Tuesday, 20 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৬)

শৰীৰত এশিঙীয়া গঁড়ৰ চিত্ৰ অঁকা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছ এখন দলঙৰ ওপৰেৰে গহীন গতিত আহিব ধৰিছে৷ চকু মুদি কৈ দিব পাৰোঁ যে সেইখন শদিয়াৰ চপাখোৱালৈকে যাবলৈ আহিছে৷ বেলেগ ধৰণৰ অনুভূতি এটাই হৃদয় চুই গল৷ সঁচাই এক ঐতিহাসিক দৃশ্য৷ দলঙৰ সৈতে এক অভিনৱ দৃশ্যপট৷ কত যুগ যুগৰ অপেক্ষাৰ অন্তত আজি এই বিৰল সত্যটোৱে দুচকুত ধৰা দিছে৷ আৰু পুৱাই পুৱাই তাৰ প্ৰথম দৰ্শক হলোঁ আমিয়েই৷ এতিয়াৰ পৰা অৱশ্যে সুলভ হৈ পৰিব এনে দৃশ্য৷ দৈনন্দিনৰ স্বাভাৱিক কথা হৈ পৰাত পৰৱৰ্তী সময়ত উত্তেজনা স্বাভাৱিকতে নাথাকিব৷ সেতু মুকলি হোৱাৰ দ্বিতীয় দিনাই মানে আজিৰে পৰাই শদিয়ালৈ ৰাজ্যিক পৰিৱহণ নিগমৰ পোনপটীয়া বাছ সেৱা আৰম্ভ কৰা হৈছে৷ ৰাস্তা খুলিল মানেই গাড়ীৰ আহ-যাহ আৰম্ভ৷

বাছখন ওচৰ চাপি আহিছে৷ যাত্ৰীসৱলৈ চালোঁ৷ চকুৱে-মুখে সুখকৰ অভিব্যক্তি৷ ম'বাইল ফোন হাতত লৈ কেবিনত থিয় দি ভিডিঅ' ৰেকৰ্ডিং৷ খিৰিকীৰেও বাহিৰলৈ ওলাইছে সাৱধানী হাতেৰে খামুচি থকা হেণ্ডছেট৷ সোনকালেই ফে'চবুক, হোৱাটছআপত আপল'ড হৈ যাব সেই ফটো, ভিডিঅ' আদি৷ য'তেই নাথাকক কিয়, বন্ধু-বান্ধৱ সমস্তই তুৰন্তে গম পাই যাব, চাবলৈ পাব ভূপেন হাজৰিকা দলং, লোহিতৰ নৈসৰ্গিক সৌন্দৰ্য ৷ তাৰ পাছত লাইক, কমেণ্টৰ জাউৰি৷ উন্নত যোগাযোগ ব্যৱস্থাই একো একোখন ঠাই বা একো একোটা অঞ্চলৰ মানুহৰ যাতায়াতৰ দুখ-কষ্ট এনেকৈয়ে লাঘৱ কৰি যাত্ৰা সুগম কৰি পেলায়৷ নতুবা এই যাত্ৰীসকলে বিগত দিনপঞ্জীকে সাৰোগত কৰি আজিও ছৈখোৱা ঘাটত বোন্দাপৰ দি থাকিব লাগিলহেঁতেন৷ এতিয়াযে কিমান সুখ!

