Monday 30 March 2020

২.৮ ৰয়িঙত নামিলোঁ


সন্মুখত ৰ'য়িং ৷ ৰ'য়িং চহৰখনৰ গঠন ১৯৫৩ চনত, অৰ্থাৎ বৰভূঁইকঁপৰ ৩ বছৰৰ পাছত আৰম্ভ হৈছিল ৷ পূৰ্বতে অঞ্চলটো আছিল ঘন অৰণ্যৰে পৰিৱেষ্টিত ৷ পৃষ্ঠভাগ অলপমান ওখ যদিও ৰ'য়িংখন সচৰাচৰ মানুহে ভবাৰ দৰে পাহাৰীয়া নহয়, প্ৰায় সমতলীয় চহৰ ৷ ইয়াৰ পৰা অদূৰত পৰ্বতৰ লানি ভালকৈয়ে দৃষ্টিগোচৰ হৈ থাকে ৷ পোনে পোনে যদি গৈ থকা যায় তেনেহলে টাউন অতিক্ৰম কৰি দেওপানী নৈ পাৰ হৈয়ে মিছিমি পাহাৰৰ আৰম্ভণি ৷ অৰুণাচল-হিমালয়ৰ পাদদেশ সেয়া ৷ মিছিমি হিল্‌ছক বিশ্বৰ Mega Bio-diversity Hotspotসমূহৰ অন্যতম বুলি গণ্য কৰা হয় ৷ আনিনিৰ বাটটো সেইফালেই ৷
ওপৰত Welcome to Roing লিখা সুদৃশ্য তোৰণখন পাৰ হৈয়ে চালকে ডিজেল ভৰাবলৈ বাছখন তেল ডিপত প্ৰৱেশ কৰোৱালে ৷ থম্‌ থম্‌কৰে বহি ভাবি আছোঁ, জিবি পক ফোন কৰোঁ নেকি ? নাই নকৰোঁ ৷ কিহতবা ব্যস্ত আছে তেওঁ ! চ তায়ুৰে নম্বৰকেইটা টিপি চালোঁ ৷ সিও মিছা ৷ ফোন নাযায় ৷ এই সংযোগহীনতাটোৰ কাৰণেই যিমানেই ওচৰ চাপিব ধৰিছোঁ সিমানেই দোধোৰ-মোধোৰ ভাব এটা সময়ে সময়ে ক্ৰিয়াশীল হৈ উঠিব ধৰে ৷ শীতল মগজুৰে মনটোক বুজাওঁ... গৈ থাকোঁচোন ৷ হোটেল পাওঁগৈ ৷ তাৰ পাছত দেখা যাব কি হয় ৷ প্ৰথমে কিন্তু কিবা এটা খাই লব লাগিব ৷ পেটৰ ভিতৰত বিদ্ৰোহ আৰম্ভ হৈ গৈছে ৷ তিনিচুকীয়াত কাহিলি পুৱাতে লালচাহৰ লগত চোবোৱা শুকান বিস্কুটখনেনো কিমান টানিব ?
অসম এৰি প্ৰায় ২০ কিলমিটাৰ অহা হল ৷ বৰ্ডাৰ ৰছ্‌ অৰ্গেনাইজেচনৰ ওখ বৰ্ডখনে কৈ দিছে যে চিধাই গলে ৰয়িং ৩, হুনলি ৯৩, আনিনি ২৩৮ কিলমিটাৰ ৷ সোঁফালে কৰনু ২০, তেজু ৬৮ ৷ পাছফালে এৰি অহা শান্তিপুৰ ১৯.৫, ছৈখোৱাঘাট ৪৫ কিলমিটাৰ ৷ বাওঁফালে ডামবুক ৩৫, পাচিঘাট ১০০ 
তেজু শব্দটো দেখা পায়ে নতুন উদ্দীপনা এটাৰ সঞ্চাৰ হল ৷ ১৯৪৬ চনত প্ৰতিষ্ঠিত, সেই সময়ৰ মষ্ট ষ্ট্ৰেটেজিক টাউন তেজুলৈ দুবাৰ গৈছোঁ ৷ এডুকেটেড কলনীত বন্ধু ধৰ্মেনৰ ঘৰ ৷ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ পূবৰ অন্তিম পূব দৰ্শনৰ পাছত আঞ্জাৱ জিলাৰ হেড-কোৱাৰ্টাৰ হাৱাইৰ পৰা পুৱাতে ওলাই ধূলি-ধূসৰিত তেজুখন চুই সোঁহাতে এৰি অহা পথটোৰেই বিয়লি পৰত পোনে পােনে ৰয়িং ওলাইছিলোঁহি ৷ দীঘলীয়া যাত্ৰা ৷ নতুন পথে সম্প্ৰতি দূৰত্ব ভালেখিনি কমালে ৷ আগতে ১১০ কিলমিটাৰ বুলি জানিছিলোঁ ৷ বহল ৰাস্তাই ভ্ৰমণ আৰামদায়ক কৰিব ৷ এতিয়া আৰু আগৰ দৰে নদীৰ বুকুত অকাই-পকাই ঘূৰি থাকিব নালাগে ৷ সিবাৰ মনত আছে, দলংবিহীন ডিগাৰুৰ বোঁৱতী ধাৰাটো চাবৱেৰে পাৰ হওঁতে পাৰতে পৰি আহিছিল অৰুণদাৰ হেণ্ডছেটটো ৷ ৫ কিলমিটাৰমান গুচিয়ে আহিলোঁ ৷ তাৰ পাছতহে তেওঁৰ উচপিচনি আৰম্ভ হল যে ফোনটো নাই ৷ কত পৰিল, কত পৰিল ? আদবাটতে গাড়ী ৰখাই বিচৰা-বিচৰি ৷ নাই, নাপাওঁ ৷ উভতি গৈ নৈখনৰ শিলাময় বক্ষত অক্ষত অৱস্থাতে পাইছিলোঁ হেৰোৱা সম্পদটি ৷ তেতিয়াহে স্বস্তি ৷
ভাবি ভাল লাগিছে যে সোঁফালৰ ৰাস্তাটোৰে ভাৰতৰ শেষ প্ৰান্তলৈকে ভ্ৰমি পাইছোঁ ৷ বাঁওফালৰটোহে আজিও অপাৰ কৌতূহলৰ বিষয়-বস্তু হৈ আছে ৷ যিমানখিনি গম লৈ থৈছোঁ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো জোনাইৰ পৰা পাচিঘাট, মেব, ডামবুক হৈ এইখিনি ওলাইছে ৷ পাচিঘাটৰ পৰা আগলৈ ৰাণাঘাটৰ চিয়াং ব্ৰীজ পৰ্যন্ত গৈছোঁ যদিও তাৰ পৰা ইয়ালৈকে এইছোৱা আজিও নেদেখাতে আছে ৷ গম পোৱামতে, মেকা-বমজিৰ হৈ ৫০ কিল'মিটাৰ আগলৈ আছে ডিবাং নদীৰ দলং ৷ মোৰ কল্পনাৰ ব্ৰহ্মপুত্ৰ পৰিক্ৰমাৰ ই এক উল্লেখযোগ্য পথ ৷ ভাবিছোঁহে ভাবিছোঁ, যোৱাটো হৈ উঠা নাই ৷ অকলশৰীয়া এই ভ্ৰমণটোলৈ ওলোৱাৰ পূৰ্বতে দৰাচলতে সেইটো ট্ৰিপহে বাছনিত উঠিছিল ৷ সংগীও ওলাইছিল, বাহনো আছিল ৷ দিনো নিৰ্ধাৰণ হৈছিল ৫ জানুৱাৰী ২০২০ ৷ পিছে কাঁ আন্দোলনে উজনিত ভয়ংকৰ ৰূপ লোৱাত গাড়ী থমকিল ৷ এতিয়া অসহায়নেত্ৰে এপলক চাইছোঁ সেইফালে ৷
সেইফালেই লৱাৰ ডিবাং ভেলী জিলাৰ ডামবুকৰ অক গাঁৱত ৪ দিনীয়াকৈ অৰেঞ্জ ফেষ্টিভেল এণ্ড এডভেন্‌চাৰ এণ্ড মিউজিক আয়োজন কৰি অহা হৈছে ২০১৪ চনৰ পৰা ৷ উৎসৱৰ আয়োজন কৰিলেও কিন্তু মই জনাত ডামবুক নহয়, অৰুণাচলৰ সুমিষ্ট আৰু মঙহাল কমলা পোৱা যায় লোহিত জিলাৰ ৱাক্ৰত ৷ ৱাক্ৰক কোৱা হয় অৰেঞ্জ কেপিটেল অফ্‌ অৰুণাচল ৷ ৱাক্ৰৰ ১০,০০০ একৰ ভূমি জুৰি কমলা গছ বিস্তৃত হৈ আছে ৷ ৱাক্ৰ মই দেখিছোঁ ৷ ডামবুক দেখা নাই ৷ যোৱাৰ আৰু চোৱাৰ মন আছে ৷ আচল কথা তেতিয়াহে জনা যাব ৷ এতিয়াও, যদিহে আজি চ তায়ুৰ কোনো যোগসূত্ৰ বা গ্ৰীণ ছিগনেল নাপাওঁ, আনিনিৰ বিকল্প হৈ যাব পাৰে এই পথটো ৷ ডামবুক হৈ পাচিঘাটলৈকে পোনাই দিম অকলে অকলে বুলি ক্ষীণ এক সম্ভাৱনাও সংগোপনে পুহি ৰাখিছোঁ ৷ আহিলোঁ যেতিয়া মুঠতে কিবা এটাতো কৰিবই লাগিব ৷  সেয়া ৰয়িঙে কব ৷ চ তায়ুৰ হাঁ-নাই থিৰাং কৰিব ৷
বাছখন আগুৱাব ধৰিলে ৷ ৰয়িঙলৈ প্ৰথমবাৰ আহিছিলোঁ ২০১৫ চনৰ এপ্ৰিল মাহৰ মাজভাগত ৷ তাৰ পাছত ২০১৭ৰ মেৰ শেষৰ সপ্তাহত ৷ ২০২০ত এয়া তৃতীয় আগমন ৷ বাট-পথ ভাল, আহল-বহল ৷ দোকান-বজাৰ ডাঙৰ হল ৷ আগতকৈ ব্যস্ত হৈ উঠিছে ৰয়িংখন ৷
ঠিক ৮.৩০ত টাউন পালোঁ ৷ মই কোঠা বুক কৰি থোৱা হোটেল মিমৰ ওচৰতে ৰল বাছখন ৷ এইটো লাষ্ট ষ্টপেজ ৷ অন্যান্য যাত্ৰীসকলৰ লগতে নামিলোঁ ময়ো ৷ (ক্ৰমশঃ)

