ভেলেণ্টাইন ডে’
ৰোমিঅ’-জুলিয়েট, লাইলা-মজনু, ৰাধা-কৃষ্ণ, সাৱিত্ৰী-সত্যৱান,
...প্ৰেমৰ মহত্ত্ব আৰু আকৰ্ষণ দুৰ্বাৰ৷ তাৰ ফলশ্ৰুতিতেই ইতিহাসৰ পাতত আজিও খোদিত হৈ
ৰৈছে এনেকুৱা বহু যুগজয়ী প্ৰেম কাহিনী৷ এনে ঐতিহাসিক প্ৰেমৰ আখ্যানেৰে টনকিয়াল হৈছে
বিশ্ব-সাহিত্যৰ ভঁৰাল৷ সৃষ্টি হৈছে অনেক অপৰূপ চিত্ৰ-ভাস্কৰ্যৰ৷ প্ৰেমৰ যুগজয়িতাৰ নিৰ্দশন
হৈ এইবোৰ আমাৰ মাজত থাকি গৈছে আৰু থাকিবও৷ সেয়া দ্বিধাহীনভাৱে কোৱা যায়৷
যিসকল দুৰন্ত প্ৰেমিক-প্ৰেমিকাৰ কাহিনীৰে প্ৰেমৰ
ইতিহাস সমৃদ্ধ হৈছে, সেইসকলৰ মাজৰে এজন বুলি ধৰা হয় ছেইণ্ট ভেলেণ্টাইনক৷ সেয়া ৰোমান
সাম্ৰাজ্যৰ তৃতীয় শতিকাৰ কাহিনী৷ সেই সময়ত ৰোমৰ অধিপতি আছিল সম্ৰাট ক্লডিয়াছ (দ্বিতীয়)৷
সাম্ৰাজ্য সম্প্ৰসাৰণৰ সপোন দেখা সম্ৰাটে নিজৰ সৈন্য বাহিনীত সৈন্যৰ সংখ্যা আৰু শক্তি
বৃদ্ধি কৰাৰ স্বাৰ্থত দেশখনত প্ৰেম আৰু বিবাহ নিষিদ্ধ ঘোষণা কৰিছিল৷ কিয়নো, দেশখনৰ
যুৱকসকলে পুত্ৰ, পৰিবাৰ, পৰিয়ালক এৰি থৈ যুদ্ধত যোগ দিবলৈ যাব নিবিচাৰিছিল৷ সম্ৰাটৰ
এনে কঠোৰ ঘোষণাক প্ৰত্যাহ্বান জনাইছিল ছেইণ্ট ভেলেণ্টাইনে৷ তেওঁ ৰোমান যাজক আছিল৷ প্ৰেমৰ
জয়গান গাব বিচৰা ভেলেণ্টাইনে সম্ৰাটৰ ঘোষণাৰ পিছতো গোপনে সম্পাদন কৰি গৈছিল সৈনিক-যুৱকসকলৰ
বিবাহ অনুষ্ঠান৷ ইয়াৰ বাবেই এদিন তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল৷ তেওঁৰ ওপৰত চলিল নানান মানসিক
আৰু শাৰীৰিক উৎপীড়ন৷ বিপৰীতে কিন্তু সম্ৰাটৰ নিৰ্দেশনা আৰু নিৰ্যাতনে দেশৰ যুৱচামৰ
মাজত ভেলেণ্টাইনৰ জনপ্ৰিয়তা বঢ়াইহে তুলিলে৷ কাৰাগাৰত তেওঁক ফুল আৰু উপহাৰেৰে ওপচাই
পেলোৱা হ’ল৷ আনকি সেই কাৰাগাৰৰে ৰখীয়াজনৰ
জীয়ৰীজনীও আছিল তেওঁৰ অনুগামী৷ তাই তেওঁক প্ৰায়ে লগ ধৰিছিল, বহু সময় ধৰি কথা পাতিছিল,
শক্তি আৰু উৎসাহ যোগাইছিল৷ আৰু যিদিনা ভেলেণ্টাইনক মৃত্যুদণ্ড দিয়া হৈছিল সিদিনা তেওঁ
ছোৱালীজনীৰ বন্ধুত্ব আৰু সমৰ্থনক ধন্যবাদ জনাই তাইৰ কাৰণে এটা টোকা এৰি থৈ গৈছিল৷ য’ত লিখা আছিল Love from your valentine.
সেই দিনটো আছিল ২৬৯খ্ৰীষ্টাব্দৰ ১৪ফেব্ৰুৱাৰী৷
তাৰ পিছৰ পৰাই ১৪ফেব্ৰুৱাৰীৰ দিনটোক ভেলেণ্টাইনৰ স্মৃতিত দেশৰ যুৱক-যুৱতীসকলে ‘ভেলেণ্টাইন ডে’’ বা ‘ভেলেণ্টাইনচ ডে’’ অৰ্থাৎ ‘প্ৰেমৰ দিন’ৰূপে পালন কৰিবলৈ ল’লে৷
‘প্ৰেমৰ দিন’ৰ তাৎপৰ্য আছে আৰু ইয়াক কোনোপধ্যে অস্বীকাৰ কৰিব
নোৱাৰি৷ সেয়েহে বিশ্বজুৰি ইয়াৰ আধিপত্য বিৰাজমান৷ ইয়াৰ জৰিয়তে প্ৰেমৰ মহৎ, শাশ্বত সৌন্দৰ্যক
শুদ্ধ আৰু সবলভাৱে উপলব্ধি কৰাটো মূল কথা৷ লগতে আমি আমাৰ গৌৰৱোজ্জ্বল প্ৰেমগাথাবোৰো
মনত ৰাখিব লাগিব৷ প্ৰেম-ৰসেৰে জীপাল একোখনি হৃদয় সকলো সময়তেই প্ৰয়োজন৷ যি প্ৰেম চিৰন্তন,
যি প্ৰেম আমাৰ জীয়াই থকাৰ প্ৰেৰণা, তেনেকুৱা প্ৰেম নিশ্চয় লাগিব৷ প্ৰেমৰ মহত্ত্বৰে
মহীয়ান হৈ সৃষ্টিৰ পথাৰত সোণগুটি সিঁচিবলৈ আমি সদা যত্নপৰ হ’ব লাগিব৷ প্ৰেম এটি ফগ্লুধাৰা
হৈ প্ৰতিনিয়ত বৈ থাকিব লাগিব মানুহৰ হৃদয়ে হৃদয়ে৷ য’তে প্ৰেম, ত’তে ঈশ্বৰ৷
‘To-morrow is Saint
Valentine's day,
All
in the morning betime,
And
I a maid at your window,
To
be your Valentine.
Then
up he rose, and donn'd his clothes,
And
dupp'd the chamber-door;
Let
in the maid, that out a maid
Never
departed more.’
Ophelia
in 'Hamlet', Act IV, Scene 5, By William Shakespeare (1600-1601)
No comments:
Post a Comment