Saturday 28 February 2015

কুলিৰ মাতত সাৰ পালোঁ আজি...
(গল্প নহয়, সত্য)



কুলিৰ মাতত সাৰ পালোঁ আজি দোকমোকালিতে৷ বৰ হেঁপাহেৰে বহু পৰলৈ কাণ পাতি শুনি থাকিলোঁ তাৰ কূ-উ কূ-উ প্ৰাণস্পৰ্শী, হৃদয়গ্ৰাহী পঞ্চম সুৰধ্বনি৷ অনেক বিহগৰ উদ্দাম-উচ্ছাসপূৰ্ণ কাকলি-কলৰৱেৰে মুখৰিত বাসন্তিক পুৱাৰ এই পৰিৱেশটো ইমানযে উপভোগ্য! উঃ, শুনি থাকিবৰে ইচ্ছা যায়৷ কুহু কুহু সুৱদিসুৰীয়া মাতেৰে স্বকীয় ভাব-অনুভূতি প্ৰকাশি যেন সকলোকে পিছত থৈ শীৰ্ষত আৰোহণ কৰিলেগৈ সি! তেনেহেন লাগিল৷

সদায় সোনকালে শোৱাপাটী এৰাৰ অভ্যাস৷ এনেয়ে হলে মবাইল ফোনত এলাৰ্ম দি ৰখা যায়৷ আজিও দিয়া হৈছিল৷ পিছে কুকিলৰ মৌবৰষা আকুলতাই এলাৰ্মৰ কৰ্কশতাক হেলাৰঙে চেৰ পেলালে৷ কাণ ফলা এলাৰ্মৰ কি প্ৰয়োজন, যদি পক্ষীৰ শ্ৰুতিমধুৰ মূৰ্চ্ছনাই সেই ঠাই লয়? চৰাইৰ মাতত ৰাতি পুৱাল আজি৷ তাৰ পাছতে প্ৰাতঃকৰ্ম৷ তাৰ পাছত প্ৰাতঃভ্ৰমণ৷ নিত্যনৈমিত্তিক কাম-কাজ৷ নতুন এটা দিনৰ প্ৰস্তুতি৷

‘জাৰ হ’লে অন্ত, আহিব বসন্ত, পছোৱা বলিব জোৰ৷ তেতিয়া আহিম, আকৌ নাচিম, ধৰিম গানৰ সুৰ’ বুলি গ’লবেলি যাওঁতেই কৈ গৈছিল সি৷ শীতকাল অন্ত পৰাৰ লগে লগে, ঋতুৰাজৰ আগমন ঘটাৰ সময়তে পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সোঁশৰীৰে উপস্থিত এয়া৷ সেয়া গম পাই গৈছোঁ তাৰ যাদুকৰী ঐক্যতান পুৱা বিছনাতে মোৰ কৰ্ণপটহত গুঞ্জৰিত হোৱা মাত্ৰকে৷ সেয়া কেৱল তাৰ প্ৰিয় ঋতু কুসুমাকৰৰ আগমনী-বাৰ্তাই নহয়, সেই আকৰ্ষণীয় আৰু প্ৰাণ-চাঞ্চল্যকাৰী ধ্ৰুপদী স্পন্দনে প্ৰাণ-প্ৰাচুৰ্যৰে আমাকো সমুজ্জ্বল কৰি তুলিছে, জীৱনৰ বাটত৷

মোৰ চৌপাশৰ পৰিৱেশ এতিয়া এনে৷
আপোনালোকৰ ফালে কেনে? জনাবচোন৷
দম, উদ্যম ইত্যাদি...
(গল্প নহয়, সত্য)

কিতাপৰ কামত একান্তভাৱে জড়িত থকাৰ সূত্ৰে বিভিন্নজন ব্যক্তিৰ সৃষ্টিৰ উপৰি জীৱনচৰিত আংশিকেই হওক, পূৰ্ণাংগভাৱেই হওক, অধ্যয়নৰ সুযোগ মই হাততে পাওঁ৷ সেই মানুহ বিখ্যাত নহ’ব পাৰে বা জনপ্ৰিয়ও নহ’ব পাৰে, কিন্তু তেওঁলোকৰ জীৱন সম্পৰ্কীয় সত্য তথ্যবোৰত নিমগ্ন থাকি মনুষ্য জীৱনৰ সৰু-বৰ আৰু বিচিত্ৰ ৰূপ-বাক-চিত্তৰ দৰ্শন মই লাভ কৰোঁ৷ মোৰ বাবে সেইটো সৌভাগ্য আৰু আনন্দৰ বিষয়৷

সম্প্ৰতি প্ৰস্তুতিৰ তুংগত থকা বৃহৎ কলেৱৰৰ কিতাপ এখনৰ আলোচ্য মানুহজন হৈছে ছামছিং হাঞ্চে৷ নামটো বহুতে হয়তো শুনিছে, বহুতে হয়তো শুনা নাই৷ প্ৰয়াত হাঞ্চেদা একেধাৰে বহু কিবাকিবি আছিল৷ নিজৰ ৰচনাত এজনে নিৰ্দ্বিধাই কৈছে, 'ছামছিং হাঞ্চে ৰত্নাকৰৰ পৰা বাল্মীকি হৈছিল'৷ সবিস্তাৰে লিখা ৰত্নাকৰী কাৰ্যকলাপৰ লগতে সৃষ্টিৰাজিৰ বৰ্ণনা পঢ়ি কথাটোত ময়ো পতিয়ন গৈছোঁ৷ আনহাতে, মই বিশ্বাস কৰোঁ, অসম সাহিত্য সভাৰ তিনিচুকীয়া অধিৱেশনত পৰৱৰ্তী অধিৱেশনখন ডিফুলৈ আমন্ত্ৰণ জনোৱা, পিছত চৰকাৰী অসহযোগিতা সত্ত্বেও ৰাইজৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতাত সভাৰ ৪৯ সংখ্যক অধিৱেশন ডিফুৰ ৰাংছিনা নগৰত ১৯৮২চনত সুকলমে আৰু স্মৰণীয় ৰূপত অনুষ্ঠিত কৰিব পৰাৰ বাবে যিজন মানুহৰ নাম এক নম্বৰত থ'ব লাগিব, সেইজন হৈছে ছামছিং হাঞ্চে৷ ‘ভাইটি ছামছিঙৰ হে’ হাঈমু কাহিনী...’ বুলি ভূপেনদাই সেই সময়তে সাহিত্য সভাৰ মঞ্চত গাইছিল, ‘ডিফু হ’ল তোমাৰে নাম হওক মংগল তোমাৰ’ গীতত৷ সেয়া এক বিৰল স্বীকৃতি, এক বিৰল মৰ্যাদা৷

এইটো কথা অকপটে ক’বই লাগিব যে দুৰ্দান্ত পুৰুষ আছিল ছামছিং হাঞ্চে৷ তেওঁৰ দেউতাকে হেনো আনৰ আগত এইবুলি কৈছিল... ‘হি-ঈ কাপাংৰেং ছুংত্ৰুং ছিতা চেনাং মুচত’৷ অৰ্থাৎ, অসুৰক পোহ মনোৱাটো টান কাম কিন্তু ফলাফল সোনকালে পোৱা যায়৷ নিজৰ নিজৰ লেখাত বহুতে বহুত ধৰণে কৈছে এই মানুহজনৰ কথা-কাণ্ডবোৰৰ সন্দৰ্ভত৷ এনে এটা ঘটনাবহুল জীৱনক উপলক্ষ্য কৰি, সম্পাদকৰ দ্বাৰা নিৰ্বাচিত বিভিন্নজন লেখকৰ কাপেৰে নিগৰি অহা স্মৃতিচাৰণ আৰু বৰ্ণনা-বিশ্লেষণৰ মাজত সোমাই আছোঁ এইকেইদিন৷ বিষয় ছামছিং হাঞ্চে৷

এতিয়ালৈকে যিখিনি পাইছোঁ, কম শব্দত ক’বলৈ হ’লে, হাঞ্চেদাৰ গাত দুটা বস্তু বিশেষভাৱে আৰু অতি শক্তিশালী ৰূপত আছিল বুলি মোৰ ধাৰণা হৈছে৷ সেয়া হৈছে তেওঁৰ দম আৰু উদ্যম৷ দমৰ বাবে মানুহে তেওঁক সমীহ কৰি চলিছিল, ফাঁকি মাৰিবলৈ ভয় খাইছিল, অলপধতুৱা আৰু সোপাঢিলা চৰিত্ৰৰ মানুহে হাঞ্চেদাৰ কাষ চাপিবলৈ বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছিল৷ আনহাতে, উদ্যমৰ বাবেই তেওঁ মানুহৰ পৰা অকুণ্ঠ সহযোগিতা লভিছিল, ফলত বৃহৎ উদ্দেশ্য সাধন কৰিবলৈ সক্ষম হৈছিল৷ এই দুটা ৰূপৰ গৰাকীজন দৰাচলতে সিংহপুৰুষ৷ কোনেও কোৱা নাই যদিও প্ৰয়াত হাঞ্চেদাক মোৰ ‘সিংহপুৰুষ’ বুলিবৰ মনে মনে ইচ্ছা যায়৷ উভয়ৰে প্ৰকাশ কাৰ্যতঃ মই দেখা পাইছিলোঁ৷


'কপৌ চৰাইৰ দৰে কলিজা লৈ মানুহে জন্ম ল'ব নালাগে৷ মানুহে জন্ম ল'ব লাগে বাঘ বা সিংহৰ দৰে কলিজা লৈ৷' এইষাৰ বাক্য এনে এখন মুখৰ পৰা নিৰ্গত হৈছিল, কথাৰ লগে লগে যাৰ কামতো তাৰ পূৰ্ণ প্ৰতিফলন দেখা গৈছিল, সেইজন সিংহপুৰুষ নহৈ কি? সেই মানুহজনৰ সাহস-মৰসাহসৰ জ্বলন্ত প্ৰমাণ দাঙি ধৰা অনেকজন সুধীৰ বৰ্ণনা পঢ়ি-লিখি-বুজি আকৌ এবাৰ ভাবিছোঁ, সিংহবিক্ৰমী এই পুৰুষজন বৰ সোনকালে গ'লগৈ৷

আশা কৰোঁ প্ৰস্তাৱিত কিতাপখনে মানুহক দম আৰু উদ্যমৰ প্ৰয়োজনীয়তা আৰু কাৰ্যকাৰিতাৰ বিষয়ে শিকাব৷

Friday 27 February 2015

মই ডিফুৰ পৰা যোৱা বুলি কোৱাত নিজৰ লৰাক পোৱা যেনেই লাগিছিল তেওঁলোকৰ৷ ...
শনিবৰীয়া মোৰ আলহীত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডাৰ এয়া দশম তথা অন্তিম খণ্ড৷
………………………..


কানাডাত ১৩দিন কটালোঁ যদিও তাৰ বৰ্ণনা চমুকৈ দিলোঁ৷ 

এম.ডি.আৰ.টি. কনফাৰেন্সৰ জৰিয়তে মই আজিলৈকে ইউ.এছ.এ., জাৰ্মানী, কানাডা আৰু ইংলেণ্ডত ভৰি থোৱাৰ সুযোগ পাইছোঁ৷ সেই মহানগৰসমূহ হল Los Angeles, Hollywood, Irvine, Stanton, Anaheim, Santa Monica, Frankfurt, Disneyland, London, Las Vegas, Venice, Huntington আৰু বহুতো সৰু সৰু ঠাই৷

নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলে মোৰ এই ভ্ৰমণ-লেখা পঢ়িলে সহজেই বুজিব পাৰিব, জীৱন বীমাৰ কাম-কাজ মনোযোগেৰে কৰিলে জীৱিকা কেনে আনন্দ আৰু সন্মানৰ হব পাৰে৷ এই লিখনিৰ যোগেদি উঠি অহা যুৱক-যুৱতীসকলক অকল চৰকাৰী চাকৰি আৰু ঠিকা-ঠুকলিৰ ওপৰত নিৰ্ভৰ নকৰি এই মহান জীৱিকাক আঁকোৱালি লৈ নিবনুৱা সমস্যাৰ সমাধান কৰাত সমাজলৈ বৰঙণি আগ বঢ়োৱাৰ লগতে নিজৰ জীৱনটোও উজ্জ্বল ভৱিষ্যতৰ পিনে লৈ যোৱাত নিজেই আদৰ্শ হোৱাৰ লগতে আনকো পথ দেখুৱাবলৈ আৱেদন জনালোঁ৷ যি কোনো ভাল কাম প্ৰথমে অসম্ভৱ যেনেই লাগে৷ ভুল কৰিলেহে শিকা হয়৷ এতিয়াও আমি অনিচ্ছাকৃতভাৱে অনেক ভুল কৰোঁ৷ এতিয়াও আমি শিকি আছোঁ৷ ভুল স্বীকাৰ কৰাটো এটা ভাল কথা৷

বিদেশত ভাৰতীয় জাতীয় পতাকাখন লোৱা মুহূৰ্তটো মোৰ কাৰণে সবাতোকৈ আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত আছিল৷ মোৰ এইবাৰৰ কানাডা ভ্ৰমণ আৰম্ভ হোৱাৰ কিছুদিন পিছতেই ব্ৰাজিলত বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল৷ Scarborrouh Town Centre Hallত বিশ্বকাপ ২০১৪ৰ প্ৰথম মেচখন ব্ৰাজিল আৰু ক্রক্সৱেচিয়াৰ মেচখন বিশাল স্ক্ৰীণ এখনত চোৱাৰ সৌভাগ্য হৈছিল৷ অষ্ট্ৰেলিয়া আৰু নেডাৰলেণ্ডছৰ মেচখন লণ্ডনৰ Dinning Street Restaurantত বহি আৰু বাকীকেইখন খেল ডিফুলৈ ঘূৰি অহাৰ পিছত ডাইহাৰ্ট জাৰ্মান ফেন পুতুল বৰাৰ বাসভৱনত৷ তিনিখন দেশত একেখন বিশ্বকাপৰ মেচ চোৱাৰ নজিৰ আৰু আনন্দই বেলেগ৷ জাৰ্মানী চেম্পিয়ন হোৱাৰ পিছত পুতুল বৰাৰ ঘৰত আনন্দোৎসৱত খোলা Jim Bim Whiskyৰ বটলটো মই তাক ২০১২ত জাৰ্মানীৰ ফ্ৰেংকফুৰ্টৰ পৰা আনি দিছিলোঁ৷ ২০১৪ত লণ্ডনৰ পৰা Lansen Champeignৰ বটল এটা আনি উপহাৰ দিছিলোঁ, এইবাৰ আনন্দোৎসৱৰ বাবে৷

