Wednesday 31 December 2014

আটাইতকৈ ভাল খবৰেৰেই আৰম্ভ হল নতুন বছৰটো
(গল্প নহয়, সত্য)


পল-অনুপলকৈ সময়বোৰ বাগৰি নতুন বছৰৰ প্ৰথম দিনটো মানে দুই হাজাৰ পোন্ধৰৰ এক জানুৱাৰীটো ঠিক সোমাইছিলহে, ভাল খবৰ এটা আহিলেই৷ ভাল খবৰ বুলি এখন তালিকা তৈয়াৰ কৰিলে যিমানবোৰ খবৰ তাত অন্তৰ্ভুক্ত হ'ব, সকলোৰে ভিতৰত এক নম্বৰ অৰ্থাৎ আটাইতকৈ ভাল খবৰটো হ’ব মানুহৰ পৰা মানুহৰ উৎপাদন হোৱাৰ, মানে সন্তান জন্মৰ খবৰ৷ সেইটো খবৰেই আহিল মোলৈ!

হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ বুলি আশাত উত্তাল হৈ থকা চৌপাশৰ আনন্দমুখৰ পৰিৱেশতে, ওচৰৰ গীৰ্জাত মধ্যৰাতিৰ প্ৰাৰ্থনা চলি থকাৰ পৰতে, ভাল খবৰটো ঘপকৈ কাণত পৰিলহি৷ শুনি নিজেও হেপী হৈ গ’লোঁ৷ একে আষাৰে নৱজাতকৰো নাম এটা দি দিলোঁ... ‘হেপী’৷ প্ৰাৰ্থনা কৰিলোঁ... সি সদায়েই হেপী হৈ থাওক৷

একে সময়তে অন্য কথা এটাত আচৰিতো নহৈ নোৱাৰিলোঁ... এনেকৈ কেনেকৈ ইমান কেলকুলেচন মিলি যায়! নিজৰ ল’ৰা-ছোৱালীহালৰ জন্মদিন কেতিয়া কেতিয়া বুলি সুধিলে আজিও সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট দুখন লুটিয়াব লগাত পৰোঁ৷ তাৰিখ মনত নাথাকে৷ ইফালে নিজৰটোও মহা গণ্ডগোলীয়া টাইপৰ হ'ল৷ দুবাৰকৈ জনম ধৰি থৈছোঁ! মাতৃদেৱীয়ে কোৱা হিচাপটো এটা, স্কুল চাৰ্টিফিকেটৰ গণনাই দেখুৱাটো এটা৷ এনে গোলমলীয়া কাৰবাৰতকৈ একত্ৰিশ ডিচেম্বৰ কিম্বা এক জানুৱাৰী, এইবোৰেই বে'ষ্ট৷ মনত ৰাখিবলৈকো সহজ৷ বয়সৰ অংক কৰিবলৈকো সহজ৷ দিন-মাহ-বছৰ ধাৰ কৰি থকাৰ জঞ্জাল নাই৷

ঈশ্বৰে কিছুমানক আমাৰ মাজলৈ হিচাপ মিলায়েই পঠিয়ায়৷ যেনেকৈ এই নৱজাতকক৷ আৰু নতুন বছৰ এটাৰ উকমুকনিতে সিহঁতেও লৈ আহে একোটা উৎকৃষ্ট খবৰ, আমাৰ দৰে বেহিচাপীবোৰৰ বাবে৷

Tuesday 30 December 2014

কবিতাৰ মাজত কটাম
বছৰৰ অন্তিম সময়





ছয় ছয় তেৰাঙৰ ‘প্ৰেমাঞ্জলি’ৰ পৰা নীলাম্বৰ ৰংপিৰ ‘ৰূকাছেন’লৈকে, ডিফুৰ ৫৯গৰাকী কবিৰ ভালেসংখ্যক কবিতাক সামৰি এক সুদীৰ্ঘ আলোচনামূলক লেখা স্থানীয় বাতৰি কাকত ‘দৈনিক পাহাৰীদূত’ৰ পাতত ‘ডিফুৰ কবিতা’ শিৰোনামেৰে ধাৰাবাহিকভাৱে ২০০৮চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহ পৰ্যন্ত লিখি থৈ গৈছিল প্ৰয়াত সাহিত্যিক বসন্ত দাস দাদাই৷ বহুমূলীয়া সেই আলোচনাখিনিৰ লগতে প্ৰতিগৰাকী কবিৰে আলোচিত মুখ্য কবিতা এটিকৈ সংযোজন কৰি কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ উদ্যোগ লৈছে ডিফু সাহিত্য সভাই৷ প্ৰয়াত দাদাৰ সন্মানাৰ্থে উক্ত কৰ্মযজ্ঞত সোমাই পৰাৰ সূত্ৰে বছৰৰ শেষছোৱা কবিতাৰ মাজত সোমাই থকাৰ সুযোগ এটা হাতলৈ আহিছে৷ সেয়েহে ২০১৪ৰ অন্তিম সময়খিনি মই বিভিন্নজন কবিৰ বিভিন্ন ভাবব্যঞ্জক কবিতাৰ মাজত কটাম৷ নিজে কবি নহওঁ গতিকে তাৰ মাজৰে কোনোবাটো কবিতাৰ পংক্তিৰে পুৰণি বছৰটোক বিদায় জনাম৷ নতুন বছৰটোকো আদৰিম তাৰে কোনো কবিতাৰ পংক্তিৰে৷ এইবাৰ মোৰ ‘থাৰ্টি ফাৰ্ষ্ট’ৰ ৰূপৰেখা এনেকুৱাই৷ আপোনাৰ কেনে?

আনহাতে, নতুন বছৰৰ পহিলা তাৰিখৰ প্ৰথম কামটো হ’ব পে’জমেকাৰত নতুন ফাইল এটা খোলা, য’ত মনৰ আংবাং ভাবনাসমূহক যেতিয়াই মন যায় তেতিয়াই চে'ভ কৰি ৰখা হয় কম্পিউটাৰৰ মনিটৰত দেখা আখৰৰ ৰূপত৷

প্ৰাপ্তি-অপ্ৰাপ্তিৰ মিশ্ৰণেই জীৱন৷ গতিকে কি পালোঁ, কি নাপালোঁ তাৰ হিচাপ কৰি নাথাকোঁ৷ জীৱন কিম্বা সময়ে যি ফালেই লৈ যাব বিচাৰে, সেইফালেই মেলি দিম মোৰ পানচৈ৷ প্ৰতিটো মুহূৰ্ততে শান্তি, সম্প্ৰীতি, প্ৰগতি আৰু আনন্দৰ সন্ধান কৰিম৷ উদ্‌যাপন কৰিম এক 'বিন্দাচ' জীৱন, য'ত বিগত দিনবোৰৰ দৰেই সদায় হৈ ৰ'ম 'নিজেই নিজৰ বচ'৷

ভৱতু সব্ব মংগলম৷ কামনা কৰিছোঁ, ইংৰাজী নতুন বছৰটি ‘অকব’ পৰিয়ালটিৰ সকলোজনৰ বাবে মংগলময় হওক৷

Monday 29 December 2014

আত্মোপলব্ধি
(গল্প নহয়, সত্য)

ডিমাপুৰলৈ প্ৰায়েই গৈ থকা হয়৷ সিদিনাও পৰিবাৰৰ সৈতে পুৱাৰ লামডিং-তিনিচুকীয়া উজনিমুৱা পেচেঞ্জাৰখনেৰে যাত্ৰা কৰিছোঁ৷ মোৰ সোঁহাতে এজন পুৰুষ, তিনিগৰাকী মহিলা৷ আসনত চাৰিও মুখামুখিকৈ৷ কথোপকথন বাংলা ভাষাত৷ লামডিঙৰ পৰা আহি আছে৷ গন্তব্যস্থল ডিমাপুৰ৷ ডিমাপুৰৰ পুৰণি কীৰ্তিচিহ্ন চোৱাই উদ্দেশ্য৷

বাওঁহাতে পৰিবাৰ৷ তেওঁৰ কাষত নৱবিবাহিত এটা নেপালী দম্পতী৷ হালেই টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰী৷ কথোপকথন নেপালী ভাষাত চলিছে৷

সন্মুখত এটি শিশুৰে সৈতে দুগৰাকী কাৰবি মহিলা৷ নিজৰ ভাষাতে কথা-বতৰা পাতি আছে৷ ডিমাপুৰলৈ যাব৷

বাংলাভাষী, নেপালীভাষী, কাৰবিভাষী সহযাত্ৰীৰে পৰিৱেষ্টিত হৈ আমি যাত্ৰা কৰি আছোঁ৷ ভাৰতীয় ৰেলৰ এখন নিচেই পৰিচিত ছবি৷

চিন্তা কৰিলোঁ... বাংলাভাষীকেইজনৰ লগত বাংলা, নেপালীভাষীকেইজনৰ লগত নেপালী আৰু কাৰবিভাষীকেইজনৰ লগত কাৰবি ভাষাত কথা পাতিব পাৰিলে তেওঁলোকৰ হৃদয়ৰ ওচৰ চপাত সহজ হব আৰু কম সময়তে আত্মীয়তাও গঢ়ি উঠিব৷ ভাবৰ আদান-প্ৰদানৰ ক্ষেত্ৰত অন্য ভাষা জনাটো এটা বিৰাট প্লাছ পইণ্ট৷ সেয়ে, বহুতকেইটা ভাষা কব পৰা মানুহলৈ প্ৰবল হিংসা হয়৷

গাড়ীৰ হেন্দোলনিৰ লগে লগে হালি-জালি মনে মনে এটা কথা ভাবি থাকিলোঁ... বাংলা কৈথকাসকলে বাকী দুটা ভাষা কক্সব-বুজিব পাৰেনে নোৱাৰেবা? একেদৰে, নেপালী পাতিথকাসকলে আন ভাষা দুটা জানেনে? তেনেদৰে, কাৰবি কৈথকাসকলে অন্য ভাষাকেইটা পাৰিবনে? বুজি পায়নে বাৰু? উত্তৰ পোৱাটো পিছে সম্ভৱ নহল৷ কথাৰ মাজে মাজে প্ৰত্যেকেই অসমীয়া শব্দ, বাক্য প্ৰয়োগ কৰাটো হলে কাণত নপৰাকৈ নাথাকিল৷ মানে এইটো বুজিলোঁ, বাকী দুটা ভাষা নোৱাৰিলেও অসমীয়া তেওঁলোকে জানে৷ তাৰ প্ৰমাণ পালোঁ, যেতিয়া চুটি পথছোৱাত এসময়ত আমাৰ ভাব বিনিময় অসমীয়াতেই হল৷ হিন্দী, ইংৰাজীৰ প্ৰয়োজন নহল৷ 

সংযোগী ভাষা হিচাপে অসমীয়া ভাষাটোৰ ব্যৱহাৰিক গুৰুত্ব আৰু প্ৰয়োগ এনেকৈয়ে আকৌ এবাৰ উপলব্ধি হল৷ কোনোবা কোনোবাই অসমীয়া ভাষাটো লুপ্ত হব বুলি হৈ-চৈ কৰি থকাটো অমূলক বুলি মনতে পতিয়ন গলোঁ৷

Sunday 28 December 2014

ডাক্তৰৰ সেৱাত...
(গল্প নহয়, সত্য)


ডাক্তৰৰ আৱেষ্টনীত আছোঁ, আজি কিছুদিনৰ পৰা৷ পুৱা ডাক্তৰ, দুপৰীয়া ডাক্তৰ, গধূলি ডাক্তৰ, মাজনিশা ডাক্তৰ৷ আগফালে ডাক্তৰ, পিছফালে ডাক্তৰ৷

কোনো হস্পিতাল, ক্লিনিক বা নাৰ্ছিং হোমৰ কথা কোৱা নাই দেই৷ নিজৰ কৰ্মস্থলীতেই আছোঁ৷ সুস্বাস্থ্যৰে আৰু সুস্থিৰভাৱেই আছোঁ৷ কোনো ৰোগ-ব্যাধি নাই৷ টেবলেট-ইনজেকচনৰো কাৰবাৰ নাই৷ ডাক্তৰে ঘেৰি আছে গতিকে এতিয়া যম আহিলেও নিবযে নোৱাৰে সেয়া খাটাং৷

