Friday, 27 March 2020

২.৬ অৰুণাচলে ৰিঙিয়াই



মঞ্জিলে উনক মিলতী হে,
জিনকে স্বপ্ন মে জান হতী হে
সিৰ্ফ পংখ
ছে কুছ নেহী হতা দস্ত,
ছল ছে’ উড়ান হতী হে
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তিনিচুকীয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি অলপ আগেয়েষ্টাৰ্টিং পইণ্ট অফ আছাম ত্যাগ কৰাৰ পাছত নিৰজুলি এতিয়া চলি আছে আমাৰ চুবুৰীয়া বহিঃৰাজ্য অৰ্থাৎ ভাৰতৰ প্ৰথম সূৰ্য উঠা প্ৰদেশখনৰ মাটিত ৷ অসম-অৰুণাচলৰ ভৌগোলিক সীমা চেৰাই গাড়ীখনে গহীনত গতি কৰি আছে ৷ সুদূৰত দেখা পাই থকা সেউজীয়া পৰ্বতমালাৰ বুকুলৈহে যেন ঢপলিয়াইছে, বাছখনে ৷ চৌদিশৰ পৰিৱেশ-পৰিস্থিতি সোনকালেই সলনি হৈ আহিল ৷ মিছিমি চাংঘৰবোৰ পিছলৈ দৌৰিব ধৰিছে ৷ কোনোবা কোনোবা চাঙত ফুলাম গামোচা মেলি থোৱাটোও মোৰ চকুত পৰিছে ৷ দেখি কিবা এটা ভাল লাগিছে ৷ স্পীড ব্ৰেকাৰৰ আধিক্যই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গতিলৈ স্থবিৰতা ননা নহয় অৱশ্যে ৷ তথাপিও ভাল লাগিছে ৷ যানবাহনৰ সংখ্যা তাকৰ ৷ যাত্ৰীৰ উঠা-নমা কম ৷ এটা সুন্দৰ-সুখকৰ পুৱা ৷ অজান আনন্দই কোবাই আছে কৌতূহলী মনটোক ৷
অৰুণাচলৰ কুমাৰী প্ৰকৃতিয়ে যাক এবাৰ লম্ভে তাক সতকাই নেৰে বুলি ডায়লগ এটা আছে ৷ মোৰ ক্ষেত্ৰত এইটো বাৰুকৈয়ে খাটিছে যেন লাগে ৷ ওখ, জোঙা পৰ্বতবোৰে অনৱৰতে ৰিঙিয়ায়ে থাকে ৷ খৰস্ৰাতা জুৰি-ঝৰণাই উকিয়ায়ে থাকে ৷ সঁহাৰি জনাওঁ ইবাৰৰ পাছত সিবাৰকৈ ৷ সোমাই পৰোঁ সেউজ অৰণ্যানীৰ অভ্যন্তৰত ৷ নতুন পুলকেৰে প্ৰাণ ভৰাই পঠায় প্ৰকৃতিয়ে ৷ কৃপণালি নাই ৷
এতিয়াও, ক্ৰমান্বয়ে স্পষ্ট হৈ আহি থকা পৰ্বতশ্ৰেণীৰ ভিতৰৰে কোনোবাখিনিত আছে মোৰ হেঁপাহৰ ভ্ৰমণথলী আনিনি ৷ তাতেই লুকাই আছে বৰফথলী মায়ডিয়া ৷ আৰু আছে যাবলগীয়া জেগা কিছুমান যেনে আচ্‌হিছ', ডেমবিউন, ইটালিন, হুনলি, ১২ গোলাই ইত্যাদি ৷ দিশবিলাকহে সঠিকভাৱে ধৰিব পৰা নাই ৷ শৰীৰটো চিটত বহি আছে যদিও পাখি মেলা মনটো ইতিমধ্যে ৰয়িং পাইছেগৈয়ে ৷ জিবি প, চ তায়ুৰ লগতে তেজু নিবাসী মোৰ একালৰ মৰমৰ সহপাঠী ধৰ্মেনলৈ (যাক লগৰবোৰে ডফলা বুলি খুব জোকাইছিল আৰু মই নোজোকোৱাত বেচেৰাই মোৰ ওচৰতে আশ্ৰয় লৈছিলহি) মনত পৰি আছে ৷ ইয়াৰে চ তায়ুক মই কাহানিও দেখাও নাই, লগো পোৱা নাই ৷ মাতষাৰহে ফোনত দুবাৰ শুনা পাইছিলোঁ ৷ ইফালে তেৱেঁই আকৌ মোৰ এই যাত্ৰাটোৰ লিংকমেন ! কি হবগৈ, কত কেনেকৈ মিলায়, ঈশ্বৰেহে জানে ৷ যোগাযোগ এতিয়াও নাই পোৱা ৷ এনেয়ে ডায়েল কৰি চালোঁ দুবাৰ ৷ পৰ্বতৰ গহ্বৰত যেন হেৰাইহে থাকিল মানুহটো ! ইয়াকে কেন্দ্ৰ কৰি ভিতৰি টেনচন এটা নথকা নহয় মোৰ ৷ তথাপিতো, যি হয় হব বুলি আহি আহি অসম পাৰ হৈ গলোঁ ৷
