শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৫)
‘মূৰ পাবলৈ বেছি দূৰ নাই আৰু৷’ সোঁফালে হাউলি এটা খুঁটাত লিখি ৰখা নম্বৰটো পঢ়ি শুনালে বৰগোহাঁয়ে৷ P145৷ আমি দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ খোজ কাঢ়ি আছোঁ৷ দলঙৰ খুঁটাৰ সঠিক সংখ্যাটো কিমান? কালি টিভিৰ স্ক্ৰীণত ১৮৩ বুলি দেখুৱাইছিল৷ আন ভালেমান উল্লেখত পাইছোঁ ১৮২ বুলি৷ প্ৰকৃততে কোনটো সঁচা? নৈৰ নামো পালোঁ দুটা৷ লোহিত আৰু ব্ৰহ্মপুত্ৰ৷ খুঁটাৰ সংখ্যাও পাইছিলোঁ দুটা৷ ১৮২ আৰু ১৮৩৷ প্ৰথমটোৰ উত্তৰ একেবাৰে স্পষ্ট৷ এইখন ব্ৰহ্মপুত্ৰ নহয়, লোহিত৷ সদ্যহতে দ্বিতীয় কথাটো লৈ মনৰ মাজত প্ৰৱল খূদুৱনি চলি আছে৷ ১৮৩ নং খুঁটাটো ৰাস্তাৰ সৈতে সংলগ্ন হৈ আছে হেনো৷ সঁচা-মিছা শেষ অৱস্থান পালেগৈহে গম পাম৷ প্ৰসংগটো এতিয়া পুনৰবাৰ মনলৈ আহিলত অকণমান সচেতন হৈ থাকিলোঁ৷ দলং শেষ হ’বলৈ অধিক দূৰত্ব নাই বুলি বৰগোহাঁয়ে সকীয়াইছেই৷ ৰিণিকি ৰিণিকি শদিয়াৰ ফালৰ মূৰটো দৃষ্টিত ধৰাও দিছে৷
শুনিছোঁ, সেই মূৰৰ পৰা নিকটৱৰ্তী চীন সীমান্তলৈ বতাহত ১৫০ নে ১৬০ কিল’মিটাৰমানহে মাত্ৰ৷ তিনিচুকীয়াৰ পৰা পথে পথে হিচাপ ধৰিলে বৰ বেছি ৪৫০ কিল'মিটাৰ মানতে আছে চীন দেশ৷ আনহাতে, প্ৰতিৱেশী হৈও পৰস্পৰ শত্ৰুভাৱাপন্নতাৰে ভাৰত-চীন সীমান্তত সময়ে সময়ে উত্তেজনাময় পৰিস্থিতি উদ্ৰেক হোৱাটো নতুন কথা নহয়৷ এচিয়ান ছুপাৰ পাৱাৰ চীন যুদ্ধংদেহী হৈ উঠিলে এই দলংখন থকাৰ সুবিধাক্ৰমেই ইণ্ডিয়ান আৰ্মীয়ে অৰ্জুন, টি-২০ আদি প্ৰধান প্ৰধান টেংকসমূহ যুদ্ধক্ষেত্ৰ অভিমুখে যিমান পাৰি সিমান চপাই নিব পাৰিব৷ সেনা প্ৰেৰণো খৰতকীয়া হ'ব৷ দলঙৰ ওপৰত হেলিকপ্টাৰ নামিব৷ কিবিথোলৈ গৈ থাকোঁতে দেখিছিলোঁ, ঠেক পাহাৰীয়া ৰাস্তাটো ঠায়ে ঠায়ে সুবিধা বুজি বৰ আহল-বহল কৰি ৰখা হৈছে৷ তেতিয়া বুজা নাছিলোঁ৷ পিছতহে বুজি পালোঁ৷ সেইবোৰ হৈছে আগতীয়া কিছুমান ব্যৱস্থা৷ দিল্লী-আগ্ৰা, লক্ষ্ণৌ-বাৰানসী ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথতো প্ৰয়োজনত উঠা-নমা কৰিব বায়ুসেনাৰ বিশেষ বিমান৷ তেনেকৈয়ে ৰক্ষা পৰিব ভাৰত ভূখণ্ড৷ ১৯৬২ আৰু ২০১৭ চনৰ ভাৰতযে একে নহয়, পৰিৱেশ-পৰিস্থিতিও একে বিধৰ নহয়, কথাটো চীনে জনা উচিত৷ এতেকে কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ জুৰি থকা দুয়ো দেশৰ সীমামূৰীয়া ৩,৪৮৮ কিল'মিটাৰ অঞ্চলক সময়ে-অসময়ে যিকোনো প্ৰকাৰে উত্তেজনাপূৰ্ণ কৰি ৰাখিবলৈ চীনে দি অহা হুমকি-হুংকাৰ ভৱিষ্যতলৈ বন্ধ কৰি অৰ্থপূৰ্ণ আলোচনাৰে সীমাৰ বাদ-বিবাদ চিৰকালৰ বাবে নিষ্পত্তি কৰাত গুৰুত্ব দিয়াটোহে দৰাচলতে সময়োপযোগী কথা৷
দেশৰ দীৰ্ঘতম ধলা-শদিয়া দলঙেৰে 'প্ৰথম সূৰ্যোদয়ৰ দেশ' অৰুণাচল প্ৰদেশত নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্পসমূহলৈও ওচৰ হৈ পৰিল কালিৰে পৰা৷ বিভিন্ন মহলত চৰ্চা হৈছে যে অৰুণাচলত নিৰ্মিত বা নিৰ্মাণ হ'বলগীয়া বৃহৎ নদীবান্ধৰ খাতিৰত এই দলংখন ততাতৈয়াকৈ ইয়াৰ নিৰ্মাণ সমাপ্তিৰ দিশে লৈ যোৱা হৈছে৷ সকলোৱে জানে যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰে অতীজৰে পৰাই চহকী৷ উত্তৰ-পূবৰ কেউখন ৰাজ্য মিলি মুঠতে ৫৮,৩৫৬ মেগাৱাট বিদ্যুৎ শক্তি উলিয়াব পৰাৰ সামৰ্থ ৰাখিছে৷ তাৰে ভিতৰত অৰুণাচল প্ৰদেশে অকলেই উৎপাদন কৰিব পাৰে ৫০,০৬৪ মেগাৱাট৷ এই ৰাজ্যখনৰ ওপৰত চীনৰ চকুযে আগৰে পৰাই, এনেয়ে নহয়৷ অৰুণাচলৰ বৃহৎ অংকটোৰ সৈতে তুলনাই নহয় মেঘালয়ৰ ২,২৯৮ মেগাৱাট, মণিপুৰৰ ১,৭৬১ মেগাৱাট আৰু অসমৰ ৬৫০ মেগাৱাট ক্ষমতা৷ হিচাপ কৰি চালে দেখা যায়, অৰুণাচলৰ ক্ষমতা বাকী তিনিখন ৰাজ্য মিলালেও ১০ গুণৰো অধিক৷ যিখন প্ৰদেশৰ মাজেৰে এনে ধৰণৰ প্ৰকাণ্ড শক্তিভাণ্ডাৰ নিৰৱচ্ছিন্নভাৱে বৈ গৈছে সেইখন ৰাজ্য অৰ্থনৈতিক দিশত আজিও দুখীয়া হৈ থকাটো কিন্তু ভাবিবলগীয়া৷ তাৰ প্ৰধান কাৰণ যোগাযোগ আৰু যাতায়াত আজিও সুচল হৈ নুঠাটো৷
অকণো সন্দেহ নাই যে বিৰাট ৰাশিৰ বিদ্যুৎ শক্তিয়ে অৰুণাচলৰ জনমূৰি আয় বৃদ্ধি কৰাৰ লগতে পাৰ্বত্য অধিবাসীসকলৰ সংঘাতভৰা জীৱনলৈ আমূল পৰিৱৰ্তন আনি দিব পাৰে৷ ৰাজ্যখনত প্ৰস্তাৱিত প্ৰায় ৫০,০০০ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে ১৪৭টা নদীবান্ধ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে অনুমোদন দিয়া হৈছে৷ চিয়াং উপত্যকাত ৪২টা, দিবাং উপত্যকাত ১৩টা আৰু লোহিত উপত্যকাত ১০টা বান্ধ তাৰ ভিতৰত উল্লেখযোগ্য৷ কামেং আৰু