চৌত্ৰিশ বছৰৰ মূৰত...
জীৱন যেন ঘূৰাই পালোঁ
মনে মনে হিচাপ কৰামতেই দিনৰ প্ৰায় চাৰে দহ বজাত
বাইদেউহঁতৰ গাড়ীখন আহি আমাৰ ঘৰৰ সন্মুখত ৰ’লহি৷ বগা ৰঙৰ দীঘলীয়া ইনোভাখন দেখিয়েই মই একপ্ৰকাৰ দৌৰি
অহাদি বাহিৰলৈ ওলাই আহিলোঁ৷ মাজৰ চিটটোত মাজনী বাইদেউ আৰু মুনৰ মাজত বহি নগাঁৱৰ পৰা
আজি ‘মহন্তনী বৰমা’ আহিছে, আমাৰ ঘৰলৈ৷ সুদীৰ্ঘ চৌত্ৰিশ
বছৰৰ মূৰত এই দেখা-সাক্ষাৎ! এলাপেচা কথা নহয়৷
সকলোকে হাঁহিৰে সম্ভাষণ জনাই বৰমাক ধৰি ধৰি ষ্টেপকেইটা
নমাই পথৰ পৰা তলত অৱস্থিত আমাৰ ঘৰৰ ভিতৰলৈ নিলোঁ৷ তেওঁলোকৰ আগমনক লৈ ঘৰখনত খদমদম এটা
পুৱাৰে পৰাই লাগি আছিল৷ চঞ্চল পৰিৱেশটো এতিয়া যেন চূড়ান্তভাৱে প্ৰাণৱন্ত হৈ উঠিল!
চ’ৰাঘৰত আসন গ্ৰহণ কৰাৰ পিছতে বৰমাক সুধিলোঁ... ‘আপুনি বাৰু কিমান বছৰৰ পিছত ডিফুলৈ
আহিছে, কওকচোন বৰমা?’
অলপ ভাবি বৰমাই উত্তৰ দিলে... ‘মাজনী বায়েৰাৰ বিয়াৰ সময়তে ডিফু
এৰিছিলোঁ৷ হিচাপটো কৰি লোৱা এতিয়া৷’
‘৩৪বছৰ! ইমান দিনৰ মূৰত ঘটা আপোনাৰ এই পদাৰ্পণৰ
আনন্দত প্ৰথমে আপোনাক...’ এই বুলি মই ভিতৰৰ পৰা এপাকত
আনি লোৱা ফুলাম গামোচাখনেৰে বৰমাক আদৰিলোঁ৷ তাৰ পিছতে সেৱা এটা কৰিলোঁ৷
‘তুতুমণিক পোৱাৰ নিচিনা লাগি গৈছে অ’...’ বুলি বৰমা আৱেগিক হৈ উঠিল৷ মাত
থোকাথুকি হ’ল, চকুপানী নিগৰিল৷ এহাতে লৈ
থকা ৰুমালখন চকুৰ কোণ পালেগৈ৷ উপস্থিত সকলোবোৰেই গহীন হৈ পৰিলত পৰিৱেশটোৱেও ক্ষন্তেকলৈ
কিবা নিমাওমাও ৰূপ ল’লে৷ বৰমাৰ মনটোক সহজ কৰিবৰ বাবে
একেবাৰে কাষতে বহি লৈ মই অইন কথাৰ অৱতাৰণা কৰিব ধৰিলোঁ৷ ইফালে চিনাকি অতিথিক কেন্দ্ৰ
কৰি আমাৰ ড্ৰয়িং ৰুমটো কণমানি ঋতুৰ পৰা বয়সস্থ দেউতালৈকে পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত
এখন চকীও খালী নথকাকৈ ভৰি পৰিল৷
তুতুমণি মোৰ লগৰ আছিল৷ চাওঁতে চাওঁতে সি ঢুকুৱা
৮বছৰেই হ’লহি৷ বৰদেউতায়ো ৫বছৰৰ পূৰ্বে
ইহ-সংসাৰ এৰি গ’ল৷ ইফালে ভিনদেউৰ পৰলোকপ্ৰাপ্তি
