিটাৰমান থাকোঁতে ওলালহি অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ সেৱাৰ বাছ এখন৷ মাটি-পানী মহতিয়াই চলাচল কৰোঁতে কৰোঁতে এই গাড়ীবোৰৰ অৱস্থা নাইকিয়া হয়গৈ৷ ছাত্ৰাৱস্থাত তেজুলৈ যাওঁতে অভিজ্ঞতা লাভ কৰি থৈছোঁ৷ সন্মুখলৈ চাই থাকোঁতেই এতিয়া দেখা পাইছোঁ, তিনিচুকীয়াগামী এ.পি.এছ.টি.এছ.ৰ নীলা বাছখনৰ খিৰিকীৰেও বাহিৰলৈ ওলাই আহিছে মবাইল ফোন৷ ফটো, ৰেকৰ্ডিং, ছেল্‌ফীৰ সুযোগ নোলোৱাকৈ পাৰ হোৱা যাত্ৰী নহ'বই কিজানি এইটো পথত৷ সকলোৱেই যেন উচাহত পূৰাদমে মতলীয়া৷ সেই উচাহ সেতুবন্ধনৰ৷










শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৪)

আৰু আগ বাঢ়ি বনাঞ্চল এডৰা পালোঁগৈ৷ সেউজী-ধুনীয়া অসমভূমিৰ যেন এটা আদৰ্শ ৰূপ! চিনা-অচিনা অনেক পক্ষীৰ কল-কাকলিৰে মুখৰিত হৈ আছে ঠাইখিনি৷ তাৰ পৰা ওলাই অহা চৰাইবোৰে যোৰ পাতি আমাৰ মূৰৰ ওপৰেদিয়ে আপোনমনে পাখি কোবাই নভোমণ্ডলত পাক মাৰি ফুৰিছে৷ নৈখনৰ ফালে গৈছে, আকৌ আহিছে৷ সেউজীয়াৰ মাজলৈ উৰিছে, পুনৰ ঘূৰিছে৷ নিৰন্তৰ অহা-যোৱা৷ সিহঁতৰ আনন্দ প্ৰকাশৰ কাৰণটো যেন দলং মুকলি হোৱাটোৱেই, সিহঁতবোৰৰ বিচৰণ যেন শদিয়াবাসীয়ে ডাঙৰ সমস্যা এটাৰ পৰা পৰিত্ৰাণ পোৱাৰ আনন্দোৎসৱৰে অংশবিশেষ! চিন্তা কৰিলোঁ, হাবি-বননিবোৰ সম্প্ৰতি দিনে দিনে ধ্বংসৰ গৰাহলৈ গৈ আছে৷ সমান্তৰালভাৱে অভাৱনীয় হাৰত কমি আহিছে পশু-পক্ষীৰ সংখ্যা৷ বাসভূমিৰ অকণো হীন-ডেঢ়ি নঘটাই হাবি-বন, জলাশয়ৰে ভৰা অঞ্চলটোক 'লোহিত পক্ষী-তীৰ্থ' নামেৰে সংৰক্ষণ কৰিব পৰা যায় দেখোন৷ দলঙৰ ফুটপাথেই বাৰ্ড ৱাচ্ছিং স্পট, অৱজাৰভেটৰী টাৱাৰ হব পাৰে দেখোন৷ বিনোদ বৰগোহাঁইৰ আগত মনে ভাবি পোৱা বাক্য দুটা উপস্থাপন কৰিবলৈহে পালোঁ, ফৰেষ্টত অতিবাহিত কৰা নিজৰ চাকৰি জীৱনৰ সুদীৰ্ঘকালীন অভিজ্ঞতাৰে কাজিৰঙা আৰু ডিব্ৰু-ছৈখোৱাৰ সৈতে সম্পৃক্ত চৰাই বিষয়ক সুন্দৰ সুন্দৰ ঢেৰ প্ৰসংগ উল্লেখ কৰি পেলালে বনৰক্ষী মানুহজনে৷ অসমত ৭০০ৰো অধিক প্ৰজাতিৰ চৰাই আছে৷ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যবেক্ষকসকলে নতুন চৰাইৰো সম্ভেদ পাইছে৷ বৰগোহাঁয়ে সহমত প্ৰকাশ কৰিলে যে এই দলংখনৰ সৈতে সংযুক্ত প্ৰাকৃতিক পৰিৱেশটোৱে পক্ষীকুলৰ সংবৰ্ধনৰ দিশত সম্ভাৱনাৰ পথ মুকলি কৰি থৈছে৷ যথাযথভাৱে ৰূপায়ণ কৰাটোহে আচল কথা৷ তাৰ বাবে প্ৰাকৃতিক পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, বন-বিৰিখ, জীৱ-জন্তুক প্ৰত্যেকেই ভাল পাবলৈ শিকিব লাগিব৷ তেহে ধৰণী ধুনীয়া হ'ব৷ প্ৰকৃতিৰ বাবে আমাৰ এই 'প্লেনেট' তেহে 'হেল্ডি' হৈ উঠিব৷ অন্যথা চলি থাকিব কেলেণ্ডাৰমাফিক পক্ষী দিৱস, বন-মহোৎসৱৰ ঢাক-ঢোল বজোৱা কাৰ্যসূচী৷