আমেৰিকা আৰু কানাডাত সকলো ধৰণৰ পৰিৱেশ আপুনি পাব৷ সেই সকলো পৰিৱেশেই বৈধ৷ আপুনি এজন ক্রেতা হিচাপে উপভোগৰ যিকোনো সামগ্ৰী বা পণ্য কিনাৰ ক্ষেত্ৰত পূৰ্ণ অধিকাৰ বা ক্ষমতা লাভ কৰিব৷ কিন্তু তাৰ মাজত ৱাইন আৰু গাখীৰ, কোনটো বাছি লয়, সেয়া নিজৰ ইচ্ছাৰ কথা৷ আপুনি নিজকে নিয়ন্ত্ৰণত ৰখাটোও একান্তভাৱে আপোনাৰ কথা৷

আমেৰিকা আৰু কানাডা চোৱাৰ পিছত এটা প্ৰশ্ন মোৰ মনলৈ বাৰে বাৰে আহে৷ অহা ২০০বছৰত আমাৰ দেশে পাৰিবনে সেই পৰ্যায়লৈ যাব? এয়া মোৰ ব্যক্তিগত চিন্তাহে৷ মোৰ মতে নহব৷ আনহাতে মোৰ মনৰ এই ধাৰণা ভুল বুলি প্ৰমাণিত হলেহে মই আচলতে জয়ী হম৷

বিদেশ যাত্ৰা সম্পৰ্কীয় লেখা এটি যুগুতাবৰ বাবে বহুজনে মোক প্ৰেৰণা যোগাইছিল৷ যদিও লেখক হিচাপে সামান্যভাৱে সফল হৈছোঁ বুলি ভাবিছোঁ, কৃতিত্বৰ সিংহভাগ কিন্তু তেওঁলোকৰহে৷ মোৰ এই বিদেশ ভ্ৰমণৰ প্ৰায় ছঘণ্টীয়া ভিডিঅ আৰু প্ৰায় দুই হাজাৰৰো অধিক ফটোগ্ৰাফ সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷ অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে এই ভ্ৰমণ-লেখা ইমানতে সামৰিলোঁ৷

ধন্যবাদ৷ নমস্কাৰ৷


নাৰ্ছিংহোমবোৰ যদি একো একোখন 
ইনডৰ ষ্টেডিয়াম হল হয়!


বেমাৰ আৰু ৰাজনীতি... এই দুবিধ আলোচনাৰ পৰা নিজকে নিলগত ৰাখোঁ৷ কোনোবা বন্ধুৱে বেমাৰ, দৰব, নাৰ্ছিংহোম, আই.চি.ইউ. আদিৰ কথা পাতি থকা যেন পালে প্ৰসংগ সলনি নোহোৱালৈকে অকণমান আঁতৰত ৰওঁ৷ একেদৰে ৰাজনীতি বিষয়ক কথাতো ফালৰি কাটোঁ৷ এই দুইৰে অভিজ্ঞতা একেবাৰে নাই৷ আন কথাত, ডাক্তৰ নহওঁ৷ এতেকে কাৰো প্ৰাণ বচাব নোৱাৰোঁ৷ ৰাজনীতিকো নহওঁ৷ গতিকে দেশ বচাবও নোৱাৰোঁ৷ বিপৰীতে, কিছুমান মানুহক লক্ষ্য কৰোঁ, ৰাজনীতিৰ কথা এনেকুৱাকৈযে কব পাৰে! আচৰিত হওঁ আৰু মনতে ভাবোঁ, এই এক্সপাৰ্টজন কিয়যে মন্ত্ৰীসভাত নাই? মুখ্য মন্ত্ৰীৰ মুখ্য উপদেষ্টা হিচাপে তেওঁহে ফিট মানুহ আছিল৷ আন কিছুমানে আকৌ বেমাৰ আৰু দৰবৰ বিষয়ে বহুত কথাই জানে৷ তেতিয়া ভাবোঁ, মূধাফুটা চিকিৎসকেই কিজানি ইমানখিনি নাজানে! কিবা ভুলক্রমেহে এওঁ নোবেল বঁটা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে! জীৱন পথত এনেকুৱা মানুহবোৰ পাওঁ আৰু কথা-বতৰাত বিস্মিত হওঁ৷

নিজৰ সাধাৰণ মগজুৱে ঢুকি পোৱা চিন্তাৰে মাজে মাজে অইন এটা কথা ভাবোঁ৷ নাৰ্ছিংহোমবোৰ যদি একো একোখন ইনডৰ ষ্টেডিয়াম হল হয়! সেইবোৰ এনেকুৱা একোটা শক্তিশালী ৱেলনেচ চেণ্টাৰ হোৱাটো বিচাৰোঁ যাৰ সংস্পৰ্শত থাকিলে মানুহৰ বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনাই নাই৷ সেইবোৰ হব লাগে স্বাস্থ্য, খাদ্য আৰু ক্রীড়া প্ৰশিক্ষণৰ কেন্দ্ৰস্থল৷ এক্সচাৰচাইজ এণ্ড ফিটনেচ, জিমনেছিয়াম, ৰেকেট এণ্ড কৰ্ট গেমছ, চুইমিং পুল, ইনডৰ ফুটবল, লাইব্ৰেৰী ইত্যাদি ইত্যাদিবোৰৰ হাই-টেক ব্যৱস্থাপনাৰে ভৰি থাকিব লাগে প্ৰতিটো কেন্দ্ৰ৷ তাত শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা প্ৰত্যেক মানুহকে নিয়মিত চৰ্চা কৰাৰ সুবিধা দিব লাগে৷

ত-ততযে মেডিকেল কলেজবোৰ নিৰ্মাণ কৰি থকা হৈছে (আমাৰ ঘৰৰ পিছফালেও এখন হৈ আছে) সেইবোৰৰ সংখ্যাধিক্যই মানুহৰ স্বাস্থ্যৰ আগতকৈ অৱনতি হৈছে বুলিয়ে স্পষ্ট ইংগিত বহন কৰা নাইজানো? স্বাস্থ্য যদি ভালেই, তেতিয়াহলে চিকিৎসালয় লাগে কিয়? যিমানেই হস্পিতাল বাঢ়িব, ফাৰ্মাচী বাঢ়িব, লেবৰেটৰী বাঢ়িব, বুজি পাব লাগিব যে বেমাৰ-আজাৰ বাঢ়ি আছে৷ বুজিব লাগিব যে মানুহ শাৰীৰিক, মানসিক, স্নায়ৱিকভাৱে পূৰ্বতকৈ দুৰ্বল হৈছে আৰু জীৱনো ক্ৰমে হানিৰ দিশেহে গৈ আছে৷ এতেকে এইবোৰ ৰোধ কৰা দৰকাৰ৷ দৰব, ইনজেকচন, অপাৰেচন, ডাক্তৰ, নাৰ্চ এইবোৰৰ প্ৰয়োজন নাথাকিবহে লাগে৷ সেইবোৰ কমাবলৈহে আঁচনি লব লাগে৷ গতিকে নিৰোগী আৰু স্বাস্থ্যৱান হবলৈ যি যি কৰিব লাগে, যি তৰহৰ খাদ্য খাব লাগে, যি ধৰণৰ লাইফ ষ্টাইল অনুসৰণ কৰিব লাগে, যি পৰ্যায়ৰ চিন্তন-মনন, চৰ্চা আৰু বোধোদয় হব লাগে, তাৰহে উচিত প্ৰশিক্ষণ দিব লাগে, তাৰহে নিয়মিত কুচকাৱাজ চলিব লাগে, তাৰহে ইতিবাচক পদক্ষেপ লব লাগে৷

নিতৌ এঘণ্টা ষ্টেডিয়ামলৈ যোৱা মানুহ কিমান আছে? ‘মৰ্ণিং ৱাক ইজ গুড ফৰ হেলথ’ আপ্তবাক্যষাৰ নিৰহ-নিপানীকৈ জানিলেও প্ৰকৃততে কিমানে কৰে? বেমাৰৰ প্ৰতি ভয়াতুৰ মানুহৰ সংখ্যাটো হ’লে অসীম৷ তাক বুকুত হাত দি ক’ব পাৰি৷ নিজৰ জীৱটোৰ প্ৰতি, জীয়াই থকাৰ প্ৰতি মোহ বা মায়াই হৈছে ইয়াৰ একমাত্ৰ কাৰণ৷ আৰু প্ৰাণটোক যেনেতেনে বচাই ৰাখিবলৈকে নাৰ্চিংহোম লাগে!

জীৱটোৰ দৰে জীৱনো নিজা নিজা৷ জীৱন ধাৰণৰ ধৰণ-কৰণো নিজা নিজা৷ জীয়াই থকাৰ কলা আহৰণো ব্যক্তিগত বিষয়৷ সকলোৰে ঊৰ্ধ্বত গৈ মাথোঁ আশা কৰিব পাৰোঁ, সকলো মানুহ আজীৱন নিৰোগী হওক৷ ডাক্তৰ আৰু দৰৱৰ প্ৰয়োজন কমি আহক৷ সকলোজন স্বাস্থ্যৱান আৰু সবল হওক৷ নাৰ্ছিংহোম গুচি ইনড’ৰ ষ্টেডিয়াম হওক৷


Thursday 26 February 2015

অচিনাকি-চিনাকি, চিনাকি-অচিনাকি
(গল্প নহয়, সত্য)



.এক. (অচিনাকি-চিনাকি)

দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানৰ আক্রমণ প্ৰতিহত কৰিবলৈ আমেৰিকা আৰু মিত্ৰশক্তিয়ে অসমৰ দুৰ্গম পাটকাই পাহাৰ ভেদ কৰি লিডুৰ পৰা ব্ৰহ্মদেশ হৈ চীনৰ কুনমিঙলৈ ১৭২৬কিল'মিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ কৰিছিল৷ ১৯৪২চনত সজা সেই ঐতিহাসিক পথটোৰ নাম ৰখা হৈছিল ষ্টিলৱেল ৰড৷

ইতিহাস বিজড়িত সেই ষ্টিলৱেল পথেৰে ম্যানমাৰৰ অন্তৱৰ্তী, লেক অব ন ৰিটাৰ্ণলৈ যোৱাৰ প্ৰস্তুতি চলিছে আমাৰ৷ ভ্ৰমণলৈ ওলোৱাৰ আগতে প্ৰস্তুতি ভাল হোৱা দৰকাৰ৷ দৰকাৰী লাম-লাকটুলৈকে লগত লোৱাটোৰ সমানে সমানে অধ্যয়নো গুৰুত্বপূৰ্ণ৷ নহলে ভ্ৰমণ সফল নহবও পাৰে৷ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা, স্পাইৰেল বাইণ্ডিং কৰি লোৱা ষ্টাডি মেটেৰিয়েলখিনি ইতিমধ্যে মস্ত এটা ফাইলত পৰিণত হৈছেই৷ দুটা ভাগত বিভক্ত আমাৰ দহজনীয়া মাৰ্ক পল এডভেন্সাৰ টীমৰ যো-জা তুংগত থকাৰ সময়তে হঠাতে আকৌ খবৰ পালোঁ, এখন নতুন কিতাপৰ৷ ষ্টিলৱেল পথ আৰু দ্বিতীয় মহাযুদ্ধৰ কাহিনীক লৈয়ে কিতাপখন ৰচনা আৰু প্ৰকাশ কৰা হৈছে ডিচেম্বৰ ২০১২ত৷ গতিকে অৱশ্যেই পঢ়ি লব লাগিল৷ যাত্ৰাসংগী এজনৰ হতুৱায়ে অনোৱালোঁ কিনাই, গুৱাহাটীত চলি থকা বুক ফেয়াৰৰ পৰা৷ লগে লগে পঢ়া আৰম্ভ৷ জানুৱাৰীৰ ঠাণ্ডা৷ ঘৰৰ ভিতৰত ঠেঁটুৱৈ ধৰে৷ হলেও উৎসাহতে ৰাতিপুৱা সোনকালে উঠি যাওঁ৷ পিছফালৰ পানী উতলোৱা চালিখনৰ তলত জুইকুৰাৰ কাষত বহি একান্তমনে পঢ়িব ধৰিছোঁ৷ হাতত পেন্সিল এডাল বা কলম এটা৷ দৰকাৰী তথ্য পালেই আণ্ডাৰলাইন কৰোঁ৷ ছপা আখৰ নথকা ঠাইত মনত দোলা দিয়া কিবা-কিবি কথা লিখিও পেলাওঁ ততালিকে৷ সঁচা পটভূমি আৰু এডভেন্সাৰধৰ্মী কাহিনীটো ভাল লাগিছে৷ ইফালে বৃহৎ ভলিউমৰ কিতাপখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৫২৬৷ দিনে-ৰাতিয়ে পাত লুটিয়াইছোঁ যদিও সময়ৰ নাটনি হৈছেগৈ৷ গতিকে আমাৰ ভ্ৰমণৰ লক্ষ্যস্থল পৰ্যন্ত পঢ়ি ললোঁ আৰু ১৯জানুৱাৰীৰ নিশাৰ ৰে'লত যাবলৈ ওলালোঁ৷ প্ৰসিদ্ধ আৰু বহুচৰ্চিত ইণ্ডিয়ান বাৰ্মুডা ত্ৰায়েংগলৰ পৰা সুকলমে ঘূৰি আহি কিতাপখন পুনৰ মেলি ললোঁ আৰু কাম-কাজৰ মাজে মাজে ধীৰে-সুস্থিৰে পঢ়ি আগৰ ৰৈ যোৱা অংশটো শেষ কৰিলোঁ৷ পটভূমি পৰিভ্ৰমণ কৰি অহাৰ বাবে কাহিনীটো মোৰ বাবে অধিক প্ৰাণস্পৰ্শী আৰু কল্পনা তথা ৰসস্বাদন কৰাত অতি সহজ হৈ পৰিল৷ শেষ কৰাৰ পিছদিনা অৰ্থাৎ ৫.৬.২০১৩ তাৰিখে কিতাপখনৰ এঠাইত উল্লেখ থকা লেখিকাৰ দূৰভাষ নম্বৰত এছ.এম.এছ. পঠালোঁ৷

মই : নমস্কাৰ গ্ৰহণ কৰিব৷ এটা পথক ভিত্তি কৰি আপুনি ৰচনা কৰা '...' পঢ়ি বৰ ভাল লাগিল৷ জানুৱাৰী মাহত মই লেক অব ন ৰিটাৰ্ণলৈ যাত্ৰা কৰাৰ আগে আগে কিতাপখন কিনি আনি পঢ়িব আৰম্ভ কৰিছিলোঁ আৰু উক্ত অঞ্চল পৰ্যন্ত পঢ়ি দৰকাৰী কথাখিনি জানি লৈছিলোঁ৷ ঘূৰি আহি আকৌ হাতত তুলি লৈ লাহে লাহে পঢ়ি কালি ৰাতি শেষ কৰিলোঁ৷ মাজে মাজে বানান কেইটামান ভুল হৈ আছে৷ উল্লেখ কৰাৰ বাবে বেয়া নাপাব৷ হলেও আপোনাৰ প্ৰচেষ্টাক শলাগিবৰ ভাষা মোৰ নাই৷ আপোনাৰ কষ্ট সাৰ্থক হৈছে৷ ৰাধাৰ মৃত্যু আৰু শুদা হাতে নিজ দেশলৈ উভতা জৰ্জৰ কথা ভাবি বৰ দুখ লাগিল৷ বীৰছাক এঘোচা দিবলৈ মন গৈছিল মোৰ৷ '...'ক আপুনি টিভি চিৰিয়েল কৰাৰ কথা ভাবিব পাৰে৷ আনহাতে লিডুৰ পৰা কুনমিঙলৈ ষ্টিলৱেল পথেৰে যোৱাৰ বাবে মোৰ বৰ ইচ্ছা আছে৷ আপোনাৰ পৰা মই এই বিষয়ে জানিব বিচাৰোঁ৷ আন্তৰিক ধন্যবাদেৰে...