ডাক্তৰ, দৰৱ, চেলাইনৰ খোঁচৰ পৰা সদায়ে আঁতৰত থকা মানুহ মই৷ বিপৰীতে, অসম, অসমৰ বাহিৰৰ আনকি প্ৰৱাসী চিকিৎসকৰো মনৰ খবৰবোৰ জনাৰ বিৰল সুযোগ এটা হাতলৈ আহিছে৷ সেইটোত আপত্তি কৰিবৰ নাই৷ প্ৰচণ্ড শীতকো নেওচি তাৰে আমেজ লৈ মছগুল হৈ আছোঁ, পূৰ্ণৰূপত, আজি কিছুদিনৰ পৰা৷

'চাৰ্ভিচ টু মেন ইজ চাৰ্ভিচ টু গড৷' ডাক্তৰসকলে মানৱ জাতিলৈ চিকিৎসা সেৱা আগ বঢ়ায়৷ জীৱন দান কৰে৷ গতিকে ৰোগীৰ বাবে তেওঁলোক ভগৱান৷ তেনেকুৱা সেৱকসকলক সেৱা আগ বঢ়াবলৈ সুযোগ পোৱাটো ভাগ্যৰ কথা৷ এতেকে শ্ৰীমতীকো ক'লোঁ... 'চোৱা, ডাক্তৰসকলে মানুহৰ সেৱা কৰে, আমি তেওঁলোকৰ সেৱা কৰিবলৈ পাইছোঁ৷ গতিকে চাবা আৰু...৷' তেৱোঁ হাঁহিমুখে সৈমান হ'ল৷ তেতিয়াৰে পৰা ডাক্তৰৰ সেৱাত আমি আত্মনিয়োগ কৰিব ধৰিলোঁ৷

ডাক্তৰসকল চিৰিয়াচ মানুহ, চোকা মানুহ৷ জ্ঞান, ধৈৰ্য, সিদ্ধান্ত, তৎপৰতাৰ ক্ষেত্ৰত আনতকৈ বেলেগ৷ তেনেকুৱা মানুহৰ কৱলত কটাবলৈ পাই কৃপাধন্য হৈছোঁ৷ এতিয়া সন্মুখতহে মাথো এল.জি. মণিটৰটো৷ বাকী সোঁৱে ডাক্তৰ, বাঁৱে ডাক্তৰ, পিঠিতো ডাক্তৰ৷ মুঠতে ডাক্তৰ উমাল সান্নিধ্যত, মনত ৰৈ যোৱাকৈ জীৱনৰ কেইটামান বিশেষ দিন৷

ডাক্তৰসকল ব্যস্ত চিডিউলৰ মানুহ৷ এনেয়ে হ'লে পাবলৈকে মস্কিল৷ এইকেইদিন কিন্তু নিচেই কাষতে পালোঁ৷ ইফালে ভট্টাচাৰ্য ছাৰ, ঠাকুৰ ছাৰক বিচাৰি মানুহ হায়ৰাণ৷ ছাৰ হস্পিতালত নাই! আউটড'ৰটো নাই, অ'পাৰেচন থিয়েটাৰটো নাই, চেম্বাৰতো নাই৷ ক'লৈ গ'ল বাৰু? ফোন কৰিলেওচোন পোৱা নাযায়! কুশলী চাৰ্জনসকল এইকেইদিন বেলেগ এটা অ'.টি.ত দিনে-নিশাই ব্যস্ত৷ ৰোগী, এটেনডেণ্ট বা এম.আৰ.এ ধাৰণা কৰিব নোৱাৰাটোৱেই স্বাভাৱিক৷ এই অ'.টি.ত চলিব লাগিছে অন্য এক জৰুৰী অ'পাৰেছন৷ কোনো ব্যক্তি-পূজা নহয়, সমূহীয়া সন্তান এটা প্ৰসৱৰ প্ৰচেষ্টা!

কাষৰে-পাজৰে এইকেইদিনত তিনিজনকৈ লোকে ইহ-সংসাৰৰ পৰা মেলানি মাগিছে৷ এঘৰতো যদি এবাৰলৈকো খবৰ এটা ল'বলৈকো যাব পাৰিলোঁহেঁতেন! শ্মশানত খৰি দিবলৈ যোৱা বা ফিউনাৰেল চাৰ্ভিচত থিয় হোৱাটো দূৰৰে কথা৷ পিছফালৰ ঘৰটোত থকা বিকুৰ মাক-দেউতাক আহিছিল, প্ৰথমবাৰৰ বাবে৷ আজি পুৱাই গ'লগৈ হেনো৷ শুনিলোঁহে৷ এষাৰ কথাও যদি পাতিব পাৰিলোঁহেঁতেন! চিনাকি হ'বও নোৱাৰিলোঁ৷ বিশেষ দৰকাৰত ড'হাৰ পৰা দুটাকৈ মেইল আহিছিল ভূপেন শইকীয়া দাদাৰ৷ ওঠৰ-ঊনৈশ ঘণ্টাকৈ কম্পিউটাৰৰ লগত লাগি থাকিও উত্তৰ জানো দিব পাৰিলোঁ? নাই নোৱাৰিলোঁ৷ চকী এৰি উঠি যোৱাওযে মস্কিল৷ টিভি, বাতৰিকাগজৰ সৈতে নাই কোনো সম্পৰ্ক৷ ম'বাইলৰো চুইচ অফ৷ কেৱল ল'ড চেডিঙৰ লগে লগে চে’ঞ্জ অভাৰৰ প্লাগটো ইফাল-সিফাল কৰিবলৈ উঠাৰ বাদে (যিটো নকৰিলেই নহয়) আৰু প্ৰকৃতিৰ আহ্বানক সঁহাৰি জনোৱাৰ বাদে (তাকো শেষ মুহূৰ্ত পৰ্যন্ত চেঁপি ৰাখি) অন্য সকলো বাদ৷ পুৱাতে মায়ে সুধিলে... 'গাটো ধুব পাৰিলিজানো কালি?' উত্তৰ নিদি মনে মনে ৰ'লোঁ৷ চাগৈ বুজি পালে যে কালি গা ধুবলৈকো সময় নাপালোঁ!

মুঠতে ডাক্তৰক সময় দিলোঁ৷ ডাক্তৰৰ সেৱাত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিলোঁ৷ ডাক্তৰে মানুহৰ সেৱা কৰে৷ মই ডাক্তৰক সেৱা আগ বঢ়োৱাৰ বিৰল সুযোগ এটা পাইছোঁ ...এই ভাবিয়েই৷

(বি.দ্ৰ. : তেনে সুযোগৰ মাজতে ইমান দিনে নজনা কথা এটা ওলাল৷ আপোনালোকে হয়তো জানিবও পাৰে৷ মই পিছে ঘূণাক্ষৰেও নাজানিছিলোঁ৷ আছাম মেডিকেল চাৰ্ভিচ এছ'চিয়েচন (আমছা)ৰ একচল্লিশৎ সাধাৰণ অধিৱেশন এইবাৰ ডিফুত হ'ব৷ জানুৱাৰী মাহৰ আঠ আৰু ন তাৰিখে৷ জয়ছিং দলৈ অডিট'ৰিয়ামত৷ স্মৃতিগ্ৰন্থৰ পৃষ্ঠাতে এগৰাকী চিকিৎসকৰ লেখা পঢ়ি সেয়া অলপতে গম পালোঁ৷ কথাটো উল্লেখ কৰিম, আগেয়ে কামটো হৈ লওক ৰ'ব৷)

Saturday 27 December 2014

পাহৰিব নোৱাৰা সেই ভোগালী...
(গল্প নহয়, সত্য)


বিনাচৰীয়া জাতৰে আছিলোঁ আমিবোৰ৷ শব্দটো অভিধানত নাই পোৱা৷ হ'লেও লিখিছোঁ৷ অৰ্থটো বহুতেই হয়তো জানিব৷ অন্য কোনো শব্দৰে বুজাব নোৱাৰি ল'ৰালিৰ সেই দুৰ্দান্ত কৰ্ম-কাণ্ডবোৰ৷

ভোগালীৰ আগতেই এবাৰ ঠিক কৰিলোঁ, উৰুকাৰ ভোজ খাম৷ ভেলাঘৰ সাজিম৷ জুই পুৱাম৷

আবেলিটো আহিলেই কিবা নহয় কিবা খেল এটা চলা স্কুল ফিল্ডখনেই আমাৰ সকলো আলোচনা-বিলোচনাৰ কেন্দ্ৰস্থল৷ ল'ৰাবোৰৰ মিটিং পইণ্ট৷ তাৰে ঘাঁহনিত মুখামুখিকৈ বহি জল্পনা-কল্পনা চলিল, কেনেকৈ কি হ'ব৷ কাষৰ ৰাস্তাটো পাৰ হৈ সিপাৰৰ হাবিখনেই মাঘবিহু পালনৰ থলী হিচাপে নিৰ্বাচনত উঠিল৷ প্ৰাকৃতিক পৰিৱেশ৷ অলপ আঁৰ-বেৰো হব৷ ভাল হ'ব৷

দা-কোৰ লৈ হাবি কটা, মাটি সমান কৰাৰ কাম চলিব ধৰিলে, ভালেকেইদিনৰ আগৰে পৰা৷ পুৱাতেই ১২কিলোলৈ খৰি আনিবলৈ যোৱা, বিয়লি পৰত উভতি অহা গৰুগাড়ীকেইখনক জনোৱা হ'ল, এনেকুৱা-তেনেকুৱা কথা৷ গতিকে প্ৰত্যেক গাৰোৱানেই মিনিমাম দুডালকৈ শুকান খৰি আনি দিব লাগিব৷ ৰাস্তাৰ কাষত পেলাই দিলেই হ'ল৷ বাকীখিনি কৰিবৰ বাবে ল'ৰাবোৰ আছে৷

মেজি বুলিলে জুইৰ খেল৷ গোটেই ৰাতি গা গৰম ৰখাৰ কথা৷ গতিকে খৰি লাগিবই৷ আনহাতে নিদিলে কি হ'ব, তাকো সিহঁতৰ চাগৈ ভালদৰে জনা আছে৷ গতিকে 'হাঁ ভাই, হ' যায়েগা' বুলি চব মান্তি হ'ল, কোনেও না নকৰিলে৷ আচল কামটোৱেই হৈ গ'ল যেতিয়া ল'ৰাহঁতৰো উৎসাহৰ মাত্ৰা এখোপ চৰিল৷

মাঘত ভেলাঘৰ সজাৰ কামটো অতি গুৰুত্বপূৰ্ণ৷ তাৰ খুঁটা, মাৰলিৰ বাবে গছৰ ডাল, বাঁহ আৰু চাবৰ বাবে খেৰ আদি যোগাৰ কৰা হ'ল৷ গোটেইসোপা ধৰাকৈ আহল-বহল জোখত হ'ব লাগিব৷ ৰাতি ভোজভাত খাই তাতে থকা হ'ব৷ পুৱা পোহৰ হোৱাৰ পৰা নিশা ভালমতে আন্ধাৰ নোহোৱা পৰ্যন্ত পূৰাদমে কাম চলিব ধৰিলে৷ ইচকুল-চিচকুলটো নায়েই!

সময় চাপি আহিল৷ সময়ৰ সৈতে তাল মিলাই চৰু-কেৰাহী গোটোৱা, বজাৰ-হাট কৰা আদি কামবোৰো আগ বাঢ়িল৷ চৌকাৰ কাম আৰম্ভ হ'ল৷ অলপমান আঁতৰত দপদপকৈ একুৰা জুই৷ নিশা ঘন হৈ অহাৰ পিছত পৰম্পৰা ৰক্ষাৰ্থে পাল পাতি পাতি যেনিতেনি ওলাল ইমানপৰে শৰীৰ তপতাই থকা ল'ৰাহঁত৷ যিয়ে যি পালে জমা দিলেহি৷ সংগৃহীত সম্পদ হস্তান্তৰ কৰাৰ লগতে অভিযানকাৰীয়ে মনোৰম কাহিনীও শুনাই গ'ল৷

জুইকুৰাক কেন্দ্ৰ কৰি নাচ-গান, হাঁহি-স্ফূৰ্তি চলি থাকিল৷ চাউণ্ড চিষ্টেম বুলিবলৈ নাই৷ গতিকে চব নিজে নিজেই৷ ঘৰৰ পৰা সাময়িকভাৱে মুক্তি পাই কোনোবা কোনোবাই চুৰটত হোপাকেইটামান মাৰি চালে, যেন বহুদিনীয়া হেঁপাহ পূৰণ! স্বাধীনতাৰ সোৱাদ কেনে মিঠা, তাৰেই যেন অনুভৱ! মদৰ প্ৰচলন পিছে সমূলি নাছিল৷ আজিকালি আকৌ এইফেৰি লাগিবই, নহ'লে নজমে!

