এইযে...
কেইবাটাও কণ্ঠ মিলি একে সময়তে শব্দটো ওলাই আহে... 'এইযে...'৷ পিছে পিছে প্ৰাণখোলা হাঁহি, কিৰীলি, হাত চাপৰি৷ এনেকৈয়ে বিশ্বকাপ ফুটবলৰ উত্তেজনাৰ মাজে মাজে হৃদয়নিসৃত অন্য এক ধৰণৰ আনন্দোল্লাস প্ৰকাশ হৈ আহিছে এই কেইদিন, 'ব্ৰাজিল ১৪' প্ৰাংগণত৷
ব্ৰাজিল বিশ্বকাপৰ চিধা প্ৰচাৰণ নিৰন্তৰ চলি আছে৷ পোনপটীয়া সম্প্ৰচাৰৰ প্ৰধান লক্ষ্যই হৈছে ব্ৰাজুকাৰ পিছে পিছে সকলো সময়তে ধাৱমান দুয়ো দলৰ খেলুৱৈসকল৷ তদুপৰি ৰেফাৰী, লাইনচ-মেন, অফিচিয়েল, কোচ আদিও৷ কিক-অফ, থ্ৰ’-ইন, ফাউল, ফ্ৰি কিক, কৰ্ণাৰ, গ’ল কিক, হালধীয়া কাৰ্ড, ৰঙা কাৰ্ড, প্লেয়াৰ চেঞ্জিং, হাফ টাইম, এক্সট্ৰা টাইম, পেনাল্টি, গ’ল ইত্যাদি ভিন্ন ভিন্ন পৰিস্থিতিৰ সঘন সমাৱেশ৷ ভেনিশ্বিং স্প্ৰে’, গ’ল লাইন টেকন’লজী, কুলিং ব্ৰেক এইবাৰৰ নতুন সংযোজন৷
টিভিৰ স্ক্ৰীণত মুহূৰ্তবোৰৰ অনৰ্গল অহা-যোৱা৷ কাৰোবাৰ জয়লাভৰ আনন্দ প্ৰকাশ, কাৰোবাৰ আকৌ পৰাজয়ৰ বেদনা৷ সুযোগ বুজি খেলপথাৰৰ বিভিন্ন কোণত প্ৰতিষ্ঠিত সন্ধানী কেমেৰাই লৈ আহিছে গেলাৰীত উপস্থিত সহস্ৰ দৰ্শকৰ ক্রিয়া-প্ৰতিক্রিয়া৷ বিশেষকৈ, ধুনীয়া ধুনীয়া ছোৱালীবোৰ৷ সিহঁতৰ মুখমণ্ডল ভাহি উঠিছে এল.ই.ডি. টিভিটোৰ স্ক্ৰীণত৷ আৰু ঠিক তেনে সময়তে চোতালত উপস্থিত যুৱ-দৰ্শকৰ সমৱেত কণ্ঠেৰে বাগৰি আহিছে উল্লাসভৰা এই বিশেষ মাত্ৰাৰ আৱাজ... 'এইযে...'
স্বজাতীয় ফুটবল দলৰ সৈতে খাপ খোৱা যুৱতীসকলৰ বেশভূষা, দেহৰ সৌন্দৰ্য-সুষমা, হাঁহিৰ কমনীয়তা, চিন্তাক্লিষ্ট চাৱনি বা আনন্দ কিম্বা বেদনাৰ প্ৰকাশে স্বাভাৱিকতে আকৰ্ষণ কৰিছে পুতুলদাৰ চোতালত উপস্থিত ডেকা ফুটবলপ্ৰেমীক৷ চকুৰ আগত মাত্ৰ কেই চেকেণ্ডমান স্থিৰ হৈ থাকিয়ে পিছ মুহূৰ্ততে অন্তৰ্ধান হৈছে দৃশ্যটো৷ চাই হেঁপাহ নপলোৱাত অসন্তুষ্টিসূচক ভাব প্ৰকাশেৰে বিদায় জনাব লগা হৈছে৷ ধৈৰ্য সহকাৰে অপেক্ষা কৰি থাকিবলগীয়া হৈছে পৰৱৰ্তী স্নেপটো সন্মুখলৈ অহালৈ৷ ইফালে স্ক্ৰীণত তেনে দৃশ্য দেখা দিয়া মাত্ৰকে সদাউদ্যত পুতুলদাৰ হাতৰ ডিজিটেল কেমেৰাটোৱে ফটকৰে ধৰি পেলোৱাৰ চেষ্টা চলাই গৈছে৷ পিছত তাকে চাই ডেকাসৱে নয়ন সাৰ্থক কৰিছে, মন জুৰ পেলাইছে৷
এক কথাত ক’বলৈ গ’লে সৌন্দৰ্যৰ পোহাৰ মেলি দিছে ব্ৰাজিল বিশ্বকাপে৷ ফুটবলৰ জৰিয়তে আগমন ঘটা বিৰল সৌন্দৰ্য-সুধা ক্রীড়াপ্ৰেমীলৈ অকপটে বিলাই থকা হৈছে ‘ব্ৰাজিল ১৪’ৰ হাই ডেফিনেচন ব্যৱস্থাপনাৰ জৰিয়তে৷ আৰু তাক পান কৰিবলৈ সময়ৰ লগে লগে ডেকাসকলে এনেকৈয়ে সকলোকে সকীয়াই দি আহিছে... 'এইযে...'
No comments:
Post a Comment