আকৌ হেৰাই যোৱাৰ সুযোগ ল’লোঁ
‘প্ৰকৃতিৰ এটা মাত্ৰ স্পৰ্শই সমগ্ৰ বিশ্বক নিকটাত্মীয়
কৰি তোলে৷’ …শ্বেইক্সপীয়েৰ
আমাৰ চুবুৰীয়া প্ৰদেশ নাগালেণ্ডৰ খনমা আংগামী নগা
গাঁও পৰিভ্ৰমণ কৰা আৰু নাগালেণ্ড-মণিপুৰ ৰাজ্যিক সীমান্তৰ ঝুকৌ ভেলীলৈ ভিছৱেমাৰে উঠি
ঝাখামাৰে নামি কৰা ছামাৰ হিল ট্ৰেকিং এক্সপিডিশ্বন আছিল আমাৰ পৰ্যটক দলটোৰ শেহতীয়া
পৰ্যটন-কাৰ্য৷
কালি সমাপ্তি পৰা এইবাৰৰ যাত্ৰা-সূচীয়ে শ্বেইক্সপীয়েৰৰ
বাক্যষাৰিৰ গভীৰতা বাৰুকৈয়ে উপলব্ধি কৰোৱালে৷
‘যোদ্ধাৰ গাঁও’ খনমা আৰু ‘পুষ্প উপত্যকা’ ঝুকৌৰ বিপুল বৈভৱৰ বিষয়ে সবিস্তাৰে লিখিবলৈ দীঘলীয়া
সময় নিশ্চয়কৈ লাগিব৷ সদ্যহতে দুয়োটি স্থানৰে একোখনকৈ ছবি উপস্থাপনেৰে এইটোকে ক’ব খুজিছোঁ যে ট্ৰেকিং-কেম্পিঙৰ
প্ৰতি উন্মাদ নেছাৰেলিষ্ট-এডভেঞ্চাৰিষ্টসকলে একেটা পাকতে এই দুই পৰ্বতীয়া ঠাইৰ সোৱাদ
ল’বগৈ পাৰে, যেনেকৈ আমি লৈ আহিলোঁ৷
যাওকচোন, ৰাক্চেক্টো পিঠিত তুলি, হাতত ৱাকিং
ষ্টিকডাল লৈ আপুনিও এবাৰ ভূমুকিয়াই আহক, এইকেইদিনতে৷
হেৰাই যোৱাৰ আনন্দ নিশ্চয় পাব৷
No comments:
Post a Comment