তাৰ পৰা আগলৈ আহি দলঙৰ তলেৰে বৈ যোৱা পানীৰ ধাৰ এটা পালোঁ৷ আগছোৱা দেখা নাইপোৱা যদিও লোহিতৰ পৰাই ফাটি আহিছে বুলিয়ে ধাৰণা কৰিছোঁ৷ জলধাৰাৰ নাম স্বতন্তৰীয়ভাৱে কিবা থাকিলেও জনা নগ'ল৷ লোহিতে নিজৰ গতিপথত চূণপোৰা পাৰ হৈ ধনেখনাত ন-দিহিঙক বাওঁপাৰে লৈ অসমত সোমাইছে৷ কুণ্ডিল, দিচৈ, ঘূৰামূৰা আদি নৈকেইখন ভাটিৰফালে আছে৷ গতিকে এইটো লোহিতৰে সুঁতি হ'ব লাগিব৷ বহল বৰ বেছি নহয়৷ হ'লেও গৰা খহাই থকা দেখা পালোঁ৷ সেউজ ঘাঁহনি এডৰা তেনেকৈ পানীত জাহ যোৱা দেখি বৰ বেয়া লাগিল৷ আমি P131 খুঁটাৰ ঠিক ওপৰতে ৰৈ আছোঁ৷ অন্ধ্ৰ প্ৰদেশৰ ৰাজামুন্দ্ৰী ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পাছত গোদাবৰী নৈৰ পাৰত দলঙৰ কাষত ৱাটাৰ পাৰ্ক এখন দেখা যায়৷ কৰ্ণাটকৰ মহীশূৰত কাবেৰীৰ কৃষ্ণৰাজাসাগৰ বান্ধৰ পানীৰে বৃন্দাবন গাৰ্ডেনত পানীৰ ফোৱাৰা, শব্দ আৰু পোহৰৰ খেল আদি পৰিচালিত হয়৷ গুৱাহাটীৰ এক'লেণ্ডৰ ছবিখনো তৎমুহূৰ্ততে মনলৈ নহাকৈ নাথাকিল৷ এই সুঁতিটোক আধাৰ কৰিও প্ৰয়োজন অনুযায়ী বান্ধ, মথাউৰি, শ্লুইচ গে'ট সাজি আকৰ্ষণীয় ৰূপত বটিং এণ্ড এমিউজমেণ্ট পাৰ্ক, শিশু উদ্যান, ৱাটাৰ কিংডম, পিকনিক স্পট আদি কিবাকিবি গঢ়ি পেলাব নোৱাৰিনে? নিজকে নিজেই সুধিলোঁ৷ সম্ভাৱনীয়তা নিশ্চয় থাকিব৷ অৱশ্যে বাৰিষা জল পৰিস্থিতি কেনে হয়, পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰি লোৱাৰ পাছতহে কিবা চয়-নিচয় কৰিব পৰা যাব৷ নদীয়ে সংহাৰী ৰূপ প্ৰদৰ্শন কৰিলে কাৰ্যকৰী হোৱাৰ আশা নাই৷

তথাপি একে উষ্মাৰে দলঙৰ সিটো ফালেও চালোঁগৈ৷ ঠাইখিনি মনোৰঞ্জন নাইবা বিনোদন কেন্দ্ৰৰ বাবে বেছ উপযোগী যেন ভাব হল মোৰ৷ তাত ৰৈ গুণা-গঁথা কৰি থাকোঁতেই ওলালহি অগ্নিগড়নিৰজুলি, অগ্নিগড় শদিয়াৰ পুৰণি যাত্ৰীবাহী বাছ৷ কেঁকো-জেঁকোকৈ, ঘটংমটং কৰি কত মানুহ আৰু বস্তু-বাহানিযে আজি অতদিনে ঘাটলৈ নিলে-আনিলে! দলং হোৱাত স্বস্তিৰ এক দীঘলীয়া নিশ্বাস এই বাছকেইখনেও চাগৈ এৰিছে এতিয়া৷ সুবিশাল লোহিতৰ বিস্তৰ পৰিধিত আৱিষ্ট হৈ এয়া হাস্যবদনে ধাৱিত নতুন দলঙৰ ওপৰেৰে৷ কোনো ধৰণৰ বেলেগ শব্দ নাই৷ টায়াৰৰ চৰ-চৰ-চৰ-চৰ, ইঞ্জিনৰ গোঁ-গোঁহে মাত্ৰ শুনা পালোঁ৷ বাছখন গহীনাই পাৰ হৈ গুচি গ'ল৷ যাত্ৰীৰ হাতৰ ম'বাইলবোৰ সক্ৰিয় হৈ থাকিল, আমি দেখি থকালৈকে৷

