Tuesday, 20 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৫)

ধলা-শদিয়া দলঙৰ নিৰ্মাণকাৰী সংস্থা, হায়দৰাবাদৰ নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এন.ই.চি.এল.)ৰ ক্রেন, ডাম্পাৰ, ৰলাৰ আদি গধুৰ গধুৰ বাহন, যন্ত্ৰপাতি, লোহা-লক্কৰ, ঘৰ-দুৱাৰ, কৰ্মস্থলেৰে দলঙৰ বাঁওফালে তললৈ দেখাত যেন এখন মস্ত ঔদ্যোগিক পাম৷ ২০১১ চনৰ ১৯ জানুৱাৰীত কাম আৰম্ভ কৰিছিল কোম্পানীটোৱে৷ তেতিয়াৰে পৰা ব্যস্ততাপূৰ্ণ সেই কৰ্মস্থলীৰ পৰিৱেশ আজি নিমাওমাও৷ ভাৰতৰ ভিতৰত দীঘল দলং সাজি উলিওৱাৰ আনন্দ আৰু গৌৰৱত সংস্থাটোৰ কলা-কুশলীসকলো নিশ্চয় আনন্দিত আৰু উল্লসিত৷

ইফালে দীৰ্ঘতম দলং উদ্বোধনৰ কালি হৈ যোৱা এঘণ্টীয়া অনুষ্ঠানৰ নামত প্ৰায় ১০ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি খবৰ ওলাইছে৷ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে প্ৰধান মন্ত্ৰীৰ আগমনৰ অচিলা লৈ এই বিয়াগোম কেলেংকাৰী সংঘটিত হল বুলি অভিযোগ উত্থাপিত হৈছে৷ দলঙলৈ যোৱা মূল পথছোৱাৰ পৰা নামি সভাস্থলীলৈ যাবৰ বাবে নিৰ্মাণ কৰা হৈছিল মুঠ ৪ কিলমিটাৰ দৈৰ্ঘৰ চাৰিটাকৈ পথ৷ ইয়াৰে এটা পথ সাধাৰণ নাগৰিকৰ যাতায়াতৰ বাবে, এটা পথ ভি.আই.পি.সকলৰ বাবে, এটা পথ ভি.ভি.আই.পি.সকলৰ বাবে আছিল৷ সাধাৰণ মানুহৰ বাবে নিৰ্মিত কৰা প্ৰায় ১.৫০ কিলমিটাৰ দীঘল পথছোৱাৰ দুৰৱস্থা টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছিলোঁ৷ বৰষুণৰ কাৰণে বোকা-পানীত বুৰ যোৱা উক্ত পথেৰে হাতত জোতা-চেণ্ডেল লৈ আঁঠুলৈকে কাপোৰ কোঁচাইহে আহ-যাহ কৰাটো সম্ভৱপৰ হৈছিল৷ দলঙৰ ওপৰৰ পৰা আটাইকেইটা ৰাস্তা এতিয়া আমি জল্‌জল্‌-পট্‌পট্‌কৈ দেখা পাই আছোঁ৷ পানীৰ ডোঙাবোৰ এতিয়াও আছে৷ সেই পথকেইটা নিৰ্মাণত ৫ কোটি টকা ব্যয় হোৱা বুলি বাতৰিত প্ৰকাশ৷ ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ পৰা নিলগাই এন.ই.চি.এল. কোম্পানীয়ে নিবিদা অবিহনেই কামৰ ঠিকা আৱণ্টন দিছিল বুলিও বু-বু-বা-বা ওলাইছে৷ প্ৰধান মন্ত্ৰীৰ আগমন উপলক্ষে নিৰ্মাণ কৰা, এতিয়া ওপৰৰ পৰা দেখি থকা সভাস্থলীৰ দীঘলীয়া পেণ্ডেলটোৰ নিৰ্মাণ ব্যয় দেখুওৱা হৈছে ২ কোটি ৩৫ লাখ টকা৷ ইয়াৰ বাবেও হেনো কোনো নিবিদা আহ্বান কৰা হোৱা নাছিল৷ পথ আৰু পেণ্ডেলৰ উপৰি বিভিন্ন শিতানত হোৱা অন্যান্য খৰচ সামৰি ধলা-শদিয়া দলং উদ্বোধনী অনুষ্ঠানৰ নামত প্ৰায় ১০ কোটি টকা পথ পৰিৱহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ পৰা সৰকোৱাৰ ফন্দি ৰচা হৈছে বুলি কোম্পানীটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শুনা গৈছে৷ সঁচা-মিছা সময়ে ক'ব৷ কিন্তু দলংখন হৈ ভাল কাম এটা হ'ল৷