Sunday 29 March 2020

২.৭ হাফ-অৰুণাচলীৰ স্মৃতি-বিজড়িত বলুং


গেটৰ পৰা ১২ কিলমিটাৰ গৈয়ে বলুং ৷ উচ্‌পিচনি এটা আগৰে পৰাই আৰম্ভ হল ৷ ৬০ ভিলাটো কেনি আছিল ? চকুৱে পিটপিটাবলৈ ধৰিলে ৷ তাৰে সৰু কোঠা এটাত বহু নিশা যাপন কৰিছিল হাফ-অৰুণাচলীজনে, যত তেওঁ ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী আথে-বেথে সংৰক্ষণ কৰি ৰখা হৈছে বুলি শুনিছিলোঁ ৷ তেওঁৰে অন্তৰংগ বাল্যবন্ধু, অৰুণাচল প্ৰদেশ বিধান সভাৰ প্ৰথম প্ৰো-টেম অধ্যক্ষ প্ৰয়াত গৰা পেৰটিনৰ মালিকানাধীন ঘৰটোৰ সন্মুখতে বাল্যবন্ধুজনৰ পুত্ৰ মিংগাম পেৰটিনে দান দিয়া মাটিত প্ৰতিষ্ঠা হোৱাৰ কথা আছিল হাফ-অৰুণাচলীৰ পূৰ্ণাৱয়ৱ মূৰ্তি ৷ লগতে স্মাৰক ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ গৱেষণা বিভাগে অৰুণাচল প্ৰদেশ লিটাৰেৰী চচাইটি, চমুকৈ এ.পি.এল.এছ.ৰ কাৰিকৰী পৰ্যবেক্ষণত ২০১৫-১৬ চনতে ৩০ লক্ষ টকা ব্যয়সাপেক্ষ প্ৰকল্পটো হাতত লৈছিল ৷ অৰুণাচলতে বৰঘৰ সাজি দিম কৃষ্টিক জীয়াই বুলি সমন্বয়ৰ গান গোৱা হাফ-অৰুণাচলীজনক এনেকৈয়ে বুকুৰ বৰঘৰত ঠাই দিয়াৰ প্ৰয়াস কৰিছিল অৰুণাচলৰ জনগণই ৷ ৮ ছেপ্টেম্বৰ অথবা ৫ নৱেম্বৰ, জন্ম অথবা মৃত্যু, যিটো তিথিতে সুবিধাজনক হয়, সেইদিনাই প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব বুলি খবৰ কাগজত পঢ়িছিলোঁ যদিও তাৰো বহু পাছত, ১৫ ডিচেম্বৰ ২০১৮ত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে মুকলি কৰিছিল ৷ তাকে লৈ এতিয়া উদগ্ৰীৱ হৈ আছোঁ ৷ Statue of Brotherhood কোনফালেনো আছে, গৈ থাকোঁতেই এপলক চাই যাম বুলি সচেতনতাৰে যাত্ৰা কৰি আছোঁ ৷

দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পাছৰটো বছৰতে স্থাপন কৰা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান, এতিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লুং বাওঁহাতে দেখা পালোঁ ৷ আগৰ নেফাৰ অন্তৱৰ্তী পুৰণি শদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ভূমিষ্ঠ হোৱা হাফ-অৰুণাচলীজনৰ শৈশৱৰ স্মৃতি-বিজড়িত বলুং এইখনেই ৷ ইয়াতে প্ৰখ্যাত ভাস্কৰ বীৰেন সিংহ দাদাৰ হস্তপৰশত ব্ৰঞ্জেৰে নিৰ্মিত ১০ ফুট উচ্চতাৰ প্ৰতিকৃতিটো স্থাপন কৰাৰ কথা আছিল ৷ দীঘল দলংখন উদ্বোধনৰ তৃতীয় দিনা অৰ্থাৎ আমি খোজ কাঢ়ি অতিক্ৰম কৰাৰ পাছদিনা মূৰ্তিটো দলং পাৰ কৰাই অনা হৈছিল ৷ সেই দিনটোতে ইয়াৰ আগৰবাৰ মই ৰয়িঙলৈ যাত্ৰা কৰিছিলোঁ ৷ ভালকৈ মনত আছে ৷

সদ্যহতে হৃদয়ত বাজি আছে হাফ-অৰুণাচলীজনৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত অসম সাহিত্য সভাই শোণিতপুৰ জিলাৰ বালিপাৰাত ৫-৬ নৱেম্বৰ, ২০১২ত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুকলি সভাৰ অতিথি হিচাপে উপস্থিত থাকি অৰুণাচলৰ প্ৰশাসনিক বিষয়া, অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ য়েছে দৰজে ঠংছি ডাঙৰীয়াই দিয়া ভাষণৰ কিয়দংশ সংগীত-কিম্বদন্তী ডক্টৰ ভূপেন হাজৰিকা অসমৰ সন্তান নাছিল ৷ ভূপেনদা আচলতে অৰুণাচল প্ৰদেশৰ সন্তান ৷ নেফাৰ এখন গাঁৱত তেওঁৰ জন্ম৷ ঘৰৰ পৰা আঁতৰি কেইবাদিনো ধৰি অৰুণাচলী মাতৃৰ স্তনপান কৰিছে তেওঁ ৷ এতেকে তেওঁৰ যদি কোনোবা জন্মভূমি থাকিব লাগে, সেয়া অৰুণাচল প্ৰদেশ ৷

