Monday 18 July 2016

আকৌ হেৰাই যোৱাৰ সুযোগ ললোঁ

প্ৰকৃতিৰ এটা মাত্ৰ স্পৰ্শই সমগ্ৰ বিশ্বক নিকটাত্মীয় কৰি তোলে৷ শ্বেইক্সপীয়েৰ



আমাৰ চুবুৰীয়া প্ৰদেশ নাগালেণ্ডৰ খনমা আংগামী নগা গাঁও পৰিভ্ৰমণ কৰা আৰু নাগালেণ্ড-মণিপুৰ ৰাজ্যিক সীমান্তৰ ঝুকৌ ভেলীলৈ ভিছৱেমাৰে উঠি ঝাখামাৰে নামি কৰা ছামাৰ হিল ট্ৰেকিং এক্সপিডিশ্বন আছিল আমাৰ পৰ্যটক দলটোৰ শেহতীয়া পৰ্যটন-কাৰ্য৷

কালি সমাপ্তি পৰা এইবাৰৰ যাত্ৰা-সূচীয়ে শ্বেইক্সপীয়েৰৰ বাক্যষাৰিৰ গভীৰতা বাৰুকৈয়ে উপলব্ধি কৰোৱালে৷

যোদ্ধাৰ গাঁও খনমা আৰু পুষ্প উপত্যকা ঝুকৌৰ বিপুল বৈভৱৰ বিষয়ে সবিস্তাৰে লিখিবলৈ দীঘলীয়া সময় নিশ্চয়কৈ লাগিব৷ সদ্যহতে দুয়োটি স্থানৰে একোখনকৈ ছবি উপস্থাপনেৰে এইটোকে কব খুজিছোঁ যে ট্ৰেকিং-কেম্পিঙৰ প্ৰতি উন্মাদ নেছাৰেলিষ্ট-এডভেঞ্চাৰিষ্টসকলে একেটা পাকতে এই দুই পৰ্বতীয়া ঠাইৰ সোৱাদ লবগৈ পাৰে, যেনেকৈ আমি লৈ আহিলোঁ৷

যাওকচোন, ৰাক্‌চেক্‌টো পিঠিত তুলি, হাতত ৱাকিং ষ্টিকডাল লৈ আপুনিও এবাৰ ভূমুকিয়াই আহক, এইকেইদিনতে৷

হেৰাই যোৱাৰ আনন্দ নিশ্চয় পাব৷