সামান্য আগৰ পৰাই শদিয়াৰ দিশৰ কেঁকুৰিটো আৰম্ভ হৈছে৷ দলংখন সোঁহাতলৈ ঘূৰিছে৷ দাঁতিত গোমধানৰ খেতি এডৰা৷ গছবোৰৰ চেহেৰা ভাল দেখিয়েই বুজিলোঁ যে মাটি সাৰুৱা৷ জিৰ পইণ্টৰ পৰা আৰম্ভ কৰি এছ আখৰটোৰ তলৰ মূৰটোৰ পৰা উঠি আহি আহি আমি ওপৰৰ পাকটো পাইছোঁ এতিয়া৷ এইবাৰ আহিল 'অগ্নিগড়' ট্ৰেন্সপ'ৰ্ট৷ বৰগোহাঁয়ে জানিবলৈ দিলে, 'আগতে বাছ হিচাপেই চলি আছিল, পাছত চিনাকি ৰূপটোৰ পৰিৱৰ্তন সাধি এনেকুৱা কৰি পেলালে৷ তাৰ পাছৰে পৰা মাল টনাৰ কামত লগাইছে৷ এনেকৈয়ে তিনিচুকীয়াৰ পৰা চপাখোৱা, ৰ'য়িঙলৈ বয়-বস্তু সৰৱৰাহ কৰা হয়৷' 

চকুৰ পচাৰতে মটৰ চাইকেল এখন পাৰ হৈ গ'ল৷ মুঢ়া এগালমান পাছফালে লাদি নিছে৷ চপাখোৱা, ৰ'য়িং, তেজু ক'লৈ নিছে নাজানো৷ এই ধৰণেও মাল পৰিৱহ্‌ণ কৰাটোও এতিয়া সহজসাধ্য হৈ পৰিল৷ মোদীজীয়ে কালি ভাষণত শদিয়াৰ জৈৱিক আদাৰ কথা গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল৷ কৈছিল যে দলং হোৱাৰ ফলত স্থানীয় উৎপাদিত দ্ৰব্যসমূহ বিশ্বৰ বজাৰলৈ সহজতে ওলাই যাব পাৰিব৷ চকুৰ আগতে দেখিলোঁ, মটৰ চাইকেলত মুঢ়া গৈ আছে, 'অগ্নিগড়'তো বস্তু গৈ আছে, আগতকৈ সহজে, সুকলমে, নিশ্চিন্তে৷

অদূৰত কেইবাখনো বাহন শাৰী পাতি ৰৈ আছে৷ মানুহবোৰ নামিছে৷ ফটো তুলিছে৷ এখন গাড়ীত মৰমলগা কণমানি দুজনী৷ কেমেৰাটো পোনাওঁতে লুকাব খুজিছিল৷ হ'লেও বুদ্ধি কৰি ফটো একপী তুলি ললোঁ৷ দেউতাক-মাকৰ সৈতে দুআষাৰ কথাও পাতিলোঁ৷ অৰুণাচলৰ নামচাইৰ পৰা আহিছে, দলং চাবলৈ৷ নাম মানে পানী, চাই মানে বালি৷ নামচাই অৰ্থাৎ বালিময় নৈ৷ ডিৰাক গে'টৰ পৰাই আৰম্ভণি হৈছে নামচাইৰ৷ খামতি অধ্যুষিত এলেকা৷ আগতে লোহিত জিলাৰ মহকুমা আছিল৷ এতিয়া এখন নৱজাতক জিলা৷ ভূপেন হাজৰিকাই গাইছিল, 'চিয়াঙৰে গালং, লোহিতৰে খামতি...'৷ এইখন লোহিতৰে পাৰৰ মানুহ তেওঁলোক৷ নামচাইলৈ মই গৈছোঁ বুলি কথা প্ৰসংগত গম পাই আনন্দিত হ'ল৷ গাড়ীৰ ভিতৰত মস্ত জাৰ্মান শ্বেফাৰ্ড এটা৷ ঘৰত অকলে এৰিব নোৱাৰি বপুৰাকো স্কৰপিঅৰ ডিকীত ভৰাই লৈ আহিছে৷ মোৰ ইফালে কুকুৰ-ভীতি আগৰে পৰাই৷ বহু বছৰৰ আগতে অকাৰণতে এবাৰ কামোৰ খোৱাৰ পাছৰে পৰা এই প্ৰাণীবিধ দেখিলেই হুচিয়াৰ হওঁ৷ এতিয়াও, গৰাকীয়ে অভয় দিলে যদিও আগে-ভাগে সাৱধান হলোঁ৷ সোনকালেই কথা চমুৱাই নিজৰ বাট বুলিলোঁ৷















শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৩)

১০ বাজি পাৰ হল৷ ৰদ নাই যেনিবা৷ নৈখনৰ বুকুত যেনি-তেনি বালিচৰ কিছুমানে স্বকীয় অস্তিত্ব ঘোষণাৰে মূৰ উলিয়াই আছে৷ পিছে এইটো ধৰাবন্ধা যে অৰুণাচলত দুদিন বৰষুণ দিলেই আটাইবোৰ সমুলঞ্চে পোত যাব৷ ধীৰে-সুস্থিৰে আগ বাঢ়ি আছোঁ আমি৷ গাড়ী-মটৰৰ সংখ্যা সীমিত৷ কিছু সময় ধৰি কোনো ফালৰ পৰাই একো নাই অহা৷ চকুৰে মণিব পৰালৈকে মুকলি দেখা গৈছে দলংখন৷ কিমানযে প্ৰশস্ত এই ভূপেন হাজৰিকা মহাসেতু! ভাবনাটো মনলৈ আহোঁতেই কেমেৰাটো ৰাস্তাৰ উপৰিভাগ চুওঁ-নুচুওঁকৈ ধৰিলোঁ৷ স্নেপ এটা লৈ থলোঁ৷ ছবিয়ে মিছা নকয়৷ পদযাত্ৰাৰ সময়ছোৱাত সংগ্ৰহ কৰা দৃশ্যবিলাক মৌখিক বৰ্ণনা শুনিবলৈ উন্মুখ হৈ থকা বন্ধুকেইজনক যথাসময়ত দেখুৱামগৈ, যিসকলে আজি সময় দিব নোৱাৰিলে৷ ইচ্ছামতে ফটো তুলি ল'বলৈ ফোনত অথনিয়ে সকীয়াই দিছে অৰূপদাই৷ তেওঁৰ মতে এনে সুযোগ সদায় নাহে৷ গতিকে ময়ো এইটো সংক্ৰান্তত মুহূৰ্তে মুহূৰ্তে সচেতন আৰু কাৰ্যক্ষম হৈ আছোঁ, যাতে উভতি গৈ তেওঁলোকক সন্তুষ্ট কৰিব পাৰোঁ৷ স্থিৰ চিত্ৰ আৰু ধাৰা বিৱৰণীৰ মাধ্যমেৰেই আটাইকে পদযাত্ৰাটোৰ সোৱাদ অকণমান দিবগৈ লাগিব, যাতে সময়-সুবিধা চাই ইয়ালৈ অহাৰ বাবে প্ৰত্যেকেই আকৰ্ষিত আৰু আগ্ৰহান্বিত হয়৷ এই দলং আমাৰ গৌৰৱ৷ অন্ততঃ আগন্তুক ৫টা বছৰৰ বাবে৷

দলঙৰ ওপৰেদি পানী অতিক্রমিলোঁ৷ তাৰ মানে লোহিতৰ সিপাৰ পালোঁহি৷ মাটি দেখা পোৱাৰ সমানে সমানেই সন্মুখলৈ আহিল ঝাউবন আৰু ঘাঁহনিৰে পৰিপূৰ্ণ নৈপৰীয়া বিস্তীৰ্ণ এলেকা এটা৷ চৌপাশে অপূৰ্ব সেউজীয়া! সেউজৰ পয়োভৰ ইমানেই বেছি যে দেখি আচৰিতেই লাগিল৷ এওঁৰ ওঁঠে লৰচৰ কৰিলেই, 'সেউজী সেউজী সেউজী অ', সেউজী ধৰণী ধুনীয়া'৷ পেড্ৰো কল্ডেৰনৰ উক্তি এটা তৎমুহূৰ্ততে মোৰ চেতনাত জলমলাই উঠিল৷ পৃথিৱীৰ মহত্ত্বপূৰ্ণ ৰং হল সেউজীয়া৷ আৰু ইয়াৰ পৰাই পৃথিৱীৰ মধুৰতা সকলোৰে সন্মুখলৈ আহে৷ লোহিতৰ উত্তৰ পাৰৰ শদিয়াৰ ফালৰ এই বিশাল সেউজীয়াক যিকোনো মূল্যৰ বিনিময়ত জীয়াই ৰাখিব লাগিব, চিৰসেউজীয়া কৰি ৰাখিব লাগিব আমি৷ কাৰো ক্ষয়ংকৰী হাতোৰাৰ অনাকাংক্ষিত পৰশ যাতে ইয়াত কোনো কাৰণতে নপৰে তাৰ বাবে সকলোৱে অনাগত দিনত সচেতন হোৱা আৰু তৎপৰতা অৱলম্বন কৰা উচিত হব৷ ধৰিত্ৰীৰ এই অংশটোৰ মহত্ত্বপূৰ্ণ বৰণ আৰু বিমল ৰূপ বৈভৱে এই স্থানলৈ অহা প্ৰতিজন অভ্যাগতকে প্ৰথম দৰ্শনতে মোহিত কৰিব বুলি বিশ্বাস মোৰ অতিকৈ ঘনীভূত হল৷

