মই ডিফুৰ পৰা যোৱা বুলি কোৱাত নিজৰ ল’ৰাক পোৱা যেনেই লাগিছিল তেওঁলোকৰ৷
...
শনিবৰীয়া ‘মোৰ আলহী’ত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত ‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা’ৰ এয়া দশম তথা অন্তিম খণ্ড৷
………………………..
কানাডাত ১৩দিন কটালোঁ যদিও তাৰ বৰ্ণনা চমুকৈ দিলোঁ৷
এম.ডি.আৰ.টি. কনফাৰেন্সৰ জৰিয়তে মই আজিলৈকে ইউ.এছ.এ., জাৰ্মানী, কানাডা আৰু ইংলেণ্ডত
ভৰি থোৱাৰ সুযোগ পাইছোঁ৷ সেই মহানগৰসমূহ হ’ল Los Angeles, Hollywood, Irvine, Stanton, Anaheim,
Santa Monica, Frankfurt, Disneyland, London, Las Vegas, Venice, Huntington আৰু বহুতো
সৰু সৰু ঠাই৷
নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলে মোৰ এই ভ্ৰমণ-লেখা পঢ়িলে সহজেই বুজিব পাৰিব,
জীৱন বীমাৰ কাম-কাজ মনোযোগেৰে কৰিলে জীৱিকা কেনে আনন্দ আৰু সন্মানৰ হ’ব পাৰে৷ এই লিখনিৰ যোগেদি উঠি
অহা যুৱক-যুৱতীসকলক অকল চৰকাৰী চাকৰি আৰু ঠিকা-ঠুকলিৰ ওপৰত নিৰ্ভৰ নকৰি এই মহান জীৱিকাক
আঁকোৱালি লৈ নিবনুৱা সমস্যাৰ সমাধান কৰাত সমাজলৈ বৰঙণি আগ বঢ়োৱাৰ লগতে নিজৰ জীৱনটোও
উজ্জ্বল ভৱিষ্যতৰ পিনে লৈ যোৱাত নিজেই আদৰ্শ হোৱাৰ লগতে আনকো পথ দেখুৱাবলৈ আৱেদন জনালোঁ৷
যি কোনো ভাল কাম প্ৰথমে অসম্ভৱ যেনেই লাগে৷ ভুল কৰিলেহে শিকা হয়৷ এতিয়াও আমি অনিচ্ছাকৃতভাৱে
অনেক ভুল কৰোঁ৷ এতিয়াও আমি শিকি আছোঁ৷ ভুল স্বীকাৰ কৰাটো এটা ভাল কথা৷
বিদেশত ভাৰতীয় জাতীয় পতাকাখন লোৱা মুহূৰ্তটো মোৰ
কাৰণে সবাতোকৈ আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত আছিল৷ মোৰ এইবাৰৰ কানাডা ভ্ৰমণ আৰম্ভ হোৱাৰ
কিছুদিন পিছতেই ব্ৰাজিলত বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল৷ Scarborrouh Town Centre
Hallত বিশ্বকাপ ২০১৪ৰ প্ৰথম মেচখন ব্ৰাজিল আৰু ক্রক্সৱেচিয়াৰ মেচখন বিশাল স্ক্ৰীণ এখনত
চোৱাৰ সৌভাগ্য হৈছিল৷ অষ্ট্ৰেলিয়া আৰু নেডাৰলেণ্ডছৰ মেচখন লণ্ডনৰ Dinning Street
Restaurantত বহি আৰু বাকীকেইখন খেল ডিফুলৈ ঘূৰি অহাৰ পিছত ডাইহাৰ্ট জাৰ্মান ফেন পুতুল
বৰাৰ বাসভৱনত৷ তিনিখন দেশত একেখন বিশ্বকাপৰ মেচ চোৱাৰ নজিৰ আৰু আনন্দই বেলেগ৷ জাৰ্মানী
চেম্পিয়ন হোৱাৰ পিছত পুতুল বৰাৰ ঘৰত আনন্দোৎসৱত খোলা Jim Bim Whiskyৰ বটলটো মই তাক
২০১২ত জাৰ্মানীৰ ফ্ৰেংকফুৰ্টৰ পৰা আনি দিছিলোঁ৷ ২০১৪ত লণ্ডনৰ পৰা Lansen Champeignৰ
বটল এটা আনি উপহাৰ দিছিলোঁ, এইবাৰ আনন্দোৎসৱৰ বাবে৷
আমেৰিকা আৰু কানাডাত সকলো ধৰণৰ পৰিৱেশ আপুনি পাব৷
সেই সকলো পৰিৱেশেই বৈধ৷ আপুনি এজন ক্রেতা হিচাপে উপভোগৰ যিকোনো সামগ্ৰী বা পণ্য কিনাৰ
ক্ষেত্ৰত পূৰ্ণ অধিকাৰ বা ক্ষমতা লাভ কৰিব৷ কিন্তু তাৰ মাজত ৱাইন আৰু গাখীৰ,
কোনটো বাছি লয়, সেয়া নিজৰ ইচ্ছাৰ কথা৷ আপুনি নিজকে নিয়ন্ত্ৰণত ৰখাটোও একান্তভাৱে আপোনাৰ
কথা৷
আমেৰিকা আৰু কানাডা চোৱাৰ পিছত এটা প্ৰশ্ন মোৰ
মনলৈ বাৰে বাৰে আহে৷ অহা ২০০বছৰত আমাৰ দেশে পাৰিবনে সেই পৰ্যায়লৈ যাব? এয়া মোৰ ব্যক্তিগত
চিন্তাহে৷ মোৰ মতে নহ’ব৷ আনহাতে মোৰ মনৰ এই ধাৰণা ভুল
বুলি প্ৰমাণিত হ’লেহে মই আচলতে জয়ী হ’ম৷
বিদেশ যাত্ৰা সম্পৰ্কীয় লেখা এটি যুগুতাবৰ বাবে
বহুজনে মোক প্ৰেৰণা যোগাইছিল৷ যদিও লেখক হিচাপে সামান্যভাৱে সফল হৈছোঁ বুলি ভাবিছোঁ,
কৃতিত্বৰ সিংহভাগ কিন্তু তেওঁলোকৰহে৷ মোৰ এই বিদেশ ভ্ৰমণৰ প্ৰায় ছঘণ্টীয়া ভিডিঅ’ আৰু প্ৰায় দুই হাজাৰৰো অধিক
ফটোগ্ৰাফ সযতনে সংৰক্ষণ কৰি ৰাখিছোঁ৷ অনিচ্ছাকৃতভাৱে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে ক্ষমা
প্ৰাৰ্থনাৰে এই ভ্ৰমণ-লেখা ইমানতে সামৰিলোঁ৷
ধন্যবাদ৷ নমস্কাৰ৷
No comments:
Post a Comment