Thursday, 3 July 2014

নেইমাৰৰ কথাৰে…

ব্ৰাজিল আৰু চিলিৰ মাজত যোৱা ২৮ জুন তাৰিখে Belo Horizonteৰ Estadio Mineiraoত অনুষ্ঠিত ৰাউণ্ড অৱ চিক্সটিনৰ প্ৰথম খেলখন চোৱা দর্শকসকল নিশ্চয় একমত হ’ব যে সিদিনা পেনাল্টি শ্বুট আউটত নেইমাৰৰ শ্বটটো কাৰ্যকৰী হোৱাৰ বাবেহে ব্ৰাজিল জিকিল৷ তাৰ লগতে এইটোও নিশ্চয়কৈ যোগ দিব লাগিব যে ব্ৰাজিলৰ গ’লৰক্ষক চিজাৰে চিলিৰ অন্তিম শ্বটটো সফলতাৰে প্ৰতিহত কৰাত সেই জয়লাভ সাব্যস্ত হ’ল৷ ভাগ্য সিদিনা আছিল ব্ৰাজিলৰ অনুকূলে৷ অন্যথা সমগ্ৰ দৃশ্যপট বেলেগ ধৰণৰে হ’লহেঁতেন৷

সেয়া যি নহওক, খেলৰ অন্তত নেইমাৰক সোধা হৈছিল... এনে এটা নাটকীয় মুহূৰ্তত পেনাল্টি শ্বটটোৰ সৈতে নিজকে কেনেদৰে খাপ খুৱাইছিল তেওঁ, ভয় লাগিছিলনে তেওঁৰ, খেলখনত তেওঁৰ ওপৰত বা ব্ৰাজিল দলটোৰ ওপৰত চাপ আছিল নেকি... ইত্যাদি ইত্যাদি প্ৰশ্ন৷

নেইমাৰে ক’লে... ‘উক্ত মুহূৰ্তটোত মই শান্তভাৱে আছিলোঁ৷ ভয় খোৱা নাছিলোঁ৷ কাৰণ ভয়ে জয়ৰ হেঁপাহক মষিমূৰ কৰে৷ আমি এটা শক্তিশালী দল লৈ বিশ্বকাপত অৱতীৰ্ণ হৈছোঁ৷ কোৱাৰ্টাৰ ফাইনেলত পদাৰ্পণ কৰিবৰ বাবে জয়লাভ কৰাটোহে প্ৰয়োজনীয় কথা৷ ... যেতিয়া আপুনি আপোনাৰ স্বপ্নৰ সৈতে বাস কৰে তেতিয়া চাপৰ কথা নাহে৷ মই সৰুৰে পৰা কৰিব বিচৰাভাৱেই মোৰ কাম কৰিছোঁ৷ আজি মোৰ স্বপ্ন বাস্তৱ হৈছে৷ মই ইচ্ছা কৰা ধৰণে খেলবোৰ খেলিব পাৰিছোঁ৷ ... ব্ৰাজিলৰ জাৰ্চি পৰিধান কৰিবলৈ পোৱাটো মোৰ বাবে সন্মানৰ কথা৷ তাকো আকৌ বিশ্বকাপত৷ সেয়াও আকৌ স্বদেশত আয়োজিত বিশ্বকাপত৷ মই জানো, ব্ৰাজিলিয়ানসকলে এই প্ৰতিযোগিতাত শীৰ্ষস্থানত থাকিব বিচাৰে৷ তাৰ বাবে মই নিজৰ সকলোখিনি উজাৰি দিব লাগিব৷ ... মই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হ’ব নিবিচাৰোঁ৷ মই সৰ্বোচ্চ গ’লদাতাও হ’ব নিবিচাৰোঁ৷ মই বিচাৰোঁ, ব্ৰাজিল বিশ্ববিজয়ী হোৱাটোহে৷ এইটোকেহে মই সদায় মোৰ সপোন হিচাপে লৈ আহিছোঁ৷ কেনেকৈ হয় নাজানো, মই বিচাৰোঁ ব্ৰাজিলে ৱৰ্ল্ডকাপ চেম্পিয়নৰ খিতাপ লাভ কৰক৷ মই ফুটবল খেলিব বিচাৰোঁ আৰু মোৰ দলীয় সতীৰ্থসকলক সহায় কৰি যাব খোজোঁ৷ গ’ল স্ক’ৰ কৰাই নহয়, ব্ৰাজিল দলক বিজয়ী কৰোৱাত সম্ভৱপৰ সকলো দিশতে মই সহযোগিতা আগ বঢ়াব বিচাৰোঁ৷'



No comments:

Post a Comment