খাই-বৈ নিশাটো থলীতে কটোৱা হ'ল৷ পুৱতি নিশা চিধাই অগ্নিসংযোগ৷ শুকান ডাল-পাতে জুইকুৰা হঠাতে ডাঙৰ কৰি পেলালে৷ তাৰ লেলিহান শিখা কাষতে থকা ডিজুহঁতৰ খেৰীঘৰটোৰ ফালে খাওঁ-খাওঁকৈ অগ্ৰসৰ হ'ব ধৰিলে৷ গোটেইখন হৈ-চৈ লাগিল৷ কি হ'ব এতিয়া? কোনো ধৰণৰ আগতীয়া সতৰ্কতাৰ কথাযে ভবাই নহ’ল! সিহঁতৰ বাথৰুমত থকা ড্ৰাম আৰু চৌবাচ্ছাৰ পৰাই পানী কঢ়িয়াই কোনো ৰকম অগ্নি নিয়ন্ত্ৰণ কৰা হ'ল যেনিবা৷ নতুবা সেইদিনা ঘৰটো পুৰি ছাৰখাৰ হ'লহেঁতেন৷ লগতে আন চুবুৰীয়ালৈকো সংকট নামি আহিলহেঁতেন৷ ঈশ্বৰৰ কৃপাত কোনোৰকম বাচিলোঁ যেনিবা!

ঘটনাস্থলীত উপস্থিত হোৱা ডাঙৰ মানুহবোৰৰ প্ৰতিখন মুখেই আমাৰ ওপৰত অবিৰাম গালিবৰ্ষণ আৰম্ভ কৰিলে৷ চিনিঅৰ লোকৰ গুজৰণিৰ কোবত সেইফালেই আমি তাপ মাৰিলোঁ৷ পৰিৱেশটো সেমেকা হৈ পৰিল৷ সুযোগ বুজি কোনোবাটো কেনিবাদি উধাও হ'ল৷

ভাগৰ মাৰি পিছদিনাখন আবেলি ভোজনস্থলীলৈ আহি দেখোঁ, ইমানৰ পিছতো গাৰোৱানে দি যোৱা এগালমান খৰি ৰৈ গ'ল! যাক যিমান লাগে ঘৰলৈ লৈ যা বুলি সেউজ সংকেত শুনাই সেইবাৰলৈ থলী এৰিলোঁ৷


ভোগালী বুলিলে সেই নিশাটোলৈ, সেই জুইকুৰালৈ আজিও মনত পৰে৷

Friday 26 December 2014

শনিবৰীয়া মোৰ আলহীত আগ বঢ়াবলৈ লৈছোঁ এটা ধাৰাবাহিক ভ্ৰমণ কাহিনী৷ শিৰোনাম... মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডা৷ কাহিনীভাগৰ বৰ্ণনা মোৰ এজন অগ্ৰজ ভ্ৰাতৃপ্ৰতিম বন্ধু শ্ৰী সুপ্ৰিয় ৰয়ৰ৷ সুপ্ৰিয়দা আমাৰ বাল্যকালৰ চিনাকি৷ তেওঁৰ সৈতে অন্তৰংগতাও সেই তেতিয়াৰে৷ ডিফু বজাৰৰ মাজ-মজিয়াত থকা, এসময়ত দেউতাকে চলোৱা দোকানখনেই আছিল লৰালিত আমি খেলৰ সামগ্ৰী বিচাৰি যোৱা ঠাই৷ সুপ্ৰিয়দাও তেতিয়াৰে পৰাই খেল-পাগল৷ তাৰ পিছত এদিন হৈ পৰিল আমেৰিকা-পাগল৷ প্ৰথমবাৰত যাব নোৱাৰাৰ দুখ৷ তাৰ পিছত দুবাৰকৈ আমেৰিকা ভ্ৰমণ, কানাডা ভ্ৰমণ; জাৰ্মানী, ইংলেণ্ড আৰু কিবাকিবি৷ তেওঁৰ মুখত শুনো লচ এঞ্জেলচ, ইণ্ডিয়ানাপলিচ, কেলিফৰ্ণিয়া, ষ্টেনটন, ইৰভিন, এনাহেইম চিটি, লণ্ডন, ফ্ৰেংকফুৰ্টৰ নানানটা কথা; হলীউড, ডিজনীলেণ্ড, লচ ভেগাচ, ভেনিচ, হাণ্টিংটনৰ জীৱন্ত বৰ্ণনা৷ সেই কথাবোৰেই অৱশেষত এজাপ কাগজত তেওঁ লিখি আনি দিছে৷ অৱশ্যে সেইখিনি পাবৰ বাবে মানুহটোক অনেক ৰেপিব লগা হল! সুপ্ৰিয়দা সহজ-সৰল, পৰোপকাৰী আৰু উৎসাহী মানুহ৷ কুইজ মাষ্টাৰ৷ এজন সুবক্তাও৷ তেওঁক মই ভদ্ৰলোক মানুহ আখ্যা দিওঁ৷ তেওঁৰ কথাৰেই এই ভ্ৰমণ কাহিনী অকবৰ পাঠকসকললৈ সাদৰেৰে আগ বঢ়ালোঁ৷ ইয়াত ৰৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে আগতীয়াকৈ ক্ষমা বিচৰাৰ লগতে উনুকিয়াই দিবৰ বাবে সুপ্ৰিয়দাৰ হৈ অনুৰোধ জনাই থলোঁ৷ মোৰ কথা ইমানেই৷ এতিয়া সুপ্ৰিয়দাৰ কথা...


মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা
(এক)

মই জীৱন বীমা নিগমৰ এজন এজেণ্ট, ডিফু শাখাৰ৷ মোৰ দেউতা স্বৰ্গীয় সুবোধ কুমাৰ ৰয় ব্যৱসায় সংক্রান্তত আনুমানিক ১৯৪৯-৫০চনমানত ডিফুলৈ আহিছিল৷ বৰ্তমান ডিফু বজাৰৰ ৰয় বেকাৰী থকা ঠাইখিনিতে আমাৰ এখন দোকান আছিল৷ নাম আছিল তনুজা ষ্টৰছ৷ সকলো প্ৰকাৰৰ ষ্টেচনাৰী, অফিচ ষ্টেচনাৰী, খেলা-ধূলাৰ সামগ্ৰী ইত্যাদি পোৱা তেতিয়াৰ ডিফু চহৰৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান৷ ২৫বছৰ ব্যৱসায় চলোৱাৰ পিছত কিছুমান এৰাব নোৱাৰা কাৰণত উক্ত স্থান ত্যাগ কৰিবলগীয়া হৈছিল৷ ব্যৱসায় পৰিচালনাৰ লগতে আমাৰ দেউতা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷ ফলস্বৰূপে মোৰ ওপৰত সৰুৰে পৰাই ব্যৱসায় চোৱা-চিতাৰ দায়িত্ব ভাৰ পৰিছিল৷ তেতিয়াৰে পৰাই যিমানখিনি পাৰোঁ দৃঢ়তাৰে এতিয়ালৈকে সেই দায়িত্ব পালন কৰি আছোঁ৷ সামাজিক কৰ্মত ব্ৰতী হোৱাৰ বাবে ২০০২চনত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা দেউতাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাও হৈছিল৷ ১৯৭৯চনত হোজাইত অনুষ্ঠিত চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত কাৰবি আংলং জিলাৰ টীম মেনেজাৰ হিচাপে দেউতাই কাৰবি আংলং ক্রীড়া সন্থাই দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল আৰু সেইবাৰ দলটো চেম্পিয়ন হৈছিল৷ সামাজিক কৰ্মৰ জৰিয়তে দেউতাই অৰ্জন কৰা সাফল্যই আমাক আজিও প্ৰভূত আনন্দ দিয়ে৷

জীৱন বীমা নিগমৰ ডিফু শাখাটোৰ জন্মলগ্নৰ আগৰে পৰাই মই এজেন্সি চলাই আছিলোঁ৷ তেতিয়া আমাৰ শাখা আছিল হোজাই৷ ১৯৮৮চনৰ অক্টোবৰ মাহত ডিফু শাখাৰ জন্ম হয়৷ বৃত্তি বিষয়ক মোৰ এই কথাখিনি এইবাবে কব লগা হৈছে যে এই বৃত্তিটোৰ জৰিয়তেই মই দেশ-বিদেশৰ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰা আৰু চোৱাৰ সুযোগ পাইছোঁ৷ এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হৈছে, এল.আই.চি.ৰ এজেণ্ট হলেই বিদেশ ভ্ৰমণলৈ যাব পাৰেনে? ই আকৌ বেংকক, মালয়েছিয়া, ডুবাই, ৰাছিয়া বা বুলগেৰীয়া নহয়; সাক্ষাৎ আমেৰিকা, যাৰ ভিছা বেলেগ দেশৰ নাগৰিকে সহজে নাপায়৷ বহুতো ভাৰতীয় নাগৰিকে আমেৰিকাৰ ভিছা পাবৰ বাবে আৱেদন কৰি নিৰাশ হোৱাও দেখা যায়, বিশেষকৈ নাইন-ইলেভেনৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্রমণৰ পিছত৷

(পৰৱৰ্তী অংশ অহা শনিবাৰে)


Thursday 25 December 2014

শীতত স্নানৰ বিলাই
(গল্প নহয়, সত্য)


এতিয়া তোৰ যলৈকে ইচ্ছা তলৈকে যাব পাৰ৷

স্বাধীনতা প্ৰাপ্তিৰ এনেকুৱা আনন্দদায়ক বাক্য জীৱনত কেতিয়াবা কোনোবাই শুনা পাইছেনে নাই নাজানো৷ মই হ’লে পাইছোঁ৷ 

পৰীক্ষা অন্ত পৰাৰ পিছত দেউতাই ক’লে... ‘এতিয়া য’তে মন যায় যাব পাৰ৷’

‘আজাদী’ পাই ভাবিলোঁ, সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগিল৷ মামাৰ ঘৰ, পেহীৰ ঘৰ কৰি থাকিলেই নহ’ব৷ বেলেগ ক'ৰবালৈ...

