মাকুম ৰ’ডেৰে গহীন গতিৰে আগ বাঢ়িছে ‘নিৰজুলি’ ৷ মাকুম, ডুমডুমা, তালাপ, ডাঙৰী, ধলা গাঁও তিনিআলি ই্ত্যাদি সৰু-বৰ জনপদবোৰ এখন এখনকৈ পাৰ কৰাই আনিছে ৷ সুন্দৰকৈ মনত আছে, এইটো
পথেৰে আগৰবাৰ আহিছিলোঁ ২০১৭ৰ ২৬ মে’ৰ দিনাখন ৷ উদ্দেশ্য, নতুন দিগন্তৰ সূচনাকাৰী ধলা-শদিয়া দলংখন খোজ কাঢ়ি অতিক্ৰম
কৰা ৷ লগত আছিল ধৰ্মপত্নী ৷ আগদিনাখন মাত্ৰ, বিশাল ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন
কৰা হৈছিল আৰু উছৰ্গা কৰা হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৷ দেশৰ মাননীয়
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ দামোদৰদাস মোদী আহিছিল ৷ ৰঙা ফিটা কাটিছিল, নৈৰ ওপৰত নিৰ্মিত ভাৰতৰ ভিতৰত আটাইতকৈ
দীঘল সেতুখনৰ ৷ ঘৰত টেলিভিচনৰ পৰ্দাত আমি লাইভ চাই আছিলোঁ ৷ সেই মুহূৰ্ততে মনত ইচ্ছা এটাই উক্মুকাইছিল
৷ সেই ইচ্ছাই প্ৰবল ৰূপ ধাৰণ কৰিছিল মগজুত ৷ শৰীৰৰ সদৰ্থক সঁহাৰি পাই সাকাৰো হৈছিল সেই ইচ্ছা, ঠিক পিছদিনাখনেই ৷
ঘূৰি গৈ ঘৰ পায়ে নিজে মুখামুখি হোৱা সত্যখিনিৰ আলম লৈ ‘অকব’ত ধাৰাবাহিকভাৱে উপস্থাপন কৰিছিলোঁ সচিত্ৰ ভ্ৰমণ-লেখা ‘শদিয়ালৈ গ’লো, দীঘল দলং চালোঁ’ ৷ যোগসূত্ৰ ৰক্ষা কৰি সেই ৰচনা পঢ়িছিল ১০গৰাকীমান আগ্ৰহী পাঠকে ৷ অপ্ৰিয় যদিও সঁচা যে ভ্ৰমণ কাহিনীৰ পাঠক আৰু অসমীয়া ভাষাত ৰচিত ভ্ৰমণসুৰীয়া কিতাপৰ সংখ্যাটো সাহিত্যৰ আন আন বিভাগসমূহৰ তুলনাত অনেকগুণে সৰু ৷ তাৰে উপলব্ধিত হয়তো, কোনো কোনোৱে তেতিয়া জোৰকৈয়ে কৈছিল, কিতাপ উলিয়াব লাগে বুলি ৷ পিছে প্ৰাণৰ আনন্দত ডুব যোৱাৰ স্বাৰ্থত হিয়া উজাৰি লেখা-ধেমালি কৰি থকাৰ বাদে কিতাপৰ নামত গাঁঠিৰ ধন ভাঙিবলৈযে মন মোৰ অকণো নাই, বুজাওঁনো কিদৰে ? পেছাগতভাৱে আনৰ পুস্তক ছপা কৰোঁতেই বিষময় বহুত কথাৰ উমান পাওঁ ৷ তাতোকৈ নালাগে, আকৌ ক’ৰবালৈ ওলাম, পৃথিৱীখন নোৱাৰিলেও চুক এটা চাম, সেয়াই ভালচোন ৷
সি যি কি নহওক, মোৰ হৃদয়ৰ গোপন তাগিদাৰে, ভ্ৰমণ পিপাসুসকলৰ মাজৰ কিমানক উক্ত লিখনিৰ জৰিয়তে সঠিক দিক্দৰ্শন দিব পাৰিলোঁ, কিমানজন উত্তেজিত হ’ল, দলং চাবলৈ নিজে গ’ল, আমাৰ দৰে খোজ কাঢ়ি পাৰাপাৰ হ’ল, ব্লগত মুক্ত আৰু সহজলভ্য কৰি ৰখা তথ্যভাণ্ডাৰৰ গইনা লৈ নিজেও লিখিলে একলম, সেইবোৰ একো জনাৰ সৌভাগ্য নহ’ল ৷ কিন্তু ঈশ্বৰৰ কি ইচ্ছা, পুনৰবাৰ অহাৰ সুযোগ এয়া পাই গ’লোঁ ! দলঙে যেন আকৌ এবাৰ ৰিং মাৰিলে মোলৈ ৷ সিবাৰ ৯.১৫ কিল’মিটাৰ অবিৰত পদচালনাৰে, এইবাৰ ঐতিহাসিক নিৰজুলি বাছত আৰামত বহি বহি ৷