লেখিকা : আপোনাৰ মেচেজ পাই ভাল লাগিল৷ মোক প্ৰেৰণা দিলে৷ আপুনি যোগাযোগ ৰাখিলে ভাল লাগিব৷

মই : উত্তৰ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ৷ নিজৰ নিৰ্বাচিত গ্ৰন্থ অধ্যয়ন কৰা মই এজন সামান্য পাঠকহে৷ পৰামৰ্শ দিয়া মানুহ নহওঁ যদিও আন্তৰিকতাৰে কওঁ যে আপুনি কোনেও নভবা বিষয়-বস্তুৰে ধৈৰ্য সহকাৰে আগ বাঢ়িলে যিমান কষ্ট হলেও সফল হবই৷ সৃষ্টিৰ প্ৰকৃত আনন্দও তাতেই৷ গৈ থাকক, নৰব৷ শুভেচ্ছা থাকিল৷

লেখিকা : পুনৰ ধন্যবাদ৷ আপোনালোকৰ দৰে পাঠকেই আমাৰ বাবে উৎসাহ আনে৷

.দুই. (চিনাকি-অচিনাকি)

দুৰ্গা পূজাৰ সময়৷ এইবাৰ কলৈ যাওঁ? মনস্থ কৰিলোঁ শ্বিলং, চেৰাপুঞ্জী, মাউলিননং, ডাউকি, তামাবিল৷ লগত ওলাল পৰিবাৰ আৰু ওচৰৰে এক বন্ধু৷ ৩.১০.২০১৪ তাৰিখে মাউলিননং সোমাই ডাউকি পালোঁগৈ৷ গাড়ী ৰখাই ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিৰ পইণ্ট পৰ্যন্ত খোজ কাঢ়ি গৈ চাই-মেলি উভতি আহি ঠিক গাড়ীত উঠিম আৰু৷ তেনেকুৱাতে ধূলি উৰুৱাই ক্রীমৰঙী বলেৰ এখন আহি ৰলহি৷ আমি আৰোহীসকললৈ চালোঁ৷ তেওঁলোকেও আমালৈ চালে৷ অচিনাকি৷ হলেও অসমীয়াই হব যেন লাগিছে৷ তেওঁলোকক তাতে এৰি আমি ঘূৰিলোঁ৷ সিদিনা মেঘালয় বন্ধ আছিল৷ ভোকটোৱেও বেয়াকৈ আমনি কৰিছিল৷ ডাউকিৰ মূল পথ সংলগ্ন গলি এটাত হোটেল এখন খোলা দেখা পালোঁ৷ সোমাই দিলোঁ৷ তাতে পুৰী-ভাজি, চাহ-পানী আদি পাই খাই আছোঁ৷ তেনেকুৱাতে অথনিৰ বলেৰখনৰ মানুহখিনিৰ আবিৰ্ভাৱ ঘটিল৷ তেওঁলোকৰো একে দশা৷ ভোক লাগিছে৷ ইফালে দোকান-বজাৰ বন্ধ৷ তেওঁলোকেও খোৱাৰ বিষয়ে সুধিলে৷ অসমীয়া মাত-কথা ভাহি আহিল৷ মোৰ কাষতে বহি পৰা কম বয়সীয়া ভদ্ৰমহিলাগৰাকীক পোনেই সুধি পেলালোঁ, ৰ পৰা আহিছে বুলি৷ কলে, যোৰহাটৰ পৰা৷ আমাকো সুধিলে, আপোনালোক ক বুলি৷ কলোঁ, ডিফুৰ৷ কথা সিমানেই৷ আমাৰ খোৱা হলত আপোনালোকে খাওক দেই, আমি আগ বাঢ়োঁ বুলি ওলাই আহিলোঁ৷ বাটত তেওঁলোকৰ দ্ৰুতগতিসম্পন্ন গাড়ীয়ে আমাৰ মাৰুতি টেক্সীখনক পিছ পেলাই চাওঁতে চাওঁতেই কেঁকুৰিত অদৃশ্য হল৷ আহি আহি এঠাইত বলেৰখন ৰৈ থকা দেখা পালোঁ৷ গাড়ীৰ পৰা নামি ৰাস্তাৰ কাষত ৰৈ মেঘালয়ৰ পাহাৰৰ প্ৰাকৃতিক শোভা চোৱাত মগ্ন আটাইকেইজন৷ আমিও ৰলোঁগৈ সেই ঠাইতে৷ বন্ধৰ পৰিপ্ৰেক্ষিতত আন গাড়ী নাছিল৷ নামি গৈ আকৌ অথনিৰ গৰাকীকেই সুধিলোঁ, যোৰহাটৰ কৰ পৰা আহিছে আপোনালোক?লে, এটা পাৰ্টি মাজুলীৰ পৰা, এটা পাৰ্টি ডিব্ৰুগড়ৰ৷ বুজিলোঁ, তাৰ মানে দুটা পৰিয়াল মিলি আহিছে৷ মহিলা দুগৰাকীক দেখাত বাই-ভনী যেনো লাগিছে৷ আপোনালোক কত আছে? শ্বিলঙত৷ আপোনালোক? শ্বিলঙতে, হোটেলত৷ কাইলৈ চেৰাপুঞ্জীলৈ যাম৷ চেৰাপুঞ্জীলৈ গৈছেনে? আগতেই গৈছোঁ৷ এইবাৰ নাযাওঁ আৰু৷ শ্বিলঙৰ পৰাই ঘূৰিম৷ কথা পাতি থাকোঁতে মনটোৱে খুদুৱাইছে, এই মানুহজনীক কত দেখা পাইছোঁ, কত দেখা পাইছোঁ! উত্তৰটো হলে ধৰি আনিব পৰা নাই৷ আমি গৈ থাকোঁ, আপোনালোক আহিব দেই৷ এইবুলি বিদায় ললোঁ৷ ভদ্ৰমহিলাৰ মুখমণ্ডল মনৰ পৰ্দাত অলপপৰ অহা-যোৱা কৰি থাকিল৷ উত্তৰ উলিয়াব নোৱাৰিলোঁ পিছে৷

.তিনি. (অচিনাকি-চিনাকি)

মেঘালয় ভ্ৰমণৰ পৰা আহি ঘৰ পোৱাৰ কেইদিনমানৰ পিছত৷ ৯.১০.২০১৪ তাৰিখৰ দুপৰীয়া৷ চাওকহিচোন কিবা এটা বুলি হঠাতে পৰিবাৰ উধাতু খাই ওচৰ পালেহি আৰু নিজৰ লেপটপটোত সেই কিবাটো দেখুৱাবলৈ খৰখেদা লগালে৷ চাওঁগৈ যে স্ক্ৰীণত কেইখনমান ফটো৷ শ্বিলং-ডাউকি পথত তোলা শেহতীয়া স্নেপ৷ সিদিনা আমি লগ পোৱা ভদ্ৰমহিলাগৰাকী দেখোন! তৎমুহূৰ্ততে কিতাপৰ আলমাৰীত সুমুৱাই থোৱা '...'খন আনি জেকেটৰ চেকেণ্ড ফ্লেপত থকা ফটোখনৰে সৈতে মিলাই চালোঁ৷ হয়তো, এই মানুহগৰাকীকে আমি সিদিনা ডাউকিত দেখিছিলোঁ, চাহ দোকান আৰু ৰাস্তাৰ দাঁতিত লগ পাই কথাও পাতিছিলোঁ৷ ভালেহে মোৰ মনত তেতিয়া তোলপাৰ লাগি আছিল, কত পাইছোঁ কত দেখিছোঁ ধৰণৰ ভাব এটাই৷ উত্তৰটো লগে লগে উলিয়াব পৰা নাছিলোঁ৷ আজিহে পালোঁ৷ তেতিয়াই গম পোৱা হলে কত ধৰণৰযে ভাব বিনিময় হলহেঁতেন! নম্বৰটো কিতাপখনত আছিলেই৷ চয়-নিচয় কৰা যাওক বুলি ততালিকে প্ৰশ্ন এটা এছ.এম.এছ. কৰি দিলোঁ৷

মই : আপুনি বাৰু ২অক্টোবৰ তাৰিখে ডাউকিলৈ গৈছিল নেকি? অনুগ্ৰহ কৰি জনাবনে?

লেখিকা : অঁ গৈছিলোঁ৷ মই ভাবোঁ আপোনাক লগ পাইছোঁ৷ আপোনাৰ নম্বৰ মোৰ লগত ছেভ আছে৷ আপুনি '...' পঢ়ি এছ.এম.এছ. কৰিছিল৷

মই : ইস্‌, কি যে এক নাটকীয় মুহূৰ্ত! মই আপোনাৰ লগত তেতিয়া কথাও পাতিলোঁ৷ কিন্তু চিনিব পৰা নাছিলোঁ৷ বিশেষ নুসুধিলোঁ অৱশ্যে৷ গতিকে পায়ো হেৰুৱালোঁ৷ তাৰ বাবে এতিয়া মনত দুখ লাগি আছে৷ আজি অলপ আগতে মোৰ পৰিবাৰে ঘৰত কথাটো উলিয়ালতহে খেয়াল হল৷ লগে লগে আপোনাৰ কিতাপৰ পৰা আপোনাৰ নম্বৰটো লৈ এছ.এম.এছ. পঠালোঁ৷ আপুনি হয় বুলিলত আৰু ইস্‌-ইসাই আছোঁ৷ ব্ৰাজিল কেপ পিন্ধাজন মই আছিলোঁ৷ লগত পৰিবাৰ আৰু বন্ধু আছিল৷ আপুনি লিখি থাকিব৷ শুভেচ্ছা সদায় আছে৷ ধন্যবাদ৷

লেখিকা : মোৰো আচৰিত লাগিছে৷ চিনাকি হব পৰা হলে ভাল আছিল৷ লগ পাম দিয়ক৷ থেংকচ ফৰ মেচেজ৷

.চাৰি. (চিনাকি-অচিনাকি)

'অচিনাকি-চিনাকি, চিনাকি-অচিনাকি' লেখিকাগৰাকী হৈছে শ্ৰীমতী জুৰি বৰা বৰগোহাঞি৷ অসমীয়া উপন্যাস সাহিত্যৰ সম্প্ৰতি এইটো এটা পৰিচিত আৰু সন্মানীয় নাম৷ তেওঁৰ 'লিডলাম' উপন্যাসখনে কাহিনীৰ সাৱলীলতা, সংবেদনশীলতা, ভাষাৰ সুমিষ্টতা আৰু বাস্তৱৰ অনুপুংখ বৰ্ণনা শৈলীৰে অনেকজন পাঠকৰ লগতে মোৰো মন জিনিবলৈ সক্ষম হৈছিল৷ মূৰামূৰি সময়ত হাতত পৰিছিলহি যদিও ঔপন্যাসিকাগৰাকীৰ দীৰ্ঘদিনীয়া কষ্টসাধ্য পৰিশ্ৰমৰ ফচল 'লিডলাম'ৰ পঠন ষ্টিলৱেল পথেৰে লেক অব ন ৰিটাৰ্ণলৈ চলোৱা ভ্ৰমণত মোৰ বাবে বিশেষ সহায়ক হৈ পৰিছিল৷ অনুসন্ধিৎসুসকলে কিতাপখন পঢ়ি আনন্দ ল'ব পাৰে৷ চিনাকি-অচিনাকিৰ কথা নাই৷

Wednesday 25 February 2015

এইখন বজাৰৰ বিষয়ে 
একদম আইডিয়া নাছিল মোৰ
(গল্প নহয়, সত্য)



বাৰ হাজাৰৰ মাইক্রমেক্স কেনভাচ মবাইল হেণ্ডছেট এটা গোবিন্দই হেনো ছয় হাজাৰত কিনিলে৷ শুনি মই অবাক৷ কত্থা কৈলা না গানা গাইলা? মুখৰ আগত পোৱা হ'লে কিজানি এনেকৈয়ে ক'লোঁহয়৷ বাৰ হাজাৰৰ বস্তু আধা দামত কেনেকৈ? চুৰি মাল নেকি? দোকানত কিনিবলৈ গলে ছশ টকাও নকমায় দেখোন! তেনেস্থলত কত পালে অ তেওঁ? মোৰ প্ৰতিডাল প্ৰশ্নবোধক, ভাববোধকক একাষৰীয়া কৰি জিনিচটো তেওঁ সহাস্যে হাতত তুলি দিলে এদিন৷ কলে, এইটো চাওক দাদা৷ ল'লোঁ সিদিনা