বচ, ঠিক হৈ গ’ল৷ দাৰ্জিলিং, গেংটক৷ সহযোগী বিষ্ণু আৰ্জেল ছেত্ৰী৷ নেপালীভাষীৰ এলেকালৈ যাম যেতিয়া সংগী সেইজাতৰ লোৱাটোৱেই উচিত হ’ব৷ প্ৰসংগ বেকত কৰাত সিও একে আষাৰে ‘হোনচ’ বুলিলে৷ ১৯৯৩চন তেতিয়া৷

ডিফুৰ পৰা গুৱাহাটী, তাৰ পৰা শিলিগুৰি হৈ বাছে বাছে দাৰ্জিলিং৷ দীঘলীয়া যাত্ৰা৷ পাওঁতে পাওঁতে ৰাতি হৈ গ’ল৷ থকাৰ কথা আছিল য়ুথ হ’ষ্টেলত৷ এতিয়া বিচাৰি উলিয়াওঁ কেনেকৈ? ঠিক কৰিলোঁ, নিশাটো ওচৰৰে হোটেল এখনতে উঠো৷ ৰাতিপুৱা যামগৈ তালৈ৷

য়ুথ হ’ষ্টেলৰ মই মেম্বাৰ৷ গতিকে চাৰ্জ দহ টকাকৈ প্ৰতিদিনে৷ বিষ্ণু নন-মেম্বাৰ৷ লগত নিছোঁ৷ তাৰ থকাৰ বাবদ বিশ টকাকৈ প্ৰতিদিনে৷ মোৰ আই. কাৰ্ডখন দেখুৱালত দুখন বাকচ-বিছনা ততালিকে যোগাৰ হৈ গ’ল আমাৰ বাবে৷ দেখা পালোঁ, ভ্ৰমণকাৰী অনেক যুৱক-যুৱতীয়ে ইতিমধ্যে যুৱ নিৱাসটোত ভীৰ কৰিছেহি৷ চিনাকি কোনোবা আহিছে নেকি মন কৰিলোঁ৷ নাই৷

নিতৌ গা ধুৱাটো আমাৰ সৰু কালৰে পৰা চলি অহা অভ্যাসবোৰৰ মাজৰে এটা৷ জাৰ-জহ বুলি কথা নাই৷ বিছনা-পত্ৰ ঠিক কৰি ভাবিলোঁ, এতিয়া গাটো ধুই ল’ব লাগিল৷ তাৰ পিছত ফুৰিবলৈ ওলাই যাম৷ পিছে ঠাণ্ডাটোও দেখোন অতি বেছি৷ অক্টোবৰ মাহ৷ ওঁঠ-মুখ ফাটিছেই ইতিমধ্যে৷ আগ নিশা হোটেলত গৰম পানী আধাবাল্টি পাইছিলোঁ৷ ইয়াত আৰু ক’ত গৰম পানী?

কাপোৰকেইটা লৈ বাথৰুম এটালৈ সোমাই গ’লোঁ৷ পানীখিনি চুয়ে দেহা সিৰসিৰাই গ’ল৷ সৰ্বশৰীৰতে জাৰকাঁইট ওলাল৷ হ’লেওতো ধুবই লাগিব৷ মনটো ডাঠ কৰি, দিলোঁ শ্বাৱাৰটো খুলি৷ বাপ ৰে বাপ! যেন ঢাহি-মুহি বতাহ-বৰষুণহে আহিল! মজা পাই গ’লোঁ৷ খৰখেদাকৈ চাবোন মাৰি স্নান কাৰ্য সমাপ্ত কৰি চিধাই ৰ’দত থিয় হ’লোঁগৈ৷ কাঞ্চনজংঘাৰ বিপৰীতে টাইগাৰ হিলছৰ পৰা উঠি অহা বেলিটো তেতিয়া আকাশৰ ওপৰ পাইছিলহি৷

আজিও, ঘৰত বাথৰুমত গাটো ধুওঁ বুলি শ্বাৱাৰৰ ন’বটো পকালেই য়ুথ হ’ষ্টেলত গা ধোৱাৰ সেই বিশেষ মুহূৰ্তটোলৈ মনত পৰে৷

উঃ হুঃ হুঃ... ঠাণ্ডা আ আ আ...


Wednesday 24 December 2014

খ্ৰীষ্টমাছ ইভৰ বিক্ষিপ্ত চিন্তাবোৰ


 কম্পিউটাৰটো বন্ধ কৰি খৰধৰকৈ ৰাস্তালৈ ওলাই গলোঁ৷ প্ৰচেচন এটা আহিছে৷ প্ৰচেচন আহিলে তেনেকৈ দৌৰ মৰা স্বভাৱটো এতিয়াৰ নহয়, সৰু কালৰে৷ একেদৰে, আকাশেৰে হেলিকপ্টাৰ, এৰোপ্লেন, জেট বিমান উৰি অহাৰ শব্দ দূৰতে শুনিলেই হল, মুকলিলৈ দৌৰ মাৰোঁ৷ বেলিটো হাতেৰে ঢাকি জুপি জুপি ওপৰলৈ চাওঁ৷ তেতিয়াও, আজিও৷ স্বভাৱ সলনি নহল৷ সেয়ে এতিয়াও

খ্ৰীষ্টমাছ ইভ আজি৷ ভালেকেইখন গাড়ী, বাইক, স্কুটী শাৰী পাতি ধীৰ গতিৰে গৈ আছে৷ বেলুন, ফুল, ধুনীয়া সাজত মানুহবোৰ৷ একেবাৰে আগত সজাই নিয়া ট্ৰাকখনত ড্ৰামছ, গীটাৰ, কী-বৰ্ড বজাই কেইজনমান যুৱক-যুৱতী, লৰা-ছোৱালী৷ মেৰী খ্ৰীষ্টমাছ, প্ৰেইজ দা লৰ্ড চিঞৰি গৈছে৷ গাই গৈছে... হাৰ্ক দা হেৰাল্ড এনজেলছ চিং, অহ কাম অল য়ি, ৱানচ ইন ৰয়েল ডেভিদচ, চাইলেণ্ট নাইট হলী নাইট, ৰুম ফৰ দিই...৷ ডনবস্ক চাৰ্চৰ এইসকল কেথলিক লোক৷

অলপ পিছত আৰু এটা প্ৰচেচন আহিল৷ একেই আনন্দ-উল্লাস বৰদিনৰ৷ সিহঁতেও চিঞৰি গৈছে মেৰী খ্ৰীষ্টমাছ, গড ব্লেছ৷ বৃন্দগান গাইছে... অল হেইল দা পাৱাৰ অব জিজাজ নেম, জয় টু দা ৱৰ্ল্ড, ৰিজইচ এণ্ড বি গ্লেড, টু আছ এ চাইল্ড, হোৱাইল চেফাৰ্ডছ ৱাশ্ব৷ এইটো সমদল বেপ্তিষ্ট চাৰ্চৰ৷

চাণ্টাক্লজে হাত জোকাৰি অভিবাদন জনাইছে, আশীৰ্বাদ দি গৈছে৷ যীশুৰ আগমনৰ বাৰ্তাই, খ্ৰীষ্টমাছ অহাৰ বাতৰিয়ে সন্ধিয়াৰ সময়খিনি উষ্ণ আৰু মধুময় কৰি তুলিলে৷

একেই খ্ৰীষ্টান, একেখনেই বাইবেল, যীশু একেজনেই৷ দৰাচলতে কথাবোৰ একে ভাবনাৰে৷ গুৰি কথাও একেটাই৷ হলেও...

অলপ পিছত ঘৰ সোমাওঁতে অন্য এটা কথা মনত পৰিল৷

শংকৰ জন্মোৎসৱ উদ্‌যাপনৰ সময়৷ এটা প্ৰচেচন আহিছিল৷ বৰনামঘৰৰ তত্ত্বাৱধানত স্থানীয় নামঘৰকেইটাৰ ভক্তপ্ৰাণ ৰাইজে মিলি খোল-তাল-বৰকাঁহ বজাই নাম-প্ৰসংগ কৰি ৰাস্তাৰে গৈ আছিল৷ আই-মাতৃসকলে হাত-চাপৰি বজাই গাইছিল... শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে

ঘণ্টাদিয়েক পিছত আকৌ এটা প্ৰচেচন৷ সেয়া শংকৰদেৱ সংঘৰ৷ একেই ধুতী-পাঞ্জাৱী-গামোচা, খোল-তাল-বৰকাঁহ৷ ভক্তসকলে উলাহেৰে গাইছিল... লুকাই আছা দেখা নেদা মণিকূটৰ সিপাৰে...

একেই বৈষ্ণৱ, একেই ভাগৱত শোভাযাত্ৰা, শংকৰগুৰু একেজনাই৷ দৰাচলতে কথাবোৰ একে ভাবনাৰে৷ গুৰিকথাও একেটাই৷ হলেও...

আমি ঘৰত ধূপ জ্বলাওঁ, ধুনা দিওঁ৷ দেৱালীৰ দিনা স্ফূৰ্তিতে আমাৰ লৰা-ছোৱালীয়েও ফটকাকেইটামান ফুটুৱায়, ফুলজাৰীকেইডালমান জ্বলায়৷ তেনেকুৱা মুহূৰ্তত ইছেনথাং আহি ওলায়৷ ইহঁতকেইটাই বম ফুটুৱা দেখি কিবাকিবি কয়৷ ধূপ জ্বলোৱা কামটোও তেওঁ সমূলি ভাল নাপায়৷ পূজা কৰা বুলি ভাবে৷ গীৰ্জাৰ কামখিনি কৰোৱাই তেওঁ গুচি যায়৷

খ্ৰীষ্টমাছ ইভ আজি৷ সন্ধিয়াৰ পৰাই ফটকাৰ শব্দত চৌপাশে তাল-ফাল৷ সৰুৰে পৰা আজি কেইবছৰমানৰ আগলৈকে এনেকুৱা দেখা মনত দেখোন নপৰে৷ এতিয়া মাজৰাতি বিছনাত লেপৰ তলত সোমাই থাকিও গম পাই গৈছোঁ ইছেনথাংহঁতৰ আতচবাজী৷ হাজাৰী, এট’ম ব’ম আৰু কিবাকিবি৷ এতিয়া খ্ৰীষ্টমাছ বুলি তেওঁলোকেও ফটকা ফুটায়৷

ফটকাত ধৰ্মৰ ষ্টিকাৰ মৰা নাথাকে৷ দৰাচলতে কথাবোৰ একোৱেই নাই৷ গুৰি কথাও একেটাই৷ হলেও...

ৰাতিপুৱা উঠিয়ে নিশা জমা হৈ থকা জাবৰবোৰ পেলোৱা, পিছফালে চোতালত সৰি পৰি থকা জলফাইকেইটা বুটলা, ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰা, পানী তপতাপৰ বাবে চালিখনৰ তলত জ্বলোৱা জুইকুৰাত কিছু সময় হাত-ভৰি সেকা নিত্যনৈমিত্তিক কাম৷ বাহিৰ ওলাওঁতেই গোবিন্দ শৰ্মাই সিফালৰ পৰা সম্ভাষণ জনালে... মেৰী খ্ৰীষ্টমাছ৷ ময়ো কলোঁ... মেৰী খ্ৰীষ্টমাছ এণ্ড হেপী নিউ ইয়েৰ৷ তেনেকুৱাতে পুত্ৰই মাত দিলে... আজি আবেলি বেনিংলহঁতৰ ঘৰলৈ যাম দেই৷ মই সুধিলোঁ মাতিছে জানো? সি কলে... খ্ৰীষ্টমাছত মাতিব লাগেনেকি? ঈদত আমি মাতোঁ নেকি কিবা? আহিলেই হল, গলেই হল৷ যাম মুঠতে৷ ওলাবা৷


আচলতে কথাবোৰ একোৱেই নাই৷ হলেও...