ইয়াত জলাশয় আছে৷ লুংলুঙীয়া ৰাস্তা কিছুমানো দেখিছোঁ, দলঙৰ তলেৰে ইফালৰ পৰা সিফাললৈ৷ কেনি গৈছে নাজানো৷ জীৱ-জন্তু, মানুহ-দুনুহ হলে এটাও দেখা নাই৷ চৌপাশৰ পৰিৱেশটো শান্ত-সমাহিত৷ দলঙৰ বুকুৰে গাড়ী-মটৰ কেতিয়াবা দুই-এখন৷ খোজ কঢ়া লোক বুলিবলৈও আন কোনো নাই, কেৱল আমিয়েই৷ চকুৱে আৰাম পোৱা সেউজীয়াত অৱগাহন কৰি চিন্তা কৰাত লাগিলোঁ যে প্ৰকৃতিৰ এনে নিগূঢ় সৌন্দৰ্যময়তাক কি কামতনো ব্যৱহাৰ কৰিব পৰা যায়? চলচ্চিত্ৰ, ভিডিঅ ছবি, অডিঅ-ভিডিঅ এলবাম নিৰ্মাতাসকলৰ দৃষ্টিত শ্বুটিঙৰ লকেচন হিচাপে এই সেউজ আৱেষ্টনী প্ৰথম দৰ্শনতে চাগৈ বাছনিত উঠিব৷ তাৎক্ষণিক প্ৰতিক্ৰিয়াস্বৰূপে এইটো কথাই চিধাই মোৰ মনলৈ আহিল৷ কম সময়তে ধলা-শদিয়া দলঙেযে এক বিশিষ্ট শ্বুটিং থলী হিচাপে স্থান অধিকাৰ কৰিব আৰু কেমেৰাত ভুমুকি মাৰিব, সেইটো খাটাং বুলি এতিয়াই ধৰি থৈছোঁ৷ হয়-নহয় সময়ত গম পাম৷ কিন্তু বাহিৰৰ ৰঘুমলা আহি বৰপীৰা পাৰি বহিলেই শেষ৷ তাৰ বাবে সচেষ্ট থকাটো জৰুৰী৷

তিনিচুকীয়া অভিমুখী নিৰজুলি বাছখন আহি আছে৷ খিৰিকীৰ কাষত বহা যাত্ৰীয়ে মবাইল হেণ্ডছেটত সংলগ্ন কেমেৰাৰে ফটো তুলিছে, ভিডিঅ ৰেকৰ্ডিং কৰি আহিছে৷ সেতুৰ ওপৰেৰে কৰা স্মৰণীয় যাত্ৰাটোৰ লগে লগে এই কামফেৰা এতিয়া অপৰিহাৰ্য যেনেই হৈ পৰিছে৷ আনহাতে সন্দেহ নাই যে এইটো প্ৰান্তৰ মনোৰম দৃশ্যৰাজি চাবৰ বাবে দাঁতিৰ চিটকেইটাক কেন্দ্ৰ কৰি লৰা-ছোৱালী, বন্ধু-বান্ধৱৰ মাজত আজিৰে পৰা হেতা-ওপৰা কিম্বা হতিয়া-হতিৰে খণ্ডযুদ্ধ এখন লাগিবই লাগিব৷ কথাটো ভবা মাত্ৰেই আমাৰ লৰালিৰ দিনবোৰলৈ তুৰন্তে মনটো উৰি গুচি গল৷ ৰেল-বাছ যিহতেই নহওক কিয় উঠাৰ পাছতে আমাৰো চলিছিল টনা-অাঁজোৰা, উখনা-উখনি৷ খিৰিকীৰ কাষৰ আসনখন সৰু-বৰ আটাইকে লাগে৷ নাপালে যেন যাত্ৰাটোৱেই বৃথা! পলকতে চকু চলচলীয়া৷ বুকুখন গধুৰ৷ এতিয়াও নিৰ্ঘাত তেনেকুৱাই হবগৈ বুলি ভাব হৈছে মোৰ৷ লোহিতে, ভূপেন হাজৰিকা সেতুৱে, দাঁতি-কাষৰৰ প্ৰকৃতিৰ সন্মোহনী সৌন্দৰ্যই বয়ষ্কসকলৰো বহুতকেই এই পুৰণি বেমাৰটোত নোভোগোৱাকৈ নেৰিব৷