সাংস্কৃতিক বৈচিত্ৰ্যৰে অতি চহকী পাহাৰীয়া অৰুণাচলীসকলৰ সুধাকণ্ঠৰ সৈতে সম্পৰ্ক অতি নিবিড় আছিল ৷ মই হাফ-অৰুণাচলী বুলি নিজেও আত্মগৌৰৱত উফন্দি ৰৈছিল যাযাবৰী শিল্পীজন ৷ মে অৰুণাচল কা বাচ্চা হুঁ বুলিও হেনো নিজমুখে কৈছিল ৷ মুঠতে বলুঙৰ প্ৰভাৱ জীৱনকালত বাৰুকৈয়ে পৰিছিল সংগীত-সাধকজনৰ ওপৰত ৷

নপৰিবনো কিয় ? এনেকৈ ভাবোঁতেই বাছখনৰ গতিটোৰ সৈতে ছন্দ মিলাই মোৰ মনলৈ আহিল হাফ-অৰুণাচলীজন হেৰোৱাৰ সেই মজাৰ কাহিনীটো, যিটো বহুতেই জানে ৷

শদিয়া তেতিয়া ব্ৰিটিছ পলিটিকেল এজেণ্টৰ শাসনাধীন ৷ ৰাজনৈতিক বিষয়াৰ ঘৰত অসমীয়া শিকায় নীলকান্ত হাজৰিকাই ৷ এদিন চাহাবে হাজৰিকাক মাতি নিলে ৷ নিজৰ শিশুটি ডাঙৰ হোৱাত তাৰ ভাগৰ পেৰামবুলেটৰখন কেঁচুৱা হাফ-অৰুণাচলীলৈ বুলি উপহাৰস্বৰূপে দি পঠালে ৷ শদিয়াত তেতিয়া ঘৰুৱা কাম-বন কৰা মানুহৰ অভাৱ নাছিল ৷ বলুং গাঁৱৰ মানুহেই চোৱা-চিতা কৰিছিল শিশু হাফ-অৰুণাচলীক ৷ ৪চকীয়া কেঁচুৱা ফুৰোৱা বাহনখনত ৯মহীয়া শিশুটিক তুলি ১৫-১৬বছৰীয়া আবৰ অৰ্থাৎ আদি ছোৱালীবোৰে যেনি-তেনি লৈ ফুৰায় ৷ লগতে নিজেও খেলে ৷ এদিন তেনেকৈ খেলি থাকোঁতে সন্ধিয়া লাগিল ৷ সিহঁত উভতি নাহিল ৷ পলিটিকেল এজেণ্টৰ ঘৰত, আৰক্ষী চকীত নিৰুদ্দেশৰ খবৰ দিয়া হল ৷ স্বাভাৱিকতে ঘৰত মাকজনী হৈ পৰিল অৰ্ধচেতন ৷ পিছদিনা দুপৰীয়ালৈকে শুং-সূত্ৰ নাই ৷ হাফ-অৰুণাচলী হেৰাল !

এই বলুংখনৰ ৰূপ তেতিয়া আছিল বেলেগ ৷ সম্পূৰ্ণৰূপে এখন আদি গাঁও ৷ অৰণ্যৰ মাজেৰে বাট ৷ ইফালে ছোৱালীকেইজনীৰ ঘৰ বিচাৰি যোৱাৰ গুণা-গঁথা চলি থাকোঁতেই আবেলি পৰত কণমানি হাফ-অৰুণাচলীক পেৰামবুলেটৰত বহুৱাই সিহঁত আহি ওলাল ৷ আহিয়েই দস্তুৰমত জেৰাৰ সন্মুখীন তহঁতি কিয় এনেকুৱা কৰিলি ? বোলে, নহয়, আমি কালি গলোঁ আৰু সবেই তাক খুব মৰম কৰিলে ৷ আমাৰ বস্তিৰ সবেই তাক ৰাখি দিব খুজিলে ৷ থাকি দিলোঁ বস্তিতে ৷ আউলী-বাউলী হৈ পৰা মাকজনীয়ে চিন্তিতনেত্ৰে সুধিলে কিন্তু সিতো মোৰ পিয়াহ খায় ৷ কি খালে সি ? উত্তৰ আহিল বস্তিত যিমান মা আছে নহয়, সবৰে পিয়াহ খালে সি ৷

এঠাইত পঢ়িছিলোঁ, চাহাবে দিয়া পেৰামবুলেটৰখনত বহুৱাই কেঁচুৱা হাফ-অৰুণাচলীক গাঁৱত ফুৰাবলৈ নিয়াৰ পাছতে আহিল বৰষুণ ৷ উপায়হীন হৈ নিশাটো বলুঙতেই ৰাখিবলগীয়া হল ৷ ভোকত আটাহ পাৰি থকা শিশুটিক শান্ত কৰিবলৈ নিশা গাঁওখনৰ মাতৃসকলে পাল পাতি নিজৰ নিজৰ স্তনপান কৰোৱাই টোপনি নিয়ালে ৷ গাখীৰ খাবলৈ পাই হাফ-অৰুণাচলীৰ কান্দোন বন্ধ ৷ পাছদিনা পুৱা জন্মদাতৃ মাকৰ কোলাত তুলি দিওঁতে এইবুলি সৈ কাঢ়িলে আবৰ ছোৱালীকেইজনীয়ে ৷

শিশুকালৰ এই বিস্ময়কৰ কাহিনীটো ভালকৈ জনা এম. পি. ডাইংলুঙে কৈছিল... ভূপেন হাজৰিকাৰ গাত নেফাৰ তেজ আছে ৷ তেওঁ নেফাৰ গাখীৰ খাইছিল ৷ হাফ-অৰুণাচলীলৈ চাই তেওঁ এবাৰ হেনো কৈছিল... আপোনাক একোছা অদৃশ্য চাবি দিলোঁ ৷ আপুনি নেফালৈ আহি থাকিব, গৈ থাকিব ৷ আমি অসমক ধাৰলৈহে দিছোঁ, আমাৰ লৰা ৷

চিয়াঙৰে গালং (১৯৬১), কত জোৱানৰ মৃত্যু হ (১৯৬২), টিৰাপ সীমান্ত (১৯৬৬) আদি যুগজয়ী গীত অৰুণাচলক ভিত্তি কৰি ৰচনা কৰি থৈ গৈছে হাফ-অৰুণাচলীজনে ৷ দেশৰ ভিতৰতে প্ৰথম সূৰ্যোদয় হোৱা পূব প্ৰান্তক লৈ ১৯৬৯ চনত মুম্বাইত লিখিছিল ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ ৷ ১৯৭২ চনত জিৰত লিখিছিল অৰুণ কিৰণ শিৰৰ ভূষণ গলে হিমৰ ঢল, পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল ৷ গীতটি অৰুণাচলৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰাই নহয়, হিন্দীৰ উপৰি ৰাজ্যখনৰ ভালেকেইটা দোৱানলৈ অনূদিত হৈছিল ৷ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ সন্মুখত গোৱা হৈছিল অসমীয়া, আদি, নিছি, আপাতানি আৰু হিন্দীত ৷ ডাপ'ৰিজত তেওঁ গোৱাইছিল মনৰ পখিলা আজি সুৰৰ ৰঙেৰে সাজি উৰি উৰি নাচি নাচি যায়’ ৷ এনেদৰেই হাফ-অৰুণাচলীৰ যাদুকৰী সুৰ বিন্যাসত মূৰ্ত হৈ উঠিছিল নেফা তথা অৰুণাচল ৰাজ্যৰ নানা জাতি-উপজাতি আৰু তেওঁলোকৰ বাৰেৰহণীয়া কৃষ্টি ৷

