Sunday, 22 February 2015

মই সাঁতুৰিব নাজানো...
(গল্প নহয়, সত্য)


মনুষ্য জীৱনৰ পৰিধি ভাবিব নোৱাৰা ধৰণে বিশাল আৰু ব্যাপক৷ গতিকে এইটো জনমত নোহোৱা কাম কিবা নহয় কিবা থাকিবই৷ তাতেনো কি হ’ল? জীৱনৰ পৰিধিয়ে সামৰি ল’ব নোৱাৰা অনেক কথা মোৰো আছে৷ যেনে, মই সাঁতুৰিব নাজানো৷ এই মুহূৰ্তত মনত পৰাৰ ভিতৰত এটা সেইটো৷ আৰু থাকিব কিবাকিবি ঢেৰ, যিবোৰ এই জনমত নহ’ল আৰু হয়তো নহ’বও৷ তাকে লৈ মূৰ ঘমাই থাকিবলৈ নাই৷

সাঁতোৰাটো মোৰ নহ’ল, মানে হৈ নুঠিল৷ শিকিবলৈ চেষ্টা নকৰা নহওঁ অৱশ্যে৷ কৰিছিলোঁ৷ পানীত ননমাকৈতো আৰু সাঁতোৰ শিকিব নোৱাৰে কোনেও৷ সেয়ে ভাবি সঞ্জয়হঁতৰ ঘৰৰ আগত থকা ফিচাৰী ডিপাৰ্টমেণ্টৰ লে’কটোত, দেউতাহঁতৰ গাঁৱৰ ঘৰখনৰ আগেৰে বৈ যোৱা দিজৈখনাৰ পানীত, যোৰহাটৰ ভোগদৈ নৈত সোঁতৰ বিপৰীতে, হাত-ভৰি খুব মাৰিছিলোঁ৷ কিন্তু নহ’লগৈ৷ কিয়জানো, সফল নহ’লোঁ! কিয় সফল নহ’লোঁ, ক’ব নোৱাৰোঁ৷ গুৰুৰ অভাৱ আছিল চাগৈ৷ সাঁতুৰিব জনা হ’লে আন দহজনৰ দৰে নিশ্চয় বৰ মজা লাগিলহেঁতেন৷ মাছৰ দৰে পানীৰ তলেৰে, মাজেৰে, ওপৰেৰে জঁপিয়াই আগলৈ সাঁতুৰি-নাদুৰি গৈ থকাৰ আনন্দই বেলেগ চাগৈ৷ নাজানো৷ সেই কল্পনা কৰাটো মোৰ বাবে বৃথা চেষ্টাই হ’ব৷ পিছে নজনা কথাটোক লৈ দুখ কৰি বা জনাজনক হিংসা কৰিও কিবা লাভ আছে জানো? আনহাতে এইটো ঠিক যে সাঁতুৰিব নজনাৰ বাবেই মই পানীৰ পৰা খুব সাৱধানে থাকোঁ৷ পানীলৈ ভয় ভয় ভাব এটা ৰাখোঁৱেই অনৱৰতে৷ সৰুজন দদাইদেউৰ সৈতে এবাৰ দিখৌত গা ধুবলৈ গৈ পলসত লাগি ধৰিছিলোঁ৷ টানি টানি উলিয়ালে যেনিবা৷ তৎসত্ত্বেও, ল’ব জানিলে জীউটোক হাতৰ মুঠিত লৈও আনন্দ কিছু ল’ব পাৰি৷ জীৱনৰ খেল খেলিব পাৰি৷ তেনে সুযোগ মই পাইছোঁ আৰু লৈছোঁও৷ সেয়াও মনুষ্য জীৱনৰ পৰিধিৰ মাজৰে কথা৷

টুলুঙা নৌকা, মেচিন নাও, ফেৰী, স্পীড ব’ট, জাহাজত উঠি কৰা ভ্ৰমণে সাহস, উৎসাহ আৰু আনন্দৰ এক আছুতীয়া অনুভূতি যোগায়৷ স্থলপথেৰে কৰা ভ্ৰমণৰ তুলনাত জলপথেৰে উজাই-ভটিয়াই কৰা যাত্ৰাৰ প্ৰতিটো মুহূৰ্ততে নিহিত হৈ থাকে উৎকণ্ঠা, উত্তেজনা আৰু প্ৰবল ইচ্ছাশক্তি৷ নিজে নকৰিলে এইজাতীয় ভ্ৰমণৰ মাদকতা মুঠেই উপলব্ধি কৰা নাযায়৷ পানী ফালি গৈ থকা অৱস্থাত দেখা দুপাৰৰ মনোৰম প্ৰাকৃতিক দৃশ্য, পানীৰ বুকুত অস্তগামী সূৰুয আৰু তাৰ ৰঙৰ খেলা, কাষেৰে পাৰ হোৱা অন্য জাতৰ পৰিৱহণ, জলচৰ প্ৰাণীৰ লুকাভাকু, দুৰ্গম প্ৰতিকূল পৰিস্থিতিৰ সমাহাৰ, চী চিকনেচ আৰু এক ধৰণৰ ভীতিয়ে উপভোগৰ মাজতো অদ্ভুত উত্তেজনাৰ প্ৰতি মুহূৰ্ততে যোগান ধৰে, তাক প্ৰকৃতপক্ষে ভাষাৰে বৰ্ণনা কৰা কঠিনেই৷

