আকৌ নেইমাৰৰ কথাৰে...
ব্ৰাজিল আৰু কলম্বিয়াৰ মাজত অনুষ্ঠিত বিশ্বকাপ ২০১৪ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ কোৱাৰ্টাৰ ফাইনেল খেল৷ খেলখন হৈছিল ফ’ৰ্টেলেজাৰ কষ্টেলাঅ’ এৰিনাত, ৫জুলাই তাৰিখে৷ শিহৰণকাৰী খেলখনত ব্ৰাজিল ২-১গ’লত বিজয়ী হয় আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ব্ৰাজিলিয়ান ষ্টাৰ প্লেয়াৰ নেইমাৰ জুনিয়ৰে খেলপথাৰ ত্যাগ কৰিবলগীয়া হোৱাটো আছিল সেইদিনা সংঘটিত এটা অপ্ৰত্যাশিত ঘটনা৷ এই দুৰ্ঘটনাৰ বাবে দলৰ চুপাৰষ্টাৰ ষ্ট্ৰাইকাৰজনে চলিত বিশ্বকাপৰ পৰাই বাহিৰ হ’ব লগা হয়৷ সমগ্ৰ বিশ্বজুৰি থকা নেইমাৰৰ গুণমুগ্ধসকলৰ বাবে এয়া নিশ্চয় অতিশয় দুখৰ খবৰ৷
খেলৰ ৮৮মিনিটত কলম্বিয়ান ডিফেণ্ডাৰ জুৱান কেমিল’ জুনিগাৰে বলটো হস্তগত কৰিবলৈ পিছফালৰ পৰা নেইমাৰৰ ওপৰত জঁপিয়াই পৰিছিল৷ সেই অৰিয়াঅৰিত জুনিগাৰৰ আঁঠুৰ খুন্দাত মাটিত বেয়া ধৰণে পৰি যায় ব্ৰাজিলৰ ১০ নম্বৰ জাৰ্চি পৰিহিত সুযোগসন্ধানী ফ’ৰৱাৰ্ড নেইমাৰ জুনিয়ৰ৷ ২২বছৰীয়া খেলুৱৈজনে পিঠিৰ তলৰ অংশত গুৰুতৰভাৱে আঘাত পায়৷ ষ্ট্ৰেছাৰত উঠাই তেওঁক খেলপথাৰৰ বাহিৰলৈ লৈ অনা হয়৷ তাৰ পিছত মেডিকেল টেষ্টৰ বাবে ততালিকে ফ’ৰ্টেলেজাস্থিত হস্পিতাল চাও কাৰ্লচলৈ নিয়া হয়৷ তাৰ পৰা এম্বুলেন্সেৰে অনা হয় ৰিঅ’ ডি জেনেৰিঅ’ৰ সমীপৱৰ্তী তেৰেচপলিচত থকা ব্ৰাজিলিয়ান দলৰ ট্ৰেইনিং কেম্পলৈ৷ শিৱিৰৰ পৰা হুইল চেয়াৰসহ হেলিকপ্তাৰেৰে তেওঁক স্থানান্তৰ কৰা হয় চাও পাওলোৰ সমীপৱৰ্তী গুৱাৰাজাত থকা নিজগৃহলৈ৷ উক্ত সন্ধিয়া প্ৰশিক্ষণ কেন্দ্ৰটিত সতীৰ্থসকলে দলৰ নিৰ্ভৰযোগ্য খেলুৱৈগৰাকীক এই বিশ্বকাপৰ পৰাই আৱেগিকভাৱে বিদায় জনাবলগীয়া পৰিস্থিতি হয়৷ বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা দলটোৰ চকুৰ আগত সেয়া আছিল এটা অত্যন্ত শোকাকুল তথা ভাবিব নোৱাৰা পৰিৱেশ৷
জাতীয় দলটোৰ চিকিৎসক ৰ’ড্ৰিগো লেছমাৰৰ ভাষ্যমতে ৰাজহাড়ৰ তৃতীয় অংশত দুখ পোৱা নেইমাৰক অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই৷ কিন্তু সুস্থ হৈ উঠিবৰ বাবে তেওঁ দীঘলীয়াকৈ বিশ্ৰাম ল’ব লাগিব৷ আন এগৰাকী চিকিৎসক জ’চ লুইজ ৰাংক’ই সদৰি কৰামতে ৪০-৪৫দিনৰ জিৰণিৰ প্ৰয়োজন হ’ব নেইমাৰক৷ চিকিৎসকে কোৱামতে এই আঘাতে তেওঁৰ ভৱিষ্যতৰ ফুটবল কেৰিয়াৰত ব্যাঘাত নজন্মায় বা শাৰীৰিকভাৱে কোনো বাধাৰ সৃষ্টি নকৰে৷ ব্ৰাজিল বিশ্বকাপৰ পৰৱৰ্তী খেলবোৰত প্লে’মেকাৰজনৰ ফুটবল-শিল্প দেখিবলৈ পোৱা নগ’লেও এইটো খবৰে নেইমাৰপ্ৰেমীসকলক নিশ্চয় সকাহ দিছে৷