Sunday 25 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২২)

শদিয়াৰ পৰা ছৈখোৱালৈ ফেৰীৰে অহাৰ অভিজ্ঞতা মোৰ আছে৷ সেই সৌভাগ্য (নে দুৰ্ভাগ্য?) এতিয়া আৰু কাৰো নহব৷ প্ৰথম সূৰ্যোদয়ৰ দেশ অৰুণাচলৰ পূব প্ৰান্তৰ দীঘলীয়া চফৰ সামৰি সুকলমে লোহিতখন পাৰ হোৱাৰ পাছতে তদানীন্তন ভ্ৰমণ সংগী অনিলদা, সঞ্জু আৰু অৰুণদাই ছৈখোৱা ঘাটত হেঁপাহেৰে মাছ-ভাত একাঁহীকৈ খাইছিল৷ ফেৰীৰ পৰা নামিয়েই দৌৰ মাৰিছিল অনিলদা৷ দৃশ্যটো এতিয়াও ভালকৈ মনত আছে৷ অস্থায়ী চালিৰ তলত বহা হোটেলকেইখনত এফালৰ পৰা প্ৰৱেশ কৰি ঢাকোন উদঙাই কি মাছ আছে চাইছিলগৈ মানুহটোৱে৷ ঘাটৰ মাছ ভজালৈ ইমানেই হেঁপাহ! উৎসাহতে পাহৰিয়ে গৈছিল যে তেনেদৰে কৰাটো অনধিকাৰ হস্তক্ষেপ৷ গ্ৰহদশা বেয়া থাকিলে বিপদো ঘটিব পাৰে৷ আনহাতে খাদ্যজনিত সেই জাতৰ হেঁপাহ বা দৌৰা-দৌৰি মোৰ নাই৷ শ্বাহনাজৰ ঘৰত শদিয়াৰ মিঠাই এপেট ভৰাই আহিছিলোঁ৷ তাৰ পৰা আহি থাকোঁতে মাটিয়ে-পানীয়ে চুপে-চাপে সিহঁতে দি পঠোৱা পেৰাও কেইবাটাও গলিয়ালোঁ৷ গতিকে সুযোগ অকণমান পায়েই সেমেকা পলস আৰু বালিময় এলেকাটো ঘূৰি-ফুৰি চোৱাতহে মন দিছিলোঁ৷ ইতিমধ্যে পাৰাপাৰ হোৱা, ঘাটত ৰৈ থকা মুনিহ-তিৰোতা আটাইৰে মুখবোৰ এফালৰ পৰা লক্ষ্য কৰিছিলোঁ৷ 'ফে'চবুক'বিলাকত ফুটি উঠা কলিজাৰ ভাব-ভাষাবোৰ পঢ়িবলৈ যত্ন কৰিছিলোঁ৷ লক্ষ্য কৰিছিলোঁ, সিটো পাৰৰ পৰা আহি এইপাৰ পোৱাসকলৰ মুখমণ্ডলত আনন্দৰ জিলিঙনি৷ তাৰ বিপৰীতে, সিপাৰলৈ যাবলগীয়াসকলৰ মুখবোৰ যেন কিবা গোমা৷ কিবা যেন মুকলি নহয়, কিবা যেন টেনচন! সেই ধৰণৰ টেনচনৰ পৰা সমুলঞ্চে মুক্তি আহি গ'ল এতিয়া৷ অসম-অৰুণাচলৰ সহজ-সৰল মানুহবোৰৰ মনবোৰে কোন কাহানিবাৰে পৰাই একেশ্বৰে কৈ আহিছিল, আমাক দলং লাগে, দেৱাল নালাগে৷ জনতাৰ মনৰ সেই আৱাজ অগপ নেতা, বাজপেয়ী চৰকাৰ, মনমােহন সিং চৰকাৰ, মোদী চৰকাৰে শুনিলে৷ অৰুণাচলে পেকেজ দিলে৷ সকলোৰে সমন্বয়ত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় মহাসেতুৱে পুৰণি যন্ত্ৰণা এটাৰ পৰা মুক্তি দিলে মানুহবোৰক৷

