Thursday 31 July 2014

ছপাশালৰ তিতা-মিঠা
(গল্প নহয়, সত্য)

-হেল্ল..., তুমি আছানে?
-আছোঁ চাৰ৷
-আমাৰ স্কুলৰ আলোচনীখন কৰি দিব লাগে৷ আমাৰ ...চাৰ যাব দেই, তোমাৰ ওচৰলৈ৷
-হব চাৰ৷ মই থাকিম বাৰু৷

হায়াৰ চেকেণ্ডাৰী স্কুলখনৰ প্ৰিন্সিপাল দাস চাৰে ফোনত কৰা যোগাযোগ মৰ্মে বিদ্যালয়-আলোচনীৰ তত্ত্বাৱধায়ক, বিষয়-শিক্ষক ডেকা চাৰ কিছু পৰৰ পিছতে পালেহি৷ হাতত ফাইল৷ লগত অন্য এগৰাকী সহকাৰী শিক্ষক টেৰণ ছাৰ৷ উভয়েই মোৰ নিত্য-চিনাকি৷

আপুনি গম পাইছেই নহয়, পোনপ্ৰথমবাৰৰ বাবে এই বছৰ আমাৰ স্কুলৰ এখন এনুৱেল মেগাজিন উলিওৱাৰ পদক্ষেপ লোৱা হৈছে৷ চৰকাৰে এইবাৰ আলোচনী উলিয়াবৰ বাবে ধন দিছে বুলিও আপুনি জানিছেই৷ আমাৰখন চাৰিটা ভাষাত হব৷ ইংৰাজী, হিন্দী, অসমীয়া আৰু স্থানীয়৷ সদ্যহতে এই ফাইলকেইটা চমজালোঁ৷ আৰম্ভ কৰি দিয়ক৷ প্ৰিন্সিপাল চাৰৰো ৰিটায়াৰমেণ্টলৈ বেছি দিন নাই৷ গতিকে দেৰি নকৰিব৷

ব বাৰু৷

চাৰসকল গলগৈ৷ মই এটা এটাকৈ ফাইল ষ্টাডিত লাগিলোঁ৷ তাৰ পিছত কম্পিউটাৰটো অন্‌ কৰি অসমীয়া শাখাৰ টাইপিং আৰম্ভ কৰিয়ে দিলোঁ৷ কাৰণ ৰৈ থকাটো মোৰ স্বভাৱবহিৰ্ভূত কথা৷ কাইলৈৰ কাম আজিয়ে, আজিৰ কাম এতিয়াই নীতিত চলোঁ৷

অৱসৰ গ্ৰহণ কৰিবলগীয়া অধ্যক্ষগৰাকীৰ উত্তৰাধিকাৰী কোন হব? এই বিষয়টো লৈ শুনামতে স্কুলখনত আঠজনীয়া দাবীদাৰৰ মাজত এক অন্তৰ্কন্দল ইতিমধ্যে আৰম্ভ হৈ গৈছিল৷ কথাটোৱে আলোচনীৰ কাম আগ বঢ়াৰ বাটত গতিৰোধকৰ ভূমিকা ললে৷ ক্রমে উমি উমি আৰু এসময়ত প্ৰকাশ্য হৈ পৰা উক্ত প্ৰক্রিয়াত সোমাই থকা তত্ত্বাৱধায়কগৰাকীয়ে প্ৰাপ্য হেৰুৱাৰ অজুহাতত নিজৰ দায়িত্বৰ পৰা লাহেকৈ গা এৰা দিলে৷ আলোচনীখনৰ কোনো কথাতে সহযোগ নকৰা হল৷ ইফালে এদিন সন্ধিয়া হঠাতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আৰু আলোচনীৰ সম্পাদিকা নামধাৰী শিক্ষাৰ্থীযুগল আহি ওলাল৷ কলে, আলোচনীৰ কামটো ততালিকে বন্ধ কৰিব লাগে৷ কাৰণটো হল, অসমীয়া শাখা এটাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে৷ সেইটো নহব৷ ইংৰাজী মাধ্যমৰ স্কুলৰ আলোচনীত কিহৰ অসমীয়া বিভাগ?

তোমালোকৰ প্ৰিন্সিপাল আৰু মেগাজিনৰ ইনচাৰ্জ চাৰৰ সৈতে কথাবোৰ মুকলিমূৰীয়াকৈ আলোচনা কৰি সিদ্ধান্তটো মোক জনাবাহিচোন বুলি কোনো ৰকম বুজাই-বঢ়াই  সিহঁতহালক বিদায় দিলোঁ৷ লগতে চিন্তা কৰিলোঁ, কথাটো কিবা গোলমলীয়া হল দেখোন!

খালী হব লগা অধ্যক্ষৰ আসন, স্কুল মেগাজিনত অসমীয়া শাখা আদি প্ৰসংগক লৈ এটা সময়ত পৰিস্থিতি তুংগত উঠিলগৈ৷ শিক্ষক-শিক্ষক, ছাত্ৰ-শিক্ষক ধৰণৰ বিসম্বাদবোৰে কম দিনতে বৰ বেয়াকৈ শিপা মেলিলে৷ ইজনে সিজনৰ প্ৰতি দেখ দেখ বিৰুদ্ধাচৰণ৷ সহযোগিতা নাই৷ একাংশই একাংশক মানিব নোখোজে৷ মনে মনে ভাবিলোঁ, কি কৰা যায় এতিয়া? কামো আগুৱালোঁ৷ সমস্ত অসন্তুষ্টিৰ কুফল এতিয়া মইহে ভোগ কৰিব লাগিব দেখিছোঁ!

প্ৰুফ চাব লাগিছিল, কোনো নহা হল! যোগাযোগ কৰিলেও লাভ নাই৷ বৰ বিপদত পৰিলোঁ৷ অধ্যক্ষ মহোদয়ক ফোনেৰে জনালোঁ, মোৰ টাইপিং হৈ গল, এতিয়া কি কৰোঁ চাৰ?

লগত এজন শিক্ষক লৈ প্ৰিন্সিপাল চাৰ এদিন নিজেই আহিল৷ কামটো কৰোঁতে মই পোৱা অসুবিধাবিলাকৰ কথা উনুকিয়ালোঁ৷ বেটুপাতৰ পৰিকল্পনা, সংযোজন কৰিব খোজা ফটোগ্ৰাফ, মেচেজ, সূচীপত্ৰ আদি খুজিলোঁ৷ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে মেগাজিন উলিয়াই থৈ যামেই বুলি দৃঢ় হৈ কৰ্মব্যস্ততাৰ মাজতো তেখেতে যিমানখিনি পাৰে কৰিলে৷ বাকীখিনিৰ বাবে স্বাধীনতা অৰ্পণ কৰা হল অমুকাৰ ওপৰত৷ নিজস্ব চিন্তাৰে বেটুপাতৰ পৰা আৰম্ভ কৰি সীমিত লেখা-মেলাৰেই স্কুলৰ মান-মৰ্যাদাক সৰ্বোচ্চ আসন দি কামটোত গভীৰভাৱেই সোমাই পৰিলোঁ৷ চিনাকি শিক্ষকক ফৰমাইচ দি দি সমল সংগ্ৰহ কৰিলোঁ যাতে বাৰ্ষিক আলোচনী হিচাপে আন বিদ্যালয়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ তুলনামূলকভাৱে সুন্দৰ ৰূপ এটা পায়৷ তত্ত্বাৱধায়ক শিক্ষকগৰাকীক কামৰ অগ্ৰগতি সম্পৰ্কে কোনো কথা জনোৱাৰ পৰা বিৰত থাকিলোঁ, ইচ্ছাকৃতভাৱেই৷ কাৰণ অধ্যক্ষৰ শূন্য আসনৰ মেৰপেছত লাগি তেওঁ বিষয়টোত সমূলি গুৰুত্ব নিদিয়া হল৷ তেওঁৰ ফকাচ সেইফালেহে ৰল৷

কাম সমাপ্ত কৰি এদিন প্ৰিন্সিপাল চাৰক ফোন কৰিলোঁ... চাৰ, আলোচনীখন হল, নিব পাৰিব৷


চাৰে সহকৰ্মী এগৰাকীৰ গাড়ীখন পঠিয়াই দিলে৷ ধৰাধৰিকৈ টোপোলাবোৰ তুলি দিলোঁ৷ নিৰ্দিষ্ট দিনত হাত চাপৰিৰ মাজেৰে বিদ্যালয় আলোচনী উন্মোচন হ!
বৈজ্ঞানিক আৱিষ্কাৰ আৰু আমাৰ উত্তৰণ
(চেনেলৰ মহিমাত টেলিভিছনৰ পৰ্দাত কিবাকিবি চোৱাৰ পিছত অকবত ক্ষোভ উজাৰাসকলৰ কৰকমলত, স্নেহেৰে)

দেখা যায়, আমি সৰহসংখ্যক মানুহেই বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহে আগ বঢ়োৱা মানৱ জাতিৰ কল্যাণকামী প্ৰয়োগিক দিশটোৰ প্ৰতি সমূলি সচেতন নহওঁ৷ চমকপ্ৰদ আৱিষ্কাৰ বা উদ্ভাৱন, যিবোৰে মনুষ্য সমাজক শক্তি আৰু সম্পদেৰে ধন্য কৰিছে, সেইবোৰক প্ৰকৃতাৰ্থত কেনেদৰে ব্যৱহাৰ কৰা উচিত সেই বিষয়টোৰ প্ৰতি আমি তেনেই অজ্ঞ৷ অন্ততঃ এটা বয়সলৈকে এইটোযে সঁচা, তাত নিশ্চয় কাৰো দ্বিমত নাথাকিব৷ সম্পদ আহৰণৰ ক্ষেত্ৰত আমাৰ মাজত অস্বাস্থ্যকৰ প্ৰতিদ্বন্দ্বিতা চৌপাশে অহৰ্নিশে বিৰাজমান৷ এই কথা দোহাৰাৰ প্ৰয়োজন নাই৷ গৰাকী হোৱাৰ অদমনীয় বাসনাৰ বিপৰীতে ব্যৱহাৰিক দিশত জ্ঞানশূন্যতা বা সীমাবদ্ধতা, উভয়ে পৰিষ্কাৰ ৰূপত তাকেই প্ৰতিপন্ন কৰি আহিছে৷

এটা প্ৰত্যক্ষ উদাহৰণ টিভি৷ প্ৰশ্ন হয়, টেলিভিছনৰ যোগাত্মক দিশটোৰ প্ৰতি আমি কিমানজন সজাগ? ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যায়, আমি চকুৰ টিপ নমৰাকৈ একেৰাহে চেনেলৰ পিছত চেনেল পকাই পৰ্দাৰ সন্মুখত সময় অতিবাহিত কৰি দিওঁ৷ অন্য কোনো চিন্তা বা কৰ্মই এই মনঃসংযোগ ভেদিব নোৱাৰে৷ আনে যোগান ধৰা আমোদ-প্ৰমোদ, উপভোগৰ বাসনাত মত্ত হৈ থাকি এনেকৈয়ে আমি সময় অপচয় কৰোঁ যি সময় মহামূল্যৱান, যাক কোনো প্ৰকাৰে ঘূৰাই পাব নোৱাৰি৷ তাৰ লগে লগে নিজে কিবা এটা কৰাৰ সম্ভাৱনাখিনিকো নোহোৱা কৰোঁ৷ জীৱনৰ উজ্জ্বলতম দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আমাৰ অৱকাশ নোহোৱা হয়৷ নিজৰ মাজত থকা সৃজনীমূলক প্ৰতিভাকো নিজৰ অলক্ষিতে আমি এনেকৈয়ে ধূলিসাৎ কৰি থকা নাইনে?

