Wednesday, 18 February 2015

এটা হেমতাপ আৰু আকৌ এটা চেল্‌ফ টে'ষ্ট
(গল্প নহয়, সত্য)


পাহাৰ শিখৰত সজা হেমতাপটোৱে আচলতে তাৰালাংছ'ত সিদিনা বাউলি পাকটো মাৰোঁতেই মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ তলতে এটা হেমতুনো দেখি আহিছিলোঁ৷ মনটো লক্‌লকাই আছিল, তেতিয়াৰে পৰা৷

স্কুল ছুটীৰ সময়তে আজি বন্ধু যাদৱ বৰাৰ লগত কথাটো পক্কা হৈ গ'ল৷ যে, স্কুল ডিউটি সামৰি, ভাতকেইটা খাই, চিধা তাৰালাংছ'লৈ পোনাম৷ তেওঁৰ হ'ণ্ডা স্পেল'ন-দৰ বাইকত৷ সন্মুখত টু হুইলাৰ এণ্ট্ৰি পাছ এখন লগোৱাই আছে৷ গতিকে ৰাস্তা চাফা৷ এতিয়া মাত্ৰ ফিল ইট, শ্বাট ইট, ফৰগে'ট ইট

বিয়লি ঠিক চাৰি বজাত ঘৰৰ পৰাই তেওঁ মোক উঠালে৷ মই চলাব নাজানো৷ গতিকে পিলিয়ন ৰাইডাৰ৷ চালক তেওঁ৷ ডিফু-মাঞ্জা ৰ'ডেৰে যাত্ৰা আৰম্ভ হৈ গ'ল৷ দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়াৰ প্ৰকোপত তাৰালাংছ'লৈ সোমাই যোৱা পইণ্টৰ পৰাই ধূলিয়ে লগ দিলে৷ ঠাণ্ডা লগা নাছিল যদিও ঊলৰ টুপীটো উলিয়াই কাণ-মূৰ ঢাকি ল'লোঁ৷ তেওঁৰ মূৰত হেলমেটটো আছিলেই৷ মাৰ্কেট কমপ্লেক্সত পাৰ্ক কৰোঁতেই মন কৰিছিলোঁ, কাৰবি পিপল্‌চ হলত অগণন জনতাৰ সমাগম হৈছেই ইতিমধ্যে৷

পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ এই কাৰবি যুৱ মহোৎসৱ৷ অসমৰ আদিমতম জনগোষ্ঠী কাৰবিসকলৰ চহকী সাংস্কৃতিক বৈভৱৰ মুক্ত প্ৰদৰ্শন৷ কাৰবি ৰিছ'-নিমছ'হঁতৰ সমাহাৰ আৰু ঐকতান 'জুতাং হেল' খেই আহাৰ্চি, কাচিংৰুম হেল' খেই আতিৰি'৷ পাহাৰৰ মাজত তিনিফালে একে সময়তে তিনিটাকৈ মঞ্চ ক্রমে লং মিৰজেং, ছিং মিৰজেং আৰু ছেমছনছিং ইংতি আচাতাইত বিভিন্ন মণ্ডলক প্ৰতিনিধিত্ব কৰি মহোৎসৱলৈ অহা প্ৰতিযোগীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা চলি আছে৷ সেইবোৰ চাম৷ কিন্তু তাৰ আগতে, পোহৰে পোহৰে চলাবলৈ মন গৈছে অন্য এক অভিযান৷ যাৰ বাবে মনটো লক্‌লকাই আছিল, প্ৰথম ভুমুকিটো মৰাৰে পৰা৷