সেই তেতিয়া, ঘাটৰ পৰাই পাছত গাড়ীত উঠি নিৰ্মীয়মান দীঘল দলংখনৰ কাষেৰে ধূলি উৰুৱাই আহি আহি ঠিক গুৰিটোতে ওলাইছিলোঁ৷ অলপ আগতে দেখা পোৱা, নৈৰ ফালৰ পৰা অহা কেঁচা ৰাস্তাটোৰেই আহিছিলোঁ নেকি জানো, ধৰিবকে নোৱাৰিলোঁচোন৷ সময়ে সম্পূৰ্ণৰূপে সলাই পেলালে সেই দিনটোৰ ছবি৷ এই মুহূৰ্তত বুকুত হাত থৈ এইটো কব পাৰি যে পুৰণি স্মৃতিয়ে নৈপৰীয়া মানুহবোৰক, সময়ে-অসময়ে সলনি হৈ থকা ঘাটবোৰেৰে অহা-যোৱা কৰা মানুহবোৰক বহুত দিনলৈকে আমনি কৰি থাকিব৷ কষ্ট আছিল যদিও নাৱৰ বাবে নৈৰ গৰাত পায়চাৰি কৰি থকাৰ আমনিদায়ক অথচ মিঠা মিঠা মুহূৰ্তবোৰ, বিশাল জলৰাশি অতিক্ৰম কৰাৰ শংকাযুক্ত অথচ ৰোমাঞ্চকৰ অভিজ্ঞতাবোৰ সকলোৰে বাবেই হৈ পৰিব কেৱল অতীত-কাহিনী৷ দীৰ্ঘদিনীয়া তেনে ভ্ৰমণ যাতনাৰ অৱসান ঘটি আজি পথ পৰিৱহণ ব্যৱস্থা উন্নীত হল৷ হেঙাৰ আঁতৰিল৷ এতিয়া মাথো কেইটামান মিনিটতে ইপাৰ-সিপাৰ৷ ৯.১৫ কিল'মিটাৰ ৰাস্তা ফোঁ-ফোঁৱাই যাওঁতেনো কতপৰ লাগিছে? কেইখনমান মটৰ চাইকেলত অহা ডেকাকেইজনে যেন তাৰেই অংকত ব্যস্ত হৈ পৰিছে! দ্ৰুতবেগে সিহঁত আমাৰ কাষেৰে পাৰ হৈ গ'ল৷ কম সময়তে সিমূৰ চুবগৈ৷ হিচাপ উলিয়াব, কিমান সময় লাগিল৷

নাৱৰীয়া জীৱনৰ কঠিন দৈনন্দিন কাৰ্যক্রমণিকাৰ অন্ত পৰিল৷ ভৰা নৈৰ বুকুত জীৱন সংগ্ৰামৰ এটা বিপদজনক অধ্যায়ৰ সামৰণি মাৰি শুকুৰবাৰ অৰ্থাৎ কালি দুপৰীয়া ৰাইজৰ বাবে মুকলি হৈছে বহুপ্ৰতীক্ষিত এই মহাসেতু৷ অভিশপ্ত দিনৰ স্মৃতিবোৰ ধূসৰ হোৱাৰ কাউণ্ট ডাউনো আচলতে উক্ত মহা-মুহূৰ্তৰ পৰাই আৰম্ভ হৈছে৷ লোহিতৰ বুকুত গঢ়ি উঠা সংস্কৃতি এটাও একে সময়তে ধাৱমান হৈছে স্থৱিৰতাৰ দিশে৷ যন্ত্ৰণাময় জলযাত্ৰাৰ মাজতো প্ৰাণৰ আনন্দ বুজি পোৱাজনৰ বাবে নৌকা বিহাৰত নিৰ্ভেজাল সুখস্বাদ অকণমান নথকাকৈ নাছিল৷ দলং মুকলি কৰাৰ লগে লগে সুখ আৰু দুখৰ সমাহাৰ হৈ পৰিল ধলা-শদিয়াৰ ফেৰীঘাট৷ ফেৰীঘাটক কেন্দ্ৰ কৰি একাংশ মানুহৰ জীৱন-জীৱিকা চলি আহিছিল৷ কাৰোবাৰ বাবে উপাৰ্জনৰ একমাত্ৰ সমল আছিল সেই ফেৰীঘাটকেইটা৷ এতিয়া দলং হোৱাত নৈপৰীয়া মানুহৰ মনলৈ স্বাভাৱিকতে অন্য চিন্তা আহি পৰিল৷ কোনো কোনোৰ মতে নাৱৰীয়া পৰিয়াললৈ দুৰ্দশা নামি আহিল৷ কোনো কোনোৰ মতে আকৌ নাই নহয়, আশাৰ নতুন ৰেঙণিহে আহিছে৷ সহজ সত্য এইটোৱেই যে এতিয়াৰ পৰা কোনেও আৰু বিপদসংকুলতাৰ মাজেৰে সিপাৰলৈ যাব-আহিব নালাগিব৷ শদিয়াবাসী, অৰুণাচলৰ ৰাইজৰ দুৰ্বিষহ যাতায়াতৰ সমাপ্তি ঘটিছে৷ নাওবিহীন যাতায়াত, কম আয়াসত গন্তব্যস্থান প্ৰাপ্তি, কম খৰছত অহা-যোৱা কৰাৰ সপোন দলং সম্পূৰ্ণ হোৱাৰ লগে লগেই দিঠক হৈ গল৷