এইটো ঠিক যে, আমোদ-প্ৰমোদ মানুহক নলগা নহয়৷ অন্যথা আমি হয়তো শক্তিহীন হৈ পৰিম৷ পৰিশ্ৰমৰ অন্তত কৰা বিনোদনে মানুহৰ মন ৰঙাই তোলে, প্ৰাণ শক্তিৰে ভৰাই তোলে৷ পিছে অতিশয় দুৰ্ভাগ্যৰ কথা, পৰিমিত মাত্ৰাৰ বিপৰীতে প্ৰচুৰভাৱে কৰা বিনোদনৰ অন্ততো আমি কাহানিও শক্তিমন্ত হৈ নুঠোঁ৷ পৰিশ্ৰমৰ প্ৰতিও অনুপ্ৰাণিত হোৱাৰ পৰিৱৰ্তে দেখোঁ হৈ ৰওঁ একেদৰে উদাসীন৷ আনৰ ফচলৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা আমিবোৰ জীৱন-দৌৰত সঁচাকৈ কবলৈ গলে একো একোটা সুবিধাবাদীহে৷ আমি এতিয়া সহজ জীৱন-যাপন প্ৰণালীৰ প্ৰতি অধিক অনুৰক্ত৷ সহজৰ প্ৰতি আমাৰ ধাউতি অপৰিসীম৷ সকলো সহজে হোৱাটোহে এতিয়া আমাক লাগে৷ যিকোনো কাম কম আয়াসতে, শৰীৰৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ হোৱাটোহে বিচাৰোঁ৷ কষ্ট বা শ্ৰম নকৰি কম সময়তে অধিক সম্পদৰ গৰাকী হোৱাটোৱেই এতিয়া আমাৰ জীৱনৰ মূলমন্ত্ৰ৷ আনে উদ্ভাৱন কৰা মনোৰঞ্জনৰ উপায়সমূহ গ্ৰহণ কৰি বিলাস-বাসনাত অহোৰাত্ৰ নিমগ্ন হৈ থকাই আমাৰ ধৰ্ম৷ শ্ৰমবিমুখ, আৰামদায়ক, বিলাসী জীৱন গ্ৰহণ কৰি মনোৰঞ্জক বিষয়ত অধিকাংশ সময় নিজকে নিয়োজিত কৰি ৰখাত আমাৰ ইচ্ছা প্ৰবল৷ আমোদ-প্ৰমোদহে আমাৰ বাবে হৈ পৰিছে মুখ্য বিষয়৷ চিন্তা আৰু কৰ্ম হৈ পৰিছে গৌণ৷ অপৰিমেয় ভোগ-বিলাসৰ ফল স্বৰূপে আমি ধী-শক্তি হেৰুৱাই পেলাইছোঁ৷ গভীৰ চিন্তা আমি লাহে লাহে কৰিব নোৱাৰাই হৈ পৰিছোঁ৷ আমি যুক্তিহীন হৈ পৰিছোঁ, তাত্ত্বিক চেতনা বিলুপ্ত হৈ পৰিছে, মনুষ্যত্ব বিকল হৈ গৈছে৷ পাহৰিলে নহব যে মানুহে কৰা আটাইতকৈ ডাঙৰ অপচয়টো আমি কৰিব লাগিছোঁ নিজৰ অজানিতেই৷

বিজ্ঞানীসকলৰ দীৰ্ঘদিনীয়া নিৰলস সাধনাৰ ফল, তেওঁলোকৰ উৰ্বৰ মস্তিকৰ সৃষ্টি বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহৰ ধনাত্মক দিশটোৰ বিপৰীতে ঋণাত্মক দিশৰ প্ৰতি উদ্ভৱ হোৱা আমাৰ অহৈতুকী প্ৰীতিয়ে আমালৈযে বিপদ মাতি আনিছে আৰু ভৱিষ্যতেও আনিব তাক আমি সোনকালে বুজি উঠিলে ভাল৷ সহজলভ্য বিনোদনৰ নিষ্ক্ৰিয় দৰ্শক বা নিস্পন্দ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে উচ্চস্তৰীয় আনন্দৰ সক্রিয় অংশীদাৰ হব পাৰিলে আৰু ভাল৷ পিছে কথা হল, তেনে সাধনাত ব্ৰতী হ'ব পাৰিছোঁনো কিমানজনে? বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনে দিয়া যান্ত্ৰিক সুবিধা প্ৰয়োগেৰে দৈনন্দিন কাৰ্য সম্পন্ন কৰি ৰাহি কৰা সময়ক আমি নিজৰ প্ৰাণৰ, নিজৰ মগজুৰ, নিজৰ চেতনাৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিবলৈ শিকিছোনে? জীৱনৰ গভীৰতম আনন্দ আৰু প্ৰশান্তিৰ সঞ্জীৱনী সুধা আহৰণৰ নিমিত্তে উৎসৰ সন্ধানত আমি এতিয়াও সিদ্ধি লভিব পৰা নাই৷ 'মূৰ্খৰ বাকচ'টোৰ ভিতৰৰ চৰিত্ৰবোৰে দেখুৱাই থকা কৰ্ম-কাণ্ডবিলাকক লৈ ক্ষোভ উজাৰিয়েইতো আমি অনৰ্থক মূৰ গৰম কৰি আহিছোঁ, শক্তি ক্ষয় কৰি আহিছোঁ৷ ব্যক্তিৰ, সমাজৰ, দেশৰ, জাতিৰ উত্তৰণৰ পৰিপ্ৰেক্ষিতত কথাবোৰ কিমান দুঃখজনক, কিমান নঞৰ্থক, নহয়নে?

(প্ৰকাশ : নতুন দৈনিক, ২.৭.২০০৩)

Wednesday 30 July 2014

নিজকে বিচাৰি...

- কি হবাইল-চবাইল অফ যে?

- এ কি কবি আৰু! আমাৰ নেটৱৰ্কেই নাই অ... কাৰেণ্ট নথকাত চাৰ্জো কৰিব পৰা নাই...
ফাকি দি দিলোঁ তাক৷

- কথা কবলৈ আহিছ? ঈদ মুবাৰক জনাওঁ বুলি ফোন কৰি কৰি হায়ৰাণ হৈ গলোঁ৷ পিছত এছ.এম.এছ. এটাকে চেণ্ড কৰি দিলোঁ৷ বিশ্বাস নকৰিলে চাই লবি, হয়নে নহয়৷

- নাই অ, মোৰ হেণ্ডছেটটোৰ অৱস্থাই নাই৷ সেই কাৰণে মাৰি মাৰি নাপালি চাগৈ৷
আকৌ এটা নতুন ফাকি৷

হয়ো অৱশ্যে৷ কী-পেডটোৰ বাৰটা কীৰ ভিতৰত সাতটাই অন্তৰ্ধান৷ কোনটো কেতিয়া কত পৰিল, নাজানো৷ কোনোবাটো পাই বুটলি থৈ দিছিলোঁ৷ পিছে কাম নাই৷ সন্মুখৰ ষ্টিলৰ পাতল কভাৰটোও কাৰোবাৰ লগত কথা পাতি থকা অৱস্থাতে দীঘলে দীঘলে সৰি পৰে৷ ৰাবাৰ বেণ্ড এডাল মাৰি চলাই আছোঁ৷ ইফালে বেটেৰীটোৱেও চাৰ্জত দিওঁতে কিছু সময়ৰ পিছতহে ৰেচপণ্ড কৰে...

- নতুন এটা লৈ নলৱ কিয়? (...) এটাকে ল৷ ভাল লাগিব৷

- ধুউৰ...

ক্ষন্তেক দুয়ো নিস্তব্ধ৷

- কি হল ঐ? হেল্ল’…

- শুনি আছোঁ৷ অন্য এটা কথাহে ভাবি আছোঁ৷

- কি? কচোন৷ বেলেগ কিবা লবি চাগৈ?

- নাই, বেলেগ একো নহয়৷ কওঁ বাৰু, শুনচোন... টিভি, নিউজ পেপাৰটোতো লাহে লাহে এৰিছোঁৱেই৷ এতিয়া এই মবাইলটোও...

- ধেই...

- অঁ, সঁচাকৈ কৈছোঁ৷ এই তিনিবিধ এৰিব পাৰিলে অন্য এবিধ পোৱা যায় বুলি ধাৰণা এটা হৈছিল৷ তাকে যোৱা তিনিদিনত এক্সপেৰিমেণ্ট এটা কৰি চালোঁ৷ তোক অলপ আগতে মিছাকৈয়ে কৈছিলোঁ, নেটৱৰ্ক নাছিল বুলি৷ বেয়া নাপাবি৷ যোৱা তিনিদিন ধৰি ফোনটো মই আচলতে ইচ্ছাকৃতভাৱেই চুইচ অফ কৰি থৈছিলোঁ৷ আজি অলপ আগতে অন কৰোঁতে তোৰ মেচেজটোও পাইছোঁ৷ ধন্যবাদ দেই৷

- অ... কি পোৱাৰ কথা কব বিচাৰিছিলি তই? কচোন ক শুনো৷


- শুনিবি? শুন তেন্তে... কথাটো হল... সেই তিনিবিধ এৰিব পাৰিলে নিজকে বিচাৰি পোৱা যায়৷ নিজকে নিজে চিনি পাবলৈ, নিজৰ সৈতে নিজে কথা পাতিবলৈ মন নাযায়নে? টিভি, নিউজ পেপাৰ আৰু মবাইল ফোন বাদ দি মই তাৰেই পৰীক্ষা চলালোঁ, আৰু গম পালোঁ যে ঠিকেই, কথাটো হয়৷

Tuesday 29 July 2014

ঈদৰ সময়বোৰ


সৰুতে কৰা আনন্দবহুল ঈদ-যাত্ৰাত আমাৰ নিৰ্ধাৰিত লক্ষ্যস্থান আছিল দেউতাহঁতৰ ঘৰ৷ গৈ পাই প্ৰাৰম্ভিক আলাপখিনি চলি থকাৰ মাজতে আমাক চাফ-চিকুণ কৰাবলৈ পুখুৰীৰ পাৰলৈ নিয়ে৷ অকলে সেই এলেকালৈ নাহিবলৈকো তেতিয়াই সকীয়াই দিয়ে৷ বাধ্য ছাতৰৰ দৰে আমি মূৰ দুপিয়াওঁ৷ টিপচাকিৰ পোহৰতে পিছফালখন কৌতূহলেৰে চাওঁ৷ পুখুৰীটো কেনেকুৱা অৱস্থাত আছে, মেটেকা হৈছে নেকি, মাছ আছেনে নাই, দলংখন নতুনকৈ সাজিলে নেকি, পাৰৰ আমজোপাত এইবাৰ আম লাগিছিলনে, নাৰিকলকেইজোপা কিমান ওখ হল; গৰু-গাই, ছাগলী-মেকুৰী, হাঁহ-কুকুৰা, পুৰণা হাৰকিউলিচ চাইকেলখন, কামকৰা মিনিজনীৰ পৰা আৰম্ভ কৰি মনত থকা সকলোৰে খা-খবৰ লওঁ৷

সিদিনা সোনকালে ভাত-পানী খুৱাই আমাক শুৱাই দিয়া হয়৷ পিছনিশা কেতিয়াবা হঠাতে সাৰ পাই যাওঁ৷ কাণত পৰেহি ৰোজা ৰাখিবলৈ আহ্বান জনাই ডেকাসকলে আলিবাটেৰে সুৰ লগাই গাই যোৱা জিকিৰ, গজল ইত্যাদি৷ শব্দবোৰ দূৰৰ পৰা ক্রমাৎ ওচৰ চাপি আহে, আকৌ দূৰলৈ আঁতৰি যায়৷ সিফালে পাকঘৰত চেহৰীৰ বাবে কুৰুং-কাৰাং শুনো৷ আকৌ শুই পৰোঁ৷

ৰাতিপুৱা সাৰ পাই প্ৰথম চকু মেলোঁতে পৰিৱেশটো কিবা আখজা আখজা লাগে৷ বিছনাখন বা পৰিৱেশ সলনিৰ বাবে বেলেগ ধৰণৰ অনুভূতি এটা জাগে৷ উঠি আহি মুখ ধুই কিবা অলপ পেটত পৰিলেই পিটপিটাই ফুৰা কামটো আৰম্ভ হৈ যায়৷ পূৰ্বতে কোনফালে কি আছিল, নতুন কি কি হল... পৰিদৰ্শন কাৰ্য নিৰ্বিবাদে চলিব ধৰে৷ দিনকেইটা দীঘলীয়া হলে আনন্দৰ প্ৰকোপ চৰে৷ পুখুৰীৰ পাৰলৈ যাওঁ, খেৱালিৰে মাছ ধৰা চাওঁ৷ নৈত মাছৰ উজান উঠিছে বুলি টনিজাল পাতিবলৈ আগ বঢ়া দদাইদেউৰ লগে লগে খালৈটো এহাতে লৈ ওলাওঁ৷ ধান-চাউল উলিয়াবলৈ ভঁৰালত সোমোৱা আইতাৰ পিছে পিছে মৈৰ জখলা বগাই ওপৰলৈ উঠোঁ৷ নিজে বজাব নাজানিলেও সৰুজন দদাইদেউৰ বেঞ্জুখন আলমাৰী খুলি এনেয়ে উলিয়াই লৈ টিং-টাং মাত উলিয়াওঁ৷ জয়সাগৰত পঢ়া কলেজীয়া দদাইদেউৰ পঢ়া টেবুলৰ ড্ৰয়াৰ খুলি পুৰণি কিতাপ-বহীবোৰ খুঁচৰোঁ৷ তাৰে পছন্দ হোৱা কিছুমান পিছত বেগত ভৰাই ডিফুলৈ লৈও আহোঁ৷ ডিফুত কেতিয়াও নেদেখা অথচ শিলাসাঁকোৰ গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কেতবোৰ বস্তুৱে শিশু মনক বুজাব নোৱাৰা ধৰণে আকৰ্ষণ কৰে৷ দৰকাৰী-অদৰকাৰী কিবাকিবিবোৰ গোটোৱাও সেই পিছদিনাখনৰ পৰাই আৰম্ভ হৈ যায়৷