তাৰ কেইদিনমানৰ পিছত নিজৰ ঘৰতে ঘটিল আচৰিত ঘটনা৷ ৰিবক আৰু লট্টৰ হাতঘড়ী দুটা৷ পেকেটত লিখি থোৱা এম.আৰ.পি. ২,৪৯৯.০০টকা, এটাত৷ লৰাই কিনিলে ৩৫৪.০০টকাত, দুটা৷ উভয় জাতৰে একোটাকৈ৷ মানে পাঁচ হাজাৰৰ ঘড়ী চাৰে তিনিশত! এইবাৰ মই সঁচাসঁচি হতবাক৷ গান নহয়, কথাই৷ নিজৰ কাণ দুখনক বিশ্বাস কৰিব নোৱাৰি এতিয়াও মাজে মাজে এনেয়ে দামটো তাক সোধোঁ৷ আৰু চিন্তা কৰোঁ৷ এটাত ১৭৭! কেনেকৈ সম্ভৱ অ'? নাজানো কি কেৰিজমা, কি ইকন'মিক্স এইবোৰৰ৷

মিছা বুলিবও নোৱাৰোঁ৷ চকুৰ আগতে ঘটাটোক ফাঁকি বুলিও নোৱাৰোঁ ক'ব৷ আনহাতে, প্ৰডাক্ট বেয়া বা ঠগাঠগিৰ বেপাৰো নহয়৷ বস্তু দেখোন ঠিকেই আছে৷ তেনেহলে বেচা-কিনা, লাভ-লোকচানৰ সমীকৰণটোহঁত কেনেকুৱা? গম নাপাওঁ৷ দৰকাৰো নাই অৱশ্যে সেইবোৰ জনাৰ৷ তথাপিও এনেয়ে ভাবি ৰলোঁ৷ লৰাই বুজালে, সেয়া বোলে অনলাইন শ্বপিং৷ আজিকালি তেনেকৈয়ে বজাৰ কৰা উচিত৷ পছন্দ কৰিব লাগে৷ এড্ৰেছ দিব লাগে৷ পে কৰিব লাগে৷ ঘৰত দি গ'ল৷ বচ, কাহিনী শেষ৷ ন' হে'ডএ'ক৷ কথাৰ লগে লগে সি ধুনীয়া ঘড়ীটো পিন্ধি থকা বাওঁহাতখন আকৌ এবাৰ দাঙি দেখুৱালে৷ লগতে সন্তুষ্টিভৰা হাঁহি এটা৷ কাষ্টমাৰচ চেটিচফেকচন দেখা পালোঁ সেই ভংগীমাত৷

হয়োতো৷ আজিকালি তেনেকৈয়ে বজাৰ কৰা উচিত তেনেহ'লে৷ সি কোৱা কথাষাৰ ময়ো গভীৰভাৱেই উপলব্ধি কৰিলোঁ৷ আৰু এনেকেই যদি হয়, তেনেহ’লে বাটে-ঘাটে দোকানত ৰৈ বা সুদৃশ্য শ্ব’ ৰুমত সময় নষ্ট কৰি নাইবা ভিৰ ফালি ওখ শ্বপিং মলত গৈ অধিক দাম ভৰি কিনাৰ সকাম কি? জীৱন থাকেমানে আমিতো ক্রেতাহে৷ নিৰ্মাতাতো নহওঁ৷ আমি গ্ৰাহক৷ কষ্ট কৰি কৰি মৰি থকা কাষ্টমাৰ৷ অতএব ক’ত কি কিনো সেয়া একান্ত নিজৰ কথা৷ ত’ত কিনিম য’ত বস্তুও ঠিক-ঠাক পাম, আৰু নিজৰ দুপইচা ৰাহিও হ’ব৷ গাঁঠিৰ ধন ওপৰঞ্চি ভৰিবলৈ পইচা গছত লগা নাই নহয় কাৰো৷ নক'লেও হয়, প্ৰাথমিক চিন্তাটো প্ৰত্যেকৰে সেইটোৱেই, বেক পকেট যিমানেই গধুৰ নহওক কিয়৷

আচলতে এইখন বজাৰৰ বিষয়ে আইডিয়া একদম নাছিল মোৰ৷ প্ৰেক্টিকেলি ইহঁত দুটাক দেখি এতিয়াহে অলপ-চলপ গম পাইছোঁ৷ আৰু মনে মনে গমিছোঁ, সদ্যহতে এটা প্ৰয়োজনীয় বস্তু মোৰো কিনিবলগীয়া আছিল৷ ক’ত পাম জানো! নাজানো৷ ল’ৰাই কিবাকিবি এসোপামান দোকানৰ নাম একে উশাহতে গাই গৈছিল৷ মোৰহে খেলিমেলিখন লাগি থাকিল৷ কোনখন দোকানত সোমাওঁ, কোনখন দোকানত পাম ক’ব নোৱাৰোঁ৷ এফালৰ পৰা সোমাই চাব লাগিব চাগৈ৷ অৱশ্যে এইটো ঠিক যে ছয়ত্ৰিশ হাজাৰৰ বস্তুপদ যদি গোবিন্দৰ হিচাপটোৰ তুলনাত ওঠৰ হাজাৰত পাওঁ, তেতিয়া হ’লে মোৰ নিচিনা সাধাৰণ আৰু সীমিত আয়ৰ মানুহৰ বাবে ভীষণ আনন্দৰে হেতু হ’ব৷ ল'ৰাৰ হিচাপটোত পালেতো ক’বই নালাগে আৰু!

তাৰ বাবে সুযোগসন্ধানী দৃষ্টিৰে দোকানে দোকানে অকণমান খাপ পিটিব লাগে বুলি সিহঁত দুটাৰ মুখেৰেই শুনিলোঁ৷ আৰু কিবা ভাল বুদ্ধি আছে যদি নাজানো৷ জনাজনে জনাবচোন৷ বজাৰলৈ মই ওলাইছোঁৱেই আৰু৷

Tuesday 24 February 2015

মেৰিনাত হেৰুৱালোঁ মেৰিনাক
(ভ্ৰমণৰ ইটো-সিটো)


‘গুড মৰ্ণিং ছাৰ৷ মই মেৰিনা৷ আপোনালোকৰ আজিৰ চিটী টুৰৰ গাইড হিচাপে সেৱা আগ বঢ়াবলৈ আহিছোঁ৷ আপোনালোকক নিবলৈ হোটেলৰ ৰিচেপচন কাউণ্টাৰতে মই অপেক্ষা কৰিছোঁ৷ ছাৰ, আপোনালোক ৰেডীনে?’

পাতং প্ৰিমিয়াৰ ৰিজৰ্টৰ দ্বিতীয় মহলাত থকা আমাৰ ৰুমৰ ফোনটো হঠাতে বাজি উঠিল৷ ময়ে ধৰিলোঁ৷ অচিনাকি নাৰীকণ্ঠত এই কথাখিনি শুনা গ’ল৷ দিনটো আছিল ১.১০.২০১০৷

লগে লগে প্ৰমাণ এটা পালোঁ যে ইয়াত সময়ৰ মূল্য বুজে মানুহে৷ আগেয়ে বান্ধি থোৱামতেই কাটাই কাটাই হাজিৰ হৈছেহি আমাৰ গাইড৷ কালক্ষয় নকৰি ততাতৈয়াকৈ ৰুম বন্ধ কৰি আমিও নামি আহিলোঁ৷

লাহী দেহৰ, বগী, মৰম লগা ছোৱালী এজনী৷ আমাৰ গাইড৷ পৰিচয় বিনিময় হ’ল৷ নাম ক’লে, মেৰিনা৷ থাই মুছলিম৷ কথাৰ মাজে মাজেই তাই আমাক নি বাহিৰত থোৱা প্ৰকাণ্ড টয়টা কমুটাৰখনৰ দৰজা খুলিলেগৈ৷ সন্মুখৰ চিটত নিজেও বহিল৷ সোঁহাতে ড্ৰাইভাৰ৷ ইমান ডাঙৰ গাড়ীখনত মাথোন চাৰিজন যাত্ৰী৷ পিছৰ অংশ খালী৷ যাত্ৰা আৰম্ভ হৈ গ’ল৷ মোৰ লগত থকা ফুকেটৰ ডাঙৰ মেপ এখন মেলি লৈ ইটো-সিটো সুধিবলৈ, জানিবলৈ প্ৰয়াস কৰিলোঁ৷ আমাৰফালে ঘূৰি বুজাবলৈ ধৰিলে মেৰিনাই৷ দিনৰ দিনটো ইফালে-সিফালে ঘূৰাই ফুৰাই ফুকেটৰ চাবলগীয়া সমস্ত পৰ্যটনস্থলী আমাক দেখুৱালে৷ বৰ্ণনাও দি গ’ল ধুনীয়াকৈ৷ থাইবাসী ইংৰাজীত কেঁচা বুলিলে ভুল নহ’ব নিশ্চয়৷ পিছে এই কিন্তু সলসলীয়া৷ কাৰণ তাই টুৰিষ্ট গাইড৷ দেউতাকো স্থানীয় বিশ্ববিদ্যালয় এখনৰ প্ৰফেচৰ৷

ইতিমধ্যে আমাৰ মাজত বন্ধুত্বৰ ভাব এটাই ঠন ধৰি উঠিছিল৷ বন্ধুত্ব নহয়, তাতোকৈ ভ্ৰাতৃ-ভগ্নীৰ সম্পৰ্ক বোলাহে যুগুত হ’ব৷ যাত্ৰাটোত আমাৰ বাবে তাই হৈ পৰিল চিষ্টাৰ মেৰিনা৷ দিনটোৰ ঘূৰা-পকা বিয়লি এসময়ত স্তব্ধ হ’ল৷ বিদায়ৰ পৰত ঘপকৈ মোৰ মূৰত খেলালে এটা কথা৷ মেৰিনাৰ সৈতে নিজৰ কলমটো সলনা-সলনি কৰিব খুজিলোঁ৷ তায়ো হাঁহিমুখে মান্তি হ’ল৷ কাজেই মোৰটো তাইক দিলোঁ, তাইৰটো মই পালোঁ৷ গাঢ় নীলা ৰঙৰ মোৰ ইণ্ডিয়ান ডট পে’নটোৰে লিখি মেৰিনা সন্তুষ্ট হ’ল৷ যথাসময়ত আমাক হোটেলত নমাই ড্ৰাইভাৰসহ তাই নিজৰ অফিচ অভিমুখে প্ৰত্যাৱৰ্তন কৰিলে৷ এৰাএৰিৰ পিছতে ৰুমলৈ আহি তাই দিয়া আকাশী ৰঙৰ ধুনীয়া ডট পে’নটো মই পোনেই বেগত ভৰালোঁহি৷ যাতে নেহেৰায়৷ ব্যৱহাৰ কৰি ৰিফিল শেষ কৰাৰো সত নগ’ল৷ স্মৃতিচিন হিচাপে ঘৰ পোৱাবগৈ লাগিব৷ ঘৰত সকলোকে দেখুৱাবগৈ লাগিব৷ ঘৰ পোৱালোঁহিও৷ সকলোকে দেখুৱালোঁও৷ পিছে...

থাই ভ্ৰমণ সামৰি ঘৰত কেইদিনমানহে থাকিবলৈ পালোঁ৷ চেন্নাইলৈ যাবলগীয়া হ’ল৷ সেই আপাহতে সহযাত্ৰীসকলক এদিন দেখুৱাবলৈ নিলোঁ সুদীৰ্ঘ মেৰিনা বিচ্চ৷ আগফাল-পিছফাল, দুয়োকাষে কেইবাটাও পকেট থকা পেণ্টটোৰ পকেটত ভৰাই ল’লোঁ যাত্ৰাত সচৰাচৰ লগত থকা পকেট নোটবুকখন আৰু কলম৷ ডাঠ নীলা ৰঙৰ পেণ্টটোৰ দাঁতিৰ পকেট এটাৰ তলফালে চিলাই সুলকি ফুটা হৈ আছিল৷ মনেই কৰা নহ’ল৷ আমাক কঢ়িয়াই নিয়া এছ. মুকানৰ অট’ৰিক্সাখনৰ নম্বৰ আৰু চে’লফোনৰ নম্বৰটো নোটবুকত টুকি লোৱাৰ পিছত নিজৰ অলক্ষিতে কলমটো ভৰাই দিলোঁ সেই পকেটত! গ’ল কথা গুচিল৷ পিছৰ এপাকত কিবা এটা নোট কৰিবলৈ গৈ কলম বিচাৰি হায়ৰাণ৷ কলমটো দেখোন নাই! নাই মানে নায়েই৷ তেতিয়াহে দৃষ্টিগোচৰ হ’ল আপদীয়া ফুটাটো৷ সেইফালেদি সুৰকি কলম কেতিয়া ক’ত পৰিল গমেই নাপালোঁ৷ বৰ ভাল লিখিছিল কলমটোৱে৷ ইফালে-সিফালে ঘূৰি-পকি যিমান পাৰোঁ বিচাৰিলোঁ৷ নাপালোঁ৷ স্মৃতি বিজড়িত কলমটো মেৰিনা বিচ্চত সেইদিনা (২১.১১.২০১০) তেনেকৈ হেৰুৱাই বৰ দুখ লাগিল মনটোত৷ কিহে পাইছিল সেইটো লগত নিবলৈ? নিজৰ ওপৰতে খং উঠিল৷

এইফালে বংগোপসাগৰ৷ এইপাৰে চেন্নাই৷ সিফালে আন্দামান সাগৰ৷ সিপাৰে ফুকেট৷ চেন্নাইৰ পৰা সমুদ্ৰৰ ঢৌৱে কোবাই নি আকৌ ফুকেট পোৱালেগৈ নেকি বাৰু মেৰিনাই দিয়া কলমটো? মেৰিনাত মেৰিনাক হেৰুৱাই এতিয়াও কেতিয়াবা এইদৰেই ভাবোঁ৷

Monday 23 February 2015

টিভি-মবাইল-লেপটপজ্ঞানী লৰাটো
(গল্প নহয়, সত্য)

সি গা ধুবলৈ বাথৰুমত সোমাব ধৰিছিল৷ 

লোঁ, বাহিৰত মই উলিয়াই থোৱা বাল্টিটোৰ পানীখিনি গা ধোৱাৰ আগতে চন্দন পুলিকেইটাত দি দে৷

বাল্টিটো এহাতে লৈ সি কণা কুকুৰা ঘূৰাদি ঘূৰিব লাগিল৷ পুলি বিচাৰি নাপায়হে নাপায়৷ ইফালে দেৱালৰ কাষতে ৰোৱা হৈছিল৷ কৰি থকা কামটো কৰি থকা অৱস্থাতে ৰুমৰ ভিতৰৰ পৰাই চিঞৰ এটা মাৰি পঠিয়ালোঁ, খিৰিকীখনৰ ফালে আহ৷ 