অসমৰ এমূৰৰ শদিয়া সঁচাকৈয়ে সুদীৰ্ঘ কাল ধৰি উপেক্ষিত হৈ আছিল৷ বিধ্বস্ত যোগাযোগ আৰু যাতায়াত ব্যৱস্থাৰ বাবে অতি জৰ্জৰিত আছিল শদিয়াবাসী৷ নিশ্চিতভাৱে এই দলঙে সৰ্বসাধাৰণৰ জীৱন-যাত্ৰাক সুখময় কৰি তুলিব৷ অহা-যোৱাৰ বাবদ সময়ৰ অপচয় নঘটিব৷ ভাড়াও হ্ৰাস পাব৷ ফেৰী নাপাই থমকি ৰোৱা, অনিচ্ছাসত্ত্বেও কাষৰ গাঁৱত সোমাই কাৰোবাৰ আলহী হবলগীয়া হোৱা যাত্ৰীসকলৰ বাবে এই দলং হব আশীৰ্বাদস্বৰূপ৷ অনা-নিয়াৰ অসুচলতাৰ বাবেই বিনা চিকিৎসাই মৃত্যুক সাবটি লোৱাৰ দৰে শোকাৱহ ঘটনাও আৰু নঘটিব৷ যুগান্তকাৰী সুস্থ পৰিৱৰ্তন আনক এই নতুন দলঙে৷

ইফালে দেশৰ দীৰ্ঘতম দলংখন উদ্বোধন কৰাৰ পৰৱৰ্তী দিনৰে পৰা দলং আৰু আশে-পাশে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হব পাৰে বুলি সচেতন মহল শংকিত হৈ আছে৷ নহওঁতেই এইটোও আগতীয়াকৈ ভাবি পাইছে যে নৱনিৰ্মিত দলঙৰ উভয় দিশে ভালে-বেয়াই এতিয়া ধাবা কিছুমান গঢ় লৈ উঠিব৷ চাহ-ভাতৰ হোটেলৰ বেনাৰত সেইবোৰত চুলাই মদৰ আড্ডা জমিব৷ দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া লৈ দূৰ-দূৰণিৰ পৰা সুৰাপায়ী আহিব দলং চোৱাৰ অচিলা লৈ৷ অৰুণাচল, নাগালেণ্ডৰ পৰা অবৈধভাৱে সৰৱৰাহ হোৱা নিচাযুক্ত পদাৰ্থই পৰিৱেশ কলুষিত কৰি পেলাব৷ নিশ্চিতভাৱে এইবোৰে মানুহৰ জীৱন আৰু ৰাষ্ট্ৰীয় সম্পত্তিস্বৰূপ মহাসেতুখনৰ সৌন্দৰ্যৰ প্ৰতি কঢ়িয়াই আনিব ভীষণ ভাবুকি৷ গতিকে সংশ্লিষ্ট কৰ্তৃপক্ষই সংযোগী পথছোৱাৰ কাষে কাষে সমস্ত এলেকাটো জুৰি এতিয়াৰ পৰাই চোকা নজৰ ৰাখিব লাগিব৷ অকণো পলম নকৰি শীঘ্ৰে উচ্ছেদ অভিযান বা অন্য সুফলদায়ক বিকল্প ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত হব বুলিও বহুতে স্পষ্ট মন্তব্য কৰিছে৷ দলং সংযোগী পথছোৱাক সুৰা নিষিদ্ধ, মাদক দ্ৰব্য বৰ্জিত এলেকা হিচাপে ঘোষণা কৰা আৰু ফলক লগোৱাৰ সপক্ষেও গুণগুণনি শুনা গৈছে৷ ষ্টাণ্টমেনৰ আতংকই যাতে দৰ্শনাৰ্থীক আতংকিত কৰিব নোৱাৰে তালৈকো শেনদৃষ্টি ৰখা উচিত৷