Tuesday 23 December 2014

শীতৰ সেই মুহূৰ্ত দুটাৰ কথাৰে
(গল্প নহয়, সত্য)


পুহত জন্ম মোৰ৷ ঠাণ্ডাক নকৰোঁ কেৰেপ৷ সেইবাৰ কিন্তু সেকা পাই গলোঁ৷ তাকে কওঁ বুলি ভাবিছোঁ৷

সেইবাৰ ৰেকাফ, মানে ৰিক্রিয়েশ্বনেল এণ্ড ক্রিয়েটিভ এক্টিভিটিজ ফৰাম চলাৰ আগে আগে সিদ্ধান্ত ললোঁ, এইবাৰ আমি একো এটাতে ভাগ নলওঁ৷ ভ্ৰমণ কৰিম৷ ছাত্ৰাৱস্থাৰ এই সুযোগটোতে যদি অৰুণাচলৰ ভিতৰুৱা অঞ্চলবোৰ ঘূৰি-পকি নলওঁ, লম কেতিয়ানো? স্থান ঠিক কৰি পেলালোঁ... বমডিলা, টাৱাং৷ দিন-বাৰ খাটাং হৈ আছিলেই, নবেম্বৰ মাহৰ অন্তিম সপ্তাহ, চন ১৯৯১৷

সমুদ্ৰগুপ্ত ডেকা, মানস চক্রৱৰ্তী, উৎপল মজুমদাৰ, অপূৰ্ব বিকাশ মিলি আৰু মই, পঞ্চপাণ্ডৱ তৈয়াৰ হব ধৰিলোঁ, পৰ্বতীয়া যাত্ৰাটোলৈ৷ থকা-মেলাৰ বন্দোবস্তৰ বাবে ডেপুটি কমিছনাৰ চাহাবলৈ আগতীয়াকৈ পত্ৰ লিখা ইতিমধ্যে হৈ গৈছে৷ প্ৰত্যুত্তৰো হাতত পৰিছে৷ বমডিলাত টুৰিষ্ট লজ, টাৱাঙত চাৰ্কুইট হাউচ৷ গতিকে চিন্তা নাই৷ টিকট কটাহে কথা৷

ইটানগৰ-ব’মডিলা, অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপ’ৰ্টৰ নীলা বাছ৷ নিৰ্দিষ্ট দিনত পুৱা ৬.০০বজাত নিৰজুলিৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ৷ বান্দৰদেৱাৰে ওলাই ভালুকপুঙেৰে সোমাই নিশা পালোঁগৈ ব’মডিলা৷ অচিন ঠাই৷ পলম হোৱাত আক-তাক সুধি সহজেই পোৱা হোটেল এখনত আশ্ৰয় ল’বলগীয়া হ’ল৷ পিছদিনাহে টুৰিষ্ট লজলৈ গ’লোঁ৷ নিশাটো যিখন হোটেলত থাকিলোঁ, কোঠাবোৰ আছিল তেনেই সৰু সৰু৷ ভাত খাই উঠাৰ পিছতে আহক হঠাতে প্ৰকৃতিৰ আহ্বান৷ ইফালে হাড় কঁপোৱা শীত৷ কাপোৰ খোলাই টান৷ হ’লেও উপায় নাই৷ সেই আহ্বানক নেওচিব পাৰিজানো? পানীখিনি চুওঁতে জীৱ উৰি যোৱাযেন লাগিল৷ এনেহে লাগিল, যেন হাতখন এই কাটি গ’ল, এই ফাটি গ’ল! ইমানেই ঠাণ্ডা! ফলস্বৰূপে শীত বুলিলে জীৱনলৈ মনত থাকি গ’ল সেই স্পৰ্শটো৷

ব’মডিলাত কেইদিনমান ভালমতে ফুৰিলোঁ৷ ৱে’ষ্ট কামেং জিলাৰ ই সদৰ ঠাই৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ৭,৩০০ফুট৷ তাৰ পৰা আমি যাম প্ৰায় ১০,০০০ফুটত অৱস্থিত টাৱাঙলৈ৷ অঁকাই-পকাই, উঠি-নামি যাওঁতে দূৰত্ব ২০০কিল’মিটাৰমানেই হ’বগৈ বোলে৷ বাটত পাৰ হ’ম ছেলা টপ৷ ছেলাৰ উচ্চতা প্ৰায় ১৩,৭০০ফুট৷ অৰুণাচলৰ ভিতৰতেই ওখ৷ তাতে আছে ছেলা লে'ক৷ বেলেগ ধৰণৰ উত্তেজনা এটা শৰীৰৰ ভিতৰত ইতিমধ্যেই বিৰাজমান হৈছে৷ কিন্তু তেনে উত্তেজনায়ো দেখোন শীতক পৰাস্ত কৰিব নোৱাৰিলে!

দুপৰ নিশা ৰাস্তাত বাছৰ বাবে খপিছোঁ৷ উৎসাহৰ নাই অন্ত৷ গাড়ী কিন্তু এখনেই৷ আহিব আকৌ সৌ তেজপুৰৰ পৰা!  নাইট ছুপাৰ বোলে৷ পাবহি মধ্যৰাতিৰ পিছতহে! ব’মডিলাৰ ৰাস্তাত সেই একমাত্ৰ পৰিবহণলৈ অপেক্ষাৰত পাঁচোটা প্ৰাণী৷ আন নৰ-মনিচ দেখিবলৈ নাই৷ ইফালে ঠাণ্ডাৰ প্ৰকোপ ইমানেই চৰি আহিছে যে একে ঠাইতে একেথিৰে মুহূৰ্তৰ বাবেও ৰৈ থাকিব নোৱাৰি৷ ছেলাত বৰফ পৰিলে নামনিৰ এই অঞ্চলসমূহত কঁপনিটো বাঢ়ে৷ এতিয়াই এই অৱস্থা, ডিচেম্বৰ-জানুৱাৰীত কি হ'বগৈ কল্পনা কৰিয়ে পাৰ পোৱা নাই৷ ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি গা গৰম নাৰাখিলে মুকলিত থিয় হৈ থকাই মস্কিল৷ জোতা-মোজাৰ ভিতৰত হাত-ভৰিৰ আঙুলি জঠৰ৷ ভ্ৰমণলৈ বুলি ডিফুৰ পৰাই কিনি নিয়া দীঘল জেকেটটোৱেও শৰীৰটো উমাল কৰি ৰখাত ব্যৰ্থ হৈছে৷ ৰাস্তাৰ ওপৰতে জগিং কৰি থাকি কোনোৰকম জীৱটো বচাই ৰাখিলোঁ৷ এটা সময়ত কেঁকুৰিত বাছখনৰ হে’ডলাইটৰ চমকনি দৃশ্যমান হ’ল৷ তেতিয়াহে জীৱটো ঘূৰি আহিল৷ মৰি যাম যেন লগা ঠাণ্ডাৰ পৰা ঈশ্বৰৰ কৃপাত সেইবাৰলৈ বাচিলোঁ যেনিবা!

শীতে কোঙা কৰি পেলোৱা সেই মুহূৰ্ত দুটাৰ কথা আজিও কোনোমতেই পাহৰিব পৰা নাই৷ ঠাণ্ডা দিন আহিলেই স্মৃতিত খুন্দিয়াইহি৷ সেই ঠাণ্ডাৰ সৈতে তুলনা কৰিয়ে এতিয়া সন্মুখীন হোৱা পুহমহীয়া ঠাণ্ডাকো কেৰেপ নকৰাকৈ সাহসেৰে থাকোঁ, পুহত মোৰ জন্ম বুলিয়েই৷

Monday 22 December 2014

শীত আৰু ভোগালী...



সাহিত্য ডট অৰ্গৰ এইবাৰ অৰ্থাৎ জানুৱাৰী সংখ্যাৰ সম্পাদনাৰ দায়িত্ববাহী দেৱিকা ফুকন ডাঙৰীয়ানীয়ে নিৰ্বাচন কৰা মূল বিষয়টো… ‘শীত আৰু ভোগালী’... দেখিয়েই কিয় জানো মোৰ ঠাণ্ডা বেছিকৈহে লাগি গৈছে! লগতে ভোকো!

শীত বুলিলেই পুহ৷ একেদৰে, ভোগালী বুলিলেই মাঘ৷ সৰুতে পাঠ্যপুথিত পঢ়িছিলোঁ... ‘পুহমহীয়া জাৰত কঁপি নিহালিখন হওঁ, মাঘযে আমাৰ ভোগালী বিহুৰ পিঠা খাওঁ৷’

টুপী-মাফলাৰ লোৱা, জোতা-মোজা পিন্ধা, গৰম পানী খোৱা... সৰুকালৰ বৰ আমনিদায়ক কথা আছিল৷ একদম ভাল নালাগে সেইবোৰ৷ ‘গাত কিবা এটা পিন্ধ পিন্ধ’ বুলি অনৰ্গল চিঞৰি থকা মালৈ কিবা খংহে উঠে৷ 'নাই কাপোৰ নাই জাৰ' ফৰ্মূলা! ইফালে, নাকেৰে শেঙুন বৈ থাকে৷ ডিঙিয়ে ঘেকেৰ ঘেকেৰ মাৰি থাকে৷ হ’লেও কেৰেপ নাই৷ বগৰী খাই ৰাতি বিছনাতো কুহুৰ কুহুৰ কাহ৷ বমিও হৈ যায় বিজল বিজল৷ শুদ্ধ বগৰীকে ওলায় এগালমান৷ তাকে লৈ আকৌ কিমানযে গালি, ককৰ্থনা! হ’লেও ৰাতিপুৱাই পকা তলসৰা বগৰীকেইটাৰ সন্ধানত দৌৰ মাৰোঁ গছকেইজোপাৰ তললৈ৷ সেই বগৰীয়ে জীৱনলৈ ঘূণীয়া হোৱাকৈ অঘটনো ঘটাই থৈছে বাৰু৷ সেয়া অন্য কাহিনী৷

ইফালে, ভোগালী বুলিলে বুলিবৰ নাই৷ ভোকটো যেন অলপ বাঢ়িয়েই যায়! দৈ-চিৰা, পিঠা-লাড়ু, কাঠআলু-মিঠাআলু, জাত জাত বস্তু! সৰুতে দেখা সেই স্কুল ফিল্ডৰ বৃহৎ আয়োজনটোলৈ এতিয়াও মনত পৰে৷ ৰাজহুৱা বৰাখানা৷ মেজিৰ জুইকুৰাৰ উত্তাপ৷ ‘অমুক’ৰ চাঙৰ পৰা ছিঙি অনা লাউটো, 'তমুক'ৰ বাৰীৰ পৰা তুলি অনা কবিটো, এফালৰ পৰা ঘৰে ঘৰে গৈ বিহু খোৱা উৰুলিপুঙাবোৰ, ইত্যাদি ইত্যাদি৷ মাতক বা নামাতক, কথা নাই৷ মুঠতে ভোগৰ সময়, আনন্দৰ সময়৷

শীতৰ ঠেৰেঙা লগা দিনবোৰক ভোগালীৰ উত্তাপেৰে নিষ্ক্ৰিয় কৰাটো প্ৰকৃতিৰেই অঘোষিত নিয়ম নহয়জানো? আমিও সেই নিয়মেৰেই চলি আহিছোঁ, চলি থাকিব লাগিব৷

ডিচেম্বৰৰ শেষত বৰ্ধিত শীতৰ প্ৰকোপত এইকেইদিন পিছে হাত নচলা অৱস্থা৷ পিছফালৰ জুইকুৰাত হাত দুখন সেকি লৈ কোনোমতে এইখিনি লিখিলোঁ৷ আৰু নোৱাৰিছোঁ হ’লে দেই৷ কুঁচি-মুচি হৈ পৰিছোঁ৷ আকৌ জুইৰ গুৰিলৈ যাওঁ৷

উঃ ঠাণ্ডা আ আ আ …

Sunday 21 December 2014

এভাৰেষ্ট
(গল্প নহয়, সত্য)


প্ৰান্তিকখন ঘৰ আহি পালেই হেঁপাহেৰে পাত লুটিয়াওঁ৷ শ্ৰী মনীষ কুমাৰ ডেকা ডাঙৰীয়াৰ এভাৰেষ্ট শৃংগত বিশ মিনিট শীৰ্ষক লেখাটো সৰ্বপ্ৰথমে পঢ়ো৷ এডভেন্সাৰাচ মনটোৰ স্বনিৰ্বাচিত সেই ৰচনা পঢ়াৰ পিছতহে শান্তি৷ তাৰ পিছত লেখকলৈ এটা এছ.এম.এছ. কৰাৰ কাম৷ সিফালৰ পৰা লেখকেও লগে লগে প্ৰত্যুত্তৰ দিয়ে৷ তেনেকৈয়ে এদিন তেখেতে আগতীয়াকৈ জনালে, দীঘলীয়া লেখাটো কিতাপ আকাৰে চিত্ৰসহ ওলাব৷ সেই দিনটো আহি উপস্থিত৷ আজিয়েই সেই বিশেষ ২২ডিচেম্বৰ দিনটো৷ গুৱাহাটী প্ৰেছ ক্লাবত আজি দিনৰ ১০.৪৫বজাত হোমেন বৰগোহাঞি ডাঙৰীয়াই শ্ৰী মনীষ কুমাৰ ডেকাৰ এভাৰেষ্টত বিশ মিনিট গ্ৰন্থখন উন্মোচন কৰিব বুলি খবৰ পাইছোঁ৷

নেপাল হিমালয়ৰ অন্তৰ্গত ৮,৮,৪৮মিটাৰ উচ্চ, বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা শ্ৰী মনীষ কুমাৰ ডেকা অসমৰ দ্বিতীয়জন পৰ্বতাৰোহণকাৰী৷ ২০১৩চনৰ ২৪মে তাৰিখে পুৱা  ৫.৪৪বজাত তেখেতে সাগৰ মাথাত নিজৰ ভৰি থবলৈ সমৰ্থ হৈছিল৷

নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৃষ্ঠপোষকতাত গঠিত ফাৰ্ষ্ট নৰ্থ ইষ্ট ইণ্ডিয়ান এভাৰেষ্ট এক্সপিডিচনৰ সদস্য শ্ৰী ডেকাই মণিপুৰ চৰকাৰৰ সাহায্যপ্ৰাপ্ত, ইম্ফলৰ মিনুথংগত অৱস্থিত মণিপুৰ মাউণ্টেনিয়াৰিং এণ্ড ট্ৰেকিং এছছিয়েশ্যনৰ তত্ত্বাৱধানত সফলভাৱে অভিযান চলাই বাল্যকালৰ স্বপ্ন সাকাৰ কৰিবলৈ সক্ষম হয়৷

এভাৰেষ্ট অভিযানক লৈ ১৬-৩১অক্টোবৰ ২০১৪ সংখ্যাৰ পৰাই প্ৰান্তিকৰ পাতত প্ৰকাশ পাই আহিছে এভাৰেষ্ট শৃংগত বিশ মিনিট শীৰ্ষক তেখেতৰ ধাৰাবাহিক লেখা, যিটো মোৰ বাবেও বৰ প্ৰিয় হৈ উঠিছে৷ ইয়াৰ মাজেৰে পৰ্বতাৰোহণ সম্পৰ্কীয় বহুতো নজনা কথা জানিব পাৰিছোঁ৷ তাকো এনে এজন ব্যক্তিৰ পৰা, যি নিজে এভাৰেষ্ট জয় কৰি আহিছে, যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰি আনিছে৷ এতিয়া কিতাপ আকাৰে ওলাবৰ পৰত পুৱাতেই লেখকলৈ আন্তৰিক অভিনন্দন যাচিলোঁ৷ লগতে দলপতি ডাক্তৰ এল. সুৰজিত প্ৰমুখ্যে মাউণ্টেনিয়াৰসকলৰো শলাগ ললোঁ৷


প্ৰান্তিকত এভাৰেষ্টৰ বিষয়ে পঢ়িবলৈ পোৱাৰ সমসাময়িকভাৱে টেলিভিচনৰ পৰ্দাতো উপভোগ্য হৈ উঠিছে এভাৰেষ্ট৷ এনেয়ে টিভিৰ পৰা নিজকে নিলগত ৰাখোঁ যদিও সময়-সুযোগ মিলিলে ষ্টাৰ প্লাচৰ জৰিয়তে নিশা দহবজাত সম্প্ৰচাৰিত সেই ধাৰাবাহিকখন চাবলৈ বহা হৈছোঁ৷ ৰোমাঞ্চকৰ কাহিনীটোত অঞ্জলি নামৰ যুৱতীজনীয়ে দেউতাকৰ ইচ্ছাৰ বিপৰীতে, বিনানুমতিত এভাৰেষ্ট আৰোহণৰ বাবে যাত্ৰা কৰিছে৷

মনে বিচৰা এই দুয়োটা কথাই মোক বৰকৈ আনন্দ প্ৰদান কৰি আছে৷

Saturday 20 December 2014

বিষয়ৰ অভাৱ নাই, কিন্তু...
(প্ৰতিম প্ৰতাপ বৰুৱা ডাঙৰীয়াৰ অকবত লিখিবলৈ সংকোচবোধ হয়নেকি? শীৰ্ষক ১৮ডিচেম্বৰৰ পষ্টটো পঢ়ি উঠি)

লিখিবলৈ অনেক বিষয় আছে নহয়৷ কিবা এটা বাছি ললেই হল৷ ...কথাষাৰ কৈছিল ডক্টৰ নগেন শইকীয়া ছাৰে৷

২০০৩চনৰ কথা সেয়া৷ শইকীয়া ছাৰ তেতিয়া নতুন দৈনিক কাকতৰ সম্পাদক৷ লেখা এটা হাতে হাতে দিমগৈ বুলি টাইপ কৰি এনভেলপ এটাতে প্ৰিণ্ট আউটটো সযতনে ভৰাই নিছোঁ, নিজৰ কামত গুৱাহাটীলৈ বুলি যাওঁতে৷ চন্দ্ৰকান্ত প্ৰেছ বিল্ডিঙত সোমাই দ্বিতীয় মহলালৈ উঠিলোঁ৷ অফিচ ৰুমৰ ভিতৰত ছাৰ বহি আছে৷ প্ৰায় দহ কি এঘাৰ বছৰৰ পিছত সোঁশৰীৰে, মুখৰ আগত পাইছোঁ৷ মুধা ফুটা ব্যক্তিবিশেষৰ পৰা ইচ্ছাকৃতভাৱে নিজকে আঁতৰাই ৰখাটো মোৰ এটা স্বভাৱ৷ তাতে আকৌ বিৰাজমান চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ! সাহিত্য আৰু সংবাদ জগতৰ অন্য এক দীগগজ৷ দুয়োগৰাকী নমস্য ব্যক্তিয়ে কিবা কথা পাতি আছে৷ অলপ পৰ তভক মাৰি ৰলোঁ৷ একোবত দৰজাখন ঠেলি দিলোঁ৷ তাৰ পিছত অনুমতি ভিক্ষা৷ ছাৰে ভিতৰলৈ মাতিলে, বহুৱালে, কথা পাতিলে, লেখাটো হেঁপাহেৰে হাত পাতি ললে আৰু লগে লগে সাংবাদিক অসীম বৰাক মাতিলে৷ মন কৰিলোঁ, ওপৰত চহী কৰি লিখি দিছে... ২৩জুন তাৰিখৰ সম্পাদকীয় পৃষ্ঠাত বুলি৷ প্ৰাসংগিকতাৰ বিচাৰটো বাৰু বুজি পালোঁ৷ কিন্তু পঢ়ি চালে কি নাচালে, ধৰিবই নোৱাৰিলোঁ৷ লেখাবিলাক কম্পিউটাৰত টাইপ কৰি দিয়াৰ বাবে আমাৰ ডিটিপি অপাৰেটৰৰ সুবিধা হয়, তেওঁলোকে ভাল পায় বুলিও ছাৰে খোলা মনেৰে ব্যক্ত কৰিলে৷ আগৰে পৰাই তেনেকৈয়ে কিবাকিবি লেখা ডাকযোগে পঠাই আহিছোঁ৷ চাৰিদিনৰ পিছত সেইটো ওলাল৷ সেয়া বেলেগ কথা বাৰু৷ আচল বিষয়লৈ আহোঁ এতিয়া৷

শইকীয়া ছাৰেই তেতিয়া কৈছিল ওপৰৰ বাক্য দুটা৷ তেতিয়া সেইটো ইমান গভীৰভাৱে বিচাৰ কৰি চোৱা নাছিলোঁ৷ লাহে লাহেহে উপলব্ধি হল৷ হয়, লিখিবৰ বাবে কিমানযে বিষয় আছে চকুৰ সন্মুখতে, নিজৰ দৈনন্দিনতে! যিকোনো এটা বাছি ললেই হল৷ কথাটোচোন একেবাৰে সত্য৷

মানুহ মাত্ৰৰে চিন্তা কৰিব পৰা শক্তি আছে, দৃষ্টিভংগী আছে৷ তাকে লৈ অদৃশ্য কলমেৰে অদৃশ্য কাগজত আমি কিবাকিবি অনৰ্গল লিখিয়েই নাথাকোঁজানো? হয়নে নহয় গমি চাওকচোন, এইখিনিতে অলপপৰ ৰৈ৷ পুৱা শুই উঠাৰে পৰা নিশা শোৱা পৰ্যন্ত এই কাৰবাৰটো অহৰহ চলিয়েই থাকে৷ কিমানবোৰ বিষয়যে দিনটোত আমি ভাবোঁ, চিন্তা কৰোঁ! তাৰে কোনোবাটো কোনোবা সময়ত ধৰি ৰাখিব পাৰিলে, লিখি উলিয়াব পাৰিলেই হৈ যায় কিবা এটাৰ জুমুঠি৷ কিন্তু, ভাবনাৰ পৰা কাগজলৈ বা আজিকালি কম্পিউটাৰৰ স্ক্ৰীণলৈ সেইখিনি ওলাই আহিবৰ বাবে মনটোক শক্তিশালী কৰি ৰখাটো প্ৰথম চৰ্ত, যাতে সেই ভাব ধৰি ৰখাত কোনো ধৰণৰ বাধাই কাবু কৰিব নোৱাৰে৷ অনাকাংক্ষিত তেনে বাধা-বিঘিনিৰ সৈতে চলা দুৰ্জেয় যুঁজখনত জয়ী হব পাৰিলেই কিবা এটা সৃষ্টি হৈ যায়৷ আপুনি বিজয়ী হৈ যায়৷ সংযোগ-বিয়োগ ইত্যাদি পিছৰ আনুষংগিক কাম৷

সম্পূৰ্ণ ব্যক্তিগত ভাবনাৰ পৰা এইখিনি উল্লেখ কৰিছোঁ৷ লেখাৰ প্ৰকাৰ লৈ কথাবোৰ বেলেগ ধৰণৰ হবও পাৰে৷ আনহাতে, এইটো নকলেও হয় যে অনুভৱ, উপলব্ধি, অভিজ্ঞতা, তাড়না, বাহানা আদি একান্তই নিজস্ব বস্তু৷ তাৰ লগে লগে শব্দ, বাক্য, বানানৰ শুদ্ধতাৰ উপৰি অধ্যয়নৰ গভীৰতা আদিও নিশ্চয়কৈ প্ৰয়োজনীয় কথা৷ প্ৰসংগক্রমে, কিবা এটা লেখাৰ কথা লৈ প্ৰয়াত শিক্ষাগুৰু এগৰাকীয়ে বহু বছৰৰ আগতে এদিন কোৱা বাক্য এষাৰি মনলৈ আহিছে৷ ছাৰে কৈছিল... তিনি-চাৰিখন কিতাপ পঢ়িলেই ৰচনা এখন লিখিব পাৰি দেখোন৷ তেখেতে নিশ্চয় অধ্যয়ন ব্যাপ্তিৰ কথাকেই কৈছিল, যি অধ্যয়নে চিন্তাক প্ৰসাৰিত কৰে৷ আৰু, সঁচা কথা যে লিখিবৰ হলে পঢ়িবও লাগিবই৷ চকু-কাণ-মন-মগজু খোলা ৰাখিব লাগিব৷

আগতে আছিল কাগজ-কলম লৈ লেখা৷ আজিকালি বহুতে পোনে পোনে কী-বৰ্ডৰ সহায়তে লিখে৷ অকবত লিখিবৰ হলেতো অসমীয়া (ইউনিকড)ত টাইপিং জানিবই লাগিব৷ ভাবনাক দৃশ্যমান কৰিবলৈ তাৰ বাদে উপায় নাই৷ টাইপিং কৰিবৰ হলে কম্পিউটাৰ এটা লাগিবই৷ লিখন সঁজুলি লাগিবই৷ তাৰ পিছত আহিব টাইপিঙৰ সাধনা৷ সেই সাধনাত সিদ্ধি লাভ কৰিবৰ বাবে মিছাইলমেন এ. পি. জে. আব্দুল কালামৰ ভাষাৰেই কব পাৰি... ভিতৰৰ জুইকুৰা ডগমগকৈ জ্বলি উঠিব লাগিব৷ নিজৰ বেলিকা মই উপৰ্যুপৰি এইটো প্ৰশ্ন কৰিয়েই এসময়ত অকবত বিভিন্নজনক ব্যতিব্যস্ত কৰিছিলোঁ যে... অসমীয়াত কেনেকৈ লিখে? উপযুক্ত উত্তৰ পাই যোৱাৰ পিছত আকৌ সেই কথাটোৱে আহে... টাইপিঙৰ সাধনা৷ সমস্ত এলাহ কাটি কৰি এইটো কাম প্ৰত্যেকে শিকিব লাগিব৷ শিকিব লাগিব বুলি কোৱাটো ঠিক নহব, শিকিবই লাগিব বুলি কলেহে জোৰদাৰ হব৷ ভাবনা, টাইপিং আৰু সম্পাদনা.. এই তিনিটা প্ৰত্যেকেই নিজে নিজে কৰিবলগীয়া কাম৷ অন্ততঃ অকবৰ মজিয়াত বা ই-দুনীয়াত এই বিষয়ত সমবায় নচলে৷ ভাব আপোনাৰ নিজৰ, টাইপিং নিজৰ, সম্পাদনাও নিজৰ৷ কথাটো মন কৰিবলগীয়া৷ আৰু এটা মন কৰিবলগীয়া কথা, প্ৰতিজন মানুহেই এখন এখন কিতাপ বুলি আমি জানোৱেইচোন৷ পিছে নিজৰ কিতাপ লিখা হ’ব কেতিয়া? এজনৰ বিষয়ে আনজনে জানিব কেতিয়া, যদি টাইপিঙৰ পৰা আঁতৰত থাকে, যদি নিজে নিলিখে?

