Wednesday, 11 February 2015

ভেলেণ্টাইন ডে আহিলত মনত পৰিছে...

এক.
ভেলেণ্টাইন ডে আহিলত মোৰ মনত পৰিছে... যোৱাটো বছৰৰ এইটো সময়তে অকবত এপ্ৰভেল চিষ্টেমৰ সূচনা হৈছিল৷ কোনোবাই কৈছিল, এয়া ভেলেণ্টাইনৰ উপদ্ৰৱ ৰোধিবৰ বাবে কৰা হৈছে৷ তেতিয়াৰ পৰাই সেই ব্যৱস্থা আজিকোপতি বাহাল ৰখা হৈছে৷ কোনো কোনোৱে অৱশ্যে তাকে লৈ অসন্তুষ্টিও প্ৰকাশ কৰিছিল তেতিয়া৷ পিছলৈ যেনিবা সকলোটি স্থিৰ হল৷ সেই দিন ধৰি আমাৰ পষ্টবোৰ ৱালত দৃশ্যমান হৈ উঠাৰ পূৰ্বে এপ্ৰভেল নামৰ গেইটখনত কিছু সময়ৰ বাবে থমকিব লগা হৈ আহিছে৷ ষ্টপ, চেকিং এণ্ড এণ্ট্ৰি৷ ইয়াত আপত্তি কৰাৰ কোনো থল নেদেখোঁ৷ ফলাফল হিচাপে বৰং এতিয়া লক্ষ্য কৰোঁ, চুটি চুটি বা এশৰীয়া পষ্ট অন্তৰ্ধান হৈছে৷ ৰোমান সেনাৰ বিলুপ্তি ঘটিছে৷ শেহতীয়াভাৱে অৱশ্যে এইটো মন কৰিছোঁ যে এপ্ৰভেল গেইটৰ ষ্টপেজ টাইমটো দীঘলীয়া হৈ পৰিছে৷ ভেলেণ্টাইন ডে আকৌ আহি পালত কথাটো হঠাতে মনত খেলালে৷

দুই.
কিমান সঁচা, কিমান মিছা নাজানো৷ কিছুদিনৰ আগতে এটা ঘোষণা কাণত পৰিছিল৷ এইবাৰ হেনো ভেলেণ্টাইন ডেৰ দিনা একেলগে পালেই হল৷ হালকে ধৰি নি বিয়া পাতি দিয়া হব! কোনে কলে পাহৰিলোঁ যদিও দৃশ্যটো কল্পনা কৰি ভালেই লাগিল৷ এফালৰ পৰা চাবলৈ গলে এইটো দেখোন এটা খুবেই উৎসাহজনক কথা৷ যিসকল প্ৰেমিক-প্ৰেমিকাৰ মিলনত পিতৃ-মাতৃৰ বা ঘৰুৱা বাধা আছে, যিসকলৰ অভিভাৱকৰ সন্মতি থকা সত্ত্বেও সামাজিক প্ৰথানুযায়ী বিয়া পাতিবলৈ সাধ্যই নুকুলায়, তেনে যুটীয়ে গোপনে, ইচ্ছাকৃতভাৱে এই সুযোগটো লব পাৰে দেখোন৷ প্ৰেমিক-প্ৰেমিকাহঁতেও অকণো লুক-ঢাক নকৰি, ধৰা পৰিলে বিয়া পাতি দিয়া হব বুলি কোৱাসকলৰ দৃষ্টি আকৰ্ষণৰ চেষ্টাত ৰত হব লাগে৷ কাৰণ ধৰা পৰিলেই বিয়া, জীৱনৰ বাবে এক হোৱা৷ প্ৰেম আৰু মিলনৰ বাবে আতুৰ প্ৰেমিক-প্ৰেমিকা এহালৰ বাবে তাতোকৈ আনন্দৰ কথা আৰু কি হব পাৰে? গতিকে সাহসেৰে মুক্ত বিচৰণ কৰাটোৱেই ভাল কথা৷ ইচ্ছুক অভিভাৱকে সেইদিনা একেলগে পাৰ্ক-চাৰ্কলৈ যাবলৈ ঘৰৰ পৰাও তেওঁলোকক ফ্ৰী কৰি দিব লাগে৷

