সেন্দূৰ
দৰজাখন লাহেকৈ ফাঁক হ’ল৷ ডিঙি এটা আগুৱাই আহিল৷
কম্পিউটাৰৰ ষ্ক্ৰীণত দৃষ্টিনিবদ্ধ দুচকুৰ বাঁওফালৰটোৱে যেন ছঁয়াময়াকৈ কিবা এটা লৰচৰ কৰা দেখিলে! মগজুৰ ইংগিতত সেইফালে মূৰটো ঘূৰালোঁ৷
অ’, এইজনীচোন দেৱশ্ৰী!
লাজকুৰীয়া হাঁহি এটা মুখত লৈ দেৱশ্ৰী সোমাই আহিল৷ কাষৰ চকীখন টানি উলিয়াই বহিবলৈ কোৱাত তাই বহিল৷
‘কোৱাচোন... উদ্দেশ্য-বিধেয়...’
‘দাদা মোৰ বিয়া৷ নিমন্ত্ৰণ জনালোঁ৷ যাব৷’ এইবুলি চকলেট ৰঙৰ ডাঠ এনভেলপ এটা হেঁপাহেৰে আগুৱাই দিলে৷
হাত পাতি ল’লোঁ৷ সবিশেষ জানি লওঁ বুলি লগে লগে ভিতৰৰ চিঠিখন বাহিৰ কৰি ক’লোঁ... ‘ৰ’বা, ইণ্টাৰভিউ এটা লৈ লওঁ৷’ তাই হাঁহিলে৷
‘ওঁ... তুমি ছোৱালী শিলচৰৰ৷ সেইটো জানো বাৰু৷ বোৱাৰী হ’বা... ডিব্ৰুগড়ৰ! থাকিবাগৈ... চিকিমত! বিশ্ববিদ্যালয় ডিফুত৷ পঢ়া-শুনাৰ কি গতি হ’ব?’ তাই আকৌ হাঁহিলে৷
‘পঢ়া-শুনা চলি থাকিব৷’
‘ঠিক আছে৷ ওঁ... তুমি হ’লা ৰাজবংশী৷ সিফালে হ’ল...’
‘সোণোৱাল কছাৰী৷’ হ’বলগীয়াজনৰ নামটোলৈ চাই গুণা-গঁথা কৰি থকা দেখি বাক্যটো তায়ে পূৰা কৰি পেলালে৷
‘ৰাজবংশী-সোণোৱাল৷ ভাল বাৰু৷ এতিয়া পিছে? আগন্তুক প্লেন-প্ৰগ্ৰাম কেনেকুৱা?’
‘কাইলৈ পুৱাই ঘৰলৈ যাম৷ টিকট কাটি আহিলোঁ৷ একেবাৰে মাৰ্চতহে আহিম৷’
এইবাৰ মই হাঁহিলোঁ৷
‘ৰ’বা তেনেহ’লে৷ আগতীয়াকৈ তোমাক বিয়াৰ উপহাৰ এটা দি থওঁ৷’ এইবুলি হাতৰ কাষতে থকা নতুন কিতাপ এখন শুভেচ্ছা-বাক্য এটা লিখি দেৱশ্ৰীৰ হাতত তুলি দিলোঁ৷ এনেয়েও তাই মোৰ পৰা কিতাপ-পত্ৰ নি পঢ়ে৷ আকৌ ঘূৰাই দি যায়৷ অধ্যয়নশীল, চিন্তাশীল, গৱেষিকা ছাত্ৰী তাই৷ ধন্যবাদ জনাই কিতাপখন তাই হাত পাতি ল’লে৷ মই চিঠিখন জাপিব ধৰিলোঁ৷
‘বিয়া ফেব্ৰুৱাৰীত৷ মাতিছা জানুৱাৰীত৷ আহিবা মাৰ্চত৷ একেবাৰে শিৰত সেন্দূৰ উজলাই!’
তাই সশব্দে হাঁহি মাৰি উঠিল৷
‘মন কৰিছেনে দাদা? আজিকালি আকৌ সেন্দূৰ ল’বলৈ এৰিছে নহয়! কোনো কোনোৱে দেই৷’
‘সেন্দূৰত কেনা লাগিল চাগৈ৷ ভেজাল সেন্দূৰৰ পৰা ছালৰ ক্ষতি হয় কিজানি৷ নহয়তো এলাৰ্জী হ’ব পাৰে৷ সেন্দূৰৰ টিকটিকিয়া ৰঙা ৰংটো হয়তো ফেভাৰেট কালাৰত নপৰে৷ তেনেকুৱা কিবা কথাও হ’ব পাৰে৷’
‘নাৰীৰ এটা কথা আছে দাদা৷ কি জানে?’
‘কি?’
‘নাৰীয়ে নিজৰ বয়সটো কমাই দেখুৱাই ভাল পায়৷’
‘বিয়া হ’লেও বিবাহিতা বুলি নিজকে দেখুৱাব নোখোজে তাৰ মানে? এই প্ৰৱণতা কিয় বাৰু?’
‘সেন্দূৰচিকুট পিন্ধাটো আমাৰ পৱিত্ৰ বিবাহ বন্ধনৰ ইংগিত৷ স্বামীপ্ৰাপ্তিৰ এই চিনটো আমৃত্যু শিৰত লৈ ভালহে লাগিব লাগে৷ পতি-প্ৰেম, আনন্দ, সৌন্দৰ্য আৰু গৌৰৱৰ কথা নহয় জানো? হ’লেও কোনো কোনোৱে আজিকালি সেন্দূৰ নলয়৷ সেইটো বোলে ফেছন! কোনো কোনোৱে আনে ধৰিব নোৱাৰা ধৰণে মিহিকৈ ৰেখা এডাল বা তিল এটা লয়৷ কোনো কোনোৱে আকৌ গম নোপোৱাকৈ চুলিৰ মাজত সামান্যভাৱে লুকুৱাই ৰাখে৷ নহ’লেবা বিন্দি যে, বজাৰত কিনিবলৈ পায়, সেয়া লগায়৷ সেন্দূৰৰ মৰ্যাদা হানি হোৱা বুলিয়ে কোৱা ভাল৷’
দেৱশ্ৰীলৈ চালোঁ৷ উত্তৰটো কিমান সঠিক, কিমান বেঠিক, কি কওঁ? ভি্ন্নজনৰ ভিন্ন কথা, আহুকলীয়া কথা এইবোৰ৷ নাৰীয়েহে ক’ব পাৰিব৷ দেৱশ্ৰীৰ অগোচৰে মই মাথো তাইৰ উকা কপালখন লক্ষ্য কৰিলোঁ অলপপৰ৷ তাইনো সেন্দূৰচিকুট কি ধৰণে লয়, সেয়া জানিবলৈ মাৰ্চলৈ হেঁপাহেৰে ৰৈছোঁ৷
(২৯.১.২০১৫)
No comments:
Post a Comment