তামাম, মজ্জা, ধন্যবাদ, বঢ়িয়া... এনেবোৰ শব্দ প্ৰায়ে কমেণ্ট বক্সত দৃষ্টিগোচৰ হয়৷ এইবোৰ কোনো ধৰণৰ লেখাৰ শাৰীত নিশ্চয় নপৰে৷ তালৈ চাই এইটো ধাৰণাও কৰিব নোৱাৰি যে সদস্য বা সদস্যাগৰাকী টাইপিঙত কিমান অভ্যস্ত৷ ম’বাইলত খুঁটিয়াই খুঁটিয়াই বহুতেই আখৰকেইটামান যেনেতেনে সাজি কমেণ্ট এটা এৰি দিয়ে... ভাল লাগিল, ইত্যাদি ইত্যাদি৷ প্ৰসংগৰ খাতিৰত কথাটো উল্লেখ কৰিছোঁ দেই৷ কাৰো প্ৰতি সামান্যতমো অসন্মানসূচক ভাব নাই৷ সকলোৱে ধাৰাসাৰ টাইপিং কৰিব পৰাটো মনে-প্ৰাণে বিচাৰোঁ৷

‘বৰ্মনৰ বিষাদ’ শীৰ্ষক এটা প’ষ্ট লিখিছিলোঁ ১১নবেম্বৰ তাৰিখে৷ বৰ্মনৰ বিষাদৰ কাৰণটো আছিল, ইমানবোৰ সদস্য (তেতিয়া ঊনৈশ হাজাৰ) থাকোঁতেও কমসংখ্যককহে তেওঁ লিখি থকা দেখি আহিছে৷ সকলোকে সক্রিয় হোৱাটো তেওঁ বিচাৰে৷ বৰ্মনৰ প্ৰশ্নৰ উত্তৰত লিখিব নোৱাৰাৰ বিভিন্ন কাৰণ উনুকিওৱা হৈছিল৷ সেই বিষাদগ্ৰস্ততা কেৱল বৰ্মনৰে নহয়, আন বহুতৰেই হয়তো আছে, মোৰো আছে৷

লিখন সঁজুলি বিচৰা পষ্ট, মই অসমীয়াত লিখিব পাৰিলোঁ ধৰণৰ আনন্দদায়ী বাৰ্তা আজিকালি দেখিবলৈ নোপোৱা হৈছোঁ৷ কথাটো সঁচানে মিছা বাৰু? তাৰ মানে এইটো নিশ্চয় নহয় যে সকলোৱে টাইপ কৰিবলৈ শিকি পেলালে৷ নহলে শ্ৰী বৰুৱা ডাঙৰীয়াই নকলেহেঁতেন...  অকবত লিখিবলৈ সংকোচবোধ হয়নেকি? বুলি৷ লিখনৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে শিকনৰ ক্ষেত্ৰত মনৰ সংকোচবোধ আঁতৰিব লাগিব৷ টাইপিং শিকিব লাগিব৷ শিকাওঁতা আছেই৷ একমাত্ৰ দৰকাৰ শিকাৰ মনটোহে৷

নতুন বছৰ এটা আৰম্ভ হ’বলৈ গৈ আছে৷ অভ্যস্ত নোহোৱাসকলে ‘২০১৫ত মই অসমীয়াত টাইপ কৰিবলৈ শিকিমেই’ বুলি নতুন বছৰৰ সংকল্প এটা ল’ব পাৰে৷ পহিলা জানুৱাৰীৰ পৰাই সেই শুভ কামটো আৰম্ভ হওক৷ সেই সংকল্প সুদৃঢ় হওক৷ কোনো বাধাই যেন ভাষা-সাহিত্যক জীয়াই ৰখাৰ অভিপ্ৰায়েৰে আপুনি দিনটোত অন্ততঃ এবাৰ হ’লেও কৰিব খোজা সেই অভ্যসনক ডাইভাৰ্ট কৰিব  নোৱাৰে৷ সংকল্প মানে সংকল্প৷ লাগি থাকিলে, ৰিলিজিয়াচলি কৰি গ'লে আপুনি পাৰিবই৷ ২০১৬ৰ ১জানুৱাৰীত হিচাপ কৰি চাব, আপুনি আজি ক’ত আৰু তেতিয়ালৈ ক’ত!

অকবৰ কিমান সদস্য-সদস্যাই অসমীয়াত সঁচাকৈ টাইপ কৰিব পাৰে তাৰ পৰিসংখ্যা এটাও বছৰৰ শেষ দিনকেইটাত উলিয়াব পাৰিলে ভাল আছিল৷ মাজে মাজে মই এইটো গভীৰভাৱে ভাবোঁ৷ একেটা পৰিয়ালৰে মানুহখিনিৰ এই হিচাপটো জানিবলৈ মন যায়৷ কিমানে পাৰিছে, কিমানে পৰা নাই? মই এইটোও ভাবি পাওঁ যে ‘অকব’ এখন টাইপিং ইনষ্টিটিউটো হয়৷ প্ৰচেষ্টাটো পিছে প্ৰত্যেকৰে নিজা নিজা৷ টাইপ কৰিবলৈ শিকক, বিষয় বাছি লওক, কিমান লিখে লিখি থাকক৷ স্বাধীনতা আছে, বাধা দিওঁতা নাই, কাকত-আলোচনীৰ দৰে ডাষ্টবিনো নাই৷ জনাসকলে নজনাসকলক চাপ’ৰ্ট দিলে, সাহস দিলে, শিকিব নোৱাৰাৰ, লিখিব নোৱাৰাৰ কোনো কাৰণ নেদেখোঁ৷ শ্ৰী বৰুৱা ডাঙৰীয়াই নিজৰ প’ষ্টত তাৰেই প্ৰয়াসেৰে সকলোকে এটি আহ্বান জনাইছে৷ তেখেতক আন্তৰিক ধন্যবাদ জনালোঁ৷৷
শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এটি চুটি লেখা৷ ডিফুৰ ক্লিৰদাপ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা মোৰ ভাগিন ছাহিলে (আচল নাম তনবীৰ জে. আহমেদ) কথাখিনি লিখি দিছে৷ অকবৰ পাঠকৰ বাবে এই লেখা আগ বঢ়ালোঁ৷

মোৰ জীৱনৰ এটি মধুৰ দিন


সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে এদিন আমি ডিমাপুৰলৈ গৈছিলোঁ৷ ডিফুৰ পৰা দিনৰ বাৰবজাত সৰুমামাৰ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলোঁ৷ সেই যাত্ৰাৰ যাত্ৰী আছিল মোৰ সৰু মামা, সৰু মামী, তেওঁলোকৰ সৰু ছোৱালী আবিৰ, মোৰ মা আৰু মোৰ ডাঙৰ মামাৰ লৰা আদিশ৷ গাড়ীৰ পিছৰ ছিটত বহি আদিশ আৰু মই এই যাত্ৰাটো অধিক মধুৰ কৰি তুলিছিলোঁ৷ ভাই-ককাইৰ সম্পৰ্ক বাদ দি দুয়োটাই দুয়োটাৰ প্ৰকৃত বন্ধু হিচাপে দিনটো কটাই অধিক আনন্দ লাভ কৰিলোঁ৷ লগতে আমি দুয়োটাই এনে কিছুমান দুষ্টামি কৰিছিলোঁ যে তেনে দুষ্টামি কৰিবলৈ আন কাৰো সাহস হয়তো নহব৷ এতিয়া সেই মধুৰ ক্ষণৰ বৰ্ণনালৈ আহোঁ৷

দুঘণ্টা বেয়া ৰাস্তা অতিক্রম কৰি আমি নাগালেণ্ডৰ ব্যৱসায়িক চহৰ ডিমাপুৰত উপস্থিত হওঁ৷ প্ৰথমে আমি ফলমূলৰ দোকানত সোমাই কিছুমান ফলমূল কিনিলোঁ৷ তাৰ ভিতৰত আছিল ডাঙৰ ডাঙৰ একাষি কেঁচা কল আৰু টেঙা টেঙা কমলা৷ সেইদিনাখন ডিমাপুৰত ভৰি দিয়েই ফলমূলৰ দোকানখনত ঠগন এটা খালোঁ৷ মনলৈ ভাব আহিল যে আগত গৈ আৰু ঠগনযে নাখাম তাৰ কোনো মানে নাই৷

তাৰ পিছত আমি উপস্থিত হওঁ ডিমাপুৰত অৱস্থিত কিং স্পৰ্টছ নামৰ এখন দোকানত৷ আদিশৰ বাবে বেডমিণ্টন ৰেকেট কিনিবলৈ তাত সোমালোঁ৷ ৰেকেট, শ্বাটল, ৰিষ্ট বেণ্ড ক্রয় কৰি তাৰ বিপৰীত ৰাস্তাত অৱস্থিত জেক এণ্ড জিললৈ যাওঁ৷ জেক এণ্ড জিলল নাগালেণ্ডৰ ভিতৰতে আটাইতকৈ ডাঙৰ শ্বপিং মল৷ ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়৷ যেনে সৰু লৰা-ছোৱালীয়ে খেলিব পৰা সামগ্ৰী, ডাঙৰ মানুহৰ প্ৰয়োজনীয় কাপোৰ ইত্যাদি৷ সেই বিখ্যাত শ্বপিং মলৰ ভিতৰত আদিশ আৰু মই দুষ্টামি আৰম্ভ কৰোঁ৷ সেই দুষ্টামিৰ সূত্ৰপাত ঘটিছিল এখন মটৰ বাইকক লৈ৷ বাইকখন বিদ্যুতচালিত বেটেৰীৰ দ্বাৰা চলে৷ দাম আছিল চৌত্ৰিশ হাজাৰ টকা৷ আমি দুয়োটাই সেই বাইকখন কেনেদৰেনো চলে তাক জানিবলৈ নিজে কিছুমান পদক্ষেপ হাতত লওঁ৷ কিন্তু আমি জনা নাছিলোঁ যে বাইকখন চলাই কেনেকৈ? আমি দুয়োটাই একো চিন্তা-চৰ্চা নকৰি এটা চুইচ টিপি দিলোঁ৷ ফলত বাইকখন নিজে নিজে চালি গল আৰু এঠাইত খুন্দা মাৰিলে৷ এই ঘটনা ঘটাৰ লগে লগে তাত থকা কৰ্মচাৰীসকল ওচৰত আহি উপস্থিত হল৷ আমি দুয়োটাই ঘটনাটোৰ বিষয়ে একো নজনাৰ ভাও জুৰি তৎক্ষণাৎ তাৰ পৰা ফালৰি কাটিলোঁ৷

