Friday, 4 July 2014

পাগল এজনেই নহয়, পাগল আৰু আছে ইয়াত...(গল্প নহয়, সত্য)

মাহীয়েকৰ ল’ৰাটো সিদিনা আহিছিল নেদাৰলেণ্ডছ-মেক্সিকোৰ খেলখন চাবলৈ, জাৰ্মানী-পাগল পুতুলদাৰ চোতালত৷ খেল চোৱাৰ পিছত ঘূৰি গৈ ঘৰত কৈছেগৈ... ‘তাত মানুহবোৰে বৰ আচৰিত ধৰণে ফুটবল খেল উপভোগ কৰে দেই৷ সঁচাই সিহঁতি ৱৰ্ল্ডকাপ এনজয় কৰে৷ একেবাৰে ফিল্ডত থকাৰ দৰেই পৰিৱেশটো৷ উত্তেজনাত মানুহবোৰে টিভিটোলৈ খেদি খেদি যায়৷ যেন টিভিটোত সোমাইহে পৰিবগৈ! চব ফুটবল পাগল৷’

বহুদিনৰ মূৰত মাহীয়েকজনী ফুৰিবলৈ আহিছিল ডিফুত থকা বায়েকৰ ঘৰলৈ৷ পুৱা নিজগৃহলৈ ঘূৰি যাবগৈ৷ গতিকে খেলা চাবলৈ ওলাই আহোঁতেই খেল-পাগল ভাগিনে মাহীয়েকক মাত লগাই আহিছে, এইবুলি... ‘মাহী, মই খেলা চাবলৈ যাওঁ৷ পুৱা তোক আৰু লগ নাপাম৷ গতিকে এতিয়াই মাত লগালোঁ৷ বেয়া-চেয়া নাপাবি৷’ভাগিনৰ কথা শুনি মাহীয়েক আচৰিত৷ সুধিছে... ‘কিনো তোৰ ইমান ডাঙৰ খেলা অ’ এইখন?’‘আৰে মাহী, তই বুজি নাপাবি দে৷ এয়া গাড়ীৰ টিকট দুটা ৰাখ৷ ৰাতিপুৱা বুবুৱে তহঁতক ষ্টেচনত থৈ আহিব৷ চিন্তা কৰিব নালাগে৷ মোৰ কিমান দেৰী হয় ঠিক নাই৷ যাবিগৈ দেই৷ পিছত ফোনত খবৰ-খাতি ল’ম৷’

‘২০২২ত কাটাৰত ৱৰ্ল্ডকাপ চাবলৈ যাম, ওলাবি৷ চিজন টিকট লৈ ল’ম৷ আগতীয়াকৈ চব বন্দোবস্ত কৰি যিমান পাৰোঁ সিমান খেল চাম৷ এইবাৰেই চাঞ্চ এটা আহিছিল৷ ইমানটো (হাতৰ আঙুলিৰে হিচাপটো দেখুৱালে) থৈও দিছিলোঁ৷ পিছে ইণ্টাৰনেট নজনাৰ বাবে মিচ কৰিলোঁ৷ নহ’লে আজিৰ তাৰিখত মই ব্ৰাজিলত থাকিলোঁহেঁতেন৷ বাৰু কচোন তই, আঠ বছৰত বাৰু মই বুঢ়া হৈ যাম নেকি অ’? এহ, নহওঁদে, পাৰিম৷ ৱৰ্ল্ডকাপৰ খেলেই যদি এখনো চোৱা নহ’ল, জীৱনটোত কিডালনো কৰিলোঁ?’ ...ফুটবল প্ৰাণভৰি ভাল পোৱা এজনৰ ডাইলগ এয়া৷অতিৰিক্ত সময়ৰ দ্বিতীয় অৰ্ধত চিলিয়ানে অতৰ্কিতে ব্ৰাজিলৰ গ’ললৈ লোৱা শ্বটটো গ’লবাৰৰ আৰু এক ইঞ্চিমান তলেৰে গতি কৰা হ’লে খেলেই খতম হ’লহেঁতেন ব্ৰাজিলৰ৷ বলটোৱে নেটত আশ্ৰয় লোৱা মাত্ৰেই বহুতে নিশ্চিতভাৱে হাৰ্টফেইল কৰিলেহেঁতেন৷ তেনেকুৱা কট্টৰ ব্ৰাজিল চাপ’ৰ্টাৰ এজন ইয়াতো আছে৷ পকামূৰীয়া মানুহজনক লৈ সৰৱ হৈ উঠিছে ব্ৰাজিল ১৪৷ ভাগ্যক্রমে সিদিনা সেই গ’লটো নোহোৱাত ব্ৰাজিলপ্ৰেমীগৰাকীয়ে হেনো ‘নতুন জীৱন’ লাভ কৰিলে৷ গতিকে উক্ত মুহূৰ্তৰ পৰা তেওঁৰ বয়সৰ গণনা নতুনকৈ আৰম্ভ কৰা হৈছে৷ কথাটো পোহৰলৈ আনিছে স্বয়ং তেওঁৰে খেলপ্ৰেমী পুত্ৰই৷

মানুহজনৰ খঙে চুলিৰ আগ পায়গৈ৷ নিজৰ সমৰ্থিত দলটোত এজন আগশাৰীৰ খেলুৱৈ আছে৷ পিছে তেওঁ বল পালেই উপস্থিত ক্রীড়ামোদীয়ে খেলুৱৈজনক উৎসাহিত কৰাৰ পৰিৱৰ্তে বলটো নেমাৰিবলৈহে আটাহ পাৰে... ‘নেমাৰ নেমাৰ’ কৈ৷ এনেকুৱা নিগেটিভ কথাত কাণ-মূৰ ততালিকে ৰঙা হৈ যায় মানুহজনৰ৷ খঙৰ ভমকত তেওঁ কৈ পেলায়… ‘ইমান হিংসানে এই মানুহবোৰৰ?’কথাবোৰ এতিয়া আৰু গোপন হৈ থকা নাই৷ মানে, পাগল এজনেই নহয়, পাগল আৰু আছে ইয়াত৷ চব ফুটবল পাগল৷

দিনবোৰ এনেকৈয়ে আগুৱাই আছে৷ বাকী ৰৈছেগৈ আৰু মাত্ৰ ৮খনহে খেল!





No comments:

Post a Comment