১৯৭১-৭২ চনত হাফ-অৰুণাচলীজনৰ অসমীয়া চিনেমা ৰশ্মিৰেখাৰ শ্বুটিং চলিছিল কেন্দ্ৰীয় শাসিত অৰুণাচলত ৷ তেওঁৰ তত্ত্বাৱধানতে ১৯৭৪ চনত ৰাজ্যখনৰ পটভূমিত প্ৰথমখন ৰঙীন ডকুমেণ্টৰী For whom the sun rise নিৰ্মাণ হৈছিল ৷ ১৯৭৬ৰ ডিচেম্বৰত অৰুণাচল চৰকাৰৰ প্ৰযোজনাত এইচ. নাবাম টাটাৰ কাহিনীৰে তেওঁৰ চিত্ৰৰূপ, সংগীত আৰু পৰিচালনাত মুক্তি পাইছিল ৰাজ্যখনৰ পটভূমিত নিৰ্মিত প্ৰথমখন ৰঙীন কথাছবি মেৰা ধৰম মেৰী মা’ ৷ চিনেমাখনত সন্নিৱিষ্ট চিৰসেউজীয়া গীত হামাৰা অৰুণাচল ৰাজ্যখনৰ শীৰ্ষস্থানীয় ছাত্ৰ সংগঠন অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (আপচু)এ এন্থেম হিচাপে আদৰি লৈছিল ২০০৯ চনৰ ১১ এপ্ৰিল তাৰিখে ৷ অৰুণাচল চৰকাৰৰ অবৈতনিক সাংস্কৃতিক উপদেষ্টা হবলৈকো প্ৰস্তাৱ দিয়া হৈছিল হাফ-অৰুণাচলীজনক ৷

চিনেমাৰ জৰিয়তে অৰুণাচলৰ জনজাতীয় কৃষ্টি-সংস্কৃতিক প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰাৰ উপৰি জনজাতিৰ মংগলাৰ্থে যোগোৱা বিশিষ্ট বৰঙণিৰ বাবে অৰুণাচল প্ৰদেশে তেওঁক সোণৰ পদক উপহাৰ দিছিল ১৯৭৯ চনত ৷ আনহাতে সৃষ্টিৰ সুদীৰ্ঘ ৩৩ বছৰৰ পাছত হলেও ৰাজ্যখনৰ ছাত্ৰ সমাজে তেওঁৰ গীতক উচিত প্ৰাধান্য দিলে ৷ গন্ধৰ্ব কোঁৱৰজনৰ পৰলোকপ্ৰাপ্তিত অৰুণাচলবাসীয়েও পালন কৰিছিল ৰাজ্যিক শোক দিৱস ৷ চিতাভষ্ম বিসৰ্জন দিয়া হৈছিল লোহিত, ডিবাং, চিয়াং, সোৱণশিৰি, ডিক্রং, কামেং, টিৰাপ আদি কেইবাখনো মূল নৈ-উপনৈত ৷ অৰুণাচলীৰ প্ৰিয় মানুহজনৰ প্ৰয়াণত ঠংছি ছাৰে শোক প্ৰকাশ কৰি কৈছিল... 'ভূপেনদা সূৰ্যৰ বুকুত লুকাই পৰিল ৷ জাতিৰ হকে এনে কিছু সম্পদ এৰি থৈ গ'ল অনাগত দিনত যিবোৰ বিশেষকৈ অৰুণাচলৰ পৰ্বতবোৰত অহৰহ প্ৰতিধ্বনিত হৈ থাকিব ৷'

এয়াই তাহানিৰ নেফা, এতিয়া অৰুণাচল ৷ এইখনেই বলুং, তাহানিৰ আৰু এতিয়াও ৷ জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে প্ৰোজ্জ্বল হবলৈ মহাযাত্ৰাৰ পানচৈখন ইয়াৰ পৰাইতো মেলি দিছিল সুৰৰ সদাগৰজনে ৷ সাম্প্ৰতিক অৰুণাচল প্ৰদেশৰ নামনি ডিবাং উপত্যকা নামৰ জিলাখনৰ অন্তৰ্গত অখ্যাত ব'লুং গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি একক আৰু অদ্বিতীয় ৰূপত পৃথিৱীলৈ ওলাই গৈছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা ৷ প্ৰথম গীত পৰিৱেশনতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই চুমা-পৰশেৰে বিশাল প্ৰতিভাধৰজনক অসম ভূমিৰ কৰিলে ৷ ডাঙৰ হোৱাৰ পাছত তেওঁক এবাৰ বলুং গাঁৱলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল হেনো ৷ বলুং তেতিয়াও নেফাতে ৷ আকৌ, হাফ-অৰুণাচলীজনে নিজে লিখি থৈ যোৱামতে, জন্মৰ ২৫ বছৰৰ পাছত অৰ্থাৎ ১৯৫১ত তেওঁ এবাৰ আহিছিল শদিয়ালৈ ৷ আগৰ শদিয়া তেতিয়া দেখিবলৈ নাছিল অৱশ্যে ৷ মৃত্যুৰ পূৰ্বেও নিজৰ জন্মভূমি তথা জন্মস্থানখন দৰ্শনৰ বাবে ব্যাকুল হৈ পৰিছিল গীতৰ খনিকৰজন ৷ পিছে সম্ভৱ নহল ৷ সেই আশা আশা হৈয়ে থাকি গল ৷ হয়তো তাকে জানি অৰুণাচলীসকলে পদক্ষেপ ল'লে হাফ-অৰুণাচলীজনক জন্মপ্ৰদেশত ধৰি ৰখাৰ ৷

ডক্টৰ ভূপেন হাজৰিকা সেতুৱে ধলা-শদিয়াৰ সহজ-সংযোগ স্থাপন কৰি দিয়াৰ পাছত নিজৰ ঘৰখনলৈ এইফালৰ অৰুণাচলী জনসাধাৰণে সুকলমে, নিশ্চিন্তমনে অহা-যোৱা কৰিব পৰা হৈছে, সদায় সুঁৱৰি থাকিব পৰা হৈছে বুকুৰ কুটুম, বলুঙত আদি-মাতৃৰ গাখীৰ খোৱা পুৰণি বান্ধৈজনক৷ সহজ হৃদয়েৰে তেওঁলোকে আজিও মানি আহিছে যে বলুঙেই হাফ-অৰুণাচলীজনৰ জন্মস্থান ৷ আজিও ভাবে যে অসমতকৈ তেওঁ বেছি অৰুণাচলৰ, নেফাৰ ৷ অৰুণাচল প্ৰদেশ চৰকাৰে নিজগুণে কৃপাধন্য হৈ প্ৰদান কৰিছে হাফ-অৰুণাচলীৰ পূৰ্ণাৱয়ৱ মূৰ্তিৰ সমস্ত নিৰ্মাণ ব্যয় ৷ ৰাজ্যখনৰ ভিতৰতে ওখ ব'লুঙৰ প্ৰতিকৃতিটোৰ উপৰি ৰাজধানী ইটানগৰ আৰু য়াজালিতো কিম্বদন্তী শিল্পীগৰাকীৰ দুটা অৱয়ৱ প্ৰতিষ্ঠাত উদ্যোগ লোৱা বুলি শুনিছিলোঁ, যাৰ বাবে ২০১৬-১৭ৰ বাজেটত ধাৰ্য কৰা হৈছিল ৭০ লাখ টকা ৷


