Sunday, 22 March 2020

২.২ নিৰজুলি বাছেৰে ৰয়িঙলৈ



কালবিলম্ব নকৰি ষ্টেচন য়াৰ্ডৰ মুখৰ পৰা টেম্পৰে মোৰ ভ্ৰমণৰ পৰৱৰ্তী খেপটো আৰম্ভ কৰি দিয়া হল ৷ বেছি সময় নালাগিল, সিজুগুৰিৰ পৰা এ. টি. ৰডেৰে আগুৱাই বাছ ষ্টেণ্ড পাই গলোঁ ৷ নামোঁতেই ৪জনীয়া যাত্ৰীদল আৰু চালকৰ মাজত প্ৰচণ্ড কথা কটা-কটি আৰম্ভ ২০ টকাৰ জেগাত ৩০ টকা কিয় লবি ? ঘোঁচা মাৰেই আৰু ৷ উত্তৰত চালকে গহীনাই কৈছে দিনত ২০ টকা লওঁ, ৰাতি ৩০ ৷ একো নামাতি নিৰাপদ দূৰত্বৰ পৰা মই আলেখ-লেখ চাই আছোঁ ৷ ৫ বাজি পাৰ হৈছে যদিও চৌপাশে এতিয়াও অন্ধকাৰৰ জয়গান ৷ সেয়ে বোধ কৰোঁ ৰাতি বুলিয়ে ধৰা হৈছে ৷ অগত্যা ৩০ টকাই দিবলগীয়া হল ময়ো ৷
নিৰজুলি বাছখন পথটোৰ সিপাৰে অৱস্থানৰত ৷ সন্মুখৰ আইনাত নামষাৰ ডাঙৰকৈ লিখা আছে ৷ তিনিচুকীয়া টু ৰয়িং, অৰ্থাৎ এইখন তিনিচুকীয়াৰ পৰা ৰয়িঙলৈ চলে ৷ পূৰ্বৰ অভিজ্ঞতাৰ আলোকত কাকো নোসোধাকৈ ঠিকমতেই উলিয়ালোঁহি জেগা আৰু গাড়ীৰ সন্ধান ৷ বাছখনৰ ভিতৰত উঠিবলৈ লৈ চাওঁ যে অৰুণাচলী যুৱতী দুজনী ৷ দুয়ো দুফালে খিৰিকীৰ কাষলৈ বহি মবাইলৰ স্ক্ৰীণত মনোনিৱেশ কৰি আছে ৷ চিট এটাত বেগ ৰাখি নামি আহিলোঁ ৷
হৈ যোৱা বৰষুণজাকে জাৰ নমাইছে ৷ টুপীটোৰে কাণ দুখন ভালকৈ ঢাকি লৈছোঁ ৷ কাণ দুখনেই আচল অংগ ৷ এক কথাত ভেণ্টিলেটৰ ৷ এনেকুৱা মুহূৰ্তত এই দুই বায়ুপথ উন্মুক্ত ৰখাটো চূড়ান্ত বুৰ্বকামি হব ৷ ৰাখিব পৰা নযাবও চাগৈ, একেলেথাৰিয়ে কেইবাদিনলৈ ৷ কিয়নো যিমানে ওপৰলৈ উঠিম, ঠাণ্ডা ক্ৰমাৎ বাঢ়িবহে ৷
অকণমান আগত ৰাস্তাৰ দাঁতিতে চাহ বিক্ৰেতা মুনিহ-তিৰোতা এহাল ৷ কি ভাগ্য ! পাই গলোঁ লালচাহ আৰু বিস্কুট ৷ তামোল-পাণ আছিলেই মোৰ লগত, ঘৰৰ পৰাই মায়ে কাটি দি পঠোৱা ৷ এখন চোবাই দিয়াৰ পাছতে দেহা-মন কিবা ৰঞ্জিত ৰঞ্জিত লাগি গল ৷ ইনাৰ লাইন পাৰ্মিটখন কত থৈছিলোঁ, এনেয়ে এবাৰ মনত পেলাই চালোঁ ৷ যাওঁতে শান্তিপুৰ গেটত দেখুৱাব লাগিব ৷
বোধ হয় গাড়ীখনৰে মানুহ হব, দীঘলকৈ সুৰ লগাই চিঞৰি এজনে যাত্ৰী মাতিব ধৰিছে ৷ উঠি যাওঁতেই টিকট ফালি হাতত দি ভাড়াৰ পইচাও লৈ আছে ৷ এই সুযোগতে ময়ো নিজৰ চিটটো গজগজীয়া কৰি ললোঁ ৷ তাৰ পাছত তেওঁৰ লগতে কথা পতাত লাগি গলোঁ, তলতে ৰৈ ৷ কেইটাত এৰিব বাছখন ? সুধিলত ৫টা ৪৫ত বুলি কলে ৷
সময়ানুপাতে বাহন সলনি হৈছে যদিও নিৰজুলি বাছ সেৱা বহুত পুৰণা ৷ দলং নোহোৱাৰ দিন ধৰি যাত্ৰী কঢ়িয়াই আহিছে ৷ মাল-বস্তু সৰবৰাহেৰে ইপাৰ-সিপাৰৰ জনসাধাৰণক সকাহ দি আহিছে ৷ বাছখনৰ নামটোৰ তাৎপৰ্য নাজানো ৷ কিন্তু মই পঢ়ি অহা কাৰিকৰী শিক্ষানুষ্ঠান নেৰিষ্টখন যত আছিল, অৰুণাচল প্ৰদেশৰ সেই জেগাটুকুৰাৰ নামটোও একেই, নিৰজুলি ৷ ভাবিলেই কিবা যেন এক আত্মিক সংযোগ বিচাৰি পাওঁ ! গভীৰ নস্তালজিয়াত ভোগা যায় কৰবাত এই নামটো লিখি থোৱা দেখিলে বা শুনিলেই ৷
অপেক্ষাৰ পাছত অপেক্ষা ৷ যেন ধৈৰ্য-পৰীক্ষা ! কত ৫টা ৪৫ত, ৬ বাজি ১০ মিনিট পাৰ হল ৷ তেতিয়াহে এৰিলোঁ তিনিচুকীয়া ৷ (ক্ৰমশঃ)

No comments:

Post a Comment