ঈদ-যাত্ৰা
লামডিঙৰ পৰা তিনিচুকীয়ালৈ চলা উজনিমুৱা পেছেঞ্জাৰখন
এতিয়াও আছে, তেতিয়াও আছিল৷ আকাৰ মাথো সলনি হৈছে৷ আমি তেতিয়া এল.পি. স্কুলত পঢ়োঁ৷ সেইখনতে
পুৱা ডিফু ষ্টেছনত আমি উঠোঁ৷ উঠোঁ মানে আমাক দাঙি উঠাই দিয়া হৈছিল, খিৰিকীৰে৷ সেই কালত
ৰে’লৰ খিৰিকীত লোৰ ৰড আজিকালিৰ দৰে
নাছিল৷ মুকলি খিৰিকী, কিবা এটা ভাল লাগে, আমাৰ মনবোৰৰ লগত যেন মিলে৷ তেনেকৈয়ে আমি যাত্ৰা
কৰোঁ, শিমলুগুৰিলৈ৷ ঈদৰ এদিন বা দুদিনৰ আগেয়ে কৰা আমাৰ সেই 'ঈদ-যাত্ৰা' খুব ৰোমাঞ্চভৰা
আছিল৷
মিটাৰগজ ৰে’লগাড়ী, কয়লা ইঞ্জিন৷ ঝক ঝক ঝক কৰি দীঘলীয়া উকি
মাৰি ৰে’লখন চলি গৈ থাকে৷ জগবন্ধু ফটাছাতি...
সাংগীতিক লয়ত আমিও গৈ থাকোঁ তাল মিলায়, হালি-জালি৷ হাবি-জংঘল, পথাৰ-বাঁহনি, কেতিয়াবা
টাউনৰ মাজেৰেও চলে আমাৰ ৰে’ল৷ প্ৰতিটো ষ্টেছনতে ৰয়৷ মানুহ
উঠে, মানুহ নামে৷ নিৰ্ধাৰিত কোনো কোনো ষ্টেছনত ইঞ্জিনে কয়লা লয়, পানী লয়৷ সেইবোৰত বেছি
সময় ধৰি ৰয়৷ সময় হ’লে আকৌ এৰে৷ মাহঁতে লগত নিয়া
কিবাকিবি খোৱাবস্তু; বাটত পোৱা চানা-বাদাম, শুকান-কেঁচা বুট গলিয়াই আমি গৈ থাকোঁ গন্তব্যস্থল
দেউতাৰ ঘৰলৈ, ঈদ পালন কৰিবলৈ৷
খিৰিকীৰ কাষত বহিবলৈ টনা-আজোঁৰাখন ভাই-ভনীকেইটাৰ
মাজত সেই প্ৰথম উঠোঁতেই লাগে৷ পোৱাটোৰ আনন্দ, নোপোৱাটোৰ দুখ৷ দাঁতিত বহি টাৰ্নিঙত ডিঙি
উলিয়াবলৈ বৰ ভাল লাগে৷ ইফালে হাত-মূৰ কেনেবাকৈ বাহিৰ হোৱা চকুত পৰিলেই ডাঙৰৰ গালি খাবলগীয়া
হয়৷ কেতিয়াবা টোপনিয়ে হেঁচা মাৰি ধৰে৷ তেতিয়া কাঠৰ বেঞ্চতে শুৱাই দিয়ে, বা ওপৰৰ বাংকাৰত
তুলি দিয়ে৷ অন্যথা ইপিনে-সিপিনে চাই চায়েই গৈ থাকোঁ৷ ট্ৰেইনৰ ওপৰত উঠি যোৱা মানুহবোৰ
কৌতূহলেৰে লক্ষ্য কৰোঁ৷ চলন্ত অৱস্থাতে ডবাৰ ওপৰত দৌৰি দৌৰি ইফালৰ পৰা সিফাললৈ গতি
কৰা মানুহবোৰকো দেখি আচৰিত লাগে৷ চানাৱালাবোৰে বাদুলি ওলোমাদি ইটো ডবাৰ পৰা সিটো ডবালৈ
যোৱাটো নিৰীক্ষণ কৰি বিচূৰ্তি খাওঁ৷
সৰু-ডাঙৰ নৈবোৰৰ ওপৰেৰে পাৰ হওঁ৷ ধনশিৰি, দৈয়াং,
জাঁজী, ভোগদৈ, দিখৌ আদি ডাঙৰ নদীবোৰ পালে ভয়েই লাগে৷ খিৰিকীৰ কাষৰ পৰা মাজলৈ গুচি আহোঁ৷
ইঞ্জিনৰ পৰা উৰি অহা কয়লাৰ টুকুৰা ক’ব নোৱাৰাকৈয়ে খপকৈ চকুত সোমায়৷ বৰ অশান্তিখন লাগে৷ তেতিয়াও
খিৰিকী এৰি মাৰ ওচৰ চাপো৷ হাতত লৈ থকা ৰুমালখনৰ একোণেৰে মায়ে টুকুৰাটো উলিয়াই দিয়ে৷
তাৰ পিছত বহু সময়লৈ খিৰিকীৰ কাষলৈ আৰু নাযাওঁ৷ ইঞ্জিনৰ পৰা নিৰ্গত কয়লা আৰু ধোঁৱাই
পিন্ধি থকা কাপোৰসাজ মলিয়ন কৰি পেলায়৷ চুলিৰ ভিতৰতো কয়লাৰ টুকুৰাবোৰ সোমায়৷
এসময়ত আমি উপস্থিত হওঁগৈ শিমলুগুৰি জংছনত৷ প্লেটফৰ্মত ৰৈ মুখৰ আগেদি পাৰ হৈ যোৱা ডবাবোৰলৈ চাই চাই ডাঙৰজন দদাইদেৱে অপেক্ষা কৰি থাকে৷ চকুত পৰিলেই ‘অ’...’ বুলি চিঞৰ মাৰি দিওঁ৷ দদাইদেউ একেদৌৰে আহি কাষ পায়৷ বয়বস্তুৰে সৈতে আমাকো ধৰাধৰিকৈ এটা এটাকৈ তলত নমায়৷ দেউতাই ষ্টেছনৰ বাহিৰৰ পৰা চিনাকি টেক্সি এখন ভাড়া কৰে৷ নজমলৰ এম্বেচাডৰ টেক্সিত গোটেইকেইটা উঠোঁ৷ শিলগুটি ওলোৱা ধোদৰ আলিৰ ওপৰেৰে ঘটংমটংকৈ পোন্ধৰ কি বিশ মিনিটৰ পিছত শিলাসাঁকো পাওঁগৈ৷ তেতিয়ালৈ আন্ধাৰ হয়৷ ককা, আইতা, দদাই, পেহী, চিন-অচিন আত্মীয়-স্বজনবোৰক দেখা পাওঁ৷ ঈদ কৰিবলৈ ডিফুৰ পৰা যোৱা আমালৈ তেওঁলোক ৰৈ থাকে স্নেহবন্ধনেৰে আকুল হৈ৷ ওচৰ পালেই সাবটি ধৰে, চুমা খায়, সৰুক একোলা লয়, প্ৰত্যেককে ভাল-বেয়া সোধে, আৰু ঢেৰ কিবাকিবি কয়৷ উৎসৱৰ উখল-মাখল আৰু আনন্দৰ ঢল ঘৰখনলৈ তেতিয়াহে যেন আচলকৈ বয়!
No comments:
Post a Comment