মনত পৰে, সৰুতে নাজিৰাত দিখৌ নৈৰ পাৰত আছিল আমাৰ সম্বন্ধীয় বৰদেউতা এজনৰ ঘৰ৷ ৰে’লৱে দলংখনৰ পৰা দূৰত ঘৰটো দেখি৷ মিটাৰগজ ৰে’লেৰে আমি ডিফুৰ পৰা শিমলুগুৰিলৈ গ’লে দলঙৰ ওপৰ পালেই খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে তেওঁলোকৰ ঘাটটোলৈ দৃষ্টি নিক্ষেপ কৰি যাওঁ, বৰদেউতা-বৰমাক বা ল’ৰা-ছোৱালীবোৰৰ কোনোবাটোক দেখোঁ নেকি বুলি৷ তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাটোও তেতিয়া এটা ধৰাবন্ধা কথা আছিল৷ চাইকেলেৰে, নতুবা অ’.এন.জি.চি.ৰ বাছেৰে যাওঁ, নাজিৰালৈ৷ ডাঙৰজন দদাইদেউৰ লগত এবাৰ তেনেকৈ গৈ ঘূৰি আহিবৰ পৰত নাজিৰা টাউনৰ ফালে নোযোৱাকৈ পোনেই দিখৌ পাৰ হৈ ৰে’ল লাইনেৰে চৰ্টকাট মৰাৰ সিদ্ধান্ত লোৱা হ’ল৷ বোধহয় আমাক নৌকাযাত্ৰাৰ সোৱাদ দিবলৈকে তেনে কৰা হৈছিল৷ কাৰণ তাৰ আগতে কেতিয়াও নাৱত উঠি পোৱা নাছিলোঁ৷ বৰদেউতাৰ টুলুঙা নাও এখন আছিল৷ এৰাল খুলি ব’ঠাপাত লৈ তেওঁ সেইখন যথাস্থানত চপালে৷ আমি উঠিলোঁ৷ নাৱে টুলুং-ভুটুং কৰিবলৈ ধৰিলে৷ তাৰ পিছত দিখৌৰ বুকুৰে যাত্ৰা আৰম্ভ হ’ল৷ ৰে’লৱে ব্ৰীজৰ তলেৰে পাৰ হৈছোঁ৷ পানী গভীৰ৷ তলি দেখা নাযায়৷ বুকুত ঢিপঢিপনি৷ সাঁতুৰিবও নাজানো৷ ইফালে নাওখনে কাটি যোৱা পানী চুই চোৱাৰো প্ৰবল ইচ্ছা৷ নৈৰ পানীত হাত লগাওঁতেই দদাইদেৱে দবিয়ালে... ‘থিৰেৰে থাক৷ লৰচৰ নকৰিবি৷ পানী চুব নালাগে৷ উজাই যাওঁতে ব’ঠা মৰাত কষ্ট হয়৷’ ইপাৰ পালোঁহি৷ ভয় ভাবটো তেতিয়াহে শাম কাটিল৷ নাওখন লৈ বৰদেউতা ঘূৰি গ’ল৷ আমি ৰে’ল আলিত উঠিলোঁ৷ লাইনে লাইনে খোজ কাঢ়ি শিমলুগুৰি জংছন পালোঁহি৷ তাৰ পৰা ঘৰ৷

আমি অৰুণাচলত পঢ়ি থকা দিনত দুখন নাও জোৰা দি মানুহ আৰু সামগ্ৰী পাৰাপাৰ কৰোৱা দেখিছিলোঁ ডিক্রং নদীত৷ খৰস্ৰোতা নৈখন তেনে নাৱত উঠি দুই-এবাৰ পাৰ হৈছিলোঁ, সাৱধানতাৰ কথা মনত ৰাখি৷ সৰহ সময় পাৰৰ স্পাৰত বহি দৃশ্য উপভোগ কৰিয়ে কটাইছিলোঁ৷

এবাৰ এটা কাৰ্যসূচীত ব্ৰহ্মপুত্ৰৰ বুকুত জলপৰীত উঠাৰ সৌভাগ্য হৈছিল৷ সন্ধিয়াৰ পিছত শুক্লেশ্বৰ ঘাটৰ পৰা আৰম্ভ কৰা সেই প্ৰমোদ বিহাৰ কেইবা ঘণ্টাজুৰি চলিছিল৷ অন্ধকাৰৰ মাজেৰে ফেৰীখন শৰাইঘাট দলঙৰ ওচৰ পাইছিলগৈ৷ নৈশ গুৱাহাটীৰ দৃশ্য চাই মন-প্ৰাণ পুলকিত হৈছিল৷ পিছে তেনে আনন্দৰ মাজতো সাঁতুৰিব নজনা ভাবটোৱে উৎপন্ন কৰা সমীহ এটা বুকুত অনৱৰতে কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছিল৷ অন্তত ভালে ভালে পাৰঘাটত নামিলোঁহি যেনিবা৷