আনফালে সভাস্থলীত সমৱেত লক্ষাধিক জনতাক কঢ়িয়াই অনা যান-বাহন নিয়ন্ত্ৰণত আৰক্ষী বাহিনী কালি চৰমভাৱে ব্যৰ্থ হৈছিল বুলিও প্ৰকাশ পাইছে৷ আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই অসম্ভৱ যান-জঁটৰ সৃষ্টি হোৱা বুলি সৰ্বত্ৰ চৰ্চা হৈছে৷ একাংশ লোকে সভাস্থলী পাবহিয়ে নোৱাৰিলে হেনো৷ পুৱাৰে পৰাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ পহৰাৰ ব্যৱস্থা থকাৰ পাছতো যথেষ্ট খেলিমেলি হোৱা বুলি তেতিয়া তাত উপস্থিত থকা লোকে আমাক টেম্পখনত আহি থাকোঁতে ক্ষোভেৰে কলে৷ সমগ্ৰ পথছোৱাত অসংখ্য মোদী অনুৰাগী তথা দেশৰ দীৰ্ঘতম দলংখনৰ দৰ্শনাৰ্থী ভোকে-পিয়াহে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ ৰবলগীয়া হল হেনো৷ ভাগ্য ভাল, আমি কালি নাহিলোঁ৷ তেনেকুৱা পৰিকল্পনাও নাছিল অৱশ্যে৷ আজি কিন্তু মুকলিমূৰীয়াকৈ আহি ভাল লাগিছে৷ বতৰটোও খোজ কঢ়াৰ অনুকূল পাইছোঁ৷ হলেও পদযাত্ৰী অন্য কাকোৱেই দেখা নাইচোন! শ্ৰীমতী বেগমে প্ৰফুল্ল মনেৰে আগ বাঢ়ি আছে৷ একান্তমনে ছেল্‌ফী তুলিছে৷ মাজে মাজে ফোন কৰিছে অলৈ-তলৈ৷ প্ৰাপ্তি আৰু সন্তুষ্টিৰ হাঁহি সামৰিবই পৰা নাই৷

মোদীজী, গাডকাৰীজী, সোণোৱালজীৰ হাস্যমুখী আলোকচিত্ৰযুক্ত নৱযুগৰ প্ৰকাণ্ড তোৰণ দলঙৰ ওপৰত সদম্ভে দণ্ডায়মান অৱস্থাত পালোঁ৷ আমি তাৰ তলেৰে দম্ভেৰেই পাৰ হৈ গলোঁ৷ এই দলঙে ধলা-শদিয়াবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি বিভিন্নজনে আশা কৰিছে৷ আমিও আশা কৰিছোঁ৷ একে সময়তে চিন্তা-ভাবনাও কৰিছোঁ, সম্ভাব্য কি কি পন্থাৰে আগুৱালে বাস্তৱায়িত বা ফলদায়ী হব পাৰে মানুহৰ সেই আশা-আকাংক্ষাবোৰ৷

টি.এম.টি., ষ্টাকচাৰেল, প্লেট আদিকে ধৰি এই দলং সাজিবলৈ প্ৰয়োজন হোৱা  ৯০ শতাংশ অৰ্থাৎ প্ৰায় ৩০,০০০ টন ষ্টিলৰ যোগান ধৰিছিল ষ্টিল অথৰিটি অফ্‌ ইণ্ডিয়া (ছেইল)ই৷ দলঙৰ হালধীয়া ৰেলিঙৰ ওপৰেৰে আলফুলে মৰমেৰে হাত বুলাই গৈ আছোঁ৷ মোৰ নাভিদেশ পৰ্যন্ত ওখকৈ দুয়ো দাঁতিত চাইড ৱাল সজা আছে৷ গতিকে ভয় কৰিবলগীয়া নাই৷ বগা আৰু ধোঁৱা বৰণেৰে ভূপেন হাজৰিকা সেতুখন দেখাত চমৎকাৰ লাগিছে৷ সেয়াই যেন আশাবাদৰ ৰং৷ মুখ্য মন্ত্ৰীয়ে কালি ঠিকেই কৈ গৈছে৷ আশাৰ দলং এইখন৷ কেৱল ধলা-শদিয়াবাসীৰে নহয়, আমাৰ দৰে ভ্ৰমণ-অনুৰাগীৰো স্বপ্নৰ দলং এইখন৷ খোজ কাঢ়ি ভাল পোৱা মানুহে আমাৰ দৰে কাৰ্যসূচী লবলৈ নিশ্চয়কৈ ভাল পাব আৰু উপযোগী সময়টো অহালৈ বাট চাই থাকিব৷

অৰূপদাক ফোন কৰিলোঁ৷ তেওঁ জানি অত্যন্ত সুখী হল যে আমি সোঁশৰীৰে দলঙত উঠিলোঁ৷ অৰুণদাকো কৰিলোঁ৷ দুয়োৰে মই প্ৰাক্তন ভ্ৰমণ সংগী৷ কেইবাটাও ভ্ৰমণত তেওঁলোকৰ স্নেহধন্য হৈছোঁ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলৰ পৰিভ্ৰমী মানুহবোৰ এতিয়া কৰ্মবন্দী৷ গতিকে ইচ্ছা তুংগত থাকিলেও চৰকাৰী কামাণ্ড ওফৰাব নোৱাৰিলে৷ প্ৰদীপদাৰো আফচোচ ৰৈ গল৷ তেনেবোৰ সমস্যাৰ পৰা আমি পতি-পত্নীহাল মুক্ত৷ নিজে নিজৰ বছ৷ গতিকে মনে বিচৰা কাম এফেৰি কৰি আছোঁহি, প্ৰাণৰ আনন্দ লৈ আছোঁহি, ইয়ালৈ আহি৷






No comments:

Post a Comment