এনেয়ে মতলীয়া হৈ পৰিছে মন, তাতে পাছদিনাখন (২৮.১.২০) পুৱাতে ফে’চবুকৰ DIBANG AN INCREDIBLE VALLEYত পুনৰবাৰ চাবলৈ পালোঁ ফটোগ্ৰাফাৰ
অগ্নি মিহুৰ আলোক-চিত্ৰ ৷ মঞ্চসজ্জা আৰু পৰম্পৰাগত চাংঘৰটোৰ বাহিৰে-ভিতৰে তোলা মনোযোগ
আকৰ্ষক ছবি ১০খনৰ সৈতে লিখা আছে তেনেই সামান্য কথা…
Stage decoration and completed view
(outside, inside) of traditional bamboo house of Idu Mishmi tribe for upcoming
Reh Festival. Feb 1st. - Feb 3rd.
৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী তাৰিখলৈকে ৰ’য়িং, আনিনি আৰু আচ্হিছ’ত বতৰৰ ৰেহৰূপ কেনেকুৱা হ’ব ? গৰম-ঠাণ্ডাৰ
মাত্ৰা কিমান হ’ব পাৰে ? যাত্ৰাৰ আগে আগে এইবোৰ জানি যোৱাটো বুদ্ধিমানৰ কাম ৷ সেয়েহে ইণ্টাৰনে’টত তিনিও স্থানৰ
একু-ৱেদাৰ ৰিপ’ৰ্ট তৎপৰতাৰে
লক্ষ্য কৰি আছোঁ ৷
বতৰৰ আগলি বতৰা অনুসৰি ডাৱৰীয়া, বৰষুণীয়া, ৰ’দালী আকাশৰ আগজাননী আহিছে ৷ ৰ’য়িঙত সৰ্বোচ্চ
উষ্ণতা ২৫ ডিগ্ৰী চেলচিয়াচ আৰু সৰ্বনিম্ন উষ্ণতা ৯ ডিগ্ৰী চেলচিয়াচ দেখুৱাইছে ৷ আনিনিত
+১১ আৰু -৪ ৷ আচ্হিছ’ত সৰ্বোচ্চ +৪, সৰ্বনিম্ন -৯ ৷ ৰ’য়িঙতহে অকণমান গৰম, প্ৰায় আমাৰ ডিফুখনৰ দৰেই ৷ নিশ্চিত হৈছোঁ যে এই সময়ছোৱাত মায়’ডিয়াত তুষাৰপাত উচ্চ হাৰত ঘটিব আৰু যাওঁতে-আহোঁতে
ভৰপূৰ ৰূপত বৰফ দেখিবলৈ পাম, ছবিত দেখাৰ দৰে ৷ ইয়াকে ভাবি আনন্দ লাগিছে ৷ কাহানিও নেদেখা দৃশ্য চাবলৈ, কাহানিও নোপোৱা অভিজ্ঞতা ল’বলৈ উত্ৰাৱল
হৈ আছোঁ ৷ এক কথাত কিন্তু সংশয়ো জাগিছে এই ভাবি যে অতিপাত ঠাণ্ডা পৰিব পাহাৰৰ অভ্যন্তৰত ৷ গৰম
কাপোৰ লগত ভালকৈ নিব লাগিব ৷ অধিক বোজা কঢ়িয়াবৰো ইচ্ছা নাই পিছে ৷
প্ৰস্তুতি পৰ্যায়ৰ অধ্যয়নৰ সমান্তৰালভাৱে পুৰণা দস্তুৰ অনুযায়ী
লগত নিবলগীয়া দৰকাৰী সামগ্ৰীসমূহৰ লিষ্ট এখন তৈয়াৰ কৰি আছিলোঁ ৷ সময় সন্নিকটলৈ অহাত ক্ৰমান্বয়ে এপদ এপদকৈ যা-যোগাৰত হাত দিয়া হ’ল ৷ বতৰৰ গতি-গোত্ৰ চাই বুজি
উঠিছোঁৱে যে গৰম কাপোৰ এগালমান হ’লেই নহ’ব ৷ উষ্ণতা ধাৰণ ক্ষমতা পৰীক্ষা কৰি
শুদ্ধখিনি লোৱাটোহে জৰুৰী ৷ নহ’লে ঠগ খোৱাৰ
ভয় আৰু পিঠিত মিছাতে হাৰমালহে হ’বগৈ ৷ সেয়ে দকৈ ভাবি-চিন্তি সিদ্ধান্ত
কৰিছোঁ, কি কি নিম লগত, ৰাক্চেকত কি কি সুমুৱাম ৷
চ’ক’ তায়ুএ সিদিনা ফোনত
কৈছিল… আনিনিত বহুত
ঠাণ্ডা ছাৰ ৷ আচ্হিছ’ততো ক’বই নালাগে ৷ গতিকে ভাল চাই জেকেট
আনিব ৷ জোতাক লৈ দোধোৰ-মোধোৰ লাগি থকাত সেই বিষয়েও সুধিছিলোঁ ৷ ক’লে… আনিনি মে’ কীচড় জ্যাদা
হে’ ৷ আপ গামবুট
লে’কে’ আয়িএ ৷ ঘূৰাই
সুধিলোঁ, বোলো… স্পৰ্টছ শ্বুজ ? উত্তৰটো তেওঁ স্পষ্টকৈয়ে দি দিলে… স্পৰ্টছ শ্বুজ
ত’ নেহি চলেগা
ছাৰ ৷ মোৰ ইফালে গামবুট, স্ন’বুট নাই৷ পিন্ধাৰ অভ্যাসো নাই ৷
ছুম’ত চিট বুকিং হোৱাৰ সুবাদত অনিশ্চয়তা
বিষয়টো অকণমান শাম কটাত গাটো লাহেকৈ লৰিছে ৷ পত্নীক লগত লৈ ডিমাপুৰ পালোঁগৈ এটা ভাল জেকেট,
মোজা আৰু টুপীৰ সন্ধানত ৷ আনহাতে অভিজ্ঞতাই শিকাই থৈছে যে শীতল জেগাত মূল বস্ত্ৰভাগ হৈছে এযোৰ ভাল থাৰ্মেল ক’ট, ইনাৰ ৷ এই বিশেষ সাজ বিচাৰি ডিফু বজাৰ চলাথ কৰাৰ অন্তত ভাগ্যক্ৰমে যেনিবা এঠাইত পচন্দৰ আৰু উপযুক্ত এবিধ পাই গ’লোঁ ৷ খুব স্ফূৰ্তি
লাগিল ৷ ট্ৰায়েলো চোৱা হ’ল বস্ত্ৰসমূহৰ ৷
পূৰ্বৰ কেইবাটাও এড্ভেনচাৰ ট্ৰিপৰ সংগী অৰূপদা
(অৰূপ কলিতা)ই মোক নিজৰ ৰেইনকোট, হাতমোজা আনকি ভৰিত পিন্ধা মোজা এযোৰো দিলে ৷ তদুপৰি আমাৰ ঘৰলৈ
আহি কাপোৰ-কানিকে ধৰি মই নিবলগীয়া বস্তুকেইপদ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে আৰু সন্তুষ্টি প্ৰকাশ কৰি গ’ল ৷ জোতাযোৰৰ বিষয়তহে প্ৰায় নতুন যদিও মোৰ নিজৰে সন্দেহৰ ভাব এটা লাগি থাকিল ৷ (ক্ৰমশঃ)
No comments:
Post a Comment