হাফ-অৰুণাচলীৰ ভাবনাত মজি আছোঁ ৷ নিৰজুলি আগুৱাই গৈ আছে ৷ ইফালে-সিফালে চাওঁতেই কেতিয়ানো বলুংখন ভুটুংকৈ পাৰ হৈ গলোঁ ধৰিবই নোৱাৰিলোঁ ! প্ৰতিমূৰ্তিটো দৃষ্টিগোচৰেই নহল ৷ (ক্ৰমশঃ)

Friday 27 March 2020

২.৬ অৰুণাচলে ৰিঙিয়াই



মঞ্জিলে উনক মিলতী হে,
জিনকে স্বপ্ন মে জান হতী হে
সিৰ্ফ পংখ
ছে কুছ নেহী হতা দস্ত,
ছল ছে’ উড়ান হতী হে
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি অলপ আগেয়েষ্টাৰ্টিং পইণ্ট অফ আছাম ত্যাগ কৰাৰ পাছত নিৰজুলি এতিয়া চলি আছে আমাৰ চুবুৰীয়া বহিঃৰাজ্য অৰ্থাৎ ভাৰতৰ প্ৰথম সূৰ্য উঠা প্ৰদেশখনৰ মাটিত ৷ অসম-অৰুণাচলৰ ভৌগোলিক সীমা চেৰাই গাড়ীখনে গহীনত গতি কৰি আছে ৷ সুদূৰত দেখা পাই থকা সেউজীয়া পৰ্বতমালাৰ বুকুলৈহে যেন ঢপলিয়াইছে, বাছখনে ৷ চৌদিশৰ পৰিৱেশ-পৰিস্থিতি সোনকালেই সলনি হৈ আহিল ৷ মিছিমি চাংঘৰবোৰ পিছলৈ দৌৰিব ধৰিছে ৷ কোনোবা কোনোবা চাঙত ফুলাম গামোচা মেলি থোৱাটোও মোৰ চকুত পৰিছে ৷ দেখি কিবা এটা ভাল লাগিছে ৷ স্পীড ব্ৰেকাৰৰ আধিক্যই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গতিলৈ স্থবিৰতা ননা নহয় অৱশ্যে ৷ তথাপিও ভাল লাগিছে ৷ যানবাহনৰ সংখ্যা তাকৰ ৷ যাত্ৰীৰ উঠা-নমা কম ৷ এটা সুন্দৰ-সুখকৰ পুৱা ৷ অজান আনন্দই কোবাই আছে কৌতূহলী মনটোক ৷
অৰুণাচলৰ কুমাৰী প্ৰকৃতিয়ে যাক এবাৰ লম্ভে তাক সতকাই নেৰে বুলি ডায়লগ এটা আছে ৷ মোৰ ক্ষেত্ৰত এইটো বাৰুকৈয়ে খাটিছে যেন লাগে ৷ ওখ, জোঙা পৰ্বতবোৰে অনৱৰতে ৰিঙিয়ায়ে থাকে ৷ খৰস্ৰাতা জুৰি-ঝৰণাই উকিয়ায়ে থাকে ৷ সঁহাৰি জনাওঁ ইবাৰৰ পাছত সিবাৰকৈ ৷ সোমাই পৰোঁ সেউজ অৰণ্যানীৰ অভ্যন্তৰত ৷ নতুন পুলকেৰে প্ৰাণ ভৰাই পঠায় প্ৰকৃতিয়ে ৷ কৃপণালি নাই ৷
এতিয়াও, ক্ৰমান্বয়ে স্পষ্ট হৈ আহি থকা পৰ্বতশ্ৰেণীৰ ভিতৰৰে কোনোবাখিনিত আছে মোৰ হেঁপাহৰ ভ্ৰমণথলী আনিনি ৷ তাতেই লুকাই আছে বৰফথলী মায়ডিয়া ৷ আৰু আছে যাবলগীয়া জেগা কিছুমান যেনে আচ্‌হিছ', ডেমবিউন, ইটালিন, হুনলি, ১২ গোলাই ইত্যাদি ৷ দিশবিলাকহে সঠিকভাৱে ধৰিব পৰা নাই ৷ শৰীৰটো চিটত বহি আছে যদিও পাখি মেলা মনটো ইতিমধ্যে ৰয়িং পাইছেগৈয়ে ৷ জিবি প, চ তায়ুৰ লগতে তেজু নিবাসী মোৰ একালৰ মৰমৰ সহপাঠী ধৰ্মেনলৈ (যাক লগৰবোৰে ডফলা বুলি খুব জোকাইছিল আৰু মই নোজোকোৱাত বেচেৰাই মোৰ ওচৰতে আশ্ৰয় লৈছিলহি) মনত পৰি আছে ৷ ইয়াৰে চ তায়ুক মই কাহানিও দেখাও নাই, লগো পোৱা নাই ৷ মাতষাৰহে ফোনত দুবাৰ শুনা পাইছিলোঁ ৷ ইফালে তেৱেঁই আকৌ মোৰ এই যাত্ৰাটোৰ লিংকমেন ! কি হবগৈ, কত কেনেকৈ মিলায়, ঈশ্বৰেহে জানে ৷ যোগাযোগ এতিয়াও নাই পোৱা ৷ এনেয়ে ডায়েল কৰি চালোঁ দুবাৰ ৷ পৰ্বতৰ গহ্বৰত যেন হেৰাইহে থাকিল মানুহটো ! ইয়াকে কেন্দ্ৰ কৰি ভিতৰি টেনচন এটা নথকা নহয় মোৰ ৷ তথাপিতো, যি হয় হব বুলি আহি আহি অসম পাৰ হৈ গলোঁ ৷
অৰুণাচল প্ৰদেশৰ পূব খণ্ডৰ লোহিত, ডিবাং ভেলী, লৱাৰ ডিবাং ভেলী, আঞ্জাৱ, নামচাই আদি জিলাকেইখনৰ ৰাজনৈতিক তথা প্ৰশাসনীয় বুৰঞ্জী এতিয়াৰ পৰা প্ৰায় ১০০ বছৰৰো অধিক পুৰণি ৷ তাক জানিবৰ বাবে উভতি যাব লাগিব ১৯১৪ চনলৈ ৷ ব্ৰিটিছ-ভাৰতৰ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল ৷ এই খণ্ডসমূহ চোৱা-চিতাৰ অৰ্থে প্ৰতিটো খণ্ডতে নিয়োগ কৰা হৈছিল একোজনকৈ ৰাজনৈতিক বিষয়া ৷ ১৯১৯ চনত কেন্দ্ৰীয় আৰু পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নতুনকৈ গঠন কৰিলে ৷ তিনিওখন জিলাৰ একেলগ হৈ থকা পূৰ্বৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল ৷ মুখ্য কাৰ্যালয় শদিয়া ৷ ২৪ বছৰৰ পাছত, ১৯৪৩ চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হয় ৷ স্বৰাজোত্তৰ কালত, ১৯৪৮ চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিছিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিছিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয় ৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় বিধি-ব্যৱস্থাৰ অধীনলৈ আহে ৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৬২ চনলৈকে এই বৃহৎ এলেকাটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অৰ্থাৎ নেফা নামেৰে জনাজাত আছিল ৷ মুখ্য কাৰ্যালয় শ্বিলং ৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫ চন পৰ্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল ৷ ১৯৭২ চনৰ ২০ জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নাম দিয়া হয় ৷ তদানীন্তন গৱেষণা সঞ্চালক বিভাবসু দাস শাস্ত্ৰীয়ে ৰাজ্যখনৰ এই নামকৰণ কৰিছিল ৷ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে অৰুণাচল প্ৰদেশে ৷ ২০ এপ্ৰিল ১৯৭৪ তাৰিখৰ পৰা ইটানগৰ ইয়াৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে ৷ তাৰ পূৰ্বে নাহৰলগুনৰ পৰাই প্ৰশাসনীয় কাম-কাজ পৰিচালনা কৰা হৈছিল ৷
১৯৫২ চনৰ ১৩ আগষ্টত মিছিমি হিল্‌ছ ডিষ্ট্ৰিক্টৰ সদৰ স্থান ঘোষিত হৈছিল তেজু ৷ ১৯৫৪ চনত উক্ত জিলাখনৰ নাম সলনি কৰা হয় লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে ৷ ১৯৫৬ চনত ৰয়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন কৰা হৈছিল ডিবাং ভেলী ৷ ১৯৬৫ চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন সলাই নাম দিয়া হল লোহিত জিলা ৷ ১৯৮০ চনৰ ১ জুনত নতুনকৈ ডিবাং ভেলী জিলাখন গঠন কৰা হল আনিনিক সদৰ হিচাপে লৈ ৷ ৪ ডিচেম্বৰ ২০০৩ তাৰিখে গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি লোহিত জিলাক ফালি হাৱাইক প্ৰশাসনীয় মুখ্যালয় হিচাপে লৈ ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে জন্ম হল আঞ্জাৱ জিলা ৷ শেহতীয়াভাৱে, ২০১৩ চনৰ ১৩ মাৰ্চত গৃহীত জিলা পুনৰ্গঠন বিধেয়কৰ অধীনত ২০১৪ৰ ১৫ আগষ্টত নামচাইক সদৰ হিচাপে লৈ লোহিতৰ পৰাই সৃষ্টি হল নামচাই জিলা ৷
প্ৰশাসনীয় সুবিধাৰ কাৰণে এনেকৈয়ে সময়ে সময়ে ৰাজ্যখনৰ এইটো প্ৰান্তৰ ভৌগোলিক মানচিত্ৰৰ অনেক সাল-সলনি ঘটাই অহা হৈছে ৷ আমি নেৰিষ্টত পঢ়ি থকাৰ সময়ত জিলাৰ সংখ্যা আছিল ৭খন মাত্ৰ ৷ এতিয়া ২৫খন ৷ সম্প্ৰতি চফৰ কৰি থকা জিলাখন হৈছে লৱাৰ ডিবাং ভেলী ৷ পূৰ্বৰ ডিবাং ভেলী জিলাৰ পৰা কাটি আনি ২০০১ চনত এই জিলা গঠন কৰা হৈছিল ৷ সদৰ ঠাই ৰয়িং ৷ (ক্ৰমশঃ)