ছেমছনছিং ইংতি মঞ্চৰ সন্মুখৰ পাহাৰৰ একেবাৰে ওপৰত গছ এজোপাত সজা সৌটো এটা টঙিঘৰ, হেমতাপ৷ আন্ধাৰ নৌহওঁতেই সেইটোত আৰোহণ কৰাৰ বৰ ইচ্ছা জাগিছে৷ এটা চেল্‌ফ টে'ষ্ট৷ নিজকে নিজে জুখি চাবলৈ মন গৈছে৷ তাৰ সিপাৰে কি আছে চাবলৈ, জানিবলৈ আগ্ৰহ হৈছে৷ হেমতাপৰ লগতে তলত সজা হেমতুনটোৰ পৰা বিহংগম দৃষ্টি নিক্ষেপ কৰিবলৈ পালেহে মনটো ক্ষান্ত হ'ব৷ সংগী বৰাৰ আগত উদ্দেশ্যটো প্ৰকট কৰা মাত্ৰকে তেওঁ সৈমান হ'ল যেনিবা৷ বন্ধু জয়ছিং টকবিৰ বাবে ঘৰৰ পৰাই কঢ়িয়াই নিয়া কিতাপৰ টোপোলাটো ষ্টলত বহি থকা তাৰ জীয়েকক চমজাই থৈয়ে দুয়ো ট্ৰেকিং আৰম্ভ কৰি দিলোঁ৷ প্ৰথমে তললৈ৷ তাৰ পিছত থিয় পাহাৰ বগাই বগাই শিখৰ পালোঁগৈ৷ দূৰৰ পৰা কেওফালৰ পৰিৱেশটো চালোঁ৷ ভাল লাগিল৷ তাৰ পিছত টঙ্ঘিৰৰ জখলাৰ কাষ চাপি গ'লোঁ৷ অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ উচ্চতাৰ স্থান ওপৰৰ চাংখনেইযে হ'ব, সন্দেহ নাই৷

জখলাৰে আৰোহণ আৰম্ভ হ'ল৷ ভৰি দুখন অলপো কঁপা নাছিল৷ উত্তেজনাত জোতাযোৰো খুলি লোৱা নহ'লেই৷ বিপৰীতে, অন্য এটা কথাহে মন কৰিলোঁ৷ ল'ৰা বা ডেকা বাদেই, ডাঙৰৰ বাবেও জখলাৰ খলপবোৰ হিচাপতকৈ বৰ বেছি দূৰে দূৰে ৰখা হৈছে৷ যেয়ে-সেয়ে যাতে ঘপকৈ বা আৰামত বগাব নোৱাৰে, অঘটন যাতে নঘটে, তাৰ বাবেই চাগৈ৷ সি যি কি নহওক, লাহে লাহে উঠি এসময়ত চাংখন ঢুকি পালোঁগৈ৷ মনে বিচৰা কামটো সাধন কৰিব পৰাৰ আনন্দত গাধৈতে ভালকৈ লেপেটি কাঢ়ি বহি ল'লোঁ৷ ওপৰৰ পৰা বৰাক চিঞৰিলোঁ, উঠি আহক বুলি৷ ভয়তে নেকি জানো, তেওঁ নুঠিল৷ অকলে অকলে বহুত পৰ তাতে বহি থাকি চৌপাশৰ প্ৰাকৃতিক শোভা পান কৰিলোঁ৷ মনলৈ আহিল কাৰবি লোক-কাহিনী ডিডি-দিৰচুমাই, য'ত টঙিত বহি দিৰচুমায়ে বাঁহী বজায়৷ জুবিন গাৰ্গৰ 'টাচ্ছ ইট, টাচ্চ ইয়ৰ ফ্ৰিডম' গীতংশও মনলৈ আহিল৷ মানসিক স্বাধীনতাৰ সোৱাদ লৈ তেনেকৈ বহি থকাৰ আৰু মন আছিল৷ অন্ধকাৰ হৈ আহিব ধৰাত প্ৰকৃতিৰ ওচৰত নতশিৰ হৈ নামিব লগা হ'ল৷ আকৌ সাৱধানে অৱৰোহণ আৰম্ভ কৰিলোঁ আৰু এটা সময়ত ভূমিৰ স্পৰ্শ পালোঁ৷ তাৰালাংছ'ত তেতিয়া ভিন্নৰঙী লাইটবোৰ অ'ত-ত'ত এটা-দুটাকৈ জ্বলিবলৈ আৰম্ভ কৰিছিল৷


খুপি খুপি নামনিমুৱা হ'লোঁ৷ তলৰ তিনিটা মঞ্চত চলি থকা ক্রমে কাৰবি আধুনিক গীত, চং কেদাম নৃত্য, আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা চাবলৈ মনস্থ কৰি এসময়ত জনসমাগমৰ মাজত বিলীন হৈ গ'লোঁ৷

No comments:

Post a Comment