বাছখন পাৰ হৈ গ'ল৷ পিছফালৰ পৰা চাই ৰ'লোঁ৷ এই সেতুখনৰ নিৰ্মাণে লোহিত উপত্যকাৰ দুয়ো পাৰলৈকে প্ৰচুৰ সম্ভাৱনাময় এক উজ্জ্বল ভৱিষ্যতৰ বতৰা কঢ়িয়াই আনিছে৷ তাৰ মূলতেই পথ যোগাযোগ ব্যৱস্থাৰ উত্তৰণ৷ ভাল পথ যলৈ যায় সভ্যতাও তলৈ যায় বুলি এষাৰ প্ৰেক্টিকেল কথা আছে৷ ১৮৮৬ চনৰ ১৬ জুলাইত ব্ৰিটিছে ডিব্ৰু-শদিয়া ৰেলপথ স্থাপন কৰিছিল৷ ১৯৫০ চনৰ বৰভূঁইকঁপত সেইটো ধ্বংস হল৷ বাকীখিনি বানপানীয়ে নিশ্চিহ্ন কৰিলে৷ উক্ত দিন ধৰি শদিয়াৰ সৈতে বহিঃজগতৰ পোনপটীয়া যোগাযোগ নোহোৱা হৈ থাকিল৷ ভূমিকম্পৰ পাছৰে পৰা ধলা আৰু শদিয়াৰ মাজত ফেৰী চলাচল কৰোৱা হৈছিল৷ তাকো কেৱল দিনৰ ভাগতহে৷ বিপদসংকুল নৌকাযাত্ৰা ভৰ-বাৰিষাৰ বানৰ সময়ত আছিল সবাতোকৈ মাৰাত্মক৷ তেনে অভিজ্ঞতা এইফালৰ বহুতৰেই হৈছে৷ এতিয়া দলং হোৱাত শংকা আঁতৰিল৷ ২৪ ঘণ্টাজুৰি নিৰ্বিঘ্নে আহ-যাহ কৰাটো সম্ভৱ হল৷ এই দলঙে প্ৰথমবাৰৰ বাবে শদিয়াৰ সৈতে বহিঃ জগতৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰি অন্য এক বুৰঞ্জীৰ সূচনা কৰিলে৷

প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ আৰু দলঙৰ শুভ-উদ্বোধনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কালি তিনিচুকীয়া আৰু ধেমাজি জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছিল৷ চতুৰ্থ শনিবাৰ হেতুকে আজি অফিচ নাই৷ ৰূপাইৰ পৰা টেম্পৰে আহি থাকোঁতে ডাঙৰী আৰু ধলা গাঁও তিনিআলিৰ মাজত হাফ্‌পেণ্ট, টি-চাৰ্ট পৰিহিত চাইকেল আৰোহী দুজন দেখি আহিছিলোঁ৷ দেখিলোঁ, দুয়ো আহি আহি দলং উঠিলহি৷ বতৰ চাই কঠীয়া তেওঁলোকেও পাৰিছে তাৰ মানে৷ এনেকুৱা মন-মতলবৰ মানুহ আৰু আহিব৷ আহিয়েই থাকিব এতিয়াৰে পৰা৷ ভাৰতৰ দীৰ্ঘতম বুলি ভূপেন হাজৰিকা সেতুৰ প্ৰতি আকৰ্ষণ এটা ভ্ৰমণপিয়াসী, জীৱনপ্ৰেমী মানুহ মাত্ৰৰে সদায়েই থাকিব অন্ততঃ এবাৰ এই মহাসেতুত নুঠা পৰ্যন্ত৷ আমি সেই আকাংক্ষাটো আজিয়েই, উদ্‌ঘাটনৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই পূৰ্ণ কৰি লৈছোঁ৷

কংক্রিটৰ বাদে সোঁৱে-ৱাঁৱে সেউজময় পৰিৱেশ৷ আমি কথা পাতি পাতি গৈ থাকিলোঁ৷ বিভিন্ন কথা৷ তাৰ মাজত দলং আৰু শদিয়াৰ কথাই সৰহ৷ আমাৰ বাবে আজি ধলা-শদিয়াৰ স্মৃতি ৰোমন্থন কৰাৰে দিন৷ পুৰণি শদিয়াৰ অস্তিত্ব আজি আৰু পাবলৈ নাই৷ সেয়া এতিয়া নল-খাগৰি৷ বান আৰু খহনীয়াই নিঃশেষ কৰিলে অতীতৰ সেই পৰিপাটি চহৰ শদিয়া৷ ব্ৰিটিছ চৰকাৰে গঢ় দিয়া তাহানিৰ শদিয়া চহৰখনক বোলা হৈছিল দ্বিতীয় শ্বিলং৷ বৰভূঁইকঁপ আৰু বানপানীয়ে সমুদায় বিধ্বস্ত কৰি পেলালে৷ অজান্তি মুলুক হৈ পৰিল শদিয়া৷ কালি আগবেলা শদিয়াই যেন সেই বদনামৰ পৰা মুক্তি পালে৷ তাৰে আনন্দত সেউজীয়াৰ আৱেষ্টনীত ৰৈ থকা একাংশ জনতাৰ সৈতে মোদীজীয়ে হাত জোকাৰি অভিবাদন আৰু শুভেচ্ছা আদান-প্ৰদান কৰিছিল কালি৷ ঘৰত আমি টিভিৰ পৰ্দাত চাবলৈ পাইছিলোঁ৷

যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থাই উন্নয়নৰ বাট প্ৰশস্ত কৰে৷ সবল নিৰ্মাণে সবল কৰে উন্নয়নৰ ভেটি৷ দলংখনৰ উদ্বোধন আৰু চৰকাৰী যাতায়াতী ব্যৱস্থাই শদিয়া অঞ্চলৰ উন্নয়নমূলক কাম-কাজ ত্বৰান্বিত কৰিব৷ দলংখনে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমা আৰু অৰুণাচল প্ৰদেশৰ সৈতে অন্যান্য অঞ্চলসমূহৰ পথ যোগাযোগ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিব৷ এই দলং নিৰ্মাণ নহওঁতে ৰূপাইৰ পৰা ৰয়িঙলৈ যাবলৈ সময় লাগিছিল ৫-৬ ঘণ্টা৷ বাটৰ কষ্ট আছিল অবৰ্ণনীয়৷ তদুপৰি বিপদৰ উপৰি বিপদ৷ এতিয়া মাত্ৰ এঘণ্টাতে সম্ভৱ হব! নৈৰ এইটো পাৰৰ পৰা অৰুণাচল চুবলৈ এতিয়া মাথো ৩০টা মিনিটৰ প্ৰয়োজন বুলি কোৱা শুনিছোঁ৷ দলংখনে পথ-দূৰত্ব ১৬৫ কিলমিটাৰ আৰু ৫ ঘণ্টাৰ যাত্ৰাকাল হ্ৰাস কৰিব বুলিও হিচাপ দেখুৱা হৈছে৷

ধলা গাঁৱৰ পৰা পৰশুৰাম কুণ্ডৰ লোহিত ব্ৰীজেৰে ঘূৰি-পকি সিপাৰৰ ইছলামপুৰ তিনিআলি পাবলৈ হলে আগতে হেনো ৮ ঘণ্টামান লাগি গৈছিল৷ ফেৰীৰে পাৰ হৈ আহিবলৈও দৰকাৰ হৈছিল প্ৰায় ৪-৫ ঘণ্টা৷ শুনামতে এতিয়া এই দলঙে দূৰত্বটো আধাঘণ্টীয়া কৰি পেলালে৷ অৰুণাচলৰ মানুহক তিনিচুকীয়া ৰেলৱে জংছন আৰু ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপৰ্ট সোনকালে আৰু সুকলমে পোৱাত সহায় কৰিব এই মহাসেতুখনে৷ সকলো মিলাই যান-বাহনৰ পৰা দৈনিক ৰাহি হব ১০ লাখ টকাৰ ইন্ধন৷ প্ৰধান মন্ত্ৰীয়ে কালি ভাষণত এই প্ৰসংগ উল্লেখ কৰি গৈছে৷ দেশৰ এইটো প্ৰান্তত অৰুণাচলৰ বিভিন্ন নদীত নিৰ্মাণ হৈ থকা জলবিদ্যুৎ প্ৰকল্পবিলাকলৈও এতিয়া পথ-দূৰত্ব কমি যাব৷ তাকে লৈ পূব প্ৰান্তলৈ অচ্ছে দিন আহি গল বুলি কোৱা-কুই চলিছে৷ হম পূৰব সে শুৰু কৰেংগে ভাৰত কা বিকাশ কা কাম বুলি নৰেন্দ্ৰ মোদীজীয়ে আগতে ক'ৰবাত কৈ থোৱা কথাষাৰ বহুতৰে মনত নথকা নহয় নিশ্চয়৷ তেহেলৈ, কথামতে কাম আৰম্ভ হ'ল বুলিয়ে ধৰি লৈছোঁ৷ পিছৰ কথা পিছত৷












No comments:

Post a Comment