Wednesday, 28 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৬)

মাজতে জিলমিলকৈ ৰদ অকণমান দিছিল৷ এতিয়া নাই৷ অন্তিমলৈ গতি আমাৰ৷ আকাশৰ পৰা তেনেই পাতলীয়াকৈ বৰষুণ কেইটোপালমান সৰি পৰিব ধৰিলে৷ বৰষুণ নহয় যেন পুষ্পবৃষ্টিহে! ছাতি উলিওৱাৰ কথাই নাহে৷ বতৰটো ঠাণ্ডা হৈ থকা দেখি কেউজনেই খোজ কাঢ়ি আৰাম পাইছোঁ৷ অকণমান বাকী থাকোঁতেই দেখা গ'ল, দলংখনৰ একেবাৰে সিটো মূৰে ষ্টিল ষ্ট্ৰাকচাৰেৰে সজা তোৰণ এখন থিয় হৈ আছে৷ নাৰ্জী ফুলৰ মালা কিছুমান ওলমি আছে৷ তাৰ ঠিক সন্মুখতে টিনপাত আৰু কলা কাপোৰেৰে আবৃত্ত অস্থায়ী কেম্প৷ দুফালে দুটা আছে৷ ফলত যান-বাহন অহা-যোৱাৰ কাৰণে বাটটো ঠেক হৈ পৰিছে৷ সেইডোখৰতে অগা-পিছাকৈ গাড়ী কেইখনমান সোঁ দাঁতিয়ে ৰৈ আছে৷ পুলিচৰ বাহনো দেখা গৈছে৷ তালাচী চকী হ'ব চাগৈ৷ চেকিং চলি আছে যদিও নাজানো৷ ক্ৰমান্বয়ে চাপি গৈ থাকিলোঁ আমি৷

দলঙৰ অন্তিম মূৰটোহে তিনিওৰে বিশেষ লক্ষ্য৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ চেকিং এতিয়া আৰু কোনো প্ৰকাৰেই মূৰৰ কামোৰণি নহয়৷ ভবা কথাটো সিদ্ধি হৈয়ে গ'ল৷ অকণো অসুবিধা নোহোৱাকৈ সুকলমে পদব্ৰজে পাৰ হৈ আহিলোঁ ভাৰতৰ দীঘলতম দলং৷ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতুৰে জীৱনৰ বাবে মনত ৰাখিবলগীয়া এটা ৰোমাঞ্চকৰ তথা ঐতিহাসিক পদযাত্ৰা সামৰি ধলাৰ ফালৰ পৰা আহি আহি শদিয়াৰ ফাল পালোঁহি৷ ম'বাইলটো পকেটৰ পৰা উলিয়ালোঁ৷ ঘড়ীলৈ মন দিলোঁ৷ দিনৰ ১১.১৫৷ পেড'মিটাৰৰ ৰিডিং চালোঁ৷ ১,২ খোজ৷ স্কুলীয়া দিনৰ দৌৰ প্ৰতিযোগিতাৰ সামৰণিৰ ৰঙা ফিটাডালহে যেন চুলোঁহি! তেনেকুৱাই অনুভৱ হ'ল সুদীৰ্ঘ দলংখনত খোজৰ অন্ত পৰাৰ লগে লগে৷

উত্তৰ-পূবৰ অন্তিম পূব দৰ্শন কৰি যিদিনা (১৬.৪.২০১৫) শদিয়া ঘাটেৰে ছৈখোৱা ঘাটলৈ লোহিতৰ বুকুৰে ফেৰীৰ টিংখোপত বহি আহি আছিলোঁ, নিৰ্মীয়মান ধলা-শদিয়া দলংখন প্ৰথমবাৰলৈ চকুত পৰিছিল৷ তেতিয়াই নিজকে নিজে কৈছিলোঁ, মুকলি হওক, পিছদিনাই আহিম, ওপৰেৰে খোজ কাঢ়ি পাৰ হম৷ ঈশ্বৰৰ ইচ্ছা৷ ভবা মতেই কামফেৰা সমাধা হল৷ লগত থাকিল আৰু দুজন সংগী৷ এজন চিনাকি, আনজন অচিনাকি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ লোহিতৰ ওপৰত নিৰ্মিত ভূপেন হাজৰিকা সেতুৰে কৰা এই যাত্ৰাৰ প্ৰতিটো মুহূৰ্ত আৰু সঞ্চিত অভিজ্ঞতা প্ৰতিজনৰে বাবে চিৰযুগমীয়া হৈ ৰল৷

প্ৰধান মন্ত্ৰীৰ দ্বাৰা কালি আনুষ্ঠানিকভাৱে উন্মোচিত হোৱাৰ পাছৰে পৰা নিশাৰ ভাগত লাইটৰ পোহৰত উদ্ভাসিত হৈ থকা ছবি এখন ইণ্টাৰনেট যোগে ধলা-শদিয়া দলং বুলি দেখুৱাই থকা হৈছিল৷ পিছে এয়া নিজেই ইমূৰৰ পৰা আহি সিমূৰ পালোঁহি৷ ক'তা? কতোচোন বিজুলী-চাকিৰ কোনো অস্তিত্বই বিচাৰি নাপালোঁ৷ অৰ্থাৎ সেই ফটোখন সত্য নাছিল বুলি অন্ততঃ আমি তিনিওজনে বুকুত হাত থৈ ক'ব পাৰিম৷ ভুৱা ছবিখন কোনে, কেনেকৈ, কত পালে আৰু কি উদ্দেশ্যৰে প্ৰচাৰ কৰি থাকিল, কাৰ কেনেকুৱা লাভ হ'ল নাজানো৷

সদ্যহতে মহাসেতুত নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা কৰাৰ বাবে সজোৰ দাবী উত্থাপিত হৈছে৷ নিৰাপত্তাৰ খাতিৰতে দলঙত বিজুলী-বাতিৰ ব্যৱস্থা কৰাৰ বাবে ৩০ কোটি টকাৰ এক সুবৃহৎ আঁচনি প্ৰস্তুত হৈ উঠা বুলি খবৰত ওলাইছে৷ দলঙৰ লগতে ২৮.৫০ কিল'মিটাৰজোৰা সংযোগী পথছোৱাকো ছলাৰ লাইটিং চিষ্টেম কাৰ্যকৰী কৰি পোহৰাব পাৰিলে নিশাৰ ভাগত দেখাত অতি মনোমোহা হ'ব আৰু আকৰ্ষণো বহুগুণে বাঢ়িব৷ তাৰ লগে লগে সৌৰ শক্তিখণ্ডৰ বিকাশ আৰু বিনিয়োগৰ এক অভূতপূৰ্ব বাতাৱৰণ সৃষ্টি হ'ব বুলি ভাবিব পৰা যায়৷ তেনে প্ৰকল্প স্থাপনেৰে অপৰম্পৰাগত শক্তি আহৰণ কৰিলে আমাৰ ৰাজ্যখনে আপাততঃ মুখামুখি হৈ থকা বিদ্যুতৰ নাটনিৰ পৰাও হাত সৰা নহ'বজানো?






No comments:

Post a Comment