অন্যান্য লাপি-লুপাবোৰ আছেই৷ ৪,০০০ মেগাৱাট দিবাং ইটালীন প্ৰকল্প, ৩,০০০ মেগাৱাট দিবাং বহুমুখী প্ৰকল্প, ২,৮৮০ মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্প, ২,৭০০ মেগাৱাট নামনি চিয়াং প্ৰকল্প, ১,০০০ মেগাৱাট চিয়াং প্ৰকল্প, ৯,৬০০ মেগাৱাট চিয়াং জলবিদ্যুৎ প্ৰকল্প; লোহিতৰ ১,৭৫০ মেগাৱাট নামনি ডিমৱে প্ৰকল্প, ১,২৫০ মেগাৱাট উজনি ডিমৱে প্ৰকল্প, ১,৪৫০ মেগাৱাট কালাই প্ৰকল্প, ১,২৫০ মেগাৱাট হাটাং-২ আদি পিছলৈ হাতত লোৱা প্ৰকল্পবোৰ সম্পূৰ্ণ আৰু কাৰ্যক্ষম হ’বলৈ হ’লে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক মানচিত্ৰত আমাৰ চুবুৰীয়া তথা 'অষ্টলক্ষ্মী'ৰ একেবাৰে পূবৰ লখিমী অৰুণাচলৰ স্থান আৰু মান কোন শীৰ্ষতযে উঠিবগৈ, কল্পনা কৰি আচৰিত হওঁ৷ দেশৰ দীৰ্ঘতম দলঙে এতিয়া অৰুণাচল প্ৰদেশত নিৰ্মাণ কাৰ্য চলি থকা সেই প্ৰকল্পবিলাকলৈ আহ-যাহ সহজ কৰি তোলাৰ লগতে সেইসমূহৰ খৰতকীয়া ৰূপায়ণ সম্ভৱ কৰি তুলিব৷ ভাৰত-চীন সংঘাত, চীনৰ আগ্ৰাসন ৰোধৰ বাবে অৰুণাচল প্ৰদেশক পুনৰবাৰ যুদ্ধথলীত পৰিণত কৰাৰ যো-জা চলাই থকাত মনোনিৱেশ কৰাৰ সমতুল্যভাৱে ৰাজ্যখনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশত গুৰুত্ব দিয়া আৰু প্ৰাকৃতিক সম্পদৰাজিক সুপৰিকল্পিতভাৱে প্ৰয়োগ কৰাটো খৰতকীয়াকৈ বিবেচনালৈ অহা উচিত৷
আজি অহাৰ বাটত আমি কেইবাখনো যাত্ৰীবাহী বাছ লগ পাইছোঁ৷ দলংখন গঢ় লৈ উঠাত চৰকাৰী-বেচৰকাৰী যাতায়াতী ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি মনে ধৰিছে৷৷ এতিয়াও সিমূৰলৈ ১০০ মিটাৰমান থাকোঁতে ওলালহি অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ সেৱাৰ বাছ এখন৷ মাটি-পানী মহতিয়াই চলাচল কৰোঁতে কৰোঁতে এই গাড়ীবোৰৰ অৱস্থা নাইকিয়া হয়গৈ৷ ছাত্ৰাৱস্থাত তেজুলৈ যাওঁতে অভিজ্ঞতা লাভ কৰি থৈছোঁ৷ সন্মুখলৈ চাই থাকোঁতেই এতিয়া দেখা পাইছোঁ, তিনিচুকীয়াগামী এ.পি.এছ.টি.এছ.ৰ নীলা বাছখনৰ খিৰিকীৰেও বাহিৰলৈ ওলাই আহিছে ম’বাইল ফোন৷ ফটো, ৰেকৰ্ডিং, ছেল্ফীৰ সুযোগ নোলোৱাকৈ পাৰ হোৱা যাত্ৰী নহ'বই কিজানি এইটো পথত৷ সকলোৱেই যেন উচাহত পূৰাদমে মতলীয়া৷ সেই উচাহ সেতুবন্ধনৰ৷

No comments:
Post a Comment