আমি যোৱা বুলি গম পাই স্থানীয় কাণ-সমনীয়াবোৰ হাজিৰ হয়হি৷ সেই পালৰ সৈতে ভঁৰালৰ আগত বা সৰু ককাদেউতাহঁতৰ চোতালত মাৰ্বল, পিছফালে কঠীয়াতলীত ফুটবল খেলোঁ৷ আমৰ দিনত আম, লেচু, মধুৰি, ভীমকল, কথবেল, বগৰীৰ দিনত বগৰী আদিকে ধৰি ঘৰৰ গছপকা ফল এফালৰ পৰা তহিলং কৰি ফুৰোঁ৷ ৰাস্তাৰ দাঁতিৰ গছত বাদুলি ওলোমা দিওঁ৷ ঘৰৰ আগেৰে বৈ যোৱা দিজৈখনাত নামি কোনোবাই গালি নপৰালৈকে পানী খেলোঁ৷ নৈ পাৰ হৈ বাৰীত সোমাওঁ৷ শাকনিৰ লগতে হেঁদালিত ওলমি থকা পাচলিবোৰ মন কৰোঁ৷ কেৰ্কেটুৱা দেখিলেই দলিয়াই খেদি যাওঁ৷ অলপ পিছত ভৰিত লগা জোক বিচাৰি গুচাওঁ৷ তেনেদৰে বাৰীৰ সীমা অতিক্রম কৰি পথাৰ পাওঁগৈ৷ বৰশী টোপাওঁ, চেঁচোৰ খান্দি খাওঁ৷ কৃষক ককাদেউতাই হালৰ মুঠিত ধৰিবলৈ দিয়ে, মৈতো উঠিবলৈ দিয়ে৷ আগ-চোতালত মৰণা মাৰিলে গৰুৰ পিছত ঘূৰিবলৈ লগায়৷ পথাৰলৈ জলপান নিয়া, দোকানৰ পৰা বস্তু অনা এইবোৰ কামত পাচিলে বৰ ৰং পাওঁ৷ সৰু দদাইদেউৰ লগৰবোৰৰ সৈতে শাৰী পূৰাই ৰজাদিনীয়া শিলৰ সাঁকোত বহোঁ৷ সিহঁতে পুলৰ ওপৰত থিয় হৈ বিভিন্ন ভংগীত নৈৰ পানীলৈ জঁপিয়ায়, সাঁতুৰি-নাদুৰি গা ধোৱে৷ আমি সাঁতুৰিব নাজানো, গতিকে চাই থাকোঁ৷ ৰহদৈ আলিৰ ফালে ফুৰিবলৈ যাওঁ৷ দদাইদেৱে আমাক বাছত উঠাই শিৱসাগৰলৈ নিয়ে৷ ৰূপালীম, লক্ষ্মী টকীজত চিনেমা চোৱায়৷ অ.এন.জি.চি.ৰ বাছেৰে আমি অহা-যোৱা কৰোঁ৷ কোনোবাজন দদাইদেৱে আকৌ কাৰেংঘৰ দেখুৱাবলৈ চাইকেলেৰে গড়গাঁৱলৈ নিয়ে৷ নাজিৰা, চূণপোৰা, শিৱসাগৰ, হাতীখোক, দলবাগান, বামুণবাৰী, চৰাইদেউ, নিমনাগড়, সোণাৰীও পাওঁগৈ৷ বুৰঞ্জীপ্ৰসিদ্ধ ৰংঘৰ, তলাতলঘৰ, দৌল, পুখুৰী আদিও চেগ বুজি দেউতাহঁতে আমাক দেখুৱায়গৈ৷ ডাঙৰজন দদাইদেউৰ দোকানত বহোঁ, বয়-বস্তুবোৰ থান-থিত লগাওঁ, তেওঁৰ অনুপস্থিতিত ককাদেউতাৰ সৈতে দোকান চলাওঁ৷ আত্মীয়-স্বজনৰ ঘৰবোৰত ভুমুকি মাৰোঁ৷ সকলোৱে বৰ মৰম কৰে৷ দীঘলীয়া দিন হাতত লৈ গলে পাঠ্যপুথি কেইখনমান লগত নিওঁ৷ পিছে সেয়া নামতহে৷ ঈদৰ উলাহতে সেইকেইদিন আমি একপ্ৰকাৰ হৈ পৰোঁ এৰাল ছিগা গৰু৷ ব্যস্ততাৰ যেন অন্তই নপৰিব! কোৰবাণী ঈদ বুলিলেতো সিয়ো দুগুণে চৰে৷ সেই কাহিনী স্বাভাৱিকতে আৰু দীঘলীয়া হব৷

ঈদ বুলি আমাৰ ককাদেউতাই বাৰীৰ নাৰিকল কেইযোৰমান পাৰে৷ নাৰিকলৰ পানী খাবলৈ আমাৰ মাজত হেতা-ওপৰা লাগে৷ শীতকাল হলে বাঁহৰ মুঢ়া কিছুমান আগতীয়াকৈ গোটাই ৰাখে৷ গধূলি পাকঘৰৰ সিফালৰ এমূৰীয়া কোঠাটোত জুই ধৰে৷ গাঁৱৰ বুঢ়া-মেথাসকল আহে৷ কথাৰ মহলা মাৰে৷ বয়োজ্যেষ্ঠৰ আড্ডাত আমিও বহাৰ বিৰল সুযোগ পাওঁ৷ ধোঁৱাই চকুত ধৰিলে লাহেকৈ উঠি যাওঁ৷

আইতাই কৰাইগুড়ি, পিঠাগুড়ি খুন্দে৷ পাৰোঁ-নোৱাৰোঁ আমিও লগতে দুই-এচাব ঢেঁকী দি চাওঁ৷ বেঞ্চ এখনৰ এমূৰে ডিফুৰ পৰাই লৈ যোৱা মেছিনটো লগাই পেহীহঁতে ছেৱৈ পেৰে৷ মায়ে শিকাই দিয়ে৷ ৰদ পৰি থকা তাঁৰকেইডালত কেঁচা ছেৱৈবোৰ মেলে৷ তলত খবৰ কাগজ পাৰি দিয়ে৷ হেণ্ডেলডালত ধৰি কোনোবা এজনীয়ে ঘূৰাই থাকে, আন এজনীয়ে খচি লোৱা ময়দাৰ বলবোৰ হাতৰ বুঢ়া আঙুলিৰে হেঁচুকি হেঁচুকি ভৰাই থাকে৷ অভ্যাস নথকাত কেতিয়াবা আঙুলিত চেঁপাও খায়৷ ৰাতি আমি শুৱাৰ পিছত মাহঁতে নাৰিকলৰ পিঠা, লাড়ু, কটা নিমকি, তেল পিঠা, কৰাইগুড়িৰ লাড়ু, নানখাটা, কেক; তৰা, পান আৰু বৰফিৰ সাঁচত কণী-খেজুৰ, মিঠা-পোলাও আদি বিধে বিধে ঈদৰ নাস্তাপাতি তৈয়াৰ কৰে৷ টোপনি নধৰাত পাকঘৰলৈ উঠি আহোঁ৷ তাৰ বাবে কথা শুনিবলগীয়া হয় ঠিকেই, পিছে অলপ পিছতে আইতাৰ কৃপাত গৰমে গৰমে দুই-এটা নাস্তা চোবাবলৈ পাওঁ৷ মৰটোপনিত পৰাকেইটাৰ ভাগ্যত কিন্তু সেই সুযোগ নঘটে৷ ইফালে ৰাতিপুৱা মছজিদলৈ যোৱাৰ আগে আগে খাই যাবলৈ চুঙা চাউল, বৰাভাত, দৈ, গুৰ... এইবোৰৰো যা-যোগাৰ চলে ককাৰ পৃষ্ঠপোষকতাত৷ তদনুৰূপ দুপৰীয়াৰ আহাৰৰো গধুৰ আয়োজন চলে৷

ঈদৰ আগ-সন্ধিয়া কাপোৰ ইস্ত্ৰি কৰাৰ পাল সৰু দদাইদেউৰ৷ পকা অঙঠা ভৰাই জোকাৰি জোকাৰি ইস্ত্ৰিটো তেওঁ গৰম কৰে৷ তাৰ আগেয়ে গাঁৱৰ কোন ঘৰে নিছিল সেইঘৰৰ পৰা ইস্ত্ৰিটো বিচাৰি আনেগৈ৷ ঈদৰ আগদিনা ইস্ত্ৰিটোৰো তত নথকা হয়৷ টেবুল লেম্পটোৰ ফিটাডাল ভালকৈ বঢ়াই দি ভাতখোৱা টেবুলখনতে দদাইদেৱে ঘৰৰ আটাইৰে পায়জামা-পাঞ্জাৱীবোৰ ইস্ত্ৰি কৰি কৰি ভাঁজ দি যায়৷ কাম শেষ হল কি নহল ইস্ত্ৰিটো নিবলৈ ওচৰৰে কোনোবাজন ইতিমধ্যে হাজিৰ হয়হি৷ নকলেও হয় যে একেটা ইস্ত্ৰিয়েই গাঁওখন ভ্ৰমি ফুৰে৷

ঈদৰ পুৱা ঘৰখনত বেছ খদমদম লাগে৷ সোনকালে উঠিব লাগে৷ ডাঙৰবোৰে দাড়ি খুৰায়৷ কোনো কোনোৱে নখ কাটে৷ গা-পা ধুই পৰিষ্কাৰ সাজ পিন্ধি, গাত আঁতৰ সানি সকলোটি ওলায়৷ তাৰ মাজৰে পলম কৰি থকাকেইটাই গালি খায় আৰু সিয়ে পিছলৈ আমাৰ বাবে ৰগৰৰ বিষয় হৈ পৰে৷ একেলগে আহাৰ খোৱা, ডাঙৰক মান্যানুসাৰে সেৱা কৰা, ঈদ বুলি বিভিন্নজনে মৰমতে আমাৰ হাতত গুজি দিয়া টকাকেইটা সযতনে ৰখা, সমূহীয়া নামাজ পঢ়িবৰ বাবে টেঙাপুখুৰী মছজিদলৈ সকলোটি সদলবলে খোজ কাঢ়ি কাঢ়ি যোৱা... অনন্ত উৎসাহৰ যেন প্ৰতিফলন ঘটে ঈদৰ দিনা ৰাতিপুৱা৷

এটা সময়ত ডাঙৰবোৰৰ লগতে আমিও তেতিয়াৰ সেই সৰু মছজিদটোত প্ৰৱেশ কৰোঁগৈ৷ মায়ে দি পঠোৱা পইচাকেইটা বিভিন্ন শিতানত মুক্তহস্তে দি দিওঁ৷ কাবা শ্বৰীফৰ ফালে মুখ কৰি ইমামৰ পিছত শাৰী পাতি থিয় হওঁ৷ ডাঙৰক অনুসৰণ কৰি পৱিত্ৰ ঈদৰ নামাজ দুই ৰাকাত আদায় কৰোঁ৷

Monday 28 July 2014

ঈদ-যাত্ৰা


লামডিঙৰ পৰা তিনিচুকীয়ালৈ চলা উজনিমুৱা পেছেঞ্জাৰখন এতিয়াও আছে, তেতিয়াও আছিল৷ আকাৰ মাথো সলনি হৈছে৷ আমি তেতিয়া এল.পি. স্কুলত পঢ়োঁ৷ সেইখনতে পুৱা ডিফু ষ্টেছনত আমি উঠোঁ৷ উঠোঁ মানে আমাক দাঙি উঠাই দিয়া হৈছিল, খিৰিকীৰে৷ সেই কালত ৰেলৰ খিৰিকীত লোৰ ৰড আজিকালিৰ দৰে নাছিল৷ মুকলি খিৰিকী, কিবা এটা ভাল লাগে, আমাৰ মনবোৰৰ লগত যেন মিলে৷ তেনেকৈয়ে আমি যাত্ৰা কৰোঁ, শিমলুগুৰিলৈ৷ ঈদৰ এদিন বা দুদিনৰ আগেয়ে কৰা আমাৰ সেই 'ঈদ-যাত্ৰা' খুব ৰোমাঞ্চভৰা আছিল৷

মিটাৰগজ ৰেলগাড়ী, কয়লা ইঞ্জিন৷ ঝক ঝক ঝক কৰি দীঘলীয়া উকি মাৰি ৰেলখন চলি গৈ থাকে৷ জগবন্ধু ফটাছাতি... সাংগীতিক লয়ত আমিও গৈ থাকোঁ তাল মিলায়, হালি-জালি৷ হাবি-জংঘল, পথাৰ-বাঁহনি, কেতিয়াবা টাউনৰ মাজেৰেও চলে আমাৰ ৰেল৷ প্ৰতিটো ষ্টেছনতে ৰয়৷ মানুহ উঠে, মানুহ নামে৷ নিৰ্ধাৰিত কোনো কোনো ষ্টেছনত ইঞ্জিনে কয়লা লয়, পানী লয়৷ সেইবোৰত বেছি সময় ধৰি ৰয়৷ সময় হলে আকৌ এৰে৷ মাহঁতে লগত নিয়া কিবাকিবি খোৱাবস্তু; বাটত পোৱা চানা-বাদাম, শুকান-কেঁচা বুট গলিয়াই আমি গৈ থাকোঁ গন্তব্যস্থল দেউতাৰ ঘৰলৈ, ঈদ পালন কৰিবলৈ৷

খিৰিকীৰ কাষত বহিবলৈ টনা-আজোঁৰাখন ভাই-ভনীকেইটাৰ মাজত সেই প্ৰথম উঠোঁতেই লাগে৷ পোৱাটোৰ আনন্দ, নোপোৱাটোৰ দুখ৷ দাঁতিত বহি টাৰ্নিঙত ডিঙি উলিয়াবলৈ বৰ ভাল লাগে৷ ইফালে হাত-মূৰ কেনেবাকৈ বাহিৰ হোৱা চকুত পৰিলেই ডাঙৰৰ গালি খাবলগীয়া হয়৷ কেতিয়াবা টোপনিয়ে হেঁচা মাৰি ধৰে৷ তেতিয়া কাঠৰ বেঞ্চতে শুৱাই দিয়ে, বা ওপৰৰ বাংকাৰত তুলি দিয়ে৷ অন্যথা ইপিনে-সিপিনে চাই চায়েই গৈ থাকোঁ৷ ট্ৰেইনৰ ওপৰত উঠি যোৱা মানুহবোৰ কৌতূহলেৰে লক্ষ্য কৰোঁ৷ চলন্ত অৱস্থাতে ডবাৰ ওপৰত দৌৰি দৌৰি ইফালৰ পৰা সিফাললৈ গতি কৰা মানুহবোৰকো দেখি আচৰিত লাগে৷ চানাৱালাবোৰে বাদুলি ওলোমাদি ইটো ডবাৰ পৰা সিটো ডবালৈ যোৱাটো নিৰীক্ষণ কৰি বিচূৰ্তি খাওঁ৷

সৰু-ডাঙৰ নৈবোৰৰ ওপৰেৰে পাৰ হওঁ৷ ধনশিৰি, দৈয়াং, জাঁজী, ভোগদৈ, দিখৌ আদি ডাঙৰ নদীবোৰ পালে ভয়েই লাগে৷ খিৰিকীৰ কাষৰ পৰা মাজলৈ গুচি আহোঁ৷ ইঞ্জিনৰ পৰা উৰি অহা কয়লাৰ টুকুৰা কব নোৱাৰাকৈয়ে খপকৈ চকুত সোমায়৷ বৰ অশান্তিখন লাগে৷ তেতিয়াও খিৰিকী এৰি মাৰ ওচৰ চাপো৷ হাতত লৈ থকা ৰুমালখনৰ একোণেৰে মায়ে টুকুৰাটো উলিয়াই দিয়ে৷ তাৰ পিছত বহু সময়লৈ খিৰিকীৰ কাষলৈ আৰু নাযাওঁ৷ ইঞ্জিনৰ পৰা নিৰ্গত কয়লা আৰু ধোঁৱাই পিন্ধি থকা কাপোৰসাজ মলিয়ন কৰি পেলায়৷ চুলিৰ ভিতৰতো কয়লাৰ টুকুৰাবোৰ সোমায়৷

এসময়ত আমি উপস্থিত হওঁগৈ শিমলুগুৰি জংছনত৷ প্লেটফৰ্মত ৰৈ মুখৰ আগেদি পাৰ হৈ যোৱা ডবাবোৰলৈ চাই চাই ডাঙৰজন দদাইদেৱে অপেক্ষা কৰি থাকে৷ চকুত পৰিলেই ‘অ’...’ বুলি চিঞৰ মাৰি দিওঁ৷ দদাইদেউ একেদৌৰে আহি কাষ পায়৷ বয়বস্তুৰে সৈতে আমাকো ধৰাধৰিকৈ এটা এটাকৈ তলত নমায়৷ দেউতাই ষ্টেছনৰ বাহিৰৰ পৰা চিনাকি টেক্সি এখন ভাড়া কৰে৷ নজমলৰ এম্বেচাডৰ টেক্সিত গোটেইকেইটা উঠোঁ৷ শিলগুটি ওলোৱা ধোদৰ আলিৰ ওপৰেৰে ঘটংমটংকৈ পোন্ধৰ কি বিশ মিনিটৰ পিছত শিলাসাঁকো পাওঁগৈ৷ তেতিয়ালৈ আন্ধাৰ হয়৷ ককা, আইতা, দদাই, পেহী, চিন-অচিন আত্মীয়-স্বজনবোৰক দেখা পাওঁ৷ ঈদ কৰিবলৈ ডিফুৰ পৰা যোৱা আমালৈ তেওঁলোক ৰৈ থাকে স্নেহবন্ধনেৰে আকুল হৈ৷ ওচৰ পালেই সাবটি ধৰে, চুমা খায়, সৰুক একোলা লয়, প্ৰত্যেককে ভাল-বেয়া সোধে, আৰু ঢেৰ কিবাকিবি কয়৷ উৎসৱৰ উখল-মাখল আৰু আনন্দৰ ঢল ঘৰখনলৈ তেতিয়াহে যেন আচলকৈ বয়!

Sunday 27 July 2014

শিক্ষা বিপ্লৱৰ প্ৰয়োজনীয়তা

সাম্প্ৰতিক কালত শিক্ষা সাৰ্বজনীন যদিও শিক্ষা শব্দটোৰ এটা সৰ্বজনগ্ৰহণীয় সংজ্ঞা দিয়া টান৷ শিক্ষাৰ অৰ্থ ব্যাপক, ব্যাপক ইয়াৰ পৰিধিও৷ শিক্ষা আজীৱনব্যাপী হোৱা এক বিৰামহীন প্ৰক্রিয়া৷ তৎসত্ত্বেও, আহৃত জ্ঞানৰ প্ৰয়োগ কৌশল আয়ত্তকৰণকহে প্ৰকৃত শিক্ষা আখ্যা দিয়া হৈছে৷

প্ৰচলিত শিক্ষা ব্যৱস্থাৰ আসোঁৱাহ আজি এক বহুচৰ্চিত বিষয়৷ এই সম্পৰ্কে ব্যাখ্যা নকৰিও দৃঢ়ভাৱে কব পাৰি যে বৰ্তমান পৰিস্থিতিত সৰ্বগ্ৰাসী ৰূপ পৰিগ্ৰহ কৰা নিবনুৱা সমস্যা আৰু তাৰ পশ্চাৎ প্ৰতিক্রিয়াসমূহ তথাকথিত চাৰ্টিফিকেট সংস্কৃতিৰে কুফল৷ সমস্যাজৰ্জৰ বাস্তৱৰ পটভূমিত সেয়ে আনুষ্ঠানিক শিক্ষাই এনে পৰিকল্পনা, ব্যৱস্থা, নিৰ্দেশনাৰ পোষকতা কৰা উচিত যি শিক্ষা গ্ৰহণ কৰি মানুহ মাত্ৰেই জীৱিকা নিৰ্বাহৰ দিশত আত্মনিৰ্ভৰশীল হব পাৰে৷ কিয়নো, প্ৰথমে জীৱিকা নিৰ্বাহৰ বাবে উপযুক্ত বৃত্তি বাছি লোৱাই ব্যৱহাৰিক অৰ্থত জীৱনৰ প্ৰথম লক্ষ্য৷ সেয়ে এই কথাত বোধহয় কাৰো দ্বিমত নাথাকিব৷ আনহাতে প্ৰশ্ন হয় অন্ন, বস্ত্ৰ, বাসস্থান মানুহৰ জীৱনৰ প্ৰাথমিক প্ৰয়োজনকেইটাকে আহৰণক্ষম কৰি তুলিব নোৱাৰা পৰম্পৰাগত শিক্ষাৰ মূল্যই বা কিমান? আৱশ্যকেই বা কি?

আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে বাস্তৱমুখী, ব্যৱহাৰিক জ্ঞানৰ ব্যাপক সংযোগহীনতাৰ ফলশ্ৰুতিত আজি শিক্ষাৰ মান নিম্নমুখী৷ শিক্ষাক লৈ আজি সকলো চিন্তিত৷ জ্ঞান আৰু প্ৰজ্ঞাৰ সুষম সমন্বয় সাধন নোহোৱাত সমাজ ব্যৱস্থা জৰাগ্ৰস্ত হৈ পৰিছে৷ দিনক দিনে সমাজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ পৰম্পৰাগত শিক্ষাই শিক্ষাৰ্থীৰ বোধশক্তি উপযুক্ত স্থানত সদ্ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট লক্ষ্যবিহীন আৰু চাকৰিমুখাপেক্ষী কৰি তুলিছে, যিটো এতিয়া চৌদিশে জল্‌জল্‌-পট্‌পট্‌৷ ইয়াৰ ফলত উদ্ভৱ হোৱা এশ-এবুৰি সমস্যাত বিধ্বস্ত হৈছে আমাৰ সমাজ, ৰাজ্য, ৰাষ্ট্ৰ৷ জীৱন আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণত আশানুৰূপ সহায় নোহোৱা গতানুগতিক শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ সাধনৰ প্ৰাসংগিকতাও সেইখিনিতে৷

সাম্প্ৰতিক শিক্ষাত বাস্তৱ জীৱনৰ সৈতে সংগতিপূৰ্ণ তথা যুগসাপেক্ষ পৰিৱৰ্তন সাধনৰ দ্বাৰা মানৱ সম্পদৰ বিৰাট অপচয় ৰোধ কৰাটো সদ্যহতে সমাজৰ বাবে অত্যন্ত অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে৷ সমাজৰ প্ৰতিজন সদস্যৰে মনত এই চেতনা জাগ্ৰত হোৱাৰ সময় ইতিমধ্যে উকলি গৈছে৷ শ্ৰমবিমুখতাৰ উদ্ৰেককাৰী চাকৰিনিৰ্ভৰ নিবনুৱা সৃষ্টিকাৰী শিক্ষা ব্যৱস্থাৰ বিপৰীতে আমাক লাগিব কঠোৰ পৰিশ্ৰমী হবলৈ উদ্‌গণি যোগোৱা, ভৱিষ্যৎ কৰ্মজীৱনৰ বৃত্তি সম্পৰ্কীয় প্ৰায়োগিক নিৰ্দেশনাপুষ্ট আকৰ্ষণীয় শিক্ষা৷ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু শ্ৰম-সংস্কৃতিৰ উত্তৰণকাৰী, মানুহৰ ব্যৱহাৰিক জীৱন আৰু অৰ্থনৈতিক প্ৰয়োজনৰ উপযোগী কৰ্মমুখী শিক্ষা পদ্ধতি৷ সংকটপূৰ্ণ বাস্তৱ জীৱনৰ ঘনঘোৰ অমানিশা নাশি ত্ৰুটিপূৰ্ণ শিক্ষাই সৃষ্টি কৰা কৰ্মবিমুখ নাগৰিকক আলোকৰ সন্ধান দিব পৰা অৰ্থকৰী বিদ্যা৷ স্বনিৰ্ভৰশীল জনসম্পদ গঠনেৰে জাতীয় জীৱনৰ প্ৰকৃত বুনিয়াদ ৰচিবলৈ সক্ষম হোৱা প্ৰকৃত শিক্ষা৷ তেনে শিক্ষাৰে শিক্ষিত হৈ প্ৰত্যেক মানুহে কৰ্মাৰ্জিত ব্যৱহাৰিক জ্ঞানৰ মূল্যবোধেৰে, মানুহৰ মৰ্যাদাৰে, উদ্যোগী ৰূপত জীয়াই থকাৰ সংস্কৃতি গঢ়াত নিশ্চিতভাৱে অৱতীৰ্ণ হব পাৰিব বুলি আমাৰ বিশ্বাস৷

(প্ৰকাশ : আমাৰ অসম, ২০.১০.১৯৯৭)
চৌত্ৰিশ বছৰৰ মূৰত... 
জীৱন যেন ঘূৰাই পালোঁ

মনে মনে হিচাপ কৰামতেই দিনৰ প্ৰায় চাৰে দহ বজাত বাইদেউহঁতৰ গাড়ীখন আহি আমাৰ ঘৰৰ সন্মুখত ৰলহি৷ বগা ৰঙৰ দীঘলীয়া ইনোভাখন দেখিয়েই মই একপ্ৰকাৰ দৌৰি অহাদি বাহিৰলৈ ওলাই আহিলোঁ৷ মাজৰ চিটটোত মাজনী বাইদেউ আৰু মুনৰ মাজত বহি নগাঁৱৰ পৰা আজি মহন্তনী বৰমা আহিছে, আমাৰ ঘৰলৈ৷ সুদীৰ্ঘ চৌত্ৰিশ বছৰৰ মূৰত এই দেখা-সাক্ষাৎ! এলাপেচা কথা নহয়৷

সকলোকে হাঁহিৰে সম্ভাষণ জনাই বৰমাক ধৰি ধৰি ষ্টেপকেইটা নমাই পথৰ পৰা তলত অৱস্থিত আমাৰ ঘৰৰ ভিতৰলৈ নিলোঁ৷ তেওঁলোকৰ আগমনক লৈ ঘৰখনত খদমদম এটা পুৱাৰে পৰাই লাগি আছিল৷ চঞ্চল পৰিৱেশটো এতিয়া যেন চূড়ান্তভাৱে প্ৰাণৱন্ত হৈ উঠিল!

ৰাঘৰত আসন গ্ৰহণ কৰাৰ পিছতে বৰমাক সুধিলোঁ... আপুনি বাৰু কিমান বছৰৰ পিছত ডিফুলৈ আহিছে, কওকচোন বৰমা?