এতিয়া জাৰ্মানীৰ বিৰুদ্ধে বেল’ হৰিজন্তেত ৯ তাৰিখে খেলিব লগা ছেমি ফাইনেলখনৰ বাবে দলৰ প্ৰশিক্ষক লুই ফিলিপ স্ক’লাৰিয়ে নিৰ্ভৰযোগ্য খেলুৱৈজনৰ স্থান মিডফিল্ডাৰ ৱিলিয়ান বৰ্গেচ ডি চিলভা বা লেফট উইংগাৰ বাৰ্নাৰ্ড এনিচিঅ' কেলডেইৰা ডুৱাৰ্টেৰ মাজৰ পৰাই কোনোবা এজনৰ অন্তৰ্ভুক্তকৰণেৰে পূৰ্ণ কৰিব লাগিব৷ এই দুই ফুটবলাৰৰ ক্রীড়াধাৰাত নেইমাৰৰ সৈতে সাদৃশ্য আছে৷ আনহাতে নেইমাৰৰ অনুপস্থিতিয়ে যাতে দলটোত কোনো ধৰণৰ নঞৰ্থক প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতিও স্ক’লাৰীয়ে অহৰহ লক্ষ্য ৰাখিছে৷ সেয়ে হ’লেও অনুৰাগীসকলে এই বিশ্বকাপত প্ৰিয় খেলুৱৈজনৰ দুভৰিৰ ফুটবল-যাদু আৰু দেখা নাপাব৷ আচম্বিতে ঘটি যোৱা দুৰ্ঘটনাটোৰ পিছত সদ্যহতে এই কথাটোৱে বিশ্বজুৰি অনেকজন ফুটবলপ্ৰেমীৰ দুচকুলৈ লোতক বোৱাই আনিছে৷
ব্ৰাজিলিয়ান চকাৰ ফেডাৰেচনে মুকলি কৰা এটা ভিডিঅ’ত ষ্টাৰ প্লেয়াৰজনে কৈছে… ‘মোৰ স্বপ্ন বাধাপ্ৰাপ্ত হৈছে, কিন্তু ই বৰ্তি আছে৷ মই আশা কৰোঁ, মোৰ দলীয় সতীৰ্থসকলে মোৰ স্বপ্ন পূৰণাৰ্থে সকলোখিনি কৰিব৷ ব্ৰাজিলক চেম্পিয়ন কৰাবৰ বাবে যিখিনিৰ প্ৰয়োজন, সকলোখিনি তেওঁলোকে কৰিব৷ মোৰ সপোন আছিল ব্ৰাজিল বিশ্বকাপৰ ফাইনেলত খেলা৷ পিছে এইটো সম্ভৱ নহ’ল৷ মই নিশ্চিত যে মোৰ সতীৰ্থসকলে এইবাৰৰ বিশ্বকাপ হস্তগত কৰিব আৰু ব্ৰাজিল বিশ্ব চেম্পিয়ন হ’ব৷ মই তেওঁলোকৰ সৈতে থাকিম আৰু সোনকালেই আমি সকলো ব্ৰাজিলিয়ানে মিলি বিজয় উৎসৱ উদ্যাপন কৰিম৷ এইটো এটা জটিল সন্ধিক্ষণ৷ মোৰ মগজু আৰু হৃদয়ত ইয়াক প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই৷ মই মাত্ৰ ক’ব বিচাৰোঁ যে আপোনালোকে আশা কৰা সময়তকৈ সোনকালে মই সুস্থ হৈ উঠিম আৰু ঘূৰি আহিম ফুটবললৈ৷’
অনিচ্ছাকৃতভাৱে দিয়া এই দুৰ্ঘটনাজনিত আঘাতৰ কথা উল্লেখ কৰি কলম্বিয়া তথা নেপোলিৰ ডিফেণ্ডাৰ জুৱান কেমিল’ জুনিগাৰে ক্ষমা বিচাৰিছে নেইমাৰক৷ অশ্ৰুসিক্ত নয়নেৰে বাৰ্চিলোনাৰ দৃষ্টিনন্দন ষ্ট্ৰাইকাৰজনৰ আশু-আৰোগ্য কামনা কৰিছে বিশ্বকাপত ভাগ লোৱা-নোলোৱা, নেইমাৰৰ পক্ষ-প্ৰতিপক্ষত খেলা বিভিন্নখন দেশৰ বিভিন্নজন খেলুৱৈয়ে৷ ক্রীড়া জগতৰ প্ৰতি শ্ৰদ্ধাশীল আৰু আন্তৰিক-মানসিকভাৱে জড়িত শত-সহস্ৰজনে নেইমাৰৰ বাবে বাট চাই ৰৈছে৷ ফুটবল, ফুটবলাৰ আৰু ফুটবলক ভালপোৱাজনৰ মহানতা তাতেই৷
পুচ্ছাংশ… ফুটবলক চিনি পোৱা দিনৰে পৰাই মই ব্ৰাজিলৰ একান্ত সমৰ্থক৷ নেইমাৰ জুনিয়ৰ বৰ্তমান মোৰ প্ৰিয় খেলুৱৈ যাৰ প্ৰতিভা কিম্বদন্তি ফুটবলাৰ পেলেতকৈও কেইবাগুণ বেছি বুলি পেলেই নিজমুখে স্বীকাৰ কৰিছে৷ পিঠিত নেইমাৰ ১০ লিখা মোৰ মৰমৰ ব্ৰাজিলৰ হালধীয়া-সেউজীয়া জাৰ্চিটো মই এতিয়া ব্ৰাজিলৰ খেল চলি থকাৰ সময়ছোৱাত, প্ৰিয় খেলুৱৈজনৰ অনুপস্থিতিৰ হেতু পেণ্টৰ পকেটত সংগোপনে সুমুৱাই ৰাখিম বুলি সিদ্ধান্ত লৈছোঁ৷ মই আশা কৰোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা জনাওঁ, ব্ৰাজিল বিশ্বকাপ চেম্পিয়ন হওক আৰু সেই জয় সসন্মানে উপহাৰ দিয়া হওক নেইমাৰ জুনিয়ৰক৷
No comments:
Post a Comment