Friday, 20 February 2015

পথৰ দাঁতিত প্ৰস্ৰাৱ কৰক, 
পুষ্প উপহাৰ লওক!



টিভিৰ পৰ্দাত দেখিলোঁ, ৰাস্তাৰ দাঁতিত থকা ৱালৰ কাষত মানুহ এজনে প্ৰস্ৰাৱ কৰিছে৷ হৈ যোৱাৰ লগে লগে তেওঁ ফুল এপাহ উপহাৰ স্বৰূপে পাইছে৷ কথাটো ভাল লাগিল৷ তেওঁ সিমুৱাকৈ কামফেৰা কৰি অতালে কি নাই, গাভৰু এজনী এইফালে ফুল লৈ হাজিৰ!

দিনটোত কেইবাবাৰো প্ৰস্ৰাৱ কৰিবলগীয়া হয়৷ সেইটো মানুহৰ নিয়মেই৷ সেইটো প্ৰাকৃতিক কথাও৷ প্ৰস্ৰাৱ হৈছে শৰীৰৰ পৰা বাজ হোৱা অদৰকাৰী জুলীয়া পদাৰ্থ৷ গতিকে আবৰ্জনাক চেপি ৰাখি বেমাৰ চপাবনো কোনে? আনহাতে ঠাণ্ডা দিনত এনেয়েও টেনডেনচিটো বেছি হয়৷ কাৰণ ঘামযে নোলায়৷ গতিকে জেগা পালেই, সুবিধা পালেই পোনেই খালাচ কৰি দিয়া যায়৷ লগে লগে বিৰাজ কৰে এক সুখকৰ অনুভূতি৷ তাৰ পিছতহে কথা-বতৰা বা আন যি কোনাে কামত মন বহুৱাব পাৰি৷ এতিয়া কথা হ'ল, এনেকৈ প্ৰস্ৰাৱ কৰাৰ বিনিময়ত লাভ কৰা আৰামকণৰ লগতে প্ৰত্যেকবাৰতে যদি একোপাহকৈ ফুল উপহাৰ পোৱা যায়, কিনো বেয়াটো? ৰঙা গোলাপ পালেটো কথাই বেলেগ! এতেকে ব্যৱস্থাটোক স্বীকাৰ কৰি লোৱাই উত্তম৷ তাতে, ফুলদানি এটা কেনেবাকৈ যোগাৰ কৰিব পাৰিলেতো হ’লেই আৰু৷ ঘৰত সজাবই পৰা যায়৷ বিপৰীতে, সিটো কৰি দেখুৱাব পাৰিলে ফুলদানি একোটা দিয়েইবা আকৌ! নাজানো৷

চেষ্টা কৰি চাব লাগিল৷ অ’ফাৰ চলি আছে৷ টিভিত দেখিলোঁ৷ নিজকে সফল কৰিব পাৰিলে ঘৰৰ ড্ৰয়িং ৰুমটো ড্ৰয়িং ৰুম গুচি ফুলনিয়ে হৈ পৰিব৷ গতিকে তাৰ বাবে পনীয়া দ্ৰব্য খোৱাৰ পৰিমাণটো আগতকৈ বঢ়াব লাগিল৷ অধিক পৰিমাণে পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল কথা৷ অৰ্থাৎ, ডবল বেনিফিট৷

চান্স নে’ভাৰ কামচ টুৱাইচ৷ কথাষাৰ ক’লোঁ হ’লে৷ পনীয়া পদাৰ্থ সৰহকৈ খাওক, বেৰৰ দাঁতিত পেচাব কৰক, ফুল লওক, সুখী হওক৷

No comments:

Post a Comment