অলপ ভাবি বৰমাই উত্তৰ দিলে... মাজনী বায়েৰাৰ বিয়াৰ সময়তে ডিফু এৰিছিলোঁ৷ হিচাপটো কৰি লোৱা এতিয়া৷

৩৪বছৰ! ইমান দিনৰ মূৰত ঘটা আপোনাৰ এই পদাৰ্পণৰ আনন্দত প্ৰথমে আপোনাক... এই বুলি মই ভিতৰৰ পৰা এপাকত আনি লোৱা ফুলাম গামোচাখনেৰে বৰমাক আদৰিলোঁ৷ তাৰ পিছতে সেৱা এটা কৰিলোঁ৷

তুতুমণিক পোৱাৰ নিচিনা লাগি গৈছে অ... বুলি বৰমা আৱেগিক হৈ উঠিল৷ মাত থোকাথুকি হল, চকুপানী নিগৰিল৷ এহাতে লৈ থকা ৰুমালখন চকুৰ কোণ পালেগৈ৷ উপস্থিত সকলোবোৰেই গহীন হৈ পৰিলত পৰিৱেশটোৱেও ক্ষন্তেকলৈ কিবা নিমাওমাও ৰূপ ললে৷ বৰমাৰ মনটোক সহজ কৰিবৰ বাবে একেবাৰে কাষতে বহি লৈ মই অইন কথাৰ অৱতাৰণা কৰিব ধৰিলোঁ৷ ইফালে চিনাকি অতিথিক কেন্দ্ৰ কৰি আমাৰ ড্ৰয়িং ৰুমটো কণমানি ঋতুৰ পৰা বয়সস্থ দেউতালৈকে পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত এখন চকীও খালী নথকাকৈ ভৰি পৰিল৷

তুতুমণি মোৰ লগৰ আছিল৷ চাওঁতে চাওঁতে সি ঢুকুৱা ৮বছৰেই হলহি৷ বৰদেউতায়ো ৫বছৰৰ পূৰ্বে ইহ-সংসাৰ এৰি গল৷ ইফালে ভিনদেউৰ পৰলোকপ্ৰাপ্তি আন দুজনতকৈ বহু আগতেই ঘটিছে৷ ইমানকেইটা ধুমুহা মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা বৰমাৰ বয়সৰ হেঁচাত স্বাস্থ্যজনিত ইটো-সিটো কিবাকিবি লেঠা মাজে-মধ্যে ওলাই থাকে যদিও আমাৰ দৃষ্টিত মানুহগৰাকীক কিন্তু যথেষ্ট ধুনীয়া আৰু নিপোটল দেখিলোঁ৷ তাৰ মানে বুজিলোঁ, জীয়েক-বোৱাৰীয়েকহঁতে ঠিকেই যতন লয় তেখেতৰ৷

ডিফুৰ গড়কাপ্তানি কলনিত লগালগিকৈ থকা দুটা চৰকাৰী কোৱাৰ্টাৰত একেটা পৰিয়ালৰ বান্ধোনেৰে আমি সুদীৰ্ঘ দিন ধৰি বাস কৰিছিলোঁ৷ মাজনী বাইদেউ, বাবাদা, তুতু, মুন; সপোন, দীপ, মমী; ৰাজু, দিজু, অমল, মামু; ভাইটি, হনু, ইমেনটি; পিংকু, টিংকু, ৰাজদা... প্ৰতিৱেশী লৰা-ছোৱালীবোৰৰ মাজতযে কিমান আন্তৰিকতা, কিমান মিতিৰালি আছিল! মিঠা অতীতৰ সমজুৱা ৰোমন্থনে ইমান গভীৰভাৱে প্ৰত্যেকৰে হৃদয়ক শিপাই ধৰিলে যে সভাখন ভংগ কৰাই টান হৈ পৰিল৷

জন্মৰ সময়ৰে পৰাই আমাৰ মাৰ সমানে সমানে বৰমাই আমাক লোৱা আদৰ-যত্ন, আমাৰ উপজা ক্ষণৰ স্মৃতিচাৰণ, অনেক বিপদ-আপদৰ সাৰথি বৰদেউতাৰ কথা, বৰমাৰ ৰন্ধন পটুতা, চকুৱাৰ ওপৰেৰে আমাৰফালে পাৰ কৰি দিয়া খাৰ বা টেঙা আঞ্জাৰ বাটিটো, অসুখ হোৱাৰ বাবে মই স্কুললৈ যাব নোৱাৰাত সহপাঠী তুতুৱেও যাবলৈ অনিচ্ছুকতা প্ৰকাশ কৰা আৰু তাৰ ফলস্বৰূপে তাক বৰদেউতাই শোধোৱা উত্তম-মাধ্যম, ২৬জানুৱাৰী বা ১৫আগষ্টত এঘৰৰ পিছত আনঘৰত গৈ জন-গণ-মন গাই পতাকা উত্তোলন কৰা, আমাক পঢ়ুৱাবৰ বাবে বৰ্মন ছাৰক ঘৰলৈ আনিবলৈ ৰাস্তাৰ দাঁতিৰ গছৰ আঁৰত চোপ লৈ থকা, আম চুৰ কৰিবলৈ গৈ বাকীবোৰে মোক গছৰ ওপৰত উঠোৱা; আমাৰ দিনৰ ফুটবল-ক্রিকেট, মাৰ্বল-চেভেন স্তপ, নাচ-গান, নাটক-ভাওনা, থিয়েটাৰ-চিনেমা, পিকনিক, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা... আৰু কতযে কি!

জীৱনটোক যেন ঘূৰাইহে পাইছোঁ, তেনে অনুভৱ হল, সিদিনা (২৩.৭.২০১৪) বৰমাৰ আগমনত৷ অতীতৰ জলঙাৰে নিজকে আকৌ এবাৰ দেখা পোৱা এনেকুৱা মুহূৰ্ত সকলোজনলৈকে আহক, তাকে কামনা কৰিছোঁ৷

Friday 25 July 2014

‘পিতাইৰ বাটামী ঘৰ’

(শ্ৰী প্ৰতিম প্ৰতাপ বৰুৱাৰ হাতত... হেঁপাহেৰে)

নিজৰ কাপোৰ নিজে ধোৱা আৰু ইস্ত্ৰি কৰাটো আন বহুতৰ দৰেই কেতিয়াৰ পৰানো নিজে কৰি আহিছোঁ তাৰ তাৰিখ, বাৰ ক’ব নোৱাৰিম৷ সিদিনাও নিজৰে শুকান কাপোৰ কেইটামান ইস্ত্ৰি কৰি আছিলোঁ৷ তেনেকুৱাতে একাষৰীয়াকৈ থৈ দিয়া ম’বাইল ফোনটো সশব্দে বাজি উঠিল৷ স্ক্ৰীণখনলৈ চাই দেখিলোঁ, সিমূৰে সেইটো ইকু৷

‘দাদা, আপোনাৰ লগত আমাৰ অ’.চি. ছাৰে কথা পাতিব বিচাৰিছে৷’ …আগ-গুৰি নোহোৱাকৈ সি সিমানখিনিয়েই ক’লে, আৰু ফোনটো কাষৰজনক দি দিলে৷

হ’ল আৰু! ... পুলিচ, উকিল আৰু ডাক্তৰৰ পৰা পৰাপক্ষত নিজকে আঁতৰত ৰাখোঁ৷ এতিয়া আহিল পুলিচৰ ফোন৷ কি বা কথা আকৌ! ...সঁচাকৈ কৈছোঁ, মনৰ ভিতৰৰ ভাবটো সেই মুহূৰ্তত তেনেকুৱাই আছিল মোৰ৷

‘নমস্কাৰ, মই ...এ কৈছোঁ৷ মোৰ কবিতা কেইটামান আছিল, তাকে কিতাপ এখন কৰি পেলাওঁ বুলি ভাবিছোঁ৷ সেয়ে আপোনাক লগ পাব বিচাৰিছোঁ৷ গধূলি গ’লে পামনে?’

কে’ছ নহয়, কবিতা৷ যাহওক ৰক্ষা৷ পুলিচ-কবিক গধূলি আগমনৰ সন্মতি দি দিলোঁ৷ উপায়োযে নাই৷

গধূলি৷ নিজৰ প্ৰতিষ্ঠানত একান্তমনে কামত ডুবি আছোঁ৷ তেনেকুৱাতে বাহিৰত বগা জীপচি এখন ৰ’লহি৷ সাংগোপাংগৰ দলটোক ক’ৰবাতে পিছ পেলাই খাকী পোছাক পৰিহিত বিশাল বপুৰ লোক এজন গপগপাই সোমাই আহিল৷ বেজটোলৈ দৃষ্টি দিয়ে খাটাং হ’লোঁ... এখেতেই তেখেত৷ নমস্কাৰ জনাই বহিবলৈ আসন পাৰি দিলোঁ৷ তাৰ পিছত চলিল বাক্য বিনিময়৷

এই লোকজনক মই ডিফু ক্লাবত মাঘ বিহু উদযাপনৰ উপলক্ষ্যত (২০১২) প্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিলোঁ৷ কণী যুঁজত তেখেতে প্ৰথম পুৰস্কাৰ পাইছিল৷ টেকেলি ভঙা প্ৰতিযোগিতাতো মাটিৰ টেকেলিটো সিদিনা তেখেতেই একেমাৰে চূৰ্চূমৈ কৰি পেলাইছিল৷ তেতিয়া খাকী সাজত নাছিল যদিও আশে-পাশে ৰোৱা সৈন্য-সামন্তসৱক দেখি মনতে প্ৰশ্ন হৈছিল, কোননো এইজন বুলি৷ ধৰি লৈছিলোঁ যে নিশ্চয় পুলিচ বা তেনেকুৱা বিভাগৰে লোক হ’ব৷ পুলিচৰ পৰা সততে শতযোজন আঁতৰত অৱস্থান কৰোঁ যেতিয়া অৱধাৰিতভাৱেই বিহুতলীত মানুহজনক মাত-বোল কৰাৰ আগ্ৰহো মনলৈ স্বাভাৱিকতে অহা নাছিল৷

আৰু আচৰিতভাৱে, সেই লোকজনেই এতিয়া এয়া মোৰ সন্মুখত বিৰাজমান৷ সম্পূৰ্ণ ইউনিফৰ্মত৷ কঁকালত খাপৰ ভিতৰত ৰিভলভাৰ, হাতত এখন মস্ত ডায়েৰী৷

লাহে লাহে আমাৰ পৰিচয় পৰ্ব সমাপ্ত হ’ল৷ তাৰ পিছত কবিতাৰ জগতত বিচৰণ৷ ডায়েৰীত লিখি থোৱা কবিতাবোৰ মানুহজনে মোক দেখুৱাই গ’ল৷ সুন্দৰকৈ আবৃত্তিও কৰি শুনালে তাৰে দুই-এটা৷ ৰাইজৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদবীত আসীন হৈও তেখেতে নিৰন্তৰভাৱে চলাই অহা এই চৰ্চা আৰু প্ৰগতিশীল চিন্তা-চেতনা দেখি মানুহজনলৈ মোৰ শ্ৰদ্ধাভাব জাগি উঠিল৷ তাৰোপৰি তেখেতে কোৱা কথা এষাৰেও মোক বিশেষ ধৰণে আকৰ্ষণ কৰিলে৷ বাক্যশাৰী আছিল... ‘কবিতাত ডুবি থকাৰ সময়ত কোনোবাই মোক পুলিচ বুলিলে সহ্য নহয়৷’

ডিউটিৰ সময়ত গাড়ীত গৈ থাকোঁতেও ফটা কাগজত মনৰ ভাব লিখি ৰখা মানুহজনে পিছলৈ পেট্ৰ’লিঙৰ সময়তো আনকি সুবিধা বুজি ‘প্ৰিণ্টৱেল’ত ভুমুকিয়াবলৈ ধৰিলে৷ তেনেকৈয়ে এপ্ৰিল ২০১২ত ‘পিতাইৰ বাটামী ঘৰ’ ছপা হৈ ওলাল৷ তেনেকৈয়ে এই কবি তথা ডিফু থানাৰ অ.চি. নৱ কুমাৰ বৰাদেউ পিছলৈ আমাৰ একেবাৰে ঘৰুৱা মানুহ হৈ পৰিল৷ আনকি চাকৰিৰ অনেক ব্যস্ততাৰ মাজতো তেখেতে লখিমপুৰৰ পৰা ডিফুলৈ ফুৰাবলৈ অনা নিজৰ মাক-দেউতাকক আমাৰ ঘৰলৈকো এপাক আনিবলৈ নাপাহৰিলে৷ ডিফুৰ পৰা বদলি হৈ সম্প্ৰতি ডিব্ৰুগড়ত কৰ্মৰত যদিও মনত পৰিলেই মই সময়জ্ঞান পাহৰি ‘অ.চি. ছাৰ’ৰ নম্বৰটো ডায়েল কৰি দিওঁ, মাতষাৰ শুনা পাবলৈকে৷ বিহু বুলিলে ৰ’ব নোৱাৰা পাহুৱাল মানুহজনৰ ‘বিহুৱা’ বুলিও সমাজত আন এটি ভাল লগা পৰিচয় আছে৷

মোৰ তালৈ আহোঁতে শ্ৰী বৰা ডাঙৰীয়াক মই কেতিয়াবাতে ‘অকব’ খুলি দেখুৱাইছিলোঁ৷ তেখেতো আকৰ্ষিত হৈছিল৷ নিজৰ কবিতা ৱালত দিব পৰা যাব নেকি বুলিও মোক তেতিয়াই সুধিছিল৷ পিছে মোৰ চিন্তা-চেতনা সময় অনুপাতে জাগ্ৰত নোহোৱাৰ বাবেই বিশেষ ক্ষণটিলৈ মাননীয় সদস্যসকলে আজি পৰ্যন্ত ৰ’ব লগা হ’ল৷

ইতিমধ্যে দ্বিতীয় সংস্কৰণ (এপ্ৰিল ২০১৩) প্ৰকাশ পোৱা ‘পিতাইৰ বাটামী ঘৰ’ কবি নৱ কুমাৰ বৰাৰ চতুৰ্থখন কাব্যপুথি৷ ইয়াত সন্নিৱিষ্ট ৫১টা কবিতাৰ প্ৰতিটোৱেই জীৱনৰ সৈতে মুখামুখি হোৱা সত্য কাহিনীৰ স্তাৱক বুলি কবিয়ে নিজমুখে কৈ থৈছে৷ কবিয়ে আৰু কৈছে... ‘নিজা ঘৰখনৰ একো একোটা সঁচা চৰিত্ৰক কবিতাৰ তুলিকাৰে বান্ধিব বিচৰা হৈছে৷’ ‘মোৰ আৰক্ষীৰ ডায়েৰীখন এনেদৰেই লিখাৰ প্ৰয়াস কৰিছোঁ’ বুলি কবিয়ে কিতাপখন পাঠক সমাজলৈ আশাৰে আগ বঢ়াই দিছে৷ তদুপৰি নিৰ্বাচিত সাতোটি কবিতাৰ সমাহাৰত একে নামেৰে অডিঅ’ চিডিৰ শ্ৰাব্য গ্ৰন্থন এটিও প্ৰকাশ পাইছে৷ তাৰে শীৰ্ষক কবিতাটি আমাৰ মাননীয় সদস্য-সদস্যাসকলে পঢ়ি চাব বুলি আজি ‘অকব’ৰ ৱালত তুলি দিলোঁ৷





‘পিতাইৰ বাটামী ঘৰ’

বৰ আমনি লাগিছে অ’
ৰুদ্ধ কোঠাটোত৷
কিযে নিষ্ঠুৰ গৃহিণী
ঘৰচিৰিকাটো দূৰৰ কথা
মকৰাৰো প্ৰৱেশ নিষেধ৷

ঐ ভাই, আকৌ সাজোঁ নেকি
পিতাইৰ বাটামী ঘৰ?
সেই যে, বাঁহৰ খুঁটাত চঁছালি পৰা
সাতজনীয়াখন!
কাৰ ভৰি, কাৰ গাত
ক’ত থাকে, কাৰ হাত?