আন দুজনতকৈ বহু আগতেই ঘটিছে৷ ইমানকেইটা ধুমুহা মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা বৰমাৰ বয়সৰ
হেঁচাত স্বাস্থ্যজনিত ইটো-সিটো কিবাকিবি লেঠা মাজে-মধ্যে ওলাই থাকে যদিও আমাৰ দৃষ্টিত
মানুহগৰাকীক কিন্তু যথেষ্ট ধুনীয়া আৰু নিপোটল দেখিলোঁ৷ তাৰ মানে বুজিলোঁ, জীয়েক-বোৱাৰীয়েকহঁতে
ঠিকেই যতন লয় তেখেতৰ৷
ডিফুৰ গড়কাপ্তানি ক’লনিত লগালগিকৈ থকা দুটা চৰকাৰী
কোৱাৰ্টাৰত একেটা পৰিয়ালৰ বান্ধোনেৰে আমি সুদীৰ্ঘ দিন ধৰি বাস কৰিছিলোঁ৷ মাজনী বাইদেউ,
বাবাদা, তুতু, মুন; সপোন, দীপ, মমী; ৰাজু, দিজু, অমল, মামু; ভাইটি, হনু, ইমেনটি; পিংকু,
টিংকু, ৰাজদা... প্ৰতিৱেশী ল’ৰা-ছোৱালীবোৰৰ মাজতযে কিমান আন্তৰিকতা, কিমান মিতিৰালি আছিল! মিঠা
অতীতৰ সমজুৱা ৰোমন্থনে ইমান গভীৰভাৱে প্ৰত্যেকৰে হৃদয়ক শিপাই ধৰিলে যে সভাখন ভংগ কৰাই
টান হৈ পৰিল৷
জন্মৰ সময়ৰে পৰাই আমাৰ মাৰ সমানে সমানে বৰমাই আমাক
লোৱা আদৰ-যত্ন, আমাৰ উপজা ক্ষণৰ স্মৃতিচাৰণ, অনেক বিপদ-আপদৰ সাৰথি বৰদেউতাৰ কথা, বৰমাৰ
ৰন্ধন পটুতা, চকুৱাৰ ওপৰেৰে আমাৰফালে পাৰ কৰি দিয়া খাৰ বা টেঙা আঞ্জাৰ বাটিটো, অসুখ
হোৱাৰ বাবে মই স্কুললৈ যাব নোৱাৰাত সহপাঠী তুতুৱেও যাবলৈ অনিচ্ছুকতা প্ৰকাশ কৰা আৰু
তাৰ ফলস্বৰূপে তাক বৰদেউতাই শোধোৱা উত্তম-মাধ্যম, ২৬জানুৱাৰী বা ১৫আগষ্টত এঘৰৰ পিছত
আনঘৰত গৈ জন-গণ-মন গাই পতাকা উত্তোলন কৰা, আমাক পঢ়ুৱাবৰ বাবে বৰ্মন ছাৰক ঘৰলৈ আনিবলৈ
ৰাস্তাৰ দাঁতিৰ গছৰ আঁৰত চোপ লৈ থকা, আম চুৰ কৰিবলৈ গৈ বাকীবোৰে মোক গছৰ ওপৰত উঠোৱা;
আমাৰ দিনৰ ফুটবল-ক্রিকেট, মাৰ্বল-চেভেন স্তপ, নাচ-গান, নাটক-ভাওনা, থিয়েটাৰ-চিনেমা,
পিকনিক, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা... আৰু কতযে কি!
জীৱনটোক যেন ঘূৰাইহে পাইছোঁ, তেনে অনুভৱ হ’ল, সিদিনা (২৩.৭.২০১৪) বৰমাৰ
আগমনত৷ অতীতৰ জলঙাৰে নিজকে আকৌ এবাৰ দেখা পোৱা এনেকুৱা মুহূৰ্ত সকলোজনলৈকে আহক,
তাকে কামনা কৰিছোঁ৷
No comments:
Post a Comment