ক্রমাৎ সমাপ্তিৰ দিশে আমি...
সমাপ্তিৰ দিশে ধাৱমান হৈছে ব্ৰাজিল বিশ্বকাপ৷ আৰু মাত্ৰ চাৰিখন খেল৷ দুখন ছেমি ফাইনেল, তৃতীয় স্থান নিৰ্ধাৰণৰ বাবে এখন আৰু ফাইনেলখন৷ শেষেই হ’লহি দেখোন এমহীয়া ফুটবল মহোৎসৱ!
এইবাৰ ছেমি ফাইনেললৈ উন্নীত হৈছে জাৰ্মানী, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ডছ৷ প্ৰথমখন খেলত ব্ৰাজিল আৰু জাৰ্মানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব৷ দ্বিতীয়খনত আৰ্জেণ্টিনা আৰু নেদাৰলেণ্ডছে৷ ৩২টা দলৰ পৰা গৈ গৈ শেষ পৰ্যন্ত বাকী ৰৈছেগৈ মাথোন ৪টা দল৷ তাৰে দুটা দক্ষিণ আমেৰিকাৰ আৰু দুটা ইউৰোপৰ৷
আনন্দদায়ক কথা যে আমাৰ ঘৰত এই চাৰিওটা দলৰে একোজনকৈ ঘোৰ সমৰ্থক আছে৷ বিশ্বকাপত পৃথক পৃথক দেশৰ সমৰ্থনকাৰী হ’লেও কিন্তু বাৰ্চিলোনা এফ.চি. তেওঁলোকৰ প্ৰত্যেকৰে প্ৰিয় ক্লাব৷ এতিয়া পিছে ব্ৰাজিল বিশ্বকাপক লৈ তেওঁলোকৰ মাজতো বিভিন্ন সময়ত বিভিন্ন আলোচনা-বিলোচনা কিম্বা টনা-আঁজোৰা চলি আহিছে৷ বিশ্বকাপ জ্বৰত সম্প্ৰতি বাৰুকৈয়ে আক্রান্ত এই চাৰিজনক এদিন এটা বিশেষ মুহূৰ্তত দেখা গৈছিল এনেদৰে... (ফটো ১)
সমাপ্তিৰ দিশে ধাৱমান হৈছে ব্ৰাজিল বিশ্বকাপ৷ ফুটবলৰ মাধ্যমেৰে আমাক উত্ৰাৱল-উত্তেজিত কৰি ৰখা মাহজোৰা সময়ছোৱাই (ফটো ২, ৩, ৪, ৫, ৬, ৭) আমাৰ মাজৰ পৰা বিদায় ল’ব৷ চাৰিটা বছৰৰ অন্তত আকৌ ৰাছিয়া ২০১৮ত আমি দেখাদেখি হ’ম৷ ডিজিটেল কেমেৰাৰ মেম’ৰী কাৰ্ডত আবদ্ধ শত-সহস্ৰ মুহূৰ্তবোৰ নিঃসন্দেহে ৰৈ যাব জীৱনৰ মধুৰ স্মৃতিৰ বাহক হৈ৷ সেইবোৰে সোঁৱৰাই থাকিব... হয়, আমি পুতুলদাৰ চোতালত ৩২খন দেশৰ ৩২খন পতাকাৰ তলত সমৱেত হৈ ২০১৪ৰ ব্ৰাজিল বিশ্বকাপ প্ৰাণভৰি উপভোগ কৰিছিলোঁ৷ চূড়ান্ত ফলাফল যিয়েই নহওক, ট্ৰফী যিয়েই নিজিকক কিয়, আনন্দমধুৰ ক্ষণবোৰে অনাগত দিনবোৰত আমাৰ হৃদয়ক সদায়ে অনুপ্ৰাণিত কৰি থাকিব, অহৰহ হাঁহি আৰু শক্তি যোগাই যাব৷
ব্ৰাজিল ১৪ প্ৰাংগণত ৬ আৰু ৭জুলাই তাৰিখে দুদিনীয়াকৈ সুকলমে অনুষ্ঠিত হ’ল প্ৰাইজমানী কুইজ প্ৰতিযোগিতা (ফটো ৮, ৯)৷ কুইজ মাষ্টাৰ সুপ্ৰিয় ৰয় আৰু তেওঁৰ টীমৰ কুশলী পৰিচালনাত এই অডিঅ’-ভিজুৱেল কুইজ কণ্টেষ্টৰ প্ৰিলিমিনাৰী ৰাউণ্ডত দুজনীয়া দলীয় প্ৰতিযোগীৰ সংখ্যা আছিল ১২৷ লিখিত পৰীক্ষাৰ মাধ্যমেৰে ফাইনেল ৰাউণ্ডলৈ নিৰ্বাচন কৰা হয় ৬টা দল৷ ৭ তাৰিখে নিশা অনুষ্ঠিত প্ৰতিযোগিতাত ৭০, ৬০ আৰু ৫৫ পইণ্টেৰে বাৰ্চিলোনা এফ.চি., চেলচি আৰু বেয়াৰ্ণ মিউনিখ দলে ক্রমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে৷ এইবাৰৰ প্ৰতিযোগিতাত ফিফটি-ফিফটি আৰু এক্সপাৰ্টচ কমেণ্ট প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছিল৷ অসম-ফুটবলৰ এগৰাকী প্ৰথম শ্ৰেণীৰ ৰেফাৰী (অৱসৰপ্ৰাপ্ত) তথা গ্ৰেটাৰ ডিফু ফুটবল ফেনচৰ অন্যতম উদ্যোক্তা সুধাংশু ৰঞ্জন দে’ই এক্সপাৰ্টৰ ভূমিকা পালন কৰে৷ বিজয়ী প্ৰতিযোগী দল তিনিটাই একোখনিকৈ চাৰ্টিফিকেটৰ সৈতে ক্রমে ৫,০০০টকা, ৩,০০০টকা আৰু ২,০০০টকা প্ৰাইজমানী হিচাপে লাভ কৰিব৷ ব্ৰাজিল বিশ্বকাপৰ ফাইনেল খেলৰ পিছদিনা পুতুলদাৰ চোতালত অনুষ্ঠিত হ’বলগীয়া বহু-আকাংক্ষিত লটাৰী খেলখনৰ অন্তত পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে হাতে হাতে অৰ্পণ কৰা হ’ব৷
সমাপ্তিৰ দিশে ধাৱমান হৈছে ব্ৰাজিল বিশ্বকাপ৷ মনটো কিবা উৰুঙা উৰুঙা লাগিবলৈ আৰম্ভ কৰিছেই দেখোন!!!
No comments:
Post a Comment