তিনি.
১৪ফেব্ৰুৱাৰীত বাৰু ভেলেণ্টাইন ডে৷ তৎসত্ত্বেও কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শেষৰ দিনটো কোনোগুণে কম নহয়৷ প্ৰেম আৰু মিলনৰ আচল দিন সেইটো৷ কিয়নো বহুতে সেইদিনাই কামফেৰা সমাধা কৰি পেলায়৷ ছোৱালীজনীয়ে পৰীক্ষা দিবলৈ গৈ ঘৰলৈ ঘূৰি নাহে৷ লৰাটোৱে এজনী লৈ নোহোৱা হয়৷ প্ৰেমিক-প্ৰেমিকাযুগল গুচি যায়গৈ কোনোবা অজান ঠাইলৈ৷ গোপনে বিয়াত বহে৷ গম পোৱাৰ পিছত ঘৰত বিচাৰ-খোঁচাৰ আৰম্ভ হয়৷ প্ৰথমে গভীৰ অসন্তুষ্টি, কোনো কোনোৰ সমৰ্থন, কোনো কোনোৰ বিদ্ৰোহ, হৈ-হাল্লা, গালি-গালাজ, কাটিম-মাৰিম, কেছ দিয়া-দিয়ি, ইটো-সিটো-বহুতো৷ লাহে লাহে সকলো চেঁচা পৰি যায়৷ ছোৱালীজনী এদিন মাক হয়৷ আইতাকহতোঁ তেতিয়া তেনেই পমি যায়! সচেতন অভিভাৱকসকলে অৱশ্যে পৰীক্ষাৰ এই অন্তিম দিনটোত সন্তানৰ ওপৰত কাঢ়া নজৰ ৰাখে৷ কোনেও কব নোৱাৰাকৈ শক্তিশালী চোৰাংচোৱাও নিয়োগ কৰে৷ ইফালে প্ৰেমিক মানুহো সাত ঘাটৰ চেঙেলী৷ তেনে আৱেষ্টনী ফালি পলায়ুৰ্দ্ধং হৈ পৰে৷ গতিকে সদ্যহতে ভেলেণ্টাইন ডে চেলিব্ৰেট কৰিলেও মেট্ৰিক পৰীক্ষাৰ অন্তিম দিনটোৰ গুৰুত্ব কোনোপধ্যে নুই কৰিব নোৱাৰি৷

চাৰি.

প্ৰেমত ফেইল মাৰিলে আকৌ কথা বিষম হৈ পৰে৷ এই পৰাজয় আৰু পৰিস্থিতিৰ ব্যাখ্যা কোনেও আজিলৈ দিব পৰা নাই৷ জীৱনৰ বাবে হাৰি যোৱাৰ গ্লানিয়ে তিল তিলকৈ গ্ৰাস কৰে প্ৰেমিক-প্ৰেমিকা উভয়কে৷ ফলশ্ৰুতিত শেষ সিদ্ধান্ত হিচাপে আনকি আত্মহননৰ পন্থা পৰ্যন্ত অৱলম্বন কৰা দেখা যায়৷ গতিকে অভিভাৱক সাৱধান হোৱা উচিত৷ ঘৰত চিলিং ফেন আদি থাকিলে আগতীয়াকৈ খুলি ৰখাই শ্ৰেয়ঃ৷ চুৰ্ণি আদিও আঁতৰাই থব লাগে৷ আজিকালি অৱশ্যে জিনচ, টি-চাৰ্টৰহে পয়োভৰ৷ চুৰ্ণিৰ ব্যৱহাৰ নোহোৱা হৈছে৷ যোগাত্মক দৃষ্টিৰে চাই সেইফালৰ পৰা চিন্তাটো অকণমান কমা বুলিয়ে কব লাগিব৷ অন্ততঃ ঘপকৈ ওলমিব পৰা যতন এটা নাইকিয়া হৈ আহিছে৷ চুৰ্ণিয়ে যেন নিজেই কৈছে... প্ৰেম কৰা, ধ্বংস নকৰিবা৷ পিছে ঘৰবোৰ ওখকৈ বাঢ়িবলৈ লোৱাতহে বিপদ হৈছে৷ ভেলেণ্টাইন ডে’ আহিলত কথাটো মনলৈ আহিছে৷

No comments:

Post a Comment