পৰিৱৰ্তন বিচাৰি...
(গল্প নহয়, সত্য)
১৯৭৯চনতে স্থাপিত ক্লাবটো৷ ইলেভেন ষ্টাৰ আছিল নাম৷
কালৰ কুটিল গতিত এদিন নোহোৱা হৈ থাকিল৷ পিছে সিদিনা (যোৱাটো দেওবাৰে) পুনৰ্জীৱন লাভ
কৰিলে৷ নাম ল’লে ইলেভেন ষ্টাৰ ফুটবল ক্লাব৷
চমুকৈ ইলেভেন ষ্টাৰ এফ.চি.৷ এই নৱজীৱনৰ অৰ্থে দৰকাৰ হোৱা সঞ্জীৱনীকণৰ যোগান ধৰোঁতা
নিশ্চয়কৈ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগেই বুলিব
লাগিব৷ গুৰি ধৰোঁতাজনকো ‘অকব’ৰ পাঠকে নিশ্চয়কৈ চিনি পাব৷
গাড়ীখন ৰখাই গপগপকৈ সোমাই আহিল চিনাকি মানুহজন৷
‘চিঠি এখন বনাই দিয়াচোন৷ আজিয়েই
লাগে৷ খেলা-ধূলাৰ উন্নতি সাধনৰ জৰিয়তে সামাজিক উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ দেওবাৰে
মিটিং এখন পাতিছোঁ৷’
সিমান কথাই যথেষ্ট৷ গম পাই গ’লোঁ পিছৰখিনি৷ পকেটৰ পৰা উলিয়াই
তেওঁ কাগজ এখন দেখুৱালে৷ ক্লাবৰ এমব্লেমটো কাঠ পেন্সিলেৰে আঁকিছে৷ ‘এইটো চোৱাচোন৷ ফ্ৰী টাইমত বনাই
থ’বা৷ ফ্লেগ আৰু জাৰ্চিৰ ডিজাইনো কৰি দিব
লাগিব, মৰ্ণিং ষ্টাৰৰ কৰি দিয়াৰ নিচিনাকৈ৷’
এল. পি. স্কুলতে মিটিংখন হ’ল৷ পুনৰুজ্জীৱিত হ’ল ইলেভেন ষ্টাৰ ক্লাব৷ ফুটবলৰ
নামত জীৱনৰ সুদীৰ্ঘ, একাংশ সময় উচৰ্গা কৰা পুতুলদাই ইয়াত অনুঘটকৰ ভূমিকা লৈছে৷ ফুটবল
বুলিলে উৎসাহৰ অন্ত নাই৷ তেনে উৎসাহৰে বশৱৰ্তী হৈ একেদিনাই এমব্লেমটো ডিজিটেলাইজড কৰি
পেলালোঁ৷ কি আচৰিত! একেবাৰতে পুতুলদাৰো পছন্দ হৈ গ’ল৷ এলাপেছা কামেৰে এই মানুহটোক সন্তুষ্ট কৰাটো
অসম্ভৱ কিন্তু৷ মানসিকতা বুজি কাম কৰিব পাৰিলে হ’ব, নহ’লে বৰ মস্কিল!
বিদ্যালয় পৰ্যায়ত খেলা-ধূলাৰ অৱনতি আৰু ছাত্ৰ-ছাত্ৰীৰ
অনীহাক লৈ আমি সততে দুখবোধত ভোগো৷ চিন্তা কৰোঁ, কেনেকৈ আগৰ সোণালী সুদিনবোৰ ঘূৰাই অনা
যায়৷ এনুৱেল স্পৰ্টছ সঁচাকৈ হয়নে আজিকালি? নে বিদ্যালয় বুলিলে শিক্ষক-অভিভাৱক, পিতৃ-মাতৃয়ে
কেৱল এ বি চি ডি, ৱান টু থ্ৰি ফ’ৰ আয়ত্ত কৰা ঘৰ একোটাকহে বুজি আছে? অতীতৰ খেল-ধেমালিৰ মুকলি পৰিৱেশটো,
প্ৰকৃতিৰ সৈতে মিতিৰালি পতা মুহূৰ্তবোৰ ক’ত হেৰাই গ’ল? সকলোকে যেন লাগে একো একোজন পাঠ্যপুথিবিশাৰদ সন্তান!
শ্ৰেণীকোঠা, টিউচন, কোচিং ক্লাছ, মাৰ্কচিট, পিঠিৰ বেগটোৰ বাহিৰে চিনাবলৈ আন একো নায়েই
যেন!
অলিয়ে-গলিয়ে, যেনিয়ে-তেনিয়ে বিদ্যালয় কিছুমান স্থাপন
হোৱাটো নিশ্চয় দৃষ্টিগোচৰ নোহোৱাকৈ কাৰো থকা নাই৷ পিছে, ন্যূনতম হিচাপত, শিক্ষানুষ্ঠানবোৰৰ
নিজাববীয়া খেলপথাৰ একোখন আছেনে? খেলৰ সা-সুবিধাবোৰ কেনেকুৱা? গেইম ফিজ নোলোৱাকৈ আছে
জানো? তাৰ বিপৰীতে প্ৰশিক্ষণ আগ বঢ়োৱা হৈছেনে? প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছেনে? অধ্যয়নৰ
সমান্তৰালভাৱে অনেক বিষয়ৰে বিকাশ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীবোৰৰ হ’ব লাগিব৷ স্তৰ অনুযায়ী প্ৰয়োজনীয়
সা-সুবিধা তেওঁলোকক দিব লাগিব৷ এই সকলোবোৰ মিলিয়েইটো স্কুলীয়া জীৱনটো৷ তেতিয়া হ’লে কণমানিহঁত বঞ্চিত হ’ব কিয়? শিক্ষাৰ অৰ্থ কেৱল কিতাপ
পঢ়া, পৰীক্ষা দিয়া, নম্বৰ গোটোৱাতে সীমাবদ্ধ নিশ্চয় নহয়৷ এনে সংকীৰ্ণতাই আজি প্ৰজন্মৰ
পিছত প্ৰজন্মক অতি সন্তৰ্পণে আৰু অকালতে পক্ষাঘাত-আক্রান্ত ৰোগীৰ সমপৰ্যায়ৰ কৰি তুলিছে
বুলিলে চাগৈ একো ভুল কোৱা নহ’ব৷ এই অৱস্থাটোৰ পৰা আমাক যিমান পাৰি সিমান সোনকালে পৰিত্ৰাণ লাগে৷
বিদ্যালয়বিলাকৰ এনে ধৰণৰ বঞ্চনাক আমি তুৰন্তে বুজি উঠিব লাগিব আৰু ইমানতে প্ৰতিৰোধ
কৰিব পাৰিব লাগিব৷ তাৰ বাবে ইচ্ছুকসকল একগোট হোৱা আৰু ইতিবাচক পদক্ষেপ লোৱাটো বৰ জৰুৰী
কথা হৈ পৰিছে৷ খেলা-ধূলাৰ উন্নতি কৰণৰ জৰিয়তে সামাজিক উন্নয়ন সাধিবলৈ সমাজত নিষ্ঠাৱান
ক্রীড়া সংগঠক এচামৰ অতিকৈ প্ৰয়োজন হৈছে৷
ফুটবলক ভাল পোৱা একাংশ ক্রীড়া সংগঠকৰ আন্তৰিক প্ৰচেষ্টাত,
আমাৰ ইয়াত তাকেই কৰা হ’ল যোৱাটো দেওবাৰে৷ আপোনাৰ অঞ্চলত
একা?
No comments:
Post a Comment