সৰুভনী বৰ কচুৱা
চেপেটীজনীক দুটাৰ জেগা লাগে
পাছে, কেঁচাকলাৰ যখিনীৰ
কথা ক’লে টোপনি আহে৷
বিছনাত দুপদেই অস্ত্ৰ
ঠাণ্ডাত ফঁটা কেঁথা
গৰমত আইৰ বিচনীখন৷

পিতাইৰ মাটি-ঘৰ
নিপোটল মজিয়াত দহোটা খাৱৰীয়া৷
আখলত এচৰু উখোৱা ভাত৷
তাকে লৈ অবুজনৰ ঠেহ্-পেচ্৷
মাজে-মাজে আইৰ ধমক
চুপ্, মনে মনে থাক
খাওঁতে একো কথা নেপাত্৷

ঘূৰি চায় পিতাই!
হেৰি ঐ মাক
কিহেৰেনো সাঁজ?
থাকিবনো কি!
বাৰীৰ খুতৰা শাক৷

চাৰিআলিত বাছৰ চিৎকাৰ
কলেজীয়াই পাব লাগে মেজৰৰ ক্লাচ
নাকে-কাণে নিগিলিলে
সময়নো কাৰ?
টুক্-টুক্ খোজেৰে কণমানিয়েও জানে
পিতায়ো বাট ললে গুৰুৰ স্থানে৷
বান্ধোনত দুপৰত এপাল গৰু
আইৰ টেঁটুত৷

‘কটা ঘাঁহ’ খোৱা৷
ব্যস্ততাৰে ভৰা আবেলিৰ পদূলি
এমুঠি পঁইতা খাই সৰু গ’ল গৰু লৈ
জাকৈয়া ছোৱালী, বাই
দলনিত পোনা চুঁচিবলৈ৷
তালযুৰীয়া দুয়ো ভাই
পথাৰৰ আলিপাহ চুক্-কাণ চায়
কাইলৈ ছকঠা মাটিৰ বোকা৷
পিতাইৰ দৌৰা-দৌৰি
খুলিবহি চুবুৰিৰ দোকান
কিজানিবা জোৰা মৰে সন্ধিয়াৰ ৰেচন৷

যন্ত্ৰৰ দৰে চলিছিল অ’ পিতাই
পথাৰৰ হালোৱা, গৰুৰ গৰখীয়া
গুৰুকুলৰ গুৰু, দোকানৰ দোকানী৷
এজনেই পিতাই, এটাই খাৰে ধৰা কামিজ৷
তোৰো চাগে’ মনত পৰে
আইৰ ঢেঁকীৰ চাবে পুৱাৰ বতৰা দিয়া
শাওণৰ পথাৰত, শিৰৰ সেন্দূৰে
দুগাল ৰাঙলী কৰা৷

পিতাইক চাবি অ’
আইৰ পকা-থেকেৰাযেন মুখখনৰ
হাঁহিটো থাকিব দিবি৷

(কবি : শ্ৰী নৱ কুমাৰ বৰা, দূৰভাষ নং ৮০১১৬১৬৬৬৬)

Thursday 24 July 2014

মিছাইল মেনৰ কথাৰে...

মেঘালয়স্থিত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনল'জী (ইউ.এছ.টি.এম.)ত আয়োজিত মহাবিদ্যালয়ৰ অধ্যক্ষ সমাৱৰ্তনত ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এ. পি. জে. আব্দুল কালামে কলে... শিক্ষকসকলে অন্ততঃ আধা ঘণ্টা টিভি চোৱা বন্ধ কৰি কিতাপ পঢ়ক’ ...

ঘৰত পুথিভঁৰাল স্থাপন কৰা, আধা ঘণ্টা টিভি চোৱা বন্ধ কৰি অধ্যয়নত সময় দিয়াত গুৰুত্ব আৰোপ কৰিবলৈ তেখেতে আহ্বান জনাই গল৷ মই ভাবোঁ, এই আহ্বান কেৱল শিক্ষকেই নহয়, প্ৰতিগৰাকী পিতৃ-মাতৃ, প্ৰতিগৰাকী অভিভাৱকে নিষ্ঠাসহকাৰে স্বীকাৰ কৰি লোৱা উচিত৷ আনহাতে সকলো সামগ্ৰীৰ ঊৰ্ধ্বতযে কিতাপ সেয়াও প্ৰখ্যাত বিজ্ঞানীগৰাকীয়ে আমাক সোঁৱৰাই দি গল৷

এই কথাখিনিয়ে মোক টানি লৈ গল আজিৰ পৰা পঁয়ত্ৰিশ-চল্লিশ বছৰৰ আগলৈ৷ আমাৰ গড়কাপ্তানি কলনীত বাস কৰা আৱাসীসকলৰ কোৱাৰ্টাৰবিলাকলৈ তেতিয়া আমাৰ সঘন আহ-যাহ আছিল৷ লগৰ লৰা-ছোৱালী থাকক-নাথাকক, কথা নাই৷ প্ৰত্যেকৰে ঘৰৰে আগফাল-পিছফাল, ভিতৰ-বাহিৰ সকলোতে আমাৰ আছিল অবাধ বিচৰণ৷ সেই সময়ৰ কেতবোৰ দৃশ্যপট এতিয়াও ফট্‌ফটীয়াকৈ মনত পৰে৷ কিবা কাৰণত কাৰোবাৰ ঘৰলৈ সোমাই গলে প্ৰায়েই তেতিয়া চকুত পৰে বৰমা বা বৰদেউতাহঁতে, খুৰা বা খুৰীহঁতে ড্ৰয়িং ৰুমত চকীত বহি বা পিছফালৰ বাৰাণ্ডাত মুঢ়াত বহি লৈ এহাতে বিচনী মাৰি মাৰি কিতাপ পঢ়াত নিমগ্ন হৈ থাকে৷ ইঘৰ-সিঘৰৰ মাজত কিতাপৰ আদান-প্ৰদানো চলে৷ তেনে পৰিৱেশ এতিয়া আৰু কত? এতিয়া কাৰোবাৰ তালৈ গলে হকে-বিহকে টিভিটোহে চলি থকা দৃষ্টিগোচৰ হয়৷ টিভিও জাত জাত, চেনেলো জাত জাত৷ সময়ৰ ধামখুমীয়াত পৰি পিছৰ মানুহবোৰৰ অধিকসংখ্যকেই কিতাপ-পত্ৰ যেন পাহৰিয়েই থাকিল৷

মই বহু সম্ভাৱনা লৈ জন্ম লৈছোঁ৷ মোৰ বহুত সপোন আছে৷ মোৰ বহুত আশা আছে৷ মই দুখন পাখি লৈ জন্ম লৈছোঁ৷ সেয়ে মই উৰিব পাৰিমেই৷ ...কেৱল ছাত্ৰ-ছাত্ৰীসকলেই নহয়, ডক্টৰ কালামে কৈ যোৱা এই বাক্যকেইটা প্ৰতিজন মানুহেই পৱিত্ৰ হৃদয়েৰে দৈনিক আওৰোৱা উচিত৷ ডিফুত কৰ্মৰত চিনাকি বাইদেউ এগৰাকীৰ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীত অধ্যয়নৰত ছোৱালীজনী কেইদিনমানৰ আগতে মাকৰ সৈতে মোৰ ওচৰলৈ আহোঁতে পাখিৰ কথাই মই তাইক কৈছিলোঁ৷ গুণী ব্যক্তিগৰাকীৰ মন্তব্যৰ সৈতে মিলি যোৱাত তাকে লৈ এতিয়া মনত ভীষণ আনন্দ লাগি আছে৷ মনোবল বৃদ্ধি কৰা কালাম মহোদয়ৰ এই কথাখিনি সকলোৱে দকৈ গমি চোৱা উচিত আৰু নিজৰ নিজৰ জীৱনত প্ৰয়োগ কৰা উচিত৷
বিদ্যুৎ সমস্যা

এইটো কথা আমি সকলোৱে স্বীকাৰ কৰিম যে বিদ্যুৎ সমস্যাই অামাক নাকনি-কাননি খুৱাইছে৷ দিনে দিনে মৰিশালিলৈ পৰ্যবসিত কৰিছে আমাৰ ঠাইবোৰক৷ দিনটোৰ অধিকাংশ সময় বিজুলী প্ৰৱাহ ব্ন্ধ হৈ থকাৰ বাবে সকলোৰে নিত্যপ্ৰয়োজনীয় কাম-কাজকে ধৰি বিভিন্ন কামবোৰ ভীষণভাৱে বাধাগ্ৰস্ত হৈছে৷ বিজুলী শক্তিযে আধুনিক উন্নত জীৱন-যাত্ৰাৰ বাবে অপৰিহাৰ্য তাক নকৈ কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু দিনে দিনে তলৰ ফালে গতি কৰা বিদ্যুৎ পৰিস্থিতিয়ে আগন্তুক সময়বোৰ কেনে পৰ্যায়লৈ যাব তাৰেই নিশ্চয় স্পষ্ট ইংগিত আমাক দি আহিছে৷ মই ভাবোঁ, নিজাববীয়াকৈ অপৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰাটোৱেই সমস্যা সমাধানৰ একমাত্ৰ পথ৷ জলবিদ্যুৎ ব্যৱস্থাই উৎকৃষ্ট বুলিও কোৱা হৈছে৷ পিছে নঞৰ্থক চিন্তা আৰু বিপৰীতমুখী কাৰ্যকলাপে ৰাজ্যখনৰ বাবে সেইটো সফল হ'বলৈ দিয়া নাই৷ বিজ্ঞান-প্ৰযুক্তিৰ এনেহেন অগ্ৰগতিৰ দিনতো সমস্যাবিলাক সমাধান কৰাৰ কথা শক্তিশালীভাৱে নাভাবিলে কেনেকৈ হয়? এতিয়াও আমাৰ গাঁওবোৰত পোহৰকণৰ বাবে টিপচাকিকেই সাৰথি কৰি দিন নিয়াবলগীয়া হৈছে৷ অলপতে এখন গাঁৱত তাকেই দেখিলোঁ, মনত দুখ পালোঁ আৰু ভাবিলোঁ, ক'লৈ গৈ আছোঁ আমি? ক'লৈ নি আছে আমাক? এনেকৈ থাকিলে হ'বনে? ইফালে বিদ্যুতো লাগে, প্ৰজেক্টো হ'বলৈ নিদিয়ে৷ এইটো কেনে কথা? বিদ্যুৎ বিচাৰিও আন্দোলন, প্ৰজেক্ট বন্ধ কৰাৰো আন্দোলন৷ কেনেকৈ হ'ব? আজিৰ তাৰিখত আমাৰ অঞ্চলবিলাক বিজুলী-বাতিৰ পোহৰেৰে জকমকাই থাকিবৰ হ'লে কোন কেতিয়াবাতে প্ৰকল্পবোৰ সম্পূৰ্ণ হ'ব লাগিছিল৷ নাই, নহ'ল, আৰু নহ'বও৷ দিন বাগৰি গৈ আছে৷ ইতিমধ্যে চৰকাৰে হাতত লোৱা ভালেকেইটা প্ৰকল্পৰ অৱস্থা দেখি এই দিশত মোৰ আশাশূন্য হৈছে বুলি খোলাখুলিকৈয়ে কওঁ৷ এইক্ষেত্ৰত শেষ কথা হ'ল... বিদ্যুৎ লাগে বা নালাগে... দুটা কথাৰ এটাহে হ'ব পাৰে৷ নালাগিলে কথা নাই, তেনেকৈয়ে থাকক৷ যদিহে বিদ্যুৎ লাগে তেতিয়া হ'লে উৎপাদনৰ বাবে প্ৰকল্প নিৰ্মাণ হ'বই লাগিব৷ কিন্তু প্ৰজেক্টো হ'ব নালাগে, বিদ্যুতো লাগে... সেইটো কেনেকৈ সম্ভৱ? ইমানৰ পিছত মই এটা কথা চিন্তা কৰি সমাধান-সূত্ৰ দেখা পাওঁ যে অসমত নহয়, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কোনো কাৰণতে বাধাপ্ৰাপ্ত নোহোৱাকৈ হাইড্ৰ' ইলেকট্ৰিক প্ৰজেক্টবোৰ ইটোৰ পিছত সিটোকৈ দ্ৰুতগতিত গঢ়ি উঠিব লাগে৷ বহু বছৰৰ আগতেই এটা সমীক্ষাত পঢ়িবলৈ পাইছিলোঁ যে অৰুণাচলত ভাৰতবৰ্ষৰ ভিতৰতে জলবিদ্যুৎ উৎপাদনৰ সৰ্বাধিক সম্ভাৱনা আছে৷ বিভিন্ন অঞ্চলত প্ৰৱাহিত নদীসমূহৰ কোন নদীৰ উৎপাদন ক্ষমতা কিমান আছে তাকো লিখা হৈছিল৷ গতিকে সেইবিলাকৰ প্ৰয়োগ হ'ব লাগে৷ আৰু অসমে (কেৱল অসমেই নহয়, সমগ্ৰ দেশখনেই) তাৰ পৰাই কিনি ৰাইজক বিদ্যুৎ শক্তিৰ যোগানৰ দিশত আজিৰ নিশকতীয়া অৱস্থাৰ পৰা উদ্ধাৰ কৰিব লাগে, বাৰেবিংকৰা কথা বাদ দি মানুহক প্ৰকৃতাৰ্থত উন্নয়নমুখী কৰি তুলিব লাগে৷ আকৌ এটা কথা ভাবোঁ যে অৰুণাচলৰ ভিতৰুৱা অঞ্চলবোৰত এনে প্ৰজেক্ট কিছুমান প্ৰতিষ্ঠা হ'লে মাজে মাজে সংবাদ মাধ্যমত সৰৱ হৈ পৰা চীনৰ আগ্ৰাসনো নিশ্চয় ভেটিব পৰা যাব৷ নহ'লে, চীনে সীমান্তৱৰ্তী নৈবোৰত প্ৰজেক্টৰ ওপৰত প্ৰজেক্ট গঢ়ি থাকিব আৰু আমি চাই থাকিম, চীন আগ বাঢ়ি আহি থাকিব আৰু আমি পিছুৱাই গৈ থাকিম, বিদ্যুৎ নাইকিয়া হৈ গৈ থাকিব আৰু আমি প্ৰজেক্টৰ বিৰোধিতাৰে আন্দোলনৰ পিছত আন্দোলনৰ নামত হাতৰ মুঠি দাঙিয়েই থাকিম... এনে ধৰণৰ কথা কিছুমানেৰেই জীৱন-পাত কৰিব লাগিব৷