Wednesday 25 March 2020

২.৫ শান্তিপুৰ চেক গেটত নিয়মপূৰ্বক বিৰতি



একালৰ বিচ্ছিন্ন শদিয়াখনৰ সম্পৰ্কে ডক্টৰ ভূপেন হাজৰিকাই মন খুলি কৈ গৈছেতো চাকৰি-বাকৰি নাপালেহে কোনোবাই তালৈ যোৱাৰ কথা ভাবে ৷ শদিয়ালৈ যোৱা মানে একেবাৰে আন্দামান-নিকোবৰলৈ যোৱাৰ নিচিনা ৷ নিজৰ দেউতাকৰ সম্পৰ্কেও কৈছে এনেকৈ নীলকান্ত হাজৰিকায়ো একো নাপাইহে তালৈ গৈছিল ৷ বি.এ. পাছ কৰা লৰাজনৰ তৎক্ষণাৎ চাকৰি মিলিল, শদিয়াত ৷
অটব্য হাবিৰে পৰিপূৰ্ণ সেই শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট, সহজে সেও মনাব নোৱাৰা নেফাৰ আদি জনগোষ্ঠী আৰু ইংৰাজৰ যুঁজ-বাগৰ, এইবোৰ অতীজৰ সত্য ৷ ঘোঁকট হলেও প্ৰাচুৰ্যৰ চূড়ান্ত পৰ্যায়ত আছিল শদিয়াখন ৷ সেই প্ৰাচুৰ্যৰ মাত্ৰাত সময়ৰ হেঁচাত নিশ্চয়কৈ হীন-ডেঢ়ি ঘটিছে ৷ তথাপিতো, মোৰ ধাৰণাত শদিয়া এতিয়াও ভোগালী জেগা ৷ অৱশ্যে আজিৰ শদিয়া ন-শদিয়া ৷ পুৰণা শদিয়া, ভূপেন হাজৰিকা জন্ম হোৱা ঘৰ ইত্যাদিবোৰ নিশ্চিহ্ন অতীত ৷
পৰ্যটন মানচিত্ৰত জিলিকাই তোলাৰ অভিপ্ৰায়েৰে শদিয়াৰ সদৰ চপাখোৱাত বৃহৎ পৰ্যটন নিবাস, বিশাল শদিয়া ভৱন নিৰ্মাণ হব বুলি আগৰবাৰ আহোঁতেই শুনিছিলোঁ ৷ হল নে নহল ততকে ধৰিব পৰা নাই ৷ ১১৫ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গেৰে চহৰৰ মাজেদি আগ বাঢ়ি ৭.৪৫ত শান্তিপুৰ গেট পালোঁহি ৷ অসম-অৰুণাচল সীমান্তৰ পুলিচ চেক গেটখনলৈ কেইমিটাৰমান থাকোঁতেই একান্ত বাধ্য ছাত্ৰৰ দৰে একাষে ৰৈ গল নিৰজুলি ৷ এইটো প্ৰচলিত নিয়ম ৷ ইয়াত যাত্ৰীসকলৰ ইনাৰ লাইন পাৰ্মিট পৰীক্ষা কৰা হব ৷ ইফালে বাছখন ৰল কি নৰল, দৰজাত থিয়দঙা দি অহা ডেকা কণ্ডাক্টৰজনে ভিতৰলৈ চাই সজোৰে ঘোষণা জাৰি কৰিলে যাৰ যাৰ পাছ নাই বনাই লওকগৈ সোনকালে ৷ যাৰ যাৰ আছে বহি থাকক ৷
এখিনি মানুহ হুৰমূৰকৈ নামি গল ৷ তেওঁলোকে জানে, কত কি কৰিব লাগিব ৷ মোৰ পাছ আছে ৷ গতিকে নমাৰ দৰকাৰ নাই ৷ হলেও, বহি থকা ভকতো নহওঁ ৷ কেনি কি আছে, চৌপাশ চোৱাৰ মন ৷ এখোজ দুখোজকৈ গেটখনৰ কাষ পালোঁগৈ ৷ ৰাস্তাৰ সোঁপাৰে বুথটোত বহি থকা কতৰ্ব্যৰত অৰুণাচল পুলিচৰ লোক এজনক সোধা হ সৰুপানী চুবলৈ কেনি ? আঙুলিয়ালে বিপৰীত ফাললৈ ৷ সেইফালেচোন তেনেকুৱা জেগা দেখাই নাযায় ৷ চিন্তিত হৈ ৰোৱা দেখি তেওঁ জোৰ দি কলে আপ উধৰ চলা যায়িএনা, মিল যায়েগাত, যায়িএ ৷
পুৱাৰ সময় ৷ ভিৰ-ভাৰ তেনেকৈ নাই ৷ নিৰ্দেশানুযায়ী গলোঁ ৷ বেৰ এখনৰ দাঁতিতে ৷ সেয়াই প্ৰস্ৰাৱথলী ৷ পুৰুষৰ বাৰু যেন-তেন ৷ মহিলাৰ কি গতি হব ? সুব্যৱস্থা এটা আজিও গঢ়ি উঠাই নাই তাৰ মানে ! ইফালে আগতে টয়লেট, পাছত মন্দিৰ ভাবনাৰে দেশত চলি গল টয়লেট আন্দোলন ৷ তথ্যমতে, ২০১৪ চনৰ ২ অক্টোবৰত ঘটোৱা স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণিৰে পৰা দেশত ৯.২ কোটি টয়লেট সজা হৈ গল ৷ অথচ কাৰ্যতঃ এয়া পালোঁ কি ?
অসম-অৰুণাচল সীমান্তৰ এই গেটখনৰ এফালে অসমৰ শদিয়া জিলা ৷ বিপৰীতে অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলা ৷ এইটুকুৰাৰ পৰা ৰয়িঙলৈ ২৩ কিলমিটাৰ, মায়ডিয়া ৭৮, হুনলি ১১৩, আনিনি ২৬১ ৷ ৱেলকাম টু ৰয়িং বুলি ওখকৈ সজা সেউজীয়া বৰ্ডখনত উল্লেখ কৰি থোৱা হৈছে ৷ চৌদিশৰ ৰেহ-ৰূপ প্ৰত্যক্ষ কৰি সোনকালেই উভতি আহিলোঁ আৰু নিজৰ চিটত বহি থাকিলোঁ ৷
আপকা পাছ কাহাঁ হে ? পাছ দিখাইয়ে ৷ প্ৰত্যেককে এনেকৈ প্ৰশ্ন কৰি এফালৰ পৰা আই.এল.পি. চাই গল দায়িত্ববাহী পুলিচৰ লোক এজনে ৷ মোৰখন দিলোঁ ৷ হাতত লৈ কলে আপ অনলাইন মে বানায়া ? মিচিকিয়াই মূৰ দুপিয়ালোঁ ৷ আচ্ছা কিয়া ৷ এইসা হনা চাহিয়ে ৷ বাকীসকলক সোঁৱৰাই দিলে যে আই.এল.পি.ৰ কামটো এনেকৈ, কম আয়াসতে, ঘৰতে আগতীয়াকৈ কৰি আহিব লাগে ৷ আকৌ সুধিলে কিতনা লিয়া ? মই বোলোঁ পূৰাপূৰি একচৌ ৷ ঠিক হে্, লিজিয়ে বুলি মিচিকিয়াই সন্তুষ্টিৰে ঘূৰাই দিলে ৷
ঘৰত বহি বহিয়ে অনলাইনত আই.এল.পি.খন কৰিছিলোঁ ৷ একো কষ্টই নাই ৷ অৱশ্যে তৎমুহূৰ্ততে মই চিন্তা কৰিলোঁ অন্য এটা কথা ৷ অনলাইনত ১০০ টকা লয়, গেটত ৫০ টকাত হয় ৷ গতিকে নিজৰ ৰাজ্যখনে ৰাজহ বেছি পোৱাৰ স্বাৰ্থতে অনলাইনত হোৱাটো বোধ হয় সমৰ্থন কৰিছে তেওঁ ৷ অতি স্বাভাৱিক কথা ৷
সকলোৰে চেকিং সমাধা হোৱাৰ পাছত গাড়ী ষ্টাৰ্ট দিবলৈ কলে ৷ ইঞ্জিনে গৰজি উঠাৰ লগে লগে নতুন উত্তেজনাই মোৰ মনটো আৱৰি ধৰিলেহি ৷ মনত পৰিল, ইয়াৰ আগৰবাৰ ৰয়িঙলৈ যাওঁতে ছাজিদ আলমৰ অদৃশ্য চাবি উপস্থিত বুদ্ধিৰ বলত অৰুণাচল পুলিচক বাগি দি গাড়ীয়ে-মানুহে ভুটুংকৈ পাৰ হৈ গৈছিলোঁ এই চেক গেট ৷ পাছ-চাছ নাছিল এজনৰো ৷
ধীৰে ধীৰে বাছখনৰ চকাকেইটা ঘূৰিবলৈ ললে ৷ গেট পাৰ হল ৷ যাত্ৰা আৰম্ভ কৰিলে আগলৈ ৷ মোহময়ী অৰুণাচলৰ দৃষ্টিনন্দন পৰ্বতবোৰ সুদূৰত জিলিকিছে ৷ অৰুণাচলপ্ৰিয় মনটোতো থৌকি-বাথৌ লাগি গৈছে ৷ ২৩ কিলমিটাৰ গলেই ৰয়িং ৷ (ক্ৰমশঃ)