উদ্দেশ্যটো আছিল তাক লকেচনটো বটাই দিয়া৷ তেতিয়া যেনিবা সি পুলি এটা দেখা পালে৷ বাল্টিটো বেঁকা কৰি তেনেই অকণমান পানী ঢালিলে তাত৷ বাকীখিনি ওচৰৰ টাবকেইটাত থকা ফুলগছবোৰত অকণ অকণকৈ দি থাকোঁতেই ওলাই গৈ দেখা পালোঁ৷

লোঁ,  ইয়াত নহয়, সিফালে ৰোৱা চন্দন পুলিবোৰত দি দেগৈ৷

পুনৰবাৰ সি ওপৰচকুৱাই পুলিবোৰ বিচাৰি নোপোৱা হল৷ তাত ইফালে খুঁটি মাৰি থোৱাই আছিল৷ দেখুৱাই দিলত অকণ অকণ ঢালি গল৷ 

ফাগুনমহীয়া খৰাং৷ সেইকণ পানীৰে পুলিৰ তৃষ্ণাযে নমৰে সেয়া খাটাং৷ কাম দেখি হাঁহি উঠিল৷ তালৈ চাই থাকি মনতে ভাবিলোঁ, এই লৰা ক্লাছ এইট পালেগৈ, পিছে নিজে গছপুলি এটা ৰোৱাটো দূৰৈৰে কথা, গুৰিত পানী দিবলৈও আজিও শিকা নাই৷ কিযে হব ইহঁতৰ! কিবা কাম এটাত পাচিলে মোৰকে নাপায় সতকাই৷ খেপিয়াই, জপটিয়াই ফুৰে৷ লগত থাকি ষ্টেপ বাই ষ্টেপ কামাণ্ড দি নাথাকিলেই নহয়৷ একেদৰে, ৰাতিপুৱা টোপনিৰ পৰা জগোৱাৰ পৰা আৰম্ভ কৰি ৰাতি বিছনাত পেলোৱালৈকে প্ৰত্যেকটো কথাতে চৰ্দাৰৰ দৰে কামাণ্ড দি থাকিব লাগে মাকজনীয়ে! উঠ ঐ উঠ, মুখ ধো, গা ধো, ভাত খা ইত্যাদি ইত্যাদি৷ পিছে, মবাইল টিপিবলৈ হলে দিবা আৰু৷ টিভিৰ চেনেল সলোৱাটো ঠিক আছে৷ লেপটপত গাড়ী দৌৰোৱাততো কবই নালাগে৷ সেইবোৰত ওস্তাদ একেবাৰে৷ 

মন কৰিছোঁ, মেনু ড্ৰিভন কামবোৰ ইহঁতে ঘপাঘপ আয়ত্ত কৰিব পাৰে৷ লগালগ অপাৰেটো কৰিব পাৰে৷ দেখিলে এনে ভাব হয়, যেন আগৰে পৰাই জানেহে! প্ৰব্লেমৰো চল্যুচন দি দিয়ে ফটাফট৷ বিপৰীতে, পানী এবাল্টি লৈ গছপুলিকেইটাত দেগৈচোন যা বুলি কলে গাঁঠি লাগে৷ লগে লগে যেন নাৰ্ভাচ! মূৰে কাম নকৰা হয়! ওচৰত ৰৈ চৰ্দাৰী কৰি নাথাকিলেই নহয়৷ কোনটোৰ পিছত কোনটো কাম কৰিব বাৰে বাৰে গাই থাকিব লাগে৷ সিহঁতৰ বাবে মাক-বাপেকহাল একোখন মেনু হৈ পৰিব লাগে! তাৰোপৰি একেটা কথাকে কমেও তিনিবাৰমান কব লাগে৷

টিভি-মবাইল-লেপটপজ্ঞানী লৰাটোৰ এই ধৰণৰ কথা-কাণ্ডবোৰ আলেঙে আলেঙে লক্ষ্য কৰি থাকোঁ৷ আমি ইয়াৰ সমান হৈ থকাৰ দিনত এই তিনি সম্পদৰ এটাও নাছিল৷ দিন সলনি হল৷ এতিয়া উপজিয়ে ইহঁতে এইবোৰ চুবলৈ পায়, চাবলৈ পায়, ব্যৱহাৰ কৰিবলৈ পায়৷ বিপৰীতে, জীৱনৰ গভীৰত ডুব মাৰি তলিত থকা মণি-মুকুতাবোৰ চিনি পাই সংগ্ৰহ কৰাৰ মানসিকতা গঢ় লোৱাৰ পৰা এইজাতৰ বস্তুবোৰে ইহঁতক চিৰদিনৰ বাবে আঁতৰাই ৰাখিব বুলিও জ্ঞানী আৰু দূৰদৰ্শী লোকে এষাৰ কয়৷

তেনেহলে কি আছে ইহঁতৰ আগছোৱাত?


কথা গম্ভীৰেই দেখোন!

Sunday 22 February 2015

মই সাঁতুৰিব নাজানো...
(গল্প নহয়, সত্য)


মনুষ্য জীৱনৰ পৰিধি ভাবিব নোৱাৰা ধৰণে বিশাল আৰু ব্যাপক৷ গতিকে এইটো জনমত নোহোৱা কাম কিবা নহয় কিবা থাকিবই৷ তাতেনো কি হ’ল? জীৱনৰ পৰিধিয়ে সামৰি ল’ব নোৱাৰা অনেক কথা মোৰো আছে৷ যেনে, মই সাঁতুৰিব নাজানো৷ এই মুহূৰ্তত মনত পৰাৰ ভিতৰত এটা সেইটো৷ আৰু থাকিব কিবাকিবি ঢেৰ, যিবোৰ এই জনমত নহ’ল আৰু হয়তো নহ’বও৷ তাকে লৈ মূৰ ঘমাই থাকিবলৈ নাই৷

সাঁতোৰাটো মোৰ নহ’ল, মানে হৈ নুঠিল৷ শিকিবলৈ চেষ্টা নকৰা নহওঁ অৱশ্যে৷ কৰিছিলোঁ৷ পানীত ননমাকৈতো আৰু সাঁতোৰ শিকিব নোৱাৰে কোনেও৷ সেয়ে ভাবি সঞ্জয়হঁতৰ ঘৰৰ আগত থকা ফিচাৰী ডিপাৰ্টমেণ্টৰ লে’কটোত, দেউতাহঁতৰ গাঁৱৰ ঘৰখনৰ আগেৰে বৈ যোৱা দিজৈখনাৰ পানীত, যোৰহাটৰ ভোগদৈ নৈত সোঁতৰ বিপৰীতে, হাত-ভৰি খুব মাৰিছিলোঁ৷ কিন্তু নহ’লগৈ৷ কিয়জানো, সফল নহ’লোঁ! কিয় সফল নহ’লোঁ, ক’ব নোৱাৰোঁ৷ গুৰুৰ অভাৱ আছিল চাগৈ৷ সাঁতুৰিব জনা হ’লে আন দহজনৰ দৰে নিশ্চয় বৰ মজা লাগিলহেঁতেন৷ মাছৰ দৰে পানীৰ তলেৰে, মাজেৰে, ওপৰেৰে জঁপিয়াই আগলৈ সাঁতুৰি-নাদুৰি গৈ থকাৰ আনন্দই বেলেগ চাগৈ৷ নাজানো৷ সেই কল্পনা কৰাটো মোৰ বাবে বৃথা চেষ্টাই হ’ব৷ পিছে নজনা কথাটোক লৈ দুখ কৰি বা জনাজনক হিংসা কৰিও কিবা লাভ আছে জানো? আনহাতে এইটো ঠিক যে সাঁতুৰিব নজনাৰ বাবেই মই পানীৰ পৰা খুব সাৱধানে থাকোঁ৷ পানীলৈ ভয় ভয় ভাব এটা ৰাখোঁৱেই অনৱৰতে৷ সৰুজন দদাইদেউৰ সৈতে এবাৰ দিখৌত গা ধুবলৈ গৈ পলসত লাগি ধৰিছিলোঁ৷ টানি টানি উলিয়ালে যেনিবা৷ তৎসত্ত্বেও, ল’ব জানিলে জীউটোক হাতৰ মুঠিত লৈও আনন্দ কিছু ল’ব পাৰি৷ জীৱনৰ খেল খেলিব পাৰি৷ তেনে সুযোগ মই পাইছোঁ আৰু লৈছোঁও৷ সেয়াও মনুষ্য জীৱনৰ পৰিধিৰ মাজৰে কথা৷

টুলুঙা নৌকা, মেচিন নাও, ফেৰী, স্পীড ব’ট, জাহাজত উঠি কৰা ভ্ৰমণে সাহস, উৎসাহ আৰু আনন্দৰ এক আছুতীয়া অনুভূতি যোগায়৷ স্থলপথেৰে কৰা ভ্ৰমণৰ তুলনাত জলপথেৰে উজাই-ভটিয়াই কৰা যাত্ৰাৰ প্ৰতিটো মুহূৰ্ততে নিহিত হৈ থাকে উৎকণ্ঠা, উত্তেজনা আৰু প্ৰবল ইচ্ছাশক্তি৷ নিজে নকৰিলে এইজাতীয় ভ্ৰমণৰ মাদকতা মুঠেই উপলব্ধি কৰা নাযায়৷ পানী ফালি গৈ থকা অৱস্থাত দেখা দুপাৰৰ মনোৰম প্ৰাকৃতিক দৃশ্য, পানীৰ বুকুত অস্তগামী সূৰুয আৰু তাৰ ৰঙৰ খেলা, কাষেৰে পাৰ হোৱা অন্য জাতৰ পৰিৱহণ, জলচৰ প্ৰাণীৰ লুকাভাকু, দুৰ্গম প্ৰতিকূল পৰিস্থিতিৰ সমাহাৰ, চী চিকনেচ আৰু এক ধৰণৰ ভীতিয়ে উপভোগৰ মাজতো অদ্ভুত উত্তেজনাৰ প্ৰতি মুহূৰ্ততে যোগান ধৰে, তাক প্ৰকৃতপক্ষে ভাষাৰে বৰ্ণনা কৰা কঠিনেই৷

মনত পৰে, সৰুতে নাজিৰাত দিখৌ নৈৰ পাৰত আছিল আমাৰ সম্বন্ধীয় বৰদেউতা এজনৰ ঘৰ৷ ৰে’লৱে দলংখনৰ পৰা দূৰত ঘৰটো দেখি৷ মিটাৰগজ ৰে’লেৰে আমি ডিফুৰ পৰা শিমলুগুৰিলৈ গ’লে দলঙৰ ওপৰ পালেই খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে তেওঁলোকৰ ঘাটটোলৈ দৃষ্টি নিক্ষেপ কৰি যাওঁ, বৰদেউতা-বৰমাক বা ল’ৰা-ছোৱালীবোৰৰ কোনোবাটোক দেখোঁ নেকি বুলি৷ তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাটোও তেতিয়া এটা ধৰাবন্ধা কথা আছিল৷ চাইকেলেৰে, নতুবা অ’.এন.জি.চি.ৰ বাছেৰে যাওঁ, নাজিৰালৈ৷ ডাঙৰজন দদাইদেউৰ লগত এবাৰ তেনেকৈ গৈ ঘূৰি আহিবৰ পৰত নাজিৰা টাউনৰ ফালে নোযোৱাকৈ পোনেই দিখৌ পাৰ হৈ ৰে’ল লাইনেৰে চৰ্টকাট মৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ বোধহয় আমাক নৌকাযাত্ৰাৰ সোৱাদ দিবলৈকে তেনে কৰা হৈছিল৷ কাৰণ তাৰ আগতে কেতিয়াও নাৱত উঠি পোৱা নাছিলোঁ৷ বৰদেউতাৰ টুলুঙা নাও এখন আছিল৷ এৰাল খুলি ব’ঠাপাত লৈ তেওঁ সেইখন যথাস্থানত চপালে৷ আমি উঠিলোঁ৷ নাৱে টুলুং-ভুটুং কৰিবলৈ ধৰিলে৷ তাৰ পিছত দিখৌৰ বুকুৰে যাত্ৰা আৰম্ভ হ’ল৷ ৰে’লৱে ব্ৰীজৰ তলেৰে পাৰ হৈছোঁ৷ পানী গভীৰ৷ তলি দেখা নাযায়৷ বুকুত ঢিপঢিপনি৷ সাঁতুৰিবও নাজানো৷ ইফালে নাওখনে কাটি যোৱা পানী চুই চোৱাৰো প্ৰবল ইচ্ছা৷ নৈৰ পানীত হাত লগাওঁতেই দদাইদেৱে দবিয়ালে... ‘থিৰেৰে থাক৷ লৰচৰ নকৰিবি৷ পানী চুব নালাগে৷ উজাই যাওঁতে ব’ঠা মৰাত কষ্ট হয়৷’ ইপাৰ পালোঁহি৷ ভয় ভাবটো তেতিয়াহে শাম কাটিল৷ নাওখন লৈ বৰদেউতা ঘূৰি গ’ল৷ আমি ৰে’ল আলিত উঠিলোঁ৷ লাইনে লাইনে খোজ কাঢ়ি শিমলুগুৰি জংছন পালোঁহি৷ তাৰ পৰা ঘৰ৷

আমি অৰুণাচলত পঢ়ি থকা দিনত দুখন নাও জোৰা দি মানুহ আৰু সামগ্ৰী পাৰাপাৰ কৰোৱা দেখিছিলোঁ ডিক্রং নদীত৷ খৰস্ৰোতা নৈখন তেনে নাৱত উঠি দুই-এবাৰ পাৰ হৈছিলোঁ, সাৱধানতাৰ কথা মনত ৰাখি৷ সৰহ সময় পাৰৰ স্পাৰত বহি দৃশ্য উপভোগ কৰিয়ে কটাইছিলোঁ৷

