পুতুলদাৰ চোতালত আজি অনুষ্ঠিত হ’ব ব্ৰাজিল বিশ্বকাপৰ শেষৰখন খেল...
দেওবাৰৰ নিশা জাৰ্মানীয়ে আৰ্জেণ্টিনাক হৰুৱাই বিশ্বকাপ
হস্তগত কৰিলে৷ তাৰ লগে লগে পৃথিৱীৰ চুকে-কোণে থকা কোটি কোটি ফুটবলপ্ৰেমীক এমাহজুৰি
মন্ত্ৰমুগ্ধ কৰি ৰখা ‘বিশ্বকাপ জ্বৰ’এ শাম কাটিলে৷ সেয়ে হ’লেও পুতুলদাৰ চোতালৰ আয়োজন অন্ত
পৰা নাই৷ শেষ খেলখন আজিহে অনুষ্ঠিত হ’ব৷ ‘স্কটছ অভিযান’এ হিচাপতকৈ বেছি সময় কাঢ়ি নিয়াৰ ফলত বহুআকাংক্ষিত এই খেলখনৰ দিন ঠিৰাং
কৰা হৈছে আজি৷ সেয়াও খৰতকীয়াভাৱে সিদ্ধান্ত এটা লৈ৷ এটা সংগঠনে আহ্বান জনোৱা কাৰবি
আংলং বন্ধ প্ৰত্যাহাৰ কৰাত খেলখন আজিয়ে পতা হ’ব৷
নিজ দলৰ জয়লাভ আৰু প্ৰতিজ্ঞা পূৰণৰ আনন্দৰে সিক্ত
হৈ পুতুলদা এতিয়া ব্যস্ত আছে আগন্তুক গুৰুত্বপূৰ্ণ খেলখনৰ নিখুঁত ব্যৱস্থাপনাত৷ নিজৰ
দীৰ্ঘদিনীয়া অভিজ্ঞতাপুষ্ট পৰিচালনা আৰু বিশিষ্টজনৰ মধ্যস্থতাত এটাও ফাউল নোহোৱাকৈ
হ’ব এইখন খেল৷ তাত বিন্দুমাত্ৰও
সন্দেহ নাই৷
এশখন কুপন, পঞ্চাশটা পুৰস্কাৰ৷ তাকে লৈ পূৰ্বৰ
দৰেই পুতুলদাৰ এইবাৰৰ উপহাৰ কুপন খেলা৷ কোন হ’ব এই পঞ্চাশজন ভাগ্যৱান? আজি সন্ধিয়াটো আমি তাৰেই সন্ধানত
ৰত হ’ম৷
এই বিশেষ খেলখনৰ পৰিসমাপ্তিয়ে স্বাভাৱিকতে আৱেগিক
কৰি তুলিব পুতুলদা আৰু গ্ৰেচী বৌক৷ কাৰণ বিগত এমাহে ভৰাই ৰখা তেওঁলোকৰ চোতালখন আজিৰ
খেলখনে উকা কৰি পেলাব৷ পূৰ্ব-প্ৰতিশ্ৰুতিমতেই সকলোখিনি গতাই দিয়া হ’ব আচল গৰাকীসকলক৷ অৱশ্যে আন কেইবাৰৰ
দৰে এইবাৰ হাত নিশ্চয় শূন্য নহ’ব৷ বিছ বছৰে সাঁচি-সামৰি থোৱা খালী বাকচটোৰ কাষলৈ ঘূৰি অহা বটলটোৱে
তেওঁলোকক আন আন বিশ্বকাপৰ দৰে শূন্য অনুভৱ কৰিবলৈ নিশ্চয়কৈ নিদিব৷ জাৰ্মানীয়ে লাভ কৰা
বিশ্বকাপটোৰ দৰেই পুতুলদাৰ এই প্ৰাপ্তিক সন্ধিয়া এনে ধৰণে এক স্থানত মৰ্যাদা সহকাৰে
প্ৰতিষ্ঠা কৰা হ’ব, যেন আজি শেষবাৰৰ বাবে ব্ৰাজিল
১৪ত ভৰি দিয়া প্ৰতিগৰাকী লোকেই, প্ৰতিগৰাকী অনুৰাগীয়েই ওচৰৰ পৰা দৰ্শন কৰিব পাৰে ইমানদিনে
মাটিৰ তলত লুকাই থকা ‘পুতুলদাৰ হেঁপাহ’৷ খালী বাকচটো আৰু ভৰ্তি বটলটোক
আইনাৰ মেৰপেচত সুমুৱাই ইতিমধ্যে প্ৰদৰ্শনৰ বাবে সাজু কৰা হৈছে৷
বিশ্বকাপ কুইজ প্ৰতিযোগিতাৰ চাৰ্টিফিকেট আৰু প্ৰাইজমানীও
আজিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বিজয়ীসকলক৷
বিশেষ সন্ধিয়াটোলৈ সকলোৱে এতিয়া উৎকণ্ঠাৰে বাট
চাইছে৷ আজিৰ এই পৰিসমাপ্তিত নিঃসন্দেহে অশ্ৰুসিক্ত নয়নেৰে আমি চিঞৰিম... বিদায় ব্ৰাজিল
২০১৪৷ ৰাছিয়া ২০১৮ত এই চোতালত গ্ৰেটাৰ ডিফু ফুটবল ফেনচ আকৌ লগ হ’ম৷ ঈশ্বৰে সকলোকে কুশলে ৰাখে
যেন৷
ফুটবলে কঢ়িয়াই অনা ইউনিটি, ইণ্টিগ্ৰিটি আৰু ফ্ৰেটাৰনিটিৰ
প্ৰকাশেৰে আমি আলিংগন কৰিম পুতুলদা প্ৰমুখ্যে ইজনে সিজনক৷ সেই মুহূৰ্তটো কাষ চাপি আহি
আছে৷
No comments:
Post a Comment