কিন্তু সময়ৰ প্ৰতিবন্ধকতালৈ চাই সেই কাৰ্যসূচী
বাতিল কৰিব লগা হ’ল৷…
শনিবৰীয়া ‘মোৰ আলহী’ত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত ‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা’ৰ এয়া অষ্টম খণ্ড৷
………………………….
১৪ তাৰিখে তিনি বজাত লাচ ভেগাচৰ বাছ আস্থান হলিউড
প্লেনেটৰ পৰা গ্ৰে হৰ্ণ বাছ চাৰ্ভিচৰ অত্যাধুনিক বাছত উঠি Anaheim Cityলৈ ৰাওনা হ’লোঁ৷ ছয়ঘণ্টীয়া যাত্ৰাটোত বাটত
কোনো ষ্টপেজ নাছিল৷ সুদৃশ্য বাছখনতে লাগতিয়াল সকলো বস্তু পোৱা যায়৷ টয়লেটৰ ব্যৱস্থাও
অতি সুন্দৰ আৰু স্বাস্থ্যসন্মত৷ ৰাস্তা ইমানেই ভাল যে অলপো ভাগৰুৱা অনুভৱ নহ’ল৷ আহি থাকোঁতেই বাটত চকুত পৰিল
Disaster Management Systemৰ অন্তৰ্গত পুনৰ্সংস্থাপনৰ ব্যৱস্থাপনা৷ ৰাতি ৯.৪৫ত আমি
হোটেলত সোমালোঁ৷
Anaheim আৰু লাচ ভেগাচ দুখন বেলেগ বেলেগ ষ্টেটৰ
দুখন বেলেগ বেলেগ মহানগৰ৷ প্ৰথমখন কেলিফৰ্ণিয়াত আৰু দ্বিতীয়খন নেভাডাত৷ তেনেকুৱা ৫০খন
অংগৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰত আছে৷
১৫ তাৰিখে দুপৰীয়ালৈকে জিৰণি লৈ মাৰ্কেটিঙৰ বাবে
ওলালোঁ৷ য’তেই গৈছোঁ কিবা নহয় কিবা একোটা
কিনিলোঁ, ঘূৰি গৈ বিভিন্নজনক উপহাৰ স্বৰূপে দিবলৈ৷ মাৰ্কেটিঙৰ শেষত ডাউনটাউন ডিজনীলৈ
গ’লোঁ৷ তাতে খোৱা-বোৱা কৰি
Safeway Cabৰ মিষ্টাৰ আলীক মাতিলোঁ৷ তেখেতে আমাক হোটেলত থৈ গ’ল৷ পাকিস্তানী এই লোকজনৰ সৈতে
আমাৰ বন্ধুত্ব ইমানেই গাঢ় হৈ উঠিছিল যে পিছদিনা তেখেতৰ ডিউটি নাই বুলি জনোৱাৰ লগতে
নিজৰ গাড়ীৰে আমাক এয়াৰপ’ৰ্টত থ’বলৈও আগ্ৰহ প্ৰকাশ কৰিলে৷
পিছদিনা ১৬জুন৷ আমাৰ ফ্লাইট আছিল বিয়লি ২.৪৫বজাত৷
আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাত ৰিপ’ৰ্টিং টাইম নিৰ্ধাৰিত সময়তকৈ তিনিঘণ্টাৰ পূৰ্বে ঘোষণা
কৰা হয়৷ সেয়েহে সময়মতে আমাক এয়াৰপ’ৰ্ট পোৱাই দিছিলগৈ নিজৰ বি.এম.ডব্লিউ. কাৰখনেৰে৷ এজন অনা-আমেৰিকান
ড্ৰাইভাৰৰ নিজৰ বি.এম.ডব্লিউ. গাড়ী থকাটো আমাৰ বাবে ভাবিব নোৱাৰা কথাই আছিল৷ তেওঁ আমাৰ
পৰা ধন ল’বলৈকো ইতস্ততঃ কৰিছিল৷ মিষ্টাৰ
আলীক ধন্যবাদ দিয়াৰ লগতে ‘আল্লাহ আপকো সুখী ৰাখ্খে’ বুলি শুভেচ্ছা জনাই আমি এয়াৰপ’ৰ্টত সোমালোঁ৷ ভাৰতবৰ্ষ আৰু পাকিস্তান
এই দুই দেশৰ মাজৰ সম্পৰ্ক কেতিয়ানো এনেকুৱা হ’ব, কিছুপৰ তাকেই ভাবি থাকিলোঁ৷ এসময়ত মুম্বাইমুখী আমাৰ
বিমান আকাশত উঠিল৷ বিমানকোঠ এৰাৰ সময়তে ক’লোঁ... ‘বাই বাই আমেৰিকা৷ উই ৱিল কাম এগেইন৷’
২০১৪ৰ জুন মাহৰ ৬ তাৰিখে আকৌ বিদেশ ভ্ৰমণৰ সুযোগ
আহিল৷ এম.ডি.আৰ.টি.ৰ কনফাৰেন্সত অংশ গ্ৰহণ কৰিবৰ বাবে এইবাৰ কানাডাৰ টৰণ্টোলৈ৷ মুম্বাইৰ
পৰা জেট এয়াৰৱেজৰ বিমানেৰে যাত্ৰা কৰি লণ্ডনৰ হিথ্ৰো এয়াৰপ’ৰ্টত নামিলোঁগৈ৷ তাত প্ৰায় তিনিঘণ্টা
ত্ৰিশ মিনিট থকাৰ পিছত এয়াৰ কানাডাৰ বিমানত লণ্ডনৰ পৰা যাত্ৰা কৰিলোঁ টৰণ্টোৰ বিমানবন্দৰ
B. Pearsonলৈ৷ টৰণ্টোত মোৰ খুৰাৰ ল’ৰা ৰিশু ৰয়, তেওঁৰ স্ত্ৰী মিষ্টি ৰয়, তেওঁলোকৰ ল’ৰা ৰাজন আৰু সৃজনে মোক বিমান
বন্দৰত আদৰিবলৈ অপেক্ষা কৰি আছিল৷ ফ্লাইটৰ পৰা ওলাই আহিয়ে দেখা পালোঁ, এক অভিনৱ দৃশ্য৷
ফুলৰ তোৰা, ষ্টিল কেমেৰা, ভিডিঅ’ কেমেৰা আদি লৈ মোক আদৰিবলৈ সিঁহত ৰৈ আছিল, যিবোৰ সাধাৰণতে চিনেমাত
আমি দেখা পাওঁ৷ কিছু সময়ৰ পিছত ৰিশুৰ হ’ণ্ডা চিটি কাৰখনে মোক লৈ গ’ল তেওঁলোকৰ ঘৰলৈ৷ 59 North
Bonnington Avenue, Ontario MIK 1X5ত গাড়ী থামিল৷ যাওঁতেই দেখিলোঁ মেপল গছৰ শাৰী৷ বিগত
১৮বছৰ ধৰি ৰিশু কানাডাত আছে৷ তেওঁ তাৰ নাগৰিকত্বও লাভ কৰিছে৷ কানাডাত প্ৰতি ঘণ্টাত
এজন কৰ্মচাৰীয়ে ন্যূনতম ১১.৭৫ডলাৰকৈ পাৰিশ্ৰমিক লাভ কৰে৷ তেনেস্থলতো মই যাম বুলি গম
পাই তেওঁ আঠ দিনৰ ছুটী লৈছিল৷
No comments:
Post a Comment