এবাৰ এটা কাৰ্যসূচীত ব্ৰহ্মপুত্ৰৰ বুকুত জলপৰীত উঠাৰ সৌভাগ্য হৈছিল৷ সন্ধিয়াৰ পিছত শুক্লেশ্বৰ ঘাটৰ পৰা আৰম্ভ কৰা সেই প্ৰমোদ বিহাৰ কেইবা ঘণ্টাজুৰি চলিছিল৷ অন্ধকাৰৰ মাজেৰে ফেৰীখন শৰাইঘাট দলঙৰ ওচৰ পাইছিলগৈ৷ নৈশ গুৱাহাটীৰ দৃশ্য চাই মন-প্ৰাণ পুলকিত হৈছিল৷ পিছে তেনে আনন্দৰ মাজতো সাঁতুৰিব নজনা ভাবটোৱে উৎপন্ন কৰা সমীহ এটা বুকুত অনৱৰতে কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছিল৷ অন্তত ভালে ভালে পাৰঘাটত নামিলোঁহি যেনিবা৷

মাজুলী উৎসৱলৈ যাওঁতে নিমাতী ঘাটত ফেৰীত উঠিলোঁ৷ উঠিলোঁ মানে বহি ল’লোঁ৷ ফেৰীখনৰ তলৰ অংশত একোণত এখন দোকান চকুত পৰিল৷ দোকানীজনৰ নিচেই কাষতে, বেঞ্চখনৰ মূৰত ঠাই ল’লোঁ৷ কাৰণ, ওচৰত থকা আন মানুহে সাঁতুৰিব জানক নাজানক, দোকানীজনে নিশ্চয় জানিব আৰু কিবা হ’লে তেওঁকে গবা মাৰি ধৰিম বুলি ধাৰণা এটা কৰি লৈছিলোঁ৷ বিশাল ব্ৰহ্মপুত্ৰখনৰ বুকুৰে চলি গৈ থাকোঁতে ভয় এটা লাগি আছিল৷ গৈ গৈ কমলাবাৰী ঘাটত নামিলোঁ৷ জীৱটো ঘূৰাই পোৱা যেন লাগিল৷ যাওঁতে লাভ কৰা অভিজ্ঞতাৰ ভেটিত ঘূৰি আহোঁতে সাহস অকণমান গোট খালে৷ ভিতৰত নবহি এইবাৰ ফেৰীৰ চালৰ ওপৰত উঠিলোঁ৷ সাৱধানতাক কিন্তু গুৰুত্ব নিদিয়াকৈ নাথাকিলোঁ৷ একেবাৰে পিছফালে থিয় হৈ সন্মুখলৈ চাই দিশ নিৰ্ণায়ক হেণ্ডেলডাল নিয়ন্ত্ৰণ কৰি থকা লোকজনৰ কাষত ৰৈ ল’লোঁ৷ ভাবটো আছিল, ভগৱানে নকৰক, ৰাস্তাত অথন্তৰ ঘটিলে এইজনে কিবা এটা নিশ্চয়কৈ কৰিব পাৰিব৷ ব্ৰহ্মপুত্ৰৰে উজাইছোঁ যেতিয়া ল’ৰা-ধেমালি নিশ্চয় নহয়৷ নিমাতী ঘাট পালত ৰৈ থকাৰ কথাই নাই, ফেৰীৰ ওপৰৰ পৰা পলসুৱা কোমল মাটিলৈ জাঁপ দিলোঁ৷ নিৰাপদে এইপাৰ পাই মহাবাহুলৈ চাই নমস্কাৰ এটাও দি দিলোঁ৷

বেংকক চহৰৰ মাজেৰে বৈ যোৱা চাও ফ্ৰিয়া নৈত মেচিন নাৱেৰে কৰা ৰিভাৰ ক্ৰুজত, আন্দামান সাগৰত ফুকেটৰ পৰা ফিফি আইলেণ্ডলৈ চাৰিখলপীয়া জাহাজত কৰা ভ্ৰমণত, পাট্টায়াৰ পৰা কৰেল আইলেণ্ডলৈ দুৰন্ত গতিৰ স্পীড ব’টত জঁপিয়াই জঁপিয়াই যাওঁতে, সমুদ্ৰতলীত প্ৰবাল পোকে গঢ়া পাহাৰ দেখুৱাবলৈ বিশাল সাগৰখনৰ বুকুত টুলুঙা নাৱত উঠাই নিওঁতেও সাৱধানতাক প্ৰশ্ৰয় দিছিলোঁ, প্ৰতিটো ক্ষণতে৷

সাঁতুৰিব নাজানো যদিও এনেদৰেই পানীৰ ওপৰেৰে চলা-ফিৰা কৰি আনন্দ পাব পাৰি আৰু পাইছোঁ৷ আনহাতে সাঁতুৰিব নজনাৰ বাবে জলকেলিকে ধৰি জীৱনৰ কেতবোৰ মধুৰ আৰু বিচিত্ৰ কাৰ্যকলাপ মুখৰ আগত পায়ো কুক্ষিগত কৰিব নোৱাৰিলোঁ৷ সেইবোৰ ভাবিলেহে মনটো সেমেকি উঠে৷ জীৱনৰ আৱৰ্তই এটা কাৰণতেই সেইখিনি গ্ৰহণ কৰিব নোৱাৰিলে৷ কাৰণটো হ’ল, মই সাঁতুৰিব নাজানো৷

আপুনি জানে চাগৈ ন?
বাদুলী খোৰোঙত সোমালোঁ
(গল্প নহয়, সত্য)



বাধা-বিঘিনিক অতিক্রম কৰা, এটা কৃতকাৰ্যতাৰ পৰা আন এটা কৃতকাৰ্যতালৈ আৰোহণ কৰা, নিত্য-নতুন সংকল্প লোৱা আৰু সেইবোৰ কাৰ্যকৰী কৰা... এইবোৰতকৈ আন একো মহৎ আনন্দ জীৱনে দিব নোৱাৰে৷ ছেমুৱেল জনছন

বাদুলী খোৰোং৷
ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ পৰা আহি থাকোঁতেই ভ্ৰমণ-সংগী অৰুণদাই গাড়ীতে উলিয়াইছিল কথাটো৷ আৰু কৈছিল... যাম ওলাব, শিৱৰাত্ৰিৰ পিছতে যাম৷

যাম ওলাব বুলি কোৱাৰ সময়ৰে পৰাই মনটো ছটফটাবলৈ ধৰিলে৷ গুহাত সোমোৱাৰ অভিজ্ঞতা আৰু আনন্দ, দুয়োটাই মোৰ ইতিমধ্যে হৈছে৷ নেপাল-সুন্দৰী পোখৰাৰ মহেন্দ্ৰ কেভ, মেঘালয়ৰ চেৰাপুঞ্জীৰ মাউচমাই কেভত সোমাই পাইছোঁ৷ এতিয়া কন্দলী পাহাৰৰ বেট কেভত সোমোৱাৰ ইচ্ছা জন্মিছে৷ ইপিনে কৰবালৈ যোৱাৰ আগতে সেই বিষয়ে অধ্যয়ন কৰি লোৱাটো জৰুৰী৷ বাদুলী খোৰোঙৰ বিষয়ে মোৰ জ্ঞান তেনেই পুতৌলগা বিধৰ৷ গতিকে খৰখেদাকৈ তথ্য সংগ্ৰহত লাগি গলোঁ৷ কিতাপ-আলোচনী, ট্ৰেভেল গাইডৰ পাত লুটিয়ালোঁ, গুগুল গুৰুৰো শৰণ ললোঁ৷ আমাৰ অসমৰ প্ৰথম পৃষ্ঠাত ১৯ তাৰিখে দিব্যজ্যোতি ভূঞাৰ লেখা পঢ়িও উপকৃত হলোঁ৷ তেওঁৰ পৰাই অনেক কথা আকৌ জানিলোঁ ২২ তাৰিখৰ 'দৈনিক জনমভূমি' কাকতৰ 'অৱকাশ'ত৷

এইসমূহ মন্থন কৰি বুজিলোঁ যে নগাঁও জিলাৰ ঐতিহাসিক সমলসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ হৈছে আমাৰ গৃহ-জিলা কাৰবি আংলঙৰ গাতে গা লাগি থকা কন্দলী পাহাৰৰ বাদুলী খোৰোং৷ নগাঁও চহৰৰ পৰা পূবে বামুণী-কঠীয়াতলী পথেৰে ২৩কিলমিটাৰ নিলগত অৱস্থিত কন্দলী অঞ্চল৷ ইতিহাসপ্ৰসিদ্ধ তথা কিংবদন্তি বিজড়িত কন্দলী ৰাজ্যক প্ৰাক-শংকৰী যুগৰ বিশিষ্ট কবি মাধব কন্দলীৰ জন্মস্থান বুলি কোৱা যায়৷ নিবুকালি নামৰ ঠাইখিনিৰ পৰা ২কিলমিটাৰ দূৰত্বৰ গাঁৱলীয়া পথ অতিক্রম কৰাৰ পিছত গছ-লতিকা, শিলেৰে আৱৰা কন্দলী পাহাৰৰ পাদদেশ পোৱা যায়৷ এই পাহাৰৰ নামনিতে ২০০১চনৰ পৰা এখন মেলা অনুষ্ঠিত হৈ আহিছে৷ নাম বাদুলী খোৰোং মেলা৷ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ইয়াত সমাগম হয়৷ প্ৰত্যেক বছৰৰ শিৱৰাত্ৰিৰ এদিনৰ পিছৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই মেলা৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই বছৰো ১৯, ২০ আৰু ২১ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক মেলাখন অনুষ্ঠিত হ'ব৷ সামগ্ৰী বেচা-কিনা, মনোৰঞ্জনধৰ্মী খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি ইত্যাদিৰ আকৰ্ষণৰ লগতে নাম-কীৰ্তন, থান দৰ্শন, খোৰোং প্ৰৱেশ, প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ এই সময়টো উপযুক্ত৷

খবৰটো পায়ে মূলতঃ ঐতিহাসিক স্থান বাদুলী খোৰোং দৰ্শন আৰু ইয়াৰ দাঁতি-কাষৰীয়া প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি নিজ চকুৰে চোৱাৰ উদ্দেশ্যত মনটো উদগ্ৰীৱ হৈ উঠিল৷ পে'পাৰত ওলোৱা বাৰ্তাটো জনোৱা মাত্ৰকে অৰুণদাৰো প্ৰায় ৩বছৰৰ আগৰে পৰাই ভিতৰি উমি উমি থকা জুইকুৰা ভমককৈ জ্বলি উঠিল৷ ২১ফেব্ৰুৱাৰীৰ পুৱা ৯বজাত ডিফুৰ পৰা আমাৰ পাঁচজনীয়া মাৰ্ক পল দলটোৰ এডভেন্সাৰ ট্ৰিপটো খাটাং হৈ গল৷ সুখৰ কথা, অৰুণদাৰ বলেৰখনৰ ড্ৰাইভাৰ ডেকাৰজা সেইফালৰে কঠীয়াতলী অঞ্চলৰ বাসিন্দা৷ কাজেই এলেকাটোৰ সম্বন্ধে হাঁহিমুখীয়া চালকজনৰ সম্যক ধাৰণা এটা পূৰ্বৰ পৰাই আছিল৷ গতিকে অন্য গাইডৰ প্ৰয়োজন নহল৷ স্ফূৰ্তিবাজ মানুহ সূত্ৰধৰ আৰু কাৰবি চফল ডেকা বাবুছিং আমাৰ সৈতে থাকিল৷

ডিফুৰ পৰা মাঞ্জা৷ তাৰ পিছত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডবকা৷ তাৰ পৰা ফৰ লেন হাইৱেৰে নগাঁওমুখী হৈ কঠীয়াতলী চাৰিআলি পালোঁ৷ সোঁহাতে বামুণীলৈ যোৱা ৰাস্তাৰে সোমাই দিলোঁ৷ বহু বছৰৰ আগতে ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনলৈ যাওঁতে সেইফালেদি চৰ্টকাট মাৰি, বোধহয় বৰঢ়মপুৰত, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিছিলোঁগৈ৷ এতিয়া ৰাস্তাটো ভাগিছে৷ প্ৰায় আঠ কিলমিটাৰ আগত নিবুকালি৷ তাৰো অলপ আগলৈ গৈ সোঁহাতে কাঁড় মৰা আছে, ঐতিহাসিক বাদুলী থান (খোৰোং) লৈ বুলি৷ পকী তোৰণ এখনো আছে৷ কাষতে বৰ্ড এখনত লিখি ৰখামতে অসম চৰকাৰৰ পৰ্যটন বিভাগে উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰিছে৷ সেইফালেৰেই সোমাই যাব লাগে বাদুলী খোৰোঙলৈ৷

গাঁৱৰ ধূলিয়ৰি পথ৷ মেলা উদ্‌যাপন সমিতিয়ে অলপমান আগলৈ বাঁহৰ ডাং এডালেৰে অস্থায়ী গেট বান্ধি গাড়ীবিলাকৰ পৰা এণ্ট্ৰি ফিজ সংগ্ৰহ কৰি আছিল৷ আমাক পিছে যাবলৈ দিলে৷ একো নুখুজিলে, নললে৷ গৈ গৈ পাৰ্কিঙত ৰলোঁগৈ৷ তেতিয়া সময় দিনৰ ১২.৩০৷ তাত নমাৰ পিছৰে পৰাই ট্ৰেকিং আৰম্ভ হৈ গল৷ আমি যাবলৈ ইচ্ছা কৰা অন্তিম স্থান অৰ্থাৎ গুহাটোৰ একেবাৰে তলিলৈকে কমেও ৩কিলমিটাৰমানেই হব বুলি ঘূৰি আহিহে নিশ্চিত হলোঁ৷ তাৰ আগছোৱাত কোনো ধাৰণা নাছিল৷ নথকাটোৱেই স্বাভাৱিক৷