অৰুণাচল প্ৰদেশৰ পূব খণ্ডৰ লোহিত, ডিবাং ভেলী, লৱাৰ ডিবাং ভেলী, আঞ্জাৱ, নামচাই আদি জিলাকেইখনৰ ৰাজনৈতিক তথা প্ৰশাসনীয় বুৰঞ্জী এতিয়াৰ পৰা প্ৰায় ১০০ বছৰৰো অধিক পুৰণি ৷ তাক জানিবৰ বাবে উভতি যাব লাগিব ১৯১৪ চনলৈ ৷ ব্ৰিটিছ-ভাৰতৰ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল ৷ এই খণ্ডসমূহ চোৱা-চিতাৰ অৰ্থে প্ৰতিটো খণ্ডতে নিয়োগ কৰা হৈছিল একোজনকৈ ৰাজনৈতিক বিষয়া ৷ ১৯১৯ চনত কেন্দ্ৰীয় আৰু পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নতুনকৈ গঠন কৰিলে ৷ তিনিওখন জিলাৰ একেলগ হৈ থকা পূৰ্বৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল ৷ মুখ্য কাৰ্যালয় শদিয়া ৷ ২৪ বছৰৰ পাছত, ১৯৪৩ চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হয় ৷ স্বৰাজোত্তৰ কালত, ১৯৪৮ চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিছিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিছিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয় ৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনীয় বিধি-ব্যৱস্থাৰ অধীনলৈ আহে ৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৬২ চনলৈকে এই বৃহৎ এলেকাটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অৰ্থাৎ নেফা নামেৰে জনাজাত আছিল ৷ মুখ্য কাৰ্যালয় শ্বিলং ৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫ চন পৰ্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল ৷ ১৯৭২ চনৰ ২০ জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নাম দিয়া হয় ৷ তদানীন্তন গৱেষণা সঞ্চালক বিভাবসু দাস শাস্ত্ৰীয়ে ৰাজ্যখনৰ এই নামকৰণ কৰিছিল ৷ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে অৰুণাচল প্ৰদেশে ৷ ২০ এপ্ৰিল ১৯৭৪ তাৰিখৰ পৰা ইটানগৰ ইয়াৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে ৷ তাৰ পূৰ্বে নাহৰলগুনৰ পৰাই প্ৰশাসনীয় কাম-কাজ পৰিচালনা কৰা হৈছিল ৷
১৯৫২ চনৰ ১৩ আগষ্টত মিছিমি হিল্‌ছ ডিষ্ট্ৰিক্টৰ সদৰ স্থান ঘোষিত হৈছিল তেজু ৷ ১৯৫৪ চনত উক্ত জিলাখনৰ নাম সলনি কৰা হয় লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে ৷ ১৯৫৬ চনত ৰয়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন কৰা হৈছিল ডিবাং ভেলী ৷ ১৯৬৫ চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন সলাই নাম দিয়া হল লোহিত জিলা ৷ ১৯৮০ চনৰ ১ জুনত নতুনকৈ ডিবাং ভেলী জিলাখন গঠন কৰা হল আনিনিক সদৰ হিচাপে লৈ ৷ ৪ ডিচেম্বৰ ২০০৩ তাৰিখে গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি লোহিত জিলাক ফালি হাৱাইক প্ৰশাসনীয় মুখ্যালয় হিচাপে লৈ ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে জন্ম হল আঞ্জাৱ জিলা ৷ শেহতীয়াভাৱে, ২০১৩ চনৰ ১৩ মাৰ্চত গৃহীত জিলা পুনৰ্গঠন বিধেয়কৰ অধীনত ২০১৪ৰ ১৫ আগষ্টত নামচাইক সদৰ হিচাপে লৈ লোহিতৰ পৰাই সৃষ্টি হল নামচাই জিলা ৷
প্ৰশাসনীয় সুবিধাৰ কাৰণে এনেকৈয়ে সময়ে সময়ে ৰাজ্যখনৰ এইটো প্ৰান্তৰ ভৌগোলিক মানচিত্ৰৰ অনেক সাল-সলনি ঘটাই অহা হৈছে ৷ আমি নেৰিষ্টত পঢ়ি থকাৰ সময়ত জিলাৰ সংখ্যা আছিল ৭খন মাত্ৰ ৷ এতিয়া ২৫খন ৷ সম্প্ৰতি চফৰ কৰি থকা জিলাখন হৈছে লৱাৰ ডিবাং ভেলী ৷ পূৰ্বৰ ডিবাং ভেলী জিলাৰ পৰা কাটি আনি ২০০১ চনত এই জিলা গঠন কৰা হৈছিল ৷ সদৰ ঠাই ৰয়িং ৷ (ক্ৰমশঃ)

No comments:

Post a Comment