পেচেঞ্জাৰ ট্ৰেইনত আজি...

দীঘল চিট দুটা খালী পাই আমি দুয়ো দুফালে দীঘল দিয়ে পৰিলোঁ৷ অলপ আগতে ৰে’লখনে ডিফু ষ্টেছন এৰিছিল৷ লামডিঙৰ পৰা তিনিচুকীয়া অভিমুখী পুৱাৰ এই যাত্ৰীবাহী ৰে’লখনেৰে জীৱনত হিচাপ ৰাখিব নোৱাৰাকৈ যাত্ৰা কৰিছোঁ৷ কিন্তু আজিৰ দৰে খালী আসন আগতে পোৱা মনতচোন নপৰে৷ গতিকে ক’বলগীয়া এইটোৱে হ’ব প্ৰথম কথা৷

মোৰ বিপৰীতে ৰেভাৰেণ্ড চেব্বে৷ আমাৰ চুবুৰীয়া বেপ্টিষ্ট চাৰ্চটোৰ পাস্তৰ৷ দুয়ো শুই শুই বিভিন্ন প্ৰসংগৰ চৰ্চাত লাগি গ’লোঁ৷ অৱধাৰিতভাৱেই ঘৰ-পৰিবাৰত আৰম্ভ হোৱা কথাবোৰে দেশ-বিদেশ চুলেগৈ৷ তাৰ পৰা ঘূৰি আহি অসম-নাগালেণ্ড সীমান্তত স্থিৰ হ’ল৷ কাৰণ সেই সময়ত ৰে’লগাড়ীৰ খিৰিকীৰে সোঁফালে ৰিণিকি ৰিণিকি সীমান্তৱৰ্তী অঞ্চলৰ একাংশ দৃশ্যমান হৈছিল৷

মোৰ বন্ধু সঞ্জুকে ধৰি সাংবাদিক বন্ধুসকলে কথাবিলাক এইকেইদিন পে’পাৰত একেলেথাৰিয়ে লিখিয়ে আছিল৷ প্ৰশ্ন হয়, সীমান্তৰ এই সমস্যাৰ কেতিয়াবা ওৰ পৰিবনে বাৰু? এটা উত্তৰবিহীন প্ৰশ্নই চাগৈ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দুখন পৃথক ৰাজ্যৰ নিবাসী হ’লেও একেখন ভাৰতৰে ভাৰতীয় সন্তানৰ এচামে এচামক নিৰ্বিচাৰে গুলীয়াবলৈকো অকণো কুণ্ঠাবোধ নকৰে৷ ঘৰ ভাঙি দিব পাৰে৷ খেদি পঠাব পাৰে৷ একেদৰে, একে ভাৰতীয়ৰে কোনোবাই এদিন ৰেভাৰেণ্ডহঁতৰ সমস্ত গাঁওখনকে পুৰি ছাৰখাৰ কৰি পেলালে৷গছ-গছনি কাটি তহিলং কৰিলে৷ অতিশয় মৰ্মান্তিক সেই কাহিনী, যি আজিৰ যাত্ৰাকালত নিজকাণে শুনিলোঁ৷ পিছত ঘৰলৈ গৈ মৰমৰ পুৰণি ঘৰটো দেখা নাপাই শোকতে চিঞৰি চিঞৰি কান্দি উঠিছিল ৰেভাৰেণ্ড চেব্বেই৷

‘মানুহৰ বিৰুদ্ধে মানুহৰ এই ধৰণৰ কাৰ্যকলাপবোৰ একেবাৰে ভাল নালাগে৷ গুচি যাব খোজোঁ বেলেগ ক’ৰবালৈ৷’ কথাষাৰ ময়ো ক’লোঁ, ৰেভাৰেণ্ডেও ক’লে, একে সময়তে৷

কিছুমান জীয়া-সত্য কথাৰে ভাৰাক্রান্ত হৈ মই নামি গ’লোঁ মোৰ গন্তব্যস্থল ডিমাপুৰত৷ দীঘল চিটটোৰ খিৰিকীমুখত অকলে অকলে বহি ৰেভাৰেণ্ডে মোলৈ একেথিৰে চাই ৰ’ল৷

Friday 18 July 2014

অকবৰ আকৰ্ষণতে হোৱা এটা সংযোগ আৰু কেইটামান আনন্দপূৰ্ণ মুহূৰ্ত

দুপৰীয়া ফোনত কেইমিনিটমান কথা পতাৰ পিছত নিজেই নিৰ্দিষ্ট কৰি ৰখা সময়মতেই মানুহজন বিয়লি মোৰ ওচৰলৈ আহিল৷ মানুহজনৰ সৃষ্টিশীল কাম-কাজসমূহৰ সম্বন্ধে মই জানিছিলোঁ যদিও পূৰ্বতে কেতিয়াও তেখেতৰ মুখামুখি হোৱা নাছিলোঁ৷

দেহৰক্ষীসহ বগা বলেৰ’ এখনৰ পৰা নামি গহীন খোজেৰে মোৰ প্ৰতিষ্ঠানলৈ সোমাই আহিছে মানুহজন৷ কঁকালৰ খোঁচনিত ৰিভলভাৰটো৷ সিফালে নমস্কাৰৰ ভংগীত মই৷ সামান্য বাক্য বিনিময়ৰ পিছতে দুয়ো মুখামুখিকৈ বহি ল’লোঁ, যেনিবা পৰস্পৰে পৰস্পৰক জেৰাহে কৰিম এতিয়া!

ই-দুনীয়াৰ সৈতে থকা মোৰ সম্বন্ধৰ কথা গম পাই মোক লগ পাবলৈ তেখেতৰ অন্তৰত ইচ্ছা জাগিছিল৷ গতিকে কালবিলম্ব নকৰি ব্যক্তিগত পৰ্যায়ৰ কথা চমুকৈ সামৰি মই তেখেতক ‘অকব’ খুলি দেখুৱালোঁ, ‘সাহিত্য ডট অৰ্গ’ দেখুৱালোঁ৷ মানুহজনে খুব আগ্ৰহেৰে লক্ষ্য কৰি গ’ল৷ তাৰে কিছু কিছু অংশ খৰ গতিৰে পঢ়িও পেলালে৷ সেই মুহূৰ্তত তেখেতৰ চকুৱে-মুখে যি আভা দেখা পালোঁ তাকে দেখি ‘অকব’ৰ এজন সাধাৰণ সদস্য হিচাপে নিজেও এক ধৰণৰ গৰ্ব অনুভৱ কৰিলোঁ৷

এতিয়া মোৰ আজিৰ আলহীৰ সম্বন্ধে তিনিটা বাক্য কওঁ৷ তেখেতৰ নাম শ্ৰী নন্দ সিং বৰকলা৷ তেখেত কাৰবি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) পদত সম্প্ৰতি ডিফুত কৰ্মৰত৷ সৃষ্টিশীল মনৰ লোকজনৰ এখন নিজা জগত আছে য’ৰ দুৱাৰ আজি সৌভাগ্যক্ৰমে ‘অকব’ৰ পাঠকসকলৰ বাবে খোলাৰ সুযোগ এটা পাইছোঁ৷

প্ৰথমে সিং চাহাবে মৰিগাঁৱৰ এখন আলোচনীত দিব বিচৰা দীঘলীয়া প্ৰবন্ধ এটা (‘নালন্দা বিশ্ববিদ্যালয়, ভাৰতৰ প্ৰজ্ঞা, সংস্কৃতি, সংস্কাৰৰ বিৰল সিন্ধু’) শুধৰাই দিয়া (!)ৰ অনুৰোধেৰে মোৰ হাতত অৰ্পণ কৰিলে৷ তাৰ পিছতে উলিয়ালে এটা কবিতা (‘মানুহ পানীৰে গজি অহা শইচ সমগ্ৰ’), ‘অকব’ৰ ৱালত, ই-আলোচনীত দিয়াৰ ইচ্ছা৷ ‘অকব’ আৰু ই-আলোচনীৰ প্ৰতি আকৰ্ষিত হৈ সেইটো তেখেতে লিখি লৈ আহিছিল, পাঠো কৰি শুনালে৷ 

উক্ত কবিতা পাঠে মোক মনত পেলাই দিলে শ্ৰী নৱ কুমাৰ বৰা ডাঙৰীয়ালৈ৷ এই ব্যক্তিজন ডিফু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থকাৰ দিনবোৰ মনলৈ আহিল৷ পুলিচ বিভাগৰ সৰ্বসময়তে কৰ্তব্যসষ্টম লোক হ’লেও তেখেতে আনকি পেট্ৰ’লিঙৰ সময়তো ছেগ বুজি ফটা কাগজত লিখা কবিতা হাতৰ মুঠিত লৈ প্ৰৱেশ কৰিছিল ‘প্ৰিণ্টৱেল’ত আৰু মোক পঢ়ি শুনাইছিল৷ সেইবোৰ লগে লগে কম্পিউটাৰত সুমুৱাই ৰাখিছিলোঁ৷ আৰু তেনেকৈয়ে এদিন সৃষ্টি হৈছিল কাব্যপুথি ‘পিতাইৰ বাটামী ঘৰ’৷ সেয়া অন্য এক দীঘলীয়া কাহিনী৷ এতিয়া সিং চাহাবৰ প্ৰসংগলৈ ঘূৰি আহোঁ৷

সিং চাহাবক মই ‘অকব’ৰ সদস্য পদৰ বাবে আৱেদন জনাবলৈ অনুৰোধ কৰিলোঁ৷ চৰকাৰী চাকৰিজনিত ব্যস্ততাৰ পৰা এখন্তেক সময় উলিয়াব পাৰিলে আৰু ইউনিক’ডত অসমীয়াত টাইপ কৰিবলৈ শিকিলে সেয়া নিশ্চয় যোগাত্মকভাৱে কাৰ্যকৰী হ’ব৷ মোৰ ফালৰ পৰা যৎপৰোনাস্তি সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰথম চিনাকিতে দি দিলোঁ৷

এতিয়া তাৰ পিছৰ কথাখিনি ক’বলৈ লৈছোঁ৷ ইমানপৰে মোৰ কম্পিউটাৰটো খোলা আছিলেই৷ সচিত্ৰ ‘অনন্য এক কাহিনী ফুটবলৰ’ দুচকুৰ সন্মুখত ভাহি উঠাৰ লগে লগে মানুহজনে বৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিলে৷ কাহিনীৰ নায়ক পুতুলদাক ততালিকে লগ পোৱাৰো ইচ্ছা বেকত কৰিলে৷ সেই ইচ্ছাৰ প্ৰতি যোগাত্মক সঁহাৰি জনাই সন্ধিয়াৰ অলপ পিছতে মই তেখেতক প্ৰৱেশ কৰোৱালোঁ ‘ব্ৰাজিল ১৪’ত, যিখন চোতাল সকলোৰে বাবে উন্মুক্ত, পুতুলদাৰ নিজৰ ভাষাত ‘আজাদ হিন্দুস্তান’৷ 