চকুৰ সন্মুখত, পোনে পোনে এয়া কন্দলী পাহাৰ৷ নগাঁও-কাৰবি আংলং সীমান্তৰ এই পৰ্বতৰ বুকুতেই আছে সেই বিস্ময়কৰ শৈল গুহা, যত সোমাই চোৱাৰ আশা বুকুত বান্ধি আমি আহিছোঁ ডিফুৰ পৰা৷ বিভিন্ন প্ৰজাতিৰ, ৰং-বিৰঙৰ, সৰু-বৰ অসংখ্য বাদুলীৰ আশ্ৰয় স্থল বাবে গুহাটোক কোৱা হয় বাদুলী খোৰোং৷ ইয়াৰ সৈতে জড়িত আছে বহু অলৌকিক কাহিনী, আখ্যান বা কিংবদন্তি৷ জনশ্ৰুতি অনুসৰি, এই অঞ্চলটো এসময়ত কন্দলী ৰাজ্য নামে জনাজাত আছিল৷ প্ৰাক-বৈষ্ণৱ কালত কন্দলী ৰাজ্যত শাসন চলাইছিল এগৰাকী ৰাণীয়ে৷ নাম আছিল প্ৰমীলা৷ উক্ত ৰাজ্যখন মূলতঃ নাৰীৰ ৰাজ্য আছিল৷ অপূৰ্ব সুন্দৰী ৰমণীৰে ভৰা ৰাজ্যখনত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল৷ আনহাতে তাত থকা পুৰুষসকলক এটা গুহাত বন্দী কৰি থোৱা হৈছিল আৰু কেৱল প্ৰজনন যন্ত্ৰ হিচাপেহে তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল৷ গুহাটোত ৰাণীৰ সৈন্য-সামন্ত আৰু গুপ্তচৰসকলে বাস কৰিছিল৷ ৰাণীৰ আদেশ অনুযায়ী তাত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল৷ কিন্তু এদিন এজন ঋষিয়ে নাৰীসকলেনো গুহাৰ ভিতৰত কি কৰে তাকে জানিবলৈ কৌতূহলবশতঃ প্ৰৱেশ কৰিলে৷ পিছে দুৰ্ভাগ্য৷ সুন্দৰী নাৰীৰ ৰূপ-লাৱণ্যত তেওঁ নিজৰ নৈতিক চৰিত্ৰ হেৰুৱালে৷ নাৰীৰ ৰূপ লৈ থকা ঋষিক পিছত গুপ্তচৰসকলে ধৰা পেলালে৷ বন্দী ঋষিয়ে আত্মপৰিচয় দিয়াৰ উপৰি মনৰ ব্যগ্ৰতাৰ বাবে তাত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰিলে৷ পিছে প্ৰমীলা ৰাজ্যৰ সৈন্যই তেওঁক সন্দেহ কৰিলে কোনোবা শত্ৰু দেশৰ চোৰাংচোৱা বুলি৷ অপৰাধৰ ফল স্বৰূপে ৰাণীয়ে ঋষিক শিলত ওলোমাই শাস্তি বিহিলে৷ ইফালে ঋষিৰ শিষ্যসকলে তেওঁক বিচাৰি চলাথ কৰিলে৷ শেষত খোৰোঙৰ ভিতৰত অভাবনীয় অৱস্থাত উদ্ধাৰ কৰিলে৷ ৰাণীৰ তেনে ব্যৱহাৰত ঋষি অতি অসন্তুষ্ট, লজ্জিত আৰু ক্রোধান্বিত হল৷ লগে লগে তেওঁ গুহাৰ সকলো নাৰীকে বাদুলীৰ ৰূপ লৈ ওলমি থকাৰ অভিশাপ দি দিলে৷ লোক-বিশ্বাস অনুযায়ী, সেই মুহূৰ্তৰ পৰাই শাপগ্ৰস্ত নাৰীসকলে গুহাৰ শিলবোৰত ওলোমা বাদুলীৰ ৰূপ ধাৰণ কৰি ৰল৷ শাপমুক্ত কৰি দিবলৈ তেওঁলোকে কান্দি-কাটি ঋষিক কাকূতি-মিনতি জনালে যদিও ঋষি অন্তৰ্ধান হ'ল৷ বাদুলীৰ চিঁ-চিঁয়নিৰ ৰূপত অভিশপ্ত সেই নাৰীসকলৰ কান্দোনেই আজিকোপতি গুহাৰ ভিতৰত কঁপনি তোলে বুলি এচাম মানুহে বিশ্বাস কৰে৷ গুহাৰ ভিতৰত থকা শতসহস্ৰ বাদুলীক সেই শাপগ্ৰস্ত নাৰীসকল বুলি আজিও ভবা হয়৷

পঢ়িবলৈ পোৱা মতে, তিৱা জনগোষ্ঠীৰ লোকসকলৰ বসন্ত উৎসৱ ছগ্ৰা মিছৱাৰ বাবে আৱশ্যকীয় মূল সাজযোৰ বাদুলী খোৰোঙৰ পৰা নিয়া আৰু ব্যৱহাৰৰ পিছত ঘূৰাই দিয়াৰ এক অলৌকিক পৰম্পৰাও একালত প্ৰচলিত আছিল৷৷ উৎসৱৰ সময়ত এখন শৰাইত পূজা দি বাদুলী খোৰোঙত থৈ অহা হৈছিল৷ পিছদিনা শৰাইখনত পোৱা গৈছিল এযোৰ নতুন কাপোৰ৷ খোৰোঙত থকা অদৃশ্য শক্তিয়ে সেয়া যোগান ধৰিছিল বুলি মানুহে বিশ্বাস কৰিছিল৷ কাপোৰযোৰ ব্যৱহাৰ কৰি পুনৰ আগৰ ঠাইত সসন্মানে ৰাখি অহা হৈছিল৷ এই প্ৰথা বহু দিনলৈ চলি আছিল৷ পিছে এবাৰ এযোৰ কাপোৰ তেনেকৈ নি ঘূৰাই নিদিয়াৰ বাবে এনেদৰে কাপোৰ দিয়াৰ প্ৰক্ৰিয়াটো ভৱিষ্যতলৈ বন্ধ হৈ যায়৷ ইয়াৰোপৰি, বাদুলী খোৰোঙত থকা বুঢ়ী এজনীয়ে পাহাৰত লগ পোৱা লোকক তামোল কাটি খাবলৈ দিয়া, বৰষুণত গাভৰু কেইজনীমানে তিতাফুল ছিঙি থকাৰ অলৌকিক কাহিনীৰ বিষয়ে স্থানীয় ৰাইজৰ মুখত শুনিবলৈ পোৱা যায়৷

কন্দলী পাহাৰৰ এই গুহাৰ পৰা ৩কিল'মিটাৰ অাঁতৰৰ বামুণী পাহাৰত আছে বামুণী গোসাঁই থান৷ পূৰ্বতে বামুণী গোসাঁই থানৰ পথেৰে গোপনে কন্দলী পাহাৰলৈ আহ-যাহ আছিল৷ এই গুহাৰ সাত নং কক্ষত শিলৰ শিৱ-পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে৷ গুহাৰ শিলৰ মাজে মাজে যোৱা অকোৱা-পকোৱা পথেৰে ১কিল'মিটাৰমান গ'লে এটা জুৰি পোৱা যায়৷ এই জুৰিৰ পাৰত আছে তাঁতশাল আৰু নাৱৰ ৰূপৰ প্ৰকাণ্ড শিল৷ মানৰ তৃতীয় আক্ৰমণৰ সময়ত বহুতো ভগনীয়াই বাদুলী খোৰোঙত আত্মগোপন কৰি প্ৰাণৰক্ষা কৰিছিল বুলিও জনশ্ৰুতি আছে৷ আদিতে এই ঠাইখণ্ড অটব্য হাবিৰে পূৰ্ণ আছিল আৰু হিংস্ৰ বন্য জীৱ-জন্তুৰ বিচৰণথলী আছিল৷ সেয়েহে স্থানীয় কোনো লোকেই ইয়াত প্ৰৱেশ কৰিবলৈ সাহস গোটাব পৰা নাছিল৷ চাকৰি সূত্ৰে কন্দলী অঞ্চললৈ অহা নগাঁৱৰ জাজৰি নিৱাসী আব্দুল ৰহমান নামৰ লোকজনে ১৯৯৯চনত স্থানীয় কেইবাজনো লোকক লগত লৈ খোৰোঙৰ অন্তৰ্ভাগত পদাৰ্পণ কৰে৷ খোৰোঙৰ ভিতৰত হাজাৰ হাজাৰ বাদুলীৰ উপস্থিতি তেৱেঁই প্ৰমাণ কৰে৷ তদুপৰি ইয়াৰ লুপ্ত ইতিহাস সৰ্বত্ৰে বহুলভাৱে প্ৰচাৰৰ মহৎ উদ্দেশ্য আগত ৰাখি বিশেষ কাৰ্যকৰী পদক্ষেপো গ্ৰহণ কৰে৷ যাৰ অংশ হিচাপে স্থানীয় ৰাইজে কন্দ্লীৰ ঐতিহাসিক বাদুলী খোৰোং মেলা আয়োজন কৰাৰ সিদ্ধান্ত লয়৷ ঠাইখিনিক এটা পৰ্যটন কে্ন্দ্ৰ হিচাপে গঢ়াৰ মানসেৰে, ব্যাপক প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্য বান্ধি এই মেলা ২০০১চনৰ পৰা প্ৰতি বছৰে পাতি অহা হৈছে৷

বিশ্বাস আৰু মহৎ উদ্দেশ্য এটাক কেন্দ্ৰ কৰি গঞা ৰাইজে মিলি প্ৰতি বছৰে শিৱৰাত্ৰিৰ এদিনৰ পিছতে তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শ্ৰীশ্ৰী বাদুলী থান (খোৰোং) মেলা অনুষ্ঠিত কৰি গৈছে৷ মেলাৰ কেইদিনত বাদুলী খোৰোঙৰ দাঁতিত অৱস্থিত থানত চাকি-বন্তি প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় আৰু পুণ্য অৰ্জন হয় বুলি ভক্তবৃন্দৰ মনৰ বিশ্বাস৷ কন্দলী পাহাৰৰ নামনি অংশ অৰ্থাৎ ছোট কন্দলীত আয়োজন কৰা এই মেলাত ওচৰ-পাজৰ, দূৰ-দূৰণি, পাহাৰ-ভৈয়াম সমন্বিতে অগণিত লোকে অংশ গ্ৰহণ কৰি ঈশ্বৰৰ নামত শৰাইভাগ আগ বঢ়ায়৷

বাদুলী খোৰোঙলৈ স্নান কাৰ্য নকৰাকৈ গ'লে, থু-খেকাৰ পেলালে, আশে-পাশে প্ৰস্ৰাৱ কৰিলে, গছ-গছনি কাটিলে, জীৱ-জন্তু হত্যা কৰিলে নিজৰ হানি-বিঘিনি ঘটে বুলিও প্ৰবাদ আছে৷ আমি ঘূৰি আহোঁতে বাটত পোৱা এদল দৰ্শনাৰ্থীৰ মাজৰে এজন ডেকাই এই কথাখিনি গম্ভীৰ স্বৰত সহযাত্ৰীসকলক বুজাই গৈ আছিল৷

পিঠিত বেগ, হাতত কেমেৰা৷ মুখৰ আগত কেঁচা ৰাস্তা এটা৷ চলাচল আৰম্ভ হৈ গল৷ চাহ বাগানৰ মাজে মাজে খোজ দি মেলাথলীত উপনীত হলোঁ৷ নানা তৰহৰ বয়-বস্তুৰ সমাহাৰেৰে যেনি-তেনি ঢেৰ দোকান৷ বেপাৰী আৰু ক্রেতাৰ ভিৰ৷ চলিত বৰ্ষৰে ১৯ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁৱৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰনাথ বৰদলৈ আৰু কাৰ্যবাহী সদস্য মদন বৰদলৈয়ে বাদুলী মেলাথলীত স্থাপন কৰা ৰভাঘৰৰ আধাৰশিলা এটা চকুত পৰিল৷ মুকলি মঞ্চ এখনো দেখা পালোঁ তাত৷ বননিৰ ওপৰতে ৰখা ডাঙৰ ডাঙৰ চাউণ্ড বক্সবোৰলৈ চাই অনুমান কৰিলোঁ যে নিশা নিশ্চয় সংগীতানুষ্ঠান হৈছিল আৰু আজিও হ'ব৷ আমাৰ চকুৰ আগতে বহুত মানুহে মেলাৰ দাঁতিৰে গুহাৰ দিশে বাট বুলিছে৷ কালবিলম্ব নকৰি আমিও পাহাৰীয়া বাটটো অনুসৰণ কৰিলোঁ৷ এসময়ত বাদুলী খোৰোঙলৈ উঠি যোৱা খটখটী আৰু গেটৰ সন্মুখ পালোঁগৈ৷ পকাৰ চিৰিকেইটা বগাই উচ্চতালৈ আৰোহণ কৰিলোঁ৷ বিহংগম দৃষ্টিত দূৰৈত পাহাৰৰ লানি, মেলাথলী, গাঁৱলৈ যোৱা লুংলুঙীয়া পথ ইত্যাদি দৃশ্যমান হল৷ উক্ত স্থানৰ পৰা বাটটো অকণমান তললৈ৷ পিছত আকৌ ওপৰলৈ৷ পাকটো লওঁতেই বাঁওহাতে আছে জিৰণি চৰা এটা৷ ২০১৩চনৰ ১৩মাৰ্চত তিৱা স্বায়ত্তশাসিত পৰিষদৰ তেতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীয়ে চৰাঘৰটোৰ আধাৰশিলা স্থাপন কৰিছিল৷ চাৰি লাখ টকা ব্যয়ৰে নিৰ্মিত এই চৰাৰ একাষেৰে উঠি গলে ওপৰত শ্ৰীশ্ৰী বাদুলী থানখন৷ পৃষ্ঠপট বৃহৎ বৃহৎ গছ-গছনি৷ প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে অঞ্চলটো ভৰপূৰ৷ থানত অগণন ভক্তই তেতিয়া পূজা-সেৱা আগ বঢ়াই আছিল৷ 

থানখন অতিক্ৰম কৰিয়ে পিছফালে নাতিদূৰত সামান্য নামনিত দৃষ্টিগোচৰ হল, বাঁহনিৰ তলেৰে, শিলৰ মাজেৰে দেখোন মানুহবোৰ সোমাইছে, ওলাইছে! শিল এটাৰ গাত কাঁড় চিন মৰা আছিল৷ তাৰ মানে সেইখনেই আমি বিচাৰি অহা বাদুলী খোৰোঙৰ মুখ৷ ওচৰতে গছত ওলোমাই থোৱা জাননীখন পঢ়িলোঁগৈ৷ সৰু সৰু লৰা-ছোৱালীৰ খোৰোঙৰ ভিতৰলৈ প্ৰৱেশ নিষেধ৷ জোতা-চেণ্ডেল খুলি প্ৰৱেশ কৰিবলৈ জনোৱা অনুৰোধ ৰক্ষা কৰি আমিও আমাৰবোৰ খুলি বাহিৰত একাষে শৃংখলাবদ্ধভাৱে থৈ দিলোঁ৷ তাৰ পিছত আৰম্ভ হল কৌতূহল নিবাৰণৰ আচল পৰ্যায়টো৷