Tuesday 24 March 2020

২.৪ চপাখোৱাত ৰলোঁহি



মজা লাগিছিল সেইবাৰ, কাৰণ ভাৰতবৰ্ষৰ ভিতৰতে সবাতোকৈ দীঘল দলংখন খোজেৰে অতিক্ৰম কৰি উৎফুল্লিত হৈ থকাৰ পাছতে বাকী ১৭ কিলমিটাৰ যাবলৈ বিনোদ বৰগোহাঁইৰ সৈতে বহুপৰ খাপ পিতিও অন্য গাড়ী-মটৰ একো নাপাই শ্ৰীমতী আৰু মই উঠি লৈছিলোঁ এখন ডাম্পাৰত ৷ ১০ চকীয়া, পুৰণা ডাম্পাৰখনৰ আহল-বহল কেবিনটোত গগৈ উপাধিৰ চালকজনকে ধৰি মানুহ আমি চাৰিজন ৷ কেতিয়াও উঠি নোপোৱা আৰু পৰিস্থিতিয়ে সুযোগ কঢ়িয়াই অনা আকস্মিক ডাম্পাৰ-যাত্ৰাটো খুবেই উপভোগ্য হৈছিল ৷ অকলে গোপনে হাঁহিলোঁ তাকে লৈ, সেই মুহূৰ্তৰ ভংগীমাবোৰ আকস্মিকভাৱে মনলৈ আহি যোৱাৰ লগে লগে ৷ অভিজ্ঞতাই যোগোৱা অম্লান হাঁহি ৷ জীৱনৰ অমৰ কাহিনী !
নিৰজুলি বাছ চলি আছে ৷ ৰাস্তা ভাল ৷ ৮ মাইলত লোহিতৰ উপনৈ কুণ্ডিল পাৰ হলোঁ ৷ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী শদিয়ালৈ অহাৰ সময়ত, ১৯৮৬ চনত এই দলংখন নিৰ্মাণ কৰা হৈছিল ৷ ৯ মাইল, হৰিপুৰ, মংগলপুৰ, ইছলামপুৰ ৷ য়িঙলৈকে বাছভাড়া পৰিশোধ কৰা হৈ গৈছে যদিও চপাখোৱা যিমানেই নিকটলৈ আহিছে অন্য ভাবনা এটাই মনত খুদূৱনি লগাবলৈ আৰম্ভ কৰিলে ৷ নামি দিম নেকি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আগত ? শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত সোমাই, তাতে গা-পা ধুই, ভাত-পানী খাই, আস্তেকৈ ওলামগৈ ৰয়িং ? অয়ৰ পৰা পাই থোৱা এছ.এম.এছ. বাৰ্তামতে মোৰ হোটেলৰ চেক ইন্‌ দুপৰীয়া ১২ বজাতহে ৷ এতিয়াচোন চাৰে সাতটাই বজা নাই ! কি কৰোঁ ? কি কৰা ভাল হব ? নিজকে নিজে খৰকৈ সুধিছোঁ ৷ সিদ্ধান্তটো সোনকালে লাগে ৷
অনেক চালি-জাৰি চাই চঞ্চল মনটোক বান্ধিলোঁ যে নাই নহয়, কতো সোমোৱাৰ দৰকাৰ নাই ৷ সোনকাল হৈ থাকিলেও ডাইৰেক্ট যোৱাটোহে বুদ্ধিমানী কথা হব ৷ কাম আছে ৰয়িঙত ৷ ১. চ তায়ুক যোগাযোগ কৰিব লাগিব, যিটো অতিকৈ জৰুৰী ৷ ২. পাল কাউণ্টাৰটোৰ সন্ধান উলিয়াই টাটা ছুমৰ ভাড়াৰ বাবদ দিবলগীয়া টকা ৮০০ দি চিটটো গজগজীয়া কৰিব লাগিব, যিহেতু সিদিনা ফোনতে কথা দি থোৱা হৈছে ৷ ৩. লগত নিবৰ বাবে দৰকাৰী খোৱাবস্তু কেইটামানো সংগ্ৰহ কৰিবলৈ আছে ৷ ৪. পাৰিলে আনিনিৰ বতৰ আৰু পৰিৱেশৰ সৈতে খাপ খোৱা জোতা এযোৰো বিচাৰিব লাগিব, ৰয়িঙৰ বজাৰত ৷ ইত্যাদি ইত্যাদি ৷
কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ কিছুমানে আজিয়ে পাতিছে ৷ দেৱালী, ফাকুৱা দুদিনীয়া হৈ পৰাৰ অনুৰূপ বাগ্‌দেৱীৰ বন্দনাও দুদিনীয়াৰ শাৰীলৈ পৰ্যবসিত হব ধৰিছে ৷ ভকতি বাঢ়িছে ৷ বিদ্যাধন মহাধন বুলি সৰ্বত্ৰ বুজি উঠিছে ৷
শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পালোঁহি ৷ ১৯০৫ চনত স্থাপিত ৷ ছাজিদে শিক্ষকতা কৰা স্কুল ৷ ইংৰাজী পঢ়ুৱায় ৷ সন্মুখ পাওঁতে চৌহদটোলৈ চালোঁ ৷ ইমূৰৰ পৰা সিমূৰলৈ ৰছী টানি আঠা সানি ৰঙা-নীলা কাগজ লগাই আছে ছাত্ৰ-ছাত্ৰী কেইজনমানে ৷ স্কুলীয়া দিনত আমিও কৰিছিলোঁ ৷ নিজকে যেন বিচাৰি পালোঁ সৌ লৰা-ছোৱালীকেইটাৰ মাজত ৷ আৱেদন সাৰ্বজনীন সৰস্বতী আই, বিদ্যা দিয়া ৷ কিন্তু কেৱল ইমানতেই সীমাবদ্ধ আছিলোঁজানো আমি ? সহপাঠী বিষ্ণু, লেখন, বিদুল, দিব্যহঁতৰ সৈতে জংঘললৈ গৈ চামিয়ানা তৰিবলৈ খুঁটা বিচাৰি আনিছিলোঁ, কলপাত কাটিছিলোঁ, নিশাটো শ্ৰেণীকোঠাতে কটাই বাঁহৰ চুঙাৰে বেঞ্চত লুচি বেলিছিলোঁ, কতযে কি নকৰিছিলোঁ সাৰদাৰ সাধনাৰ নামত ! এতিয়া সাধু হল ৷