আনন্দদায়ক আৰু ৰোমন্থনযোগ্য স্মৃতি কিছুমান মন-মগজুত থাপি লৈ মহাসেতুৰ ওপৰেৰে যাব
ধৰিছোঁ ৷ তলত স্বাভিমানী লোহিত (বহুতে ভুলতে ভবাৰ দৰে ব্ৰহ্মপুত্ৰ নহয়) ৷ পানী এতিয়া কম ৷ বালিচৰ বেছি ৷ যাত্ৰীসকললৈ মন কৰিলোঁ
৷ ভাবলেশহীন মুখাবয়ব ৷ চকুবোৰো যেন শেঁতা পৰা ৷ দলং কিম্বা নদী কিম্বা লোহিতখনৰ দুয়ো পাৰৰ বিস্তৃত সৌন্দৰ্য চাবৰ বাবে কাৰো যেন কোনো উত্তেজনাই নাই ! টোপনিওৱাৰ
অভ্যাস থকাসকল সুখনিদ্ৰাত ৷
ৰং পুৰণা হ’লে কথাবোৰ এনেকুৱাই হয়গৈ ৷ সেয়ে অভিযান বুলিলে নতুনতে হ’ব লাগে, গৰমে গৰমে ৷ তাকে সাৰোগত কৰি ধলা-শদিয়া সেতুৰ পৰৱৰ্তী আমি দুয়ো পতি-পত্নী ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নৱনিৰ্মিত দলং বগীবিল পাইছিলোঁগৈ, একেটা উদ্দেশ্যৰেই, উদ্বোধনৰ পিছদিনা (২৬ ডিচেম্বৰ ২০১৮)খনেই ৷ খোজ কাঢ়ি অতিক্ৰম কৰিলোঁ ৪.৯৪ কিল’মিটাৰ দৈৰ্ঘৰ সেইখনো ৷ সেয়া অন্য কাহিনী ৷ লিখিবলৈ এতিয়াও বাকীয়ে আছে অথোন ৷ ভাবিলেই আনন্দ লাগে ৷ বুজাব নোৱাৰা আনন্দ জাগে ৷ দলঙৰ তলেৰে বৈ থকা এই লোহিতখন ভাৰতত সোমোৱা বাটটোওযে মই দেখিছোঁ, সেইটো ভাবিলে আৰু বেছিকৈয়ে আনন্দ লাগে ৷ অভিজ্ঞতাই অনা আনন্দ এয়া ৷ জীৱন মানেইতো অভিজ্ঞতাৰ যাদুঘৰ ৷

এতিয়াও, আনৰ কিবা উত্তেজনা, আনন্দ থাকক-নাথাকক,
মোৰ হ’লে আছে ৷ মোৰ বাবে এই মুহূৰ্ততো
এয়া এক সুখযাত্ৰাই ৷ ২,০৫৬ কোটিটকীয়া মহাসেতুখন এইবাৰ এখন ঐতিহাসিক বাছেৰে পাৰ হোৱাৰ
সুযোগ আহিল ৷ সুযোগ আহিল ব্ৰহ্মপুত্ৰৰ আন এখন মূল উপনৈ ডিবাঙৰ আগলি অংশ স্বচক্ষে চোৱাৰ ৷ মোৰ আনিনি যাত্ৰাৰ অন্যতম অন্তৰ্নিহিত উদ্দেশ্য ইও এটা ৷ লক্ষ্য বান্ধি থৈছোঁ যে এই তিনি উপনৈ ক্ৰমে লোহিত, ডিবাং আৰু ছিয়াঙৰ অগ্ৰভাগ দৰ্শন কৰিবই লাগিব, এইটো জীৱনকালতে ৷ তেহে সম্পূৰ্ণ হ'ব ব্ৰহ্মপুত্ৰ দৰ্শন, যাৰ নাম দিছোঁ ব্ৰহ্মপুত্ৰ পৰিক্ৰমা ৷ নিজস্ব চিন্তাৰে সজাই ৰখা এটা টুৰিষ্ট চাৰ্কিট ৷
শদিয়া অঞ্চলটোৰ পূৰ্বতে থকা ক’লীয়াপানী, ঘোঁকট, অজান্তি-মুলুক,
উপেক্ষিত আদি বদনামবোৰ তেনেই শূন্য কৰি দিলে এই দলংখনে ৷ ধলাৰ ছৈখোৱা ঘাট, শদিয়াৰ কুণ্ডিল
ঘাট আদি পাৰঘাটবোৰ কাৰ্যতঃ ইতিহাস হ’ল ৷ ভাবি ভাল লাগিছে যে বিষাদৰ সুৰ বুকুত লৈ অন্তিম-যাত্ৰা কৰাৰ আগতেই সেই দুই ঘাট