জানিবলৈ পোৱামতে ৰাজমোহন নাথ নগাঁও জিলাৰ কাৰ্যবাহী অভিযন্তা হৈ থাকোঁতে এই খোৰোংটো আৱিষ্কাৰ কৰিছিল৷ তেওঁৰ ৰিপৰ্টত এইদৰে পোৱা যায় About three miles to the north-east of Kandoli Tea Garden and a mile and half from the PWD road, opposite 7 1/2 mile post, is the Baduli Khurung or the Bat's Cave on the Kandoli hill. The cave peculiar workmanship of nature, a wide channel has been formed under a rocky hill looking like a huge and commodious cave, and several huge boulders, some of 15 to 20 in diameter have been arranged in its front as a rocky rampart. Another boulder has found its place in an inclined way informant of the cave in such a way that the passage has been partially blocked providing a clear doorway on the side and a window opening over its body in the other side. কেইবাটাও লেখাৰ উপৰি ৰাজমোহন নাথৰ কিতাপ আৰু গৱেষণা-পত্ৰত বাদুলী খোৰোঙৰ উল্লেখ থকা বুলি জানিব পাৰিছিলোঁ৷

খোৰোং বুলিলে সীমিত পৰিসীমা এটা বুজা যায় যদিও দৰাচলতে বাদুলী খোৰোং অঞ্চলটো এটা বিস্তৃত অঞ্চল৷ এই অঞ্চলটো কিছুমান সৰু-বৰ গুহা আৰু পথৰ সমষ্টি৷ ইয়াৰ ভিতৰত অনেকটা কক্ষ আছে৷ নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰাকৈ অসংখ্য বাদুলী শিলৰ গাত ওলমি ৰয়৷ শুনিবলৈ পোৱামতে গুহাৰ ভিতৰৰ পথসমূহত বহু লোক আগতে নিৰুদ্দেশ হৈছে৷ সেয়ে স্থানীয় ৰাইজে অচিনাকি লোকক প্ৰৱেশত বাধা আৰোপ কৰে৷ ইয়াৰে এটা পথেৰে গ'লে কাৰবি আংলং জিলাত প্ৰৱেশ কৰিব পাৰি বুলিও কোনোৱে কয়৷ আগতে এই পথটো চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰিছিল বুলিও শুনা যায়৷ বাদুলী খোৰোঙৰ সৈতে মানুহৰ শ্ৰদ্ধা, ভক্তি, ভয় আৰু উৎসুকতা জড়িত আছে৷

উৎসুকতা দমাই ৰাখিব নোৱাৰিলোঁ আমিও৷ তিনিটা শিলে সৃষ্টি কৰা তোৰণসদৃশ প্ৰৱেশ পথটোৱেদি লাহেকৈ হাউলি সোমাই গলোঁ৷ কাঠৰ জখলা এডাল চকুৰ আগলৈ আহিল৷ অস্থায়ীভাৱে স্থানীয় ৰাইজে সাজি দিছে৷ সেইডালেৰে নামি দিলোঁ৷ প্ৰথম কক্ষটো পালোঁ৷ ভিতৰভাগত ঠায়ে ঠায়ে অন্ধকাৰ৷ ঠায়ে ঠায়ে ওপৰৰ শিলৰ ফাঁকেৰে বাহিৰৰ পৰা সোমোৱা পোহৰ৷ যেন প্ৰকৃতিৰ খেয়াল অনুযায়ী হোৱা ছাঁ-পোহৰৰ এখন অসমাপ্ত খেলহে! গুহাৰ ভিতৰত হব পৰা অন্ধকাৰৰ কথা আগতীয়াকৈ ভাবিয়ে ঘৰৰ পৰাই টৰ্চ লাইট এটা লৈ গৈছিলোঁ৷ অতপৰে পিঠিত কঢ়িয়াই ফুৰা বেগটো খুলি তৎক্ষণাৎ সেইটো উলিয়াই জ্বলাই ললোঁ৷ এহাতে টৰ্চ, এহাতে কেমেৰা৷ বেগত আছে হেণ্ডিকেম, পানীৰ বটল ইত্যাদি৷ আৰামত পাৰ হৈ গৈছোঁ যদিও কোনোবা কোনোবা ঠাইত শিলৰ চেপৰ মাজেৰে দেহা পাৰ কৰোৱাই মস্কিল৷ শিলত বহি, শৰীৰ বেঁকা কৰি, চুঁচৰি আগুৱাব লাগে৷ ইফালে অসংখ্য বাদুলীৰ চিঁ-চিঁয়নিৰ ফলত জন্মা কান্দোনসদৃশ এক ধৰণৰ কোলাহল আৰু বিষ্ঠাৰ গোন্ধ খোৰোঙত প্ৰৱেশ কৰাৰ পৰাই কাণে-নাকে লাগি আছিল৷ অৱশ্যে সেইবোৰ জন্মাব পৰা সমস্যাকলৈ সামান্যতমো কেৰেপ কৰা নাই৷ বিপৰীতে, অকাই-পকাই আগ বাঢ়োঁতে আন্দাজ হেৰুৱাই দুবাৰকৈ মূৰটো শিলত খুন্দিয়ালোঁ৷ টুপীটো আছিল বুলি বাছি গৈছোঁ যেনিবা৷ নহলে নিৰ্ঘাত পৈত্ৰিক নাৰিকলটো ফাটেই! পিছত ভাবিলোঁ, বাদুলীৰ বসতি স্থল শিলৰ ৰাজ্যত সোমাই এখুন্দা নাখালেনো কেনেকৈ? সৰুতে আমাৰ ঘৰৰ কাষৰে গড়কাপ্তানি বিভাগৰ মেকানিকেল ৱৰ্কশ্বপত পুৰণি জীপ, ট্ৰাক, ৰলাৰবোৰৰ তলে-ওপৰে পিটপিটাই ফুৰোঁতে হঠাতে খোৱা কতনা খুন্দা-খুন্দলি, মূৰ ফটা, তেজ ওলোৱা, ঘৰত গালি খোৱাৰ ভয়ত চুপচাপ লুকুৱাই থোৱা... লৰালিৰ কাণ্ড-কাৰখানাবোৰলৈ মনত পৰি গল৷

বিপদজনক এঠাইত বেগটো পিঠিৰ পৰা গুচাবলগীয়া হল৷ কেমেৰা পকেটত গুজিলোঁ৷ যাত্ৰা চলি থাকিল৷ আমাৰ আগে-পিছে গুহাত সোমোৱা অনেক মানুহ আকৌ আদবাটৰ পৰাই উভতিল৷ প্ৰাণৰ মমতাত, বাট হেৰুৱাৰ ভয়ত অনেকজনে ছত্ৰভংগ দিলে৷ শেষ পৰ্যন্ত গৈ থকাৰ দৃঢ় সংকল্পত নিজকে অচল-অটল ৰাখি আগুৱাই গৈ থাকিলোঁ৷ এসময়ত অন্তিম তলিৰ মুখত উপস্থিত হলোঁগৈ৷ আগৰে পৰাই তাত চাকি আৰু ধূপ জ্বলোৱা আছিল৷ এফালৰ পৰা শিলৰ ফাঁকেৰে আহি ডোঙা বন্ধা পানী দেখিলোঁ৷ শ্ৰীশ্ৰী বাদুলী থানৰ লক্ষেশ্বৰ বৰদলৈ নামৰ ডেকাজন তলত সোমালগৈ৷ অৰুণদাই ধূপ এডাল জ্বলাই টকা এশ মাননি আগ বঢ়াই বাবুছিঙৰ হাতত দিলে আৰু ওপৰৰ পৰাই ভক্তিভৰা প্ৰণাম জনালে৷ বাবুছিঙে সেয়া যথাস্থানত দিলেগৈ৷ অলপ পিছত সি উঠি আহিল৷ মই সোমাম বুলি গুণাগঁথা কৰি থাকোঁতেই অন্য দুজনমান আগ বাঢ়িল৷ তাৰে এগৰাকীৰ সোঁহাতখন নাছিল! উঠি আহোঁতে শিলৰ বুকুত হাতখন থওঁতেহে কথাটো মন কৰিলোঁ৷ এখন হাতেৰেই এই মানুহজনে ভাৰসাম্য ৰাখি খুপি খুপি আহি এইখিনি পাইছেহি! অচিনাকি লোকজনৰ মানসিক শক্তি আৰু সাহস দেখি অভিভূত নহৈ নোৱাৰিলোঁ৷ অচিনাকি ভাবতেই দুই-এষাৰ বাক্য বিনিময় কৰি পেলালোঁ৷ মনে মনে চেলুট এটাও দিলোঁ৷ তেওঁ ওলাই অহাত মই নামিলোঁ৷ খোৰোংতলিৰ অভ্যন্তৰত বৈ থকা অন্তঃসলিলাৰ কাষত কিছু পৰ বহি, পানীখিনি চুই, হাত ধুই মনোবাঞ্ছা পূৰ্ণ হোৱাৰ অৰ্থে ওপৰৱালাক মনে মনে ধন্যবাদ এষাৰ জনালোঁ৷ তাৰ পিছত ক্রমে ক্রমে ওপৰলৈ উঠা আৰু বাহিৰ ওলোৱাৰ প্ৰচেষ্টা চলিল৷

গুহাৰ ওপৰৰ গছ-গছনিৰ পৰা ওলোমা লতা নে শিপা কিছুমান শিলবোৰৰ গাৰে তললৈ নামি পৰা দেখা পাইছিলোঁ৷ তেনেকুৱা একোডালত ধৰি বগাই বগাই দুবাৰকৈ ওপৰলৈ উঠিলোঁ৷ নামি যাওঁতে কথাটো একদম মন কৰা নাছিলোঁ৷ নতুবা শৈলাৰোহণ কিছু সহজ আৰু খৰতকীয়া হল হয়৷ কিছু উঠি আহি বাদুলীৰ সন্ধানত অইন বাটে সোমালোঁ৷ এইবাৰ হেণ্ডিকেমটো হাতত ললোঁ৷ যেনি-তেনি দম বন্ধা বাদুলীৰ বিষ্ঠাবোৰৰ ওপৰত উঠি খোপনি লৈ ৰেকৰ্ডিং চালু কৰি দিলোঁ৷ বৰ্তমান ইয়াত ৫০,০০০ৰো অধিক সংখ্যক বাদুলী থকা বুলি জানিবলৈ পাইছিলোঁ৷ এসোপা বাদুলী ইফালৰ পৰা সিফাললৈ সশব্দে উৰি ফুৰিছিল৷ মাজে মাজে শিলৰ গাত বহে, আকৌ উৰে৷ ধোন্দত থকা বাদুলীয়ে খুন্দিয়াই অঘটন যাতে ঘটাব নোৱাৰে তাৰ প্ৰতি সাৱধান বুলি ঘৰৰ পৰাই সকীয়াই পঠিয়াইছিল৷ গতিকে প্ৰতি মুহূৰ্ততে সচেতন হৈ ৰলোঁ৷ তেনেকৈ চোপ লৈ থাকোঁতে কোটৰত বাদুলীবোৰৰ অৱস্থান দেখি মনত খেলাবলৈ ধৰিলে প্ৰাক-বৈষ্ণৱ কালৰ কন্দলী ৰাজ্যত শাসন কৰা ৰাণী প্ৰমীলা, তেওঁৰ সংগী-সহচৰী, সৈন্য-সামন্ত, গুপ্তচৰ, ঋষিৰ অভিশাপ, অভিশপ্ত নাৰীসকলৰ কথা৷ ওলোমা বাদুলী নামৰ স্তন্যপায়ী প্ৰাণীবিধৰ কেইবাটাও প্ৰজাতিৰ মাজত কেইঘণ্টামান তেনেকৈয়ে কটাই হাবিয়াহ পূৰ্ণ কৰি গুহাৰাজ্যৰ পৰা ওলাই আহিলোঁ৷

বাদুলী খোৰোং পৰ্যটন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল পাঁচ বছৰৰ পূৰ্বতেই, ২০১০চনৰ ১৫ফেব্ৰুৱাৰী তাৰিখে, অসমৰ তদানীন্তন বন, পৰিৱেশ আৰু পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ দ্বাৰা৷ ইনক্রেডিবল ইণ্ডিয়াৰ অংশবিশেষ ৰূপে আছাম টুৰিজিমে উন্নয়নমূলক কাম-কাজ সম্পাদন কৰা বুলি প্ৰৱেশ দ্বাৰতে পঢ়িবলৈ পাইছিলোঁ৷ খোৰোঙৰ পৰা ওলাই বাহিৰৰ মুক্ত পৃথিৱীত বিচৰণ কৰাৰ সময়ত সত্য উপলব্ধিৰ লগতে নিজকে নিজে প্ৰশ্ন সুধিবলৈ বাধ্য হলোঁ... প্ৰকৃতিৰ এই তুলনাহীন দানবোৰ, অনেক পূৰ্বতেই কোনোবাই আৱিষ্কাৰ কৰি থৈ যোৱা এই বিশাল সম্ভাৱনাবোৰৰ বিষয়ে ব্যাপক ৰূপত জনাজনি হ'ব কেতিয়া? অসমৰ এনে স্থানবোৰ সঁচা অৰ্থত পৰ্যটনথলীত পৰিণত হ'বগৈনে বাৰু?





























(তথ্য সংযোজন... ৰাজমোহন নাথে গ্ৰন্থ এখনত উল্লেখ কৰিছিল যে এই অঞ্চলত পূৰ্বতে কন্দলী বা কদলী বুলি ৰাজ্য আৰু এতিয়াৰ কামপুৰৰ পৰা প্ৰমীলা অঞ্চল সামৰি প্ৰাচীন প্ৰমীলা ৰাজ্য আছিল। কন্দলী ৰাজ্যৰ মহাৰাণী আছিল কমলা দেৱী। এই কমলা দেৱীৰ ৰূপত আকৰ্ষিত হৈ মহাযোগী মীননাথ ইয়ালৈ আহি যোগসিদ্ধি হেৰুৱাইছিল৷ এই অঞ্চলত ২,৫৫০ফুট উচ্চতাৰ কমলা দেৱী পৰ্বত আছে৷ ইয়াতে কালিকা পুৰাণত উল্লিখিত কমলা দেৱীৰ স্থান, ৰক্তদেৱীৰ পীঠ আছিল বুলি পৰ্বতটোত পোৱা বিভিন্ন ভগ্নাৱশেষৰ আৱিষ্কাৰে প্ৰমাণ কৰিছে।)