Thursday, 8 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২)


প্ৰথম গন্তব্য স্থললৈ ডিফুৰ পৰা ৰে’লেৰে দূৰত্ব ৩০২ কিল’মিটাৰ৷ পুৱা ৫.৫০ত নিউ তিনিচুকীয়া জংছনৰ প্লে’টফৰ্ম স্পৰ্শ কৰাৰ আগতেই ট্ৰেইনতে প্ৰাতঃকৰ্ম সমাপন কৰি লোৱা হ’ল, যাতে নামিয়েই অকণো কাল বিলম্ব নকৰি পৰৱৰ্তী খেপ ততালিকে আৰম্ভ কৰি দিব পাৰি৷ ষ্টেচন বিল্ডিঙৰ বাহিৰত যাত্ৰীৰ উদ্দেশ্যে চিঞৰি থকা টেম্প’ এখনত উঠি আন কেতবোৰ যাত্ৰীৰ সৈতে সিজুগুৰিৰ পৰা এ.টি. ৰ’ডেৰে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ আস্থান অভিমুখে ৰাওনা হ’লোঁ আমি৷ তাতে দোকান এখনত বাটৰ প্ৰয়োজনীয় কিবাকিবি কিনিলোঁ৷ হোটেল এখনত সোমাই চাহ-পুৰী ভালকৈ খাই লোৱা হ’ল৷ তাৰ পাছতে লক্ষ্যস্থানলৈ বুলি গাড়ীৰ সন্ধানত আগ বাঢ়োঁতেই ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত হাজিৰ হ’লহি গুৱাহাটীৰ পৰা অহা আৰু অৰুণাচল প্ৰদেশৰ নামচাই অভিমুখে যাবলগীয়া নৈশ বাছ এখন৷ ঘড়ীত সময় তেতিয়া ৬.৩০৷ সেইখনত উঠিলোঁ ৰূপাই চাইডিঙলৈকে৷ মাকুম ৰ’ডেৰে যাত্ৰা আৰম্ভ হ’ল৷ মাকুমত ৰাস্তাটো দুভাগ হৈছে৷ পোনে পোনে ডুমডুমা, সোঁফালে ৰে’ল লাইন পাৰ হৈ ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, ষ্টিলৱেল পথ৷ ২০১৩ চনত ইতিহাসপ্ৰসিদ্ধ ষ্টিলৱেল ৰ’ডেৰে ভ্ৰমি পাংচাও গিৰিপথেদি ম্যানমাৰ পাইছিলোঁগৈ৷ লে’ক অফ্ ন’ ৰিটাৰ্ণ নামে খ্যাত ঐতিহাসিক নংয়াং হ্ৰদটোৰ পৰা সুকলমে উভতি আহিব পাৰিলোঁ যেনিবা!
সদ্যহতে চকুৰ আগলৈ আহিছে ডুমডুমা নৈখন৷ এই নৈৰ পাৰতে ডুমডুমা নামৰ ঠাইখন৷ এই ঠাইৰে দীপাঞ্জন ডিফু কলেজত প্ৰাক্-বিশ্ববিদ্যালয় (বিজ্ঞান শাখা)ত মোৰ সৈতে একেলগে পঢ়িছিল৷ এতিয়া ক’ত, কি কৰি আছে; আছেনে নাই একো নাজানো৷ ডুমডুমা এৰি ৰূপাই চাইডিং৷ ওচৰা-ওচৰি জেগা৷ ৰূপাই পোৱাৰ পাছত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ক্ষন্তেক অপেক্ষা কৰিবলগীয়া হ’ল ধলা বা শদিয়ামুখী বাহনৰ বাবে৷ বাছখন গুচি গ’ল ৫২ নং ৰাষ্ট্ৰীয় মাৰ্গেৰে, নামচাইলৈ৷ অৰুণোদয়ৰ বাট বিচাৰি সেইবাটে গৈ ভাৰতৰ অন্তিম পূবত উপস্থিত হৈছিলোঁ ২০১৫ চনৰ ব’হাগ বিহুত৷ মুখৰ আগত দেখি থকা ৰাস্তাটো আৰু দূৰত্ব লিখি থোৱা ব’ৰ্ডাৰ ৰ’ড্ছ অৰ্গেনাইজেছনৰ কংক্রিটৰ ফলকখনে নিজকে আকৌ এবাৰ ৰোমাঞ্চিত কৰি তুলিলে৷ ৰূপাইৰ পৰা কাকপথাৰ, ডিৰাক গে’ট হৈ নামচাই, চৌখাম, ৱাক্র’, পৰশুৰাম কুণ্ড, ৱাই জংছন, হাৱা কেম্প, চালাংগাম, খুপা, হায়ুলিয়াং, ৱালং, হেলমেট টপ, ডং, কিবিথো, কাহো, হাৱাই, তেজু, ৰ’য়িং, মায়’ডিয়া, শদিয়া, ধলা, পুনৰায় ৰূপাই৷ সঁচাই এটা দীঘলীয়া, ৰোমাঞ্চকৰ আৰু অবিস্মৰণীয় চাৰ্কুলাৰ ট্ৰিপ৷ তাৰ পাছতো আকৌ গুঁইজান, ডিব্ৰু-ছৈখোৱা, বেণুদা, অৰুণা চাপৰি, মোলাই কাঠনি, যাদৱ পায়েং ইত্যাদি ইত্যাদি৷ ভ্ৰমণ কালৰ কথাবোৰ, ঠাইবোৰ, লগ পোৱা মানুহৰ মুখবোৰ মনৰ পৰ্দাত বিৰামহীনভাৱে এফালৰ পৰা অহা-যোৱা কৰিব ধৰিলে৷
আমাৰ ভাগ্য ভাল, ৭.২০ত টেম্প’ এখন ওলালহি৷ ধলালৈ যাব৷ ৰূপাইৰ পৰা ধলালৈ ১৭ কিল’মিটাৰ মাত্ৰ৷ আমি অৱশ্যে ধলা পাবগৈ নালাগিব৷ টেম্প’খন সন্মুখতে ৰ’লহি যদিও চিটৰ আকাল৷ তথাপি দুয়ো হেঁচা-হেঁচিকৈ আগে-পিছে যেনেতেনে উঠি দিলোঁ৷ মুঠতে যাব লাগে৷ পিছফালৰ তক্তাত পিছমুৱাকৈ চেপেটা লাগি বহি গৈ আছোঁ, সেই ভাঁজতেই চিনাকি হ’লোঁ সহযাত্ৰী হিচাপে পোৱা জনৈক সোণোৱালৰ সৈতে৷ তেওঁ ধলালৈ যাব৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগদিনা আনুষ্ঠানিকভাৱে মুকলি কৰা ধলা-শদিয়া দলংখনৰ নিৰ্মাণত তেওঁ শ্ৰমিক হিচাপে কাম কৰিছিল বুলি কথা প্ৰসংগত জনালে৷ ইমান দূৰৰ পৰা আমি মতা-মাইকীহাল দলং চাবলৈকে যোৱা বুলি জানি বৰ আমোদ পালে তেওঁ৷ আচৰিত হ’ল, যেতিয়া ক’লোঁ যে ভাৰতৰ ভিতৰত দীঘল দলংখনৰ ওপৰেৰে আমি দুয়ো খোজ কাঢ়ি পাৰ হ’ম বুলি আহিছোঁ৷ মন কৰিলোঁ, কথাষাৰ কাণত পৰা অন্য যাত্ৰীসকলৰ কৌতূহলী চাৱনিবোৰো কেন্দ্ৰীভূত হৈছেহি আমাৰ মুখমণ্ডলত৷

No comments:

Post a Comment