তাৰ পিছত আমি উপস্থিত হওঁ বিশাল মেগা মাৰ্টত৷ বিশাল হৈছে সকলোৰে পৰিচিত এটা নাম৷ ইয়ো এটা শ্বপিং মল৷ বিশালত সোমাই আমি চিধাই তাত ওলোমাই থোৱা কোটবিলাকৰ ওচৰলৈ গলোঁ৷ তাৰ পিছত দুয়োটাই কোনো কৰ্মচাৰীৰ অনুমতি নোলোৱাকৈ যিটো কোটকে মন যায় সেইটোকে পিন্ধি চালোঁ৷ এটা পিন্ধো, আকৌ খোলোঁ, বেলেগ এটা পিন্ধো৷ ইটোৰ পিছত সিটোকৈ কোটবিলাক পিন্ধি পিন্ধি আমনি লগাত চশমাৰ ওচৰলৈ গলোঁ৷ বেলেগ বেলেগ ধৰণৰ চশমাবিলাক চকুৰ আগত দেখিবলৈ পালোঁ, হাতেৰে ঢুকি পোৱা অৱস্থাতে৷ তাৰে এযোৰ চশমাৰ দাম আছিল পাঁচ হাজাৰ টকা৷ আমি দুয়োটাই প্ৰথমে সেইযোৰকে পিন্ধিলোঁ৷ কাৰণ পাঁচ হাজাৰ টকাৰ চশমা, ধেমালি নেকি? এযোৰৰ পিছত আন এযোৰ চশমা পিন্ধি চালোঁ৷ তাৰ পিছত আমি ডিঅ ষ্প্ৰে’বিলাকৰ ওচৰলৈ গলোঁ৷ বিভিন্ন ধৰণৰ পাৰফিউম তাত আছিল৷ কিন্তু কোনো মানুহ দেখা নাছিলোঁ৷ আমি সেই সকলোবিলাক এটা এটাকৈ লৈ গাত মাৰি চালোঁ৷ পেণ্টতো মাৰি চাইছিলোঁ৷ চান্স পাই লেডিজ পাৰফিউমকো নেৰিলোঁ৷ কাৰণ এনেকুৱা সুবিধা আৰু কেতিয়াও নাহে৷ শ্বপিং মলৰ ভিতৰত এইবোৰ কাম কৰি আমি দুয়োটাই খুব মজা পাইছিলোঁ৷ তাৰ পিছত খেলা সামগ্ৰী থোৱা ঠাইৰ ফালে বিশালৰে কেইজনমান কৰ্মচাৰীয়ে ফুটবল এটা খেলি থকা দেখিলোঁ৷ আমিও ওচৰ চাপি গলোঁ আৰু অনুমতি লৈ শ্বপিং মলৰ ভিতৰতে তেওঁলোকৰ সৈতে ফুটবল খেলাত লাগি গলোঁ৷


নানা দুষ্টামি কৰি এসময়ত ভাগৰি পৰিলোঁ৷ ঘূৰি আহি গধূলি সাত বজাত আমি ঘৰ পালোঁ৷ এনেদৰে এটা মধুময় দিনৰ সমাপ্তি ঘটিল৷

Thursday 18 December 2014

ফুলদানি-মেম্বাৰ ... হাজিৰা মৰা সদস্য
(গল্প নহয়, সত্য)

১-১৫আগষ্ট ২০০৯ সংখ্যাৰ প্ৰান্তিকৰ শেষপৃষ্ঠাত প্ৰকাশিত মোৰ জীৱন কথাত আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ভবেন্দ্ৰ নাথ শইকীয়া ডাঙৰীয়াই লিখিছিল আলতাফ মজিদৰ চিঠি এখন পালো৷ ছিনেমাৰ শতবাৰ্ষিকী সম্পৰ্কীয়৷ মই সমিতিৰ সদস্য হব লাগে৷ নোৱাৰিম৷ সময় উলিয়াব নোৱাৰিম৷ চকু ভাল পালেই বহুত কাম কৰিব লাগিব৷ কাম কৰিব নোৱৰা ফুলদানি-মেম্বাৰ ব নোখোজো৷

৭আগষ্ট ২০০৯ তাৰিখৰ আমাৰ অসম কাকতৰ প্ৰথম কলমত প্ৰকাশিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা দিন শীৰ্ষক নিবন্ধত কাকতখনৰ সম্পাদক হোমেন বৰগোহাঞি ডাঙৰীয়াই লিখিছিল... কিন্তু সেই আটাইবোৰতকৈ বেছি ডাঙৰ কাৰণটো হল এই যে ১৯৯২চনৰ পৰা ১৯৯৯চনলৈকে সুদীৰ্ঘ সাতটা বছৰ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিলো, আৰু কেৱল হাজিৰা মৰা সদস্য হৈ নাথাকি মই বিশ্ববিদ্যালয়খনৰ পৰিচালনাত আৰু হিত চিন্তাত অতি সক্রিয় অংশগ্ৰহণ কৰিছিলো৷

দুগৰাকী বিশিষ্ট ব্যক্তিৰ সেই দুটা লেখা পঢ়ি এই কথাটো তেতিয়াই পৰিষ্কাৰভাৱে বোধগম্য হ’ল যে আমি দেখা সৰু-বৰ বিভিন্ন অনুষ্ঠান বা সংগঠনৰ বাবে গঠিত সমিতি, উপ-সমিতিসমূহত এচাম ‘ফুলদানি-সদস্য’ বা ‘হাজিৰা মৰা সদস্য’ই স্থান অধিকাৰ কৰি থাকে৷ তেনে সদস্যই সমিতিখনৰ নিৰ্ধাৰিত কাৰ্যকালত কোনো কাম নকৰে৷ অনুষ্ঠানটোৰ বা সংগঠনটোৰ উন্নতিৰ হকে সক্রিয়ভাৱে চিন্তা-চৰ্চা কৰাটো দূৰৰে কথা৷ কেৱল নামৰ বাবেহে খোৱা-কামোৰা!

আনহাতে, স্বজ্ঞানে সন্মতি প্ৰদান কৰিও প্ৰয়োজনৰ সময়ত উপস্থিতিৰ ক্ষেত্ৰত উদাসীনতা বা অজুহাত উলিওৱাত সিদ্ধহস্ত সদস্যও নথকা নহয়৷ সমিতি, উপ-সমিতিত নিজৰ নামটো কিবা প্ৰকাৰে তালিকাভুক্ত কিম্বা জড়িত কৰিব পৰাটোতেই যেন তেওঁলোকৰ ৰাজহুৱা জীৱনৰ সফলতা আৰু সাৰ্থকতা! 

আনফালে, ব্যক্তি এজনক আগতীয়াকৈ একো নজনোৱাকৈ, তেওঁৰ অজ্ঞাতে ‘মানুহজনে বেয়া পাব’ বুলিয়ে নামটো সুমুৱাই সমিতিৰ সদস্যা-সংখ্যা বৃদ্ধি কৰি ভাল পোৱা এচাম লোকো নথকা নহয়৷

Wednesday 17 December 2014

ফুটা
(গল্প নহয়, সত্য)


শ্যাম গুপ্তা৷ গাড়ীৰ ব্যৱসায়ী৷ আমাৰ মাজৰ বন্ধুভাবাপন্নতাটোৰ উত্তাপ অলপ বেলেগ ধৰণৰ৷ ডিফু-গুৱাহাটী যাত্ৰাৰ কেইবাবাৰো দুয়ো সহযাত্ৰী হৈছোঁ৷ কোনো ধৰণৰ আগতীয়া জাননী নথকাকৈ পুৱা ৰেল ষ্টেচনত চাৰিচকুৰ মিলন হৈ যায়৷ আকস্মিক সেই মিলনত পৰস্পৰে পৰস্পৰক ভ্ৰমণ-সংগী হিচাপে পাই উভয়েই খুব সুখী হওঁ৷ ডবাটোত একেলগে উঠি লৈ চাইড বাৰ্থত ভৰি তুলি দুয়ো আৰামত মুখামুখিকৈ বহি লওঁ৷ তাৰ পিছত বাদাম চোবাই চোবাই অনৰ্গল কথা চলে৷

শ্যামৰ মূৰটো পৃথিৱীৰ বিভিন্ন কথা আৰু ইনফৰ্মেচনেৰে ভৰপূৰ৷ সৰহখিনি সময় মই তেওঁকেই কবলৈ দিওঁ আৰু নিজে ৰসস্বাদন কৰি যাওঁ৷ জানতে হ, এক বাৰ এইচা হুৱা... বুলি কৈ তেওঁ প্ৰসংগৰ পাতনি মেলে৷ ভাষাৰ কোনো লাগ-বান্ধ নাই৷ হিন্দী, অসমীয়া, বাংলা, ইংৰাজী, ভোজপুৰী চব চলে৷ খালী ঠাই থকা দেখি কোনো কোনো যাত্ৰী আমাৰ কাষত বহিবলৈ আহে৷ বিভিন্ন ধৰণৰ, বিভিন্ন জাতৰ মানুহ৷ ৰেল ভ্ৰমণত এইবোৰ নিতান্তই সাধাৰণ কথা৷ তেনেকুৱা মানুহক লৈ শ্যামে আৰম্ভ কৰে নতুন কথা... জানতে হ, এক বাৰ...

জীৱনৰ অভিজ্ঞতাৰ পৰা তেওঁ কোৱা কথাৰ সাৰমৰ্মখিনি এনে 'চুট-বুট কৰি সাজি-কাচি ফুৰা মানুহ দৈনন্দিন আমি অনেক দেখা পাওঁ৷ বাহিৰে টিপ-টপ হলেও বহুতৰে কিন্তু ভিতৰৰ সাজটো গণ্ডগোলীয়া৷ ওপৰৰ আৱৰণ গুচাই দিলেহে সেয়া ধৰা পৰে৷ কাৰোবাৰ হয়তো গেঞ্জীটোত কেইটামান সৰু-বৰ ফুটা৷ নহয় জাঙিয়াৰ ইলাষ্টিকৰ কাষত বা তললৈ এটা ফুটা৷ পুৰুষ-মহিলা উভয়ৰে ক্ষেত্ৰতে অন্দৰ কা মামলাৰ এই গৰবৰ থাকে৷ ওপৰত ব্ৰেণ্ডেড কাপোৰ পিন্ধিলেও তলফালৰ অৱস্থা বৰ পুতৌজনক৷ ওপৰে ধনী দেখুৱালেও ভিতৰি কিমানযে দুখীয়া! ফুটা-ফটা ঢাক খুৱাই ওপৰত যি টাইপৰহে দামী মেৰ দিয়া হয়, গম পাবলৈ মস্কিলেই৷'

শ্যামৰ কথাই মোক বৰ ৰস দিলে৷ সেই ৰসত ডুবি থাকোঁতেই হঠাতে তেওঁ মোৰ চকুলৈ চাই সুধি পেলালে... বচ, তুমহাৰা চব ঠিক-ঠাক হ্যায় ত না?

সঁচা দেই, ওপৰৰ বৰ চুৰিয়াৰ ফেৰ দেখি অনুমান কৰিবই নোৱাৰি যে তলত ঢকুৱাৰ বেৰ! কিমানেযে তেনেকৈয়ে নিজকে ঢাকি আহিছে!

অনুৰূপ এক অভিজ্ঞতা ময়ো অলপতে লাভ কৰিলোঁ৷ মৰিয়নি-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছত বহি আছোঁ৷ ৰিবকৰ জোতা, ৰেইবেনৰ চশমা আৰু ফিট-ফাটকৈ ড্ৰেচ পিন্ধা ডেকা এজন মোৰ ওচৰতে বহিলহি৷ পিছত চিট খালী হোৱাত খিৰিকীৰ কাষলৈ গলগৈ৷ আসনত বহিয়ে চিধাই জোতাযোৰ খুলিলে, ইমানপৰে পাই থকা অশান্তিৰ পৰা মুক্তি লভি আৰামকৈ বহাৰ অভিপ্ৰায়েৰে৷ দেখিলোঁ, মোজাযোৰৰ এপাতৰো আগৰছোৱা নাই! মস্ত ফুটা৷ বুঢ়া আঙুলি ওলাই আছে! জোতা কিন্তু ব্ৰেণ্ডেড দেই৷


পুৰুষেই হওক, মহিলাই হওক, লৰাই হওক, ছোৱালীয়েই হওক, ফিট-ফাট সাজোনৰ মানুহ দেখিলে এতিয়া মোৰ পোনেই শ্যামৰ অন্দৰ কা মামলাৰ কথা মনত পৰে৷ মনে মনে প্ৰশ্ন এটাও কৰি পেলাওঁ... ওপৰৰ লগত মিলাকৈ ভিতৰছোৱা ঠিক-ঠাক আছেনে এইজনৰ (বা এইজনীৰ)?