আকস্মিকভাৱে আবিৰ্ভাৱ হোৱা অতিথিগৰাকীক পাই গৃহস্থ অত্যন্ত সুখী হ’ল৷ সিদিনাৰ ‘উপহাৰ কুপন খেল’খনৰ প্ৰথম পুৰস্কাৰৰ লাকী নম্বৰটো সিং চাহাবৰ হাতেৰেই উঠোৱা হ’ল৷ 'ৱৰ্ল্ডকাপ কুইজ প্ৰতিযোগিতা'ত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগী দলটোলৈ চাৰ্টিফিকেট আৰু প্ৰাইজমানীও তেখেতৰ হাতেৰে প্ৰদান কৰোৱা হ’ল৷ ‘ব্ৰাজিল ১৪’ প্ৰাংগণ চাই অভিভূত হোৱা মানুহজনে গৃহাভিমুখী হওঁতে গাড়ীত উঠিবৰ পৰত মোক কৈ গ’ল... ‘মই আজিয়ে কিবা এটা লিখিমগৈ আৰু আপোনাক নিজে দি আহিম৷’

ইফালে দুদিনীয়া কাৰবি আংলং বন্ধৰ সুযোগ পূৰ্ণ ৰূপত গ্ৰহণ কৰি বিগত এমাহ ধৰি ভুগি থকা বিশ্বকাপৰ জ্বৰ শাম কটোৱাৰ অভিপ্ৰায়েৰে জনঅৰণ্যৰ পৰা ফালৰি কাটি অভয়াৰণ্যত সোমালোঁগৈ মই৷ সেয়াও অন্য এক দীঘলীয়া কাহিনী৷ 

সদ্যহতে ক’ব খোজা কথাটো হ’ল, জংঘলৰ পৰা ঘূৰি আহি পিছদিনা সন্ধিয়া ঘৰ সোমোৱাৰ অলপ পাছতেই সিদিনা কথা দিয়া মতে লেখা হাতত লৈ চিপাহী-চন্তৰীসহ সিং চাহাবৰ গাড়ী ৰ’লহি আমাৰ ঘৰৰ সন্মুখত৷ চাহ পৰ্ব পাৰ হৈ যোৱাৰ পিছত তেখেতে পঢ়া আৰম্ভ কৰিলে পুতুলদাক উদ্দেশ্য কৰি ৰচনা কৰা ‘ধ্ৰুপদী সংস্কৃতিয়েই সন্ধান দিব মানুহৰ’ শীৰ্ষক লেখাটি৷

প্ৰবন্ধ পাঠ মন দি শুনি থাকোঁতে মনে মনে এবাৰলৈ ভাবিলোঁ... ফুটবল জ্বৰ এৰুৱাবলৈ গৈছিলোঁ হাবিলৈ, পিছে ফুটবলে সতকাই নেৰিছেহে নেৰিছে৷ কথাটো অৱশ্যে ভালো লাগিল, কাৰণ ফুটবলযে আমাৰ জীৱনৰ সৈতে সম্পৃক্ত৷ এতেকে...

সি যি কি নহওক, মানুহজনৰ হেঁপাহ পূৰণাৰ্থে আৰু ‘অকব’ৰ আকৰ্ষণতে হোৱা আমাৰ সংযোগ তথা আনন্দ লাভৰ কথা সুঁৱৰি এয়া প্ৰথমে তেখেতে সিদিনা মোৰ হাতত দি যোৱা কবিতাটিকে ‘অকব’ৰ ৱালত দিলোঁ৷ আৰু সবিনয়ে মাননীয় সদস্যসকলক পুনৰ জনালোঁ যে কবিৰ নাম শ্ৰী নন্দ সিং বৰকলা৷ (আব্দুছ ছাজিদ নহয় আকৌ দেই৷) অনুগ্ৰহ কৰি সময় পালে এবাৰ চকু ফুৰাব৷

‘মানুহ পানীৰে গজি অহা শইচ সমগ্ৰ’

ডাৱৰবোৰ জীৱনৰ ৰঙেৰে পানী হৈ সৰে তললৈ
পানীৰে গজি আহে শইচৰ মানুহ
এই মানুহে ফুলৰোৱা হাতেৰে ফুলতোলা হাতত
গুজি দিয়ে দিন, জোনাক, ৰ’দ, ৰাতি আৰু ছাগলী পোৱালিৰ চেঁকুৰণি


মাটিয়ে শিপা মেলিছে মোৰ বুকুলৈ
মই প্ৰসাৰিত হৈছোঁ আকাশ আৰু জোনৰ দেহলৈ
বৰষুণৰ কলিজাত লুকাই থকা কৃষ্ণ সাগৰৰ কূটকৌশল নাশিবলৈ
ৰাতি ৰাতি আন্ধাৰৰ ভিতৰেদি পাৰ কৰা শইচ পথাৰৰ যাতনাই
মেলিছে দুহাত প্ৰেম আৰু আনন্দৰ হাঁহি বিচাৰি

গছৰ শিৰাত তাৰ পৰা উপশিৰাত গজালিয়ে সুহুৰিয়াইছে
সূৰ্যৰ জ্বলন্ত পোহৰত স্নিগ্ধতাৰে
গছৰ উখল-মাখল জগতত চৰাইৰ জয়ধ্বনি
গান গুণ-গুণ পাতত বতাহৰ জোনাক তিৰবিৰোৱা সুষমা

জুই পুৰি পুৰি দুহাত জ্বলোৱা আকাশ, শ কটা মানুহৰ বিবৰ্ণ দুহাত-মুখ
আণৱিক বোমাৰ গুণ গোৱা বতাহ,
পথাৰ পুৰি ছাই হোৱা ৰ’দৰ তথাপি বিলাপ
চিত্ৰ, মহাচিত্ৰ, নিত্য, অনিত্য, শংখশব্দৰ অনন্ত জগতকলৈ

এই শব্দ জুয়ে পুৰিব নোৱাৰে
আণৱিক বোমা বিদীৰ্ণ হয় এনে শব্দ-সমুদ্ৰত

আৰ্তনাদ নৈৰ সীমা ভাঙি গাঁও হেৰুৱা মানুহৰ
স্যমন্ত প্ৰভুৰ মুখৰ শব্দ চহকী হৈ আহে ক্ষমতাৰ চকীৰ বলত
পানী ভাঙি বৰষুণ পৰে, ৰজাই তেজৰ নৈত সাঁতুৰে
বৰষুণত ৰজা নিতিতে সেয়ে ৰজা পথাৰৰ সুষমা নহয় কোনোদিন
গেঁৰ ওলোৱা ধানৰ মৃণ্ময় মাত হ’ব নোৱাৰে৷

মাটি হেৰুৱা মানুহৰ ভৰিত মাটিৰ শিপাৰ সুগন্ধি
জোনাকৰ হেন্দোলনি,
ডাৱৰৰ ইননি-বিননি
মাটিয়ে চিঞৰিছে মানুহ মহাকাব্য, মহাৰণ্য, মহাসমুদ্ৰ,
মহাঅন্তৰীক্ষ, পথাৰৰ শইচ গজোৱা দিব্য আলোক উৎসৱ

মানুহেই সাতৰঙী ৰামধেনুৰ ৰং,
ৰাজহাড় বেঁকা হ’লেও মানুহেই গায়
ৰং বিলোৱা জীৱনৰ হাতবোৰৰ বৰগীত,
মানুহ সূত্ৰধাৰ পৃথিৱীৰ
মানুহে মানুহে মহামানুহৰ পানীৰে গজি অহা শইচ সমগ্ৰ

(নন্দ সিং বৰকলা
ভ্ৰাম্যভাষ নং ৯৪৩৫১-৬৯০৩৮)


Tuesday 15 July 2014

পুতুলদাৰ চোতালত আজি অনুষ্ঠিত হব ব্ৰাজিল বিশ্বকাপৰ শেষৰখন খেল...

দেওবাৰৰ নিশা জাৰ্মানীয়ে আৰ্জেণ্টিনাক হৰুৱাই বিশ্বকাপ হস্তগত কৰিলে৷ তাৰ লগে লগে পৃথিৱীৰ চুকে-কোণে থকা কোটি কোটি ফুটবলপ্ৰেমীক এমাহজুৰি মন্ত্ৰমুগ্ধ কৰি ৰখা বিশ্বকাপ জ্বৰএ শাম কাটিলে৷ সেয়ে হলেও পুতুলদাৰ চোতালৰ আয়োজন অন্ত পৰা নাই৷ শেষ খেলখন আজিহে অনুষ্ঠিত হব৷ স্কটছ অভিযানএ হিচাপতকৈ বেছি সময় কাঢ়ি নিয়াৰ ফলত বহুআকাংক্ষিত এই খেলখনৰ দিন ঠিৰাং কৰা হৈছে আজি৷ সেয়াও খৰতকীয়াভাৱে সিদ্ধান্ত এটা লৈ৷ এটা সংগঠনে আহ্বান জনোৱা কাৰবি আংলং বন্ধ প্ৰত্যাহাৰ কৰাত খেলখন আজিয়ে পতা হব৷

নিজ দলৰ জয়লাভ আৰু প্ৰতিজ্ঞা পূৰণৰ আনন্দৰে সিক্ত হৈ পুতুলদা এতিয়া ব্যস্ত আছে আগন্তুক গুৰুত্বপূৰ্ণ খেলখনৰ নিখুঁত ব্যৱস্থাপনাত৷ নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাপুষ্ট পৰিচালনা আৰু বিশিষ্টজনৰ মধ্যস্থতাত এটাও ফাউল নোহোৱাকৈ হব এইখন খেল৷ তাত বিন্দুমাত্ৰও সন্দেহ নাই৷

এশখন কুপন, পঞ্চাশটা পুৰস্কাৰ৷ তাকে লৈ পূৰ্বৰ দৰেই পুতুলদাৰ এইবাৰৰ উপহাৰ কুপন খেলা৷ কোন হব এই পঞ্চাশজন ভাগ্যৱান? আজি সন্ধিয়াটো আমি তাৰেই সন্ধানত ৰত হম৷

এই বিশেষ খেলখনৰ পৰিসমাপ্তিয়ে স্বাভাৱিকতে আৱেগিক কৰি তুলিব পুতুলদা আৰু গ্ৰেচী বৌক৷ কাৰণ বিগত এমাহে ভৰাই ৰখা তেওঁলোকৰ চোতালখন আজিৰ খেলখনে উকা কৰি পেলাব৷ পূৰ্ব-প্ৰতিশ্ৰুতিমতেই সকলোখিনি গতাই দিয়া হব আচল গৰাকীসকলক৷ অৱশ্যে আন কেইবাৰৰ দৰে এইবাৰ হাত নিশ্চয় শূন্য নহব৷ বিছ বছৰে সাঁচি-সামৰি থোৱা খালী বাকচটোৰ কাষলৈ ঘূৰি অহা বটলটোৱে তেওঁলোকক আন আন বিশ্বকাপৰ দৰে শূন্য অনুভৱ কৰিবলৈ নিশ্চয়কৈ নিদিব৷ জাৰ্মানীয়ে লাভ কৰা বিশ্বকাপটোৰ দৰেই পুতুলদাৰ এই প্ৰাপ্তিক সন্ধিয়া এনে ধৰণে এক স্থানত মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰা হব, যেন আজি শেষবাৰৰ বাবে ব্ৰাজিল ১৪ত ভৰি দিয়া প্ৰতিগৰাকী লোকেই, প্ৰতিগৰাকী অনুৰাগীয়েই ওচৰৰ পৰা দৰ্শন কৰিব পাৰে ইমানদিনে মাটিৰ তলত লুকাই থকা পুতুলদাৰ হেঁপাহ৷ খালী বাকচটো আৰু ভৰ্তি বটলটোক আইনাৰ মেৰপেচত সুমুৱাই ইতিমধ্যে প্ৰদৰ্শনৰ বাবে সাজু কৰা হৈছে৷

বিশ্বকাপ কুইজ প্ৰতিযোগিতাৰ চাৰ্টিফিকেট আৰু প্ৰাইজমানীও আজিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব বিজয়ীসকলক৷

বিশেষ সন্ধিয়াটোলৈ সকলোৱে এতিয়া উৎকণ্ঠাৰে বাট চাইছে৷ আজিৰ এই পৰিসমাপ্তিত নিঃসন্দেহে অশ্ৰুসিক্ত নয়নেৰে আমি চিঞৰিম... বিদায় ব্ৰাজিল ২০১৪৷ ৰাছিয়া ২০১৮ত এই চোতালত গ্ৰেটাৰ ডিফু ফুটবল ফেনচ আকৌ লগ হম৷ ঈশ্বৰে সকলোকে কুশলে ৰাখে যেন৷


ফুটবলে কঢ়িয়াই অনা ইউনিটি, ইণ্টিগ্ৰিটি আৰু ফ্ৰেটাৰনিটিৰ প্ৰকাশেৰে আমি আলিংগন কৰিম পুতুলদা প্ৰমুখ্যে ইজনে সিজনক৷ সেই মুহূৰ্তটো কাষ চাপি আহি আছে৷