মাজুলী উৎসৱলৈ যাওঁতে নিমাতী ঘাটত ফেৰীত উঠিলোঁ৷ উঠিলোঁ মানে বহি ল’লোঁ৷ ফেৰীখনৰ তলৰ অংশত একোণত এখন দোকান চকুত পৰিল৷ দোকানীজনৰ নিচেই কাষতে, বেঞ্চখনৰ মূৰত ঠাই ল’লোঁ৷ কাৰণ, ওচৰত থকা আন মানুহে সাঁতুৰিব জানক নাজানক, দোকানীজনে নিশ্চয় জানিব আৰু কিবা হ’লে তেওঁকে গবা মাৰি ধৰিম বুলি ধাৰণা এটা কৰি লৈছিলোঁ৷ বিশাল ব্ৰহ্মপুত্ৰখনৰ বুকুৰে চলি গৈ থাকোঁতে ভয় এটা লাগি আছিল৷ গৈ গৈ কমলাবাৰী ঘাটত নামিলোঁ৷ জীৱটো ঘূৰাই পোৱা যেন লাগিল৷ যাওঁতে লাভ কৰা অভিজ্ঞতাৰ ভেটিত ঘূৰি আহোঁতে সাহস অকণমান গোট খালে৷ ভিতৰত নবহি এইবাৰ ফেৰীৰ চালৰ ওপৰত উঠিলোঁ৷ সাৱধানতাক কিন্তু গুৰুত্ব নিদিয়াকৈ নাথাকিলোঁ৷ একেবাৰে পিছফালে থিয় হৈ সন্মুখলৈ চাই দিশ নিৰ্ণায়ক হেণ্ডেলডাল নিয়ন্ত্ৰণ কৰি থকা লোকজনৰ কাষত ৰৈ ল’লোঁ৷ ভাবটো আছিল, ভগৱানে নকৰক, ৰাস্তাত অথন্তৰ ঘটিলে এইজনে কিবা এটা নিশ্চয়কৈ কৰিব পাৰিব৷ ব্ৰহ্মপুত্ৰৰে উজাইছোঁ যেতিয়া ল’ৰা-ধেমালি নিশ্চয় নহয়৷ নিমাতী ঘাট পালত ৰৈ থকাৰ কথাই নাই, ফেৰীৰ ওপৰৰ পৰা পলসুৱা কোমল মাটিলৈ জাঁপ দিলোঁ৷ নিৰাপদে এইপাৰ পাই মহাবাহুলৈ চাই নমস্কাৰ এটাও দি দিলোঁ৷

বেংকক চহৰৰ মাজেৰে বৈ যোৱা চাও ফ্ৰিয়া নৈত মেচিন নাৱেৰে কৰা ৰিভাৰ ক্ৰুজত, আন্দামান সাগৰত ফুকেটৰ পৰা ফিফি আইলেণ্ডলৈ চাৰিখলপীয়া জাহাজত কৰা ভ্ৰমণত, পাট্টায়াৰ পৰা কৰেল আইলেণ্ডলৈ দুৰন্ত গতিৰ স্পীড ব’টত জঁপিয়াই জঁপিয়াই যাওঁতে, সমুদ্ৰতলীত প্ৰবাল পোকে গঢ়া পাহাৰ দেখুৱাবলৈ বিশাল সাগৰখনৰ বুকুত টুলুঙা নাৱত উঠাই নিওঁতেও সাৱধানতাক প্ৰশ্ৰয় দিছিলোঁ, প্ৰতিটো ক্ষণতে৷

সাঁতুৰিব নাজানো যদিও এনেদৰেই পানীৰ ওপৰেৰে চলা-ফিৰা কৰি আনন্দ পাব পাৰি আৰু পাইছোঁ৷ আনহাতে সাঁতুৰিব নজনাৰ বাবে জলকেলিকে ধৰি জীৱনৰ কেতবোৰ মধুৰ আৰু বিচিত্ৰ কাৰ্যকলাপ মুখৰ আগত পায়ো কুক্ষিগত কৰিব নোৱাৰিলোঁ৷ সেইবোৰ ভাবিলেহে মনটো সেমেকি উঠে৷ জীৱনৰ আৱৰ্তই এটা কাৰণতেই সেইখিনি গ্ৰহণ কৰিব নোৱাৰিলে৷ কাৰণটো হ’ল, মই সাঁতুৰিব নাজানো৷

আপুনি জানে চাগৈ ন?

No comments:

Post a Comment