জাৰ্মান বুলেটত ধৰাশায়ী ব্ৰাজিল...
(ব্ৰাজিল ১৪ৰ পৰা)
সঁচাকৈয়ে যোৱানিশা জাৰ্মানীয়ে ব্ৰাজিলক নিৰ্দয়ভাৱে
হৰুৱালে বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত৷ বেল' হৰিজণ্টেৰ এষ্টাডিঅ' মিনেইৰ'ৰ সেউজ ঘাঁহনিত ৭-১গ’লত সম্পূৰ্ণভাৱে ‘ধুলাই কৰি’ প্ৰথমেই ফাইনেলত সোমাল পুতুলদাৰ এইবাৰৰ দুৰ্ধৰ্ষ জাৰ্মান
বাহিনী৷ জাৰ্মানীৰ ফুটবল চমৎকাৰিত্বৰ সন্মুখত ঘৰুৱা খেলপথাৰ, ঘৰুৱা দৰ্শকৰ সন্মুখতে
ব্ৰাজিলৰ এনে দশা হ’ল যে সেয়া দুনাই ভাবিব নোৱাৰি৷
খেলৰ কোনোবা মুহূৰ্তত চোতালৰ এফালে কোনোবা দৰ্শকে উকিয়াই দিলে... ‘হ’ব, হ’ব জাৰ্মানী, ইমান দয়া-মায়াহীন
হ’ব নালাগে... আৰু গ’ল দিব নালাগে৷’ ৬মিনিটৰ ভিতৰত ৪টাকৈ গ’ল... কোনোবাই কল্পনাও কৰিছিলনে?
মেছিনগানৰ গুলীৰ দৰে এটাৰ পিছত এটাকৈ... উঃ! নোৱাৰি৷
‘টু থাউজেণ্ড টু কা বাদলা...’ এইবুলি চিঞৰি উঠিছিল পুতুলদাই৷
বহুদিনীয়া হেঁপাহ পলুৱাই ল’লে যেন পুতুলদায়ো৷ আত্মহাৰা হৈ
দৰ্শকৰ মাজে মাজে নাচি-বাগি প্ৰতিটো গ’লৰ আনন্দ ভৰপূৰ ৰূপত উপভোগ কৰিলে জাৰ্মান-পাগলজনে৷ খেলৰ
অন্তিম মিনিটত ফটকাৰ মস্ত বাকচ এটা দুহাতেৰে দাঙি লৈ চৌহদৰ বাহিৰ ওলাল৷ নিজেই অগ্নিসংযোগ
কৰিলে৷ আকাশচুম্বী ধাৰাবাহিক শব্দ আৰু পোহৰেৰে সকলোকে জনাই দিলে তেওঁৰ জাৰ্মানী বিজয়ী
হৈছে বুলি৷ তাৰ লগে লগে গুৰুত্বহীন হৈ পৰিল ‘মাই প্ৰেডিকচন ব’ৰ্ড’ত জিলিকি থকা ৪৯গৰাকী ব্ৰাজিল সমৰ্থকৰ নাম, যিসকলে ব্ৰাজিল চেম্পিয়ন
হ’ব বুলি কৈছিল৷ ব্ৰাজিল জিকিব
বুলি নিশাৰ খেলখনত বাজি ধৰাজনেও নিজৰ কথাৰ দাম ৰাখি জাৰ্মান সমৰ্থকক সসন্মানে দেনা
আদায় দিয়া দেখা গ’ল৷
সমাপ্তিৰ আগে আগে সান্ত্বনাসূচক এগ’ল পালেও ব্ৰাজিলে দৰাচলতে একোৱেই
কৰিব নোৱাৰিলে বুলি কোৱাই উচিত হ’ব৷ না আক্রমণ, না প্ৰতিৰক্ষা৷ উভয় বিভাগতে বেয়াকৈ হাৰ মানি গ’ল দলটোৱে৷ বহুতে কোৱাকুই কৰাৰ
দৰেই আয়োজক দেশখনৰ এই দুৰ্বল প্ৰদৰ্শনলৈ চাই এতিয়া থাৰ্ড প্লেচটোও ৰয়গৈনে নাই তাকে
লৈহে চিন্তা হৈছে৷ সঁচাই বৰ বেয়া খেলিলে ব্ৰাজিলে৷ বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল পৰ্যায়ত
তেনে প্ৰদৰ্শন মুঠেই আশা কৰা নাযায়৷ ব্ৰাজিলৰ সমৰ্থক হিচাপে সেয়া চকুৰ আগত দেখি মোৰো
বৰ দুখ লাগিল৷ সান্ত্বনাৰ কথা মাত্ৰ এটাই থাকিল যে দলটোৰ মূল খেলুৱৈ দুজনেই অনুপস্থিত
আছিল৷ তথাপি ইমান বেছি গ’ল খোৱাটো লজ্জাজনক কিম্বা অসহ্যকৰ
কথা৷ তাক মানি লোৱাটো টান৷ আনহাতে জাৰ্মানীৰ প্ৰদৰ্শনক দমনীয় বুলিবই লাগিব৷
ফলাফল যি কি নহওক, কালি পুতুলদাৰ চোতালৰ পৰিৱেশটো
আছিল অভূতপূৰ্ব৷ জাৰ্মান জাৰ্চি পৰিহিত সমৰ্থকেৰে গিজগিজাই থকা চোতালত বিৰ দি বাট পাবলৈও
যেন এটা সময়ত টান হৈ পৰিছিল৷ প্ৰবল হৰ্ষোল্লাসৰ মাজেদি ফুটবলৰ বেচ আনন্দ ল’লে শিশু, যুৱক-যুৱতী, পুৰুষ-মহিলাকে
ধৰি চমজদাৰ দৰ্শকসকলে৷ এন.ডি. টিভি, ফ’কাচ এন.ই., নিউজ লাইভকে ধৰি সংবাদ মাধ্যমৰ উপস্থিতি যোৱানিশা
পৰিলক্ষিত হৈছিল খেলৰ আৰম্ভণিৰ পৰা শেষলৈকে৷
খেলৰ অন্তত পুতুলদাক হেণ্ডচেক কৰিলোঁ৷ আলিংগন কৰি
অভিনন্দন জনালোঁ৷ হৰা-জিকা যিয়েই নহওক, ফুটবলক আমি শ্ৰদ্ধা কৰোঁ৷ সেয়ে ব্ৰাজিলৰ সমৰ্থক
হোৱাৰ সূত্ৰে সাত গ’ল খালেও ডাই-হাৰ্ড জাৰ্মান ফেন
পুতুলদাৰ চোতালখনৰ প্ৰতি মোৰ বা আমাৰ সকলোৰে চেনেহ, হেঁপাহ বা আকৰ্ষণ সদায় একেদৰেই
থাকিব৷
এতিয়া বাট চাইছোঁ সন্মুখত থকা খেল তিনিখনলৈ৷ তাৰে
অন্তিমখনে নিশ্চিত কৰিব পাচপ’ৰ্ট স্কটচৰ বটলটোৱে এইবাৰ সূৰ্যৰ পোহৰ দেখা পাব নে নাপায়৷ দীৰ্ঘদিনীয়া
এক স্বপ্ন সাকাৰ হোৱাৰ বাটত পুতুলদাৰ কাৰণে এতিয়া আৰু মাত্ৰ এখোজ বাকী৷
No comments:
Post a Comment