বাকৰিৰ দৃশ্যটো দেখি এই মুহূৰ্তত মনৰ পৰ্দাত পুৰণা স্মৃতিবোৰ আপোনা-আপুনি উদ্ভাসি উঠিছে ৷ এটা যাত্ৰাই পৰিৱেশ-পৰিস্থিতি অনুসাৰে কতবোৰ কথাযে চেতনালৈ এনেকৈ ঘূৰাই আনিব পাৰে ! ক্ষণে ক্ষণে নস্তালজিক কৰি তুলিব পাৰে !
নস্তালজিয়াৰ চক্ৰবেহু ভেদ কৰি শ্বাহনাজহঁতৰ কোৱাৰ্টাৰটোৰ ফালে সোমাই যোৱা ঠেক পথটোলৈ চলন্ত বাছৰ খিৰিকীৰে সন্তৰ্পণে দৃষ্টি নিক্ষেপ কৰিলোঁ, দেখোঁ নেকি কাৰোবাক বুলি ৷ নাই, চিনাকি মুখ দেখা নগল ৷ বাচিলোঁ ...স্বগতোক্তি ওলাই আহিল মুখৰ পৰা ৷ স্পীড ব্ৰেকাৰত হেন্দোলনি তুলি নিৰজুলি গৈ থাকিল আগলৈ ৷
দীঘল দলঙে শদিয়াৰ ৰং-ৰূপ, ৰস-গোন্ধ আটাইবোৰ সলাই পেলাইছে ৷ কায়-কাৰবাৰ বাঢ়িল ৷ হাট-বজাৰ সম্প্ৰসাৰিত হল ৷ যাতায়াতো ঘন হৈ পৰিল ৷ সঁচা অৰ্থতে যেন শদিয়া এতিয়া ৰিং এটাৰ বাট ৷ অনেক যুগৰ অপেক্ষাৰ মূৰকত শদিয়াবাসীৰ যোগাযোগজনিত মহা-সমস্যাটোৰ স্থায়ী সমাধান হৈ গল যেনিবা ৷ আচলতে ২০১০ চনৰ নৱেম্বৰ মাহতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হৈছিল ৷ উক্‌মুকনি অটল বাজপেয়ী চৰকাৰৰ দিনতে ৷ ৮০ শতাংশ কাম সমাধা হৈছিল ডক্টৰ মনোমোহন সিং চৰকাৰৰ আমোলত ৷ সম্পূৰ্ণ হলগৈ মোদী চৰকাৰৰ হাতত ৷ ২০০৭ চনৰ ১৪ ছেপ্টেম্বৰত ইউ.পি.এ. চৰকাৰে ধাৰ্য কৰা প্ৰকল্প-ব্যয় আছিল ৫০৫.৪০ কোটি টকা ৷ গৈ গৈ ২,০৫৬ কোটিত দলংখন পোৱা গল ৷ ১৯৫০ৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত, বান-বিধ্বস্ত, খহনীয়া-আক্ৰান্ত শদিয়াৰ আগৰ নিমাওমাও ৰূপটোলৈ, নৈপৰীয়া শদিয়াবাসীৰ জীৱন-পৰিক্ৰমালৈ লাহে লাহে পৰিৱৰ্তনৰ বতাহ বলিব ধৰিলে ৷ আগতে এবাৰ (১৬.৪.২০১৫) ঘাটলৈ যোৱা বাটটোনো কেনেকুৱা ৰূপত আছে ? চাম চাম বুলি আহি আছিলোঁ যদিও নস্তালজিকতা আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত সমূলি পাহৰিয়েই থাকিলোঁ ৷
চপাখোৱাত বাছখন এখন্তেক ৰল ৷ সিবাৰ আহোঁতে শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত থাকি পংপঙাই গোটেইখন চাই ফুৰিছিলোঁ, অকলে অকলে ৷ গতিকে পৰিৱেশ একেবাৰে অচিনাকি নহয় ৷ ভৱিষ্যতৰ আগজাননীৰ সুৰেৰে সিহঁতক তেতিয়াই কৈছিলোঁ, আহকচোন ডিচেম্বৰ-জানুৱাৰী ৷ মানুহবোৰে তিনিচুকীয়া, শদিয়াৰ সীমা চেৰাই আৰু আগলৈ যাব ৷ গাড়ী লৈ পুটুক-পুটুক ঢাপলি মেলিব মোহনীয়া অৰুণাচলৰ ডিবাং ভেলীলৈ ৷ ইমানদিনে অনাৱিষ্কৃত হৈ ৰোৱা ডিবাং উপত্যকাৰ অন্তহীন ৰূপ-মাধুৰী লোকচক্ষুৰ পোহৰলৈ আহি যাব ৷ বিশেষকৈ, সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাৰ মায়ডিয়া গিৰিপথত কাশ্মীৰসদৃশ প্ৰাকৃতিক পৰিৱেশত বৰফ দলিওৱা-দলি খেল খেলিবগৈ ৷ পাবগৈ হুনলি, আনিনি ৷ দেখিছোঁ, ভবাৰ দৰেই কথাবোৰ হুবহু প্ৰতিপন্ন হৈছেহি ৷ নিজেও আহিলোঁ আকৌ এবাৰ ৷ পামগৈ অনেক দূৰণি ৷ ভাবিয়ে নিজকে কিবা সুখী সুখী অনুভৱ হৈছে ৷ এতিয়া নোসোমালেও ঘূৰি যাওঁতে সিহঁতহালক এবাৰ দেখা কৰি যাব লাগিব ৷ (ক্ৰমশঃ)