স্পৰ্শ কৰি বিপদসংকুলতাক হাতৰ মুঠিত লৈ পাৰাপাৰ নেদেখা লোহিতখন পাৰ হোৱাৰ সুযোগ
কিম্বা অভিজ্ঞতাকণ আহৰণ কৰি থৈছোঁ, দলং হৈ উঠাৰ আগতেই, ১৬.৪.২০১৫ তাৰিখত ৷ গতিকে আক্ষেপ কৰিবলগীয়া
নাই ৷ সঞ্চিত অভিজ্ঞতাৰ সবল ভেটি পাই নস্তালজিয়াইহে মোক এতিয়া আগুৰি ধৰিছে, বাছখনৰ গতিৰ সমানে সমানে ৷ চিনেমাৰ
ৰীলৰ দৰে পুৰণা ছবিবোৰ মনৰ পৰ্দাত এফালৰ পৰা অহা-যোৱা কৰিব ধৰিছে ৷
তিনিচুকীয়া অভিমুখী এই নিৰজুলি বাছখন আমি খোজ
কাঢ়ি থাকোঁতে মুখামুখিকৈ পাইছিলোঁ তেতিয়া ৷ ফটো এখন মোৰ সংৰক্ষণত আজিও আছে ৷ আৰু
পাইছিলোঁ শদিয়াৰ পুৰণি যাত্ৰীবাহী বাছ অগ্নিগড়, নয়নমণি ৷ লগতে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ
ৰঙা বাছো ৷ এতিয়া সেই নিৰজুলি বাছতে নিজে বহি গৈ আছোঁ ৷ ভাবিলত কিবা এটা ভাল লাগি গ’ল ৷
একে সময়তে মনত পৰিল বিনোদ বৰগোহাঁইলৈ ৷ ডিব্ৰু-ছৈখোৱাত কৰ্তব্যৰত বনৰক্ষী আছিল তেওঁ ৷ ঘৰ চপাখোৱাৰ ৯ মাইলত ৷ আকস্মিকভাৱে চিনাকি হোৱা অচিনাকি মানুহজনৰ সৈতে ভূপেন হাজৰিকা দলঙৰ ওপৰেদি একেলগে খোজ দিছিলোঁ ৷ এতিয়া ক’ত আছে, কি কৰিছে, একো নাজানো ৷ এনেকৈয়ে যাত্ৰাপথত অচিনাকিও চিনাকি হয়, চিনাকিও আকৌ নাপাত্তা হয়গৈ ৷

সদ্যহতে মন কৰিলোঁ অন্য এটা কথা ৷ সেই তেতিয়াই সজোৰে ঘোষণা কৰা হৈছিল যে বিশ্বভ্ৰাতৃত্ব আৰু বিশ্বশান্তিৰ প্ৰবক্তা, অমৰ সংগীতজ্ঞ ডক্টৰ
ভূপেন হাজৰিকাৰ জীৱনজোৰা সাধনাক চিৰযুগমীয়া কৰি ৰখাৰ অভিপ্ৰায়েৰে এই সেতুখনৰ সমীপত
আঞ্চলিক সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ এখন চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি তোলা হ’ব ৷ প্ৰকল্পটোৰ যথাযথ ৰূপায়ণ কোনফালে
কি হৈছেনো বুলি ডিঙি মেলি মেলি দুয়োফালে চালোঁহে চালোঁ, নেদেখিলোঁ হ’লে ৷ প্ৰতিশ্ৰুতি আৰু সত্যৰ মাজত
দূৰত্ব থাকেই অৱশ্যে ৷ সেয়া আমি জানো ৷ দলঙৰ ওচৰতে হেলিপেড নিৰ্মাণ কৰা হ’ব বুলিও কথা ওলাইছিল ৷ মোৰ চকুহালেহে
প্ৰতাৰণা কৰিলে নেকি জানো, ধৰিবই নোৱাৰিলোঁ, ক’তনো সাজি থ’লে ৷
তিনিচুকীয়াৰ পৰা চপাখোৱা
৭০ কিল’মিটাৰৰ ওচৰা-উচৰি ৷ দলঙৰ এই মূৰৰ
পৰা নিকটৱৰ্তী চীন সীমান্তলৈ বতাহত ১৫০ নে ১৬০ কিল’মিটাৰমানহে বুলি শুনিছিলোঁ ৷ চপাখোৱালৈ আৰু ১৭ কিল’মিটাৰ বাকী ৷ সুকলমেই দীঘল দলংখন পাৰ হৈ আহিল নিৰজুলি ৷ (ক্ৰমশঃ)
No comments:
Post a Comment